অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ডায়েলাইছিছ

যেতিয়া বৃক্কই কাম কৰিব নোৱাৰা হয়, তেতিয়া শৰীৰৰ পৰা বর্জনীয় পদার্থ আৰু অপ্রয়োজনীয় পানী অপসাৰণ কৰা কৃত্রিম প্রক্রিয়াটোৱেই হৈছে ডায়েলাইছিছ। গুৰুতৰভাৱে বৃক্ক বিকল হোৱা ৰোগীৰ বাবে ই হৈছে এক জীৱন দায়িনী বৃক্ক প্রতিস্থাপন চিকিৎসা।

বিকল বৃক্কৰ উল্লেখিত কাম-কাজসমূহ সম্পন্ন কৰি ডায়েলাইছিছে শৰীৰটোক সহায় কৰে :

• ত্রিয়েটিনিন, ইউৰিয়া ইত্যাদিৰ নিচিনা বর্জনীয় পদার্থ অপসাৰণৰ দ্বাৰা তেজ বিশুদ্ধ কৰা।

• অতিৰিক্ত তৰল পদার্থৰ অপসাৰণ আৰু শৰীৰত সঠিক পৰিমাণৰ পানী ধৰি ৰখা।

• ছডিয়াম, পটাছিয়াম আৰু বাইকার্বোনেটৰ নিচিনা ৰাসায়নিক পদার্থবোৰৰ ভাৰসাম্যহীনতাৰ শুধৰণি কৰা

তথাপিও ডায়েলাইছিছ ইৰিপ’য়েটিন সৃষ্টি কৰি তেজত স্বাভাৱিক পৰিমাণৰ হিম'গ্লবিন বাহাল ৰখা আৰু হাড় শক্তিশালী হোৱাটো নিশ্চিত কৰাৰ নিচিনা স্বাভাৱিক বৃক্কৰ কাম-কাজসমূহ সম্পন্ন কৰিব নোৱাৰে।

যেতিয়া বৃক্কৰ কাম-কাজ ৮৫-৯০ শতাংশলৈ অৱনমিত (অন্তিম পর্যায়ৰ বৃক্ক ৰোগ ESKD) হয়, শৰীৰৰ পৰা বৃক্কই যথেষ্ট পৰিমাণৰ বৰ্জনীয় তথা তৰল পদার্থ অপসাৰণ কৰিব নোৱাৰে আৰু সিবিলাকে ওকালি অহা, বমি অহা, ভাগৰুৱা হৈ পৰা, ওখহা আৰু শ্বাস-প্রশ্বাস বন্ধ হোৱাৰ নিচিনা লক্ষণসমূহলৈ ঠেলি দিয়ে। CKDৰ এই পর্যায়ত চিকিৎসা ব্যৱস্থাপনাৰ

প্রতি ৰোগীৰ সঁহাৰি পর্যাপ্ত নহয় আৰু ডায়েলাইছিছৰ প্রয়োজন হয়। এজন CKD ৰোগীৰ সাধাৰণতে ডায়েলাইছিছৰ প্রয়োজন তেতিয়া হয়, যেতিয়া তেজ পৰীক্ষাই 80 mg/dl বা অধিক ছিৰাম ত্রিয়েটিনিন প্রদর্শন কৰে। যিহেতু পুৰণি বৃক্ক ৰোগ এটা নিৰাময় কৰিব নোৱাৰা ৰোগ। অন্তিম পর্যায়ৰ বৃক্ক ৰোগীসকলৰ জীৱনজোৰা ডায়েলাইছিছ চিকিৎসাৰ প্রয়োজন। অন্যথাই তেওঁলোকে বৃক্ক প্রতিস্থাপনৰ বিকল্প গ্রহণ কৰিব লাগিব। যি কি নহওঁক, জটিল ৰূপত বৃক্ক বিকল হোৱা এজন ৰোগীৰ বৃক্কৰ আগৰ অৱস্থা ঘূৰি কৰে নহালৈকে কেৱল এটা চমু সময়ৰ বাবে ডায়েলাইছিছ চিকিৎসাৰ প্রয়োজন হয়।

ডায়েলিছিছৰ দুটা প্রধান ভাগ আছে – হেমোডায়েলিছিছ আৰু পেৰিটোনিয়েল ডায়েলিছিছ।

হেমোডায়েলিছিছ (HD) হৈছে অন্তিম পর্যায়ৰ বৃক্ক বিকলতাৰ চিকিৎসাত ব্যৱহৃত অতি বেছিক পদ্ধতি। ই হৈছে এটা কৃত্রিম বৃক্ক আৰু ডায়েলাইছিছ যন্ত্রৰ ব্যৱহাৰ কৰি তেজৰ পৰা বর্জনীয় আৰু অতিৰিক্ত তৰল পদার্থ অপসাৰণ কৰাৰ এক প্রক্রিয়া।

পেৰিটোনিয়েল ডায়েলিছিছ (PD) হৈছে অন্তিম পর্যায়ৰ বৃক্ক ৰোগ (ESKD) চিকিৎসাৰ এক সার্থক পদ্ধতি। PDত কেথেটাৰ বুলি কোৱা এডাল কোমল টিউব পেটৰ ভিতৰলৈ ভৰাই দিয়া হয়। এই কেথেটাৰৰ জৰিয়তে শৰীৰৰ পৰা বর্জনীয় আৰু তৰল পদার্থসমূহ অপসাৰণ কৰিবলৈ পেটৰ বিন্ধাৰে ডায়েলিছিছ ছলিউছন ইনফিউজ কৰা হয়। PD ঘৰত কৰা হয়, সাধাৰণতে কোনোধৰণৰ যন্ত্র-পাতি ব্যৱহাৰ নকৰাকৈ।

ESKD

ESKD ৰোগীৰ ক্ষেত্ৰত হেমোডায়েলিছিছ আৰু পেৰিটোনিয়েল ডায়েলিছিছ দুয়োটাই সার্থক চিকিৎসা ব্যৱস্থা। সকলোবোৰ ৰোগীৰ বাবে কোনো একক ডায়েলিছিছ মডেলিটি অতি বেছিকৈ উপযোগী নহয়। প্রতিটো ডায়েলিছিছ মডেলিটিৰ সুবিধা আৰু অসুবিধাসমূহ বিবেচনা কৰাৰ পিছত, HD বা PDৰ নিৰ্বাচন ৰোগী, পৰিয়ালৰ সদস্যবর্গ আৰু নেফ্র লজিষ্টৰ দ্বাৰা যৌথভাৱে কৰা হয়। এই বাছনি নিৰূপণৰ মূল কাৰকসমূহ হৈছে চিকিৎসাজনিত ব্যয়, বয়স, কো-মৰবিড অৱস্থা, হেমোডায়েলাইছিছ চেণ্টাৰৰ দূৰত্ব, শিক্ষাগত অৰ্হতা, চিকিৎসকৰ পক্ষপাতিত্ব আৰু ৰোগীৰ  পছন্দ-অপছন্দ তথা জীৱনশৈলী। কম খৰচ আৰু সহজলভ্যতাৰ বাবে ভাৰতবৰ্ষত বৃহৎ সংখ্যক ৰোগীয়ে হেমোডায়েলিছিছক অগ্রাধিকাৰ প্রদান কৰে।

ডায়েলাইছিছ ৰোগীৰ বাবে সাধাৰণ পথ্যাপথ্যজনিত অনুমোদনৰ বাধা নিষেধসমূহ ছডিয়াম, পটাছিয়াম, ফছফৰাছ আৰু পানীয় সেৱন। ডায়েলাইছিছ ৰোগীয়ে এই পথ্যাপথ্যজনিত পৰামৰ্শাৱলী পালন কৰিবই লাগিব। কিন্তু CKDত ডায়েলাইছিছৰ পিছত পথ্যাপথ্যজনিত বাধা নিষেধ কম কৰাৰ পদক্ষেপ গ্রহণ কৰা হয়। ডায়েলাইছিছ কৰা বহু লোকক পর্যাপ্ত কেলৰিসহ উচ্চ প্রটিনযুক্ত খাদ্য, পানীত দ্ৰৱণীয় খাদ্যপ্রাণ আৰু খনিজ পদার্থ খাবলৈ পৰামর্শ আগবঢ়োৱা হয়।

“ড্ৰাই ৱেইট শব্দটো ডায়েলাইছিছ ৰোগীৰ বাবে নৈমত্তিকভাৱে ব্যৱহাৰ কৰা হয়।  ই হৈছে ডায়েলাইছিছৰ দ্বাৰা সকলোবোৰ তৰল পদার্থ অপসাৰণ কৰাৰ পিছত ৰোগীৰ ওজন। ‘ড্রাই ৱেইট’ৰ মান সময়ে সময়ে বিনষ্ট কৰাৰ প্রয়োজন, কাৰণ ৰোগীৰ বাস্তৱিক ওজনৰ পৰিৱর্তন হৈ থাকে।  হেমোডায়েলাইছিছ হৈছে অন্তিম পর্যায়ৰ বৃক্ক ৰোগ চিকিৎসাৰ অতি জনপ্রিয় পদ্ধতি।  হেমোডায়েলাইছিছত ডায়েলাইছিছ যন্ত্ৰ আৰু ডায়েলাইজাৰৰ সহায়ত তেজ বিশুদ্ধ কৰি তোলা হয়।  অধিকাংশ হেমোডায়েলাইছিছেই চিকিৎসক, নাৰ্ছ আৰু ডায়েলাইছিছ টেকনিচিয়ানৰ অধীনত ডায়েলাইছিছ চেণ্টাৰত সম্পন্ন কৰা হয়।

• ডায়েলিছিছ যন্ত্রই ফ্লেক্সিবেল ব্লাড টিউবিঙৰ মাধ্যমেৰে প্রতি মিনিটত প্রায় ৩০০ মিঃ লিঃ তেজ শৰীৰৰ পৰা ডায়েলাইজাৰলৈ পাম্প কৰি পঠিয়ায়। এই প্রক্রিয়াত তেজ গোট মৰাটো প্রতিৰোধ কৰিবলৈ হেপ্রেইনক অবিৰতভাৱে ইনফিউজ কৰি থকা হয়।

• ডায়েলাইজাৰ (কৃত্রিম বৃক্ক) হৈছে এটা বিশেষ নিষ্কাশক, যিয়ে অতিৰিক্ত তৰল আৰু বৰ্জনীয় পদার্থসমূহ অপসাৰণ কৰে। ডায়েলাইজাৰে ডায়েলাইছেট বুলি কোৱা এটা বিশেষ মিশ্ৰণৰ সহায়ত তেজ বিশুদ্ধ কৰি তোলে, যাক ডায়েলাইছিছ যন্ত্রই প্রস্তুত কৰে|

ডায়েলিছিছ আৰম্ভ, খাদ্যাভাসৰ ক্ষেত্ৰত নিয়ন্ত্রণ ৰখা উচিত

• তেজখিনি এবাৰ পৰিষ্কাৰ হোৱাৰ পিছত যন্ত্রটোৱে ইয়াক শৰীৰলৈ পুনৰ ঘূৰাই পঠায়।

• হেমোডায়েলিছিছ সাধাৰণতে প্রতি সপ্তাহত তিনিবাৰকৈ সম্পূর্ণ কৰা হয় আৰু এই প্রত্যেকবাৰেই প্রায় চাৰিঘণ্টা সময় লয়।

হেমোডায়েলিছিছৰ বাবে ভাচকুলাৰ একছেছৰ তিনিটা অতি সাধাৰণ উপায় হৈছে চেণ্ট্ৰেল ভেনাছ কেথেটাৰ, নেটিভ আর্টোৰিঅ'ভেনাথ ফিষ্টুলা আৰু ছিন্থেটিক গ্ৰাফটছ।

তেজ বাহিৰ কৰি আনিবলৈ নিম্নলিখিত মুখ্য পদ্ধতিবোৰ ব্যৱহাৰ কৰা হয়

• ততালিকে হেমোডায়েলিছিছ চিকিৎসা আৰম্ভ কৰিবলৈ ভেনাছ কেথেটাৰ ভৰোৱাটো হৈছে অতি সাধাৰণ আৰু সার্থক পদ্ধতি।

• এডাল ফিষ্টুলা বা গ্রান্ট সাজু হৈ নুঠালৈকে অতি কম সময়ৰ বাবে ব্যৱহাৰ কৰিবলৈ ভাছকুলাৰ একছেছৰ এই পদ্ধতিটো উপযোগী।

• হেমোডায়েলাইছিছৰ বাবে কেথেটাৰডাল ডিঙি, বুকু নাইবা ভৰিৰ কৰঙণৰ ওচৰৰ এডাল ডাঙৰ সিৰাত (যথাক্রমে ইণ্টাৰনেল জাগিউলাৰ, ছাবক্লেভিয়ান আৰু ফেম’ৰেল ভেইন) লগোৱা হয় এই কেথেটাৰৰ সহায়ত ডায়েলাইছিছৰ বাবে প্রতি মিনিটত ৩০০ মিঃ লিঃতকৈও অধিক তেজ আহৰণ কৰিব পাৰি।

• কেথেটাৰবোৰ হ’ল দুটা লিউমেনৰ সৈতে নমনীয়, ফোঁপোলা টিউব। তেজ এডাল লিউমেনেৰে শৰীৰৰ পৰা আহৰণ কৰা হয়, ডায়েলিছিছ চার্কিটত প্রৱেশ কৰে আৰু আনডাল লিউমেনেৰে শৰীৰলৈ ঘূৰি যায়।

• ভেনাছ কেথেটাৰবোৰ সাধাৰণতে অস্থায়ী একছেছৰ বাবেহে ব্যৱহাৰ কৰা হয়। কাৰণ ইয়াত সংক্রমণ আৰু তেজ গোট মৰাৰ বিপদাশংকা থাকে।

• ভেনাছ কেথেটাৰ দুটা প্রকাৰত উপলব্ধ, টানেলড (কেইবামাহ ব্যৱহাৰ কৰিব পৰা) আৰু নন-টানেলড (কেইবা সপ্তাহো ব্যৱহাৰ কৰিব পৰা)।

২)AV

• আর্টাৰিঅ'ভেনাছ বা AV ফিষ্টুলা হৈছে দীর্ঘকালীন হেমোডায়েলিছিছৰ বাবে ভাছকুলাৰ একছেছৰ বেছিকৈ ব্যৱহৃত তথা আটাইতকৈ ভাল পদ্ধতি। কাৰণ ই বহুদিন টিকি থাকে আৰু ইয়াৰ তেজ গোট মৰা বা সংক্রমণৰ সম্ভাৱনা অতি কম।

• AV ফিষ্টুলা প্রক্রিয়াত এডাল ধমনী আৰু এডাল সিৰাৰ মাজত অস্ত্রোপচাৰৰ জৰিয়তে সংযোগ স্থাপন কৰা হয়। এডাল AV ফিষ্টুলা সাধাৰণতে হাতৰ মণিবন্ধনৰ ওচৰত হাতৰ ঠাৰিত স্থাপন কৰা হয়।

(ৰেডিয়েল আর্টাৰিৰ লগত চেফালিক ভেইন সংযোগ কৰি)

• এডাল ধমনীৰ পৰা এক বৃহৎ পৰিমাণৰ তেজ উচ্চ চাপৰ সৈতে সিৰাত প্ৰৱেশ কৰে। কেইমাহমান বা কেইসপ্তাহমানৰ পিছত সিৰাদাল প্রসাৰিত হৈ পৰে আৰু অধিক তেজ বহন কৰিবলৈ ধৰে। এই প্রক্রিয়াটোক কোৱা হয় মেছিউৰেছন। যিহেতু AV ফিষ্টুলাই মেছিউৰ হ’বলৈ সময় লয়, সেই হেতুকে ইয়াক স্থাপন কৰাৰ পিছতে ততালিকে হেমোডায়েলিছিছৰ বাবে ইয়াক ব্যৱহাৰ কৰিব নোৱাৰি।

• হেমোডায়েলিছিছৰ বাবে দুটা ডাঙৰ বিন্ধাযুক্ত বেজী ফিষ্টুলাত ভৰাই দিয়া হয়, এটা ডায়েলাইজাৰলৈ তেজ কঢ়িয়াই নিবৰ বাবে আৰু আনটো বিশুদ্ধকৃত তেজ শৰীৰলৈ ঘূৰাই পঠাবৰ বাবে।

• যদিহে ভালদৰে ব্যৱস্থা গ্রহণ কৰা হয়, তেন্তে AV ফিষ্টুলা বহু বছৰ ধৰি টিকি থাকে। AV ফিষ্টুলা লগোৱা হাতখনেৰে সকলো দৈনন্দিন কাম-কাজ সহজেই সম্পন্ন কৰিব পাৰি।

AV

• অন্তিম পর্যায়ৰ বৃক্ক ৰোগ বা CKD ৰোগীৰ জীৱন কাল নিয়মিত আৰু পর্যাপ্ত হেমোডায়েলিছিছৰ ওপৰত নিভৰ কৰে। পর্যাপ্ত হেমোডায়েলিছিছৰ বাবে এটা AV ফিষ্টুলাৰ পৰা পর্যাপ্ত পৰিমাণৰ তেজ লাভ কৰাটো অপৰিহাৰ্য আৰু সেইবাবে এটা AV ফিষ্টুলা হৈছে হেমোডায়েলিছিছৰ তত্বাৱধানত ৰোগীৰ বাবে এডাল AV ফিষ্টুলাৰ বিশেষ যত্নই এটা দীঘলীয়া সময়ৰ বাবে পর্যাপ্ত পৰিমাণৰ তেজ যোগান

ধৰাটো নিশ্চিত কৰে।

• উচ্চ চাপেৰে বৃহৎ পৰিমাণৰ তেজ AV ফিষ্টুলাৰ সিৰাত প্রবাহিত হয়। এনে প্রসাৰিত সিৰাৰ দুৰ্ঘটনাজনিত আঘাতে মাত্রাধিক ৰক্তক্ষৰণৰ পর্যায়লৈ ঠেলি দিব পাৰে আৰু হঠাতে বৃহৎ পৰিমাণৰ

তেজ হেৰুওৱাটো জীৱনৰ প্রতি ভাবুকি স্বৰূপ হ’ব পাৰে। গতিকে AV ফিষ্টুলাৰ সিৰাবোৰ সুৰক্ষিত কৰি ৰাখিবলৈ বিশেষ যত্ন লোৱাটো বাধ্যতামূলক।

AV

• AV ফিষ্টুলাৰ সঠিক নিয়মিত যত্ন আৰু সুৰক্ষাই বহু বছৰ ধৰি পর্যাপ্ত তেজ যোগান সুনিশ্চিত কৰে। এই ফিষ্টুলা স্বাস্থ্যৱান আৰু দীঘলীয়া সময়ৰ বাবে কার্যক্ষম কৰি ৰাখিবলৈ ল’বলগীয়া আগতীয়া সাৱধানতাসমূহ তলত উল্লেখ কৰা হ’ল :

• ভাছকুলাৰ একছেছ কৰা হাতখন দৈনিক আৰু প্রত্যেকটো ডায়েলিছিছ চিকিৎসাৰ আগেয়ে প্রক্ষালিত কৰি ফিষ্টুলাৰ এলেকাটো সদায়েই পৰিষ্কাৰ কৰি ৰাখক।

• একছেছ কৰা এলেকাটো কেৱল ডায়েলিছিছৰ বাবে ব্যৱহাৰ কৰক। AV ফিষ্টুলাৰে কাকো ইঞ্জেকশ্যন দিবলৈ, তেজ লবলৈ বা হাতৰ পৰা ৰক্তচাপ জুখিবলৈ নিদিব।

• AV ফিষ্টুলাত আঘাত পৰিহাৰ কৰক। ভাছকুলাৰ একছেছ কৰা হাতখনত অলংকাৰ, টান কাপোৰ বা হাতঘড়ী পৰিধান নকৰিব। AV ফিষ্টুলাৰ দুৰ্ঘটনাজনিত আঘাতে হঠাতে মাত্ৰাধিক ৰক্তক্ষৰণ পর্যায়লৈ ঠেলি দিব পাৰে, যিটো জীৱনৰ প্রতি ভাবুকি স্বৰূপ হ’ব পাৰে। এনে ৰক্তক্ষৰণ নিয়ন্ত্ৰণ কৰিবলৈ আনখন হাতেৰে বা এটা বেণ্ডেজেৰে তৎক্ষণাৎ অংশটোত দৃঢ় হেঁচা প্ৰয়োগ কৰক। ৰক্তক্ষৰণ নিয়ন্ত্রণ হোৱাৰ পিছত আপোনাৰ চিকিৎসকৰ লগত যোগাযোগ কৰক। নিয়ন্ত্রণ কৰিবলৈ চেষ্টা কৰাৰ পৰিৱর্তে সহায়ৰ বাবে চিকিৎসালয়লৈ যাবলৈ খৰধৰ কৰাটো মুৰ্খামি আৰু বিপদজ্জনক।

• একছেছ কৰা হাতখনেৰে গধুৰ বস্তু নাদাঙিব আৰু ইয়াৰ ওপৰত চাপ দিয়াটো পৰিহাৰ কৰিব। সাৱধান, AV ফিষ্টুলা থকা হাতখনৰ ওপৰত নুশুব।

• এদিনত তিনিবাৰ (পুৱাৰ আহাৰ, দুপৰীয়াৰ আহাৰ আৰু নিশাৰ আহাৰৰ আগেয়ে) কম্পন অনুভৱ কৰি (থ্রিল বুলিও কোৱা হয়) AV ফিষ্টুলাৰ ৰক্ত প্ৰৱাহ পৰীক্ষা কৰক। যদিহে কম্পন নাপায়, তেন্তে ততালিকে আপোনাৰ চিকিৎসকসকলৰ লগত নাইবা ডায়েলিছিছ চেণ্টাৰৰ কৰ্মচাৰীৰ লগত যোগাযোগ কৰক। AV ফিষ্টুলাৰ বিকলতাৰ আগতীয়া নির্ণয় আৰু গোট মৰা তেজ নাইকিয়া বা অপসাৰণ কৰিবৰ বাবে সময়মতে হস্তক্ষেপে AV ফিষ্টুলা নষ্ট হোৱাৰ পৰা ৰক্ষা কৰিব পাৰে।

• নিম্ন ৰক্তচাপে AVফিষ্টুলা বিকল হোৱাৰ বিপদে কঢ়িয়াই আনে, গতিকে ইয়াক প্রতিৰোধ কৰা উচিত।

• AV ফিষ্টুলাৰ নিয়মিত ব্যায়ামে ইয়াৰ মেছিউৰেছনৰ পর্যায়লৈ লৈ যাব পাৰে আনকি হেমোডায়েলিছিছৰ পদক্ষেপ লোৱাৰ পিছতো একছেছ কৰা হাতখন নিয়মিত ব্যায়ামে AV ফিষ্টুলা শক্তিশালী কৰাত সহায় কৰে।

৩)

• আর্টাৰিঅ’ভেনাছ গ্রাফট হৈছে দীর্ঘকালীন ডায়েলিছিছ একছেছৰ অন্য এটা ৰূপ। এজন ব্যক্তিৰ যেতিয়া AV ফিষ্টুলাৰ যেতিয়া সন্তোষজনক সিৰা নাথাকে বা AV ফিষ্টুলা লগোৱাত বিফল হয়, তেতিয়া ইয়াক ব্যৱহাৰ কৰা হয়।

• গ্রাফট পদ্ধতিত এডাল ধমনীক এটুকুৰা চুটি কোমল ছিন্থেটিক টিউবৰ সৈতে এডাল সিৰাৰ লগত অস্ত্রোপচাৰ কৰি সংযোগ কৰা হয়, যাক ছালৰ তলতে স্থাপন কৰা হয়। ডায়েলিছিছ চিকিৎসাৰ সময়ত এই গ্রাফটতে বেজী সুমুৱাই দিয়া হয়।

• AV ফিষ্টুলাৰ তুলনাত AV গ্রাফটৰ তেজ গোট মৰা, সংক্রমণ আদি বৃদ্ধি পোৱাৰ বিপদাশংকা বেছি আৰু ই সাধাৰণতে ফিষ্টুলাৰ সমান বেছি দিন টিকি নাথাকে।

•এই যন্ত্রই বিশুদ্ধিকৰণৰ বাবে শৰীৰৰ পৰা ডায়েলাইজাৰলৈ তেজৰ প্রবাহ পাম্প তথা

পর্যবেক্ষণ কৰে।

•এই যন্ত্রই এটা বিশেষ ডায়েলিছিছৰ মিশ্রণ(ডায়েলাইছেট) প্রস্তুত কৰে, যাক তেজ বিশুদ্ধিকৰণৰ অৰ্থে ডায়েলাইজাৰলৈ যোগান ধৰা হয়। এই যন্ত্রই ইলেক্ট্রলাইটৰ গাঢ়তা, তাপমান, পৰিমাণ, যোগান ধৰা ডায়েলাইছেটৰ চাপ পুংখানুপংখৰূপে বিনষ্ট তথা পর্যবেক্ষণ কৰে, যিবোৰ ৰোগীৰ প্রয়োজনীয়তা অনুসৰি পৰিৱর্তিত হৈ থাকে। ডায়েলিছিছ মিশ্রণে ডায়েলাইজাৰৰ মাধ্যমেৰে শৰীৰৰ পৰা অবাঞ্চিত বৰ্জনীয় পদার্থ তথা অতিৰিক্ত পানীভাগ অপসাৰণ কৰে।

. ৰোগীৰ নিৰাপত্তাৰ বাবে এই যন্ত্ৰটোৰ আছে ডায়েলাইজাৰৰ পৰা তেজ সৰকি যোৱাটো নির্ণয় কৰা বা তেজৰ বর্তনীত বায়ুৰ উপস্থিতি ধৰা পেলোৱাৰ নিচিনা বিভিন্ন ধৰণৰ নিৰাপত্তাজনিত সঁজুলি।

. সন্মুখৰ পৰ্দাতে বিভিন্ন পৰিমাপসমূহৰ প্রদর্শন আৰু বিভিন্ন ধৰণৰ সংকেতজ্ঞাপকৰ সৈতে হেমোডায়েলিছিছ যন্ত্রৰ কম্পিউটাৰযুক্ত মডেলবোৰ ডায়েলিছিছ চিকিৎসা সম্পন্ন তথা পর্যবেক্ষণ কৰিবলৈ প্ৰদান কৰা সুচলতা, নিখুঁততা আৰু নিৰাপত্তা।

. হেমোডায়েলিছিছ প্রক্রিয়াত ডায়েলাইজাৰ (কৃত্রিম বৃক্ক) হৈছে এটা নিষ্কাশক, য’ত তেজৰ বিশুদ্ধিকৰণ হয়।

• ডায়েলাইজাৰটো হৈছে প্রায় ২০ ছেঃ মিঃ আৰু ৫ ছেঃ মিঃ বহল এটা পৰিস্কাৰপষ্টিক চিলিণ্ডাৰ য’ত আছে ছিন্থেটিক ছেমি-পাৰমিয়েবল মেমব্রেনেৰে গঠিত হাজাৰ হাজাৰ টিউব সদৃশ ফোঁপোলা ফাইবাৰ।

• এই ফোঁপোলা ফাইবাৰবোৰ ইডালে সিডালৰ লগত চিলিণ্ডাৰটোৰ তল তথা ওপৰ মূৰত আৰু ব্লাড কম্পার্টমেণ্টৰ পৰা সংযোজিত। এটা দিশৰ খোলা মুখ বা ব্লাড পোর্টৰ ফালৰ পৰা ফোপোলা ফাইবাৰৰ ব্লাড কম্পার্টমেণ্ট’ত তেজ প্রৱেশ কৰে আৰু এই তেজ বিশুদ্ধ হৈ উঠাৰ পিছত আনটো মূৰেৰে ওলাই যায়।

• ডায়েলিছিছ মিশ্রণটো ডায়েলাইজাৰৰ এটা মূৰেৰে সোমাই যায়, ফাইবাৰবোৰৰ (ডায়েলাইছেট কম্পার্টমেণ্ট) বাহিৰেদি চাৰিওফালে প্রবাহিত হয় আৰু আনটো মূৰেৰে ওলাই যায়।

• হেমোডায়েলিছিছৰ প্রক্রিয়াটোত, যন্ত্রৰ দ্বাৰা পাম্প কৰা তেজ এটা মূৰৰ পৰা ডায়েলাইজাৰত প্রৱেশ কৰে আৰু হেজাৰ হেজাৰ কেপিলাৰি সদৃশ ফোঁপোলা ফাইবাৰলৈ বৈ যায়। ডায়েলিছিছ মিশ্রণটো  ডায়েলাইজাৰৰ আনটো মূৰেদি সোমাই যায়, ‘ডায়েলাইছেট কম্পার্টমেণ্ট’ত ফাইবাৰবোৰৰ বাহিৰেদি চাৰিওফালে প্রবাহিত হয়।

• হেমোডায়েলিছিছ কৰাৰ সময় প্রতি মিনিটত ৩০০ মিঃ লিঃ তেজ আৰু ৬০০ মিঃ লিঃ ডায়েলিছিছ মিশ্রণ ডায়েলাইজাৰত বিপৰীত দিশত অবিৰতভাৱে প্রবাহিত হয়। ফোঁপোলা ফাইবাৰবোৰৰ ছেমি

পাৰমিয়েল মেমব্রন যিয়ে ব্লাড আৰু ডায়েলিছিছ কম্পার্টমেণ্ট পৃথক কৰে, সিবিলাক তেজৰ পৰা বর্জনীয় পদার্থ তথা অতিৰিক্ত তৰল পদার্থসমূহ ডায়েলাইছেট কম্পার্টমেণ্টলৈ অপসাৰণ কৰিবলৈ অনুমোদন জনায়।

• বিশুদ্ধ হোৱাৰ পিছত ডায়েলাইজাৰৰ আনটো মূৰেৰে তেজ ওলাই যায়। বিষাক্ত উপাদান আৰু অতিৰিক্ত তৰল পদার্থসমূহ, যিবোৰ তেজৰ পৰা অপসাৰণ কৰা হয়, সেই পদার্থবোৰৰ সৈতে ডায়েলাইছিছ মিশ্রণটো যিটো দিশেৰে তেজ প্রৱেশ কৰে, সেই দিশেৰে ওলাই যায়।

• হেমোডায়েলিছিছ এই প্রক্রিয়াত শৰীৰৰ সকলোখিনি তেজ প্রায় ১২বাৰ বিশুদ্ধ কৰা হয়। চাৰিঘণ্টীয়া হেমোডায়েলিছিছ চিকিৎসাৰ অন্তত ব্লাড ইউৰিয়া আৰু ছিৰাম ত্রিয়েটিনিন বহুখিনি হ্ৰাস পায়, শৰীৰৰ অতিৰিক্ত তৰল পদার্থখিনি অপসাৰিত হয় আৰু ইলেক্ট্র লাইটৰ অসুবিধাখিনি দূৰ হয়।

• ডায়েলাইছেট (ডায়েলিছিছ মিশ্রণ) হৈছে তেজৰ পৰা বর্জনীয় তথা তৰল পদার্থ অপসাৰণ কৰিবলৈ হেমোডায়েলিছিছত ব্যৱহৃত এক বিশেষ তৰল পদার্থ।

• মানদণ্ডসম্পন্ন ডায়েলাইছেটৰ বিন্যাস স্বাভাৱিক বেলেগ চেলুলাৰ তৰল পদার্থৰ সৈতে একেই, কিন্তু ৰোগীৰ প্রয়োজনীয়তা অনুসৰি ইয়াৰ আৰু বিন্যাস পৰিৱর্তন কৰিব পৰা যায়।

• প্রায় ত্রিশ ভাগ উচ্চ গুণমানসম্পন্ন বিশুদ্ধিকৃত পানীৰ সৈতে এভাগ ডায়েলাইছেট কনচেনট্রেটৰ মিশ্রণেৰে এই ডায়েলাইছেট ডায়েলিছিছ যন্ত্রৰ দ্বাৰা প্রস্তুত কৰা হয়।

• ডায়েলাইছেট কনচেট্রেট হৈছে বিশেষকৈ এটা জাৰত বাণিজ্যিকভাৱে উপলব্ধ এবিধ বিশেষ তৰল পদার্থ য’ত থাকে ইলেক্ট্রলাইট, খনিজ

দ্রব্য আৰু বাইকার্বোনেটৰ উচ্চ গাঢ়তা।

• ডায়েলাইছেট প্রস্তুতিৰ বাবে সোমাই অহা কেঁচা পানীখিনি বালি নিষ্কাষক, এঙাৰ নিষ্কাষক, ৱাটাৰ ছফটেনাৰ, ৰিভাৰ্ছ অছম'ছিছ, ডিআয়’নাইজেছন আৰ আলট্রাভায়’লেট ফিল্ট্ৰেছনৰ নিচিনা প্রক্রিয়াসমূহৰ অনুক্রমেৰে বিশুদ্ধিকৃত কৰা হয়।

• এই প্রক্রিয়াসমূহেৰে বিশুদ্ধ কৰা পানী ধূলি-বালিহীন হৈ পৰে, প্ৰদূষণ, ৰাসায়নিক প্রদূষণ, খনিজ দ্রব্য, বেক্টেৰিয়া আৰু এণ্ডোটক্সিনছ মুক্ত হৈ পৰে।

• নিৰাপদ ডায়েলিছিছৰ বাবে উচ্চ মানদণ্ডৰ বিশুদ্ধিকৃত পানী অপৰিহার্য, কাৰণ প্রত্যেকবোৰ ডায়েলিছিছ কৰাৰ সময়ত ৰোগীজন প্রায় ১৫০ লিটাৰ পানীৰ ওচৰত উন্মুক্ত হৈ পৰে।

পানীত প্ৰদূষিত হৈ পৰাৰ বিপদাশংকাৰ পৰা হেমোডায়েলিছিছ কৰা ৰোগীক সুৰক্ষিত কৰি ৰাখিবলৈ পানীৰ যত্নৱান বিশুদ্ধিকৰণ আৰু ইয়াৰ মানদণ্ডৰ পৰৱৰ্তী পর্যবেক্ষণ অপৰিহার্য।

হেমোডায়েলিছিছ এজন চিকিৎসকৰ তত্বাৱধানত প্রশিক্ষিত কর্মীৰ দ্বাৰা এখন চিকিৎসালয় বা ডায়েলিছিছ চেণ্টাৰত কৰা হয়। অতি কম সংখ্যক ৰোগীৰ ক্ষেত্ৰতহে হেমোডায়েলিছিছ চিকিৎসা ঘৰত কৰা হয়। ঘৰুৱা হেমোডায়েলিছিছ সুস্থিৰ ৰোগীৰ ক্ষেত্ৰতহে কৰা হয় আৰু তাৰ বাবে  সঠিক প্রশিক্ষণ, পৰিয়ালৰ সহায় তথা পর্যাপ্ত মুকলি ঠাই আৰু টকাৰ  প্রয়োজন নহয়। বেজী সোমোৱাৰ বিষ হোৱাৰ বাহিৰে হেমোডায়েলিছিছ বেদনাপূর্ণ নহয়। হেমোডায়েলিছিছ ব্যৱস্থাত ডায়েলিছিছৰ বাবে ৰোগী চিকিৎসালয়লৈ যায় আৰু ইয়াক সম্পন্ন কৰাৰ পিছত ঘৰলৈ ঘূৰি আহে।ৰোগীয়ে সাধাৰণতে ডায়েলিছিছৰ চাৰি ঘণ্টাটো জিৰণি লৈ বৈ শুই, কিতাপ প্রয়োজন হয় পঢ়ি, গান শুনি বা টেলিভিছন চাই পাৰ কৰে। ডায়েলিছিছৰ সময়ত ৰোগীয়ে লঘু জলপান আৰু গৰম বা ঠাণ্ডা পানীয় খোৱাটো পচন্দ কৰে।

ডায়েলিছিছ কৰা সময়ছোৱাৰ সাধাৰণ সমস্যাৱলী হৈছে নিম্ন ৰক্তচাপ(হাইপোটেনছন), ওকালি অহা, বমি কৰা, পেশী ফন্দিয়াই ধৰা, দুর্বল অনুভৱ কৰা আৰু মূৰ কামোৰণি হোৱা।

• হেমোডায়েলিছিছ প্রশিক্ষিত নাৰ্ছ বা টেকনিচিয়ানৰ দ্বাৰা কৰোৱা হয়। গতিকে ই নিৰাপদ, ইয়াত মানসিক চাপ কম আৰু ৰোগীৰ বাবে আৰামদায়ক ।

• হেমোডায়েলিছিছ হৈছে এক দ্রুততৰ আৰু অধিক দক্ষ ডায়েলিছিছ পদ্ধতি। গতিকে ই পেৰিটনিয়েল ডায়েলিছিছতকৈ তুলনামূলকভাৱে কম সময় লয়।

• হেমোডায়েলিছিছ চেণ্টাৰবোৰে একেধৰণৰ সমস্যাত ভুগা অন্য ৰোগীৰ লগত সাক্ষাৎ কৰা আৰু তেওঁলোকৰ লগত ভাব বিনিময় কৰিবলৈ এখন  মঞ্চ প্রদান কৰে। এনে ভাব বিনিময়ে ৰোগীৰ মানসিক চাপ হ্রাস কৰিব পাৰে আৰু লগৰ ৰোগীসকলৰ সঙ্গ উপভোগ কৰিব পাৰে।

• যিহেতু হেমোডায়েলিছিছ সপ্তাহত কেৱল তিনিদিন কৰা হয়, গতিকে ৰোগীয়ে অধিক আজৰি সময় লাভ কৰে।

• ইয়াত সংক্রমণৰ বিপদাশংকা অতি কম।

• অধিকাংশ চেণ্টাৰতে পেৰিটনিয়েল ডাযলিছিছতকৈ হেমোডায়েলিছিছত খৰচ কম।

• হেমোডায়েলিছিছৰ বাবে নিয়মিত চেণ্টাৰলৈ যোৱাটো অসুবিধাজনক আৰু সময় খৰচী, বিশেষকৈ যেতিয়া ডায়েলিছিছ চেণ্টাৰতো দূৰণিত থাকে।

• হেমোডায়েলিছিছৰ বাবে এখন নির্ধাৰিত সময়সূচী অৱলম্বন কৰাটো বাধ্যতামূলক। ডায়েলিছিছ কৰা সময়ৰ কথা বিবেচনা কৰি ৰোগীয়ে তেওঁৰ সকলোবোৰ ক্রিয়াকলাপৰ আঁচনি যুগুতাই লোৱা

• হেমোডায়েলিছিছৰ বাবে বেজী ভৰোৱাটো বেদনাদায়ক।

• পথ্যাপথ্যৰ স্বাধীনতা অতি কম- হেমোডায়েলিছিছ ব্যৱস্থা গ্রহণ কৰি থকা ৰোগীয়ে পানীয়, নিমখ আৰু ফছফৰাছ সমৃদ্ধ খাদ্যৰ লগতে পটাছিয়াম সেৱন কৰাৰ বাধা নিষেধৰ ওপৰত আনুগত্য প্রকাশ কৰা

প্রয়োজন |

• ইয়াত হেপাটাইটিছ সংক্রমণৰ বিপদাশংকা অতি বেছি।

• অন্তিম পর্যায়ৰ বৃক্ক ৰোগ থকা ৰোগী- যিসকলে হেমোডায়েলিছিছৰ তত্বাৱধানত আছে, তেওঁলোকৰ নিয়মিত এসপ্তাহত তিনিবাৰ ডায়েলিছিছ কৰোৱা প্রয়োজন। দীঘলীয়া সুস্বাস্থ্যৰ বাবে নিয়মীয়া ডায়োলিছিছ অপৰিহাৰ্য। অনিয়মিত আৰু অপৰ্যাপ্ত` হেমোডায়েলিছিছ হানিকাৰক হ’ব পাৰে আৰু সময়ত ই মাৰাত্মক হৈ উঠিব পাৰে।

• দুবাৰ ডায়েলিছিছ কৰাৰ মাজৰ সময়ছোৱাত ওজন বৃদ্ধি পোৱাটো নিয়ন্ত্রণ কৰিবলৈ পানীয় আৰু নিমখ নিষিদ্ধ কৰাটো জৰুৰী। নিষিদ্ধ খাদ্যসমূহ হৈছে পটাছিয়াম আৰু ফছফৰাছ সমৃদ্ধ। প্রটিন সেৱন কৰাটো বৃদ্ধি কৰাটোও জৰুৰী।

• ডায়েলিছিছ ৰোগীৰ পুষ্টিহীনতা অতি সাধাৰণ কথা আৰু ইয়াৰ ফল অতি বেয়া হয়। খাদ্যত পর্যাপ্ত প্র’টিন নথকা আৰু ডায়েলিছিছ কৰাৰ সময়ত প্রটিন হেৰুওৱাটোৱে পুষ্টিহীনতাৰ পৰ্যায়লৈ লৈ যায়। গতিকে ডায়েলিছিছ ৰোগীৰ বাবে উচ্চ প্রটিনযুক্ত আহাৰ আৰু বর্ধিত কেল’ৰি সেৱন কৰাৰ পৰামর্শ দিছে।

• ডায়েলিছিছৰ তত্বাৱধানত থকা ৰোগীক খাদ্যপ্রাণ B আৰু Cকে ধৰি পানীত দ্ৰৱণীয় ভিটামিনৰ পৰিপুষ্টি প্রদান কৰা উচিত। তেওঁলোকে অভাৰ দ্য কাউণ্টাৰ পৰিহাৰ কৰা উচিত। কাৰণ সিবিলাকত প্রয়োজনীয় সকলোবোৰ ভিটামিন নাথাকিব পাৰে আৰু ভিটামিন A, E আৰু K বা  খনিজ পদার্থ থাকিব পাৰে, যিবোৰ ডায়েলিছিছ ৰোগীৰ বাবে হানিকাৰক হ’ব পাৰে।

• কেলছিয়াম, ফছফৰাছ আৰু পেৰাথাইৰড হৰম'ন স্তৰসমূহৰ ওপৰত নিৰ্ভৰ কৰি কেলছিয়াম আৰু ভিটামিন Dৰ পৰিপূৰক প্রদান কৰিবলগীয়া হ’ব পাৰে।

• ৰোগীয়ে ধুমপান পৰিহাৰ কৰা, স্বাস্থ্যৱান ওজন বর্তাই ৰখা, নিয়মিত ব্যায়াম কৰা, মাদক দ্রব্য সেৱন সীমিত কৰা ইত্যাদিৰ নিচিনা জীৱনশৈলীৰ পৰিৱর্তন আৰু সাধাৰণ মানসমূহ অৱলম্বন কৰা উচিত।

হেমোডায়েলিছিছ থকা ৰোগীয়ে ততালিকে ডায়েলিছিছ নাৰ্ছ বা চিকিৎসকসকলৰ সৈতে যোগাযোগ কৰা উচিত, যদিহে:

• AV ফিষ্টুলা থকা ঠাইৰ পৰা বা কেথেটাৰ থকা ঠাইৰ পৰা ৰক্তক্ষৰণ হয়।

• AV ফিষ্টুলাত কম্পন, ব্রুইট বা থ্রিল নাথাকে।

• অবাঞ্চিত ওজন লাভ, স্পষ্টৰূপত ওখহা বা শ্বাস-প্রশ্বাস বন্ধ হৈ যায়।

• বুকুৰ বিষ, হৃদস্পন্দনৰ হাৰ অতি মন্থৰ বা দ্রুততৰ হয়।

• উচ্চ ৰক্তচাপ বা নিম্ন ৰক্তচাপৰ গুৰুতৰ বৃদ্ধি হয়।

• ৰোগী বিভ্রান্ত, কলমটিয়াই থকা, বমিত তেজ অহা বা গুৰুতৰৰূপে দুর্বল হৈ পৰে।

 

পেৰিটনিয়েল ডায়েলিছিছ (PD) হৈছে অন্তিম পর্যায়ৰ বৃক্ক ৰোগত আক্রান্ত ৰোগীৰ বাবে অন্য এক ডায়েলিছিছ মডেলিটি, যি ব্যৱস্থা ব্যাপকভাৱে গ্ৰহণ কৰাৰ লগতে সফলো। ই হৈছে ঘৰতে কৰা ডায়েলিছিছৰ অতিকে ব্যৱহৃত পদ্ধতি।

• পেৰিটনিয়াম হৈছে এখন পাতল মেমব্ৰেণ (ছালৰ ঝিল্লী), যিয়ে এবড’মিনেল কেভিটি আৱৰি ৰাখে আৰু পাকস্থলী, অন্ত্র আৰু পেটৰ অন্যান্য অঙ্গবোৰ ধৰি ৰাখে।

• পেৰটনিয়েল মেম’ব্ৰণ হৈছে এখন প্রাকৃতিক ছেমি-পাৰমিয়েবল, মেম’ব্রণ, যিয়ে তেজলৈ ইয়াৰ মাজেৰে বৰ্জনীয় পদার্থ আৰু বিষাক্ত দ্রব্যসমূহ পাৰ হৈ যাবলৈ দিয়ে।

• পেৰিটনিয়েল ডায়েলিছিছ হৈছে পেৰিটনিয়েল মেমব্ৰণৰ মাজেৰে তেজ বিশুদ্ধিকৰণৰ এটা প্রক্রিয়া।  পেৰিটনিয়েল ডায়েলিছিছৰ প্রকাৰসমূহ হৈছে:

১। ইণ্টাৰমিটেণ্ট পেৰিটনিয়েল ডায়েলিছিছ (IPD)

২। কণ্টিনিউআছ এম্বুলেটৰী পেৰিটনিয়েল ডায়েলিছিছ (CAPD)

৩। কণ্টিনিউআছ চাইক্লিং পেৰিটনিয়েল ডায়েলিছিছ (CCPD)

১)(ІРD)

ইণ্টাৰমিটেণ্ট পেৰিটনিয়েল ডায়েলিছিছ (IPD) হৈছে চিকিৎসালয়ত ভর্তি কৰোৱা ৰোগীৰ ক্ষেত্ৰত কম মূল্যবান আৰু সফল ডায়েলিছিছ বিকল্প। IPD গুৰুতৰ ৰূপত বৃক্ক বিকলতা, শিশুৰ ক্ষেত্ৰত আৰু অন্তিম পর্যায়ৰ বৃক্ক ৰোগত জৰুৰীকালীন সময়ত ব্যাপকভাৱে ব্যৱহৃত হয়।

• IPDত বহু বিন্ধাযুক্ত এডাল বিশেষ পুষ্টিক কেথেটাৰ ৰোগীৰ পেটত স্থাপন কৰা হয় আৰু বিশেষ মিশ্রণ ডায়েলাইছেটৰ সহায়ত ডায়েলিছিছ সম্পন্ন কৰা হয়।

• IPD ২৪-৩৬ ঘণ্টীয়া কাল টিকি থাকে আৰু এই চিকিৎসাৰ সময়ছোৱাত প্রায় ৩০ৰপৰা ৪০ লিটাৰ ডায়েলাইছেট মিশ্রণ ব্যৱহৃত হয়।

• ৰোগীৰ প্রয়োজনীয়তা অনুসৰি ১-৩ দিনৰ চমু ব্যৱধানত IPDৰ পুনৰাবৃত্তি কৰা হয়।

২)CAPD

C – মানে প্রক্রিয়াটো অব্যাহত থকা (এদিনত ২৪ ঘণ্টা, এসপ্তাহত ৭ দিন অবিৰতভাৱে চিকিৎসা।)

A – মানে ৰোগীয়ে ইফালে সিফালে খোজকাঢ়ি ফুৰিব পাৰে আৰু দৈনন্দিন কাম-কাজ সম্পন্ন কৰিব পাৰে।

P – মেমব্ৰেণ যি পেটত থাকে, সি এক নিষ্কাষকৰ দৰে কাম কৰে।

D – হৈছে তেজ বিশুদ্ধিকৰণৰ এটা পদ্ধতি।

কণ্টিনিউআছ এম্বুলেটৰী পেৰিটনিয়েল ডায়েলিছিছ (CAPD) ৰ বাবে CAPD

কেথেটাৰ বুলি কোৱা কাষত ভালেসংখ্যক বিন্ধা থকা এডাল কোমল পাতল ফেক্সিবেল ছিলিকন ৰবৰৰ টিউব ব্যৱহাৰ কৰা হয়। পেৰিটনিয়েল ডায়েলিছিছৰ বাবে কেথেটাৰডাল ৰোগীৰ পেটত

অস্ত্রোপচাৰৰ জৰিয়তে সোমোৱাই দিয়া হয়। সাধাৰণতে ৰোগীৰ পেটৰ পৃষ্ঠভাগৰ মাজেদি প্রায় এক ইঞ্চি তলত আৰু নাইটোৰ কাষত স্থাপন কৰা হয়। CAPD কেথেটাৰ CAPD আৰম্ভ কৰাৰ প্রায় ১০ৰপৰা ১৪ দিন আগেয়ে লগোৱা হয়। হেমোডায়েলিছিছত ফিষ্টুলাৰ নিচিনাকৈ কেথেটাৰ হৈছে ৰোগীৰ ‘জীৱনৰেখা’।

CAPD পদ্ধতি তিনিটা পর্যায়ৰে গঠিত হৈছে: ফিল, ডুৱেল আৰু ড্রেইন।

কেথেটাৰৰ মাধ্যমেৰে বীজাণুমুক্ত প্রষ্টিক টিউবিং আৰু বেগৰ পৰা দুই লিটাৰ পেৰিটনিয়ামৰ সংস্পৰ্শলৈ আহে। যেতিয়া এই তৰল পদার্থখিনি শৰীৰৰ ভিতৰত সোমাই পৰে, তেতিয়া PD ফ্লুইডৰে খালী বেগটো পাক খাই পৰৱৰ্তী চিকিৎসা সম্পন্ন নোহোৱা পর্যন্ত ৰোগীৰ অন্তর্বাসত লাগি ৰয়।

PD ফ্লুইড (ডায়েলাইছেট) এই পেৰিটনিয়েল কেভিটিত দিনৰ ভাগত প্রায় ৪ৰপৰা ৬ ঘণ্টা আৰু নিশাৰ ভাগত ৬ৰপৰা ৮ ঘণ্টা থাকে। পেটত PD ফ্লুইড থকা এই সময়খিনিক কোৱা হয় ডুৱেল টাইম। এই ডুৱেল টাইমৰ সময়খিনিতেই বিশুদ্ধিকৰণ প্রক্রিয়া সম্পন্ন হয়।

পেৰিটোনিয়াম এটা ফিল্টাৰৰ দৰে কাম কৰে, যি তেজৰ পৰা PD ফ্লুইডলৈ বর্জনীয় তথা অতিৰিক্ত তৰল পদার্থ পাৰ হ’বলৈ অনুমতি দিয়ে। এই সময়ছোৱাত ৰোগীয়ে ইফালে সিফালে খোজকাঢ়ি ফুৰিব পৰাকৈ মুক্ত হৈ থাকে (ইয়েই হৈছে এই চিকিৎসাবিধৰ নাম, এম্বুলেটৰী মানে হৈছে খোজকঢ়া।)

ডুৱেল টাইমৰ পিছত বর্জনীয় পদার্থৰ সৈতে PD ফ্লুইড কেথেটাৰৰ মাধ্যমেৰে খালী কালেকশ্যন বেগটোলৈ (যিটো মেৰ খাই ৰোগীৰ অন্তর্বাসত লাগি আছিল) নিষ্কাষিত হৈ যায়। নিষ্কাষিত তৰল পদার্থখিনিৰে সৈতে কালেকশ্যন বেগটো ওজন কৰা হয় আৰু তাৰ পিছত নষ্ট কৰি পেলোৱা হয়।

নিষ্কাষিত হোৱা PD ফ্লুইডখিনিৰ ৰং স্পষ্ট হোৱা উচিত।

এই কেথেটাৰডাল পেটৰপৰা PD ফ্লুইড নিষ্কাষণ কৰা আৰু তাৰ ঠাইত নিকা মিশ্রণ

ভৰাওঁতে প্রায় ৩০ৰপৰা ৪০ মিনিট সময় লাগে। ভৰোৱা খালী কৰাৰ এই প্রক্রিয়াক কোৱা হয় এটা এক্সেঞ্জ। এই এক্সেঞ্জ দিনৰ ভাগত ৩ৰপৰা ৫বাৰ আৰু নিশাৰ ভাগত এবাৰ কৰা হয়। নিশাৰ ভাগৰ এই এক্সেঞ্জ শুৱলৈ যোৱাৰ ঠিক আগে আগে কৰা হয় আৰু PDৰ ফ্লুইডখিনি গোটেই নিশাটোৰ বাবে পেটত থাকিবলৈ দিয়া হয়।

(CCPD)

অটোমেটেড পেৰিটনিয়েল ডায়েলিছিছ (APD) বা কণ্টিনিউআছ চাইক্লিং পেৰিটনিয়েল ডায়েলিছিছ (CCPD) হৈছে এটা স্বয়ংক্রিয় চাইক্লাৰ যন্ত্রৰ সহায়ত ঘৰতে সম্পন্ন কৰা অবিৰত ডায়েলিছিছ চিকিৎসা। APDৰ সময়ত এটা যন্ত্রই স্বয়ংক্রিয়ভাৱে ফ্লুইডখিনি পেটলৈ ভৰাই দিয়ে আৰু পেটৰপৰা নিষ্কাষিত কৰে। এই প্রতিটো চক্র ১-২ ঘণ্টা পর্যন্ত চলে আৰু চাৰিৰ পৰা পাঁচবাৰ পর্যন্ত এক্সেঞ্জ সম্পন্ন হয়। APD প্রায় ৮ৰপৰা ১০ ঘণ্টা পর্যন্ত চলে (গোটেই নিশা) যেতিয়া ৰোগী টোপনিত থাকে। পুৱা যেতিয়া যন্ত্ৰটোৰ সংযোগ বিচ্ছিন্ন কৰা হয়, তেতিয়া সাধাৰণতে দুইৰপৰা তিনি লিটাৰ ফ্লুইড পেটত থাকিবলৈ দিয়া হয়। PD ফ্লুইডখিনি দিনৰ ভাগত পেটত থাকিবলৈ দিয়া হয় আৰু আবেলি বা নিশাৰ ভাগত যেতিয়া চাইক্লাৰ যন্ত্ৰটো সংযোজিত কৰা হয়, তেতিয়া এইখিনি নিষ্কাষিত কৰি পেলোৱা হয়। APDৰ প্রধান সুবিধাসমূহ হৈছে দিনৰ ভাগত নিয়মিত কাম-কাজৰ স্বাধীনতা আৰু যিহেতু এই প্রক্রিয়াত যন্ত্ৰটো ২৪ ঘণ্টাত কেৱল এবাৰ সংযোজিত আৰু বিচ্ছিন্ন কৰাৰ ব্যৱস্থা গঠিত হোৱাৰ বাবে ই আৰাম প্ৰদান কৰে আৰু পেৰিটোনাইটিছৰ বিপদাশংকা হ্রাস কৰে। APDৰ মূল অসুবিধা হৈছে খৰচ আৰু জটিলতা।

CAPD

PD ফ্লুইড (ডায়েলাইছেট হৈছে এবিধ বীজাণুযুক্ত মিশ্রণ, ই খনিজ পদার্থ আৰু গ্লুক’জ সমৃদ্ধ, ইয়াক পেৰিটনিয়েল ডায়েলিছিছৰ সময়ত ব্যৱহাৰ কৰা হয়। ডেক্সট’জ কনচেণ্ট্ৰেছনৰ ওপৰত ভিত্তি কৰি ভাৰতবৰ্ষত ফ্লইডৰ তিনিটা সুকীয়া ষ্ট্রেংথ উপলব্ধ (1.5%, 25% আৰু 4.5%)। PD ফ্লুইডত থকা গ্লুক’জে শৰীৰৰপৰা তৰল পদার্থ অপসাৰণত সহায় কৰে। অপসাৰণ কৰিবলগীয়া তৰল পদার্থখিনিৰ পৰিমাণৰ ওপৰত ভিত্তি কৰি প্রত্যেকজন লোকৰ বাবে বিভিন্ন ষ্ট্রেংথৰ ফ্লুইড বাছনি কৰা হয়। অধিক তৰল পদার্থ অপসাৰণৰ বাবে উচ্চ ডেক্স’ট্রজ কনচেষ্ট্ৰেছনৰ PD ফ্লুইড ব্যৱহৃত হয়। আজিকালি, নবীনতম ফ্লুইড উপলব্ধ হৈছে য’ত আছে ডেক্স’ট্ৰজৰ পৰিৱর্তে আইকোডেক্সটিন। এই নতুন তৰলবিধৰ সুবিধা হৈছে ই শৰীৰৰ তৰল পদার্থবোৰ লাহে লাহে অপসাৰণ কৰে। এই মিশ্রণ ডায়েবেটিছত আক্রান্ত বা অতি গধূৰ ৰোগীৰ বাবে অনুমোদিত আৰু ইয়াৰ ব্যৱহাৰ প্রতিদিনে কেৱল এবাৰলৈ সীমাবদ্ধ। PD ফ্লুইডৰ বেগবোৰ ১০০০ মিঃ লিঃৰপৰা ২৫০০ মিঃ লিঃৰ বিভিন্ন ভাগত বিভিন্ন পৰিমাণত উপলব্ধ।

CAPD

কণ্টিনিউআছ এম্বুলেটৰী পেৰিটনিয়েল ডায়েলিছিছৰ প্রধান সমস্যাবোৰ হৈছে:

CAPDৰ অধীনত চিকিৎসা চলাই থকা ৰোগীৰ ক্ষেত্ৰত দেখা দিয়া অতি বেছি গুৰুতৰ সমস্যাসমূহ হৈছে পেৰিটোনাইটিছ, পেৰিটোনিয়ামৰ এটা সংক্রমণ। পেটৰ বিষ, জ্বৰ, ঠাণ্ডা লগা আৰু PD ফ্লুইডৰ ঘোলা/পংকিল বহিঃপ্রবাহ (নিষ্কাষিত) হৈছে পেৰিটোনাইটিছৰ সাধাৰণ উপস্থাপন। পেৰিটোনাইটিছৰ সমস্যাৱলী পৰিহাৰ কৰিবলৈ CAPD ৰ প্রক্রিয়াটো কঠোৰ বীজাণুমুক্ত আগতীয়া সাৱধানতাৰ অধীনত কৰা উচিত আৰু কোষ্ঠকাঠিন্য পৰিহাৰ কৰি চলা উচিত। পেৰিটোনাইটিছৰ চিকিৎসাৰ ভিতৰত আছে ব্যাপক বিন্যাসৰ এণ্টিবায়টিকসমূহ, বহিঃপ্রবাহিত PD ফ্লুইডৰ কালছাৰ টেষ্ট (যিয়ে ধাৰিত এণ্টিবায়টিক বাছনি কৰাৰ অনুমতি দিয়ে) আৰু কিছুমান ৰোগীৰ ক্ষেত্ৰত PD কেথেটাৰৰ প্রয়োজনীয় হ’ব পাৰে।

অন্যান্য সমস্যাৱলী: পেট ফুলা, পেটৰ পেশীসমূহৰ দুৰ্বলতাৰ বাবে হোৱা হাৰ্ণিয়া, শৰীৰত তৰল পদার্থ অধিক হোৱা, স্রোটেল এডিমা, কোষ্ঠকাঠিন্য, পিঠিৰ বিষ, শৰীৰৰ বহিঃপ্রবাহৰ নিম্নমানৰ নিষ্কাষণ, তৰল পদার্থৰ লীকেজ আৰু ওজন বঢ়াটো ৰোগীৰ উমৈহতীয়া সমস্যা।

CAPD

• খাদ্য আৰু পানীয়ৰ কম বাধা নিষেধ।

• অধিক স্বাধীনতা। ডায়েলিছিছ ঘৰতে, কাম কৰি থাকোতে বা ভ্ৰমণৰ সময়তো সম্পন্ন কৰিব পাৰি। ডায়েলিছিছ কৰি থকাৰ সময়ত সকলোবোৰ স্বাভাৱিক কাম-কাজ সম্পন্ন কৰিব পাৰি। CAPD ৰোগীয়ে নিজেই কৰিব পাৰে- কোনো যন্ত্রপাতি, চিকিৎসালয়ৰ কৰ্মী বা পৰিয়ালৰ সদস্যৰ প্রয়োজন নাই

• এসপ্তাহত তিনিবাৰ চিকিৎসালয়লৈ যোৱাৰ নিৰ্ধাৰিত সময়সূচীৰ পৰা মুক্ত আৰু বেদনাদায়ক বেজীৰ খোচন।

• উচ্চ ৰক্তচাপ আৰু ৰক্তহীনতাৰ উত্তম নিয়ন্ত্রণ।

• তেজৰ অবিৰত পৰিস্কৰণৰ সৈতে কোমল ডায়েলিছিছ। গতিকে কোনো, উত্থান-পতন বা অসুবিধা নাই।

CAPD

• পেৰিটোনিয়াম আৰু কেথেটাৰ থকা অংশত সংক্রমণৰ বিপদাশংকা।

• এজন ৰোগীয়ে এবছৰত সমগ্র ৩৬৫ দিনৰ বাবে দিনে ৩-৫টা এক্সেঞ্জ সাৱধানতাৰে সম্পূর্ণ কৰা উচিত, এদিনো বন্ধ নৰখাকৈ। এই সম্পর্কত সকলোবোৰ নির্দেশাৱলী আৰু পৰিস্কৰণ মানদণ্ড কঠোৰভাৱে, পুংখানুপুংখ আৰু নিয়মিতভাৱে পালন কৰাটো অতি মানসিক চাপপূৰ্ণ।

• স্থায়ী এক্সটার্নেল কেথেটাৰ তথা পেটত ফ্লুইড লৈ ফুৰাটো আৰামদায়ক নহয় আৰু বহু ৰোগীৰ ক্ষেত্ৰত চেহেৰাৰ পৰিৱর্তন গ্রহণযোগ্য নহ’ব পাৰে।

• ডায়েলিছিছ মিশ্ৰণত থকা চুগাৰৰ বাবে ওজন লাভ আৰু হাইপাৰগ্ল’ইচেৰিডেমীয়া হ’ব পাৰে।

• ঘৰত গধূৰ বেগবোৰ মজুত কৰি ৰখাটো আৰু লৈ ফুৰাটো বেছি অসুবিধাজনক।

CAPD

এজন CAPDৰ অধীনত থকা ৰোগীৰ খাদ্য ব্যৱস্থাৰ পৰামর্শ অতি গুৰুত্বপূর্ণ আৰু হেমোডায়েলিছিছৰ অধীনত থকা এজন ৰোগীৰ খাদ্য ব্যৱস্থাতকৈ কিছু পৃথক

• পেৰিটনিয়েল ডায়েলিছিছত অবিৰতভাৱে পুষ্টিহীনতাত নুভুগিবলৈ উচ্চ প্রটিনযুক্ত খাদ্য খোৱাটো জৰুৰী।

• ওজন বঢ়াটো পৰিহাৰ কৰি চলিবলৈ কেলৰি সেৱন কৰাটো নিষেধ। মিশ্রণত গ্লুক’জ থাকে, যিয়ে CAPD কৰি থকা ৰোগীক অবিৰতভাৱে অতিৰিক্ত কার্বোহাইড্রেট যোগান ধৰে।

• নিমখ আৰু পানীয় সেৱনত হেমোডায়েলিছিছ কৰি ৰোগীতকৈ কম

CAPD

কণ্টিনিউআছ এম্বুলেটৰী পেৰিটনিয়েল ডায়েলিছিছৰ প্রধান সমস্যাবোৰ হৈছে:

 

CAPDৰ অধীনত চিকিৎসা চলাই থকা ৰোগীৰ ক্ষেত্ৰত দেখা দিয়া অতি বেছি গুৰুতৰ সমস্যাসমূহ হৈছে পেৰিটোনাইটিছ, পেৰিটোনিয়ামৰ এটা সংক্রমণ। পেটৰ বিষ, জ্বৰ, ঠাণ্ডা লগা আৰু PD ফ্লুইডৰ ঘোলা/পংকিল বহিঃপ্রবাহ (নিষ্কাষিত) হৈছে পেৰিটোনাইটিছৰ সাধাৰণ উপস্থাপন। পেৰিটোনাইটিছৰ সমস্যাৱলী পৰিহাৰ কৰিবলৈ CAPD ৰ প্রক্রিয়াটো কঠোৰ বীজাণুমুক্ত আগতীয়া সাৱধানতাৰ অধীনত কৰা উচিত আৰু কোষ্ঠকাঠিন্য পৰিহাৰ কৰি চলা উচিত। পেৰিটোনাইটিছৰ চিকিৎসাৰ ভিতৰত আছে ব্যাপক বিন্যাসৰ এণ্টিবায়টিকসমূহ, বহিঃপ্রবাহিত PD ফ্লুইডৰ কালছাৰ টেষ্ট (যিয়ে ধাৰিত এণ্টিবায়টিক বাছনি কৰাৰ অনুমতি দিয়ে) আৰু কিছুমান ৰোগীৰ ক্ষেত্ৰত PD কেথেটাৰৰ প্রয়োজনীয় হ’ব পাৰে।

অন্যান্য সমস্যাৱলী: পেট ফুলা, পেটৰ পেশীসমূহৰ দুৰ্বলতাৰ বাবে হোৱা হাৰ্ণিয়া, শৰীৰত তৰল পদার্থ অধিক হোৱা, স্রোটেল এডিমা, কোষ্ঠকাঠিন্য, পিঠিৰ বিষ, শৰীৰৰ বহিঃপ্রবাহৰ নিম্নমানৰ নিষ্কাষণ, তৰল পদার্থৰ লীকেজ আৰু ওজন বঢ়াটো ৰোগীৰ উমৈহতীয়া সমস্যা।

CAPD

• খাদ্য আৰু পানীয়ৰ কম বাধা নিষেধ।

• অধিক স্বাধীনতা। ডায়েলিছিছ ঘৰতে, কাম কৰি থাকোতে বা ভ্ৰমণৰ সময়তো সম্পন্ন কৰিব পাৰি। ডায়েলিছিছ কৰি থকাৰ সময়ত সকলোবোৰ স্বাভাৱিক কাম-কাজ সম্পন্ন কৰিব পাৰি। CAPD ৰোগীয়ে নিজেই কৰিব পাৰে- কোনো যন্ত্রপাতি, চিকিৎসালয়ৰ কৰ্মী বা পৰিয়ালৰ সদস্যৰ প্রয়োজন নাই

• এসপ্তাহত তিনিবাৰ চিকিৎসালয়লৈ যোৱাৰ নিৰ্ধাৰিত সময়সূচীৰ পৰা মুক্ত আৰু বেদনাদায়ক বেজীৰ খোচন।

• উচ্চ ৰক্তচাপ আৰু ৰক্তহীনতাৰ উত্তম নিয়ন্ত্রণ।

• তেজৰ অবিৰত পৰিস্কৰণৰ সৈতে কোমল ডায়েলিছিছ। গতিকে কোনো, উত্থান-পতন বা অসুবিধা নাই।

CAPD

• পেৰিটোনিয়াম আৰু কেথেটাৰ থকা অংশত সংক্রমণৰ বিপদাশংকা।

• এজন ৰোগীয়ে এবছৰত সমগ্র ৩৬৫ দিনৰ বাবে দিনে ৩-৫টা এক্সেঞ্জ সাৱধানতাৰে সম্পূর্ণ কৰা উচিত, এদিনো বন্ধ নৰখাকৈ। এই সম্পর্কত সকলোবোৰ নির্দেশাৱলী আৰু পৰিস্কৰণ মানদণ্ড কঠোৰভাৱে, পুংখানুপুংখ আৰু নিয়মিতভাৱে পালন কৰাটো অতি মানসিক চাপপূৰ্ণ।

• স্থায়ী এক্সটার্নেল কেথেটাৰ তথা পেটত ফ্লুইড লৈ ফুৰাটো আৰামদায়ক নহয় আৰু বহু ৰোগীৰ ক্ষেত্ৰত চেহেৰাৰ পৰিৱর্তন গ্রহণযোগ্য নহ’ব পাৰে।

• ডায়েলিছিছ মিশ্ৰণত থকা চুগাৰৰ বাবে ওজন লাভ আৰু হাইপাৰগ্ল’ইচেৰিডেমীয়া হ’ব পাৰে।

• ঘৰত গধূৰ বেগবোৰ মজুত কৰি ৰখাটো আৰু লৈ ফুৰাটো বেছি অসুবিধাজনক।

CAPD

এজন CAPDৰ অধীনত থকা ৰোগীৰ খাদ্য ব্যৱস্থাৰ পৰামর্শ অতি গুৰুত্বপূর্ণ আৰু হেমোডায়েলিছিছৰ অধীনত থকা এজন ৰোগীৰ খাদ্য ব্যৱস্থাতকৈ কিছু পৃথক

• পেৰিটনিয়েল ডায়েলিছিছত অবিৰতভাৱে পুষ্টিহীনতাত নুভুগিবলৈ উচ্চ প্রটিনযুক্ত খাদ্য খোৱাটো জৰুৰী।

• ওজন বঢ়াটো পৰিহাৰ কৰি চলিবলৈ কেলৰি সেৱন কৰাটো নিষেধ। মিশ্রণত গ্লুক’জ থাকে, যিয়ে CAPD কৰি থকা ৰোগীক অবিৰতভাৱে অতিৰিক্ত কার্বোহাইড্রেট যোগান ধৰে।

• নিমখ আৰু পানীয় সেৱনত হেমোডায়েলিছিছ কৰি ৰোগীতকৈ কম

বাধা নিষেধ।

• পটাছিয়াম আৰু ফছফেট সমৃদ্ধ খাদ্য নিষিদ্ধ।

• কোষ্ঠকাঠিন্য প্রতিৰোধ কৰিবৰ বাবে ফাইবাৰযুক্ত খাদ্যৰ পৰিমাণ বৃদ্ধি।

CAPD

CPAD কৰি থকা এজন ৰোগীয়ে ততালিকে ডায়েলিছিছ নাৰ্ছ বা চিকিৎসকৰ সৈতে যোগাযোগ কৰা উচিত যদিহে তেওঁৰ/তাইৰ:

• পেটৰ বিষ জ্বৰ বা চৰ্দি বাঢ়ে।

• বহিঃপ্রবাহিত PD ফ্লুইড (নিষ্কাষিত) ঘোলা/পংকিল বা তেজ বৰণীয়া হয়।

• CAPD কেথেটাৰৰ ওলাই যোৱা অংশ চাৰিওফালে বিষ, পুজ, ৰঙা পৰা, ওখহা

বা গৰম হৈ উঠে।

• পেটৰ ভিতৰত বা বাহিৰত PD ফ্লুইডৰ প্রবাহ বন্ধ হৈ পৰে বা কোষ্ঠকাঠিন্যই দেখা দিয়ে।

• অবাঞ্চিতভৱে ওজন বাঢ়িলে, স্পষ্টৰূপে ওখহিলে, শ্বাস-প্রশ্বাস বন্ধ হৈ গ’লে আৰু গুৰুতৰ উচ্চ ৰক্তচাপ বৃদ্ধি পালে (শৰীৰত তৰল পদার্থ বেছি হোৱা বুলি ধাৰণা জন্মায়)।

• নিম্ন ৰক্তচাপ, ওজন হাস, পেশী ফন্দিয়াই ধৰা আৰু আচন্দ্ৰাই কৰা

(শৰীৰত তৰল পদার্থ কমি যোৱা বুলি ধাৰণা জন্মায়)।

উৎস: কিডনী ইডুকেশ্বন ফাউ

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

শেহতীয়া উন্নীতকৰণ: : 3/31/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate