মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / ভাইৰাছজনিত সংক্ৰমণ ৰোগ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ভাইৰাছজনিত সংক্ৰমণ ৰোগ

ভাইৰাছজনিত সংক্ৰমণ ৰোগৰ বিষয়ে লিখা হৈছে ।

 

মাম্পছ বা পিঠাখোৱা আৰু ইয়াৰ হোমিঅ’ চিকিৎসা -

এই ৰোগবিধ শীত আৰু বসন্ত কালত বেছিকৈ হোৱা দেখা যায় । myxovirus purotiditis   সংক্ৰমণৰ ফলত ৰোগবিধ হয় । এই ৰোগ সাধাৰণতে ৫ ৰ পৰা ১৫ বছৰৰ ভিতৰত বেছিকৈ হোৱা দেখা যায় ।

একেবাৰে পানীকেঁচুৱা ছমাহৰ তলৰ শিশুৰ ক্ষেত্ৰত ইয়াৰ প্ৰাদুৰ্ভাৱ কম । সাধাৰনতে যিসকল প্ৰাপ্তবয়স্ক লোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কম সেইসকল লোকো ইয়াত আক্ৰান্ত হোৱা দেখা যায় ।

ৰোগবিধত আক্ৰান্ত হ’লে কাণৰ দুয়োফালে থকা পেৰোটিভ গ্ৰন্থি বা লেলাউটি গ্ৰন্থি ফুলি উঠে । কেতিয়াবা এফালে ফুলে বা কেতিয়াবা দুয়োফালে ফুলি উঠে ।

কেনেকৈ বিয়পি যায় -

ভাইৰাছবিধ বায়ুমণ্ডলৰ পৰা শ্বাসনলী হৈ শৰীৰত প্ৰৱেশ কৰে । আক্ৰান্ত শিশুৰ নাকৰ চৰ্দি, হাঁচি বা লেলাউটিৰ জৰিয়তে আনলৈ সংক্ৰমিত হয় ।

সেয়েহে দেখা যায় স্কুলত যোৱা শিশুৰ কোনোবা এজন আক্ৰান্ত হ’লে বাকী যিস কলৰ প্ৰতিৰোধ ক্ষমতা কম সেইসকল শিশুও আক্ৰান্ত হোৱা দেখা যায় ।

কেনেকুৱা ধৰণৰ লক্ষণ দেখা দিয়ে -

গাটো ঠাণ্ডা ঠাণ্ডা লাগে বা কঁপনিযুক্ত জ্বৰ দেখা দিয়ে, মূৰৰ বিষ, ডিঙিৰ বিষ, নাকেৰে তেজ ওলোৱা, কোষ্ঠকাঠিন্যই দেখা দিয়ে, লেলাউটি গ্ৰন্থি ফুলি উঠে বাবে মুখৰ ভিতৰত লেলাউটি কমি খাদ্য চোবাই গিলি খোৱাত অসুবিধা হয়, লগতে মুখখন শুকান হৈ পৰে । লেলাউটি গ্ৰন্থিৰ উপৰিভাগ ৰঙা আৰু টান হোৱা দেখা যায় ।

জ্বৰৰ প্ৰাবল্যৰ তুলনাত ৰোগীৰ নাড়ীৰ গতি কম হোৱা দেখা যায়, লগতে তেজ পৰীক্ষা কৰিলে তেজত শ্বেত কণিকা বৃদ্ধি হোৱা দেখা যায় ।

ভাইৰাছবিধৰ আক্ৰমণ দুই সপ্তাহ বা তিনি সপ্তাহৰ ভিতৰতে শেষ হৈ যায় । সাধাৰণ স্বাস্থ্যনীতি মানি চলিও ৰোগবিধৰ পৰা পৰিত্ৰাণ পাব পাৰি যদিও চিকিৎসকৰ কাষ চাপি পৰামৰ্শ লোৱা ভাল ।

ৰোগবিধ সাধাৰণতে একোটা নিৰ্দিষ্ট এলেকাতে দেখা দিলেও ঘন জনবহুলতাৰ বাবে ই কেতিয়াবা ব্যাপক ৰুপ ধাৰণ কৰে ।

ৰোগবিধৰ বাবে দেখা দিয়া আনুষংগিক উপসৰ্গ -

১) অণ্ডাশয়ৰ প্ৰদাহ

২) ডিম্বাশয় গ্ৰন্থিৰ প্ৰদাহ

৩) স্তনৰ প্ৰদাহ (ছোৱালীৰ ক্ষেত্ৰত)

অগ্ন্যাশয় গ্ৰন্থিৰ প্ৰদাহ, কিছুমান ক্ষেত্ৰত সন্ধিবাত, মস্তিষ্কৰ প্ৰদাহ, নাৰ্ভৰ প্ৰদাহ ইত্যাদি দেখা দিব পাৰে । সাধাৰণতে যিসকল পুৰুষ এই ভাইৰাছবিধৰ দ্বাৰা আক্ৰান্ত হয়, সেইসকল লোকৰ অণ্ডাশয় গ্ৰন্থিটো কেতিয়াবা বহুখিনি ফুলি উঠে, লগতে অত্যন্ত বিষ-বেদনা সৃষ্টি কৰি ৰোগীক বিছনা ল’ব লৈ বাধ্য কৰে ।

এনেকুৱা হ’লেও বিশেষ চিন্তাৰ কাৰণ নাথাকে । দৰব ব্যৱহাৰ কৰাৰ পিছত অণ্ডকোষ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহে । ৰোগবিধ যদিও কষ্টদায়ক তথাপি ই মানুহক মৃত্যুৰ দুৱাৰডলিলৈ ঠেলি নপঠিয়ায় । আনকি এবাৰ এই ৰোগ হ’লে ইয়াৰ প্ৰতিৰোধ ক্ষমতা মানুহে নিজৰ দেহত নিজে সৃষ্টি কৰি লয় ।

ল’বলগীয়া সাৱধানতা -

১)আক্ৰান্ত শিশুক ঠাণ্ডা লাগিবলৈ দিব নালাগে । লগতে লেলাউটি গ্ৰন্থিটো ঢাক খোৱাকৈ পৰিষ্কাৰ কাপোৰেৰে মেৰিয়াই ৰাখিব লাগে ।

২) মুখৰ ভিতৰভাগ পৰিষ্কাৰকৈ ৰাখিব, লগতে কিবা খোৱাৰ পিছত নিমখ মিহলি কুহুমীয়া গৰম পানীৰে কুলি কৰিব লাগে ।

৩) বিশ্ৰাম লোৱা ভাল ।

৪) তৰল পদাৰ্থ গাখীৰ, ফলৰ ৰস, গ্লুক’জ মিহলি পানী, মিশ্ৰি মিহলি পানী, পুষ্টিকৰ সুষম খাদ্য খোৱা ভাল । তদুপৰি বিষ উপশমৰ বাবে নিমখ মিহলি কুহুমীয়া গৰম পানী কপাহী কাপোৰত তিয়াই গ্ৰন্থি দুটা বা ক্ক্ৰান্ত গ্ৰন্থি মাজে মাজে মচি দিব পাৰি ।

৫) লেলাউটি গ্ৰন্থি স্বাভাৱিক অৱস্থালৈ নহালৈকে ঠাণ্ডা লগোৱা বা বাহিৰৰ ঠাণ্ডা বতাহ লগোৱা বেয়া ।

ভ্ৰান্ত ধাৰণা -

আমাৰ সমাজত এতিয়াও কিছুমান লোকে বিশ্বাস কৰে যে এইবিধ পিঠাৰ দৰেই ফুলি উঠিছে যেতিয়া ইয়াক পিঠা বনাই সেক দিলে ভাল হ’ব বা তেনেকৈ বহুতে কৰে । আনকি শিয়ালে হোৱা দিবৰ সময়ত খাদ্য খালেও এই ৰোগবিধ শিয়ালৰ গলৰ দৰে ফুলি উঠে বুলি বহুতে ভাবে । এইবিলাকৰ কোনো ধৰণৰ চিকিৎসাসন্মত বৈজ্ঞানিক ভিত্তি নাই । আপোনালোকে অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ ল’ব ।

চিকিৎসা বিধান -

আধুনিক চিকিৎসা পদ্ধতিৰ চিকিৎসকৰ লগত পৰামৰ্শ ল’ব পাৰিব । লগতে এইবিধ ৰোগৰ ৰোগ প্ৰতিৰোধী টিকাও দিয়া হয় । এই ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ লোৱা ভাল ।

হোমিঅ’ চিকিৎসা বিধান -

হোমিঅ’ চিকিৎসা পদ্ধতিত ইয়াৰ বাবে লক্ষণভিত্তিক চিকিৎসা কৰা হয় । আক্ৰান্ত শিশুৰ বেমাৰৰ ধৰণ আৰু অৱস্থা অনুযায়ী দৰবৰ বিধান আৰু আনুষংগিক দিহা দিয়া হয় । সততে যিবোৰ দৰব ব্যৱহাৰ কৰা হয় তাৰ ভিতৰত বেলাডোনা, ফেৰামফছ, মাৰ্কছল পালছেটিলা ইত্যাদি । ৰোগীৰ লক্ষণ আৰু অৱস্থা অনুযায়ী দৰবৰ বিধান দিয়া হয় বাবে দৰবৰ ক্ষমতা বা কোনটো দৰব দিয়া হয় সেইটো উল্লেখ কৰা হোৱা নাই । আপোনালোকে অভিজ্ঞ হোমিঅ’ চিকিৎসকৰ পৰামৰ্শ লওক, নিশ্চয় সুফল পাব ।

লেখক :- ডা: জমিৰ আলী

উৎস :- জি এনআৰচি স্বাস্থ্য

 

3.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top