অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অটোছমেস ডমিনেন্ট পলিচিষ্টিক বৃক্ক ৰোগ (ADPKD)

অটোছমেস ডমিনেন্ট পলিচিষ্টিক বৃক্ক ৰোগ (ADPKD)

অটোছমেস ডমিনেন্ট পলিচিষ্টিক বৃক্ক ৰোগ (ADPKD)

অটোছমেল ডমিনেন্ট পলিচিষ্টিক বৃক্কৰোগ (ADPKD) হৈছে বৃক্কৰ এটা অতি সাধাৰণ জীনীয় বা বংশানুক্রমিক ৰোগ। ইয়াক বৃক্কদ্বয়ত অসংখ্য চিষ্টৰ বিকাশৰ ওপৰত চিত্রাংকণ কৰা হৈছে। পলিচিষ্টিক বৃক্কৰোগ (PKD) হৈছে পুৰণি বৃক্কৰোগৰ চতুৰ্থটো অগ্রণী কাৰণ। PKD-ত চিষ্ট দেখা পাব পৰা অন্যান্য অংগ-প্রতংগবোৰ হৈছে যকৃত, মগজু, অন্ত্র, অগ্নাশয়, ডিম্বাশয় আৰু প্লীহা।

PKD

• অটোছ’মেল ডমিনেণ্ট PKD হোৱাৰ সম্ভাৱনা পৃথিৱীৰ সকলো মানৱ জাতিৰ ক্ষেত্ৰতে একেই। পুৰুষ আৰু মহিলাৰ শৰীৰত সমভাৱেই দেখা দিয়ে আৰু বিশ্বব্যাপি প্রতি ১০০০ লোকৰ ভিতৰৰ এজন লোকৰ শৰীৰত ই প্রভাৱ পেলায়। PKD থকা সকলো পুৰণি বৃক্কৰোগীৰ প্রায় ৫% ৰে ডায়েলিছিছ বা বৃক্ক সংৰোপণৰ প্রয়োজন হয়।

• অটোছমেল ডমিমেন্ট PKD-ত দুয়োটা চিষ্টৰ বহুতো পঞ্জীভূত থুপ (তৰল পদার্থৰে ভর্তি চেকছ) দেখিবলৈ পোৱা যায়।

• PKD-ত এই চিষ্টবোৰৰ আকাৰ বিভিন্ন ধৰণৰ হয় (এটা বেজীৰ আগৰ পৰা আৰম্ভ কৰি ১০ ছেঃ মিঃ পর্যন্ত বৃহৎ বা তাতোকৈ ডাঙৰ আকাৰৰ)।

• সময়ৰ লগে লগে এই চিষ্টবোৰৰ আকাৰ বৃদ্ধি পাই গৈ থাকে, যিবোৰে লাহে লাহে সম্পীড়নৰ সৃষ্টি কৰে আৰু বৃক্কৰ স্বাস্থ্যৱান কলাবোৰ নষ্ট কৰি পেলায়।

• এনেধৰণৰ অনিষ্টই উচ্চ ৰক্তচাপৰ পৰ্যায়লৈ ঠেলি দিয়ে, প্রস্ৰাৱত প্র’টিন হেৰুৱাই আৰু বৃক্কৰ কর্মক্ষমতা হ্রাস কৰে, ইয়াৰ ফলত ক্ৰণিক কিডনি ফেইলৰ হয়।

• দীর্ঘসময় ধৰি (এবছৰৰ পাছত) ক্ৰণিক কিডনি ফেইলৰ হৈ থাকিলে অৱস্থাৰ অধিক অৱনতি ঘটে আৰু গুৰুতৰৰূপে বৃক্ক বিকল হৈ পৰা পর্যায়লৈ (অন্তিম পর্যায়ৰ বৃক্কৰোগ) লৈ যায়, অৱশেষত ডায়েলিছিছ বা বৃক্ক সংৰোপণৰ প্রয়োজনীয়তাৰ বাহিৰে অন্য উপায় নাথাকে।

PKD

অটোছমেন ডমিমেণ্ট PKD থকা বহু লোকে কোনো ধৰণৰ লক্ষণৰ বিকাশ নোহোৱাকৈ কেইবাটাও দশক পর্যন্ত জীয়াই থাকে। PKD থকা অধিকাংশ ৰোগীৰ লক্ষণসমূহ ৩০ ৰ পৰা ৪০ বছৰৰ পিছত বিকশিত হৈ উঠে। PKD ৰ সাধাৰণ লক্ষণসমূহ হৈছে—

• উচ্চ ৰক্তচাপ।

• পিঠিৰ বিষ, শৰীৰৰ দুয়োটা বা এটা পাশ্বৱৰ্তী অংশৰ বিষ বা পেট ফুলি থকা।

• পেটৰ পৰা ডাঙৰ চপৰা (মাংসপিণ্ড) পৰিপূৰ্ণ হৈ থকা।

• প্রস্ৰাৱত তেজ বা প্র’টিন থকা।

• বাৰে বাৰে হৈ থকা প্রস্ৰাৱতন্ত্ৰৰ সংক্রমণ আৰু বৃক্কত পাথৰ হোৱা।

• বৃক্কৰ কর্মক্ষমতা দ্রুতগতিত হেৰুওৱা বাবে পুৰণি বৃক্কৰোগৰ লক্ষণসমূহৰ প্রকাশ পোৱা।

• মগজু, যকৃত, অন্ত্র ইত্যাদিৰ নিচিনা শৰীৰৰ অন্যান্য অংগত চিষ্ট হোৱাৰ বাবে তাৰ লক্ষণ দেখা পোৱা |

• PKD থকা ৰোগীৰ ক্ষেত্ৰত দেখা দিব পৰা জটিলতাসমূহ হৈছে ব্রেইন এনিউৰিজিম, এবডমিনেল ৱাল হাৰ্নিয়া, যকৃতৰ চিষ্টৰ সংক্রমণ, কলনত ডাইভাটিকিউলৈ (পাউচ) আৰু হাৰ্ট ভাল্‌ভৰ অস্বাভাৱিকতা।

PKD ৰোগীৰ প্রায় ১০% ৰে ব্রেইন এনিউৰিজিম বিকশিত হয়।ব্রেইন এনিউৰিজিমত ৰক্তবাহী নলীকাবোৰৰ বেৰ দুৰ্বল হৈ পৰাটোক কোৱাহয় ৱালগিং। ব্রেইন এনিউৰিজিমৰ বাবে মূৰৰ বিষ হ’ব পাৰে আৰু পেশীকলাত ফাট মেলাৰ অলপীয়া বিপদাশংকা থাকিব পাৰে যাৰ ফলত ষ্ট্রোক বা আনকি মৃত্যু পর্যন্ত হ’ব পাৰে।

PKD

PKD থকা সকলো ৰোগীৰে বৃক্ক বিকল হোৱা দেখা নাযায়। প্রায় ৫% PKD ৰোগীৰ ৬০ বছৰ বয়সত বৃক্ক বিকল হ’ব আৰু প্রায় ৬০% ৰ বৃক্ক বিকল হ’ব ৭০ বছৰ বয়সত। পুৰুষ PKD

ৰোগীৰ ক্ষেত্ৰত আৰম্ভণিতে পুৰণি বৃক্ক ৰোগ বাঢ়ি যোৱাৰ অতি বেছি বিপদাংশকাবোৰ হৈছে উচ্চ

ৰক্তচাপ, প্রস্ৰাৱত প্র’টিন বা তেজ আৰু বৃক্কৰ আকাৰ বৃদ্ধি পোৱা।

PKD

অটোছ’মেল ডমিনেন্ট PKD ত সম্পন্ন কৰা ৰোগ নির্ণয় সংক্রান্তীয় পৰীক্ষাসমূহ হৈছে:

• আলট্ৰাছাউণ্ড:

ই হৈছে PKD ৰ নিৰ্ণয়ত অতি বেছিকৈ ব্যৱহৃত পৰীক্ষা, কাৰণ ই হৈছে বিশ্বাসযোগ্য, সহজ, নিৰাপদ, বেদনাৰহিত আৰু কম খৰচী।

• CT MRI

এই পৰীক্ষাসমূহ অতি নিখুঁত, কিন্তু ব্যয়বহুল। এই পৰীক্ষাই অতি ক্ষুদ্রাকাৰ চিষ্টবোৰো বিচাৰি উলিয়াব পাৰে যিবোৰ এখন আলট্ৰাছাউণ্ডৰ দ্বাৰা নির্ণয় কৰিব নোৱাৰি।

• PKD হৈছে এটা বংশানুক্রমিক ৰোগ,যি ৰোগ প্রত্যেক সন্তানৰ ক্ষেত্রতে বিকশিত হৈ উঠাৰ 50 : 50 সম্ভাৱনা থাকে। গতিকে, এজন ৰোগীৰ পৰিয়ালৰ স্ত্রীণিং কৰাটোৱে আগতীয়াকৈ এই ৰোগ নির্ণয় কৰাত সহায় কৰে।

• PKD প্রস্ৰাৱত তেজ বা প্রটিনৰ উপস্থিতি ধৰা পেলাবলৈ প্রস্ৰাৱ পৰীক্ষা কৰা হয়। বৃক্কদ্বয়ৰ কাম-কাজ নিৰীক্ষণ কৰিবলৈ তথা সিবিলাকৰ বিষয়ে জানিবলৈ ছিৰাম ত্রিয়েটিনিন পৰীক্ষা কৰা হয়।

• নিয়মীয়া স্বাস্থ্য পৰীক্ষা বা অন্য কাৰণত কৰা আলট্ৰাছাউণ্ড পৰীক্ষাৰ সময়ত ধৰা পৰা PKD।

• ই হৈছে এটা অতি বিশেষীকৃত তেজ পৰীক্ষা। এই পৰীক্ষা পৰিয়ালৰ কোনজন সদস্যই PKD জিন বহন কৰিছে, সেই কথা নির্ণয় কৰিবলৈ কৰা হয়। এই পৰীক্ষা কেৱল তেতিয়াহে কৰা হয়, যদিহে ইমেজিং পৰীক্ষাসমূহে কোনো ফলাফল প্রদর্শন নকৰে। এই পৰীক্ষা বহু কম স্বাস্থ্যকেন্দ্ৰতহে উপলব্ধ আৰু ই অত্যন্ত ব্যয়বহুল হোৱা বাবে ইয়াক ৰোগ নির্ণয়ৰ উদ্দেশ্য অতি কমকৈ কৰা হয়।

PKD

PKD ৰ বাবে PKD ৰোগীৰ ককাই-ভাই, বাই-ভনী আৰু সন্তানসন্ততিসকলক স্ত্রীণিং কৰোৱা উচিত। তাৰোপৰি যিগৰাকী অভিভাৱকৰ পৰা ৰোগবিধ ৰোগীলৈ সংক্রমিত হৈছিল তেখেতৰ ককাই-ভাই আৰু বাই-ভনীকো স্ত্রীণিং কৰোৱা উচিত।

PKD

PKD হৈছে এক বংশানুক্রমিক ৰোগ, যি ৰোগ পিতৃ বা মাতৃৰ অটোছ’মেল ডমিনেন্ট PKD থাকিলে তেওঁলোকৰ সন্তানৰ ক্ষেত্ৰত এই বিসংগতি হোৱাৰ সম্ভাৱনা ৫০% থাকে।

PKD

বর্তমানে PKD ত চিষ্টৰ গঠন মন্থৰ কৰা বা প্রতিৰোধ কৰাৰ কোনো চিকিৎসা নাই।

পৰিয়ালবৰ্গৰ সদস্যবৰ্গৰ স্ত্রীণিং আৰু ই শৰীৰত খোপনি পোতাৰ আগেয়ে প্রাৰম্ভিক পর্যায়তে এই ৰোগ নির্ণয় কৰাটোৰ কেইবাটাও সুবিধা আছে। আগতীয়া ৰোগ নির্ণয়ে এটা উত্তম উপায়েৰে PKD ত বৃক্ক সংক্রান্তীয় বিকলতা বৃদ্ধি বা প্রকোপ প্রতিৰোধ কৰে। PKD ৰোগীৰ ক্ষেত্ৰত ৱনশৈলী আৰু খাদ্য ব্যৱস্থাৰ ৰূপান্তৰণে তেওঁলোকৰ বৃক্কদ্বয়ৰ লগতে হৃদপিণ্ডটো সুৰক্ষিত কৰে। এই স্ত্রীণিং ব্যৱস্থাৰ মূল অসুবিধা হৈছে ইয়াত অৱতীৰ্ণ হোৱা ব্যক্তিজনে এই ৰোগৰ কোনো লক্ষণ নাথাকিলেও বা ইয়াৰ চিকিৎসাৰ প্রয়োজন নহ’লেও ৰোগবিধৰ সংক্রান্তত অতি উৎকণ্ঠিত হৈ পৰিব পাৰে।

PKD

PKD সাধাৰণতে ৪০ বছৰ বা তাতোধিক বয়সত চিনাক্ত কৰা হয়। এই বয়সত উপনীত হোৱাৰ আগয়ে অধিকাংশ লোকেই সন্তান লাভ কৰে আৰু সেইবোৰেই পৰৱৰ্তী প্রজন্মলৈ এই ৰোগ সঞ্চাৰণ হোৱাটো প্রতিৰোধ কৰা সম্ভৱ নহয়।

PKD

PKD হৈছে এক নিৰাময় কৰিব নোৱাৰা ৰোগ, কিন্তু ইয়াৰ চিকিৎসাৰ প্রয়োজন।

• বৃক্কদ্বয়ক সুৰক্ষিত কৰি ৰাখিবলৈ আৰু এই পুৰণি বৃক্ক ৰোগক অন্তিম পর্যায়ৰ বৃক্কৰোগলৈ যোৱাটো মন্থৰ কৰি তুলিবলৈ যাতে ৰোগী দীর্ঘদিন ধৰি জীয়াই থাকিব পাৰে।

• লক্ষণসমূহ নিয়ন্ত্ৰণত ৰাখিবলৈ আৰু জটিলতাসমূহ প্রতিৰোধ কৰিবলৈ।

PKD

• এই ৰোগৰ প্রাথমিক পর্যায়ত আৰু ৰোগ নির্ণয়ৰ পাছতো বহু বছৰৰ বাবে ৰোগীৰ শৰীৰত ৰোগৰ লক্ষণে দেখা নিদিব পাৰে আৰু কোনো চিকিৎসাৰ প্রয়োজন নহ’ব পাৰে। এই ৰোগীসকলৰ নির্দিষ্ট সময়ৰ মূৰে

মূৰে স্বাস্থ্য পৰীক্ষা বা নিৰীক্ষণৰ প্রয়োজন হ’ব পাৰে।

• ঔষধৰ জৰিয়তে বিষ নিয়ন্ত্রণ কৰিলে বৃক্কদ্বয়ৰ কোনো অনিষ্ট নহয়(এছপিৰিণ বা এচিটামাইন’ফেনৰ নিচিনা) PKD ত পুনৰাই বা বাৰে বাৰে হৈ থকা বিষ চিষ্ট সম্প্রসাৰণৰ বাবে হয়।

• সঠিক এণ্টিবায়’টিকেৰে প্ৰস্ৰাৱতন্ত্রৰ সংক্রমণৰ তৎপৰ তথা পর্যাপ্ত চিকিৎসা।

• বৃক্কত হোৱা পাথৰৰ আগতীয়া চিকিৎসা।

• যিজন ৰোগীৰ শৰীৰ ওখহা নাই, তেনে ব্যক্তিক যথেষ্ট পৰিমাণৰ পানীয় সেৱন কৰাওক। ইয়ে প্রস্ৰাৱতন্ত্রৰ সংক্রমণ আৰু বৃক্কত পাথৰ হোৱাটো প্রতিৰোধ কৰে।

• অধ্যায়-১০ আৰু ১৪ ত আলোচনা কৰা মতে পুৰণি বৃক্কৰোগৰ পুংখানুপুংখ চিকিৎসা।

• বিষ, ৰক্তক্ষৰণ, সংক্রমণ বা শাৰীৰিক বাধাগ্রস্ততাৰ বাবে অতি কম ৰোগীৰ ক্ষেত্ৰত চিষ্টৰ ছাৰ্জিকেল বা ৰেডিঅ’লজি ড্রেইননেজৰ ইংগিত দিব পাৰে।

PKD

PKD ত আক্রান্ত ৰোগীয়ে ততালিকে চিকিৎসকৰ সৈতে যোগাযোগ কৰা উচিত, যদিহে তেওঁৰ বা তেখেতৰ বাঢ়ি যায়:

• জ্বৰ, হঠাৎ পেটৰ বিষ নাইবা ৰঙা প্রস্ৰাৱ।

• আকাৰ বাঢ়ি যোৱা বৃক্কত হঠাতে আঘাত।

• গুৰুতৰ বা বাৰে বাৰে মূৰ কামোৰণি।

• বুকুৰ বিষ, ভোক গুৰুতৰভাৱেথ্ৰাস, গুৰুতৰভাৱে বমি, গুৰুতৰভাৱে পেশীৰ দুৰ্বলতা, বিভ্রান্তি, সংজ্ঞাহীনতা বা শৰীৰৰ সাংঘাতিক কঁপনি।

উৎস: কিডনী ইডুকেশ্বন ফাউনডেশ্বন

শেহতীয়া উন্নীতকৰণ: : 10/6/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate