অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পুৰণি বৃক্ক ৰোগ : কাৰণসমূহ

বিভিন্ন মাহৰ পৰা আৰম্ভ কৰি কেইবা বছৰ পর্যন্ত বৃক্কৰ কাম-কাজৰ ক্রমাগত আৰু স্থায়ী হানিকেই পুৰণি বৃক্ক ৰোগ (CKD) বুলি কোৱা হয়। ৰক্ত পৰীক্ষাত হোৱা চিৰাম ত্রিয়েটিনিৰ বৰ্দ্ধিত মান আৰু চন’গ্ৰাফীত দুয়োটা বৃক্ক সৰু তথা সংকোচিত হৈ পৰাটো হৈছে পুৰণি বৃক্ক ৰোগৰ নির্দেশক চিহ্ন।

ক্রণিক ৰেনাল ফেইলিউৰ (CRF) হৈছে আগতে ব্যৱহাৰ কৰা এটা জনপ্রিয় প্রকাশ ভংগী যিটো CKDৰ সৈতে প্রায় সমর্থক। CKD হৈছে এটা উত্তম প্রকাশ ভংগী কাৰণ বৃক্ক বিকলতা শব্দ যুগলে এটা ভুল ধাৰণা জন্মায় যে বৃক্ক দুটাই কাম কৰাটো সম্পূৰ্ণৰূপে বন্ধ কৰিছে। CKDৰ অধিক ক্ষেত্ৰতে এনে নহয়। CKD থকা অধিকাংশ লোকৰে বৃক্কৰ কাম-কাজ অলপ তথা সহনীয়ভাৱে হ্রাস পায়। কিন্তু বাস্তৱিকতে বৃক্ক দুটা ‘বিকল’ নহয়।

অন্তিম পর্যায়ৰ বৃক্ক ৰোগ কি ?

পুৰণি বৃক্ক ৰোগৰ চৰম পর্যায় (পর্যায় ৫ - CKD)টো বৃক্ক বিকলতা, অন্তিম পর্যায়ৰ বৃক্ক ৰোগ (ESKD) বা অন্তিম পর্যায়ৰ বৃক্ক সম্বন্ধীয় ৰোগ (ESRD) বুলিও জনা যায়। অন্তিম পর্যায়ৰ বৃক্ক ৰোগত বৃক্কৰ কাৰ্যক্ষমতা সম্পূৰ্ণৰূপে বা প্রায় সম্পূৰ্ণৰূপে হেৰুৱাই পেলায়।

পুৰণি বৃক্ক ৰোগ হৈছে বৃক্কৰ কর্মক্ষমতাৰ এক ক্রমাগত, বৰ্দ্ধিত আৰু স্থায়ী হানি। অন্তিম পর্যায়ৰ বৃক্ক ৰোগ সাধাৰণতে CKDৰ অৱনতি ঘটা এনে এটা বিন্দুত দেখা দিয়ে যত বৃক্কৰ কাম-কাজ স্বাভাৱিকতে ১০ শতাংশ কম হয়। অন্তিম পর্যায়ৰ বৃক্ক ৰোগক পুনৰ আগৰ অৱস্থালৈ ঘূৰাই আনিব নোৱাৰি। ইয়াক অকল ৰক্ষণশীল ব্যৱস্থাপনাৰে নিয়ন্ত্রণ কৰিব নোৱাৰি, জীৱনটো ধৰি ৰাখিবলৈ ইয়াৰ বাবে প্রয়োজন ডায়েলাইছিছ বা বৃক্ক সংৰোপনৰ ।

পুৰণি বৃক্ক ৰোগ হোৱাৰ কাৰণবোৰ কি কি ?

কেইবাটাও পৰিস্থিতিৰ বাবে বৃক্কৰ স্থায়ী অনিষ্ট হ’ব পাৰে। কিন্তু পুৰণি বৃক্ক ৰোগৰ দুটা প্রধান কাৰণ হৈছে ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপ। দুই তৃতীয়াংশ ঘটনাৰ বাবে ইহঁতে দায়ী বুলি ব্যাখ্যা আগবঢ়োৱা হৈছে। পুৰণি বৃক্ক ৰোগৰ গুৰুত্বপূর্ণ কাৰণবোৰ হৈছে :

১) ডায়েবেটিছ : হিচাপমতে সকলো পুৰণি বৃক্ক ৰোগৰ প্রায় ৩৫ শতাংশৰ পৰা ৪০ শতাংশৰ বাবে ডায়েবেটিছ হৈছে বৃক্ক বিকলতাৰ অতি সাধাৰণ কাৰণ। মোটামুটিভাৱে ডায়েবেটিছ থকা প্রতি তৃতীয় জন লোকৰ পুৰণি বৃক্ক ৰোগ থকাৰ সম্ভাৱনা অধিক।

২) উচ্চ ৰক্তচাপ : সমীক্ষামতে সকলো পুৰণি বৃক্ক ৰোগৰ প্রায় ৩০ শতাংশৰ বাবে চিকিৎসা নকৰা বা অতি নিম্নমানৰ চিকিৎসা কৰা উচ্চ ৰক্তচাপেই হৈছে CKD হোৱাৰ মুখ্য কাৰণ। CKD হোৱাৰ কাৰণ যিয়েই নহওঁক উচ্চ ৰক্তচাপ হৈছে বৃক্কৰ কর্মক্ষমতাৰ পৰৱৰ্তী হানিৰ নিশ্চিত কাৰণ।

৩) গ্ল'মেৰুল'নেফ্রাইটিছঃ এই বিসংগতি হৈছে পুৰণি বৃক্ক ৰোগ হোৱাৰ আন এটা কাৰণ।

৪) পোলিচাইষ্টিক বৃক্ক ৰোগ : ই হৈছে পুৰণি বৃক্ক ৰোগ হোৱাৰ অতি সাধাৰণ বংশানুক্রমিক কাৰণ যাক দুয়োটা বৃক্কতে বহুমুখী চিষ্টৰ দ্বাৰা বিশেষীকৃত কৰা হৈছে।

৫) অন্যান্য কাৰণসমূহ : বৃক্ক দুটাৰ বয়স বৃদ্ধি পোৱা, ৰেনাল আৰ্টাৰী

ষ্টেন’ছিছ, পাত্থৰ বা আকাৰ বৰ্দ্ধিত প্রষ্টেটৰ দ্বাৰা প্রস্ৰাৱৰ প্রৱাহ ৰুদ্ধ হোৱা, ঔষধ-প্রভাৱিত বা বিক্রিয়া-প্রভাৱিত বৃক্কহানি, শিশুৰ ক্ষেত্ৰত বাৰে বাৰে হৈ থকা বৃক্ক সংক্রমণ আৰু ৰিফালক্স নেফ্ৰ’পেথি। - পুৰণি বৃক্ক ৰোগৰ দুটা অতি সাধাৰণ কাৰণ হৈছে, ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপ।

উৎস:কিডনী ইডুকেচন ফাউনডেশ্বন

শেহতীয়া উন্নীতকৰণ: : 4/23/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate