অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

একিউট বৃক্ক বিকলতা

একিউট বৃক্ক বিকলতা কি?

একিউট বৃক্ক বিকলতা(একিউট কিডনী ইনজুৰি বা একিউট ৰেনাল ফেইলিউৰ-(ARF)ত এটা চমু সময়ৰ ভিতৰত বৃক্কৰ কৰ্মক্ষমতা হ্ৰাস পায় বা হেৰাই যায় আৰু ই অস্থায়ী তথা ইয়াক সাধাৰনতে আগৰ অৱস্থাকৈ ঘুৰাই আনিব পাৰি।

একিউট বৃক্ক বিকলতাৰ কাৰণবোৰ কি কি?

একিউট বৃক্ক বিকলতা বহুতো কাৰণত হব পাৰে।ইয়াৰ গুৰুত্বপূৰ্ন কাৰণবোৰ হৈছে:

১)বৃক্কলৈ তেজৰ যোগান হ্ৰাস পোৱা:ডায়েৰিয়াৰ বাবে হোৱা গুৰুতৰ ডিহাইড্ৰেছন,ৰক্তক্ষতি,জ্বলি যোৱা বা বিভিন্ন কাৰনত ৰক্তচাপ নিম্নগামী হোৱা।

২)গুৰুতৰ সংক্ৰমন,গুৰুতৰ অসুস্থতা বা এটা ডাঙৰ অস্ত্ৰোপচাৰৰ পিছত।

৩)প্ৰস্ৰাৱৰ পথ হঠাৎতে বন্ধ হৈ পৰা:প্ৰস্ৰাৱতন্ত্ৰৰ বাধাগ্ৰস্ততাৰ এটা অতি সাধাৰন কাৰন হৈছে বৃক্কৰ পাথৰ।

৪)অন্যান্য গুৰুত্বপূৰ্ন কাৰনসমূহ হৈছে:ফেলচিপেৰাম মেলেৰিয়া,লেপটছপাইৰছিছ,সৰ্পদংশন,কিছুমান নিদিষ্ট বৃক্ক ৰোগ,গৰ্ভধাৰন কিছুমান ঔষধৰ(NSAID)এমাইনোগইকছাইডছ,ৰেডিঅ কন্ট্ৰেষ্ট ইত্যাদি)সমস্যা আৰু পাৰ্শ্বক্ৰিয়া।

একিউট বৃক্ক বিকলতাৰ লক্ষণসমূহ

একিউট বৃক্ক বিকলতা এটা চমু সময়ৰ ভিতৰত বৃক্কৰ কাম-কাজৰ অধিক অৱনতি ঘটাটোৱে শৰীৰ বৰ্জনীয় পদার্থ দ্রুতগতিত একত্রিত কৰে আৰু শৰীৰ তৰল পদার্থ আৰু ইলেক্ট্র লাইটৰ সন্তুলনত খেলিমেলিৰ সৃষ্টি কৰে।বৃক্কৰ কাম-কাজত হঠাতে ঘটা এই বিজুতিৰ বাবে ৰোগীৰ শৰীৰত আগতীয়া তথ্য স্পষ্ট লক্ষণ বিকশিত হৈ উঠে ।

একিউট বৃক্ক বিকলতা হৈছে দ্ৰুততৰ আৰু ই সাধাৰনতে বৃক্কৰ কাম কাজত অস্থায়ীভাৱে হানি কৰে।ইয়াৰ লক্ষণবোৰৰ প্ৰকাৰ আৰু জটিলতা ৰোগীৰ অনুসৰি ভিন ভিন হয়।

১) অন্তর্নিহিত পৰিস্থিতি (ডায়েৰিয়া, ৰক্তক্ষতি, জ্বৰ, ঠাণ্ডা লগা ইত্যাদি)ৰ বাবে দেখা দিয়া লক্ষণবোৰৰ কাৰনে হোবা বিক্ক বিকলতা।

২) প্রস্ৰাৱৰ বর্ধিত বহিপ্রৱাহ (যদিওবা কিছুমান ৰোগীৰ ক্ষেত্ৰত প্ৰস্ৰাবৰ বৰ্হিপ্ৰকাশ স্বাভাৱিক অৱস্থাত থাকে)।শৰীৰ তৰল পদার্থ ধৰি ৰখাৰ কাৰনে ভৰিৰ সৰু গাঁঠি ওখহে আৰু ওজন বাঢ়ে।

৩) ভোক কমে ওকাল আহে, বমি হয়, হেকটি আহে ভাগৰুৱা হয়,এলাহ লাগে আৰু বিভ্ৰান্ত হয়।

৪) শ্বাস-প্রশ্বাস বন্ধ হয়,বুকুৰ বিষ, কঁপনি, তেজ বমি আৰু পটেছিয়াম বেছি হোৱাৰ বাবে অস্বাভাৱিক হৃদস্পন্দনৰ নিচিনা গুৰুতৰ তথা জীৱনৰ প্রতি ভাবুকিস্বৰূপ লক্ষনসমূহ প্ৰকাশ পায়।

৫) একিউট বৃক্কৰ বিকলতাৰ প্রাৰম্ভিক পৰ্য্যায়ত কিছুমান ৰোগী লক্ষনমুক্ত হৈ থাকে আৰু এই ৰোগ দুৰ্ঘটনাবশতহে নিৰ্মিত হয় যেতিয়া অন্য কাৰণত তেজ পৰীক্ষা কৰা হয়।

 

একিউট বৃক্ক বিকলতা ৰোগ নিৰ্নয়:

একিউট বৃক্ক বিকলতা থকা বহু ৰোগীৰ কোনো নির্দিষ্ট লক্ষণ নাথাকে বা লক্ষণবিহীন হৈ থাকে।গতিকে এজন ৰোগীৰ হৈ থকা ৰোগ যি ৰোগৰ কাৰণে একিউট বৃক্ক বিকলতা হ’ব পাৰে বা তাৰ লক্ষণবোৰৰ ওপৰত ভিত্তি কৰি এনে হৈছে বুলি অলপো যদি সন্দেহ থাকে তেন্তে বৃক্ক বিকলতাৰ বাবে এজন লোকক সদায়েই সন্দেহৰ আৱর্তত ৰখা হয় আৰু অনুসন্ধান  কৰা হয়।

বৃক্ক বিকলতাৰ ৰোগ নির্ণয় তেজ পৰীক্ষা (ত্রিয়েটিনিন আৰু ব্লাড ইউৰিয়া  বৃদ্ধি), বৰ্হিবাহিত প্রস্ৰাৱৰ জোখ-মাখ, প্রস্ৰাৱ পৰীক্ষা আৰু আন্ট্রাচাউণ্ড কৰি নিশ্চিত কৰা হয়।একিউট বৃক্ক বিকলতা ৰোগীৰ ক্ষেত্ৰত ইয়াৰ কাৰনসমূহ জটিলতাসমূহ আৰু ৰোগ বৃদ্ধিৰ মূল্যায়ন কৰিবলৈ ৰোগীৰ  বিস্তৃত ইতিহাস, পৰীক্ষা-নিৰীক্ষা তথা বিভিন্ন ধৰণৰ অনুসন্ধান সম্পন্ন  কৰা হয়।

একিউট বৃক্ক বিকলতাৰ চিকিৎসা

অধিকাংশ ৰোগীৰ ক্ষেত্ৰত সঠিক ব্যৱস্থাপনা মাধ্যমেৰে একিউট বৃক্ক বিকলতা সম্পূৰ্নৰুপে নিৰ্নয় কৰিব পাৰি।কিন্তু গুৰুতৰ একিউট বৃক্ক বিকলতাৰ বিলম্বিত তথা ক্রুটিপূর্ণ চিকিৎসা জীৱনৰ প্ৰতি ভাবুকিস্বৰুপ হব পাৰে।

অন্তনিহিত কাৰণ তথা গুৰুতৰ বৃক্কজনিত সমস্যা,এই দুয়োটা কাৰণতেই একিউড বৃক্ক বিকলতাৰ কাৰণে দেখা দিয়ে।

বৃক্ক বিকলতাৰ ব্যৱস্থাপনাৰ মূল পদক্ষেপসমূহ হৈছে:

১) বৃক্ক বিকল হোৱা কাৰণসমূহৰ প্রতিকাৰ বা চিকিৎসা

২) ঔষধৰ জৰিয়তে কৰা চিকিৎসা আৰু সমর্থিত মানদণ্ডসমূহ

৩) পথ্যজনিত পৰামর্শ

৪) ডায়েলাইছিছ

১) বৃক্ক বিকল হোৱা কাৰণসমূহৰ প্রতিকাৰ বা চিকিৎসা

  • অন্তর্নিহিত কাৰণবোৰৰ চিনাক্তকৰণ বা চিকিৎসা হৈছে একিউট বৃক্ক বিকলতা ব্যৱস্থাপনাৰ অতি গুৰুত্বপূর্ণ দিশ।

• নিম্ন ৰক্তচাপ, সংক্রমণ, প্রস্ৰাৱতন্ত্রৰ বাধাগ্রস্ততা ইত্যাদিৰ নিচিনা অন্তর্নিহিত কাৰণবোৰৰ নির্দিষ্ট চিকিৎসা বৃক্ক বিকলতাৰ পৰা উদ্ধাৰ পোৱাৰ বাবে অপৰিহার্য।

• এনেধৰণৰ চিকিৎসাই বৃক্কৰ পৰৱতী অনিষ্ট ৰোধ কৰে আৰু একে সময়তে ইয়াক উদ্ধাৰো কৰে।

 

২) ঔষধৰ জৰিয়তে কৰা চিকিৎসা আৰু সমর্থিত মানদণ্ডসমূহ

 

>ইয়াৰ মূল লক্ষণ হৈছে বৃক্ক দুটাক সহা কৰা আৰু যি জটিলতাৰ প্রতিকাৰ বা চিকিৎসা কৰা।

>সংক্রমণসমূহৰ চিকিৎসা কৰা আৰু বৃক্কৰ বাবে হানিকাৰক তথা বিষাক্ত ঔষধসমূহ পৰিহাৰ কৰি চলা।

>ডিউৰেটিকসমূহৰ ব্যৱহাৰ:প্রস্ৰাৱৰ পৰিমাণ বৃদ্ধি কৰাত সহায় লগতে শৰীৰ ওখহাৰোধ ত সহায় কৰিবলৈ    ফুছেমাইডৰ নিচনা ঔষধ।

>সমৰ্থিত চিকিৎসা: নিম্ন বা উচ্চ ৰক্তচাপ সঠিক কৰা,ওকালি অহা তথা বমি নিয়ন্ত্ৰন কৰা,ব্লাড পটেচিয়াম নিয়ন্ত্ৰন কৰা,শ্বাস-প্ৰশ্বাসজনিত সমস্যা হ্ৰাস কৰা আৰু কপঁনি নিয়ন্ত্ৰন কৰাত সহায় কৰিবলৈ ঔষধে দিয়া হয়।

একিউট বৃক্ক বিকলতাৰ সাধাৰনতে সঠিক চিকিৎসাৰ বৃক্ক দুটা সম্পূৰ্নৰুপে উদ্ধাৰ কৰিব পাৰি।

৩)পথ্যজনিত পৰামৰ্শ

  • পথ্যজনিত সঠিক বাধা নিষেধে একিউট বৃক্ক বিকলতাৰ লক্ষন বা জটিলতাবোৰ প্ৰতিৰোধ বা হ্ৰাস কৰে।
  • পানীয় সেৱন জোখ মতে কৰক।দৈনিক সেৱন কৰা পানীয় প্ৰস্ৰাৱৰ পৰিমান আৰু শৰীৰত থকা তৰল পদাৰ্থৰ অৱস্থান কথা মনত ৰাখি

পৰিকল্পিত মতে কৰা উচিত।এডিমা আৰু শ্বাস-প্রশ্বাস বন্ধ হৈ যোৱাৰ নিচিনা জটিলতাসমূহ প্রতিৰোধ কৰিবলৈ সাধাৰণতে পানীয় সেৱনত বাধা নিষেধ থকাটো জৰুৰী।

  • পটেছিয়াম সেৱনত বাধা নিষেধ।তেজত পটেছিয়ামৰ পৰিমান বৃদ্ধি হোৱাটো (হাইপাৰকেলেমিয়া যিটো একিউট বৃক্ক বিকলতা থকা এটা জীৱনৰ প্ৰতি এটা গুৰুতৰ ভাবুকি কঢ়িয়াই অনা সমস্যা প্ৰ্তিৰোধ কৰিবলৈ ফল-মূল ফলৰ ৰস শুকান ফল ইত্যাদি পটেছিয়াম সমৃদ্ধ খাদ্য পৰিহাৰ কৰক।
  • নিমখ খোৱা বাধা নিষেধ। নিমখৰ নিষিদ্ধতাই উচ্চ ৰক্তচাপ আৰু শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ নিচিনা জটিলতা আৰু পিয়াহ লগা এডিমা আদি হ্ৰাস কৰাত সহায় কৰে।
  • পর্যাপ্ত পুষ্টি তথা কেলৰি পৰিপূৰক প্রদান কৰক।

৪) ডায়েলাইছিছ

একিউট বৃক্ক বিকলতাৰ কিছুমান ৰোগীৰ ক্ষেত্ৰত বৃক্ক দুটাই ইয়াৰ কার্যক্ষমতা পুনৰ ঘূৰাই নোপোৱা পর্যন্ত ডায়েলাইছিছ (কৃত্রিম বৃক্ক)ৰ জৰিয়তে বৃক্কৰ কাম-কাজৰ হ্ৰসকালীন বিকল্পৰ প্রয়োজন হ’ব পাৰে।

ডায়েলাইছিছ কি ?

ডায়েলাইছিছ হৈছে নষ্ট হোৱা বৃক্কৰ কাম-কাজ প্ৰতিৰূপিত কৰা এটা প্রক্রিয়া। ই গুৰুতৰ বৃক্ক বিকলতা থকা লোকৰ ক্ষেত্ৰত জীৱনটো বাৰ্তা ৰখাত সহায় কৰে।ডায়েলাইছিছ অতি গুৰুত্বপূর্ণ কামবোৰ হৈছে বর্জনীয় অতিৰিক্ত তৰল পদার্থসমূহৰ অপসাৰণ আৰু অতিৰিক্ত তৰল পদাৰ্থসমূহৰ অপসাৰন আৰু এচিড'চিছ তথা ইলেক্ট্র লাইটৰ অসুবিধা দূৰ কৰা।ডায়েলাইছিছৰ দুটা প্রধান ভাগ আছেঃ হেমাডায়েলাইছিছ আৰু পেৰিটনিয়েল ডায়েলাইছিছ।একিউট বৃক্ক বিকলতাত আগতীয়া আৰু সঠিক চিকিৎসাৰে ডায়েলইছিছ নকৰাকৈ বৃক্ক দুটা উদ্ধাৰ কৰিব পাৰি।

একিউট বৃক্ক বিকলতাতত ডায়েলাইছিছৰ কেতিয়া প্রয়োজন হয়।

যেতিয়া পর্যাপ্ত ৰক্ষণশীল ব্যৱস্থাপনা সত্বেও একিউট বৃক্ক বিকলতাৰ লক্ষণ তথা সমস্যাসমূহ বৃদ্ধি পায় তেতিয়াই একিউট বৃক্ক বিকলতাই গুৰুতৰ ৰূপ ধাৰণ কৰা ৰোগীৰ ক্ষেত্ৰত ডায়েলাইছিছৰ প্রয়োজন হয়। ডায়েলাইছিছে গুৰুতৰ বৃক্ক বিকলতা সত্বেও সু-স্বাস্থ্য বর্তাই ৰাখে। একিউট বৃক্ক বিকলতাত শৰীৰৰ তৰল পদার্থ গুৰুতৰৰূপে বেছি হোৱা, নিয়ন্ত্রণ কৰিব নোৱাৰা হাইপাৰকেলেমিয়া, গুৰুতৰ এচিড'ছিছ আদিবোৰ হৈছে অতি সাধাৰণ সূচক।

একিউট বৃক্ক বিকলতাত ডায়েলাইছিছ চিকিৎসা কিমান দিনৰ বাবে প্রয়োজন হয় ?

একিউট বৃক্ক বিকলতাত আক্রান্ত কিছুমান নির্দিষ্ট ৰোগীৰ বৃক্কৰ কর্মক্ষমতা পুনৰ উদ্ধাৰ নোহোৱা পর্যন্ত অস্থায়ী ডায়েলাইছিছ (হেমোডায়েলাইছিছ বা পেৰটিনিয়েল ডায়েলাইছিছ)ৰ সহায়ৰ প্রয়োজন হয়।

একিউট বৃক্ক বিকলতাত ভুগা ৰোগীয়ে সাধাৰণতে ১-৪ সপ্তাহৰ ভতৰত হেৰুওৱা স্বাস্থ্য ঘুৰাই পায়, সেই সময়ছোৱাতে তেওঁলোকক ডায়েলাইছিছৰ সহায়ৰ প্রয়োজন।

বৃক্ক সম্বন্ধীয় বিকলতাত ভুগা ৰোগীৰ ক্ষেত্ৰত ডায়েলাইছিছ এবাৰেই সম্পন্ন কৰা হয়, একিউট বৃক্ক বিকলতাত পৰৱৰ্তী সময়ত এই ব্যৱস্থা স্থায়ী প্রয়োজনীয়তা হৈ পৰিব বুলি ভবাটো এটা ভুল ধাৰণা। স্থায়ী ডায়েলাইছিছ হৈ পৰাৰ ভয়ত ডায়েলাইছিছ কৰাত পলম কৰাটো একিউট বৃক্ক বিকলতা জীৱনৰ প্রতি ভাবুকি হৈ পৰিব পাৰে।

একিউট বৃক্কৰ বিকলতাৰ প্ৰতিৰোধ

এনে ৰোগীৰ ক্ষেত্ৰত সাম্ভাব্য কাৰণবোৰৰ আগতীয়া চিকিৎসা আৰু বৃক্কৰ কাম-কাজৰ সঘন পৰীক্ষা-নিৰীক্ষা কৰা।

নিম্ন ৰক্তচাপৰ প্রতিকাৰ আৰু ইয়াৰ তৎকালীন শুধৰণি।

নেফ্ৰটক্সিক ড্ৰাগছ পৰিহাৰ কৰা আৰু সংক্ৰমনৰ চিকিৎসা তথা দ্ৰুতগতিত পৰিমান হ্ৰাস কৰা।

ডায়েলাইছিছ প্রয়োজন মাত্ৰ কেইদিনৰ বাবে, কিন্তু ডায়েলাইছিছৰ বিলম্ব জীৱনৰ প্রতি ভাবুকি হ’ব পাৰে।

উৎস:বৃক্ক শৈক্ষিক প্ৰতিষ্ঠান

শেহতীয়া উন্নীতকৰণ: : 4/25/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate