মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / বৰ্ষাকালীন ৰোগৰ বিষয়ে এটি পৰ্য্যালোচনা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বৰ্ষাকালীন ৰোগৰ বিষয়ে এটি পৰ্য্যালোচনা :

বৰ্ষাকালীন ৰোগৰ বিষয়ে এটি পৰ্য্যালোচনাৰ বিষয়ে লিখা হৈছে ।

 

“বৰষা ঋতু ভাল পাওঁ মই

প্ৰতিশ্ৰুতি আছে তাত

সেউজী বৰণ মাথো সিয়েই সানে

শুকান গছৰ গাত”-

জয়ন্ত হাজৰিকাই প্ৰাণঢালি গাই যোৱা এই গীতটি হয়তো পাঠকসকলৰ বহুতে শুনিছে৷ বৰ্ষাকাল আপোনালোকৰ বহুতৰে হয়তো প্ৰিয় ঋতু৷ গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত আৰু বসন্ত – এই ছয় ঋতু একাদিক্ৰমে সলনি হোৱাটো বিনন্দীয়া প্ৰকৃতিত এক স্বাভাৱিক প্ৰক্ৰিয়া৷ প্ৰতিটো ঋতুৰে এক স্বকীয় বিশেষত্ব থাকে৷ বৰ্ষা ঋতুৱে আনে পানীৰ আধিক্য৷

পানীয়েই প্ৰাণ -পানী অবিহনে প্ৰাণী সংসাৰত থাকিব নোৱাৰে৷ কিন্তু ইমান অপৰিহাৰ্য্য পানীয়েও মানৱ জীৱনলৈ কেতিয়াবা স্বাস্থ্য জনিত বা আন সামাজিক বিপত্তিৰ সৃষ্টি কৰিব পাৰে৷

মোৰ আজিৰ এই চমু লিখনিৰ উদ্দেশ্য হ’ল পাঠকক বৰ্ষাকালীন ৰোগসমূহৰ পৰা হাত সাৰি থকাৰ দিহা দিয়া; যাতে সকলোৱে এই সময়ত নিজ স্বাস্থ্য ৰক্ষা কৰি বৰ্ষাকাল উপভোগ কৰি ধন্য হব পাৰে৷

এতিয়া বৰ্ষাকালীন ৰোগসমূহক থুলমূলকৈ চিনাক্ত কৰোঁ আহক৷ বৰ্ণনাৰ সুবিধাৰ্থে ৰোগসমূহক আমি তলত লিখাৰ দৰে শ্ৰেণী বিভাজন কৰি লব পাৰোঁ৷

১) পাক প্ৰণালীৰ বিসংগতিৰ সৈতে জড়িত: ডায়েৰিয়া, ক’লেৰা, গেষ্ট্ৰএণ্টাৰাইটিচ, ফুড পইজনিং, জণ্ডিচ (হেপাটাইটিচ-এ, হেপাটাইটিচ-বি), টাইফয়েড ইত্যাদি৷

২) মহে বিয়পাব পৰা ৰোগ: ডেংগু, মেলেৰিয়া, চিকুনগুনিয়া

৩) এন্দুৰ, ডালশলিয়া জাতীয় (Rodent) প্ৰাণীয়ে বিয়পোৱা ৰোগ: লেপ্তস্পাইৰ’চিচ

৪) শ্বাসপ্ৰণালী আক্ৰান্ত হোৱা ৰোগ যেনে ইনফ্লুৱেঞ্জা, ব্ৰংকাইটিচ, হাঁপানী, ভাইৰেল ফিভাৰ

৫) চকুৰ অসুখ কনজাংটিভাইটিচ

(৬) চৰ্মৰোগ আৰু এলাৰ্জি

(৭) সানমিহলি পৰিঘটনা যেনে জল-সমাধি জাতীয় দুৰ্ঘটনা, পানীৰ তলত থকা চিচা বা গজাল আদিয়ে ভৰিত কৰা জখম, জোক, পোক, সৰ্পদংশন আদিৰ সম্ভাৱনা

পাক প্ৰণালীৰ ৰোগসমূহ বেক্টেৰিয়া, ভাইৰাচ নাইবা পৰাশ্ৰয়ী জীৱৰ (যেনে এণ্টামিবা) সংক্ৰমণৰ যোগেদি হব পাৰে৷ ডায়েৰিয়া বা হাগনিৰ অভিজ্ঞতা নথকা লোক হয়তো বিচাৰিলেও পোৱা নাযাব৷ জীৱাণুয়ে পাক প্ৰণালীৰ অন্ত্ৰাশয়ৰ (Intestine) ভিতৰত প্ৰবেশ কৰি বিষাক্ত দ্ৰব্য (টক্সিন) উৎপন্ন কৰে যাৰ ফলত অন্ত্ৰাশয়ে অধিক পানী নিৰ্গত কৰে, যি হাগনিৰ ৰূপ লয়৷

ৰোগীৰ সঘনাই পনীয়া শৌচ হোৱাৰ উপৰিও পেটৰ বিষ, বমি, ওকালি, জ্বৰ, কঁপনি আদি হব পাৰে৷ দূষিত খাদ্য গ্ৰহণ কৰি এনে হ’লে তাকে খাদ্যত বিষ ক্ৰিয়া বা ফুড পইজনিং বোলে৷ Vibrio cholerae নামৰ বেক্টেৰিয়াৰ সংক্ৰমণত ক’লেৰা ৰোগ হয়৷ ঘাইকৈ ৰোগীৰ শৌচত নিৰ্গত হোৱা এই বীজানু দূষিত পানীৰ মাধ্যমেৰে মুখেদি আন সুস্থ মানুহৰ শৰীৰত প্ৰবেশ কৰে৷

বানে আক্ৰান্ত কৰা অঞ্চলত ক’লেৰাই মহামাৰীৰ ৰূপ ধাৰণ কৰিব পাৰে৷ উপযুক্ত চিকিৎসা নাপালে ডিহাইড্ৰেচনৰ ফলত ৰোগীৰ মৃত্যু পৰ্য্যন্ত হব পাৰে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে ক’লেৰা আক্ৰান্ত অঞ্চললৈ যোৱা লোকে দুপালি মুখেৰে খোৱা ভেকচিন গ্ৰহণ কৰিলে এবছৰলৈ সুৰক্ষা লাভ কৰিব পাৰিব৷

ৰোগাক্ৰান্তৰ চিকিৎসাৰ মূল আধাৰ হ’ল- জলৰ পৰিপূৰণ, খনিজ বা ইলেকট্ৰলাইটৰ ক্ষতিপূৰণ, উপযুক্ত এণ্টিবায়টিক (যেনে চিপ্ৰফ্লস্কেচিন, ডক্সিচাইক্লিন) আৰু পৰিপূৰক হিচাবে জিংকৰ যোগান (বিশেষকৈ শিশুক)৷

বেক্টৰিয়াৰ (যেনে ই-কলাই, চালমোনেলা, চিগেলা) উপৰিও ভাইৰাচৰ, বিশেষকৈ শিশুৰ (যেনে ৰ’টা ভাইৰাচ, ন’ৰো ভাইৰাচ) সংক্ৰমণৰ ফলত গেষ্ট্ৰএণ্টাৰাইটিচ হয়৷ এই ৰোগত হাগনি, বমি, পেটৰ বিষ, জ্বৰ, মূৰৰ বিষ, মাংসপেশীৰ সংকোচন আদি দেখা দিয়ে৷

জণ্ডিচ হ’ল শৰীৰৰ এক অৱস্থা য’ত দেহৰ আৰু প্ৰসাবৰ বৰণ হালধীয়া হৈ পৰে৷ ই শৰীৰত উৎপন্ন হোৱা লিভাৰৰ বিসংগতিৰ কথা বুজায়৷ সাধাৰণতে ভাইৰেল হেপাটাইটিচ-এ ৰোগে কৰা জণ্ডিচত বহু লোক বাৰিষা কালত প্ৰদূষিত পানী গ্ৰ হণ কৰাৰ যোগেদি আক্ৰান্ত হয়৷

শৰীৰৰ তেজত হালধীয়া পদাৰ্থ বিলিৰুবিনৰ পৰিমান শতকৰা ১মিলিগ্ৰামৰ অধিক হলেই জণ্ডিচ দৃষ্টিগোচৰ হয়৷ বাৰিষা কালত গ্ৰামাঞ্চলত হেপাটাইটিচ-এ আক্ৰান্তলোকে পথাৰ বা হাবি বননিত মলত্যাগ কৰে আৰু তাৰ ফলত হেপাটাইটিচ-এ ভাইৰাচ নিজৰা, নদী বা পুখুৰীলৈ বিয়পি পৰে৷ তেনে দূষিত পানী খোৱাৰ ফলত ন ন লোক হেপাটাইটিচ-এ জণ্ডিচত আক্ৰান্ত হয়৷

চালমোনেলা টাইফমুৰিয়াম নামক বেক্টেৰিয়াৰ সংক্ৰমণৰ ফলত টাইফয়ড ৰোগ হয়৷ ইয়ো দূষিত পানীৰ যোগেদি বিয়পা ৰোগ৷ ইয়াৰ ঘাই লক্ষণ হ’ল জ্বৰ, পেটৰ বিষ, মুৰৰ বিষ, শাৰীৰিক দূৰ্বলতা, ডায়েৰিয়া বা শৌচকচা হোৱা৷ তেজ পৰীক্ষাৰ দ্বাৰা সহজে টাইফয়ড ৰোগ চিনাক্ত কৰা যায়৷

বাৰিষাকালত মহৰ প্ৰাদূৰ্ভাৱ বৃদ্ধি পায়৷ মহে কৰিব পৰা ৰোগসমূহৰ কেউটাই বিপদজনক আৰু জীৱন সংকটাপূৰ্ণ কৰি তুলিব পাৰে৷ এটা সময়ত আমাৰ দেশত মেলেৰিয়া আৰু ডেংগু ৰোগত অনেক লোকৰ প্ৰাণহানি হৈছিল৷ কিন্তুু আজিৰ দিনত উপলব্ধ ন ন অত্যাধুনিক ঔষধিৰ সময়োপয়ী প্ৰয়োগে এই দুই ৰোগত মৃত্যুৰ হাৰ উল্লেখনীয়ভাবে হ্ৰাস কৰিছে৷ এই লিখনিত মহে বিয়পোৱা ৰোগকেইটাৰ এক চমু বিবৰণীহে ডাঙি ধৰিম৷

এনোফিলিচ প্ৰজাতিৰ মাইকী মহে কামুৰি মেলেৰিয়া ৰোগ বিয়পায়৷ মেলেৰিয়াৰ প্লাজমোডিয়াম নামৰ পেৰাচাইটে আক্ৰান্ত মানৱ দেহৰ লিভাৰত বিস্তাৰ লাভ কৰে আৰু পিছলৈ তেজৰ ৰক্ত কণিকাক বিনষ্ট কৰিব ধৰে৷ উল্লেখযোগ্যযে ১৮৮০চনতেই মেলেৰিয়াৰ পৰজীৱী জীৱ পোনপ্ৰথম চিনাক্ত কৰা হৈছিল৷
প্লাজমোডিয়ামৰ ১০০বিধৰো অধিক প্ৰজাতি আছে আৰু তাৰে ৫বিধেহে মানৱ দেহক আক্ৰমণ কৰে৷ সেই কেইবিধ হ’ল- প্লাজমোডিয়াম ফেলচিপেৰাম, প্লাজমোডিয়াম ভাইভেক্স, প্লাজমোডিয়াম অ’ভেলি, প্লাজমোডিয়াম মেলেৰিয়াই আৰু প্লাজমোডিয়াম কোৱেলেচি৷

প্লাজমোডিয়াম ফেলচিপেৰামৰ জীৱাণুৱে মগজুলৈ বিয়পি চেৰিব্ৰেল মেলেৰিয়া কৰিব পাৰে৷ আকৌ প্লাজমোডিয়াম ভাইভেক্সৰ জীৱাণু লিভাৰত সুপ্ত হৈ লুকাই থাকি পৰৱৰ্তী সময়ত মেলেৰিয়াৰ পুনৰাবৃতি ঘটাব পাৰে৷ মেলেৰিয়াৰ ৰোগ চিনাক্তকৰণ নিশ্চিত কৰিবলৈ ৰোগীৰ তেজ অনুবীক্ষণ যন্ত্ৰৰ সহায়ত পৰীক্ষা কৰা হয়৷ মেলেৰিয়াৰ প্ৰতিষেধক ছিটাৰ উদ্ভাৱনৰ বাবে বৈজ্ঞানিকসকলে অহৰ্নিশ প্ৰচেষ্টা চলাই আছে যদিও এতিয়ালৈ সাফল্য লাভ কৰিবলৈ সমৰ্থ হোৱা নাই৷ সি যি নহওক আজি মেলেৰিয়াৰ চিকিৎসাৰ নানান ফলপ্ৰসূ দৰবৰ আবিষ্কাৰে মেলেৰিয়া ৰোগ নিয়ন্ত্ৰণত আনিবলৈ সক্ষম হৈছে৷

সংক্ৰমণযুক্ত মহে কামুৰি ডেংগু ৰোগৰ ভাইৰাচ আন সুস্থ লোকৰ দেহলৈ বিয়পায়৷ ঘাইকৈ এডিচ ইজিপ্তি আৰু কিছু পৰিমাণে এডিচ এলবোপিকটাচ -এই দুই প্ৰজাতিৰ মাইকী মহে ডেংগু, চিকুনগুনিয়া আৰু জিকা ভাইৰাচে কৰা ৰোগ বিয়পায়৷ আকৌ গৰ্ভস্থ সন্তান দেহলৈয়ো ৰুগ্ন মাতৃৰ দেহৰ পৰা এই তিনিওবিধ ৰোগ বিয়পিব পাৰে৷ মাতৃৰ স্তনৰ দুগ্ধপাণৰ মাধ্যমেদি এই তিনিওবিধ ৰোগ নিবিয়পে৷ আকৌ জিকা ভাইৰাচ যৌন সংগমৰ মাধ্যমেৰে আনলৈ সংক্ৰমিত হব পাৰে৷

থুলমূলকৈ ডেংগু ৰোগৰ লক্ষণ হ’ল- হঠাৎতে উঠা তীব্ৰ জ্বৰ লগত গাঁঠি, মাংসপেশী আৰু চকুৰ বিষ হোৱা৷ চালত ৰঙচুৱা দাগ দেখা দিয়া৷ বমি, পেটৰ বিষ হয়৷ নাকৰ পৰা বা শৰীৰৰ আন অংগৰ পৰা ৰক্তক্ষৰণ হব পাৰে৷ শৰীৰ অতিশয় দূৰ্বল হৈ উঠে আৰু ৰোগীয়ে উশাহ লোৱাত কষ্ট পায়৷ ৰোগ চিনাক্তকৰণ হয় উপযুক্ত লেবৰেটৰীত ডেংগু ভাইৰাচ নাইবা তাৰ এণ্টিবডি ৰোগীৰ তেজত ধৰা পেলোৱাৰ মাধ্যমেৰে৷ ডেংগু ৰোগত তেজ পৰীক্ষাত প্লেটলেটৰ পৰিমাণ ক্ষিপ্ৰভাবে কমি যোৱা পৰিলক্ষিত হয়৷

ডেংগু ৰোগৰ চিকিৎসাত লাগতিয়াল কথা হ’ল কেতিয়াও কোনো কাৰণতে ৰোগীক এচপ্ৰিণ বা আন বিষহাৰক ঔষধ দিব নালাগে৷ অন্যথাই ৰক্তক্ষৰণৰ সম্ভাৱনা বৃদ্ধি পাব৷ জ্বৰ কমাবলৈ পেৰাচিটামলেই হ’ল নিৰাপদ ঔষধ৷ পানী বা আন জুলীয়া পদাৰ্থ পৰ্য়াপ্ত পৰিমানে গ্ৰহণ কৰি ডিহাইড্ৰেচন ৰোধ কৰিব লাগে৷ প্ৰয়োজন সাপেক্ষে ৰোগীক প্লেটলেট নাইবা সম্পূৰ্ণ তেজ দিবলগীয়া হয়৷ এইখিনিতে উল্লেখ কৰিব খোজোঁ যে ’কেৰিপিল’ নামৰ টেবলেট আৰু চিৰাপ ডেংগু ৰোগীৰ প্লেটলেটৰ পৰিমান বঢ়াবৰ বাবে প্ৰয়োগ কৰা হয়৷ অমিতাৰ পাতৰ পৰা তৈয়াৰ কৰা এই ঔষধি আমাৰ দেশৰ বাংগালোৰৰ এটি দৰবৰ কোম্পানীয়ে ২০১৫চনত প্ৰস্তুত কৰি ওলিয়াইছে৷

ডেংগু ৰোগৰ পৰা হব পৰা জটিলতাসমূহ হ’ল- ডেংগু হিম’ৰেজিক ফিভাৰ, মেলিনা, মায়’কাৰ্ডাইটিচ, শ্বক ইত্যাদি৷ ২০১৬চনৰ এপ্ৰিলত বিশ্ব স্বাস্থ্য সংস্থাই Dengvaxia নামৰ এই ৰোগৰ ছিটাৰ প্ৰচলনত অনুমোদন জনায়৷

চিকুনগুনিয়া ৰোগৰ লক্ষণসমূহ ডেংগু ৰোগৰ লগত মিল থকা৷ জ্বৰ, গাঁঠিৰ বিষ, চাল ৰঙা পৰা আৰু চকুৰ অসুখ কনজাংকটিভাইটিচ এইকেইটা হ’ল ঘাই লক্ষণ৷ বিষৰ উপশমৰ বাবে ইয়াতো এচপ্ৰিনজাতীয় ননষ্টেৰইডেল বিষহাৰক দৰব প্ৰয়োগ কৰিব নালাগে৷ এণ্টিভাইৰেল আৰু ষ্টেৰইড ঔষধো প্ৰয়োগ কৰিব নালাগে৷ চিকুনগুনিয়া ভাইৰাচ চিনাক্ত কৰি ৰোগ নিশ্চিত কৰিব পাৰি৷ লক্ষণসমূহৰমতে সতৰ্কতাৰে চিকিৎসা কৰিলেই ৰোগৰ উপশম ঘটে৷

লেপ্তস্পাইৰচিচ ৰোগ লেপ্তস্পাইৰা প্ৰজাতিৰ বেক্টেৰিয়াই কৰে৷ এন্দুৰ, ডালশলিয়া আদি প্ৰাণীৰ মল-মূত্ৰৰ যোগেদি নিৰ্গত হোৱা বেক্টেৰিয়াসমূহ পানীত জীয়াই থাকে৷ সেই প্ৰদূষিত পানী মানৱ দেহত মুখেদি বা দেহৰ কটা ঘাঁৰ সংস্পৰ্শৰ যোগেদি প্ৰবেশ কৰিলেই ৰোগৰ উৎপত্তি হয়৷

ৰোগৰ লক্ষণ সমূহ হ’ল- কঁপনি জ্বৰ, মাংসপেশীৰ বিষ, মূৰৰ বিষ, গাঁঠিৰ বিষ, পেটৰ বিষ, বমি, হাগনি, গাঙঠি উঠা, চকু ৰঙা পৰা আদি৷ তেজত লেপ্তস্পাইৰা বেক্টেৰিয়াৰ এণ্টিবডিৰ উপস্থিতি মাধ্যমেৰে ৰোগৰ নিশ্চিতি কৰিব পাৰি৷ উপযুক্ত এণ্টিবায়টিক আৰু সহায়কাৰী চিকিৎসাৰ যোগেদি ৰোগ নিৰাময় কৰিব পাৰি৷ সময়মতে সঠিক চিকিৎসা নাপালে এই ৰোগ প্ৰাণঘাতক হব পাৰে৷

ওপৰত উল্লেখ কৰা শ্বাসপ্ৰণালী আক্ৰান্ত হোৱা ৰোগসমূহৰ অভিজ্ঞতা আমাৰ সকলোৰে নিজৰ নহলেও আপোনজনৰ কাৰোবাৰ হোৱা নিশ্চয় আছে৷ উপযুক্ত চিকিৎসাত সেই ৰোগসমূহৰ পৰা সহজতে উপশম পাব পাৰি৷

চকুৰ অসুখ কনজাংকটিভাইটিজ বাৰিষাকালত বহুতৰে হোৱা দেখা যায়৷ অসুখ হলে চিকিৎসা লবই লাগিব, কিন্তু পৰিয়ালৰ লোক সতৰ্ক হব লাগিব যাতে এজনৰ পৰা ৰোগ আনলৈ যাতে বিয়পি নাযায়৷

বাৰিষা কালত গেলা পানী, বোকা গছকি ভিজা ভৰিৰে বহুসময় থকাৰ ফলত খৰ, খজুৱতি, খহু আৰু বিভিন্ন চৰ্মৰোগ লগতে এলাৰ্জিত বহুজন আক্ৰান্ত হয়৷ উপযুক্ত চিকিৎসাত এইবিলাকৰ নিৰাময় সম্ভৱপৰ৷

মোখনিত বৰ্ষাকালীন ৰোগসমহৰ প্ৰতিৰোধৰ বিষয়ে দুকলম:

*কেবল পৰিষ্কাৰ পানী, ফিল্টাৰ কৰা নাইবা ভালদৰে উতলাই চেঁচা কৰা পানীহে খাবৰ বাবে ব্যৱহাৰ কৰিব৷ নিতৌ পৰ্যাপ্ত পৰিমাণৰ পানী খাব৷ পেটৰ অসুখ বমি আদি হলে অতিৰিক্তভাবে নেমু বা মৌচুম্বীৰ চৰবত, ডাব নাৰিকলৰ পানী খাব৷

*শৰীৰৰ আৰু পিন্ধা কাপোৰৰ পৰিষ্কাৰ পৰিচ্ছন্নতাত গুৰুত্ব দিব৷ মহে কামুৰিব নোৱৰা গা ঢকা কাপোৰ পিন্ধক আৰু সদায় আঠুৱা ব্যৱহাৰ কৰক৷

*ঘৰৰ ভিতৰৰ আৰু বাহিৰৰ পৰিবেশ পৰিষ্কাৰ ৰাখিব৷ মহৰ সম্ভাৱ্য উৎপত্তিস্থলসমূহ নিতৌ নিজৰ নজৰত ৰাখিব৷ ফেনাইল, ব্লিচিং পাউদাৰ আদি যথাযথ ভাবে প্ৰয়োগ কৰক৷

*ঘৰৰ বাহিৰৰ পৰা বৰষুণত ভিজি আহিলে পৰিষ্কাৰ পানী গা ধুই শুকান কাপোৰ পিন্ধক৷ তাৰ পিছত এপিয়লা গৰম চাহ বা পানী সেৱন কৰক৷

*সদায় সতেজ শাক-পাচলি আৰু ফলমূল খোৱাৰ অভ্যাস কৰক৷ সপ্তাহত ৪৷ ৫ সাজ আমিষ আৰু বাকী কেইসাজ নিৰামিখ খাওক৷ বাৰিষাত পোৱা জীয়া মাছ খোৱাৰ আনন্দ লওক৷

*বজাৰৰ থেলাত বেচা ৰঙীন শীতল পানীয়, বৰফ দিয়া কুঁহিয়াৰ ৰস, থেলাত বেচি ফুৰা পানীপুৰি-চাট-ভেলপুৰি খোৱাৰ লোভ সম্বৰণ কৰক৷

*নিয়মীয়া খোজকঢ়া, ব্যায়াম, আসন আদি কৰি শৰীৰ সুস্থ আৰু সতেজ ৰাখক৷

*দেহক প্ৰয়োজন হোৱা কমেও নিতৌ ৭ঘণ্টা টোপনিৰ কোটা সদায় পূৰণ কৰক৷

*ৰাগিয়াল দ্ৰব্য আৰু ধূম্ৰপানৰ আসক্তি নিজৰ আৰু পৰিয়ালৰ স্বাৰ্থত পৰিহাৰ কৰক৷

*দূৰ্বল শৰীৰৰ লোকসকলে শৰীৰৰ ইমিউনিটি বঢ়াবলৈ চিকিৎসকৰ পৰামৰ্শলৈ ভিটামিন-চি, বি-কমপ্লেস্ক, প্ৰবায়টিক আৰু এণ্টিঅক্সিডেণ্ট গ্ৰহণ কৰক৷

লেখক: ডাঃ ভূপেন শইকীয়া

ম’বাইল নং: ৯৭৪৩৩৭৩৮৭২

 

2.57142857143
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top