অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

একক বৃক্ক

এজন লোকৰ এটা বৃক্ক থকাটো দুঃচিন্তাৰ বিষয়। কিন্তু কেইটামান আগতীয়াকৈ ল’বলগীয়া সাৱধানতা অৱলম্বন এটা স্বাস্থ্যকৰ জীৱনশৈলীৰে এজন লোকে এটা বৃক্কৰে এক স্বাভাৱিক জীৱন-যাপন কৰিব পাৰে।

প্রায় সকলো লোকেই দুটা বৃক্কৰে সৈতে জন্মগ্রহণ কৰে। কিন্তু ইয়াৰ অতিৰিক্ত ক্ষমতাৰ বাবে আনকি এটা বৃক্কইও দুয়োটা বৃক্কৰ দৰেই স্বাভাৱিক কাম-কাজ সম্পন্ন কৰিবলৈ সক্ষম। গতিকে, এটা বৃক্ক থকা লোকেও নিয়মীয়া জীয়াই থকা বা যৌনক্রিয়া অথবা কষ্টকৰ কর্ম কৰাত কোনো সমস্যা নহয়।

এটা জীৱনকালত স্বাভাৱিক তথা সক্রিয়ভাৱে জীয়াই থাকিবলৈ কেৱল এটা বৃক্কই যথেষ্ট। বহু ক্ষেত্ৰত কেৱল এটা বৃক্কৰে জন্মগ্রহণ কৰা লোকৰ এটাহে বৃক্ক আছে বুলি সম্পূর্ণ বেলেগ উদ্দেশ্যত ৰেডিঅ’লজিকেল পৰীক্ষা সম্পন্ন কৰোতেহে গম পোৱা যায়। এটা বৃক্ক থকা কিছুমান লোকৰ ক্ষেত্ৰত দীর্ঘ সময়ৰ বাবে (বহু বছৰ) সম্ভাৱ্য অসুস্থ প্রতিক্রিয়াসমূহ হৈছে উচ্চ ৰক্তচাপ আৰু প্রস্ৰাৱত প্রটিন হেৰুওৱা। বৃক্কৰ কাম-কাজ হাস পোৱাটো অতি বিৰল।

এজন লোকৰ এটাই বৃক্ক হোৱাৰ তিনিটা সাধাৰণ পৰিস্থিতি হৈছে—

১।এটা বৃক্কৰে সৈতে জন্মগ্রহণ কৰা।

২।এটা বৃক্ক অস্ত্রোপচাৰ কৰি অপসাৰণ কৰা। এটা বৃক্ক অপসাৰণ কৰাৰ গুৰুত্বপূর্ণ কাৰকসমূহ হৈছে পাথৰজনিত ৰোগ, কৰ্কটৰোগ, শাৰীৰিক বাধাগ্রস্ততা, পুঁজ জমা হোৱা বা শাৰীৰিক আঘাত।

৩। বৃক্ক সংৰোপণৰ বাবে এটা বৃক্ক দান কৰা।

বহু লোকে এটা বৃক্কৰ সৈতেই জন্মগ্রহণ কৰে। জন্মতে এটা বৃক্ক লাভ কৰাটো প্রতি ৭৫০ জনৰ ভিতৰত কেৱল এজন লোকৰ ক্ষেত্ৰতহে সম্ভৱ। দৰাচলতে কেৱল পুৰুষৰ ক্ষেত্ৰতহে এটা বৃক্ক থাকে আৰু সাধাৰণতে বাঁওফালৰ বৃক্কটোহে নাথাকে।

এটা বৃক্ক থকা লোকৰ কোনো সমস্যা নাথাকে। কিন্তু ইয়াক স্পেয়াৰ হুইল নথকা এখন টুহুইলাৰৰ লগত তুলনা কৰিব পাৰি।

দ্বিতীয়তো বৃক্ক নথকাৰ ক্ষেত্ৰত, যদিহে অকলেই কাম সম্পন্ন কৰা বৃক্কটোৰ হঠাতে আৰু গুৰুতৰভাৱে হানি হয়, তেন্তে তীব্ৰভাৱে বৃক্ক বি হোৱাটো নিৰ্ঘাত আৰু বৃক্কৰ কলাবোৰ কাম-কাজ দ্রুতগতিত অৱনতি ঘটিব।

তীব্ৰভাৱে বৃক্ক বিকল হোৱাৰ ফলত বহুতো সমস্যা আৰু জটিলতাৰ সৃষ্টি হ’ব পাৰে আৰু ইয়াৰ তৎকালীন চিকিৎসাৰ প্রয়োজন। অতি কম সময়ৰ ভিতৰতেত সমস্যাবোৰৰ জটিলতা বাঢ়ি যায় আৰু ফলত জীৱনৰ প্রতি ভাবুকিও সৃষ্টি হ’ব পাৰে। এনে ৰোগীৰ জৰুৰী ডায়েলিছিছৰ প্রয়োজন হয়। বৃক্ক বিকল হোৱাটো আৰু ইয়াৰ পৰিণতিসমূহ পৰিহাৰ কৰিবৰ বাবে এটা বৃক্ক বিশিষ্ট সকলো লোকেই আগতীয়া সাৱধানতা অৱলম্বন কৰা উচিত।

অকলেই কাম সম্পন্ন কৰা এটা বৃক্কৰ হঠাতে আৰু গুৰুতৰভাৱে অনিষ্ট হোৱাৰ সম্ভাৱ্য পৰিস্থিতিসমূহ হৈছে—

১। পাথৰ হোৱাৰ বাবে বা প্রস্ৰাৱবাহী নলীত তেজ গোট মৰাৰ বাবে প্রস্ৰাৱ প্রৱাহ হোৱাটো হঠাতে ৰুদ্ধ হৈ গ’লে, এই ৰুদ্ধতাৰ ফলত প্রত্ৰাৱ বাহিৰলৈ বৈ যাব নোৱাৰে।

২। পেটৰ অস্ত্রোপচাৰৰ সময়ত একমাত্র বৃক্কটােৰ প্ৰস্ৰাৱবাহী নলী অর্থাৎ যি প্রস্ৰাৱবাহী নলীৰ মাধ্যমেৰে বৃক্কত সৃষ্টি হোৱা প্রস্ৰাৱ ইউৰিনেৰি ব্লাডাৰলৈ বৈ যায়, সেই নলী দুর্ঘটনাক্রমে কটা গ'লে

৩। একমাত্র বৃক্কটো আঘাতগ্রস্ত হ’লে বক্সিং, ফুটবল, হকী, সমৰকল আৰু মল্লযুঁজৰ নিচিনা গুৰুত্রীড়াত বৃক্ক আঘাতপ্রাপ্ত হোৱাৰ বিপদাশংকা থাকে। শৰীৰৰ প্রয়োজনীয়তা চম্ভালি ল’ব পৰাকৈ

স্বাভাৱিক বৃক্কতকৈ একক বৃক্কটো বৃহৎ আৰু গধুৰ। এনে বর্ধিত আকাৰৰ বৃক্ক আঘাতৰ বাবে অধিক সুৰক্ষিত।

এটা বৃক্ক থকা এজন লোকৰ চিকিৎসাৰ কোনো প্রয়োজন নাই। কিন্তু এই অকলেই কাম সম্পন্ন কৰা বৃক্কটো সুৰক্ষিত ৰাখিবলৈ আগতীয়া সাৱধানতা অৱলম্বন কৰাটো বুদ্ধিমানৰ কাম।ইয়াৰ গুৰুত্বপূর্ণ সাৱধানসমূহ হৈছে—

• যথেষ্ট পৰিমাণে পানী সেৱন কৰক (প্রতিদিনে প্রায় তিনি লিটাৰ)।

• বক্সিং, হকী, ফুটবল, সমৰকলা আৰু মল্লযুঁজৰ নিচিনা গুৰুতৰ সংস্পৰ্শলৈ অহা খেলসমূহ পৰিহাৰ কৰি অকলেই কাম সম্পন্ন কৰা বৃক্কটোৰ আঘাত এৰাই চলক।

• পাথৰজনিত ৰোগ আৰু প্রস্ৰাৱতন্ত্ৰৰ সংক্রমণৰ প্রতিৰোধ আৰু সিবিলাকৰ আৰম্ভণিৰ পর্যায়তে চিকিৎসা কৰা।

• যিকোনো নতুন চিকিৎসা বা পেটৰ অস্ত্রোপচাৰ কৰাৰ আগেয়ে ৰোগীজনৰ এটাই বৃক্ক বুলি চিকিৎসকক অৱগত কৰা উচিত।

• ৰক্তচাপ নিয়ন্ত্ৰণত ৰখা, নিয়মিত ব্যায়াম কৰা, স্বাস্থ্যকৰ সন্তুলিত আহাৰ খোৱা আৰু বিষনাশক পৰিহাৰ কৰা। উচ্চ প্রটিনযুক্ত আহাৰ পৰিহাৰ কৰা আৰু দৈনন্দিন নিমখ (ছডিয়াম) সেৱন কৰাটো নিষিদ্ধ কৰক, যদিহে চিকিৎসকে তেনে কৰিবলৈ পৰামর্শ দিছে।

• নিয়মিত স্বাস্থ্য পৰীক্ষা। এটা বৃক্কৰ সৈতে জীৱন ধাৰণ কৰা এজন লোকৰ বাবে প্রাথমিক আৰু অতি গুৰুত্বপূর্ণ পৰামৰ্শটো হৈছে নিয়মিতভাৱে স্বাস্থ্য পৰীক্ষা কৰোৱা। বছৰেকত এবাৰ ৰক্তচাপ আৰু প্রস্ৰাৱ তথা তেজ পৰীক্ষা কৰি আপোনাৰ বৃক্কটোৰ কাম-কাজ নিৰীক্ষণ কৰক। নিয়মিত স্বাস্থ্য পৰীক্ষাই বৃক্কৰ সমস্যাৱলীৰ প্ৰাৰম্ভিক লক্ষণ আৰু বিকশিত বৃক্ক বিকলতা নির্ণয় কৰাত সহায় কৰিব। বৃক্কৰ সমস্যাৱলীৰ প্ৰাৰম্ভিক চিনাক্তকৰণে সময়োচিত চিকিৎসা আৰু যত্নৰ সুবিধা প্রদান কৰিব।

এটা বৃক্কবিশিষ্ট ৰোগীয়ে ততালিকে চিকিৎসকৰ লগত যোগাযোগ কৰা উচিত, যদিহে:

• প্রস্ৰাৱ হঠাতে আৰু সম্পূৰ্ণৰূপে বন্ধ হৈ যায়।

• অকলশৰেই কাম সম্পন্ন কৰা বর্ধিত বৃক্কটোৰ দুৰ্ঘটনাজনিত আঘাত হয়।

• বিষৰ বাবে যদিহে ঔষধৰ প্রয়োজন হয় বা ৰোগ নির্ণয়জনিত পৰীক্ষাৰ বাবে এক্স-ৰে (X-Ray) ডাইছৰ প্রয়োজন হয়।

• জ্বৰ, প্রস্ৰাৱ জ্বলা-পোৰা বা ৰঙা প্রস্ৰাৱ হয়।

উৎস:কিডনী ইডুকেশ্বন ফাউনডেশ্বন

শেহতীয়া উন্নীতকৰণ: : 6/1/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate