মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / বীজাণু: সভ্যতালৈ ভাবুকি :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বীজাণু: সভ্যতালৈ ভাবুকি :

বীজাণু: সভ্যতালৈ ভাবুকিৰ বিষয়ে লিখা হৈছে ।

 

এটা পৰমাণু বোমাতকৈও কেতিয়াবা ভয়াৱহ হৈ উঠিব পাৰে একো একোবিধ ৰোগৰ বীজাণু। এটা সময়ত যেতিয়া বিশ্ব স্বাস্থ্য সেৱাৰ উন্নতি হোৱা নাছিল, সেই সময়ত টিউবাৰকিউলোচিচ অৰ্থাৎ যক্ষ্মাৰ দৰে ৰোগতো হেজাৰ হেজাৰ লোকৰ মৃত্যু ঘটিছিল।

বিশ্বৰ বহু প্ৰখ্যাত মনিষী, দাৰ্শনিক, সাহিত্যিক যক্ষ্মাত আক্ৰান্ত হৈ কৰুণ মৃত্যুক সাৱটি ল’বলগীয়া হৈছিল। বিগত শতিকাৰ ঊনৈশ দশকৰ প্ৰথমভাগত যক্ষ্মাত আক্ৰান্ত হোৱা মানেই নিশ্চিত মৃত্যু আছিল।

কিন্তু আজিৰ তাৰিখত যক্ষ্মা ৰোগ সাধাৰণ জ্বৰ, কাহ, চৰ্দিৰ দৰে ৰোগত পৰিণত হৈছে। আগতে যক্ষ্মাত আক্ৰান্ত লোকৰ পৰা আনৰ দেহলৈ ৰোগ বিয়পি পৰা আশংকা কৰি যক্ষ্মা ৰোগীক আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰা হৈছিল। সমাজে লেই লেই চেই চেই কৰা অৱস্থাতেই যক্ষ্মা ৰোগীয়ে কৰুণ মৃত্যুক সাৱটি লৈছিল।

যক্ষ্মাৰ দৰেই বিশ্ববাসীক সময়ে সময়ে বিভিন্ন ৰোগৰ বীজাণুৱে ত্ৰাহি মধুসূদন দেখুৱাই আহিছে। হিৰোছিমা আৰু আৰু নাগাচাকিত আমেৰিকাই নিক্ষেপ কৰা পাৰমাণৱিক বোমাই প্ৰায় তিনি লাখ লোকৰ প্ৰাণ কাঢ়ি নিছিল যদিও কেতবোৰ ৰোগৰ বীজাণুৱে নিমিষতে মহামাৰীৰ সৃষ্টি কৰি একো একোটা অঞ্চলত লাখ লাখ লোকৰ মৃত্যু ঘটাই আহিছে।

পৃথিৱী সৃষ্টিৰ সময়ৰে পৰাই আমাৰ এই সুজলা-সুফলা বিশ্বখন প্ৰাণীৰ বাসস্থান হৈ পৰাৰ লগতে নানা ৰোগৰ বীজাণুৰো বাসস্থান হৈ পৰিছিল। লুইপেষ্ট’ৰে ৰোগৰ বীজাণু ধ্বংসকাৰী এন্টিবায়’টিক পেনিচিলিন আৱিষ্কাৰ কৰাৰ পূৰ্বে সাধাৰণ ৰোগতো মানুহৰ মৃত্যু ঘটিছিল। তেনে সময়ত জাৰ্মানী, ৰাছিয়া, পেৰু, পাৰাগুৱে, জাপান আদি দেশসমূহত প্লেগৰ দৰে ৰোগে মহামাৰীৰ ৰূপ ধাৰণ কৰি একো একোটা অঞ্চল উদচ কৰি পেলাইছিল। প্লেগৰ আক্ৰান্ত বহু লোকক জাপানৰ চৰকাৰে জাহাজত তুলি নিৰ্জন দ্বীপলৈ লৈ গৈছিল আৰু তাতেই সেই ৰোগসকলক এৰি আহিছিল।

জাপানৰ সেই কাৰ্যৰ কথা শেহতীয়াকৈ পোহৰলৈ অহাৰ পিছত বিশেষ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। জাপানৰ চৰকাৰে দেশখনৰ কেইবাটাও জনপ্ৰাণীহীন দ্বীপলৈ প্লেগ আক্ৰান্ত ৰোগীক লৈ গৈ অনাহাৰে মৃত্যুলৈ ঠেলি দিছিল। প্লেগৰ উপৰি এটা সময়ত সৰু আইৰ দৰে বীজাণুৱেও বিশ্বত মহামাৰীৰ ৰূপ ধাৰণ কৰিছিল।

মালথাছৰ সূত্ৰ আৰু আধুনিক চিকিৎসা বিজ্ঞান -

প্ৰখ্যাত অৰ্থনীতিবিদ মালথাছে পৃথিৱীৰ জনসংখ্যা নিৰ্ধাৰণৰ সূত্ৰ নিৰ্ধাৰণ কৰি এইবুলি মন্তব্য কৰিছিল যে বিশ্বৰ জনসংখ্যা যিটো হাৰত বৃদ্ধি পাই গৈ আছে, তাৰ তুলনাত যদি মানুহৰ মৃত্যুৰ হাৰৰ অনুপাত অতি কম হৈ থাকে, তেন্তে বিশ্বত জনবিসফোৰণে ভয়াৱহ সমস্যাৰ সৃষ্টি কৰিব। এনে সমস্যাৰ মোকাবিলা কৰিবলৈ প্ৰকৃতিয়ে নিজস্ব কেতবোৰ নীতি নিৰ্ধাৰণ কৰি লৈছে। মাৰি-মাৰক, প্ৰাকৃতিক দুৰ্যোগ, যুদ্ধ বিহগ্ৰৰ জৰিয়তে প্ৰকৃতিয়ে জনসংখ্যা নিয়ন্ত্ৰণ কৰি আহিছে। মালথাছৰ সূত্ৰ সঁচাকৈয়ে আজিৰ তাৰিখতো প্ৰাসংগিক হৈ আছে।

আজিৰ চিকিৎসা বিজ্ঞান পূৰ্বৰ তুলনাত বহু গুণে আগবাঢ়ি গৈছে। এটা সময়ত বিশ্বৰ প্ৰতিটো প্ৰান্ততে নৱজাতকৰ মৃত্যুৰ হাৰ আছিল অতি ভয়াৱহ। বৰ্তমান চিকিৎসা বিজ্ঞানৰ উন্নয়নৰ লগে লগে মৃত্যুৰ হাৰ বহু পৰিমাণে কমি গৈছে। এটা সময় আছিল যিটো সময়ত ৰোগীক অস্ত্ৰোপচাৰ কৰিবলৈ সংজ্ঞানাশক অৰ্থাৎ এনাচথেছিয়া আৱিষ্কাৰেই হোৱা নাছিল।

সেই সময়ত ৰোগীৰ সৰু সুৰা অস্ত্ৰোপচাৰ কৰিবলীয়া হ’লেও প্ৰচুৰ পৰিমাণে মদ পান কৰোৱা হৈছিল আৰু মদৰ ৰাগীত ৰোগী অজ্ঞান হৈ পৰিলে তেনে ৰোগীৰ অস্ত্ৰোপচাৰ কৰা হৈছিল। আজিৰ তাৰিখত চিকিৎসা বিজ্ঞানৰ আমূল পৰিৱৰ্তন হৈছে যদিও বিশ্বৰ চিকিৎসা বিজ্ঞানীসকলক প্ৰত্যাহ্বান জনাই সময়ে সময়ে কেতবোৰ ৰোগৰ বীজাণুৱে এনেধৰণে ত্ৰাসৰ সৃষ্টি কৰি আহিছে যে বিশ্বৰ বিজ্ঞানীমহলো কঁপি উঠিবলৈ বাধ্য হৈছে।

চিকিৎসা বিজ্ঞানৰ উন্নয়নৰ প্ৰতি ভেঙুচালি কৰি ন ন ৰূপত দেখা দিয়া ৰোগৰ বীজাণুসমূহে বিশ্বৰ মানৱজাতিৰ অস্তিত্বকেই বিপন্ন কৰি তোলাৰ উপক্ৰম হৈছে। এনে পৰিস্থিতিত বিশ্ব চিকিৎসা বিজ্ঞানীসকলে আধুনিক চিকিৎসা ব্যৱস্থাৰ ওপৰত ভৰসা কৰাৰ সলনি নেদেখাজনৰ আশীৰ্বাদৰ ওপৰতহে নিৰ্ভৰ কৰিবলগীয়া হৈছে। বিশ্বৰ জলবায়ু সৃষ্টিৰ আদিৰে পৰাই জীৱকূলৰ লগতে জীৱৰ ৰূপতেই থকা কেতবোৰ বীজাণু তথা বেক্টেৰিয়াৰ বাবে উপযোগী বাসস্থান হিচাপে পৰিগণিত হৈ আহিছে বিশ্ব। সেইবাবেই চিকিৎসা বিজ্ঞান উন্নয়ন সত্ত্বেও বিশ্বৰ এনে কেতবোৰ ৰোগৰ বীজাণুৱে মাজে সময়ে উক দি উঠে, যি বীজাণুৰ চৰিত্ৰ অধ্যয়ন কৰাৰ ক্ষেত্ৰত আধুনিক চিকিৎসা বিজ্ঞান সম্পূৰ্ণৰূপত ব্যৰ্থ হ’বলগীয়া হৈছে। শেহতীয়াকৈ পশ্চিম আফ্ৰিকাকে ধৰি বিশ্বৰ বিভিন্ন দেশত মহামাৰী ৰূপ ধাৰণ কৰা ইব’লা ভাইৰাচৰ কথাই লেইক্ষেত্ৰত উল্লেখ কৰিব পাৰি।

মানৱ জাতিৰ ইতিহাসত জোকাৰণি তোলা বীজাণুসমূহ -

বিশ্বৰ কোনো এখন শক্তিশালী দেশৰ বৃহত্তম সেনাবাহিনীটোতকৈও ভয়াৱহ হৈ উঠিব পাৰে একো একোবিধ ৰোগৰ বীজাণু। বিশ্বক ঐতিহাসিক দিনৰে পৰাই ৰোগৰ বীজাণুৱে ঢোকে ঢোকে পানী খুৱাই আহিছে। ইতিহাসলৈ লক্ষ্য কৰিলে দেখা যায় যে ১৯১৮-১৯ চনৰ ভিতৰত দেখা যায় স্পেইনিচ ফ্লুনামৰ ৰোগৰ বীজাণুৱে মাত্ৰ দুমাহৰ ভিতৰতেই ৪,৮০,০০০ ৰৰো অধিক লোকৰ প্ৰাণ কাঢ়ি নিছিল। একেদৰে এথেন্সত দেখা দিয়া ৰোগে সমগ্ৰ এথেন্স চহৰৰ ৮০ শতাংশ বাসিন্দাৰ প্ৰাণনাশ কৰিছিল।

২০০৬ চনৰ জানুৱাৰী মাহত এথেন্স বিশ্ববিদ্যালয়ৰ এদল গৱেষকৰ দলে গণকবৰত উদ্ধাৰ হোৱা মৃতদেহৰ এটি দাত পৰীক্ষা কৰি খ্ৰীষ্টপূৰ্ব ৪৩০ত এথেন্স উছন কৰি যোৱা মাৰাত্মক প্লেগৰ বিষয়ে জানিব পাৰিছিল। প্লেগৰ বীজাণুৰ নাৰী নক্ষত্ৰ উদযাটন কৰাৰ ক্ষেত্ৰত আজিও বিশ্বৰ বিজ্ঞানীমহল হ’ব পৰা নাই। ১৭২০-১৭২১ চনৰ ভিতৰতে ইটালীত ৫ নিযুত লোকৰ মৃত্যু ঘটিছিল সৰু আইৰ বীজাণুৰ দ্বাৰা আক্ৰান্ত হৈ। সৰু আইৰ বীজাণু ইটালীৰ সৈনিকসকলে পূব দিশত অৱস্থিত কোনো দেশৰ পৰা কঢ়িয়াই অনা বুলি ধাৰণা কৰা হৈছিল।

সৰু আইত আক্ৰান্ত হৈ ১৭২৮ চনত ৰোম চহৰত মৃত্যুক সাৱটি লৈছিল প্ৰায় চাৰি লাখ লোকে। সৰু আইৰ বীজাণু নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত এতিয়া বিশ্বৰ বিজ্ঞানীমহল ভালেখিনি সফল হৈছে। সৌ সিদিনা আমাৰ ভাৰতবৰ্ষকো সৰু আই মুক্ত দেশ বুলি ঘোষণা কৰা হৈছে।

খ্ৰীষ্টপূৰ্ব ৫৫০ ৰ পৰা ৭০০ ৰ ভিতৰত সমগ্ৰ ইউৰোপৰ অৰ্ধেকসংখ্যক জনসংখ্যাই প্লেগত আক্ৰান্ত হৈ নিঃশেষ হৈ গৈছিল। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি ১৩৪৭ ৰ পৰা ১৮৫৩ চনৰ ভিতৰত সমগ্ৰ বিশ্বত প্লেগে প্ৰাণ কাঢ়িছিল ৭৫ নিযুত লোকৰ। তাৎপৰ্যপূৰ্ণ কথাটো হ’ল ৮০০ বছৰ পূৰ্বে প্লেগে সংহাৰী ৰূপ ধাৰণ কৰা ইউৰোপলৈ পুনৰ প্লেগৰ বীজাণু উভতি আহিছিল ৮০০ বছৰৰ পিছত। ১৩৪৮ চনত ক্ৰিমিয়াত যুদ্ধ কৰি উভতি অহা সেনাৰ শৰীৰত প্ৰৱেশ কৰা প্লেগৰ বীজাণুৱে বিশৰ পৰা ত্ৰিশ নিযুত লোকৰ প্ৰাণ কাঢ়িছিল কেৱল ইউৰোপত। ১৮ শতিকালৈকে প্লেগৰ বীজাণুৱে ইউৰোপক এটি জনশূন্য অঞ্চললৈ পৰ্যবসিত কৰাৰ উপক্ৰম হৈছিল। ১৩৬১ ৰ পৰা ১৪৮০ চনৰ ভিতৰত প্ৰতি দুইৰ পৰা পাঁচ বছৰৰ ভিতৰত ইংলেণ্ডত প্লেগে সংহাৰী ৰূপ ধাৰণ কৰিছিল।

১৬৬৫ ৰ পৰা ১৬৬৬ চনৰ ভিতৰত ইংলেণ্ডত মহামাৰী ৰূপ ধাৰণ কৰা প্লেগে লণ্ডনৰ বিশ শতাংশ লোকৰ মৃত্যু ঘটাইছিল। একেদৰে সমগ্ৰ ইংলেণ্ডত প্লেগত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লৈছিল প্ৰায় এক লাখ লোকে। প্লেগে চীনত নৰসংহাৰৰ সৃষ্টি কৰিছিল ১৮৫৫ চনত। সেই সময়ছোৱাত এই ভয়াৱহ ৰোগবিধত আক্ৰান্ত হৈ চীনত দহ নিযুতৰো অধিক লোকৰ মৃত্যু ঘটিছিল। ১৯০০ ৰ পৰা ১৯০৪ চনৰ ভিতৰত চানফ্ৰান্সিছকোত প্লেগে যিমান লোকৰ মৃত্যু ঘটাইছিল, সেই মৃত্যুৰ সংখ্যা দ্বিতীয় বিশ্ব যুদ্ধত মৃত্যু হোৱা সৈনিকৰ সংখ্যাতকৈ ভালেগুণে বেছি আছিল।

১৬ শতিকাত হিচপানিঅ’লাত সৰু আইত আক্ৰান্ত হৈ সমগ্ৰ চহৰখন জনপ্ৰাণীহীন হৈ পৰিছিল। ১৫২০ চনত সৰু আইৰ বীজাণুৱে মেক্সিকোত ডেৰ লক্ষাধিক লোকৰ প্ৰাণ কাঢ়িছিল। একেদৰে ১৫৩০ চনত পেৰুত সৰু আইত আক্ৰান্ত হৈ দুই নিযুত লোকৰ মৃত্যু ঘটিছিল। ১৭৮০ ৰ পৰা ১৮৩৮ চনলৈ সৰু আইৰ বীজাণুৱে সমগ্ৰ বিশ্বৰ ৭০ শতাংশ লোকৰ প্ৰাণ কাঢ়িছিল। এই পৰিসংখ্যাই হয়তো বহুতৰে চকু কপালত তুলিব। ফিজিত ১৮৭৫ চনত এদিনৰ ভিতৰতে সৰু আইত আক্ৰান্ত ৪০ হেজাৰ ;লোকৰ মৃত্যু ঘটিছিল। সেয়া আছিল ফিজিৰ মুঠ জনসংখ্যাৰ এক তৃতীয়াংশ। প্লেগ আৰু অন্যান্য কেতবোৰ মাৰাত্মক ৰোগৰ বীজাণুৱে বিশ্বত বহুকেইটা সভ্যতাক বিস্মৃতিৰ গৰাহলৈ ঠেলি পঠিয়াইছিল।

প্লেগ, সৰু আইৰ দৰেই পৰৱৰ্তী সময়ত চিফিলিছৰ দৰে যৌন ৰোগেও ইউৰোপকে ধৰি বিশ্বৰ বিভিন্ন প্ৰান্তত কোটি কোটি লোকক মৃত্যুৰ দুৱাৰডলিলৈ ঠেলি দিছিল। ইউৰোপৰ নৱজাগৰণৰ সময়ত পেক নিযুতৰো অধিক লোক চিফিলিছৰ দৰে ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছিল। সেই সময়ত ভাৰতত কৰ্মৰত অধিকাংশ ব্ৰিটিছ সৈনিকৰেই চিফিলিছত আক্ৰান্ত হৈ মৃত্যু ঘটিছিল।

সৰু আইৰ দৰে মাৰাত্মক বীজাণুক নিয়ন্ত্ৰণলৈ আনিবলৈ ১৮০৩ চনতেই স্পেইনৰ ৰজাই ছিটাকৰণৰ ব্যৱস্থা আৰম্ভ কৰিছিল। ১৮৩২ চনত আমেৰিকায়ো সৰু আইৰ ছিটাকৰণ আৰম্ভ কৰিছিল। এনেদৰে সৰু আইৰ বীজাণু নিয়ন্ত্ৰণৰ বাবে বিশ্বত আৰম্ভ হোৱা ছিটাকৰণে ৰোগবিধক বহুখিনি নিয়ন্ত্ৰণ কৰিবলৈ সমৰ্থ হৈছে।

কলেৰা এটা সময়ত বিশ্ববাসীৰ বাবে ত্ৰাসৰ কাৰণ হৈ পৰিছিল। ১৮১৬ ৰ পৰা ১৮২৬ চনৰ ভিতৰত পশ্চিমবংগত আৰম্ভ হোৱা কলেৰাই সমগ্ৰ ভাৰততে মহামাৰীৰ ৰূপ ধাৰণ কৰিছিল। ১৮২০ চনত কলেৰাত আক্ৰান্ত হৈ ভাৰতত কৰ্মৰত প্ৰায় দহ হেজাৰ ব্ৰিটিছ সেনাৰ মৃত্যু ঘটিছিল। সেই সময়ছোৱাতে চীন আৰু ইণ্ডোনেছিয়ালৈয়ো বিয়পি পৰিছিল মাৰাত্মক কলেৰা বীজাণু। চীন আৰু ইণ্ডোনেছিয়াত সেই সময়ছোৱাত কলেৰাই প্ৰায় এক লাখ লোকৰ প্ৰাণ কাঢ়িছিল। ১৮১৭ ৰ পৰা ১৮২৯ চনৰ ভিতৰত ৰাছিয়াত ১৫ নিযুত লোকৰ কলেৰাত আক্ৰান্ত হৈ মৃত্যু ঘটিছিল। ১৮২৯-১৮৫১ চনৰ ভিতৰত কলেৰাই ৰাছিয়াত প্ৰাণ কাঢ়িছিল চাৰি লক্ষাধিক লোকৰ। একেদৰে সেই সময়ছোৱাত হাংগেৰীত, একলাখ, জাৰ্মানীত ৫৫ হেজাৰ, ফ্ৰান্স, কানাডা, আমেৰিকাত চাৰি লাখ লোকে কলেৰাত আক্ৰান্ত হৈ কৰুণ মৃত্যুক সাৱটিছিল। ১৮৬৬ চনত কলেৰাই ৰাছিয়াত ৯০ হেজাৰ লোকক মৃত্যুৰ মুখলৈ ঠেলি দিছিল। উত্তৰ আমেৰিকাতো সেই সময়ছোৱাত কলেৰাই মহামাৰী ৰূপ ধাৰণ কৰি বহু লোকৰ মৃত্যু ঘটাইছিল। ১৮৯২ চনত হামবাৰ্গ চহৰৰ খোৱাপানীত কলেৰাৰ বীজাণু মিহলি হৈ যোৱাৰ ফলত ৮৬০৬ জন লোকৰ মৃত্যু ঘটিছিল। ১৯০২ ৰ পৰা ১৯০৪ চনৰ ভিতৰত কলেৰাই ফিলিপাইনছত প্ৰায় দুই লাখ লোকক মৃত্যুৰ দুৱাৰডলিলৈ ঠেলি দিছিল। কলেৰাৰ উপৰি ইনফ্লুয়েঞ্জাত আক্ৰান্ত হৈ ৰাছিয়াত ১৮৮৯-৯০ চনৰ ভিতৰত তিনি লক্ষাধিক লোকৰ মৃত্যু ঘটিছিল।

১৮৮৯ চনত ইনফ্লুয়েঞ্জাৰ বীজাণুৰৱে উজবেকিস্তানৰ অৰ্ধেক সংখ্যাক জনসংখ্যাৰ প্ৰাণ কাঢ়িছিল। ১৮৯০ চনত ভাৰতত হোৱা ইনফ্লুয়েঞ্জাই ডেৰ লক্ষাধিক লোকৰ মৃত্যু ঘটাইছিল। ১৯১৮ চনত আমেৰিকাৰ কানচাচত থকা মাৰ্কিন সেনা শিবিৰ এটাত শ শ সৈনিক ইনফ্লুয়েঞ্জাত আক্ৰান্ত হৈ মৃত্যুক সাৱটি ল’বলগীয়া হৈছিল। ১৯৫৭-৫৮ চনৰ ভিতৰত ইনফ্লুয়েঞ্জাৰ দৰেই ভয়াৱহ এছিয়ান ফ্লুৱে কেৱল আমেৰিকাতে ৭০ হাজাৰ লোকৰ মৃত্যু ঘটাইছিল। ইয়াৰ পিছত আহিছিল হংকংফ্লু। এই হংকং ফ্লুত ১৯৬৮-৬৯ চনৰ ভিতৰত আমেৰিকাত ৩৪ হেজাৰ লোকৰ মৃত্যু ঘটিছিল। বিশ্ববাসীক ত্ৰাহি মধুসূদন দেখুওৱা আন এবিধ ৰোগ আছিল টাইফাছ অথবা ভেৰাজ্বৰ। ১৪৮৯ চনতেই ইউৰোপত এই ৰোগবিধে মহামাৰীৰ ৰূপ ধাৰণ কৰিছিল। সেই সময়ত গ্ৰেনাডাত সংঘটিত খ্ৰীষ্টান আৰু মুছলমানৰ যুদ্ধত তিনি হেজাৰ খ্ৰীষ্টান যোদ্ধাই মৃত্যুক সাবটি লৈছিল যদিও টাইফাচত আক্ৰান্ত হৈ ২০ হেজাৰতকৈ অধিক খ্ৰীষ্টান যোদ্ধাই মৃত্যুক সাৱটি লৈছিল। বিশ্বৰ ইতিহাসত ৰোগ-ব্যাধিয়ে সৃষ্টি কৰা সন্ত্ৰাসৰ এয়া কেইটামান উদাহৰণহে মাথোঁ।

তাহানিৰ দিনৰ পৰাই বিশ্বত ৰোগ ব্যাধিয়ে ত্ৰাসৰ সৃষ্টি কৰি অহাৰ দৰেই আজিৰ তাৰিখতো ৰোগ ব্যাধিয়ে বিশ্ববাসীক জোকাৰি আহিছে।

আধুনিক বিশ্বত চিকিৎসা বিজ্ঞানক ভেঙুচালি কৰা কেইবিধমান বিশেষ বীজাণু হ’ল -

এনথ্ৰাক্স:

বিশ্বত নিমিষতে কোটি কোটি লোকৰ প্ৰাণ কাঢ়ি নিব পৰা এক মাৰাত্মক ৰোগ হৈছে এনথ্ৰাক্স। বেচিলাছ এনথ্ৰাচিচ নামৰ বীজাণুবিধৰ পৰা এই ৰোগৰ উৎপত্তি হয়। এই ৰোগবিধে মূলতঃ ৰোগীৰ ছাল, হাওঁফাওঁ আৰু পাকস্থলীত আক্ৰমণ কৰেগ। এনথ্ৰাক্সত আক্ৰান্ত লোক এজনে জ্বৰত ভোগাৰ লগতে তেজবমি আদিও কৰে। এইৰোগ বিধত আক্ৰান্ত হোৱা ৯৯ শতাংশ লোকৰেই ইতিমধ্যে মৃত্যু হৈছে।

এইছ আই ভি:

বিশ্বজুৰি এতিয়া মহামাৰীৰ ৰূপ ধাৰণ কৰিছে এইছ আই ভিয়ে। প্ৰথমতে আফ্ৰিকাত ধৰা পৰা এই ৰোগবিধ ১৯৬৬ চনৰ পৰা ১৯৭২ চনৰ ভিতৰত আমেৰিকা আৰু হাইটি হৈ সমগ্ৰ বিশ্বতে বিয়পি পৰে। সাম্প্ৰতি দক্ষিণ আৰু পূব আফ্ৰিকাৰ ২৫ শতাংশ লোকেই এইছ আই ভিত আক্ৰান্ত। ২০০৬ চনৰ পৰিসংখ্যা অনুসৰি দক্ষিণ আফ্ৰিকাৰ ২৯.১ শতাংশ লোকেই আছিল এইচ আই ভি আক্ৰান্ত। সম্প্ৰতি এই ৰোগবিধে সমগ্ৰ বিশ্বতে মহামাৰীৰ ৰূপ ধাৰণ কৰিছে। প্ৰতিকাৰহীন এই ৰোগবিধত আক্ৰান্ত কেইবালাখো ৰোগী আমাৰ ভাৰতবৰ্ষতো আছে। ভাৰতবৰ্ষৰ মণিপুৰতেই সৰ্বাধিক এইচ আই ভি আক্ৰান্ত লোক আছে। অসমৰ কামৰূপ(মহানগৰ) জিলাত তিনি হেজাৰতকৈ অধিক এইচ আই ভি আক্ৰান্ত লোকে বাস কৰি আছে। এইৰোগবিধ ৰোগীৰ তেজ, বীৰ্য আদিৰ জৰিয়তে আনৰ দেহলৈ সংক্ৰমিত হয়। ৰোগবিধৰ কোনো দৰব আজিলৈকে আৱিষ্কাৰ হোৱা নাই।

ইব’লা:

প্ৰতিকাৰহীন ৰোগসমূহৰ ভিতৰত ইব’লাও এবিধ। এই ৰোগবিধৰ বীজাণু প্ৰথমে ১৯৭৬ চনত আফ্ৰিকাত ধৰা পৰিছিল। মূলতঃ জন্তুৰ দেহৰ পৰা মানুহলৈ বিয়পি পৰা এই বীজাণুবিধ ইমানেই মাৰাত্মক যে বীজাণুবিধত আক্ৰান্ত লোক এজনে অতি কম সময়ৰ ভিতৰতে কৰুণ মৃত্যুক সাবটি ল’বলগীয়া হয়।

ইব’লাত আক্ৰান্ত লোক এজন তীব্ৰ জ্বৰত ভোগাৰ লগতে তেজ বমি আদিও হয়। এতিয়ালৈকে এই ৰোগবিধৰ কোনো দৰব ওলোৱাটো বাদেই, ৰোগবিধৰ বীজাণুৰ চৰিত্ৰ বিশ্লেষণ কৰাৰ ক্ষেত্ৰতো বিজ্ঞানীফসকল ব্যৰ্থ হৈছে। সম্প্ৰতি পশ্চিম আফ্ৰিকাৰ চাৰিখন দেশৰ লগতে বৃটেইন, আমেৰিকা আদিতো ইব’লাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। পশ্চিম আফ্ৰিকাৰ চাৰিখন দেশৰ বহু লোক এই ৰোগবিধত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে।

মাৰবাৰ্গ ভাইৰাছ:

ইব’লাৰ দৰেই আন এক ভয়াৱহ বীজাণু হ’ল মাৰবাৰ্গ ভাইৰাচৱহ। এই বীজাণুবিধৰ চৰিত্ৰ বিশ্লেষণ কৰাৰ ক্ষেত্ৰতো বিশ্বৰ চিকিৎসা বিজ্ঞানীসকলে বাৰুকৈয়ে ব্যৰ্থ হৈছে। কোনো দৰব নথকা এই ভাইৰাছবিধত আক্ৰান্ত লোকে জ্বৰত ভোগাৰ লগতে তেজ বমিও কৰে। আফ্ৰিকা আৰু ইউৰোপৰ বিভিন্ন দেশত আজিও এই ভাইৰাছবিধে সময়ে সময়ে মহামাৰীৰ ৰূপ ধাৰণ কৰি আহিছেফ। এই ভাইৰাছবিধত আক্ৰান্ত হ’লে নব্বৈ শতাংশ ৰোগীৰেই মৃত্যু ঘটে।

মেলেৰিয়া:

বিশ্বত সন্ত্ৰাসৰ সৃষ্টি কৰা আন এবিধ ৰোগ হৈছে মেলেৰিয়া। মেলেৰিয়া প্ৰতিৰোধ কৰিব পৰা দৰব আছে যদিও প্ৰতিবছৰেই কমেও এক নিযুত লোক সমগ্ৰ বিশ্বত মেলেৰিয়াত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে। আফ্ৰিকাৰ বিভিন্ন দেশ, ভাৰতকে ধৰি এছিয়াৰ কিছুসংখ্যক দেশৰ লগতে ইউৰোপৰ বিভিন্ন দেশত প্ৰতিবছৰেই মেলেৰিয়াই তাণ্ডৱৰ সৃষ্টি কৰে। সম্প্ৰতি মেলেৰিয়াক নিয়ন্ত্ৰণ কৰাৰ বাবে সমগ্ৰে বিশ্বতেই হেজাৰ হেজাৰ কোটি টকা খৰচ কৰি অহা হৈছেফ।

কলেৰা:

এটা সময় আছিল- যিটো সময়ত কলেৰাই একো একোটা সভ্যতাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছিল। ৰোম সাম্ৰাজ্য উছন হোৱাৰ অন্যান্য কাৰকসমূহৰ ভিতৰত কলেৰাও এটা আছিল। আন নালাগে, ১৯৯১ চনত দক্ষিণ আমেৰিকাত কলেৰাই মহামাৰীৰ ৰূপ ধৰি কেইবালাখ লোকৰ প্ৰাণ কাঢ়ি নিছিল। দূষিত পানী আৰু খাদ্যৰ জৰিয়তে বিয়পি পৰা কলেৰাৰ বীজাণু নাশ কৰিবলৈ এতিয়া বিভিন্ন দৰব ওলাইছে যদিও এই বীজাণুবিধ অতি দ্ৰুত গতিৰে সংক্ৰমণ হয় বাবে মৃত্যুৰ হাৰ কোনোপধ্যেই কমাব পৰা হোৱা নাই।

ইয়েলো ফিভাৰ:

আফ্ৰিকা আৰু দক্ষিণ আমেৰিকাৰ দেশসমূহৰ বাবে যমদূত স্বৰূপ ইয়েলো ফিভাৰত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে। এই বীজাণুৰ দ্বাৰা আক্ৰান্ত হ’লে ৰোগীৰ তীব্ৰ জ্বৰ, মূৰৰ বিষ, পেটৰ বিষ আৰু বমি হোৱাৰ লগতে ৰোগীৰ দেহ হালধীয়া পৰি যায়।

চাৰছ:

চাৰছ বীজাণুৱে আক্ৰমণ কৰিলে ৰোগীয়ে শ্বাস-প্ৰশ্বাস লোৱাত কষ্ট পায় আৰু এটা সময়ত শ্বাসৰুদ্ধ হৈ মৃত্যুমুখত পৰে। ২০০৩ চনত এছিয়াৰ বিভিন্ন দেশত চাৰছ বীজাণুৱে আতংকৰ সৃষ্টি কৰিছিল। সেই সময়ত প্ৰায় ৪৯ লাখ লোক চাৰছত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছিল। মূলতঃ শুকান কাহ, জ্বৰ, মূৰৰ বিষ আৰু পেটৰ অসুখেৰে আৰম্ভ হোৱা এই ৰোগবিধ নিয়ন্ত্ৰণ কৰিবলৈ কোনো দৰব এতিয়ালৈকে ওলোৱা নাই।

ক্ৰিমিয়াম কংগো:

আফ্ৰিকাৰ দেশসমূহক লটিঘটি কৰা এবিধ ৰোগ হ’ল ‘ক্ৰিমিয়াম কংগো’। আফ্ৰিকাৰ দেশসমূহত উৰহৰ জৰিয়তে এই ভয়াৱহ ৰোগবিধৰ বীজাণু মানুহৰ দেহলৈ সংক্ৰমিত হয়। আফ্ৰিকাত প্ৰতিবছৰেই প্ৰায় এক নিযুত লোক ক্ৰিমিয়ান কংগোত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে। এই ৰোগবিধৰ কোনো দৰব এতিয়ালৈকে ওলোৱা নাই।

একো একোবিধ ভয়াৱহ মাৰণাস্ত্ৰ অথবা বোমাই একোটা অঞ্চলৰ কিছুসংখ্যক লোকৰহে মৃত্যু ঘটাব পাৰে যদিও প্ৰতিকাৰহীন ৰোগৰ বীজাণুৱে বতাহৰ বেগেৰে গৈ বিশ্বৰ বিভিন্ন প্ৰান্তত তাণ্ডৱৰ সৃষ্টি কৰিব পাৰে। সেয়ে আজিৰ তাৰিখত বিশ্বৰ চিকিৎসা বিজ্ঞানীসকলৰ বাবে প্ৰতিকাৰহীন ৰোগৰ বীজাণুৰ চৰিত্ৰ অধ্যয়ন কৰাটোৱেই ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে।

লেখক: দুলাল মিশ্ৰ(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

3.15789473684
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top