মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / বুকুৰ জ্বলা-পোৰা সমস্যা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বুকুৰ জ্বলা-পোৰা সমস্যা :

বুকুৰ জ্বলা-পোৰা সমস্যাৰ বিষয়ে লিখা হৈছে ।

বুকুখন জ্বলা-পোৰা অনুভৱ হ’লে বা সময়সাপেক্ষে মুখেদি টেঙা পানী নিৰ্গত হ’লে পেন্টে’প্ৰাজল বা অমিপ্ৰাজল টেবলেট আনি সেৱন কৰো। পাছে চিকিৎসা বিজ্ঞানীৰ শেহতীয়া গৱেষণাৰ জৰিয়তে জনা গৈছে যে সদ্যোল্লিখিত ‘জনপ্ৰিয়’ দৰববিলাকৰ দীৰ্ঘকালীন ব্যৱহাৰৰ হেতুকে নানা পাৰ্শ্বক্ৰিয়াৰ সৃষ্টি হয়।

আমাৰ সৰ্বসাধাৰণ বহু মানুহৰ এই সন্দৰ্ভত জ্ঞান যথেষ্ট কম হোৱা হেতুকে বা পৰিস্থিতিৰ তাড়নাত পৰি বা সময়সাপেক্ষে দৈহিক বা মানসিক জড়তাৰ প্ৰভাৱত এচিডিটি বা অম্লতা হ্ৰাস কৰা দৰব দীঘলীয়া সময়ৰ বাবে ব্যৱহাৰ কৰাৰ উদাহৰণ দেধাৰ আছে। অৰ্থাৎ ইয়াৰ ফলত ঘটিব পৰা স্বাস্থ্য হানিৰ প্ৰতি যেন এইসকল ব্যক্তি সম্পূৰ্ণ নিৰ্বিকাৰ।

প্ৰকৃততে পাকস্থলীৰ পৰা অত্যধিক মাত্ৰাত নিৰ্গত হোৱা হাইড্ৰ’ক্ল’ৰিক এচিডৰ মাত্ৰা হ্ৰাস কৰিবলৈ ‘প্ৰ’টন পাম্প অৱদমনকাৰী’(P.P.I) বুলি এক শ্ৰেণীভুক্ত দৰব ব্যৱহাৰ কৰা হয়।

দৰবৰ ভিতৰত উল্লেখনীয় হৈছে -

  • অমিপ্ৰাজল,
  • ৰেবিপ্ৰাজল,
  • পেন্টোপ্ৰাজল আৰু
  • ইলাপ্ৰাজল।

উপসৰ্গটিৰ দৃষ্টিকোণৰ পৰা চাবলৈ গ’লে এনেবোৰ পৰিস্থিতিত উপৰিউক্ত দৰববোৰ ব্যৱহাৰ হয় এচিড বা অম্লৰ পশ্চাদ বা ঊৰ্ধ্বমুখী গতি(Acid Reflex), পাকস্থলীৰ কেতবোৰ ঘা, গেষ্ট্ৰাইটিছ আৰু পাকস্থলীত সৃষ্টি হোৱা কেতবোৰ ক্ষুদ্ৰাকৃতিযুক্ত টিউমাৰ।

এনেবোৰ দৰবৰ সম্ভাব্য পাৰ্শ্বক্ৰিয়াবোৰ এনেধৰণৰ হ’ব পাৰে-

  • সময়সাপেক্ষে হাৰ্ট এটেক,
  • স্মৃতিভ্ৰংশ বা ডিমনেচিয়া,
  • অস্থিভংগ আৰু
  • কিডনিৰ কেতবোৰ ৰোগ।

অম্লতা বা এচিডিটি হ্ৰাসক হিচাপে ব্যৱহাৰ হোৱা আন এক শ্ৰেণীৰ দৰব হৈছে H2 গ্ৰাহককোষ ৰোধক, যিবোৰৰ ভিতৰত উল্লেখনীয় হৈছে-

  • ৰেনিটিডিন,
  • ফেম’টিডিন,
  • চিমেটিডিন আৰু
  • জিনাটিডিন। P.P.I শ্ৰেণীভুক্ত দৰববোৰ যিবোৰ ৰোগত ব্যৱহাৰ কৰা হয়, সাইলাখ একেই পৰিস্থিতিত এইবোৰ দৰব ব্যৱহাৰ কৰা হয়।

শ্ৰেণীভুক্ত দৰববোৰৰ পাৰ্শ্বক্ৰিয়াবোৰ হৈছে -

  • দৃষ্টিশক্তিৰ অৱনতি,
  • মানসিক অৱস্থাৰ পৰিৱৰ্তন(সন্ধিগ্বা মনৰ উৎপত্তি),
  • মানসিক অস্থিৰ অৱস্থা অনিয়মীতভাৱে হৃদযন্ত্ৰৰ স্পন্দন,
  • বুকুৰ অস্বাভাৱিক শব্দৰ সৃষ্টি।

প্ৰাসংগিকভাৱে মই উল্লেখ কৰিব খুজিছো পানীত দ্ৰবীভূত ছ’ডিয়াম বাইকাৰ্বোনেটৰ বিষয়ে। এইবিধ দৰব সতকাই ব্যৱহাৰ কৰা নহয় যদিও অম্লতা বৃদ্ধি বা এচিডিটি হ্ৰাসৰ প্ৰক্ৰিয়াটিত ইয়াৰ ভূমিকা অপৰিসীম।

তদুপৰি বদহজম, বুকুৰ জ্বলা-পোৰা বা পেটৰ অন্যান্য অসুখত এইবিধ দৰব ব্যৱহাৰ কৰিব পাৰি।

পাছে ছ’ডিয়াম বাইকাৰ্বোনেটৰ কিছুমান গুৰুতৰ ধৰণৰ পাৰ্শ্বক্ৰিয়া আছে। সেইবোৰৰ ভিতৰত উল্লেখনীয় হৈছে-

  • মাংসপেশীৰ সংকোচনজনিত বিষ,
  • পদযুগল ফুলি গৈ বৃহদাকৃতি ধাৰণ,
  • সঘনাই প্ৰস্ৰাৱ কৰাৰ অনুভূতিৰ সৃষ্টি,
  • হৃদযন্ত্ৰৰ কেতবোৰ ৰোগত আক্ৰান্ত ব্যক্তিৰ(বিশেষভাৱে হাৰ্ট ফেইলাৰ) ক্ষেত্ৰত দেহত তৰল পদাৰ্থৰ মাত্ৰা বৃদ্ধি,
  • উচ্চ ৰক্তচাপ আৰু
  • কিডনিৰ বিভিন্ন সমস্যা।

এইক্ষেত্ৰত উল্লেখ কৰিব পৰা আন এক গুৰুত্বপূৰ্ণ শ্ৰেণীভুক্ত দৰবৰ ভিতৰত এন্টাচিডবোৰৰ নাম ল’ব পাৰি। পৰম্পৰাগতভাৱে আজি বহুকেইটা দশকৰ পৰাই এনেবোৰ এনটাচিড আমাৰ সমাজত ব্যৱহৃত হৈ আছে।

এইবোৰৰ ভিতৰত উল্লেখনীয় হৈছে এলুমিনিয়াম আৰু মেগনেছিয়ামৰ হাইড্ৰ’ক্সাইড যৌগ। বুকুৰ জ্বলা-পোৰা অনুভূতি, পেট ফুলা আৰু পাকস্থলীৰ নানা অস্বস্তিদায়ক অৱস্থাৰ সকাহ প্ৰদানৰ বাবে এইবোৰ এন্টাচিড ব্যৱহাৰ কৰা হয়।

পাছে চিন্তনীয় বিষয়টি হৈছে যে সোঁৱে-বাঁৱে ব্যাপকভাৱে ব্যৱহাৰ হোৱা এনেবোৰ এন্টাচিডৰো পাৰ্শ্বক্ৰিয়া আছে। উদাহৰণস্বৰূপে বিভিন্ন ধৰণৰ এলাৰ্জিজনিত বিক্ৰিয়াৰ নাম ল’ব পাৰি। এনে বিক্ৰিয়াৰ ফলত ওষ্ঠদ্ব্য, মুখৰ কোৱাৰি আৰু মুখমণ্ডল সফীত হৈ যোৱাৰ উপৰি ছালৰ খজুৱতি আৰু ৰঙচুৱা ধৰণৰ দাগ পৰিব পাৰে। বিৰল ক্ষেত্ৰত বমি হোৱাৰ উপৰি মন্থৰ গতিযুক্ত প্ৰতিৱৰ্তৰ(Reflex) সৃষ্টি হ’ব পাৰে আৰু বুকুৰ ভিতৰৰ অংশত পাতলীয়া অনুভূতিৰ সৃষ্টি হয়।

তদুপৰি গৱেষণাৰ ফলত দেখা গৈছে যে P.P.I শ্ৰেণীভুক্ত দৰববোৰৰ শৰীৰত বিভিন্ন অংশত পাৰ্শ্বক্ৰিয়া আছে। এনেধৰণৰ পাৰ্শ্বক্ৰিয়াৰ পৰিসৰ সমগ্ৰ শৰীৰতে ব্যাপ্ত হৈ থাকিব পাৰে। উদাহৰণস্বৰূপে পাকস্থলীত বীজাণুজনিত ৰোগৰ পৰা আৰম্ভ কৰি কিডনিৰ নানা ৰোগৰ আশংকা বৃদ্ধি, খাদ্যপ্ৰাণৰ শোষণ বিক্ৰিয়াৰ বিজুতিজনিত ৰোগৰ বাদেও হাৰ্ট এটেকত আক্ৰান্ত হোৱাৰ সম্ভাৱনীয়তা বৃদ্ধি আৰু ডিচেমনচিয়া বা স্মৃতিভ্ৰংশ ৰোগ হৈ স্মৰণ ক্ষমতা টুটিব পাৰে।

যদিও H2 গ্ৰাহক কোষ ৰোধক দৰববোৰৰ ব্যৱহাৰৰ হেতুকে ওকালি অহা, মূৰৰ বিষ বা কোষ্ঠকাঠিন্যৰ সৃষ্টি হ’ব পাৰে, তথাপি এটা কথা ধুৰূপ, P.P.I শ্ৰেণীভুক্ত দৰববোৰৰ ক্ষেত্ৰত যিদৰে দীৰ্ঘকালীন পাৰ্শ্বক্ৰিয়াৰ বিষয়ে সমীক্ষা চলোৱা হৈছে, তেনেদৰে এইবোৰৰ(H2 গ্ৰাহক কোষ ৰোধক) দৰবৰ ক্ষেত্ৰত হোৱা নাই। ইতিমধ্যে উল্লেখ কৰা হৈছেই যে কৌটিকলীয়া এন্টাচিডৰ বহুতো পাৰ্শ্বক্ৰিয়া আছে।

এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আশাৰ বতৰা কঢ়িয়াই আনিছে কলিকতাস্থিত GCRI(চেন্ট্ৰেল গ্লাছ এণ্ড চেৰামিক ৰিছাৰ্চ ইনষ্টিটিউট) বিজ্ঞানীসকলৰ গৱেষণাই। ভাৰত চৰকাৰৰ CSIR(কাউঞ্চিল অব ছায়েন্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিচাৰ্ছ)ৰ অন্তৰ্গত এই অনুষ্ঠানটিৰ গৱেষকসকলে এনে এবিধ নতুন দৰবৰ সম্ভেদ পাইছে, যাৰ পাৰ্শ্বক্ৰিয়া তেনেই নগণ্য। ই হৈছে ছেৰামিক্সৰ ওপৰত নিৰ্ভৰশীল অজৈৱ দ্ৰব্য, যিবিলাকে তাৎক্ষণিকভাৱে বুকুৰ জ্বলা-পোৰা প্ৰশমিত কৰে।

পাকস্থলীৰ পৰা নিৰ্গত হোৱা হাইড্ৰ’ক্ল’ৰিক এচিডৰ চোক ইমানেই বেছি যে লোহাৰ মামৰো আঁতৰাব পাৰে। পাকস্থলীত থকা পাচক তসবোৰৰ সক্ৰিয়তা বঢ়াই এই বিধ অম্লই প্ৰোটিনজাতীয় খাদ্য হজম কৰাত অৰিহণা যোগায়। তদুপৰি প্ৰদূষিত বা গেলা-পচা খাদ্য সেৱন কৰিলে ইয়াৰ জৰিয়তে শৰীৰত প্ৰৱেশ কৰা অপকাৰী বেক্টেৰিয়াবোৰো এই অম্লই ধ্বংস কৰে। অৱশ্যে পাকস্থলীত থকা তৰল দ্ৰব্য মাত্ৰাধিক অম্লধৰ্মী নহ’বলৈ বাইকাৰ্বোনেট জাতীয় এনে কেতবোৰ দ্ৰব্য নিৰ্হত হয়- যিবোৰে Buffer বা ভাৰসাম্য ৰক্ষাকাৰীৰ কাম কৰে। খাদ্যবস্তু হজম হ’বলৈ অম্লৰ মাত্ৰা উপযুক্ত হ’ব লাগিব, যিটো pH হিচাপত মাপ কৰা হয়।

পাকস্থলীৰ পৰা মাত্ৰাধিক অম্ল নিঃসৰণৰ মুখ্য কাৰণ- ক্ৰুটিপূৰ্ণ আহাৰ গ্ৰহণ, দৈহিক আৰু মানসিক ষ্ট্ৰেচৰ উপৰি নিদ্ৰাহীনতা। তেল আৰু মছলাযুক্ত আহাৰৰ উৰি অত্যধিক মাত্ৰাত আঁহযুক্ত খাদ্য গ্ৰহণৰ হেতুকেও অম্লৰ নিঃসৰণৰ মাত্ৰা বাঢ়িব পাৰে। শেহোক্তবিধ দ্ৰব্যৰ হজম বিক্ৰিয়া সম্পন্ন হ’বলৈ পাকস্থলীত অধিকতৰ সময়ৰ প্ৰয়োজন হয়। ফলত তুলনামূলকভাৱে বেছিকৈ অম্ল নিঃসৰিত হয়।

অম্লৰ মাত্ৰা বাঢ়িলে পেটৰ অসুখ হোৱাৰ উপৰি পেট ফুলিব পাৰে আৰু নানা আন্ত্ৰিক সমস্যাই দেখা দিয়ে। আহাৰ গ্ৰহণৰ পিছতেই বহুতৰে বুকুত জ্বৰা-পোৰা ভাবৰ সৃষ্টিৰ মূল কাৰণ হৈছে পাকস্থলীৰ অম্লধৰ্মী দ্ৰব্যবোৰৰ পশ্চাদগামী গতি। বুকুৰ সোঁমাজত থকা ইছোফেগাছ নামৰ অংশটিৰ মাজেদি অম্লৰ এনে গতিৰ বাবে জ্বলা-পোৰা অনুভূতিৰ সৃষ্টি হয়। মাত্ৰাধিক অম্লৰ উপস্থিতিৰ হেতুকে পাকস্থলীৰ বেৰখন জ্বলি পেপ্টিক আলচাৰৰ সৃষ্টি হয়।

এন্টাচিডৰ আৱিষ্কাৰৰ পূৰ্বেই অৰ্থাৎ আজি ভালেমান শতিকাৰ আগৰে পৰাই কেলচিয়াম কাৰ্বোনেট ব্যৱহাৰ কৰা হৈছিল। তাহানিখন চিকিৎসকসকলে মেগনেচিয়াম মিল্ক বা কেলচিয়াম কাৰ্বোনেট এই উদ্দেশ্য ব্যৱহাৰ কৰিছিল। প্ৰথমে ব্যৱহাৰ হোৱা এন্টাচিডবোৰৰ ভিতৰত এলুমুনিয়াম হাইড্ৰ’ক্সাইড আৰু ছ’ডিয়াম বাইকাৰ্বোনেটে পাকস্থলীৰ অম্লৰ তীব্ৰতা আৰু মাত্ৰা কমায়। এনেবোৰ শেহোক্ত দৰবৰ কাৰ্যকলাপ স্থানীয়ভাৱে চলে আৰু P.P.I তথা H2 ব্ল’কাৰ শ্ৰেণীভুক্ত দৰববোৰ বিপৰীতক্ৰমে সেৱন কৰাৰ পাছত লিভাৰত জমা ৰক্ত প্ৰৱাহত ব্য়াপ্ত হোৱাৰ পিছতহে স্বকীয় কাম-কাজ আৰম্ভ কৰে। বহুমূত্ৰ আৰু উচ্চ ৰক্তচাপ্ত ভোগা ৰোগীসকলে এনে অসুখৰ বাবে দ্ৰব্য খাই থাকিলে P.P.I আৰু H2 ব্ল’কাৰ দৰববোৰে লিভাৰৰ ওপৰত অতিৰিক্ত চাপৰ সৃষ্টি কৰে।

তদুপৰি এই নতুন দৰববোৰে এচিড সৃষ্টিকাৰী যিবোৰ পাম্প পাকস্থলীৰ বেৰৰ কোষবোৰত থাকে, সেইসমূহ অচল কৰি পেলোৱা হেতুকে বেক্টেৰিয়াজনিত আক্ৰমণৰ শংকা বাঢ়ি ডায়েৰিয়া বা পেটচলা ৰোগৰ সৃষ্টি কৰিব পাৰে। সেয়েহে আজিকালি গেষ্ট্ৰ’ এন্টেৰোল’জিষ্টসকলে P.P.I বোৰ ন্যূনতম নিৰিখত অতি কম সময়ৰ বাবেহে প্ৰয়োগ কৰে। আমাৰ ৰাইজে ‘অল্পবিদ্যা ভয়ংকৰ’ বোলা আপ্ত বাক্যফেৰাৰ সাৰ্থকতা প্ৰয়োগ কৰি এনেবোৰ দৰব জধে-মধে ব্যৱহাৰ কৰে। অৱশ্যে পাৰ্শ্বক্ৰিয়াৰ সম্ভাৱনীয়তা থকা সত্ত্বেও এনেবোৰ দৰব ইমানেই সুবিধাজনক যে জনপ্ৰিয়তাৰ তুংগল থকা বুলিব লাগিব। পুৱা মাথোঁ এটা পিল খাই দিলে দিনটোলৈ পেটৰ কোনো সমস্যা নাথাকে। অৰ্থাৎ ‘মকৰধ্বজ’ হেন!

আনহাতে বোপাককাৰ দিনৰে পৰা ব্যৱহাৰ হোৱা এন্টাচিডবোৰৰ কাৰ্যদক্ষতা বেছি দীঘলীয়া নহয়। পাকস্থলীৰ অম্ল নিয়ন্ত্ৰণৰ বাবে প্ৰতি ৩-৪ ঘন্টাৰ মূৰে মূৰে দৰববিধে খাই থাকিলে লাগে। এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আশাৰ বতৰ কঢ়িয়াই আনিছে শেহতীয়াভাৱে উদ্ভাৱিত এবিধ দৰবে। নিগনিৰ ওপৰত সফলতাৰে পৰীক্ষা সম্পন্ন কৰাৰ পিৱহত সম্প্ৰতি মানুহৰ ক্ষেত্ৰত ইয়াৰ ব্যৱহাৰ আৰম্ভ হৈছে। নিৰাশাৰ কলীয়া ডাৱৰ মাজত এই বতৰা যেন আশাৰ সূৰযৰ ৰেঙণি।

লেখক: ডাঃ মিহিৰ কুমাৰ গোস্বামী(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top