মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / ব্ৰেইন ষ্ট্ৰ’ক:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ব্ৰেইন ষ্ট্ৰ’ক:

ব্ৰেইন ষ্ট্ৰ’কৰ বিষয়ে লিখা হৈছে

 

ষ্ট্ৰ’ক মানে কি?

 

ষ্ট্ৰ’ক বা পক্ষাঘাত হ’ল মগজুৰ ৰক্তনলিকাবোৰত হোৱা এবিধ ৰোগ। মানুহৰ ওজন প্ৰায় ১২০০ গ্ৰাম। মগজুটোক কৰ্মক্ষম কৰি ৰাখিবৰ বাবে প্ৰতি ১০০ গ্ৰাম মগজুত প্ৰতি মিনিটত প্ৰায় ৬৬০ মিলিলিটাৰ তেজৰ প্ৰয়োজন হয়। এই তেজখিনি ৰক্তবাহী নলীকাবোৰৰ মাধ্যমত হৃৎপিণ্ডই পাম্প কৰি মগজুলৈ ঠেলি পঠিয়াই দিয়ে। কিবা কাৰণত ৰক্তবাহী নলিকাবোৰ বন্ধ হৈ গ’লে বা ফাটি গ’লে মগজুলৈ তেজ চলাচল ব্যাহত হয়। ইয়াৰ ফলত হোৱা সমস্যাকে আমি মগজুৰ ষ্ট্ৰ’ক বা পক্ষাঘাত হোৱা বুলি কওঁ।

কোন বয়সত হয়:

 

এবছৰীয়া শিশুৰ পৰা এশ বছৰীয়া বৃদ্ধলৈকে ষ্ট্ৰ’ক হ’ব পাৰে। বয়স বাঢ়ি গৈ থাকে। ভাৰতত পুৰুষ-মহিলা নিৰ্বিশেষে ৩৫ বছৰ অতিক্ৰম কৰা লোকৰ ক্ষেত্ৰত বেছিকৈ ষ্ট্ৰ’ক হোৱা দেখা যায়।

লক্ষণ আৰু প্ৰতিকাৰ:

লক্ষণবোৰ কি:

 

  • ষ্ট’ক সাধাৰণতে হঠাতে হোৱা অসুখ। ইয়াৰ লক্ষণবোৰ হ’ল-
  • মুখৰ এফাল বেঁকা হৈ যোৱা।
  • শৰীৰৰ এফাল অকামিলা বা দুৰ্বল হৈ যোৱা।
  • কথা কোৱা বা বুজি পোৱাত অসুবিধা হোৱা।
  • চকুৰে আন্ধাৰ বা ধুঁৱলী-কুঁৱলী দেখা। শৰীৰৰ ভাৰসাম্য হেৰাই যোৱা।
  • হঠাৎ হোৱা মূৰৰ বিষ।

ষ্ট্ৰ’কৰ প্ৰধান কাৰণবোৰ:

 

  • উচ্চ ৰক্তচাপ
  • বহুমূত্ৰ ৰোগ
  • হৃৎপিণ্ডৰ অনিয়মীয়া স্পন্দন
  • ধূম্ৰপান/মদ্যপান
  • শৰীৰত চৰ্বিৰ মাত্ৰা অধিক হোৱা
  • শাৰীৰিক পৰিশ্ৰমৰ অভাৱ
  • খাদ্যত সেউজীয়া শাক-পাচলিৰ অভাৱ।

চিকিৎসা:

হঠাতে কাৰোবাৰ মুখৰ এফাল বেঁকা হৈ গ’লে, শৰীৰৰ এফাল অকামিলা হ’লে, কথা কোৱা বা বুজাত অসুবিধা হ’লে, চকুৰ এটা অংশত আন্ধাৰ আন্ধাৰ দেখা দিলে বা শৰীৰৰ ভাৰসাম্য হেৰাই গ’লে ষ্ট্ৰ’ক হোৱা বুলি সন্দেহ কৰিব লাগে। তাৰমানে মগজুৰ ৰক্তনলী হয় বন্ধ হৈছেত, নহয় ফাটি গৈ ৰক্তক্ষৰণ হৈছে। ৰক্তনলী বন্ধ হৈ গ’লে দৰবৰ দ্বাৰা খোলাৰ ব্যৱস্থা আছে আৰু ৰক্তনলী ফাটি হোৱা ৰক্তক্ষৰণো বন্ধ কৰাৰ দৰব প্ৰয়োগ কৰিব পাৰি। কিন্তু এই চিকিৎসাবিলাক তাৎক্ষণিক(তিনি ঘন্টাৰ ভিতৰত) দিলেহে কাৰ্যকৰী হয়। সেয়ে ব্যক্তিজনক ষ্ট্ৰ’ক চিকিৎসাৰ আধুনিক ব্যৱস্থা থকা হাস্পতালত ভৰ্তি কৰাব লাগে। ষ্ট’ক হোৱা বুলি সন্দেহ কৰাৰ লগে লগে ৰোগীৰ মগজুৰ চি টি স্কেন কৰাটো দৰকাৰ। চি টি স্কেনত ৰক্তনলীৰ হৈ ৰক্তক্ষৰণ হোৱা দেখিলে ৰোগীক চি টি এনজিঅ’গ্ৰাফী কৰিব লাগে। চি টি এনজিঅ’গ্ৰাফীৰ দ্বাৰা ৰক্তক্ষৰণ হ’ব পৰা ৰোগীক চিনাক্ত কৰিব পাৰি। এই ব্যৱস্থাৰ দ্বাৰা পুনৰ ৰক্তক্ষৰণ ষ্ট্ৰ’ক ৰোগীৰ মৃত্যুৰ অন্যতম কাৰণ। বিভিন্ন ধৰণৰ ঔষধ-পাতিৰ লগতে শাৰীৰিক ব্যায়াম অত্যন্ত জৰুৰী। ইয়াৰ লগতে পৰিয়ালৰ লোকৰ সহায় আৰু মানসিক সহযোগিতা অতি প্ৰয়োজনীয়।

লেখক: ডাঃ ৰূপজ্যোতি দাস(সম্ভাৰ)

3.05263157895
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top