অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বৃক্কৰ পাথৰজনিত ৰোগ

বৃক্কৰ পাথৰজনিত ৰোগ

পাথৰজনিত ৰোগ হৈছে প্রস্ৰাৱতন্ত্ৰৰ এটা অতি সাধাৰণ ৰোগ। বৃক্কত পাথৰ হোৱা বাবে অতি অসহনীয় বেদনাৰ সৃষ্টি হয়। কিন্তু কেতিয়াবা কেতিয়াবা কোনো কোনো লক্ষণ প্রদর্শন নকৰাকৈ বৃক্কত গোপনে পাথৰ থাকিব পাৰে। কিছুমান ৰোগীৰ ক্ষেত্ৰত পাথৰজনিত ৰোগৰ বাবে প্রস্ৰাৱতন্ত্রৰ সংক্রমণ আৰু বৃক্ক অনিষ্ট হ’ব পাৰে, যদিহে ইয়াৰ সময়ত চিকিৎসা কৰা নহয়। এবাৰ পাথৰ সৃষ্টি হ’লে ইয়াৰ পুনৰাবিৰ্ভাৱ হোৱাটো স্বাভাৱিক। গতিকে, পাথৰজনিত ৰোগৰ বিষয়ে বুজি লোৱাটো,

ইয়াৰ প্রতিকাৰ কৰা তথা যত্ন লোৱাটো অপৰিহার্য।

বৃক্কৰ পাথৰ হৈছে বৃক্ক বা প্রস্ৰাৱতন্ত্ৰৰ ভিতৰত গঠন হোৱা এক কঠিন ক্রিষ্টেলৰ পিণ্ড। প্রস্ৰাৱত থকা ক্ৰিষ্টেল বা কেললিছয়ামৰ কণিকা, অ’লেট, ইউৰেট, ফছফেট ইত্যাদিৰ বৰ্ধিত ঘনীভৱনেই পাথৰ সৃষ্টি হোৱাৰ বাবে দায়ী। প্রস্ৰাৱত থকা এই উপাদানবোৰৰ কোটি কোটি ক্রিষ্টেলৰ কণিকাবোৰ

একত্রিত হয়, যিয়ে ক্রমাগতভাৱে আকাৰত ডাঙৰ হৈ পৰে আৰু এটা দীঘলীয়া সময়ৰ পাছত ইয়াৰ

পৰাই পাথৰ সৃষ্টি হয়।

সাধাৰণতে ক্রিষ্টেল গোট খোৱাটোত বাধা দিয়া বা ৰোধ কৰা উপাদান প্ৰস্ৰাৱত থাকে। পাথৰ ৰোধকৰ হ্ৰাসপ্রাপ্ত স্তৰে পাথৰ সুষ্টি হোৱাত বৰঙণি আগবঢ়ায়। ইউৰ'লিথায়েছিছ হৈছে প্রস্ৰাৱতন্ত্রৰ পাথৰৰ বিষয়ে ব্যাখ্যা আগবঢ়োৱাত ব্যৱহৃত হোৱা চিকিৎসা শাস্ত্ৰৰ পৰিভাষা। এই কথা মনত ৰখা উচিত যে গলব্লাডাৰৰ পাথৰ আৰু বৃক্কৰ পাথৰ বেলেগ বেলেগ। আকাৰ আৰু আকৃতিত বৃক্কৰ পাথৰ ভিন্ন ভিন্ন। এইবোৰ এটা ধূলিকণাৰ সমান সৰুও হ’ব পাৰে নাইবা এটা টেনিছ বলৰ সমান ডাঙৰো হ’ব পাৰে। এটা নিমজ উপৰিভাগৰ সৈতে ইয়াৰ আকাৰ ঘূৰণীয়া বা ডিম্বাকাৰ হ’ব পাৰে, এনেবোৰ পাথৰৰ বাবে বিষ কম হয় আৰু প্রাকৃতিকভাৱে ই শৰীৰৰ পৰা অপসাৰিত হোৱাৰ সম্ভাৱনা থাকে। বৃক্কৰ পাথৰ বিভিন্ন আকাৰৰ বা খহটা উপৰিভাগৰ জোঙা দাঁতৰি থকাও হ’ব পাৰে। এনেবোৰ পাথৰৰ বাবে বিষ বেছি হয় আৰু নিজে নিজে ওলাই অহাৰ সম্ভাৱনা অতি কম।

পাথৰ সাধাৰণতে প্রস্ৰাৱতন্ত্রৰ যিকোনো ঠাইত হ’ব পাৰে, কিন্তু ই সঘনাই বৃক্কত দেখা দিয়ে আৰু তাৰ পাছতহে ইউৰেটাৰলৈ নামি আহে। বৃক্কৰ পাথৰৰ প্ৰকাৰ চাৰিটা আছেঃ

১। কেলছিয়াম অক্সালেট হৈছে অতি সাধাৰণ প্রকাৰৰ বৃক্কৰ পাথৰ, যি ৭০-৮০% ক্ষেত্ৰত উদ্ভৱ হয়। কেলছিয়াম ষ্টোন সাধাৰণতে কেলছিয়াম অক্সালেটৰ পৰা গঠন হয় আৰু সাধাৰণতে কেলছিয়াম ফছফেটৰ পৰা কম পৰিমাণে গঠন হয়। যেতিয়া প্রস্ৰাৱ অম্লীয় হয়, তেতিয়া কেলছিয়াম অক্সালেট ষ্টোন গঠন হোৱাৰ প্রৱণতা থাকে।

২। ষ্টুভিট (মেগনেছিয়াম এমনিয়াম ফছফেট) পাথৰ কম লোকৰহে (১০১৫%) হয় আৰু ই বৃক্কত সংক্রমণ হোৱাৰ ফলত হয়। ষ্টুভিট ষ্টোন মহিলাৰহে বেছিকৈ হয় আৰু কেৱল একলালাইন ইউৰিণতহে বিকশিত হয়।

৩। ইউৰিক এচিডজনিত পাথৰ সাধাৰণতে অতি কম লোকৰহে (৫-১০%)হয় আৰু ই তেতিয়াহে সৃষ্টি হোৱাৰ সম্ভাৱনা অধিক থাকে, যেতিয়া প্রস্ৰাৱত অত্যধিক ইউৰিক এছিড থাকে আৰু প্রস্ৰাৱ অবিৰতভাৱে অম্লীয় হৈ থাকে। ৰসবাত (গাউট) থকা লোকৰ ক্ষেত্ৰত ইউৰিক এচিড পাথৰ গঠন হ’ব পাৰে, যিসকলে অতি বেছি পৰিমাণে জীৱ-জন্তুৰ প্র’টিন জাতীয় খাদ্য ভক্ষণ কৰে, যিসকল ডিহাইড্রেটেড হয় বা কেম'থেৰাপি লৈ থাকে। ইউৰিক এচিড জনিত পাথৰবোৰ ৰেডিঅ’লিউচেণ্ট, গতিকে পেটৰ এ-ৰেৰ দ্বাৰা ইয়াক নির্ণয় কৰিব নোৱাৰি।

৪।চিষ্টিন ষ্টোন অতি বিৰল আৰু ই চিষ্টিনিউৰিয়া বুলি কোৱা এটা বংশানুক্রমিক পৰিস্থিতিতহে উদ্ভৱ হয়। চিষ্টিনিউৰিয়াক প্রস্ৰাৱত চিষ্টিনৰ উচ্চ হাৰৰ দ্বাৰা বিশেষীকৃত কৰা হয়।

এটা ষ্টেগহর্ণ কেলকুলাছ (মানুহৰ শৰীৰত গঠন হোৱা এবিধ পাথৰ) হৈছে বৃক্কৰ এটা অতি বৃহৎ অংশ দখল কৰি থকা অতি বৃহৎ আকাৰৰ ষ্টুটিভ পাথৰ আৰু ই হৰিণাৰ শিং সদৃশ হোৱা বাবেই ইয়াক ষ্টেগহর্ণ বুলি কোৱা হয়। যিহেতু ষ্টেগহর্ণ ষ্টোন হোৱাৰ কাৰণ অতি নগণ্য আৰু আনকি ইয়াৰ কোনো বিষ নাথাকে বা অধিকাংশ ক্ষেত্ৰতে এই ৰোগ নির্ণয় কৰা ভুল হয় আৰু ইয়াৰ চূড়ান্ত পৰিণতি স্বৰূপে বৃক্ক নষ্ট হৈ পৰে।

পাথৰ সৃষ্টি হোৱাৰ ক্ষেত্ৰত প্রত্যেকজন লেকেই সন্দেহৰ আৱর্তত থাকে। বৃক্কত পাথৰ বিকশিত হৈ বিপদাশংকা বৃদ্ধি কৰাৰ কেইটামান কাৰণ হৈছে:

• শৰীৰত তৰল পদার্থ হ্ৰাস পোৱা— বিশেষকৈ পানী খোৱাটো আৰু ডিহাইড্রেছন।

• বৃক্কজনিত পাথৰৰ পৰিয়ালজনিত ইতিহাস।

• খাদ্য: অধিক পৰিমাণৰ জীৱ-জন্তুৰ প্ৰ’টিন, ছডিয়াম আৰু অক্সালেট খোৱা কিন্তু ফাইবাৰ আৰু পটাছিয়াম সমৃদ্ধ টেঙা ফল কমকৈ খোৱা।

• বৃক্কজনিত পাথৰৰ ৭৫% আৰু ব্লাডাৰজনিত পাথৰৰ ৯৫% পুৰুষৰ ক্ষেত্ৰতহে দেখা যায়। ২০ ৰ ৭০

বছৰ বসয়ৰ পুৰুষ আৰু যিসকল মেদবহুল লোক তেওঁলোক এই ৰোগৰ অধিক আক্ৰমণসাধ্য।

• এজন লোক যি শয্যাশায়ী বা দীর্ঘদিন ধৰি চলা-ফুৰা কৰিব পৰা নাই।

• গৰম আর্দ্র জয়বায়ুত বসবাস কৰা এজন লোক ।

• বাৰে বাৰে হৈ থকা প্রস্ৰাৱতন্ত্ৰৰ সংক্ৰমণ আৰু প্রস্ৰাৱ প্রবাহত বাধাগ্রস্ততা থকা।

• বিপাকীয় ৰোগসমূহ: হাইপাৰপেৰাথাইৰডিজিম চিষ্টিনুৰিয়া, ৰসবাত ইত্যাদি।

• নির্দিষ্ট ঔষধৰ ব্যৱহাৰ: ডিউৰেটিকছ আৰু এন্টাছিডছ।

প্রস্ৰাৱতন্ত্রৰ পাথৰৰ আকাৰ, আকৃতি আৰু অৱস্থান অনুসৰি প্ৰস্ৰাৱতন্ত্রত পাথৰ  হোৱাৰ লক্ষণবোৰ

বিভিন্ন ধৰণৰ হ’ব পাৰে।

• পেটৰ বিষ।

• কোনো লক্ষণ নথকা। নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ সময়ত বা ইয়াৰ লগত সম্পর্ক নথকা কোনো পৰিস্থিতিত প্রস্ৰাৱতন্ত্রত পাথৰ আছে বুলি হঠাতে ধৰা পৰা। যিবোৰ পাথৰৰ বাবে কোনো লক্ষণ দেখা পোৱা নাযায় আৰু যি ৰেডিঅ’লজিকেল টেষ্টত দুর্ঘটনাবশতঃ ধৰা পৰে, তেনে পাথৰক ‘ছাইলেণ্ট ষ্টোন’ বুলি জনা যায়।

• সঘনাই প্রস্ৰাৱ কৰা আৰু একেৰাহে প্রস্ৰাৱ কৰিবলৈ লাগি থকা ।

• ওকালি অহা বা বমি কৰা।

• প্রস্ৰাৱত তেজ বা(হেমাছিউৰিয়া)।

• প্ৰস্ৰাৱ কৰোতে বিষ আৰু / বা জ্বলা-পোৰা কৰা।

• যদিহে ইউৰেথাৰ প্রৱেশ পথত ব্লাডাৰৰ পাথৰটো লাগি ধৰে, তেন্তে প্ৰস্ৰাৱ কৰাৰ সময়ত স্ৰোত হঠাতে বন্ধ হয়।

• প্ৰস্ৰাৱত পাথৰ নিৰ্গত হোৱা।

• কিছু কিছু ক্ষেত্ৰত প্ৰস্ৰাৱতন্ত্রৰ পাথৰৰ বাবে বাৰে বাৰে প্ৰস্ৰাৱতন্ত্র সংক্ৰমিত হোৱা আৰু প্ৰস্ৰাৱতন্ত্ৰত বাধাগ্ৰস্ততাৰ সৃষ্টি হোৱাৰ নিচিনা হ’ব পাৰে, ইয়াৰ ফলত বৃক্ক অস্থায়ী বা স্থায়ীভাৱে অনিষ্ট হ’ব পাৰে।

• প্ৰস্ৰাৱৰ ভিতৰত পাথৰটোৰ আকাৰ, প্ৰকাৰ আৰু অৱস্থান গ্ৰহণৰ ওপৰত ভিত্তি কৰি ব্যক্তিবিশেষে এই বিষৰ জটিলতা আৰু অৱস্থান সুকীয়া সুকীয়া হ’ব পাৰে। মনত ৰাখিব, পাথৰৰ আকাৰৰ লগত ইয়াৰ বিষৰ জটিলতাৰ সম্পর্ক নাই। বৃহদাকাৰ নিমজ পাথৰতকৈ ক্ষুদ্রাকাৰ পাথৰৰ বাবে বিষ বেছি হয়।

• শৰীৰৰ পাৰ্শ্বৱৰ্তী অংশৰ বিষৰ পৰা আৰম্ভ কৰি হঠাতে দেখা দিয়া গুৰুতৰ অসহনীয় বিষ পর্যন্ত পাথৰৰ বাবে হোৱা বিষ বিভিন্ন ধৰণৰ হ’ব পাৰে। হঠাতে হোৱা শৰীৰ সঞ্চালন আৰু যান-বাহনৰ ঠেকেছনিত এই বিষৰ প্রকোপ বৃদ্ধি পায়। এই বিষ কেইমিনিটমানৰ পৰা কেইঘণ্টামান পর্যন্ত থাকি তাৰ পাছত ইয়াৰ পৰা উপশম পাব পাৰে। বিষৰ উত্থান-পতন হৈছে বৃক্ক পাথৰৰ বৈশিষ্ট্য।

• পাথৰটো যিফালে থাকে সেইফালেই পেটৰ বিষে দেখা দিয়ে। বৃক্ক তথা ইউৰেটেৰিক ষ্টোনৰ চিৰায়ত বিষ হৈছে কঁকালৰ পৰা কৰঙণ পর্যন্ত বিষ হোৱা আৰু সাধাৰণতে ইয়াৰ লগতে থাকে ওকালি অহা তথা বমি।

• ব্লাডাৰত পাথৰ থকাৰ বাবেও তলপেটৰ বিষ আৰু প্রস্ৰাৱ কৰাৰ সময়ত বিষ হ’ব পাৰে, যিটো প্রায়ে লিংগৰ আগত অনুভৱ কৰা হয়।

• বহু লোক যিসকলে হঠাতে হোৱা গুৰুতৰ পেটৰ বিষৰ সন্মুখীন হৈ তাৎক্ষণিক চিকিৎসা গ্রহণ কৰিবলৈ খৰধৰ কৰে ।

বৃক্ক বা ইউৰেটাৰত থকা পাথৰে প্ৰস্ৰাৱতন্ত্ৰৰ প্রস্ৰাৱ বন্ধ কৰিব বা বাধা দিব পাৰে। এনে বাধাৰ বাবে বৃক্ক প্রসাৰিত হ’ব পাৰে। কিছু কিছু ৰোগীৰ ক্ষেত্ৰত এক দীর্ঘ সময়ত এই ৰুদ্ধতাৰ বাবে অবিৰত গুৰুতৰ প্রসাৰণৰ ফলত বৃক্ক নষ্ট হ’ব পাৰে।

বিভিন্ন ধৰণৰ পৰীক্ষা-নিৰীক্ষাসমূহ কেৱল প্রস্ৰাৱতন্ত্রত পাথৰ থকাটো নিশ্চিত কৰিবলৈ আৰু ইয়াৰ জটিলতাসমূহ নির্ণয় কৰিবলৈকে সম্পন্ন কৰা নহয়, ইয়াৰ কাৰকসমূহ যিয়ে পাথৰ সৃষ্টি হোৱাত সহায় কৰে সেইবোৰ নির্ণয় কৰিবলৈকো কৰা হয়। ই হৈছে এক সহজলভ্য, কম খৰচী আৰু সহজ পৰীক্ষা, যাক প্রত্ৰাৱতন্ত্রত পাথৰ থকাটো নির্ণয় কৰিবৰ বাবে আৰু ইয়াৰ বাধাগ্রস্ততাৰ উপস্থিতি নির্ণয় কৰিবলৈ অতি সাধাৰণভাৱে নির্ণয় কৰা হয়।

KUB কিডনী-ইউৰেটাৰ-ব্লাডাৰ (KUB) ৰ এক্সৰেত প্রস্ৰাৱতন্ত্রৰ পাথৰৰ আকৃতি, আকাৰ আৰু অৱস্থান দেখা পাব পাৰি। গতিকে KUB ৰ এক্সৰে হৈছে চিকিৎসাৰ আগত আৰু পাছত পাথৰৰ উপস্থিতি আৰু আকাৰ নিৰীক্ষণ কৰাৰ অতি উপযোগী পদ্ধতি।

CT প্রস্ৰাৱতন্ত্ৰৰ CT স্কেন হৈছে সকলো আকাৰৰ পাথৰ চিনাক্ত কৰা আৰু বাধাগ্রস্ততাৰ উপস্থিতি নিৰূপণ কৰা এখন চূড়ান্ত নিখুঁত আৰু অতি অগ্রাধিকাৰপ্রাপ্ত ৰোগ নির্ণয় পদ্ধতি।

(IVU) পাথৰ আৰু বাধাগ্রস্ততা নির্ণয় কৰাত অতি কমকৈ ব্যৱহৃত টেষ্ট হৈছে অতি বিশ্বাসযোগ্য। IVU ৰ মূল উপকাৰিতা হৈছে বৃক্কৰ কাম-কাজৰ বিষয়ে তথ্য প্রদান কৰে। এই পৰীক্ষাৰ দ্বাৰা বৃক্কৰ গঠন আৰু ইউৰেটেৰিক ডায়েলেটনছনৰ বিষয়ে ভালদৰে বুজিব পৰা যায়।

সংক্রমণ আৰু প্রস্ৰাৱৰ pH ৰ জোখ ল'বলৈ কৰা প্রস্ৰাৱ পৰীক্ষা। দৈনিক প্রস্ৰাৱ, কেলছিয়াম, ফছফৰাছ, ইউৰিক এচিড, মেগনেছিয়াম, অক্সালেট, চাইট্রেট, ছ’ডিয়াম আৰু ত্রিয়েটিনিনৰ পৰিমাণৰ মুঠ মান নির্ণয় কৰিবলৈ ২৪ ঘণ্টাৰ প্ৰস্ৰাৱ সংগ্রহ।

সম্পূর্ণ তেজৰ হিচাপ, ত্রিয়েটিনিন, ইলেকট্র লাইট আৰু ব্লাড ছুগাৰৰ নিচিনা প্রাথমিক পৰীক্ষাসমূহ; কেলছিয়াম,ফছফৰাছ, ইউৰিক এচিড আৰু পেৰাথাইৰয়ড হৰমোনৰ স্তৰৰ নিচিনা নির্দিষ্ট কিছুমান ৰাসায়নিক পদার্থ চিনাক্ত কৰিবলৈ কিছুমান বিশেষ পৰীক্ষা যিবোৰে পাথৰৰ সুষ্টি হোৱাত সহায় কৰে।

নিজে নিজেই ওলাই অহা আৰু বিভিন্ন চিকিৎসা ব্যৱস্থাৰ দ্বাৰা অপসাৰিত হোৱা পাথৰবোৰ সংগ্রহ কৰা হয়। পাথৰবোৰৰ ৰাসায়নিক বিশ্লেষণে সিবিলাকৰ বিন্যাস সুনিশ্চিত কৰে, যিয়ে প্রতিৰোধী মান আৰু চিকিৎসাজনিত আঁচনি যুগুত কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰাত সহায় কৰে।

বৃক্কত পাথৰ হ’লে কোৱা হয়, “এবাৰ বৃক্কত পাথৰ সৃষ্টি হ’লে সদায়েই পাথৰ সৃষ্টি হৈ থাকে।”

প্রস্ৰাৱতন্ত্রৰ পাথৰ প্রায় ৫০ ৰ পৰা ৭০% লোকৰ পুনৰায় উদ্রেক হয়। আনহাতে সঠিক আগতীয়া সাৱধানতা আৰু চিকিৎসাৰ জৰিয়তে ই পুনৰায় উদ্রেক হোৱাৰ হাৰ ১০০% বা তাতকৈ কম হ্ৰাস

কৰিব পাৰি। গতিকে বৃক্কত পাথৰ হোৱা ৰোগত ভোগা সকলো ৰোগীয়েই সকলোবোৰ প্ৰতিৰোধী মান অৱলম্বন কৰা উচিত।

প্রস্ৰাৱতন্ত্রৰ পাথৰ সৃষ্টি হোৱাত সহায় কৰা প্রতিৰোধ আগবঢ়োৱাত খাদ্যব্যৱস্থা হৈছে এটা অন্যতম কাৰক। প্রস্ৰাৱতন্ত্রত পাথৰ সকলোবোৰ ৰোগীৰ বাবে উপযোগী সাধাৰণ মানসমূহ হৈছে:

• পাথৰ সৃষ্টি হোৱাটো ৰোধ কৰা এটা সহজ আৰু অতি গুৰুত্বপূর্ণ মান হৈছে যথেষ্ট পৰিমাণে পানী খোৱা, যথেষ্ট পৰিমাণে পানী খোৱা আৰু যথেষ্ট পৰিমাণে পানী খোৱা। প্রতিদিনে ১২-১৪ গিলাচ (৩ লিটাৰতকৈ অধিক) পানী খাওক। সমগ্র দিনটোত পর্যাপ্ত পৰিমাণৰ পানী খোৱাটো সুনিশ্চিত কৰিবলৈ আপোনাৰ লগত এটা পানীৰ বটল ৰাখক।

• কেনেকুৱা পানী খোৱা উচিত এই সংক্রান্তত বহু ৰোগী দ্বিধাগ্রস্ত হোৱা দেখা যায়। কিন্তু মনত ৰাখিব, পাথৰ সৃষ্টি হোৱাটোত প্রতিৰোধ আগবঢ়োৱাৰ ক্ষেত্ৰত পানীৰ মানদণ্ডতকৈ পানীৰ পৰিমাণহে বেছি গুৰুত্বপূর্ণ।

• পাথৰ প্রতিৰোধৰ বাবে, প্রতিদিনে সেৱন কৰা পানীয়ৰ পৰিমাণতকৈ সৃষ্টি হোৱা প্রস্ৰাৱৰ যথোপযুক্ত পৰিমাণ হৈছে অধিক গুৰুত্বপূর্ণ। আপুনি যথেষ্ট পৰিমাণৰ পানী খোৱাটো সুনিশ্চিত কৰিবলৈ প্রতিদিনে হোৱা প্রস্ৰাৱৰ মুঠ পৰিমাণৰ জোখ লওক। ই প্রতিদিনে ২-২.৫ লিটাৰৰ অধিক হোৱা উচিত।

• প্রস্ৰাৱৰ ৰঙেই আপোনাক কৈ দিব আপুনি পানী খোৱাত কিমান নিয়মীয়া। গোটেই দিনটোত আপুনি যদিহে যথেষ্ট পৰিমাণৰ পানী খাইছে, তেন্তে প্রস্ৰাৱ হ’ব পাতল, পৰিষ্কাৰ আৰু প্রায় পানীৰ দৰে। পাতল প্রস্ৰাৱৰ অৰ্থ হৈছে খনিজ পদার্থ কম ঘনীভৱন, যিয়ে পাথৰ সৃষ্টি হোৱাত বাধা প্রদান কৰে। হালধীয়া, ডাঠ, গাঢ় প্রস্রাৱে পানী অপর্যাপ্ত পৰিমাণে খোৱাৰ ইংগিত বহন কৰে।

• পাথৰ হোৱাটো প্রতিৰোধ কৰিবলৈ প্রত্যেকবাৰ আহাৰ খোৱাৰ পাছত দুগিলাচ পানী খোৱাৰ অভ্যাস গঢ়ি তোলক। শুবলৈ যোৱাৰ আগেয়ে দুগিলাচ আৰু ৰাতি প্রত্যেকবাৰ সাৰ পাওতে এগিলাচ পানী খোৱাটো বিশেষভাৱে গুৰুত্বপূর্ণ। দৈনিক মাজনিশা পানী খোৱাটোৱে থকা এইদিশত এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। সাৰ পাবৰ বাবে বিশেষকৈ এটা এলাৰ্ম ছেট কৰি লোৱাটো আৰু পানী খোৱাটো প্রশংসনীয়।

• গ্রীষ্মকালত শাৰীৰিকভাৱে সক্রিয় লোকৰ ক্ষেত্ৰত বেছি পৰিমাণে পানীয় সেৱন কৰাটো অনুমোদিত, কিয়নো ঘামৰ জৰিয়তে নির্দিষ্ট পৰিমাণৰ পানী লোকচান হয়।

• নাৰিকলৰ পানী, বাৰ্লি বা চাউলৰ পানীৰ নিচিনা পানীয় খাওক আৰু নেমু, বিলাহীৰ ৰস আৰু আনাৰসৰ ৰসৰ নিচিনা টেঙা সমৃদ্ধ পানীয়ই পাথৰ প্ৰতিৰোধ কৰাত সহায় কৰে। কিন্তু মনত ৰাখিব যে সেৱন কৰা মুঠ পানীয়ৰ অতি কমেও ৫০% পানী হোৱা উচিত।

আঙুৰফল, ক্রেনবেৰী আৰু আপেলৰ ৰস পৰিহাৰ কৰক, কাঢ়াকৈ কৰা চাহ, কফি, আৰু কোলাৰ নিচিনা চেনিৰে কৰা লঘু পানীয় আৰু বীয়েৰকে ধৰি সকলোবোৰ এলক’হলিক পানীয়।

খাদ্যত অত্যধিক নিমখ সেৱন কৰাটো পৰিহাৰ কৰক। গতিকে আচাৰ, পাপৰ, নিমখীয়া জলপান আদি পৰিহাৰ কৰক। খাদ্যত অত্যধিক পৰিমাণৰ নিমখ বা ছডিয়ামে প্রস্ৰাৱত কেলছিয়ামৰ নিঃসৰণ বঢ়াই তুলিব পাৰে আৰু ইয়াৰ ফলত কেলছিয়াম ষ্টোন সৃষ্টি হোৱাৰ বিপদাশংকা বৃদ্ধি পায়। গতিকে, পাথৰ সৃষ্টি হোৱাটো প্রতিৰোধ কৰিবলৈ প্রতিদিনে ১০০ mRq বা ৬ গ্রাম টেবুল নিমখতকৈ কম ছ’ডিয়াম সেৱন কৰাটো সীমাবদ্ধ কৰক।

ছাগলীৰ মাংস, মৃগীৰ মাংস, মাছ আৰু কণী নিচিনা আমিষ আহাৰ পৰিহাৰ কৰক।

এই জীৱ-জন্তুৰ পৰা প্রাপ্ত খাদ্যবোৰত অধিক পৰিমাণৰ ইউৰিক এচিড/ পিউৰিণ থাকে আৰু ইউৰিক এচিড ষ্টোন তথা কেলছিয়াম ষ্টোনৰ বিপদাশংকা বৃদ্ধি কৰিব পাৰে।

8

অধিক শাক-পাচলি আৰু ফল-মূলৰ সন্তুলিত খাদ্য ব্যৱস্থা গ্রহণ কৰক, যিয়ে এচিড ভর্তি হোৱাটো হ্ৰাস কৰে আৰু কম অম্লীয় প্রস্ৰাৱ সুষ্টি প্রৱল হয়। কল, আনাৰস, ব্রুবেৰী, চেৰী আৰু কমলাৰ নিচিনা ফল-মূল খাওক। গাজৰ, তিতা কেৰেলা, স্কোৱাছ আৰু বেল পিপাৰৰ নিচিনা শাক-পাচলি খাওক। বাৰ্লি, বীন, ওট আৰু ছিলিয়াম বীজৰ নিচিনা হাই-ফাইবাৰ খাদ্য খাওক।

হোৱাইট ব্রেড, পাস্তা আৰু চেনিৰ নিচিনা পুনঃ সংশোধিত খাদ্য নিষিদ্ধ বা পৰিহাৰ কৰক। বৃক্কৰ পাথৰৰ লগত বেছিকৈ চেনি খোৱাটোও জড়িত হৈ থাকে।

প্রতিদিনে ১০০০ মিঃ গ্রামতকৈ কম খাদ্যপ্রাণ C সেৱন কৰাটো সীমাবদ্ধ কৰক। নিশা দেৰিকৈ অধিক পৰিমাণে আহাৰ খোৱাটো পৰিহাৰ কৰক। মেদবহুলতা হৈছে পাথৰৰ বাবে এক স্বতন্ত্র বিপদকাৰক। গতিকে, সন্তুলিত আহাৰ গ্ৰহণ কৰি মেদবহুলতা পৰিহাৰ কৰক।

• আহাৰ: বৃক্কৰ পাথৰত ভুগি থকা লোকে কেলছিয়াম পৰিহাৰ কৰিব লাগে কোৱাটো হৈছে এটা ভুল ধাৰণা। পাথৰ সৃষ্টি হোৱাটো প্রতিৰোধ কৰিবলৈ দুগ্ধজাত সামগ্রীকে ধৰি কেলছিয়ামযুক্ত স্বাস্থ্যকৰ আহাৰ খাওক। খাদ্যবস্তুৰ কেলছিয়াম অক্সালেটৰ সৈতে লগ হৈ থাকে আৰু শৌচৰ জৰিয়তে ওলাই যায়। গতিকে অন্ত্ৰৰ পৰা অক্সালেটৰ শোষণ আৰু সেই অনুক্রমে পাথৰ সৃষ্টি হোৱাটো হ্রাস পায়। কিন্তু যেতিয়া খাদ্যত কেলছিয়ামৰ পৰিমাণ হ্রাস পায়, বন্ধনমুক্ত অক্সালেটক অন্ত্ৰৰ পৰা শোষণ কৰি লয় আৰু অক্সালেট ষ্টোন গঠন হোৱাত সহায় কৰে।

• কম কেলছিয়ামযুক্ত খাদ্যৰ লগতে কেলছিয়ামৰ পৰিপূৰক পৰিহাৰ কৰক, কাৰণ এই দুয়োটাই পাথৰ বিকশিত হোৱাৰ বিপদাশংকা বৃদ্ধি কৰে। যদিহে কেলছিয়ামৰ পৰিপূৰক অপৰিহার্য, তেন্তে বিপদ হ্রাস কৰিবৰ বাবে ইয়াক খাদ্যৰ সৈতে গ্রহণ কৰা উচিত।

• ঔষধ প্রয়োগ: কেলছিয়াম ষ্টোন প্রতিৰোধ কৰাত থায়েজাইড ডিউৰেটিকছবোৰ সহায়কাৰী।

কেলছিয়াম অক্সালেট ষ্টোন থকা লোকে বেছি অক্সালেট থকা খাদ্যৰ সীমাবদ্ধ কৰা উচিত। অক্সালেট সমৃদ্ধ খাদ্যবোৰ হৈছে:

• শাক-পাচলি: স্পিনাক, ৰুবাৰ্ব, ওত্রা (ভেন্দি), বীট আৰু মিঠা আলু।

• ফল-মূল আৰু শুকান ফল-মূল: ষ্ট্রবেৰী, ৰেম্পবেৰী, চিকু, আমলখি, কাষ্টার্ড, আপেল, আঙুৰ, কেছিউনাট, পীনাট, এলমণ্ড আৰু শুকান ডিমৰু।

• অন্যান্য খাদ্য: গ্রীণ পিপাৰ, ফ্রইট কেক, মার্মেলেড, ডাক চকলেট, পীনাট বাটাৰ, চয়াবিনৰ খাদ্য আৰু কক’ৱা।

• পানীয়: আঙুৰ ফলৰ ৰস, ডাৰ্ক কোলা আৰু ষ্ট্রং বা ব্লেক টী।

• সকলো মাদক দ্রব্য সম্বলিত পানীয় পৰিহাৰ কৰক।

• অংগ-প্রত্যংগৰ মাংস (উদাহৰণস্বৰূপে মগজু, যকৃত, বৃক্ক ইত্যাদি)ৰ নিচিনা অধিক প্রটিনযুক্ত জীৱ-জন্তুৰ মাংস, মাছ (উদাহৰণস্বৰূপে এংইভ, ছাডিন, হেৰিং, ট্রাউট ছেলমন), গাহৰিৰ মাংস, মুৰ্গীৰ মাংস, মহৰ মাংস আৰু কণী পৰিহাৰ কৰক।

• বীন বা মচুৰ দাইলৰ নিচিনা মাহজাতীয় আৰু ছেই ধৰা বীজ নিষিদ্ধ কৰক, কাঠফুলা, স্পিনাক আৰু ফুলকবিৰ নিচিনা পাচলি।

• ছালাড ড্ৰেছিং, আইচক্ৰিম আৰু ভজা খাদ্যৰ নিচিনা চর্বিযুক্ত আহাৰ নিষিদ্ধ কৰক।

• ঔষধ: ইউৰিক এচিড সংশ্লেষণ হোৱাটো বাধা দিবলৈ আৰু প্রস্তাৱতন্ত্ৰৰ ইউৰিক এচিড ৰেচন হোৱাটো হ্রাস কৰিবলৈ এলোপুৰিনল। ইউৰিণ পেচাব এলকালইন নিয়ন্ত্রণ কৰিবলৈ পটাছিয়াম চাইট্রেট, কাৰণ এচিডিক ইউৰিণৰ ক্ষেত্ৰত ইউৰিক এচিডে অংশগ্রহণ কৰে আৰু পাথৰ সৃষ্টি কৰে।

• অন্যান্য মানসমূহ: ওজন হ্রাসকৰণ।

লক্ষণৰ মাত্ৰাৰ ওপৰত ভিত্তি কৰি প্ৰস্ৰাৱতন্ত্রৰ পাথৰৰ চিকিৎসা নিৰূপণ কৰাৰ কাৰকসমূহ হৈছে, পাথৰৰ আকাৰ, অৱস্থান আৰু কাৰণ, প্রস্ৰাৱতন্ত্ৰৰ সংক্রমণ তথা বাধাগ্রস্ততা থকা বা নথকাটো। ইয়াৰ দুটা ডাঙৰ চিকিৎসা সুবিধা হৈছে,

(ক) ৰক্ষণশীল চিকিৎসা

(খ) অস্ত্রোপচাৰজনিত চিকিৎসা

ইয়াৰ লক্ষণবোৰ দেখা দিয়াৰ ৩ ৰ পৰা ৬ সপ্তাহৰ ভিতৰত অধিকাংশ বৃক্কৰ পাথৰেই নিজে নিজেই বাহিৰ হ’ব পৰাকৈ যথেষ্ট সৰু (আকাৰত ৫ মিঃ মিঃতকৈ কম) এই ৰক্ষণশীল চিকিৎসাৰ লক্ষ্য হৈছে অস্ত্রোপচাৰ নকৰাকৈ লক্ষণবোৰৰ পৰা উপশম প্রদান কৰা আৰু পাথৰ অপসাৰিত হোৱাত সহায় কৰা।

অসহনীয় বিষৰ চিকিৎসা কৰিবলৈ এজন ৰোগীৰ NSAID বা অপিঅইছৰ ইন্ট্রা-মাছকিউলাৰ বা ইন্ট্রাভেনাছ প্রয়োগ প্রযোজ্য হ’ব পাৰে। কম গুৰুতৰ বিষৰ বাবে মুখেৰে সেৱন কৰা ঔষধ প্রায়ে সফল হয়।

গুৰুতৰ বিষত ভুগি থকা ৰোগীয়ে পানীয় কমকৈ সেৱন কৰা উচিত আৰু অত্যধিক পৰিমাণে কৰা উচিত নহয়। কাৰণ ইয়ে বিষৰ প্রকোপ বৃদ্ধি কৰিব পাৰে। কিন্তু বিষ নথকা অৱস্থাত যথেষ্ট পৰিমাণৰ পানীয় সেৱন কৰা উচিত। এদিনত ২ ৰ পৰা ৩ লিটাৰ পর্যন্ত পানী খোৱাটোৱে অস্ত্ৰোপচাৰ নকৰাকৈ পাথৰ অপসাৰণত সহায় কৰে।

মনত ৰাখিব পাথৰ থকা এজন ৰোগীৰ বাবে বীয়েৰ কেতিয়াও চিকিৎসাজনিত উপাদান নহয়।

গুৰুতৰ বিষ আৰু লগতে ওকালি অহা, বমি কৰা আৰু জ্বৰ থকা ৰোগীৰ শৰীৰত তৰল পদার্থৰ ক্ষতিপূৰণ কৰিবৰ বাবে ইন্ট্রাভেনাছ ছেলাইন প্রয়োগ কৰা প্রয়োজন হ’ব পাৰে। ৰোগীয়ে ওলাই যোৱা পাথৰ পৰীক্ষাৰ বাবে সংৰক্ষণ কৰি ৰখাটো অপৰিহার্য। এই পাথৰ সংগ্রহ কৰা সহজ উপায় হৈছে এডাল ষ্ট্রেইনাৰ (ন্বিভ) মাধ্যমেৰে প্রস্ৰাৱ কৰা। প্রস্ৰাৱৰ সঠিক pH বাহাল ৰখাটো অপৰিহার্য।

কেলছিয়াম চেনেল ব্লকাৰ আৰু আলফা-ব্লকাৰৰ নিচিনা ঔষধবোৰে ইউৰেটাৰৰ সিৰমুৰি ৰোধ কৰে

আৰু ইউৰেটাৰেৰে নিজে নিজেই পাথৰ বাহিৰ ওলাই যোৱাত ৰোগীক সহায় কৰে। ওকালি অহা, বমি কৰা আৰু প্রস্ৰাৱতন্ত্রৰ সংক্রমণৰ নিচিনা সংশ্লিষ্ট সমস্যাৱলীৰ চিকিৎসা কৰক। আলোচিত সকলোবোৰ সাধাৰণ তথা বিশেষ প্রতিৰোধী মান (পথ্যাপথ্যৰ পৰামর্শ, ঔষধ) অৱলম্বন কৰক।

বৃক্কৰ পাথৰৰ বাবে ৰক্ষণশীল মানদণ্ডৰে চিকিৎসা কৰিব নোৱাৰা বিভিন্ন ধৰণৰ অস্ত্রোপচাৰজনিত চিকিৎসা আছে। অতি সঘনাই ব্যৱহৃত অস্ত্রোপচাৰ পদ্ধতিবোৰ হৈছে এট্রা কৰ্পোৰীয়েল শ্বক বেভ লিথ’ট্রিপছি(ESWL), পাকিউটেনিয়াছ নেফ্রলিথ’ট্ৰিপছি (PCNL), ইউৰেটেৰ’স্কপি আৰু কিছুমান বিৰল কেছত মুকলি অস্ত্রোপচাৰ। এই কৌশলবোৰ এটা আনটোৰ প্রতিদ্বন্দ্বী নহয় যদিও এটাই আনটোৰ পৰিপূৰক। এজন বিশেষ ৰোগীৰ বাবে কোনটো পদ্ধতি উৎকৃষ্ট হ’ব সেইটো ইউৰ’লজিষ্টে নিৰূপণ কৰে। সৰু পাথৰ থকা অধিকাংশ ৰোগীকে ৰক্ষণশীল পদ্ধতিৰে সার্থকভাৱে চিকিৎসা কৰিব পাৰি। কিন্তু বৃক্কৰ পাথৰ অপসাৰণৰ বাবে অস্ত্ৰোপচাৰ প্ৰয়োজন হব পাৰে যদিহে:

• ইয়াৰ বাবে বাৰে বাৰে গুৰুতৰ বিষ হৈ থাকে আৰু এটা যথোপযুক্ত সময়ৰ পাছত ই ওলাই নাযায়।

• ই নিজে ওলাই যাব নোৱাৰাকৈ বেছি ডাঙৰ হয়।

• ই প্রস্ৰাৱৰ প্রবাহত স্পষ্টভাৱে বাধা আৰোপ কৰে আৰু ফলত বৃক্ক নষ্ট হয়।

• ইয়াৰ ফলত বাৰে বাৰে প্ৰস্ৰাৱতন্ত্রৰ সংক্রমণ বা ৰক্তক্ষৰণ হয়।

কাম-কাজ চলাই থকা একমাত্র বৃক্কটো নাইবা দুয়োটা বৃক্কতে একেলগে পাথৰৰ বাধাৰ বাবে বৃক্ক বিকল হোৱা ৰোগীসকলৰ তৎকালীন অস্ত্রোপচাৰৰ প্রয়োজন হ’ব পাৰে।  ESWL ESWL বা এটা-কৰ্পোৰীয়েল লিথ’ট্ৰিপছি হৈছে বৃক্কত হোৱা পাথৰৰ শেহতীয়া, সফল আৰু অতি সঘনাই ব্যৱহৃত চিকিৎসা পদ্ধতি। লিথ’ট্ৰিপছি হৈছে আকাৰত ১.৫ ছেঃমিঃতকৈ সৰু বৃক্কৰ পাথৰ বা আপাৰ ইউৰেটেৰিক ষ্টোনৰ বাবে উপযোগী।

লিথ’ট্ৰিপছিত লিথ’ট্ৰিপটৰ মেছিনৰ দ্বাৰা সৃষ্ট অতি উচ্চ গাঢ়তাৰ শ্বকৱেত বা আন্ট্রাছনিক ৱেভে পাথৰবোৰ ভাঙি পেলায়। এই পাথৰবোৰ ক্ষুদ্র ক্ষুদ্র কণিকালৈ ভাঙি যায় আৰু প্রস্ৰাৱত প্রস্ৰাৱতন্ত্রৰ মাজেৰে ইহঁত সহজেই ওলাই যায়। লিথ ট্রপছি কৰাৰ পাছত পাথৰৰ টুকুৰাবোৰ প্রক্ষালিত হৈ ওলাই যাবৰ বাবে ৰোগীক মুক্তহস্তে পানীয় সেৱন কৰিবলৈ পৰামর্শ আগবঢ়োৱা হয়। এটা ডাঙৰ পাথৰৰ লিথ’ট্ৰিপছি কৰাৰ পাছত ইউৰেটাৰৰ ৰুদ্ধতাৰ বাবে লোৱা আগতীয়া ব্যৱস্থা হৈছে এই ৰুদ্ধতা পৰিহাৰ কৰিবলৈ ইউৰেটৰত এটা ‘ষ্টেণ্ট’ (বিশেষ কোমল প্লাষ্টিক টিউব) প্রতিস্থাপন কৰা হয়।

লিথ’ট্রিপছি হৈছে সাধাৰণতে নিৰাপদ। লিথ’ট্রিপছিৰ সম্ভাৱ্য সমস্যাসমূহ হৈছে প্রস্ৰাৱত তেজ পৰা, প্রস্ৰাৱতন্ত্রৰ সংক্রমণ, অসম্পূর্ণত পাথৰ অপসাৰণ (আৰু অধিকবাৰ কৰা প্রয়োজন হ’ব পাৰে), অসম্পূর্ণ পাথৰ ভাঙে (যিয়ে প্রস্ৰাৱতন্ত্রৰ বাধাগ্রস্ততাৰ পৰ্যায়লৈ লৈ যাব পাৰে), বৃক্কৰ অনিষ্ট হোৱা আৰু ৰক্তচাপ উৰ্দ্ধগামী হোৱা।

লিথ’ট্ৰিপছিৰ সুবিধাসমূহ হৈছে ই এক নিৰাপদ পদ্ধতি, যাৰ বাবে ৰোগীক চিকিৎসালয়ত ভর্তি কৰোৱা, এনাছথেছিয়া আৰু কটা-ছিঙাৰ প্রয়োজন নাই। এই পদ্ধতিত অতি ন্যূনতম বিষহে অনুভৱ হয় আৰু সকলো বয়সৰ ৰোগীৰ বাবে ই উপযোগী। ডাঙৰ পাথৰ আৰু মেদবহুল ৰোগী ক্ষেত্ৰত লিথ’ট্রিপছিৰ সফলতা কম। গৰ্ভ ধাৰণ কালত আৰ গুৰুতৰ সংক্রমণ, নিয়ন্ত্রণ কৰিব নোৱাৰা উচ্চ ৰক্তচাপ, প্রস্ৰাৱতন্ত্রৰ ডিষ্টেল বাধাগ্রস্ততা তথা ৰক্তক্ষৰণজনিত বিসংগতি থকা ৰোগীৰ ক্ষেত্ৰত লিথ’ট্রিপছি কৰাবলৈ পৰামর্শ দিয়া নহয়।

লিথ’ট্ৰিপছিৰ পাছত নিয়মিত ফল’ আপ, নির্দিষ্ট সময়ৰ মূৰত স্বাস্থ্য পৰীক্ষা আৰু পাথৰি ৰোগ পুনৰায় উদ্রেক হোৱাৰ বিপক্ষে থকা প্রতিৰোধী মানসমূহৰ প্রতি কঠোৰ আনুগত্য ৰক্ষা কৰাটো বাধ্যতামূলক।

২ PCNL

পাৰ্কিউটেনিয়াছ নেফ্র’লিথ’টমি বা PCNL হৈছে মধ্যমীয়া আকাৰৰ বা ডাঙৰ (১.৫ ছেঃ মিঃতকৈ ডাঙৰ) বৃক্কৰ পাথৰ বা ইউৰেটেৰেল ষ্টোন অপসাৰণ কৰা এটা সফল পদ্ধতি। ইউৰেটেৰ ছকপি বা লিথ’ট্রিপছিৰ নিচিনা অন্য চিকিৎসা পদ্ধতি যেতিয়া বিফল হয় তেতিয়া PCNL হৈছে অতি সঘনাই ব্যৱহৃত বিকল্প ব্যৱস্থা। এই প্রক্রিয়াত সাধাৰণ এনাছথেছিয়াৰ ইউৰ’লজিষ্টে পিঠিৰ ফালে

অকণমান কাটে আৰু ইমেজ ইণ্টেনছিফায়াৰ বা ছনগ্রাফিক নিয়ন্ত্ৰণৰল অধীনত ছালৰ পৰা বৃক্কলৈ এটা ক্ষুদ্র প্রণালী সৃষ্টি কৰে। সঁজুলিবোৰ ভৰাবৰ বাবে এই প্রণালীটোক প্রসাৰিত কৰি লোৱা হয়।

নেফ্র’স্কোপ নামৰ এটা সঁজুলি ব্যৱহাৰ কৰি ইউৰ'লজিষ্টজনে পাথৰটোৰ অৱস্থান নির্ণয় কৰে আৰু

পাথৰটো অপসাৰণ কৰে (নেফ্র’লিথ’টমি)। পাথৰটো ডাঙৰ হ’লে উচ্চ কম্পনাংকৰ শব্দ তৰংগ ব্যৱহাৰ কৰি ইয়াক ভাঙি লোৱা হয় আৰু তাৰ পাছত পাথৰৰ ভগ্নাংশবোৰ অপসাৰণ কৰা হয় (নেফ্র’লিথ’ট্ৰিপছি)।

সাধাৰণতে PCNL নিৰাপদ, কিন্তু যিকোনো অস্ত্রোপচাৰজনিত চিকিৎসাৰ নিচিনাকৈ ইয়াতো কিছুমান বিপদ তথা জটিলতাই দেখা দিব পাৰে। PCNLৰ সম্ভাব্য সমস্যাসমূহ হৈছে ৰক্তক্ষৰণ,কলনৰ নিচিনা পেটৰ অন্যান্য অংগত আঘাত, প্রস্ৰাৱ লিক্‌ হোৱা আৰু হাইড্রথ’ৰেক্স।

PCNL ৰ প্রধান সুবিধা হৈছে ইয়াৰ বাবে মাত্র এটা সৰু (প্রায় এক ছেণ্টিমিটাৰ)

ছেদনৰহে প্রয়োজন। সকলো প্রকাৰৰ পাথৰৰ বাবে ৰোগীক সম্পূর্ণ পাথৰমুক্ত কৰি তুলিবলৈ PCNL এই হৈছে অতি সুনির্দিষ্ট ব্যৱস্থা আৰু ইও সম্পন্ন হয় কেৱল এটা বৈঠকতে। PCNL কৰোতে চিকিৎসালয়ত থকাৰ সময় কম আৰু স্বাস্থ্য উদ্ধাৰ তথা নিৰাময় অতি দ্ৰুততম|

৩ URS

মধ্য আৰু নিম্ন ইউৰেটাৰত অৱস্থিত পাথৰৰ চিকিৎসাৰ বাবে ইউৰিটেৰ’ছকপি হৈছে অতি সফল চিকিৎসা ব্যৱস্থা। এনাছথেছিয়াৰ অধীনত কেমেৰাৰ সৈতে সজ্জিত পাতল লঘুকৃত ফ্লেক্সিবল টিউব (ইউৰিটেৰ’স্কোপ) টো ইউৰেথাৰে ব্লাডাৰৰ ভিতৰলৈ ভৰাই দিয়া হয় আৰু ইউৰেটাৰলৈ তুলি নিয়া হয়।

ইউৰিটেৰ’স্কোপৰ মাধ্যমেৰে পাথৰটো দেখা পোৱা হয় আৰু পাথৰটোৰ আকাৰ আৰু ইউৰেটাৰৰ ব্যাসৰ ওপৰত ভিত্তি কৰি পাথৰটো ভাঙি পেলাব পাৰি আৰু / বা অপসাৰণ কৰিব পাৰি। যদিহে ইউটেৰিক ষ্টোনটো সৰু হয়, তেন্তে গ্ৰেছপাৰৰ জৰিয়তে ইয়াক ধৰি লোৱা হয় আৰু অপসাৰণ কৰা হয়। যদিহে এটা টুকুৰাৰূপে অপসাৰণ কৰিব নোৱাৰাকৈ পাথৰটো ডাঙৰ হয়, তেন্তে এটা নিউমেটিক লিথ’ট্রিপছি ব্যৱহাৰ কৰি ক্ষুদ্র ক্ষুদ্র আকাৰলৈ ইয়াক ভাঙি পেলাব পাৰি। এই ক্ষুদ্র ক্ষুদ্র পাথৰৰ টুকুৰাবোৰ প্রস্ৰাৱত নিজে নিজেই ওলাই যায়। ৰোগীসকলে একেদিনাই ঘৰলৈ যাব পাৰে আৰু দুই-তিনিদিনৰ ভিতৰতে তেওঁলোকৰ স্বাভাৱিক কাম-কাজ পুনৰ আৰম্ভ কৰিব পাৰে।

URS ৰ সুবিধাসমূহ হৈছে, এই পদ্ধতিৰ দ্বাৰা অতি টান পাথৰো ভাঙি পেলাব পাৰি আৰু তাৰ বাবে ছেদনৰ কোনো প্রয়োজন নাই। ই গৰ্ভৱতী মহিলা, মেদবহুল লোকৰ লগতে যিসকলৰ ৰক্তক্ষৰণজনিত বিসংগতি আছে তেওঁলোকৰ বাবেও নিৰাপদ।

URS সাধাৰণতে নিৰাপদ, কিন্তু কোনো প্রক্রিয়াৰ দৰেই ইয়াৰো বিপদ আছে। URS ৰ সম্ভাব্য সমস্যাৱলী হৈছে প্রস্ৰাৱত তেজ পৰা, প্রস্ৰাৱতন্ত্ৰৰ সংক্রমণ, ইউৰেটাৰৰ ছিদ্র তথা ঘা লগা কোষকলাৰ সৃষ্টি, যিয়ে ইউৰেটাৰৰ ব্যাস সংকীর্ণ কৰে (ইউৰিটেৰেল ষ্ট্রিকছাৰ)।

মুকলি অস্ত্রোপচাৰ হৈছে পাথৰি ৰোগৰ বাবে পাচৰ পৰা সাতদিন পর্যন্ত চিকিৎসালয়ত ভর্তি হ’বলগীয়া অতি আক্ৰামক তথা বেদনাপূর্ণ চিকিৎসা ব্যৱস্থা। দুটা নতুন কৌশলৰ উপলভ্যতাৰ লগে লগে মুকলি অস্ত্রোপচাৰৰ প্রয়োজনীয়তা সাংঘাতিকভাৱে হ্রাস পাই আহিছে। বর্তমানে অতি বৃহৎ পাথৰজনিত সমস্যাৰ ক্ষেত্ৰত বৰ জটিল অৱস্থাৰ বাবে কেৱল চূড়ান্ত বিৰল পৰিস্থিতিতহে মুকলি অস্ত্রোপচাৰ সম্পন্ন কৰা হয়।

এই মুকলি অস্ত্রোপচাৰৰ প্রধান উপকাৰিতা হৈছে এবাৰতে কেইবাটাও অতি বৃহৎ বা হৰিণ শিঙীয়া পাথৰৰ সম্পূর্ণ অপসাৰণ। মুকলি অস্ত্রোপচাৰ হৈছে বিশেষকৈ বিকাশশীল দেশবোৰৰ বাবে এক এক দক্ষ তথা ব্যয়প্রভাৱী চিকিৎসা ব্যৱস্থা, য’ত সম্পদসমূহ সীমাবদ্ধ।

বৃক্কত পাথৰ থকা এজন ৰোগীয়ে ততালিকে চিকিৎসকৰ সৈতে যোগাযোগ কৰা উচিত, যদিহে:

• পেটত গুৰুতৰ বিষ হয়, ঔষধৰ জৰিয়তে উপশম নাপায়।

• গুৰুতৰভাৱে ওকালি আহে বা বমি কৰে, যিয়ে পানীয় আৰু ঔষধ সেৱন কৰাত বাধা দিয়ে।

• জ্বৰ, ঠাণ্ডা লগা আৰু পেট বিষৰ সৈতে প্রস্ৰাৱ জ্বলা-পোৰা কৰে।

• প্রস্ৰাৱত তেজ পৰে।

• সম্পূৰ্ণৰূপে প্রস্ৰাৱ বন্ধ হয়।

উৎস: কিডনী ইডুকেশ্বন ফাউনডেশ্বন

শেহতীয়া উন্নীতকৰণ: : 3/26/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate