অংশিদাৰী

বৃক্ক সংৰোপণ

ইয়াত বৃক্ক সংৰোপনৰ বিষয়ে উল্লেখ কৰা হৈছে।

বৃক্ক সংৰোপণ হৈছে চিকিৎসা বিজ্ঞানত বিৰাট প্রগতিৰ সুফল।

অন্তিম পর্যায়ৰ বৃক্ক ৰোগ (ESKD)ৰ বাবে সফল বৃক্ক সংৰোপণ হৈছে সর্বোত্তম চিকিৎসা সুবিধা। সফল বৃক্ক সংৰোপণৰ পিছৰ জীৱনকাল প্রায় স্বাভাৱিক হয়।

১। প্রাক-সংৰোপণ তথ্য

২। সংৰোপণ অস্ত্রোপচাৰ

৩। সংৰোপনোত্তৰ যত্ন

৪। মৃত দাতাৰ (কেডেভেৰিক বৃক্ক সংৰোপণ)।

বৃক্ক সংৰোপণ হৈছে এটা অস্ত্রোপচাৰজনিত প্রক্রিয়া য’ত এটা স্বাস্থ্যৱান বৃক্ক (জীৱিত দাতা বা মৃত কেডেভাৰ দাতাৰপৰা লাভ কৰা) অন্তিম পর্যায়ৰ বৃক্ক ৰোগ আক্রান্ত লোকৰ (গ্রহীতা) শৰীৰত স্থাপন কৰা হয়।

বৃক্ক সংৰোপণ এজন ৰোগীৰ বাবে প্রয়োজনীয়, যিজনে অন্তিম পর্যায়ৰ বৃক্ক ৰোগত ভুগি থাকে।  একিউট (অস্থায়ী) বৃক্ক বিকলতাত আৰু স্বাভাৱিকভাৱে কাম কৰি থকা দুটা বৃক্কৰ ভিতৰৰ এটা বিকল হোৱাৰ ক্ষেত্ৰত বৃক্ক সংৰোপণৰ প্রয়োজন নাই। ঔষধৰ চিকিৎসাৰ সৈতে ডায়েলিছিছে অন্তিম পর্যায়ৰ বৃক্ক ৰোগীক সহায় কৰে, কিন্তু ই সম্পূর্ণ নিৰাময়ৰ চিকিৎসা নহয়। সফল বৃক্ক সংৰোপণ হৈছে অন্তিম পর্যায়ৰ বৃক্ক ৰোগৰ অতি সার্থক তথা একমাত্ৰ নিৰাময় কৰিব পৰা চিকিৎসা মডেলিটি। যিহেতু বৃক্ক সংৰোপণে জীৱন ৰক্ষা কৰে আৰু এজন লোকক প্রায় এটা স্বাভাৱিক জীৱন-যাপন কৰিবলৈ সমর্থবান কৰি তোলে, সেইবাবে ইয়াক 'জীৱন দান’ বুলিও কোৱা হয়।

বৃক্ক সংৰোপণৰ প্রধান উপকাৰিতাসমূহ হ’ল:

 

• সম্পূর্ণ স্বাস্থ্য উদ্ধাৰ আৰু জীৱনৰ মান।ৰোগীয়ে অধিক শক্তি, সহনশীলতা আৰু উৎপাদনশীলতাৰে প্রায় স্বাভাৱিক আৰু সক্রিয় জীৱনশৈলী যাপন কৰে।

• ডায়েলিছিছৰ পৰা মুক্ত। বিষ, সময়, খৰচ আৰু ডায়েলিছিছৰ জটিলতাবোৰৰ পৰা মক্ত।

• দীর্ঘজীৱন। ডায়েলিছিছৰ জৰিয়তে জীয়াই থকা লোকতকৈ বৃক্ক সংৰোপণ কৰা লোকসকল বেছি দিন জীয়াই থাকে।

• খাদ্য আৰু পানীয় সেৱনৰ নুন্যতম নিষিদ্ধতা।

•এটা সংৰোপণৰ সমস্যা অতি কম। ডায়েলিছিছ চিকিৎসাত জটিলতাৰ বিপদাশংকা অতি বেছি।

•খৰচ প্রভাৱী। বৃক্ক সংৰোপণৰ প্ৰাৰম্ভিক খৰচ অতি বেছি। কিন্তু দ্বিতীয় বা তৃতীয় বৰ্ষত সংৰোপণ গ্রহীতাৰ বাবে চিকিৎসাৰ ব্যয় হাস পায় আৰু সাধাৰণতে অধিক খৰচী ডায়েলিছিছ চিকিৎসা ব্যৱস্থাতকৈ কম হয়।

• পুৰুষৰ ক্ষেত্ৰত যৌন জীৱনত উন্নত হয় আৰু মহিলাৰ ক্ষেত্ৰত গর্ভধাৰণৰ সম্ভাৱনা বৃদ্ধি হয়।  CKD-ESKD

বৃক্ক সংৰোপণে বহুতো উপকাৰিতা আগবঢ়ায়, কিন্তু ইয়াৰ কিছুমান অসুবিধাও আছে। এইবোৰ হৈছেঃ

• বৃহৎ অস্ত্রোপচাৰৰ বিপদাশংকা। বৃক্ক সংৰোপণৰ বাবে সাধাৰণ চেতনা নাশকৰ অধীনত বৃহৎ অস্ত্রোপচাৰজনিত প্রক্রিয়াৰ প্রয়োজন হয়। যাৰ অস্ত্রোপচাৰ কৰাৰ সময়ত আৰু অস্ত্রোপচাৰ কৰাৰ পিছত দুয়োটাতে সম্ভাৱ্য বিপদাশংকা থাকে।

• প্রত্যাখান কৰাৰ বিপদ। শৰীৰটোৱে যে প্রতিস্থাপিত বৃক্কটো গ্রহণ কৰিব তাৰ ১০০ শতাংশ নিশ্চয়তা নাথাকে। কিন্তু অতীতৰ তুলনাত নতুন তথ্য উত্তম ইমউন'ছেপ্রেছেণ্ট ঔষধৰ উপলভ্যতাৰ বাবে এই প্রত্যাখানৰ সম্ভাৱনা অতি কম হৈ পৰিছে।

• নিয়মিত ঔষধ প্রয়োগ। বৃক্কটোৱে যিমান দিন ধৰি কাম কৰে সিমান দিন নিয়মিতভাৱে আৰু পুংখানুপুংখৰূপে ঔষধ সেৱন কৰাৰ প্রয়োজন হৈ পৰে। ইমিউন'ছাপ্রেছেণ্ট ঔষধৰ ধাৰাবাহিকতা ভঙ্গ,

পাহৰি যোৱা বা সম্পূর্ণ পালিসমূহ সেৱন নকৰাটোৱে প্রত্যাখানৰ বাবে সংৰোপিত বৃক্কটোৰ বিপদ কঢ়িয়াই আনে।

• সংক্রমণ, ঔষধৰ পাৰ্শ্ব প্রতিক্রিয়া আৰু মাৰাত্মকতাৰ অধিক বিপদ।

• মানসিক চাপ। সংৰোপণৰ আগেয়ে এজন বৃক্ক দাতালৈ অপেক্ষা কৰি থকা, সংৰোপণৰ সফলতাৰ অনিশ্চয়তা (সংৰোপিত বৃক্কটো বিফল হ’ব পাৰে) আৰু সংৰোপণৰ পিছত নতুনকৈ প্রতিস্থাপিত

বৃক্কটোৰ কাম নকৰাৰ ভয়, এইবোৰে মানসিক চাপ কঢ়িয়াই আনে।

• প্ৰাৰম্ভিক উচ্চ মানৰ ব্যয়।

এজন ৰোগী বৃক্ক ৰোগৰ অন্তিম পর্যায়ত উপনীত হ’লেও তেওঁৰ বাবে বৃক্ক সংৰোপণ কৰাটো বিপদজনক আৰু অনুমোদিত নহয় যদিহে ৰোগীজন গুৰুতৰ সক্রিয় সংক্রমণত ভুগি থাকে, সক্রিয় বা  মাৰাত্মকভাৱে চিকিৎসা বিহীন হৈ থাকে, গুৰুতৰ শাৰীৰিক সমস্যা আৰু মানসিক মন্থৰতাৰ অৱস্থাত

থাকে, অস্থিৰ কৰনেৰী আৰ্চাৰী ডিজিজ বা ৰিফ্রেক্টৰী কজেষ্টিভ হাৰ্ট ফেইলিউৰ হয়, গুৰুতৰ পেৰিফেৰেল ভাছকমুলাৰ ৰোগ আৰু অন্যান্য গুৰুতৰ চিকিৎসাজনিত সমস্যাত ভুগে।

যিসকল CKD ৰোগীৰ কৰ্কটৰোগ, এইডছ আৰু অন্যান্য ৰোগ আছে সেইবোৰ ৰোগীৰ ক্ষেত্ৰত বৃক্ক সংৰোপণ কৰা নহয়।

বৃক্ক সংৰোপণ গ্রহীতাজনৰ বয়সৰ কোনো নির্ধাৰিত মাপকাঠি নাই, কিন্তু ই সাধাৰণতে ৫ৰপৰা ৬৫ বছৰ বয়সৰ লোকৰ অনুমোদিত।

সংৰোপণৰ বাবে বৃক্কৰ তিনিটা উৎস আছে: জীৱিত সম্বন্ধীয় দাতা আৰু মৃত (কেডেভাৰ) দাতা। জীৱিত সম্বন্ধীয় দাতাসকল হৈছে গ্রহীতাৰ সৈতে তেজৰ সম্বন্ধ থকা লোক- পিতৃ-মাতৃ, ককাই-ভাই বা বাই-ভনী, পেহী, খুড়া বা ভতিজা। জীৱিত সম্বন্ধীয়বিহীন দাতাসকল হৈছে পতিপত্নী বা বন্ধু। মৃত লোকৰ (কেডেভাৰ)বৃক্কসমূহ হৈছে ব্রেইন ডেথৰ বলি হোৱা লোকৰ পৰা অপসাৰিত কৰা।

অভিন্ন যঁজাই হৈছে সংৰোপণৰ পিছত জীয়াই থকাৰ সৰ্বোচ্চ সম্ভাৱনা থকা আদর্শ বৃক্ক দাতা।

দুটা বৃক্ক বিশিষ্ট স্বাস্থ্যৱান লোকে এটা বৃক্ক দান কৰিব পাৰে, যদিহে তেজৰ গ্রুপ আৰু টিছু টাইপসমূহ গ্রহীতাৰ সৈতে মিলি যায়। সাধাৰণতে দাতাজন ১৮ৰপৰা ৬৫ বছৰ বয়সৰ ভিতৰত হোৱা উচিত।

বৃক্ক সংৰোপণত ব্লাড গ্রুপ খাপ খাই পৰাটো জৰুৰী। গ্রহীতা আৰু দাতা হয় একোট ব্লাড গ্রুপৰে হ’ব লাগিব, নহয় তলত দেখুওৱাৰ দৰে খাপ খাই পৰা গ্রুপৰ হ’ব লাগিব।

oo
A A বা B
B B বা O
AB AB,AB বা B

এটা বৃক্ক দান কৰিব পৰাকৈ এজন জীৱিত দাতা নিৰাপদ হয়নে নহয় সেই কথা সুনিশ্চিত কৰিবলৈ দাতাজনক নিদানিকভাৱে আৰু শাৰীৰিকভাৱে সম্পূৰ্ণৰূপে মূল্যায়ন কৰি ল’ব লাগিব। এজন সম্ভাব্য জীৱিত দাতাই এটা বৃক্ক দান কৰিব নোৱাৰিব যদিহে তেওঁৰ বা তাইৰ ডায়েবেটিছ মেলিটাছ, কর্কট ৰোগ, এইডছ আই ভি, বৃক্ক ৰোগ, উচ্চ ৰক্তচাপ বা গুৰুতৰ চিকিৎসাজনিত নাইবা মানসিক অসুস্থতা থাকে।

এজন সম্ভাব্য জীৱিত দাতা এটা বৃক্ক দান কৰিব পৰাকৈ নিৰাপদ হয়নে নহয় সেই কথা সুনিশ্চিত কৰিবলৈ দাতাজনক নিদানিকভাৱে আৰু শাৰীৰিকবাৱে সম্পূর্ণৰূপে মূল্যায়ন কৰি লোৱা হয়। এটা বৃক্কৰ সৈতে অধিকাংশ দাতাই এটা স্বাভাৱিক সুস্থ জীৱন যাপন কৰে। বৃক্ক দান কৰাৰ পিছত যৌন জীৱনত কোনো প্রভাৱ নপৰে। এগৰাকী মহিলাই সন্তানৰ মাতৃ হ’ব পাৰে আৰু এজন পুৰুষ দাতাই পিতৃ হ’ব পাৰে।

বৃক্ক দান অস্ত্রোপচাৰৰ সম্ভাব্য বিপদ আন যিকোনো ডাঙৰ অস্ত্রোপচাৰৰ দৰে একেই। বৃক্ক দান কৰোতাৰ ক্ষেত্ৰত সংকুচিত বৃক্ক ৰোগৰ বিপদ অলপো নহয়। কিয়নো তেওঁলোকৰ কেৱল এটাহে বৃক্ক থাকে।

মৃত দাতাৰ বৃক্ক সংৰোপণ বা ডায়েলিছিছতকৈ জীৱিত দাতাৰ বৃক্ক সংৰোপণৰ সুবিধা বহুত বেছি। বহু অন্তিম পর্যায়ৰ বৃক্ক ৰোগীৰ স্বাস্থ্যৱান তথা ইচ্ছাকৃত বৃক্ক দাতা থাকে, কিন্তু এই ক্ষেত্ৰত বাধা হৈছে ব্লাড গ্রুপ বা ক্ৰছ ইনকম্পেটিবিলিটি।

পেয়াৰড বৃক্ক দান (লাইভ ডনৰ কিডনী এক্সেঞ্জ, লিভিং ডনৰ ছৱাপ বা কিডনী ছৱাপ বুলিও জনা যায়) হৈছে এটা কৌশল, যি দুটা মিল থকা পেয়াৰ সৃষ্টি কৰিবলৈ দুজন অমিল দাতা/গ্রহীতাৰ মাজত জীৱিত দাতাৰ বিনিময়ৰো অনুমতি প্রদান কৰে। এই কাম কৰিব পাৰি যদিহে দ্বিতীয় জন প্রথম গ্রহীতাজনৰ বাবে আৰু প্রথম দাতাজন দ্বিতীয় গ্রহীতাজনৰ উপযোগী হয় (ওপৰত দেখুওৱাৰ দৰে) এই দান কৰা বৃক্কবোৰ দুটা অমিল থকা যোৰাৰ মাজত বিনিময় কৰি দুটা খাপ খাই পৰা সংৰোপণ কৰিব পাৰি।

বৃক্ক সংৰোপণ সাধাৰণতে ডায়েলিছিছ চিকিৎসাৰ এক পৰিৱর্তনশীল কালৰ পিছত কৰা হয়। ডায়েলিছিছ তত্বাৱধানৰ পদক্ষেপ গ্রহণ কৰাৰ আগেয়ে সম্পন্ন কৰা বৃক্ক প্রতিস্থাপনেই হৈছে প্রি-এম্পটিভ বৃক্ক সংৰোপণ। প্রি-এম্পটিভ বৃক্ক সংৰোপণক চিকিৎসাৰ বাবে উপযোগী অন্তিম পর্যায়ৰ বৃক্ক ৰোগীৰ ক্ষেত্ৰত বৃক্ক সংৰোপণ চিকিৎসাৰ বাবে সর্বোত্তম বিকল্প বুলি বিবেচনা কৰা হৈছে। কাৰণ ই কেৱল ডায়েলিছিছৰ বিপদাশংকা, খৰচ

আৰু অসুবিধাই পৰিহাৰ নকৰে, ডায়েলিছিছৰ পদক্ষেপ গ্রহণ কৰাৰ পিছত সম্পন্ন কৰা সংৰোপণতকৈ উত্তম গ্রাফট ছাৰভাইভেলৰ লগতো ই জড়িত। ইয়াৰ উপকাৰিতাৰ বাবে এজন লোকক ESKDত এম্পটিভ সংৰোপণৰ বিষয়ে বিবেচনা কৰিবলৈ দৃঢ়তাৰে পৰামর্শ আগবঢ়োৱা হয়, যদিহে তেওঁৰ বাবে উপযোগী দাতা থাকে।

• অস্ত্রোপচাৰৰ আগেয়ে গ্রহীতা আৰু দাতা দুয়োজনৰ স্বাস্থ্যৰ অৱস্থা তথা নিৰাপত্তা সনিশ্চিত কৰিবলৈ চিকিৎসাজনিত, শাৰীৰিক আৰু সামাজিক মূল্যায়ন সঠিকভাৱে সম্পন্ন কৰা হয় (জীৱিত বৃক্ক দাতা

সংৰোপণৰ ক্ষেত্ৰত)। বিভিন্ন পৰীক্ষা-নিৰীক্ষাসমূহেও গ্রহীতা আৰু দাতাৰ মাজত সঠিক ব্লাড গ্রুপ আৰু HLA মিলোৱাটো সুনিশ্চিত কৰে।

বৃক্ক সংৰোপণ

• বৃক্ক সংৰোপণ হৈছে নেফ্র’লজিক্ট, শল্য চিকিৎসক, পেথ'লজিষ্ট, এনাছথেটিষ্ট আৰু সহযোগী নাৰ্ছিং ষ্টাফৰ লগতে সংৰোপ সমন্বয়কসকলৰ দলগত কর্ম।

• এই প্রক্রিয়াৰ বিষয়ে সম্পূর্ণ ব্যাখ্যা আগবঢ়োৱা আৰু সন্মতি প্র-পত্ৰ সাৱধানতাৰে পঢ়ি লোৱাৰ পিছত গ্রহীতা আৰু দাতা দুয়োজনৰে সন্মতি আদায় কৰি লোৱা হয় (জীৱিত বৃক্ক দাতাৰ বৃক্ক সংৰোপণৰ ক্ষেত্ৰত)।

জীৱিত বৃক্ক দাতাৰ বৃক্ক সংৰোপণ অস্ত্রোপচাৰৰ ক্ষেত্ৰত গ্ৰহীতা আৰু দাতা দুয়োজনক একে সময়তে অস্ত্রোপচাৰ কৰা হয়।

• এই গুৰুতৰ অস্ত্রোপচাৰ তিনিৰ পৰা পাঁচ ঘণ্টা পর্যন্ত চলে আৰু ইয়াক সাধাৰণ চেতনানাশকৰ অধীনত সম্পন্ন কৰা হয়।

• জীৱিত বৃক্ক দাতাৰ বৃক্ক সংৰোপণ অস্ত্রোপচাৰৰ ক্ষেত্ৰত সাধাৰণতে মুকলি অস্ত্রোপচাৰ বা লেপাৰস্কোপি যিকোনো এটাৰ দ্বাৰা দাতাজনৰ বাওঁফালৰ বৃক্কটো অপসাৰণ কৰা হয়। অপসাৰণৰ পিছত বৃক্কটো এটা বিশেষ শীতল মিশ্রণেৰে প্রক্ষালিত কৰা হয় আৰু লগে লগে গ্রহীতাৰ পেটৰ সোঁফালৰ তলৰ অংশত (পেলভিক) স্থাপন কৰা হয়।

• অধিকাংশ ক্ষেত্ৰতে গ্রহীতাৰ পুৰণি ব্যাধিগ্রস্ত বৃক্কটো অপসাৰণ কৰা নহয়।

• যেতিয়া বৃক্কটোৰ উৎস এজন জীৱিত দাতা হয়, তেতিয়া সাধাৰণতে সংৰোপিত বৃক্কটোৱে ততালিকে কাম কৰিবলৈ আৰম্ভ কৰে। কিন্তু যেতিয়া বৃক্কটোৰ উৎস মৃত (কেডেভাৰ) বৃক্ক দাতা হয়, তেতিয়া সংৰোপিত বৃক্কটোৱে সাধাৰণতে কাম আৰম্ভ কৰিবলৈ কেইদিনমান বা এসপ্তাহহে সময় লয়। বৃক্কৰ কাম-কাজ পর্যাপ্ত হৈ নুঠালৈকে পলমকৈ কাম কৰা সংৰোপিত বৃক্কৰ গ্ৰহীতাজনৰ ডায়েলিছিছৰ প্রয়োজন।

• সংৰোপণৰ পিছত নেফ্র’লজিষ্টে ৰোগীজনৰ চোৱা-চিতা কৰে।

সংৰোপণোত্তৰ যত্ন

সম্ভাব্য সংৰোপণোত্তৰ জটিলতাসমূহ হৈছে প্রত্যাখান, সংক্রমণ, ঔষধৰ পাৰ্শ্ব-প্রতিক্রিয়া আৰু অস্ত্রোপচাৰজনিত প্রক্রিয়াৰ বিপদাশংকা।

সংৰোপণোত্তৰ যত্ন লোৱা অৱস্থাত প্রধান বিবেচনাযোগ্য বিষয়সমূহ হৈছে:

• সংৰোপণোত্তৰ ঔষধ প্রয়োগ আৰু বৃক্ক প্রত্যাখান।

• সংৰোপিত বৃক্ক স্বাস্থ্যৱান কৰি ৰাখিবলৈ আৰু সংক্রমণ প্রতিৰোধ কৰিবলৈ বৃক্ক সংৰোপণৰ পিছত ল’বলগীয়া আগতীয়া সাৱধানতাসমূহ।

অধিকাংশ নিয়মীয়া অস্ত্রোপচাৰত অস্ত্রোপচাৰোত্তৰ ঔষধ আৰু যত্ন প্রায় ৭-১০ দিন পর্যন্ত প্রয়োজন হয়, কিন্তু বৃক্ক সংৰোপণৰ পিছত জীৱনজোৰা নিয়মীয়া ঔষধ আৰু পুংখানুপুংখৰূপে যত্ন লোৱাটো

বাধ্যতামূলক।

শৰীৰৰ ৰোগ প্ৰতিৰোগ ব্যৱস্থাটো শৰীৰৰ বাবে হানিকাৰক হ’ব পৰা বেক্টেৰিয়া আৰু ভাইৰাছৰ নিচিনা অনুপ্রৱেশকাৰী বিচাৰি উলিয়াবলৈ তথা ধবংস কৰিবলৈ ৰূপাংকিত কৰা হৈছে। যেতিয়া গ্রহীতাৰ শৰীৰটোৱে স্বীকৃতি দিয়ে যে সংৰোপিত বৃক্কটো ইয়াৰ নিজৰ নহয় তেতিয়া ৰোগ প্রতিৰোধ ব্যৱস্থাই এই সংৰোপিত বৃক্কৰ ওপৰত আক্রমণ কৰে আৰু ধ্বংস কৰি পেলাবলৈ চেষ্টা কৰে। সংৰোপিত বৃক্কটোৰ ওপৰত শৰীৰৰ প্রাকৃতিক প্রতিৰক্ষা বিভাগৰ এই আক্রমণক প্রত্যাখান বুলি জনা যায়। বৃক্কৰ প্রত্যাখান তেতিয়া হয়, যেতিয়া সংৰোপণ গ্রহীতাৰ শৰীৰটোৱে সংৰোপিত বৃক্কটোক  গ্রহণ নকৰে।

বৃক্কৰ প্রত্যাখান সংৰোপণৰ পিছত যিকোনো সময়ত দেখা দিব পাৰে, কিন্তু অতি বেছিকৈ দেখা দিয়ে প্রথম ছমাহত। প্রত্যাখানৰ এই জটিলতা ৰোগী অনুসৰি ভিন্ন ভিন্ন হয়। ইয়াৰ অধিকাংশ প্রত্যাখানেই অলপীয়া আৰু সঠিক ইমিউন ছাপ্রেছেণ্ট চিকিৎসাৰ দ্বাৰা ইয়াক সহজেই নিৰাময় কৰিব পাৰি। কিন্তু কিছুমান ৰোগীৰ ক্ষেত্ৰত এই প্রত্যাখান গুৰুতৰ হ’ব পাৰে তথা চিকিৎসা ব্যৱস্থাৰ প্রতি ই সঁহাৰি নজনাব পাৰে আৰু এনে গুৰুতৰ প্রত্যাখানে বৃক্ক ধ্বংস কৰি পেলাব পাৰে।

• শৰীৰৰ ৰোগ প্রতিৰোধ ব্যৱস্থাৰ বাবে সদায়েই সংৰোপিত বৃক্কটো প্রত্যাখান কৰাৰ বিপদাশংকা থাকে।

• যদিহে শৰীৰৰ ৰোগ প্রতিৰোধ ব্যৱস্থাটোক সম্পূৰ্ণৰূপে দমন কৰি ৰখা হয়, তেন্তে প্রত্যাখানৰ বিপদাশংকা নাথাকিব, কিন্তু ৰোগীয়ে জীৱনৰ প্রতি ভাবুকি স্বৰূপ সংক্রমণত ভোগাৰ সম্ভাৱনা থাকিব।

• বৃক্ক সংৰোপণৰ পিছত ৰোগীক বিশেষ ঔষধ প্রদান কৰা হয়, যিয়ে ৰোগ প্রতিৰোধ ব্যৱস্থাক অতি সতর্কতাৰে পৰিৱর্তন কৰে আৰু প্রত্যাখান প্রতিৰোধ কৰে, কিন্তু সংক্রমণৰ বিপক্ষে যুঁজ দিবলৈ ৰোগীৰ সামর্থতাক ন্যূনতমভাৱে প্রভাৱিত কৰে। এনে বিশেষ ঔষধবোৰক ইমিউনছাপ্রেছেণ্ট ড্রাগছ বুলি জনা যায়।

• অতি ব্যাপকভাৱে ব্যৱহৃত ইমিউন ছাপ্রেছেণ্ট ড্রাগছবোৰ হৈছে প্রেনডিছোলন, ছাইক্ল’ছপৰিণ, এজাথিঅ’প্রিণ, মাকোফেনোলেট ম’ফেটিল (MMF), টেক্ৰলিমাছ আৰু ছিৰ'লিমাছ।

বৃক্কৰ প্রত্যাখান প্রতিৰোধ কৰিবৰ বাবে ইমিউন'ছাপ্রেছেণ্ট ড্রাগছ আজীৱন ব্যৱহাৰ কৰিবলৈ দিয়া হয়। সাধাৰণতে আৰম্ভণিতে কেইবাটাও সংৰোপিত বৃক্কটোক ইমিউন ছাপ্রেছেণ্ট ঔষধ ব্যৱহাৰ কৰিবলৈ দিয়া হয়। কিন্তু এই ঔষধৰ সংখ্যা আৰু তাৰ পালিবোৰ সময় পাৰ হোৱাৰ লগে লগে ক্রমান্বয়ে হ্ৰাস কৰি অনা হয়।

বৃক্ক সংৰোপণৰ পিছত ইমিউন’ছাপ্রেছেণ্ট ড্রাগছৰ লগতে এণ্টিহাইপাৰটেনছিভ ড্রাগছ, ডিউৰেটিকছ, কেলছিয়াম, ভিটামিন, সংক্রমণৰ চিকিৎসা বা প্রতিকাৰৰ বাবে ঔষধ আৰু এণ্টি-আলছাৰ ঔষধসমূহ প্রধানকৈ প্রেছক্রাইব কৰা হয়।

ইমিউন ছাপ্রেছেণ্ট ড্রাগছৰ সাধাৰণ পার্শ্ব-প্রতিক্রিয়াবোৰ তলত সংক্ষেপে দিয়া হ’ল:

প্রেনডিছোলন

ওজন বঢ়া, উচ্চ ৰক্তচাপ, গেষ্ট্ৰিকৰ জ্বলা-পোৰা,ভোক বেছিকৈ লগা, ডায়েবেটিছৰ বৰ্ধিত

বিপদাশংকা, অষ্টিঅ'পৰ'ছিছ, কেটেৰেক্ট।

 

চাইক্ল’ছপৰিণ

 

উচ্চ ৰক্তচাপ, অলপীয়া কঁপনি, চুলি বেছিকৈ বঢ়া, আঠাযুক্ত পানীৰে ওখহা, ডায়েবেটিছৰ বৰ্ধিত বিপদাশংকা, বৃক্ক নষ্ট হোৱা।

 

এজাথিঅ’প্ৰিণ

বোনমেৰু ছাপ্রেছন, সংক্রমণ বর্ধিত আশংকা।

 

ММF

 

পেটৰ বিষ, ওকালি অহা, বমি কৰা আৰু ডায়েৰিয়া।

টেক্ৰলিমাছ |

উচ্চ ৰক্তচাপ, ডায়েবেটিছ, কঁপনি, মূৰ কামোৰণি, বৃক্ক নষ্ট হোৱা।

 

ছিৰোলিমাছ

 

উচ্চ ৰক্তচাপ, ৰক্তকোষৰ পৰিমাণ কম হোৱা, ডায়েৰিয়া ব্রুণ ৰোগ, গাঁঠিৰ বিষ, বর্ধিত কলেষ্টেৰল, ট্ৰাইগ্লিচাৰডিছ।


 

সংৰোপিত বৃক্ক বিফল হ’লে দুটা চিকিৎসা বিকল্প আছে: দ্বিতীয় সংৰোপণ বা ডায়েলিছিছ

সফল বৃক্ক সংৰোপণে নতুন, স্বাভাৱিক, স্বাস্থ্যৱান আৰু স্বতন্ত্ৰ জীৱন প্রদান কৰে। কিন্তু সংৰোপিত বৃক্কটো সুৰক্ষিত কৰি ৰাখিবলৈ আৰু সংক্রমণৰ প্রতিকাৰ কৰিবলৈ নির্দিষ্ট আগতীয়া সাৱধানতাৰে এটা শৃংখলিত জীৱন-যাপন কৰাটো অপৰিহার্য।

  • ঔষধ সেৱন কৰাটো কেতিয়াও বন্ধ নকৰিব বা ইয়াৰ পালিবোৰ সলনি নকৰিব। মনত ৰাখিব অনিয়মীয়তা, ঔষধৰ সাল-সলনি বা ধাৰাবাহিকতা ভংগ হৈছে সংৰোপণ বিফলতাৰ এটা অতি উমৈহতীয়া কাৰণ।
  • সদায় আপোনাৰ ঔষধসমূহ এখন তালিকা প্রস্তুত কৰি লওঁক আৰু পর্যাপ্ত পৰিমাণে মজুত ৰাখক। কোনো অভাৰ দ্য কাউণ্টাৰ ড্রাগছ বা বনৌষধিৰ চিকিৎসা নকৰিব।
  • চিকিৎসকৰ লগত নিয়মিত সাক্ষাৎকাৰ আৰু পৰামর্শ অনুযায়ী পৰীক্ষাগাৰৰ পৰীক্ষা-নিৰীক্ষা সম্পন্ন কৰাটো বাধ্যতামূলক।
  • কেৱল প্রতিষ্ঠিত পৰীক্ষাগাৰতহে তেজ পৰীক্ষা কৰিবলৈ দিয়ক। যদিহে পৰীক্ষাগাৰৰ প্রতিবেদনসমূহ সন্তোষজনক নহয়, তেন্তে আগতীয়াকৈ আপোনাৰ চিকিৎসকৰ পৰামর্শ গ্রহণ কৰাটো পৰামৰ্শনীয়।
  • জৰুৰীকালীন সময়ত আপুনি যদিহে এজন চিকিৎসকৰ পৰামর্শ ল’বলৈ বিচাৰে, যিয়ে ৰোগটোৰ বিষয়ে নাজানে, তেখেতক আপুনি যে এজন সংৰোপণগ্রহীতা সেই কথা জনাবলৈ নাপাহৰিব আৰু লগতে তেখেতক ঔষধবোৰৰ বিষয়েও বিতংকৈ জনাওক।
  • সংৰোপণৰ পিছত খাদ্যৰ বাধা নিষেধসমূহ বহু কম হয়। অনুমোদন অনুযায়ী পর্যাপ্ত কেলৰি আৰু প্রটিনযুক্ত সন্তুলিত আহাৰ খাওক আৰু ভোজন কৰাৰ নিয়মীয়া সময় বাহাল ৰাখক। ওজন বৃদ্ধি পোৱাটো পৰিহাৰ কৰিবলৈ নিমখ, চেনি আৰু চর্বি কমকৈ থকা তথা ফাইবাৰ বেছিকৈ থকা খাদ্য খাওক।
  • প্রত্যেকদিনে তিনি লিটাৰতকৈ অধিক পানী খাওক।
  • নিয়মিত ব্যায়াম কৰক আৰু ওজন নিয়ন্ত্ৰণত ৰাখক। গুৰুতৰ শাৰীৰিক ক্রিয়াকলাপ আৰু বক্সিং, ফুটবলৰ নিচিনা সংস্পৰ্শলৈ অহা গুৰুক্রীড়া পৰিহাৰ কৰক।
  • চিকিৎসকৰ লগত আলোচনা কৰাৰ পিছত সংৰোপণৰ প্রায় দুমাহ পিছত নিৰাপদ যৌনক্রিয়া পুনৰ আৰম্ভ কৰিব পাৰে।
  • ধুমপান পৰিহাৰ কৰক আৰু মদ্যপান নকৰিব।
  • চিনেমা হল, শ্বপিং মল, জন পৰিবহণৰ নিচিনা মানুহৰ ভিৰ থকা ঠাইৰ পৰা আৰু সংক্রমিত লোকৰপৰা আতৰত থাকক।
  • সংৰোপণোত্তৰ কালৰ প্রথম তিনি মাহত জন সমাগম হোৱা ঠাইত সদায়েই এটা বীজাণুমুক্ত মুখা পৰিধান কৰক।

আপুনি খোৱাৰ আগেয়ে, ঔষধ সেৱন বা প্রস্তুত কৰাৰ আগেয়ে আৰু স্নানাগাৰলৈ যোৱাৰ পিছত সদায়েই আপোনাৰ হাত দুখন চাবোন আৰু পানীৰে ধোৱক৷

• ফিল্টাৰ কৰা উতলোৱা পানী খাওক।

• পৰিষ্কাৰ বাচন-বৰ্তনত ঘৰতে ৰন্ধা সিজোৱা সতেজ আহাৰ খাওঁক। বাহিৰৰ তথা নৰন্ধাকৈ খোৱা আহাৰ খোৱাটো পৰিহাৰ কৰক। সংৰোপণৰ পিছত প্রথম তিনি মাহ কেঁচা ফল আৰু শাক-পাচলি

খোৱাটো পৰিহাৰ কৰক।

• ঘৰত সঠিক পৰিস্কৰণ পদ্ধতি বাহাল ৰাখক।

• দিনে দুৱাৰ ব্ৰাছ কৰি দাঁতৰ ভালদৰে যত্ন লওঁক।

• যিকোনো কটা-ছিঙা, ঘঁহনি বা ঘর্ষণৰ হোৱা ঘাঁ উপেক্ষা নকৰিব। সেইবোৰ ততালিকে চাবোন, পানী আৰু পৰিষ্কাৰ ড্ৰেছিঙেৰে পৰিষ্কাৰ কৰি পেলাওক |

• জ্বৰ ১০০ ডিগ্রী ফাৰেনহাইটতকৈ বেছি হয় আৰু চর্দি, গাৰ বিষ আৰু অবিৰত মূৰৰ বিষ হয়।

• সংৰোপিত বৃক্কটোৰ চাৰিওফালে বিষ হয় বা ৰঙা পৰে।

• প্রস্ৰাৱৰ বহির্গমন স্পষ্টৰূপত কমে, শৰীৰত তৰল পদার্থৰ মজুত (ওখহা) বা ওজন বাঢ়ে (এদিনত ১ কিঃ গ্রামতকৈ বেছি হ’লে)।

• প্রস্ৰাৱত তেজ পৰে বা প্রস্ৰাৱ কৰাৰ সময়ত জ্বলা-পোৰা কৰে।

• কাহ, শ্বাস-প্রশ্বাস বন্ধ, বমি বা ডায়েৰিয়া হয়।

• যিকোনো নতুন বা অস্বাভাৱিক লক্ষণ দেখা দিয়ে।

পুৰণি বৃক্ক ৰোগৰ অন্তিম পর্যায় বৃক্ক বিকল হোৱা ৰোগীৰ বাবে বৃ্ক্ক সংৰোপণ হৈছে অতি সার্থক তথা সর্বোত্তম চিকিৎসা বিকল্প। বৃহৎ সংখ্যক ৰোগীৰ ইয়াক প্রয়োজন আৰু বৃক্ক সংৰোপণ কৰিবলৈ তেওঁলোকে কামনা কৰে। ইয়াৰ সীমিত সমাধানযোগ্যতাৰ তিনিটা গুৰুত্বপূর্ণ কাৰণ হৈছে:

১। জীৱিত (সম্বন্ধীয় বা সম্বন্ধহীন) বা মৃত (কেডেভেৰিক) যিকোনো এটা বৃক্ক দাতা থকাটো বহুতৰ মাজত মাত্ৰ কেইজনমান ৰোগীৰ ভাগ্যতহে ঘটে। এজন জীৱিত দাতা লাভ কৰাটো প্রধান সমস্যা আৰু মৃত বৃক্ক দাতাৰ বাবে এই অপেক্ষাৰ তালিকাখন অতি দীঘল।

২। সংৰোপণ অস্ত্রোপচাৰ আৰু সংৰোপণোত্তৰ কালৰ জীৱনজোৰা ঔষধৰ খৰচ অতি বেছি, যিটো উন্নয়নশীল দেশবোৰৰ বৃহৎ সংখ্যক ৰোগীৰ বাবে মূল সমস্যা।

৩। বহুতো উন্নয়নশীল দেশত বৃক্ক সংৰোপণৰ সা-সুবিধা সহজে উপলভ্য নহয়।

ই হৈছে এটা অস্ত্রোপচাৰৰ যত ব্রেইন ডেথ বা কার্ডিয়াক ডেথত মৃত্যুবৰণ কৰা এজন লোকে দান কৰা এটা স্বাস্থ্যৱান বৃক্ক পুৰণি বৃক্ক ৰোগীৰ শৰীৰত সংৰোপিত কৰা হয়। তাকেই ডিচীজত বা কেডেভাৰ সংৰোপণ বুলি জনা যায়। এই ডিচীজত (কেডেভেৰিক)বৃক্ক এনে এজন লোকৰ পৰা লাভ কৰা হয়, যিজন লোকৰ সদ্যহতে মৃত্যু ঘটিছে আৰু লোকজন বা তেওঁৰ পৰিয়ালে মৃত্যুৰ পিছত তেওঁৰ/তাইৰ অঙ্গ-প্রত্যঙ্গসমূহ দান কৰাৰ ইচ্ছা প্রকাশ কৰিছে।

বৃক্ক সংৰোপণৰ বাবে আগ্রহী তথা অপেক্ষা কৰি থকা পুৰণি বৃক্ক ৰোগৰ বৃহৎ সংখ্যক ৰোগীয়ে জীৱিত বৃক্ক দাতাৰ উপলভ্যতাৰ গুৰুতৰ অভাৱৰ বাবে ডায়েলিছিছৰ ব্যৱস্থা গ্রহণ কৰি আহিছে। এনে ৰোগীসকলৰ একমাত্র আশা হৈছে মৃত বা কেডেভাৰ দাতাৰ পৰা বৃক্ক গ্রহণ কৰা। মৃত্যুৰ পিছত

যদি এজন লোকে তেখেতৰ বা তাইৰ বৃক্ক দান কৰি আন এজন লোকৰ জীৱন ৰক্ষা কৰিব পাৰে, তেন্তে ই হৈছে এক অতি মহৎ আৰু স্বার্থৰহিত মানৱ সেৱা। মৃত লোকৰ বৃক্ক সংৰোপণে মানৱ শৰীৰৰ অবৈধ ব্যৱসায় অন্ত পেলোৱাতো সহায় কৰে।মৃত্যুৰ অতি সহজ সংজ্ঞাটো হৈছে হৃদযন্ত্রৰ কাম তথা শ্বাস-প্রশ্বাস পুনৰ আৰম্ভ কৰিব নোৱাৰাকৈ তথা স্থায়ীভাৱে বন্ধ হৈ পৰা। ‘ব্রেইন ডেথ’

হৈছে মগজুৰ সকলোবোৰ কাম-কাজ সম্পূৰ্ণৰূপে আৰু পুনৰায় আৰম্ভ কৰিব নোৱাৰাকৈ বিৰাম লোৱা (বন্ধ হোৱা), যিয়ে মৃত্যুৰ পৰ্যায়লৈ লৈ

যায়। ভেণ্টিলেটৰৰ সহায়ত চিকিৎসালয়ত ভর্তি হৈ থকা সংজ্ঞাহীন ৰোগীৰ ‘ব্রেইন ডেথ’ৰ নিৰূপণ কৰে চিকিৎসকে।

ব্রেইন ডেথ নির্ণয়ৰ মাপকাঠিসমূহ হৈছে:

১। ৰোগীজন সম্পূৰ্ণৰূপে কমা অৱস্থাত থাকিব লাগিব আৰু এই কমাৰ কাৰণ (উদাহৰণস্বৰূপে হেড ট্রমা, ব্রেইন হেমোৰেজ ইত্যাদি) ৰোগীৰ ইতিহাস, নিদানিক পৰীক্ষা-নিৰীক্ষা, গৱেষণাগাৰৰ পৰীক্ষা-নিৰীক্ষা আৰু নিউৰ ইমেজিঙৰ দ্বাৰা দৃঢ়তাৰে প্রতিষ্ঠিত হ’ব লাগিব। কিছুমান নির্দিষ্ট ঔষধ (উদাহৰণস্বৰূপে ছিডেটিভছ, এণ্টিকনভালছেণ্টছ, মাছল ৰিলেণ্টেছ, এণ্টি ডিপ্রেছেণ্টছ, হাইপ’টিকছ আৰু নাৰকটিকছ), মেটাবলিক আৰু এণ্ডচাইন কাৰণসমূহে সংজ্ঞাহীনতাৰ পৰ্যায়লৈ লৈ যাব পাৰে, যি আচলতে ভুৱা ব্রেইন ডেথ। ব্রেইন ডেথ নিশ্চিতভাৱে নির্ণয়ক কৰাৰ আগেয়ে এনেবোৰ কাৰণ বাদ দিয়া হয়। ব্রেইন ডেথৰ বিবেচনা কৰাৰ আগেয়ে চিকিৎসকে নিম্ন ৰক্তচাপ, শৰীৰৰ কম তাপমান আৰু শৰীৰত অক্সিজেনৰ পৰিমাণ কম হোৱা ইত্যাদিবোৰ শুদ্ধ কৰি লয়।

২। এটা পর্যাপ্ত সময়ৰ বাবে বিশেষজ্ঞৰ যত্নত সঠিক চিকিৎসাত থকা স্বত্বেও অবিৰতভাৱে গভীৰ কমাত থকাটোৱে ‘ৰোগী ভাললৈ অহাৰ সম্ভাৱনা নাকচ কৰে |’

৩। স্বতঃস্ফূর্ত শ্বাস-প্রশ্বাস নথকা, ৰোগী ভেণ্টিলেটৰৰ সহায়ত থকা।

৪। ভেণ্টিলেটৰ আৰু অন্যান্য জীয়াই ৰখাৰ সঁজুলিৰে শ্বসন, ৰক্তচাপ আৰু ৰক্ত প্রবাহ নিয়ন্ত্রিত কৰা।

সংজ্ঞাহীন ৰোগীৰ ভেণ্টিলেটৰৰ প্রয়োজন হ’বও পাৰে নহ’বও পাৰে আৰু সঠিক চিকিৎসাৰ পিছত সংজ্ঞা ঘুৰি অহাৰ সম্ভাৱনা থাকে। আনহাতে ব্রেইন ডেথ হোৱা ৰোগীৰ হানি গুৰুতৰ তথা পুনৰুদ্ধাৰ কৰিব নোৱাৰা হয় আৰু তেওঁ/তাইক কোনো চিকিৎসাজনিত বা অস্ত্রোপচাৰজনিত চিকিৎসাৰে স্বাস্থ্য উদ্ধাৰ কৰিব নোৱাৰিব। ‘ব্রেইন ডেথ হোৱা ৰোগীৰভেণ্টিলেটৰৰ চুইচ অফ কৰি দিয়াৰ লগে লগে শ্বসন তথা হৃদস্পন্দন বন্ধহৈ যায়। কিন্তু মনত ৰাখিব যে ৰোগীজনৰ ইতিমধ্যেই মৃত্যু হৈছে আৰু ভেণ্টিলেটৰটো অপসাৰণ কৰাটো ৰোগীৰ মৃত্যুৰ কাৰণ নহয়। ‘ব্রেইনডেথ’ৰ ৰোগীক অনিশ্চিত সময়ৰ বাবে ভেণ্টিলেটৰত থাকিবলৈ দিব নোৱাৰিব, কিয়নো ৰোগীৰ হৃদপিণ্ডটো আপেক্ষিকভাৱে সোনকালেই বন্ধ হৈ পৰিব।

চকু দান কৰাৰ নিচিনাকৈ মৃত্যুৰ পিছত বৃক্ক দান কৰাটো সম্ভৱ নহয়। মৃত্যু সংঘটিত হোৱাৰ লগে লগে হৃদযন্ত্রৰ ক্রিয়া বন্ধ হৈ পৰে আৰু একে সময়তে বৃক্কলৈ ৰক্ত প্রবাহো বন্ধ হৈ যায়। ইয়ে বৃক্কৰ পুনৰুদ্ধাৰ কৰিব নোৱাৰা হানি কৰে, যিয়ে বৃক্ক সংৰোপণৰ বাবে ইয়াৰ ব্যৱহাৰত বাধা আৰোপ কৰে।

ব্রেইন ডেথৰ উমৈহতীয়া কাৰণবোৰ হৈছে মূৰৰ আঘাত (দুর্ঘটনা), ইন্ট্ৰেক্রেনিয়েল ব্রেই হেমোৰেজ, ব্রেইন ইনফ্রে”ৰু ব্রেইন টিউমাৰ পর্যাপ্ত সময়ৰ বাবে ভেণ্টিলেটৰ আৰু অন্যান্য জীৱনৰ ৰক্ষাকাৰী সঁজুলিৰ সহায়ত যেতিয়া এজন গভীৰ কমাত থকা ৰোগীয়ে নিদানিক তথা নিউৰ'লজিকেল পৰীক্ষা-নিৰীক্ষাত কোনো উন্নতি প্রদর্শন নকৰে, তেতিয়াই ‘ব্রেইন ডেথ’ৰ সম্ভাৱনা প্রকাশ কৰা হয়।

ব্রেইন ডেথ নির্ণয় কৰে এদল চিকিৎসকে, যিসকল বৃক্ক সংৰোপণৰ লগত জড়িত নহয়। এই চিকিৎসকৰ দলটোত থাকে ৰোগীৰ চিকিৎসা কৰি থকা চিকিৎসকজন, এজন ফিজিচিয়ান, এজন নিউৰ'ছাৰ্জন ইত্যাদি যিসকলে ৰোগীৰ স্বতন্ত্র পৰীক্ষা-নিৰীক্ষাৰ পিছত ‘ব্রেইন ডেথ’ বুলি ঘোষণা কৰে। বিস্তৃত নিদানিক পৰীক্ষা-নিৰীক্ষা, বিভিন্ন ধৰণৰ গৱেষণাগাৰিক পৰীক্ষা আৰু মগজুৰ বাবে বিশেষ ইচিজি টেষ্ট আৰু অন্যান্য পৰীক্ষা-নিৰীক্ষা কৰি মগজু নষ্ট হোৱাৰ পৰা উদ্ধাৰ পোৱাৰ সকলোবোৰ সম্ভাৱনীয়তা উদঘাটন কৰা হয়। যেতিয়া সকলোবোৰ পৰীক্ষা-নিৰীক্ষা আৰু অনুসন্ধানে উদ্ধাৰ পোৱাৰ কোনে সম্ভাৱনা নাই বুলি নিশ্চয়তা প্রকাশ কৰে, তেতিয়া ‘ব্রেইন ডেথ’ৰ ঘোষণা কৰা হয়।

উল্লেখিত পৰিস্থিতিসমূহত এজন ব্রেইন ডেথ দাতাৰ পৰা এটা বৃক্ক গ্রহণ কৰিব পৰা নাযায়ঃ

১। এজন সক্রিয় সংক্রমিত ৰোগী।

২। HIV বা হেপাটাইটিছ-Bত আক্রান্ত এজন ৰোগী।

৩। দীর্ঘদিন ধৰি উচ্চ ৰক্তচাপ, ডায়েবেটিছ মেলিটাছ, বৃক্ক ৰোগত ভুগি থকা বা বৃক্ক বিকল হৈ থকা এজন ৰোগী।

৪। কৰ্কট ৰোগী (ব্রেইন টিউমাৰ বাদ দি)

৫। ১০ বছৰতকৈ কম আৰু ৭০ বছৰতকৈ বেছি বয়সৰ এজন ৰোগী।

কেডেভাৰ দাতাই দুয়োটা বৃক্কই দান কৰিব পাৰে আৰু দুটা জীৱন ৰক্ষা কৰিব পাৰে। বৃক্কৰ উপৰিও দান কৰিব পৰা অন্যান্য অঙ্গবোৰ হ’ল—

চকু, হৃদযন্ত্র, যকৃত, ছাল, অন্ত্র ইত্যাদি।

মৃত লোকৰ (কেডেভেৰিক) বৃক্ক সংৰোপণৰ বাবে সঠিক দলীয় কর্ম অপৰিহার্য। ইয়াৰ ভিতৰত আছে:

• বৈধ সন্মতিৰ বাবে মৃত বৃক্ক দাতাজনৰ সম্বন্ধীয় লোকসকল।

• দাতাজনৰ চিকিৎসা কৰি থকা চিকিৎসকজন।

• কেডেভাৰ সংৰোপণ সমন্বয়কজন, যিজনে বৃক্ক দানৰ বাবে ৰোগীৰ সম্পৰ্কীয় লোকসকলক বুজনি

দিয়া আৰু সহায় কৰে।

• নিউৰ'লজিষ্ট যিয়ে ব্রেইন ডেথ নির্ণয় কৰে।

• নেফ্র’লজিষ্ট, ইউৰ’লজিষ্ট আৰু তেওঁলোকৰ দলটো যিয়ে বৃক্ক সংৰোপণৰ কাম সম্পন্ন কৰে।

মৃত লোকৰ বৃক্ক সংৰোপণৰ গুৰুত্বপূর্ণ দিশবোৰ হ’ল:

• ব্রেইন ডেথৰ সঠিক নির্ণয় বাধ্যতামূলক কৰা।

• দুয়োটা বৃক্কই যে সম্পূর্ণৰূপে সুস্থ আৰু অসুবিধা হোৱাকৈ দাতাজনৰ যে কোনো ব্যৱস্থাগত ৰোগ নাই, সেই কথা সুনিশ্চিত কৰিবলৈ প্রয়োজনীয় অনুসন্ধান কৰা |

• দাতাজনৰ সম্পৰ্কীয় লোকৰ সন্মতি আদায় কৰা।

• শৰীৰৰ পৰা দুয়োটা বৃক্কই অপসাৰণ নকৰালৈকে শ্বাস-প্ৰশ্বাস, হৃদস্পন্দন আৰু ৰক্তচাপ অটুট ৰাখিবলৈ দাতাজনক ভেণ্টিলেটৰ আৰু অন্যান্য জীৱন ৰক্ষাকাৰী সঁজুলিৰ অধীনত ৰখা।

• অপসাৰণৰ পিছত বৃক্কটো এক বিশেষ শীতল তৰলেৰে প্ৰক্ষালিত কৰা আৰু বৰফৰ মাজত সংৰক্ষণ কৰা।

• এজন মৃত দাতাই দুয়োটা বৃক্কই দান কৰিব পাৰে, গতিকে মৃত লোকৰ বৃক্ক সংৰোপণৰ বাবে দুজন গ্ৰহীতা থাকিব লাগে।

• মৃত লোকৰ বৃক্ক সংৰোপণৰ বাবে এটা ৱেটিং লিষ্টৰ পৰা ব্লাড গ্ৰুপ, মেচ্চিং আৰু টিছু ক্ৰছ মেচ্চিং কৰি সঠিক গ্ৰহীতা বাছনি কৰা।

• যিহেতু সোনকালে সংৰোপণ কৰাটো উপকাৰী, সেয়েহে প্ৰস্তুতিৰ পিছত ততালিকে দুয়োজন গ্ৰহীতাৰে বৃক্ক সংৰোপণ অস্ত্ৰোপচাৰ সম্পন্ন কৰা।

• গ্ৰহীতাৰ ক্ষেত্ৰত বৃক্ক সংৰোপণৰ অস্ত্ৰোপচাৰ পদ্ধতি মৃত বা জীৱিত বৃক্ক দানৰ সৈতে একেই।

• অক্সিজেনৰ অভাৱত সংৰোপনৰ আগেয়ে বৃক্কৰ সংৰোপন পৰ্যায়ত বৃক্কটোৰ কিছু হানি হয়, কাৰণ বৃক্কটোলৈ ৰক্ত প্ৰৱাহিত নহয় আৰু বৰফৰ মাজত মজুত কৰা বাবে ই ঠাণ্ডা উন্মুক্ত হৈ পৰে। এনে ধৰণৰ হানিৰ বাবে মৃত লোকৰ বৃক্কই সংৰোপণৰ ঠিক পিছতে কাম কৰিব নোৱাৰিব পাৰে আৰু বহু ৰোগীৰ ক্ষেত্ৰত এই পৰ্যায়টোত এটা হ্ৰস্বকালীন ডায়েলিছিছৰ সহায় প্ৰয়োজন হ’ব পাৰে।

দাতাজনৰ পৰিয়ালবৰ্গই কোনোধৰণৰ ধন লাভ নকৰে আৰু বৃক্ক গ্ৰহণ কৰোঁতাজনেও বৃক্কটোৰ বাবদ কাকো মূল্য পৰিশোধ কৰাৰ প্ৰয়োজন নাই। যদিহে মৃত্যুৰ পিছতো বৃক্ক দানে কোনোবা এজনক জীৱন দান কৰিব পাৰে, তেন্তে সেয়াই হৈছে এটা অমূল্য উপহাৰ। এনে মহানুভৱতা তথা মানৱীয়তাৰ পুৰস্কাৰ হৈছে বিৰাট আনন্দ আৰু সন্তুষ্টিৰ বিষয়। অভাৱী মৃত লোকজনে কৰা এটা জীৱন ৰক্ষাৰ সন্তুষ্টি যিকোনো লাভালাভতকৈ বহু বেছি।

মৃত লোকৰ বৃক্ক সংৰোপণৰ বাবে ৰাজ্যিক তথা কেন্দ্রীয় চৰকাৰৰ স্বীকৃতিপ্রাপ্ত চিকিৎসালয়সমূহ এনেধৰণৰ অঙ্গ সংৰোপণৰ বাবে যোগ্য। এই সুবিধা উপলব্ধ থকা ভাৰতৰ প্রধান কেন্দ্রসমূহ হৈছে—আহমেদাবাদ, - বাংগালোৰ, চেন্নাই, দিল্লী, মুম্বাই, কলকাতা, হায়দৰাবাদ আৰু অন্যান্য।

অঙ্গ দান হৈছে এক ঐশ্বৰিক কর্ম।

এটা জীৱন ৰক্ষা কৰাতকৈ পৱিত্ৰ কৰ্ম আন কি হ’ব পাৰে।

উৎস:কিডনী ইডুকেশ্বন ফাউনডেশ্বন

 

3.15384615385
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top