মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / ভগণ্ডৰ বা ফিষ্টুলা ৰোগ আৰু ইয়াৰ ক্ষাৰসূত্ৰ চিকিৎসা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ভগণ্ডৰ বা ফিষ্টুলা ৰোগ আৰু ইয়াৰ ক্ষাৰসূত্ৰ চিকিৎসা

ভগণ্ডৰ বা ফিষ্টুলা ৰোগ আৰু ইয়াৰ ক্ষাৰসূত্ৰ চিকিৎসাৰ বিষয়ে লিখা হৈছে ।

আজি আপোনালোকৰ আগত ভগণ্ডৰ বা ফিষ্টুলা(fistula) ৰোগৰ বিষয়ে কিছু কথা দাঙি ধৰিব খুজিছো। শৰীৰৰ বিভিন্ন অংগত বেলেগ বেলেগ ধৰণৰ ফিষ্টুলা ৰোগ হব পাৰে যদিও আমি ইয়াত কেৱল গুহ্যনলী( anal canal) ৰ ফিষ্টুলাৰ বিষয়েহে আলোচনা কৰিম। ফিষ্টুলা বা ভগণ্ডৰ হৈছে এনেকুৱা এবিধ ফোঁপোলা নলীৰ নিচিনা বস্তু বা এটা ৰাস্তা যাৰ এটা মুখ গুদানলীৰ ভিতৰত থাকে আৰু আনটো মুখ বাহিৰত গুহ্যদ্বাৰৰ(Anal Verge) আশে পাশে থাকে। অৰ্থাৎ ই এবিধ গুদানলীৰ ভিতৰ আৰু গুহ্যদ্বাৰৰ কাষৰ ছালক সংযোগ কৰা এটা ৰাস্তা।

সাধাৰণতে মাইকী মানুহৰ তুলনাত মতা মানুহৰ এই ৰোগ বেছিকৈ হয়। কিন্তু সামাজিক ভাৱে লজ্জিত হোৱাৰ ভয়ত বা অৱহেলিত হোৱাৰ ভয়ত বহুতে ৰোগটো হলে চিকিৎসকৰ ওচৰ নাচাপে।

এই ফিষ্টুলা ৰোগ কেনেকৈ হয় সেই কথা জনাৰ আগতে আমি মানুহৰ গুহ্যনলী ( Anal canal)ৰ  গঠন (anatomy) সম্পৰ্কে কিছু কথা জানিব লাগিব ।মানুহৰ গুহ্যনলী(Anal canal)ৰ দৈৰ্ঘ্য হৈছে প্ৰায় 3-5 cm। এই গুদানলীক ওপৰৰ দুই তৃতীয়াংশ আৰু তলত এক তৃতীয়াংশত ভাগ কৰি এডাল কাল্পনিক ৰেখা বা লাইন আছে যাক ডেন্টেত লাইন(dentate line) বুলি কোৱা হয়। এই ডেন্টেত লাইনত কিছুমান সৰু সৰু নলী আকৃতিৰ গ্ৰন্থি থাকে । এইবোৰক এনেল ক্ৰিপ্টছ(Anal crypts) বুলি কোৱা হয়। এইবোৰ সংখ্যাত 8 ৰ পৰা 10 টা লৈকে থাকে।

আকৌ গুহ্যনলীত কিছুমান পেশী থাকে। তাৰ ভিতৰত দুটা পেশী হৈছে ইণ্টাৰনেল স্ফীঙতাৰ(internal sphincter) আৰু এক্সটৰনেল স্ফীঙতাৰ(external sphincter)। এই দুয়োটা পেশীৰ মাজৰ ঠাইখিনিক ইন্টাৰ স্ফীঙতেৰিক স্পেচ(inter sphincteric space) বোলে। এই ঠাইখিনিত কিছুমান গ্ৰন্থি ( glands) থাকে। এই গ্ৰন্থিবোৰক এনেল গ্লেণ্ড(Anal glands) বোলে। এই এনেল গ্লেণ্ড আৰু এনেল ক্ৰিপ্টছবোৰ সৰু সৰু নলিকা কিছুমানেৰে সংযুক্ত হৈ থাকে।

ইয়াৰ উপৰিও গুহ্যনলীৰ চাৰিওফালে কিছুমান খালী ঠাই বা space থাকে। এই খালী ঠাইবোৰ চৰ্বি জাতীয় বস্তুৰে পূৰ্ণ হৈ থাকে। এই ঠাইবোৰত কোনো কাৰণত সংক্ৰমণ হৈ পূঁজ (pus) জমা হৈ আৰু সিয়েই গৈ শেষত ফিষ্টুলা বা ভগণ্ডৰ ৰোগ উৎপন্ন কৰে।

  • ভগণ্ডৰ বা ফিষ্টুলা ৰোগৰ বিভিন্ন কাৰণ: ফিষ্টুলা ৰোগ উৎপন্ন হবৰ বাবে গুহ্যনলীৰ ভিতৰত বা আশে পাশে কিবা নহয় কিবা কাৰণত সংক্ৰমণ হৈ ফোঁহা উৎপন্ন হৈ পূঁজ জমা হব লাগিব।
  • ফিষ্টুলা ৰোগৰ আটাইতকৈ সাধাৰণ কাৰণ হৈছে এনেল ক্ৰিপ্টছ(Anal crypts)ৰ সংক্ৰমণ। সাধাৰণ অৱস্থাত এনেল গ্ৰন্থীয়ে এবিধ বীজালুৱা পদাৰ্থ নিঃসৰণকৰে আৰু এই নিঃসৰণ কৰা পদাৰ্থ সৰু নলিকাৰে এনেল ক্ৰিপ্টছত জমা হৈ থাকে আৰু তাৰ পৰা গুহ্যনলীলৈ ওলাই আহে যাতে গুহ্যনলী পিছল হৈ থাকে আৰু মল ত্যাগ কৰাৰ সময়ত গুহ্যনলী আঘাতপ্ৰাপ্ত নহয়। যেতিয়া কোনো কাৰণত এনেল ক্ৰিপ্টছ বা এনেল গ্লেণ্ড সংক্ৰমিত হয় তেতিয়া ইয়াৰ মুখবোৰ বন্ধ হৈ যায় আৰু ভিতৰত পূঁজ জমা হৈ লাহে লাহে ফিষ্টুলা ৰোগ উৎপন্ন হয়।
  • বহুদিন পুৰণি পৰিকৰ্তিকা(fissure in ano) অৰ্থাৎ কোষ্ঠকাঠিন্যৰ ফলত গুহ্যদ্বাৰ ফাটি যোৱা ৰোগ।
  • সংক্ৰমিত অৰ্শ(piles) ৰোগ ।
  • গুহ্যদ্বাৰৰ ওচৰৰ ৰোমকুপ(infected hair follicle) বা ঘৰ্মগ্ৰন্থি (sebaceous gland) সংক্ৰমিত হলে ।
  • দুৰ্ঘটনাক্ৰমে কিবা কঠিন বস্তু খোৱা গলে সি গুহ্যনলীৰে ওলাই অহা সময়ত আঘাতপ্ৰাপ্ত হৈ গুহ্যনলী সংক্ৰমিত হব পাৰে।
  • বাহিৰৰ পৰা কোনো বস্তু দুৰ্ঘটনাক্ৰমে গুহ্যনলীত সোমাই আঘাতপ্ৰাপ্ত হলে ইত্যাদি কাৰণৰ পৰা ফিষ্টুলা বা ভগণ্ডৰ ৰোগৰ উৎপত্তি হব পাৰে।

ওপৰোক্ত কাৰণ সমূহৰ পৰা গুহ্যনলীৰ ভিতৰত ফোঁহা সৃষ্টি হৈ তাত পূঁজ জমা হয়। সময়ত উপযুক্ত চিকিৎসা গ্ৰহণ নকৰিলে সেই পূঁজবোৰ বাহিৰত ওলাবলৈ ৰাস্তা বিচাৰি থাকে। ফলত সেইবোৰে গুহ্যনলীৰ ভিতৰৰ পৰা নলীৰ সৃষ্টি কৰি বাহিৰত গুহ্যদ্বাৰৰ আশে পাশে মুকলি হয় আৰু এইদৰেই ফিষ্টুলা ৰোগৰ সৃষ্টি হয়।

ফিষ্টুলাৰ আন কিছুমান কাৰণো আছে যিবোৰ কাঁচিৎহে দেখা যায়। যেনে, ক্ৰন্স ৰোগ(crohn's disease), আলচাৰেটিভ কোলাইটিছ(ulcerative colitis), টিইউবেৰকুলচিচ(tuberculosis), দাইভার্তিকুলাইটিছ(diverticulitis) ইত্যাদি। এইবোৰ ক্ষেত্ৰত ৰোগৰ মূল কাৰণৰ চিকিৎসা কৰিব লাগিব।

ভগণ্ডৰ বা ফিষ্টুলা ৰোগৰ লক্ষণসমূহ

 

  • গুহ্যদ্বাৰৰ চাৰিওফালে বিষ অনুভৱ কৰা আৰু ৰঙা পৰা লগতে ফুলি উঠা ।
  • গুহ্যদ্বাৰৰ ওচৰে পাজৰে কোনো স্থানৰ পৰা পূঁজ বা তেজ যুক্ত পূঁজ ওলাই থকা আৰু বেছি জটিল অৱস্থাত মলযুক্ত নিঃসৰণ হোৱা ।
  • পূঁজ ওলোৱা ঠাইত খজুৱতি অনুভৱ কৰা ।
  • শৌচ প্ৰসাৱ কৰাত কষ্ট পোৱা, বিষ অনুভৱ কৰা ।
  • জ্বৰ উঠা ইত্যাদি।

ভগণ্ডৰ বা ফিষ্টুলাৰ চিকিৎসা

এই ৰোগৰ একমাত্ৰ চিকিৎসা হৈছে শল্যকৰ্ম(surgery)। কেৱল ঔষধি চিকিৎসাৰ দ্বাৰা এই ৰোগৰ পৰা আৰোগ্য লাভ কৰা সম্ভৱ নহয়। আধুনিক চিকিৎসা বিজ্ঞানত ফিষ্টুলাৰ ফিষ্টুলোটমী(Fistulotomy) নামৰ শল্যকৰ্ম কৰা হয়। কিন্তু দেখা গৈছে যে এই চিকিৎসাত ৰোগৰ পুনৰাবৃত্তি হোৱাৰ হাৰ বেছি। তাৰোপৰি এই চিকিৎসাত ঐচ্ছিক পেশী আঘাতপ্ৰাপ্ত হৈ Anal Incontinence অৰ্থাৎ নিজৰ নিয়ন্ত্ৰণ নোহোৱাকৈ মলদ্বাৰেৰে মল বাহিৰ হৈ থাকে। ইয়াৰ উপৰিও চেটন(Seton) বন্ধা, গ্লু(glue) অৰ্থাৎ আঠা জাতীয় বস্তুৰে ফিষ্টুলাৰ ৰাস্তা পূৰ্ণ কৰি দিয়া আদি চিকিৎসা কৰা হয়।

ভগণ্ডৰ ৰোগৰ ক্ষাৰসূত্ৰ চিকিৎসা


আয়ুৰ্বেদত ভগণ্ডৰ বা ফিষ্টুলা ৰোগৰ ক্ষাৰসূত্ৰৰ সহায়ত চিকিৎসা কৰা হয়। এই ক্ষাৰসূত্ৰ হৈছে, ক্ষাৰ আৰু অন্যান্য ঔষধি দ্রব্যৰে নিৰ্মিত এবিধ সূত্ৰ বা সূতা(thread)l দেখা গৈছে যে এই ক্ষাৰসূত্ৰ চিকিৎসা আধুনিক শল্যকৰ্মৰ তুলনাত অধিক ফলপ্ৰসূ আৰু এই চিকিৎসাত ৰোগৰ পুনৰাবৃত্তিৰ হাৰ তুলনামূলক ভাৱে কম।

ক্ষাৰসূত্ৰ চিকিৎসাৰ উপকাৰীতা আৰু সুবিধাসমূহ

 

  • 4ৰ পৰা 6 ঘণ্টাতকৈ বেছি সময় হস্পিতালত থাকিব নালাগে।
  • দৈনন্দিন জীৱনৰ কাম কৰাত একো অসুবিধা নহয়।
  • ৰোগীয়ে কম বিষ অনুভৱ কৰে।
  • ভগণ্ডৰ হোৱা ঠাইত সংক্ৰমণ হোৱাৰ হাৰ কম ।
  • পাৰ্শ্বক্ৰিয়া কম ।
  • Anal Incontinence (নিজৰ নিয়ন্ত্ৰণ নোহোৱাকৈ গুহ্যদ্বাৰেৰে অনবৰতে মল বাহিৰ হৈ থকা)ৰ হাৰ কম।
  • ক্ষাৰসূত্ৰ চিকিৎসা এবিধ চিকিৎসীয় দৃষ্টিৰে প্ৰমাণিত(Clinically proven) চিকিৎসা।

ক্ষাৰসূত্ৰ চিকিৎসাৰ লগতে ৰোগীয়ে কিছুমান আয়ুৰ্বেদিক দৰৱো খাব লাগিব। প্ৰতি সপ্তাহত ক্ষাৰসূত্ৰ সলনি কৰিব লাগিব আৰু কিমানবাৰ সলনি কৰিব লাগিব সেয়া ৰোগৰ কঠিনতাৰ ওপৰত নিৰ্ভৰ কৰিব।

গতিকে ওপৰোক্ত লক্ষণসমূহ দেখা দিলে লাজ বা অৱহেলা নকৰি সোনকালে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। যিমানেই দেৰি হয় এই ফিষ্টুলা বা ভগণ্ডৰ ৰোগৰ চিকিৎসা কষ্টসাধ্য হৈ পৰে।

লেখিকা :-  ডাঃ বন্দনা শৰ্মা

উৎস :- স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

3.0
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top