অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পুৰণি বৃক্ক ৰোগ: লক্ষণ আৰু ৰোগ নির্ণয়

ডায়েবেটিছ মেলিটাছ ৰোগত আক্রান্ত লোকৰ সংখ্যা ভাৰতবৰ্ষ তথা সমগ্র বিশ্বতে বাঢ়িয়েই আছে। ডায়েবেটিছ ৰোগীৰ বর্ধিত হাৰৰ গুৰুত্বপূর্ণ কুপ্রভাৱ হৈছে ডায়েবেটিছজনিত বৃক্ক ৰোগৰ ঘটনা বৃদ্ধি পোৱাটো। ডায়েবেটিছজনিত বৃক্ক ৰোগ হৈছে ডায়েবেটিছৰ আটাইতকৈ গুৰুতৰ জটিলতাসমূহৰ ভিতৰৰ এটা আৰু ইয়াৰ ফলত মৃত্যুৰ হাৰ বহু পৰিমাণে বৃদ্ধি পায়।

বহুদিন ধৰি হৈ থকা ডায়েবেটিছত অপৰিৱর্তিত উচ্চ ৰক্তচাপ বৃক্কৰ ৰক্তচাপ বৃক্কৰ ক্ষুদ্র ক্ষুদ্র ৰক্তবাহী নলিকাসমূহ নষ্ট কৰি পেলায়। এই অনিষ্ট প্রথমতে প্রস্ৰাৱত হেৰুওৱাৰ কাৰণ হৈ পৰে। তাৰ পিছত ইয়াৰ ফলত যথাক্রমে উচ্চ ৰক্তচাপ, ওখহা আৰু বৃক্কৰ ক্রমাগত ধ্বংসৰ কাৰণ স্বৰূপ হৈ পৰে। অৱশেষত বর্ধিত অৱনতিয়ে ৰোগীক গুৰুতৰভাৱে বৃক্ক বিকল হোৱা পর্যায়লৈ (অন্তিম পর্যায়ৰ বৃক্ক ৰোগ) ঠেলি দিয়ে। এই ডায়েবেটিছ প্রভাৱিত বৃক্কৰ সমস্যাক ডায়েবেটিছজনিত বৃক্ক ৰোগ বুলি জনা যায়। ডায়েবেটিক নেফ্ৰ'পেথী হৈছে ডায়েবেটিছজনিত বৃক্ক ৰোগৰ বাবে ব্যৱহৃত চিকিৎসা বিজ্ঞানৰ পৰিভাষা।

• ডায়েবেটিছৰ ঘটনা ভাৰতবৰ্ষ তথা সমগ্র পৃথিৱীতে অতি দ্রুতগতিত বৃদ্ধি পাই আছে। ভাৰতবৰ্ষ হৈ পৰিব ডায়েবেটিছৰ ৰাজধানী।

• ডায়েবেটিছজনিত বৃক্ক ৰোগ (ডায়েবেটিক নেফ্ৰ'পেথী) হৈছে পুৰণি বৃক্ক ৰোগৰ অতি অগ্রণী কাৰণ।

• অন্তিম পর্যায়ৰ বৃক্ক ৰোগত (ESKD) আক্রান্ত বুলি নতুনকৈ চিনাক্ত কৰা ৪০-৪৫ শতাংশ ৰোগীৰ ক্ষেত্ৰতে ডায়েবেটিছ মেলিটাছেই দায়ী।

• ESKDৰ চিকিৎসা ব্যৱস্থাৰ ব্যয় অতি বেছি, যাক ভাৰতবৰ্ষৰ নিচিনা উন্নয়নশীল দেশসমূহৰ ৰোগীসকলে বহন কৰিব নোৱাৰে।

• প্রাৰম্ভিক পর্যায়ত চিনাক্ত কৰা তথা চিকিৎসা কৰাটোৱে ডায়েবেটিছজনিত বৃক্ক ৰোগ প্রতিৰোধ কৰিব পাৰে। সম্পূর্ণৰূপে খোপনি পোতা পুৰণি বৃক্ক ৰোগৰ ডায়েবেটিছত পুংখানুপংখ চিকিৎসাই

নিশ্চয়কৈ ডায়েলিছিছ আৰু সংৰোপণৰ পর্যায় খাৰিজ কৰিব পাৰে।

• ডায়েবেটিছজনিত বৃক্ক ৰোগত আক্রান্ত ৰোগীসকলৰ ক্ষেত্ৰত কাৰ্ডিঅ’ভাছক্যুলাৰ কাৰণসমূহৰ বাবে মৃত্যুৰ বৰ্ধিত বিপদাশংকা থাকে।

• গতিকে ডায়েবেটিছজনিত বৃক্ক ৰোগৰ প্ৰাৰম্ভিক পর্যায়তে নির্ণয় কৰাটো অতীৱ প্রয়োজনীয়।

• বিকশিত ডায়েবেটিছজনিত বৃক্ক ৰোগৰ বিপদাশংকাৰ সৈতে ডায়েবেটিছ মেলিটাছক দুটা প্রধান ভাগত বিভক্ত কৰা হৈছে।

1 IDDM টাইপ ১

ডায়েবেটিছ সাধাৰণতে কম বয়সতে দেখা দিয়ে আৰু ইয়াক নিয়ন্ত্রণ কৰিবলৈ ইনছুলিনৰ প্রয়োজন হয়। প্রায় ৩০-৩৫ শতাংশ ১ ডায়েবেটিছে ডায়েবেটিজনিত বৃক্ক ৰোগ বিকশিত কৰে।

2 NIDDM টাইপ ২

ডায়েবেটিছ সাধাৰণতে প্রাপ্তবয়স্ক লোকৰ ক্ষেত্ৰত দেখা দিয়ে আৰু অধিকাংশ ৰোগীৰ ক্ষেত্ৰতে ইনছুলিন নোহোৱাকৈ নিয়ন্ত্ৰণ কৰা হয়।

প্রায় ১০-১২ শতাংশ টাইপ ২ ডায়েবেটিছ ডায়েবেটিছজনিত বৃক্ক ৰোগ বিকশিত কৰে। প্রত্যেক তিনিটা নতুন কেছৰ ভিতৰত একাধিক কেছৰ বাবে দায়বদ্ধ টাইপ ২ ডায়েবেটিছ হৈছে পুৰণি বৃক্ক ৰোগৰ ঘাই কাৰণ।

কোনবোৰ ডায়েবেটিছ ৰোগী ডায়েবেটিছজনিত বৃক্ক ৰোগ বিকশিত কৰে সেই কথা অনুমান কৰাটো কঠিন। কিন্তু ইয়াৰ বিকাশৰ বাবে দায়ী গুৰুতৰ কাৰকসমূহ হৈছে:

 

• ২০ বছৰ বয়সৰ আগেয়ে শৰীৰত খোপনি পুতিবলৈ আৰম্ভ কৰা টাইপ ১ ডায়েবেটিছ।

• অতি বেয়াকৈ নিয়ন্ত্রিত ডায়েবেটিছ (Hb1ACৰ স্তৰ অতি উচ্চ)।

• অতি বেয়াকৈ নিয়ন্ত্রিত উচ্চ ৰক্তচাপ।

• ডায়েবেটিছৰ পৰিয়ালকেন্দ্রিক ইতিহাস আৰু পুৰণি বৃক্ক ৰোগ ।

• ডায়েবেটিছৰ বাবে হোৱা দৃষ্টিশক্তিজনিত সমস্যা (ডায়েবেটিক ৰেটিন’পেখী) বা স্নায়ু বিকল (ডায়েবেটিক নিউৰ'পেথী)।

• প্রস্ৰাৱত প্র’টিনৰ উপস্থিতি, মেদবহুলতা, ধুমপান আৰু উৰ্দ্ধগামী ছিৰাম লিপিডসমূহ।

ডায়েবেটিছজনিত বৃক্ক ৰোগে বিকশিত হৈ উঠিবলৈ বহু বছৰ সময় লয়, গতিকে ডায়েবেটিছ হোৱা প্রথম ১০টা বছৰত দেখা দিয়াটো অতি বিৰল। ডায়েবেটিছজনিত বৃক্ক ৰোগৰ লক্ষণসমূহ টাইপ ১ ডায়েবেটিছ আৰম্ভ হোৱাৰ ১৫ৰপৰা ২০ বছৰৰ পিছত স্পষ্টৰূপত দেখা দিয়ে। যদিহে এজন ডায়েবেটিছ থকা ৰোগীৰ প্রথম ২৫ বছৰত ডায়েবেটিছজনিত বৃক্ক ৰোগ বিকশিত হৈ নুঠে, তেন্তে ই বিকশিত হৈ উঠাৰ বিপদাশংকা হ্রাস পায়।

এজন ডায়েবেটিছ ৰোগীৰ ক্ষেত্ৰত ডায়েবেটিছজনিত বৃক্ক ৰোগ হৈছে বুলি তেতিয়া সন্দেহ কৰা হয়, যেতিয়া:

• প্রস্ৰাৱ ফেনিল হয় বা প্রস্ৰাৱত এলবুমিন/প্র’টিন থাকে (প্রাৰম্ভিক পর্যায়ত) ।

• উচ্চ ৰক্তচাপ বৃদ্ধি পোৱা বা আগতেই থকা উচ্চ ৰক্তচাপৰ অধিক অৱনতি ঘটে। |

• ভৰিৰ সৰু গাঁঠি, ভৰি আৰু মুখমণ্ডল ওখহি উঠা; প্রস্ৰাৱৰ পৰিমাণ হ্রাস পোৱা বা শকত হোৱা নাইবা ওজন বৃদ্ধি পায় (শৰীৰত তৰল

পদার্থ জমা হোৱাৰ বাবে)।

• ইনছুলিন বা ডায়েবেটিছ প্রতিৰোধী ঔষধৰ প্রয়োজনীয়তা বৃদ্ধি পায়।

• সঘনাই হাইপ'গ্লইচেমিয়া (ব্লাড ছুগাৰৰ স্তৰ কম হোৱা) হোৱাৰ ইতিহাস থাকিলে। আগতে অতি বেয়া ধৰণেৰে নিয়ন্ত্ৰণ কৰা ডায়েবেটিছক ডায়েবেটিছ প্রতিৰোধী ঔষধৰ পালিৰে ভালদৰে নিয়ন্ত্রণ কৰিলে।

• ঔষধ ব্যৱহাৰ নকৰাকৈ ডায়েবেটিছ নিয়ন্ত্ৰণ কৰা। বহু ৰোগীয়ে ডায়েবেটিছ ৰোগ নিৰাময় হ’ল বুলি গর্ব অনুভৱ কৰে তথা সুখী হয়, কিন্তু দুৰ্ভাগ্যজনক আৰু বাস্তৱিক কথাটো হৈছে সেই ব্যক্তিজনৰ অতি বেয়াকৈ বৃক্ক বিকল হৈ পৰে।

• পুৰণি বৃক্ক ৰোগৰ যিবোৰ লক্ষণ (দুর্বল লগা, ভাগৰুৱা হৈ পৰা, ভোক কমা, ওকালি অহা, বমি কৰা, খজুৱতি হোৱা, শেতা পৰা আৰু উশাহ নিশাহত কষ্ট পোৱা) থাকে, সেইবোৰ পৰৱৰ্তী

পর্যায়ত বিকশিত হৈ উঠে।

• তেজ পৰীক্ষাত ক্রিয়েটিনিন আৰু ব্লাড ইউৰিয়াৰ মান বেছি হয়।

ডায়েবেটিছজনিত বৃক্ক ৰোগ নির্ণয় কৰাত ব্যৱহাৰ কৰা দুটা অতি গুৰুত্বপূর্ণ পৰীক্ষা হৈছে প্রটিনৰ বাবে প্রস্ৰাৱৰ পৰীক্ষা আৰু ত্রিয়েটিনিনৰ বাবে তেজ পৰীক্ষা (eGER)। প্রাৰম্ভিক পর্যায়তে ডায়েবেটিছজনিত বৃক্ক ৰোগ নির্ণয় কৰাৰ অতি আদর্শ পৰীক্ষাটো হৈছে প্রস্ৰাৱৰ মাইক্র অলবুমিনুৰিয়া পৰীক্ষা। ইয়াৰ পিছৰ অতি উৎকৃষ্ট এই ৰোগ নির্ণয় কৰা পৰীক্ষাটো হৈছে ষ্টেণ্ডার্ড ইউৰিন ডিপষ্টিক টেষ্টৰ দ্বাৰা কৰা এলবুমিনৰ বাবে কৰা প্রস্ৰাৱৰ পৰীক্ষা, যিয়ে নির্ণয় কৰে মাইক্রএলবুমিনুৰিয়া। ত্রিয়োটিনিনৰ বাবে কৰা তেজ পৰীক্ষাই (eGFR) বৃক্কৰ কাম-কাজ আৰু ডায়েবেটিছজনিত বৃক্ক ৰোগ পৰৱৰ্তী পর্যায়ত(সাধাৰণতে মেক্রএলবুমিনুৰিয়া বৃদ্ধি পোৱাৰ পিছত) বৃদ্ধি পোৱা ছিৰামক্রিয়েটিনিনৰ মান প্রতিফলিত কৰে।

এলবুমিনুৰিয়াৰ অৰ্থ হৈছে প্রস্ৰাৱত এলবুমিনৰ (একধৰণৰ প্র’টিন)উপস্থিতি। মাইক্রএলবুমিনুৰিয়া মানে হৈছে প্রস্ৰাৱত ক্ষুদ্ৰ পৰিমাণৰ প্র’টিন(প্রতিদিনে প্ৰস্ৰাৱত এলবুমিনৰ ৩০ৰপৰা ৩০০মিঃগ্রাঃ) উপস্থিতি, যাক নিয়মীয়াকৈ কৰা প্রস্ৰাৱৰ পৰীক্ষাত নির্ণয় কৰিব নোৱাৰি। কিন্তু কেৱল বিশেষ পৰীক্ষাৰ মাধ্যমেৰেহে নির্ণয় কৰিব পাৰি। মেক্রএলবুমিনুৰিয়াৰ অর্থ হৈছে প্ৰস্ৰাৱত বৃহৎ পৰিমাণৰ প্র’টিন (প্রতিদিনে প্রস্ৰাৱত এলবুমিনৰ পৰিমাণ ৩০০ মি:গ্ৰা:তকৈ অধিক) হানি হোৱাটো, যাক নিয়মীয়াকৈ কৰা ইউৰিন ডিপষ্টিক টেষ্টৰ মাধ্যমেৰে নিৰ্ণয় কৰিব পাৰি। যিহেতু মাইক্রএলবুমিনুৰিয়াৰ বাবে প্রস্ৰাৱ পৰীক্ষাই প্রাৰম্ভিক পর্যায়তে ডায়েবেটিছজনিত বৃক্ক ৰোগ নির্ণয় কৰিব পাৰে, সেইবাবে এই ৰোগ নির্ণয় কৰাৰ বাবে ইয়েই হৈছে আটাইতকৈ আদর্শ পৰীক্ষা। এইটো পর্যায়ত (যাক অতি বিপদজনক বা প্রাৰম্ভিক পর্যায় বুলি জনা যায়)ডায়েবেটিছজনিত বৃক্কৰোগ নির্ণয় কৰাৰ বিশেষ উপকাৰিতা হৈছে, এই পর্যায়ত ৰোগবিধক প্রতিৰোধ কৰিব পৰা যায় আৰু পুংখানুপুংখ চিকিৎসাৰ জৰিয়তে ৰোধ কৰিব পাৰি।

এই মাইক্রএলবুমিনুৰিয়া টেষ্টে ষ্টেণ্ডার্ড ডিপষ্টিক ইউৰিন টেষ্টতকৈ  পাঁচ বছৰ আগেয়ে ডায়েবেটিক নেফ্রপেথী চিনাক্ত কৰিব পাৰে আৰু লক্ষণবোৰ চাই অতি বিপদজনক বুলি ক’ব পৰা বা ছিৰাম ক্রিয়েটিনিনৰ মান অতি বেছি বুলি জানিব পৰাৰ বহু বছৰ আগেয়েই ইয়াক নির্ণয় কৰিব পাৰে।

ডায়েবেটিছ ৰোগীৰ ক্ষেত্ৰত বৃক্কদ্বয়ৰ বিপদৰ লগত কাৰ্ডিঅ’ভাছক্‌মুলাৰৰ জটিলতাসমূহ বিকশিত হৈ উঠাৰ উচ্চ হাৰৰ বিপদাশংকা মাইক্ৰ’এলবুমিনুৰিয়াই স্বতন্ত্রভাৱে অনুমান কৰি ল’ব পাৰে।

মাইক্ৰ’এলবুমিনুৰিয়াৰ প্ৰাৰম্ভিক ৰোগ নির্ণয়ৰ ক্ষমতা হৈছে ই এই মাৰাত্মক ৰোগবিধ শৰীৰত বিকশিত হৈ উঠাৰ সম্পর্কত ৰোগীক সতর্ক কৰি দিয়ে আৰু এনে ৰোগীক অধিক সবলভাৱে চিকিৎসা সেৱা আগবঢ়াবলৈ চিকিৎসকসকলক সুবিধা প্রদান কৰে।

টাইপ 1 ডায়েবেটিছ আৰম্ভ হোৱাৰ পাঁচ বছৰৰ পিছত আৰু তাৰ পাছত যথাক্রমে প্রতি বছৰে মাইক্রএলবুমিনুৰিয়া টেষ্ট কৰোৱা উচিত।

টাইপ 2 ডায়েবেটিছত ৰোগ নির্ণয়ৰ সময়ত আৰু তাৰ পিছত যথাক্রমে প্রতিবছৰে মাইক্রএলবুমিনুৰিয়া টেষ্ট কৰোৱা উচিত।

মাইক্ৰএলবুমিনুৰিয়া হৈছে প্রস্ৰাৱত অতি ক্ষুদ্ৰ পৰিমাণৰ প্ৰ'টিন বিচাৰি উলিওৱাৰ এক পদ্ধতি, যাক এক নিয়মীয়া প্রস্ৰাৱ পৰীক্ষাৰ জৰিয়তে নির্ণয় কৰিব পাৰি। ডায়েবেটিছজনিত বৃক্কৰোগ স্ক্ৰিনিং কৰিবৰ বাবে প্রথমে ষ্টেণ্ডার্ড ইউৰিন ডিপষ্টিক টেষ্টৰ দ্বাৰা বিশৃংখলভাৱে প্ৰস্ৰাৱৰ পৰীক্ষা কৰোৱা হয়।

যদিহে এই পৰীক্ষাত প্ৰ’টিনৰ উপস্থিতি নাথাকে, তেন্তে মাইক্ৰএলবুমিনুৰিয়া নির্ণয় কৰিবলৈ এটা অধিক সুসংজ্ঞাবদ্ধ প্রস্ৰাৱ পৰীক্ষা কৰোৱা হয়। যদিহে আগৰ পৰীক্ষাটোত অলবুমিনৰ উপস্থিতি থাকে, তেন্তে মাইক্ৰএলবুমিনুৰিয়া টেষ্ট কৰোৱাৰ কোনো প্রয়োজন নাথাকে। ডায়েবেটিক নেফ্রপেথী সঠিকভাৱে নির্ণয় কৰিবলৈ প্রস্ৰাৱতন্ত্রৰ সংক্রমণ হৈ নথকা তিনিৰ পৰা ছমাহ কালত মাইক্ৰএলবুমিনুৰিয়াৰ বাবে কৰা তিনিটা পৰীক্ষাৰ ভিতৰত দুটাহে ইয়াৰ ফলাফল ধনাত্মক হ’ব লাগিব। মাইক্ৰএলবুমিনুৰিয়া নির্ণয় কৰিবলৈ ব্যৱহাৰ কৰা তিনিটা অতি সাধাৰণ পদ্ধতি হৈছে-

এই পৰীক্ষা এটা বিকাৰক ষ্ট্রিপ বা টেবলেটৰ দ্বাৰা কৰোৱা হয়। ই হৈছে এটা সহজ পৰীক্ষা আৰু ইয়াক এটা অফিচ প্রেক্টিচ হিচাপে কৰিব পাৰি আৰু ই অতি কম খৰচী। কিন্তু এই পৰীক্ষাৰ নিখুঁততা অতি কম। গতিকে, যেতিয়া এটা বিকাৰক ষ্ট্রিপ বা টেবলেটৰ দ্বাৰা মাইক্ৰএলবুমিনুৰিয়া টেষ্টৰ ফলাফল ধনাত্মক পোৱা যায়, তেতিয়া ইউৰিন এলবুমিন টু ত্রিয়েটিনিন ৰেছিঅ’ৰ দ্বাৰা ইয়াক নিশ্চিত কৰা উচিত।

ইউৰিণেৰী এলবুমিন-টু-ত্রিয়েটিনিন ৰেছিঅ’ (ACR) হৈছে মাইক্ৰএলবুমিনুৰিয়া পৰীক্ষাৰ অতি সুনির্দিষ্ট, বিশ্বাসযোগ্য আৰু নিখুঁত পদ্ধতি। ACR-এ ২৪ ঘণ্টাৰ প্ৰস্ৰাৱত বৰ্জিত এলবুমিন গণনা কৰে। পুৱা সোনকালে প্রস্ৰাৱৰ নমুনাত এলবুমিন-টু-ত্রিয়েটিনিনৰ (ACR) অনুপাত ৩০-৩০০ মিঃ গ্রাঃ/ গ্রামত হ’লে মাইক্ৰএলবুমিনুৰিয়া থকাটো নির্ণয় হয়। (ACR-ৰ স্বাভাৱিক মান হৈছে ৩০ মিঃ গ্রাঃ / গ্ৰামত)। উপলভ্যতা আৰু ব্যয়জনিত সমস্যাৰ বাবে উন্নয়নশীল দেশবোৰত এই পদ্ধতিৰ দ্বাৰা মাইক্ৰএলবুমিনুৰিয়া নির্ণয় কৰা ডায়েবেটিছ ৰোগীৰ সংখ্যা অতি সীমাবদ্ধ।

২৪ ঘণ্টাৰ প্ৰস্ৰাৱৰ মুঠ প্রস্ৰাৱ এলবুমিন ৩০ ৰ পৰা ৩০০ মিঃ গ্রাঃ হোৱাটোৱে মাইক্ৰ'এলবুমিনুৰিয়াৰ কথাকে সূচায়। মাইক্ৰ’এলবুমিনুৰিয়া নির্ণয় কৰাৰ ই এক মানদণ্ডসম্পন্ন পদ্ধতি হোৱা সত্ত্বেও ই অতি সুবিধাজনক তথা অনুমান আৰু নিখুঁততাত অলপমানহে যোগ দিয়ে।

ষ্টেণ্ডার্ড ইউৰিন ডিপষ্টিক টেষ্ট (প্রায়ে ‘ট্রেচ’ৰ পৰা 4+ লৈ দাখিল কৰা হয়) হৈছে প্রস্ৰাৱত প্রটিন নির্ণয় কৰিবৰ বাবে অতি ব্যাপক তথা নিয়মিতভাৱে ব্যৱহৃত পদ্ধতি। ডায়েবেটিছ ৰোগীসকলৰ ক্ষেত্ৰত ষ্টেণ্ডাৰ্ড ইউৰিন ডিপষ্টিক টেষ্ট হৈছে মেক্র’এলবুমিনুৰিয়া (ইউৰিণ এলবুমিন ৩০০ মিঃ গ্রাঃ/ দিনে) নির্ণয় কৰা এটা সহজ তথা দ্রুততম পদ্ধতি। মেক্ৰ'এলবুমিনুৰিয়াৰ উপস্থিতিয়ে পর্যায় ৪- স্পষ্ট ৰূপত প্রকাশ পোৱা ডায়েবেটিছজনিত বৃক্কৰোগ প্রতিফলিত কৰে।

ডায়েবেটিছজনিত বৃক্কৰোগৰ বিকাশত মেক্র’ এলবুমিনুৰিয়াই (পৰ্যায় ৩– প্রাৰম্ভিক  ডায়েবেটিছজনিত বৃক্কৰোগ)ক অনুসৰণ কৰে, কিন্তু সাধাৰণতে অধিক গুৰুতৰ বৃক্ক বিকল হোৱা পর্যায়লৈ লৈ যায়, সেয়া হ’ল নেফ্রটিক ছিনদ্ৰম আৰু পুৰণি বৃক্কৰোগৰ বাবে হোৱা ছিৰাম ত্রিয়েটিনিনৰ বৃদ্ধি।

ডায়েবেটিছজনিত বৃক্কৰোগৰ ৰোগ নির্ণয়ৰ মাইক্ৰ’ এলবুমিনুৰিয়াৰৰ চিনাক্তকৰণ হৈছে আটাইতকৈ আগতীয়া আৰু সর্বোত্তম পৰীক্ষা। ইউৰিন ডিপষ্টিক টেষ্টৰ দ্বাৰা মেক্র’ এলবুমিনুৰিয়াৰ নিৰূপণে ডায়েবেটিছজনিত বৃক্কৰোগৰ পৰৱৰ্তী পর্যায়ৰ কথা সূচায়।

কিন্তু উন্নয়নশীল দেশবোৰত ইয়াৰ খৰচ তথা উপলভ্যতা পর্যাপ্ত নোহোৱাৰ বাবে এই মাইক্ৰ’ এলবুমিনুৰিয়া টেষ্ট অতি কম ডায়েবেটিছ ৰোগীৰ ক্ষেত্ৰতহে সম্পন্ন হয়। এনে এক প্রেক্ষাপটত, মেক্র’ এলবুমিনুৰিয়া নির্ণয়ৰ বাবে ইউৰিন ডিপষ্টিক টেষ্টেই হৈছে আনটো সর্বোত্তম ৰোগ নির্ণয় বিকল্প। ইউৰিন ডিপষ্টিক টেষ্ট হৈছে এটা সহজ তথা সস্তীয়া পদ্ধতি যিটো সৰু সৰু কেন্দ্ৰবোৰতো উপলভ্য আৰু সেইবাবেই ডায়েবেটিছজনিত বৃক্কৰোগৰ বৃহৎ নিৰীক্ষণৰ বাবে ই এক উপযোগী তথা গ্রহণযোগ্য বিকল্প।

আনকি ডায়েবেটিছজনিত বৃক্কৰোগৰ এইটো পর্যায়ত আৰু ডায়েলিছিছ বা বৃক্ক সংৰোপণৰ বিলম্বিত পর্যায়ত সৰল ব্যৱস্থাপনা হৈছে প্রশংসনীয়।

মাইক্ৰ’ এলবুমিনুৰিয়া প্রস্ৰাৱ পৰীক্ষা আৰু ত্রিয়েটিনিনৰ বাবে তেজ পৰীক্ষাৰ (আৰু eGFR) দ্বাৰা ডায়েবেটিছ ৰোগীৰ বার্ষিক স্ক্ৰিনিং ।

ৰক্তচাপৰ তিনিটা মাহেকীয়া জোখ-মাপ আৰু ইউৰিণ ডিপষ্টিক টেষ্ট আৰু সকলো ডায়েবেটিছ ৰোগীৰ ক্ষেত্ৰত ত্রিয়েটিনিনৰ বাবে বার্ষিক তেজ পৰীক্ষা (আৰু eGER)। ডায়েবেটিছজনিত বৃক্কৰোগ নির্ণয়ৰ এই পদ্ধতিৰ ব্যয় সহজেই বহন কৰিব পৰা আৰু আনকি উন্নয়নশীল দেশবোৰৰ সৰু সৰু চহৰবোৰতো ইয়াক সম্পন্ন কৰাটো সম্ভৱ।

ডায়েবেটিছজনিত বৃক্কৰোগ প্রতিৰোধ কৰাৰ গুৰুত্বপূর্ণ পৰামৰ্শাৱলী হৈছে:

• চিকিৎসকৰ সৈতে নিয়মিত সাক্ষাৎকাৰ।

• ডায়েবেটিছৰ সৰ্বোত্তম নিয়ন্ত্রণ আহৰণ কৰা। HbA1c স্তৰ ৭ তকৈ কম কৰি ৰখা।

• ৰক্তচাপ 130/80 mmHgৰ কম কৰি ৰখা। এণ্টিহাইপাৰটেনছিভ ঔষধৰ এংগিঅটেনছিন কনভাটিং এনজাইম ইনহিবিটৰছ (ACE) আৰু এংগিঅ'টেনছিন ৰিচেপ্টৰ ব্লকাৰছ গোটৰ আগতীয়া ব্যৱহাৰ।

• চেনি তথা নিমখ সেৱন কৰাটো নিষিদ্ধ কৰা আৰু কম প্রটিন, কলেষ্টেৰল আৰু চর্বিযুক্ত আহাৰ খোৱা।

• বছৰেকত কমেও এবাৰ এলবুমিনৰ বাবে প্রস্ৰাৱ পৰীক্ষা আৰু ত্রিয়েটিনিনৰ তেজ পৰীক্ষা (আৰু D) কৰাওক।

অন্যান্য মানসমূহ: নিয়মিত ব্যায়াম কৰক আৰু এটা উপযোগী ওজন বাহাল ৰাখক। মাদক দ্রব্য, ধূমপান, ধপাতজাতীয় সামগ্ৰী আৰু বিষনাশকৰ বিবেচনাহীন ব্যৱহাৰ পৰিহাৰ কৰক।

• ডায়েবেটিছৰ সঠিক নিয়ন্ত্রণ সুনিশ্চিত কৰক।

• বৃক্কদ্বয় সুৰক্ষিত কৰি ৰখা অতি গুৰুত্বপূর্ণ মান হৈছে ৰক্তচাপৰ পুংখানুপুংখ নিয়ন্ত্রণ। ৰক্তচাপৰ নিয়মিত জোখ লওক আৰু ইয়াক D ৰ তলত বাহাল ৰাখক। উচ্চ ৰক্তচাপৰ চিকিৎসাই পুৰণি বৃক্কৰোগ বৃদ্ধিৰ গতি মন্থৰ কৰে।

• এংগিঅ’টেনছিন-কনভাটিং এনজাইম (D) ইনহিবিটৰছ আৰু এংগিঅ'টেনছিন ৰিচেপ্টৰ ব্লকাৰছ (D) হৈছে এণ্টিহাইপাৰটেনছিভ ঔষধ যাৰ ডায়েবেটিছ ৰোগীৰ ক্ষেত্ৰত আছে বিশেষ সুবিধা। এই

এণ্টিহাইপাৰটেনছিভ ঔষধবোৰৰ বৃক্কৰোগ বঢ়াৰ গতি মন্থৰ কৰাত আছে অতিৰিক্ত উপকাৰিকা। অধিকতম উপকাৰিতা আৰু বৃক্কদ্বয়ৰ সুৰক্ষা বাবে মাইক্ৰএলবুমিনুৰিয়াৰ উপস্থিতি লাভ কৰোতেই ডায়েবেটিছজনিত বৃক্কৰোগৰ প্ৰাৰম্ভিক পর্যায়তে এই ঔষধবোৰ প্রয়োগ কৰা হয়।

• ওখহাটো হাস কৰিবলৈ নিমখ তথা তৰল পদার্থ সেৱন কৰাটো নিষিদ্ধ কৰাৰ লগতে প্রস্ৰাৱৰ পৰিমাণ বৃদ্ধি কৰা ঔষধ (ডিউৰেটিকছ) প্রদান কৰা হয়।

• ডায়েবেটিছজনিত বৃক্কৰোগৰ বাবে বৃক্ক বিকল হোৱা ৰোগীসকল হাইপ'গ্লাইচেমিয়াপ্রৱণ হয় আৰু সেইবাবে ডায়েবেটিছৰ বাবে ঔষধীয় চিকিৎসাত সালসলনিৰ প্রয়োজন হয়। ডায়েবেটিছ নিয়ন্ত্রণ কৰিবলৈ কম সময়ৰ বাবে কাম কৰা ইনছুলিনক অগ্রাধিকাৰ দিয়া হয়। দীর্ঘ সময়ৰ বাবে কাম কৰা হাইপ'গ্লাইচেমিক উপাদানবোৰ পৰিহাৰ কৰা হয়। লেক্টিক এচিড'চিচৰ বিপদাংশকাৰ বাবে ছিৰাম ত্রিয়েটিনিনৰ স্তৰ ১.৫মিঃ গ্রাঃ/D তকৈ বেছি থকা ৰোগীসকলৰ ক্ষেত্ৰত সাধাৰণতে

মেটফমিন ব্যৱহাৰ কৰাটো পৰিহাৰ কৰা হয়।

• অধিক পৰিমাণৰ ক্রিয়েটিনিনযুক্ত ডায়েবেটিছজনিত বৃক্কৰোগৰ ক্ষেত্ৰত পুৰণি বৃক্কৰোগৰ সকলোবোৰ চিকিৎসাজনিত ব্যৱস্থা (অধ্যায়-১২ ত আলোচনা কৰা হৈছিল) অৱলম্বন কৰা উচিত।

• কাৰ্ডিঅ’ভাছক্যুলাৰ বিপদৰ কাৰকসমূহ (ধূমপান, শৰীৰৰ বৰ্ধিত তৰল পদার্থবোৰ, উচ্চ ব্লাড    গ্লুক'জ, উচ্চ ৰক্তচাপ ইত্যাদি) মাত্র মাৰাত্মকভাৱে মূল্যায়ন তথা নিয়ন্ত্ৰণ কৰক।

• বেছি পৰিমাণৰ বৃক্ক সংক্রান্তীয় বিশুদ্ধতাৰে সৈতে ডায়েবেটিছজনিত বৃক্কৰোগৰ ডায়েলিছিছ বা বৃক্ক সংৰোপণৰ প্রয়োজন।

ডায়েবেটিছজনিত বৃক্কৰোগত আক্ৰান্ত ৰোগী এজনে ততালিকে চিকিৎসকৰ সৈতে যোগাযোগ কৰা উচিত, যদিহে তেওঁৰ:

• দ্রুততম ব্যাথাতীত ওজন লাভ হ’লে, প্রস্ৰাৱৰ পৰিমাণ লক্ষণীয়ভাৱে হ্ৰাস পালে, বেয়ালৈ ওখহিলে বা উশাহ-নিশাহত কষ্ট অনুভৱ কৰিলে।

• বুকুৰ বিষ হ’লে, আগতেই থকা উচ্চ ৰক্তচাপৰ অধিক অৱনতি ঘটিলে বা হৃদস্পন্দন মন্থৰ বা দ্রুততৰ হ’লে।

• গুৰুতৰভাৱে দুৰ্বল অনুভৱ কৰিলে, ভোক কমি হ’লে বা বমি হ’লে অথবা শেঁতা পৰিলে।

• একেৰাহে জ্বৰ হৈ থাকিলে, শৰীৰ ঠাণ্ডা পৰি গ’লে, প্রস্ৰাৱ কৰোতে বিষ বা জ্বলা-পোৰা অনুভৱ কৰিলে, প্রস্ৰাৱ দুৰ্গন্ধময় হলে বা প্রস্ৰাৱত তেজ নির্গত হ’লে।

• সঘনাই হাইপ'গ্লাইচেমিয়া (ছুগাৰৰ স্তৰ কম) হ’লে বা ইনছুলিন নাইবা ডায়েবেটিছ প্রতিৰোধী ঔষধৰ প্রয়োজনীয়তা বাঢ়ি গৈ থাকিলে।

• বিভ্রান্তি হ’লে, কলমটিয়াই থাকিলে বা দেহত ভয়ংকৰ কঁপনি হ’লে।

উৎস:কিডনী ইডুকেশ্বন ফাউনডেশ্বন

শেহতীয়া উন্নীতকৰণ: : 4/23/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate