মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / বৃক্কৰ সমস্যা আৰু কিছু বদ্‌অভ্যাস
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বৃক্কৰ সমস্যা আৰু কিছু বদ্‌অভ্যাস

 

বৃক্ক অথবা কিডনী হৈছে আমাৰ দেহৰ সবাতোকৈ এক গুৰুত্বপূর্ণ অংগ। প্রতিদিনে এগৰাকী সুস্থ ব্যক্তিৰ দুয়োটা বৃক্কই ১২০-১৫০ কোৱাৰ্ট তেজ তথা অতিৰিক্ত তৰল পদার্থ (শৰীৰৰ) শোধন কৰি ১-২ কোৱাৰ্ট প্রস্রাৱ উৎপাদন কৰে। শৰীৰত বিষাক্ত তথা বৰ্জনীয় পদার্থ দিয়াত বৃক্কই বাধা উৎপাদনতো কিড্‌নীয়ে সহায় কৰে। তদুপৰি লোহিত ৰক্তকণিকা উৎপাদন তথা ৰক্তচাপ নিয়ন্ত্ৰণৰ কামো বৃক্কই সম্পাদন কৰে। গতিকে শৰীৰৰ এনে এক গুৰুত্বপূর্ণ অংগ ভালে ৰাখিবলৈ আমি সদায়ে যত্নপৰ হোৱা উচিত। পিচে আমাৰ কিছু বদ্‌অভ্যাসে আমাৰ বৃক্কৰ ৰোগ বা সমস্যা বৃদ্ধি কৰে।

এনে কেইটিমান নিতান্তই ত্যাগ কৰিবলগীয়া বদ্‌অভ্যাসৰ বিষয়ে তলত উল্লেখ কৰা হ’ল-

  • সুৰাপান আমাৰ স্বাস্থ্য, বিশেষকৈ আমাৰ বৃক্কৰ বাবে হানিকাৰক। দৈনিক মদ্যপানৰ অভ্যাসে বৃক্ক বিকল কৰাৰ সম্ভাৱনা যথেষ্ট পৰিমাণে বৃদ্ধি কৰে।
  • বহু লোকে জোৰকৈ প্রস্ৰাৱ ধৰি ৰাখে। পিচে ই বৃক্কৰ বাবে অতি ক্ষতিকাৰক। বহুসময়লৈ প্ৰস্ৰাৱ বলপূর্বকভাবে ধৰি ৰাখিলে বৃক্কৰ ওপৰত চাপ পৰে। তাৰ ফলত বৃক্কত পাথৰ জমা হ’ব পাৰে অথবা বৃক্ক বিকলো হোৱাৰ সম্ভাৱনা থাকে।
  • পর্যাপ্ত পৰিমাণে পানী নোখোৱাৰ ফলত বৃক্ক ৰোগ হ’ব পাৰে। কিয়নো পর্যাপ্ত পৰিমাণৰ পানী নাখালে দেহত থকা বৰ্জনীয় তথা বিষাক্ত পদার্থসমূহ শৰীৰৰ বাহিৰলৈ ওলাই যোৱাৰ সুবিধা নাপায়। ইয়াৰ ফলত পৰৱৰ্তী সময়ত বৃক্ক বিকল হোৱাৰ সম্ভাৱনা থাকে।
  • গৱেষণাত প্রাপ্ত তথ্য অনুসৰি প্রতিদিনে দুবাৰকৈ অধিক বা অধিক হাৰত মিঠা পানীয় বা মিঠা খাদ্য খোৱা ব্যক্তিৰ প্ৰস্ৰাৱত অধিক হাৰত প্ৰটিন থাকে। ই বৃক্ক বিকল হোৱাৰ প্ৰাথমিক লক্ষণসমূহৰ ভিতৰত এটা। সেয়েহে দৈনিক অধিক হাৰত মিঠা আহাৰ খোৱা অভ্যাস ত্যাগ কৰা উচিত।
  • অতিৰিক্তভাৱে নিমখীয়া আহাৰ বা কেঁচা নিমখ খালেও শৰীৰত ছডিয়ামৰ মাত্রা বাঢ়ি যায়, তাৰ ফলত বৃক্ক বিকল হ’ব পাৰে। সেয়েহে অধিক হাৰত নিমখীয়া খাদ্য বা কেঁচা নিমখ হোৱা অনুচিত।
  • কেফেইনে বৃক্কৰ ওপৰত চাপ পেলায়। লগতে ই ব্যক্তিৰ ৰক্তচাপো বৃদ্ধি কৰে। দীর্ঘদিন ধৰি অতিৰিক্ত বা অত্যধিক কফি পান কৰিলে বৃক্ক বিকল হোৱাৰ সম্ভাৱনা থাকে।
  • শৰীৰৰ যিকোনো অংগৰ বিষ হ’লে, সেই বিষ দূৰ কৰিবৰ বাবে যি ঔষধ (পেইন কিলাৰ) খোৱা হয়, তাত বিপজ্জনক ৰাসায়নিক দ্রব্য থাকে। এনে ঔষধ খোৱাৰ ফলত শৰীৰত নানান ধৰণৰ সমস্যাই দেখা দিব পাৰে। তেনে এক মাৰাত্মক পার্শ্বক্রিয়া হ’ল বৃক্ক তথা লিভাৰ বিকল হোৱা। সেয়েহে এনে ঔষধ পৰাপক্ষত ব্যৱহাৰ নকৰাকৈ থাকিব পাৰিলে ভাল। অন্যথা চিকিৎসকৰ পৰামর্শ অনুসৰি এনে ঔষধ ব্যৱহাৰ কৰা উচিত।

উৎস: সাদিন ফিচার্চ।

 

 

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top