অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বৃক্ক ৰোগনো কি?

বৃক্ক ৰোগনো কি? সেই বিষয়ে লিখা হৈছে ।

বৃক্ক ৰোগত আক্ৰান্ত হ’লে ৰোগীৰ ভোক নলগা হয়। এই ৰোগৰ প্ৰ্ভাৱ যেতিয়া শৰীৰত বেছিকৈ হয় তেতিয়া শৰীৰত বিষাক্ত দ্ৰব্যৰ পৰিমাণ বৃদ্ধি পায়। ফলত খাদ্যৰ সোৱাদ নোপোৱা, বমি অহা আদি সমস্যাই দেখা দিয়ে।

বৃক্ক হৈছে আমাৰ শৰীৰৰ এটা গুৰুত্বপূৰ্ণ অংগ। এই অংগটোৰ সামান্য বিসংগতিয়ে মানুহক গুৰুতৰ ৰোগলৈ লৈ যাব পাৰে। বৃক্কৰ গঠন আৰু কাম-কাজসমূহ অতি জটিল।

বৃক্কই শৰীৰৰ পৰা বাহিৰ কৰি শৰীৰত পানী, তৰল পদাৰ্থ, খনিজ আৰু ৰাসায়নিক পদাৰ্থসমূহৰ সমতা বজাই ৰাখে।

শৰীৰৰ বৰ্জনীয় পদাৰ্থ আৰু অতিৰিক্ত পানীভাগ মূত্ৰৰ জৰিয়তে বাহিৰ কৰি দিয়ে। মানুহৰ দুয়োটা বৃক্ক শৰীৰৰ পেটলৈ পিছফালে ৰাজহাড়ৰ বিপৰীত ফালে থাকে।

এই বৃক্ক দুটা পেটৰ গভীৰতম কোণত সোমাই থাকে কাৰণে সাধাৰণতে ইয়াৰ অনুভৱ নহয়। বৃক্ক দুটা দেখাত এযোৰ উৰহী বীনৰ আকাৰৰ।

প্ৰাপ্ত বয়স্ক লোকৰ ক্ষেত্ৰত বৃক্ক দুটা প্ৰায় দহ চেন্টিমিটাৰ দীঘল, ছয় চেন্টিমিটাৰ বহল আৰু চাৰি চেন্টিমিটাৰ ডাঠ।

ইয়াৰ ওজন আনুমানিক ১৫০ৰ পৰা ১৭০ বৃক্ক দুটাৰ জৰিয়তে প্ৰস্ৰাৱবাহী নলীয়েদী মূত্ৰাশয়লৈ প্ৰস্ৰাৱ বৈ যায়। এই নলীডাল বিশেষ পেশীৰে গঠিত আৰু প্ৰায় ২৫ চেঃমিঃ দীঘল, মূত্ৰাশয়টো হৈছে পেশীৰে গঠিত পেটৰ তলফালে থকা প্ৰস্ৰাৱৰ ভাণ্ডাৰ।

ইয়াৰ পৰা প্ৰস্ৰাৱ নলীয়েদি প্ৰস্ৰাৱ ওলাই যায়। মহিলাৰ প্ৰস্ৰাৱ নলীডাল চুটি হোৱাৰ বিপৰীতে পুৰুষৰডাল দীঘল।

আমাৰ শৰীৰত আমি গ্ৰহণ কৰা খাদ্য শক্তিলৈ ৰূপান্তৰিত হয়। এই প্ৰক্ৰিয়াৰে বিভিন্ন হানিকাৰক দ্ৰব্যবোৰ শৰীৰৰ পৰা বৃক্ক দুটাই পৰিষ্কৰণ কাৰ্য কৰি বাহিৰলৈ পঠিয়ায়। বৃক্ক দুটাই ছয়টা মুখ্য কাম কৰে।

সেইকেইটা হৈছে-

  • শৰীৰৰ বৰ্জনীয় পদাৰ্থৰ অপসাৰণ। এই বৰ্জনীয় পদাৰ্থবোৰ আমাৰ শৰীৰৰ বাবে বিষৰ দৰে। বৃক্কই তেজ পৰিশোধন কৰাৰ লগতে শৰীৰৰ বাবে অলাগতিয়াল বৰ্জনীয় পদাৰ্থসমূহ প্ৰস্ৰাৱ ৰূপে শৰীৰৰ পৰা নিষ্কাশন কৰে।
  • অতিৰিক্ত তৰল পদাৰ্থৰ অপসাৰণ কৰি শৰীৰত তৰল পদাৰ্থৰ সঞ্চলিত কৰি ৰাখে। এনে কৰোতে শৰীৰৰ বাবে প্ৰয়োজনীয় পানীও ধৰি ৰাখে। সেয়ে বৃক্ক বিকল হ’লে শৰীৰৰ অতিৰিক্ত পানীভাগ প্ৰস্ৰাৱ ৰূপে বাহিৰ কৰাৰ ক্ষমতা হেৰুৱাই পেলায়।
  • বৃক্কই শৰীৰৰ খনিজ আৰু ৰাসায়নিক পদাৰ্থসমূহৰ ভাৰসাম্য ৰক্ষা কৰে। বৃক্ক দুটাই-

১)ছ’ডিয়াম,

২)পটাছিয়াম,

৩)হাইড্ৰ’জেন,

৪)কেলচিয়াম,

৫)ফছফৰাছ আৰু

৬)বাইকাৰ্বোনেটৰ নিচিনা খনিজ তথা ৰাসায়নিক পদাৰ্থসমূহৰ নিয়ন্ত্ৰণৰ ভূমিকা পালন কৰে।

  • ৰক্তচাপ নিয়ন্ত্ৰণ কামো বৃক্ক দুটাই সমাপন কৰে। বৃক্কই আমাৰ শৰীৰৰ বিভিন্ন হৰম’ন সৃষ্টি কৰে আৰু শৰীৰৰ পানী আৰু নিমখৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে, ফলত ৰক্তচাপ নিয়ন্ত্ৰণ হয়।
  • লোহিত ৰক্ত কণিকাৰ সৃষ্টি কৰে। বৃক্কত সৃষ্টি হোৱা ইৰিথ্ৰ পায়টিনে লোহিত ৰক্ত কণিকা সৃষ্টি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
  • বৃক্ক বিকল হ’লে ইৰিথ্ৰ পায়টিনৰ উৎপত্তি কম হয়, যিয়ে আৰ বি টি সৃষ্টি হ্ৰাস কৰে আৰু ফলত তেজত হিম’গ্লবিনৰ মাত্ৰা কম হয়।হাড় মজবুত কৰি কৰে। বৃক্কই ভিটামিন-ডিক ইয়াৰ সক্ৰিয় অৱস্থালৈ ৰূপান্তৰ কৰে।

যিয়ে আমি খোৱা খাদ্যৰ পৰা-

  • কেলচিয়াম শোষণ কৰে,
  • হাড় আৰু দাঁতৰ বিকাশ কৰা,
  • হাড় মজবুত কৰি ৰখাত অপৰিহাৰ্য।

বৃক্ক ৰোগৰ লক্ষণ -

বৃক্ক ৰোগৰ লক্ষণবোৰ সকলো ৰোগীৰ ক্ষেত্ৰত একে নহয়। এই ৰোগৰ লক্ষণ ৰোগী ভেদে পৃথক হোৱা দেখা যায়। অৱশ্যে ৰোগবিধে শৰীৰত কিমান শিপাইছে সেইটোত ওপৰত নিৰ্ভৰ কৰে। কেতিয়াবা কেতিয়াবা লক্ষণবোৰ বহু দেৰিকৈ দেখা দিয়ে। যাৰ ফলত বৃক্ক ৰোগত আক্ৰান্ত হোৱাৰ খবৰ ৰোগীয়ে দেৰিকৈ পায়।

ভোক নলগা:

বৃক্ক ৰোগত আক্ৰান্ত হ’লে ৰোগীৰ ভোক নলগা হয়। এই ৰোগৰ প্ৰভাৱ যেতিয়া শৰীৰত বেছিকৈ হয়।

তেতিয়া শৰীৰত বিষাক্ত দ্ৰব্যৰ পৰিমাণ বৃদ্ধি পায়। ফলত খাদ্যৰ সোৱাদ নোপোৱা, বমি অহা আদি সমস্যাই দেখা দিয়ে।

উচ্চ ৰক্তচাপ:

বৃক্ক বিকল হোৱা ৰোগীৰ উচ্চ ৰক্তচাপ হোৱা দেখা যায়। এটা কথা নিশ্চিত অতি বেছিকৈ প্ৰস্ৰাৱ হোৱা বা কমকৈ প্ৰস্ৰাৱ হোৱাটোও বৃক্ক বিকল হোৱাৰে লক্ষণ।

শৰীৰৰ পৰিশোধন প্ৰক্ৰিয়াটো অতি বিচক্ষণতাৰে হয়।

এই প্ৰক্ৰিয়াত মাত্ৰ ১-২ লিটাৰ পানী, অপ্ৰয়োজনীয় পদাৰ্থ, অলাগতিয়াল খনিজ পদাৰ্থসমূহ আৰু আন বিষাক্ত দ্ৰব্য শৰীৰৰ পৰা বাহিৰ হয়।

মুখমণ্ডল ফুলি উঠা:

বৃক্ক বিকল হোৱা ৰোগীৰ সাধাৰণতে মুখমণ্ডল, ভৰি আৰু তলপেট ফুলি উঠে। এই ফুলি উঠা ভাবটো পুৱাৰ ভাগত বেছিকৈ হয়।

অৱশ্যে কেতিয়াবা বৃক্কৰ সাধাৰণ কাৰ্য চলি থকা সত্ত্বেও শৰীৰ ফুলি উঠা দেখা যায়।

উদাহৰণ স্বৰূপে নেফ্ৰটিক ছিণ্ড্ৰম আৰু কমসংখ্যক ৰোগীৰ বৃক্ক বিকল হোৱা সত্ত্বেও ফুলি উঠা দেখা নাযায়।

ৰক্তাল্পতা আৰু অন্যান্য সমস্যা -

বৃক্ক ৰোগী ৰক্তাল্পতাৰ সমস্যাত ভোগা দেখা যায়।

  • অলপতে ভাগৰ লগা,
  • দুৰ্বল অনুভৱ নকৰা,
  • অমনোযোগী আদিও বৃক্ক ৰোগৰ লক্ষণ।

ইয়াৰ বাহিৰেও-

  • পিঠিৰ বিষ,
  • গাৰ বিষ,
  • খজুৱতি,
  • ভৰি সিৰামূৰি ধৰা আদিও বৃক্ক ৰোগীৰ সাধাৰণ সমস্যা।

ইয়াৰ লগতে মূত্ৰজনিত সমস্যাবোৰ হৈছে সঘনাই প্ৰস্ৰাৱ হোৱা বা প্ৰসাৱত জ্বলা-পোৰা হোৱা। প্ৰস্ৰাৱ ওলাওঁতে বাধা পোৱাটোও বৃক্ক ৰোগৰ লক্ষণ।

ফলত প্ৰস্ৰাৱ কৰোতে জোৰ পৰিব পাৰে। কেতিয়াবা প্ৰস্ৰাৱৰ পৰিমাণ কমকৈ হয় বা কৰোতে বহু সময় লাগে। ফলত শৰীৰটো ফুলি উঠে।

এই লক্ষণবোৰে দেখা দিলে চিকিৎসকৰ পৰামৰ্শ লোৱাটো প্ৰয়োজন। এটা কথা মনত ৰখা আৱশ্যক যে বৃক্ক ৰোগ বহুদিনলৈ শৰীৰত ধৰা নিদিব পাৰে। সেয়ে মাজে মাজে স্বাস্থ্য পৰীক্ষা কৰাব লাগে।

উৎস: নিয়মীয়া বাৰ্তা

1.33333333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top