মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / বৃদ্ধাৱস্থাত হোৱা প্ৰষ্টেটৰ সমস্যা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বৃদ্ধাৱস্থাত হোৱা প্ৰষ্টেটৰ সমস্যা

বৃদ্ধাৱস্থাত হোৱা প্ৰষ্টেটৰ সমস্যাৰ বিষয়ে লিখা হৈছে ।

 

বৃদ্ধাৱস্থাত প্ৰায় সকলো পুৰুষেই এক বিশেষ সমস্যাৰ সন্মুখীন হ’ব লগা হয় । এই সমস্যা জাতি-ধৰ্ম নিৰ্বিশেষে বিশ্বজুৰি উদ্ভৱ হোৱা এক সমস্যা ।

সাধাৰণতে ৫০ বছৰ বয়স অতিক্ৰম কৰাৰ পিছত এই সমস্যাই মূৰ দাঙি উঠা দেখা যায় । লক্ষণীয়, কোনো বীজাণুৰ দ্বাৰা এই সমস্যাৰ সৃষ্টি নহয় ।

তাতেই বিশ্বৰ প্ৰায় সকলো বৃদ্ধ পুৰুষকে এই সমস্যাই আক্ৰান্ত কৰা দেখা যায় । সেয়ে ইয়াক ৰোগৰ শাৰীত অন্তৰ্ভুক্ত কৰাটো যুক্তিসংগত নহয় ।

তথাপি পিছে চিকিৎসাৰ সহায়ত ইয়াৰ নিয়ন্ত্ৰণ সম্ভৱ হৈ উঠাত ইয়াক বৰ্তমান ৰোগৰ শাৰীতে অন্তৰ্ভুক্ত কৰিবলৈ লোৱা হৈছে । কিন্তু এই ৰোগৰ উৎপত্তি কিয় হয় তাৰ প্ৰকৃত কাৰণ নিৰ্ণয় আজিকোপতি সম্ভৱ হৈ উঠা নাই ।

পুৰুষৰ প্ৰষ্টেট গ্ৰন্থিৰ লগত এই ৰোগটো সম্পৰ্কিত হৈ থকাৰ হেতুকে এই ৰোগক প্ৰষ্টেট গ্ৰন্থিৰ ৰোগ বুলি কোৱা হয় । ইংৰাজীত কোৱা হয় Diseases of prostate । ইয়াক অসমীয়াত অৱশ্যে মদন গ্ৰন্থিৰ ৰোগ নামেৰেও নামকৰণ কৰা হয় ।

ইয়াৰ অসমীয়া নাম থাকিলেও কিন্তু ইংৰাজী নামটোহে মানুহৰ মাজত বেছি প্ৰচলিত । প্ৰষ্টেট গ্ৰন্থি পুৰুষৰ যৌননগগৰ অন্তৰ্ভুক্ত এক অতি গুৰুত্বপূৰ্ণ অংগ । এই গ্ৰন্থি মূত্ৰাশয় আৰু মূত্ৰদ্বাৰৰ সংলগ্ন স্থানত অৱস্থিত ।

ই আঁহপূৰ্ণ কলাৰে গঠিত আৰু আকৰত মধ্য পৰ্যায়ৰ এটি লিচুৰ সমান হয় । সাধাৰণতে ৫০ বছৰৰ পিছত এই গ্ৰন্থিটোৰ অস্বাভাৱিক বৃদ্ধি (Hypertrophy) ঘটে, যাৰ ফলত ইউৰেথ্ৰাৰ ওপৰত হেঁচা পৰি প্ৰস্ৰাৱ বন্ধ হোৱাৰ উপক্ৰম ঘটে বা কেতিয়াবা বন্ধও হয় । দীৰ্ঘদিন এনে অৱস্থা চলি থকা লোকৰ কোনো কোনোৰ মাজত এই গ্ৰন্থিত কৰ্কট ৰোগৰ উৎপত্তি ঘটাৰ উদাহৰণো পোৱা যায় ।

প্ৰষ্টেট গ্ৰন্থি বৃদ্ধিৰ হেতুকে ব্যক্তি একোজনে যৌনাংগৰ গুৰি অংশত প্ৰথমে সামান্য বিষ আৰম্ভ হোৱা অনুভৱ কৰে । এই বিষ দিন বাগৰাৰ লগে লগে বৃদ্ধি পাব পাৰে । তেনে সময়তে ৰোগীৰ প্ৰস্ৰাৱৰ মাত্ৰা বৃদ্ধি পায়, কিন্তু পৰিমাণ কমি যায়, অৰ্থাৎ ঘনাই ঘনাই প্ৰস্ৰাৱ কৰিবৰ মন যোৱা হয়, কিন্তু প্ৰস্ৰাৱ খুব কমেই বাহিৰ হয় । ৰাতি প্ৰস্ৰাৱ কৰাৰ বাবে কেইবাবাৰো উঠিব লগা হয় যদিও প্ৰতিবাৰতে প্ৰস্ৰাৱ কম কমকৈ হয় ।

সাধাৰণতে প্ৰস্ৰাৱৰ ভাব অহা মাত্ৰেই ৰোগীৰ ৰক্ষা নোহোৱা হৈ পৰাৰ ফলত তাৎক্ষণিকভাৱে ত্যাগ কৰিব লগা হয় । কিন্তু সেই অনুপাতে প্ৰস্ৰাৱ নহয় । তদুপৰি প্ৰস্ৰাৱ কৰি উঠাৰ পিছত আধৰুৱা হৈ থকাৰ অনুভৱ হয় । বহু সময়ত প্ৰস্ৰাৱ কৰি উঠাৰ পিছত পুৰুষাংগৰ আগেৰে টোপ টোপকৈ প্ৰস্ৰাৱ ওলাই থাকে । প্ৰস্ৰাৱ আধৰুৱা যেন লাগি থকাৰ হেতুকে বহু লোকে কৰাৰ বাবে জোৰ কৰিব লগা হয় । কেতিয়াবা আকৌ প্ৰস্ৰাৱৰ লগত তেজো বাহিৰ হয় । কেতিয়াবা প্ৰস্ৰাৱ কৰা সম্পূৰ্ণভাৱে বন্ধ হোৱাৰ হেতুকে ৰোগীয়ে চিকিৎসালয়ত ভৰ্তি হৈ চিকিৎসা গ্ৰহণ কৰিব লগাও হয় ।

লোক একোজনে প্ৰস্ৰাৱ কৰাৰ ক্ষেত্ৰত উল্লিখিত সমস্যা হোৱাৰ আভাস পোৱাৰ লগে লগে চিকিৎসকৰ ওচৰ চপাটো প্ৰয়োজনীয় । চিকিৎসকে ৰোগীৰ মুখৰ পৰা সমস্যাবোৰৰ বিৱৰণ শুনাৰ পিছত সেয়া প্ৰষ্টেট সম্বন্ধীয় বুলি জানিলেও ৰোগৰ স্তৰ নিৰ্ণয়ৰ বাবে কেইটামান পৰীক্ষা কৰাৰ পৰামৰ্শ আগবঢ়ায় । যেনে- প্ৰস্ৰাৱৰ পৰীক্ষা, তেজত মদন গ্ৰন্থিৰ পৰা নিৰ্গত হোৱা অন্ত:স্ৰাৱ (PSA) ৰ পৰিমাণ নিৰ্ণয়, আলট্ৰা ছন’গ্ৰাফীৰ দ্বাৰা মদন গ্ৰন্থিৰ ওজন, আকাৰ আদি নিৰ্ণয়, ইউৰ’ফ্লমিটি যন্ত্ৰৰ সহায়ত প্ৰস্ৰাৱৰ গতিধাৰা নিৰ্ণয় ইত্যাদি । এনে কৰোৱাৰ উপৰি চিকিৎসকে ৰোগীৰ মলদ্বাৰেৰে আঙুলি ভৰাই প্ৰষ্টেট গ্ৰন্থিৰ বৃদ্ধিৰ ৰুপৰ বিষয়ে জনাৰ উপায় কৰে।

যিহেতুকে এই ৰোগৰ উৎপত্তিত কোনো অস্বাভাৱিকতা নাথাকে আৰু সমাজৰ বেছিভাগ বৃদ্ধ পুৰুষেই কম-বেছি পৰিমাণে এই ৰোগৰ সন্মুখীন হ’ব লগা হয়েই, এতেকে এই ৰোগক লৈ চিন্তিত হোৱাৰ কাৰণ নাথাকে । তাৎপৰ্যপূৰ্ণ যে সম্প্ৰতি এই ৰোগৰ যথাৰ্থ চিকিৎসা ওলাইছেই, গতিকে অযথা চিন্তিত নহৈ অভিজ্ঞ চিকিৎসকৰ ওচৰ চাপি চিকিৎসা গ্ৰহণ কৰিলে সমস্যামুক্ত হোৱাৰ উপায় ওলাব ।

প্ৰয়োজন বিশেষে ৰোগী একোজন প্ৰষ্টেট গ্ৰন্থিৰ অস্ত্ৰোপচাৰৰ সন্মুখীন হোৱাৰ সম্ভাৱনাও থাকিব পাৰে । মুঠৰ ওপৰত এইটো ক’ব পাৰি যে এই ৰোগৰ নিয়ন্ত্ৰণ বৰ্তমান সম্ভৱ হৈ উঠিছে । এতেকে চিন্তাৰ কাৰণ নাই ।

লেখক :-  অৰ্পণ দত্ত

উৎস :-  জি এনআৰচি স্বাস্থ্য

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top