মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / ভাইৰেল গেষ্ট্ৰ’এণ্টেৰাইটিছঃ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ভাইৰেল গেষ্ট্ৰ’এণ্টেৰাইটিছঃ

ভাইৰেল গেষ্ট্ৰ’এণ্টেৰাইটিছৰ বিষয়ে লিখা হৈছে

ভাইৰেল গেষ্ট্ৰ’এণ্টেৰাইটিছ কি-

ঋতু পৰিৰ্তনৰ ফলত বতৰ পৰিৱৰ্তিত হয়। বৰ্তমান শীত ঋতু পৰিৱৰ্তন হৈ বসন্ত ঋতু আৰম্ভ হৈছে। বসন্ত কালত বায়মণ্ডলত ধূলি-বালি বেছি হয়। ফাগুন আৰু চ’ত মাহত বৰষুণ কম হয় আৰু পচোৱা বতাহ অধিক বলে। ফলত বায়ুমণ্ডলত নানাবিধ ভাইৰাছ ঘূৰি ফুৰে। সেয়েহে এই সময়ত মানুহ ভাইৰাছজনিত ৰোগত অধিক আক্ৰান্ত হোৱা দেখা যায়। ভাইৰেল জ্বৰ, ভাইৰেল ফেৰিঞ্জাইটিছ, ভাইৰেল কনজাংটিভাইটিছ আদিৰ উপৰি এই সময়ত মানুহ ভাইৰেল গেষ্ট্ৰ’এণ্টেৰাইটিছ ৰোগত অধিক আক্ৰান্ত হয়। যদি ইনফ্লুয়েঞ্জা ভাইৰাছৰ দ্বাৰা ভাইৰেল গেষ্ট্ৰ’এণ্টেৰাইটিছ ৰোগৰ সৃষ্টি নহয় তথাপি ইয়াৰ অন্য এক প্ৰচলিত নাম হ’ল ‘ষ্টোমাক ফ্লু’। বছৰৰ যিকোনো সময়তে হ’ব পাৰে যদিও প্ৰতি বছৰে অসমত বসন্ত কালত কেঁচুৱা, শিশু, কণ কণ ল’ৰা-ছোৱালীকে ধৰি বহুতো প্ৰাপ্তবয়স্ক ব্যক্তিয়ে ভাইৰেল গেষ্ট্ৰ’এণ্টেৰাইটিছ বাবে ভাইৰেল ডায়েৰীয়াত ভোগে। কেঁচুৱা, শিশু, স্কুলীয়া ছাত্ৰ-ছাত্ৰী, বৃদ্ধ লোক আৰু শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কম থকা ব্যক্তি সঘনাই ভাইৰেল গেষ্ট্ৰ’এণ্টেৰাইটিছ ৰোগত আক্ৰান্ত হয়। সাধাৰণতে প্ৰায়ভাগ ভাইৰেল ডায়েৰীয়াত আক্ৰান্ত ব্যক্তিয়েই দুই-তিনি দিনতে সুস্থ হৈ উঠে যদিও কিছুসংখ্যক ৰোগী, বিশেষকৈ কেঁচুৱা আৰু শিশুৰ ভাইৰেল ডায়েৰীয়া হ’লে ডিহাইড্ৰেচন হৈ শৰীৰৰ নানা জটিলতাৰ সৃষ্টি হোৱাৰ উপৰি মৃত্যুও হোৱা দেখা যায়।

ভাইৰেল গেষ্ট্ৰএণ্টেৰাইটিছ কি আৰু কেনেকৈ হয়-

 

ভাইৰেল গেষ্ট্ৰ’এণ্টেৰাইটিছ এক সংক্ৰমণ জনিত ৰোগ। নানাবিধ ভাইৰাছৰ সংক্ৰমণৰ বাবে মানুহৰ পাকস্থলী, ক্ষুদ্ৰান্ত আৰু বৃহদান্ত্ৰৰ ভিতৰভাগৰ আৱৰণখনৰ প্ৰদাহ হোৱাকে ভাইৰেল গেষ্ট্ৰ’এণ্টেৰাইটিছ বুলি কোৱা হয়। সাধাৰণতে ৰ’টা ভাইৰাছ, ন’ৰ’ ভাইৰাছ, এডিন’ভাইৰাছ আৰু এষ্ট্ৰো ভাইৰাছ নামৰ চাৰি প্ৰকাৰৰ ভাইৰাছৰ সংক্ৰমণৰ দ্বাৰা ভাইৰেল গেষ্ট্ৰ’এণ্টেৰাইটিছ ৰোগৰ সৃষ্টি হয়। ৰটা ভাইৰাছ সংক্ৰমণৰ দ্বাৰা সাধাৰণতে কেঁচুৱা আৰু শিশুসকলৰ (বিশেষকৈ তিনি মাহৰ পৰা পোন্ধৰ মাহ বয়সৰ) মাজত অধিভাৱে ভাইৰেল গেষ্ট্ৰ’এণ্টেৰাইটিছ হোৱা দেখা যায়। এনে ৰোগত আক্ৰান্ত হোৱা কেঁচুৱা আৰু শিশুসকলৰ লগত লাগি থকা প্ৰাপ্তবয়স্ক ব্যক্তিও এইবিধ ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈ ভাইৰেল গেষ্ট্ৰ’এণ্টেৰাইটিছ ৰোগত ভুগিব পাৰে। ন’ৰ’ ভাইৰাছে যিকোনো বয়সৰ ব্যক্তিকে সংক্ৰমিত কৰি ভাইৰেল গেষ্ট্ৰ’এণ্টেৰাইটিছ ৰোগৰ সৃষ্টি কৰিব পাৰে যদিও অধিকভাৱে প্ৰাপ্তবয়স্ক লোকহে আক্ৰান্ত হোৱা দেখা যায়। এই ভাইৰাছবিধেই সাধাৰণতে এই সময়ত ভাইৰেল গেষ্ট্ৰ’এণ্টেৰাইটিছ বিয়পাই মহামাৰীৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ উপৰি এডিন’ভাইৰাছ আৰু এষ্ট্ৰো ভাইৰাছে সাধাৰণতে যদিও কেঁচুৱা আৰু শিশুক সংক্ৰমিত কৰি এই ৰোগৰ সৃষ্টি কৰে, তথাপি প্ৰাপ্তবয়স্ক ব্যক্তিও এইবিধ ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈ ভাইৰেল গেষ্ট্ৰ’এণ্টেৰাইটিছ ৰোগত ভুগিব পাৰে।

সাধাৰণতে আক্ৰান্ত ব্যক্তিৰ পৰা সুস্থ ব্যক্তিলৈ এই ৰোগ বিয়পে। আক্ৰান্ত ব্যক্তিৰ বিষ্ঠা, বমি, পায়খানা কৰি চাবোনেৰে নোধোৱা হাত আদিত এই ভাইৰাছবোৰ লাগি থাকে। এনে ব্যক্তিৰ বিষ্ঠা, বমি আদিত থকা ভাইৰাছবোৰে নানাবিধ বস্তুৰ আৱৰণ, খাদ্য, পানী আদি দূষিত কৰাৰ উপৰি বায়ুমণ্ডলত এই ভাইৰাছবোৰ উৰি ফুৰিব দিয়ে। ন’ৰ’ ভাইৰাছ এনেবোৰ বস্তুত দুই মাহ পৰ্যন্ত জীৱিত হৈ থাকিব পাৰে। সুস্থ ব্যক্তি এজনে এনেভাৱে সংক্ৰমিত বস্তুৰ আৱৰণ লাৰি অথবা আক্ৰান্ত ব্যক্তিৰ অপৰিষ্কাৰ হাত চুই নিজৰ হাত নোধোৱাকৈ মুখ লাৰিলে বা তেনে হাতেৰে কিবা খালে, আক্ৰান্ত ব্যক্তিৰ সৈতে একেখন পাত্ৰতে খাদ্য বা পানী খালে, ভাইৰাছৰ দ্বাৰা দূষিত পানী বা খাদ্য খালে, বতাহত উৰি ফুৰা এই ভাইৰাছবোৰ মুখেৰে সোমাব দিলে এই ভাইৰাছবোৰৰ দ্বাৰা সংক্ৰমিত হৈ ভাইৰেল গেষ্ট্ৰ’এণ্টেৰাইটিছ ৰোগত আক্ৰান্ত হ’ব পাৰে। ডায়েৰিয়াত আক্ৰান্ত নহৈ কেৱল এনে ভাইৰাছত আক্ৰান্ত ব্যক্তিয়েও এই ৰোগ এনেদৰে বিয়পাব পাৰে।

ভাইৰেল গেষ্ট্ৰ’এণ্টেৰাইটিছৰ লক্ষণঃ

 

সাধাৰণতে ৰ’টা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ একৰ পৰা তিনি দিনৰ পিছত, ন’ৰ’ ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ একৰ পৰা দুই দিনৰ পিছত, এডিন’ ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ আঠৰ পৰা দহ দিনৰ পিছত আৰু এষ্ট্ৰো ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ তিনিৰ পৰা চাৰি দিনৰ পিছত আক্ৰান্ত ব্যক্তিয়ে এই ৰোগৰ লক্ষণ দেখুৱায়। এই ৰোগত মুখ্যতঃ পানীৰ দৰে শৌচ হোৱা (ডায়েৰিয়া) আৰু বমি হয়। ইয়াৰ উপৰি মূৰৰ বিষ, গাৰ বিষ, গাঁঠিৰ বিষ, জ্বৰ, কঁপনি উঠা, পেটৰ বিষ আৰু শৰীৰ দুৰ্বল হৈ এলেহুৱা অনুভৱ হোৱা দেখা যায়।

ভাইৰেল গেষ্ট্ৰ’এণ্টেৰাইটিছৰ জটিলতাঃ

 

সাধাৰণতে প্ৰায়ভাগ ভাইৰেল ডায়েৰীয়াত আক্ৰান্ত ব্যক্তিয়ে দুই তিনি দিনতে সুস্থ হৈ উঠে যদিও কিছুসংখ্যক ৰোগী, বিশেষকৈ কেঁচুৱা আৰু শিশুৰ ভাইৰেল ডায়েৰীয়া হ’লে ডিহাইড্ৰেচন হৈ শৰীৰত নানা জটিলতাৰ সৃষ্টি হয়। এনে ৰোগত আক্ৰান্ত ব্যক্তিয়ে ডায়েৰীয়া আৰু বমিত লোকচান কৰা শৰীৰৰ পানীভাগৰ লগতে ইলেক্ট্ৰ’লাইট আৰু লৱণ আদি যদি পানী অথবা অন্য জুলীয়া বস্তু খাই পূৰণ নকৰে, তেন্তে ৰোগীৰ ডিহাইড্ৰেচন হ’ব পাৰে। ডিহাইড্ৰেচন হ’লে প্ৰাপ্তবয়স্ক ব্যক্তিৰ যথেষ্ট পানীৰ পিয়াহ লগা, প্ৰস্ৰাৱ কমি যোৱা, ডাঠ ৰঙৰ গাঢ় প্ৰস্ৰাৱ হোৱা, এলেহুৱা অনুভৱ কৰা, মূৰ ঘূৰণি হোৱা আৰু মূৰ্ছা যোৱা আদি লক্ষণ দেখুৱায়। ডিহাইড্ৰেচন হ’লে কেঁচুৱা আৰু শিশুৰ মুখ আৰু জিভা শুকাই যোৱা, কান্দোন আৰু চকুপানী কমি যোৱা, বহু সময় প্ৰস্ৰাৱ নোহোৱা, অতিমাত্ৰা জ্বৰ হোৱা, মুখ, চকু আৰু কেঁচুৱাৰ মূৰৰ ঢিলা অংশ আদি উখহি উঠা আৰু ভাগৰুৱা হোৱা লক্ষণ দেখুৱায়। ডিহাইড্ৰেচন হোৱা ৰোগীৰ ছালখন টানি এৰি দিলে আগৰ ঠাইলৈ ঘূৰি নোযোৱা হয়। অতিমাত্ৰা ডিহাইড্ৰেচন হোৱা ৰোগীক চিকিৎসালয়ত ভৰ্তি কৰি ছেলাইন নিদিলে বহু সময়ত বৃক্ককে ধৰি অন্য অৰ্গেন অচল হোৱা, শ্বকত যোৱা, কমাত যোৱা আদি হোৱাৰ উপৰি মৃত্যু পৰ্যন্ত হ’ব পাৰে।

ভাইৰেল গেষ্ট্ৰ’এণ্টেৰাইটিছৰ চিকিৎসাঃ

 

ভাইৰেল গেষ্ট্ৰ’এণ্টেৰাইটিছৰ লক্ষণৰ ওপৰত নিৰ্ভৰ কৰি ঠিৰাং কৰা হয়। সাধাৰণতে দুই বা তিনি দিনৰ ভিতৰত এই ৰোগ নিজে নিজেই ভাল হয়। ইয়াতকৈ বেছিদিন থাকিলে অথবা শৌচৰ সৈতে তেজ গ’লে শৌচ পৰীক্ষা কৰিব পাৰি। যিহেতু এণ্টিবায়’টিকে ভাইৰাছ ধ্বংস কৰিব নোৱাৰে, সেয়েহে এই ৰোগৰ চিকিৎসাত এণ্টিবায়’টিকৰ কোনো স্থান নাই। মাত্ৰ উপসৰ্গ কমাবলৈ চিকিৎসা দিয়া হয়। জ্বৰ হ’লে পেৰাচিটামল, শৌচ বন্ধ হ’বলৈ দৰব আৰু ডিহাইড্ৰেচনৰ লগতে ইলেক্ট্ৰ’লাইটৰ ক্ষতি পূৰণ কৰিবলৈ প্ৰাপ্তবয়স্ক ৰোগীক প্ৰচুৰ পানী, ফলৰ ৰস, স্প’ৰ্টছ পানীয় আদি খাবলৈ দিব লাগে। একেলগে বহুত খাব নোৱাৰিলে কম কমকৈ সঘনাই খাবলৈ দিব লাগে। শিশুৰ ক্ষেত্ৰত অধিক সাৱধানতা অৱলম্বন কৰিব লাগে। এই ৰোগ হ’লে কেঁচুৱাক সঘনাই মাকৰ গাখীৰ আৰু শিশুক অ’ আৰ এছ খাবলৈ দিব লাগে। বজাৰত পেডিলাইট, নেচাৰেলাইট, ইনফেণ্টালাইট আদিৰ দৰে বহুতো অ’ আৰ এছ পোৱা যায়। অ’ আৰ এছ খালে শিশুটোৱে গ্লুক’জ, ছ’ডিয়াম, পটাছিয়াম, ইলেক্ট্ৰ’লাইট পায়। অ’ আৰ এছ নাপালে এক চাহ চামুচ জোখৰ নিমখ আৰু আঙুলিৰে এক চিমটা চেনি এক লিটাৰ পানীত মিহলাই সঘনাই খুৱাই থাকিব লাগে। শিশুটোৰ ভোক লাগিলেই গাজৰৰ চুপ, মাৰ ভাত আৰু সহজে হজম হোৱা খাদ্য খাব দিব লাগে। প্ৰাপ্তবয়স্ক লোকেও খাদ্য খাব লাগে। প্ৰথমতে সহজে হজম হোৱা খাদ্য খাব দিব লাগে। চৰ্বিযুক্ত, চেনিযুক্ত, দুগ্ধজাত খাদ্য আৰু কফী, সুৰা আদি খাব নালাগে। এনে ৰোগীৰ বাবে আটাইতকৈ প্ৰয়োজনীয় কথা হ’ল পৰ্যাপ্ত জিৰণি লোৱা, প্ৰচুৰ পানী আৰু ফল-মূলৰ ৰস খোৱা, ভালদৰে ধোৱা ফল-মূল, শাক-পাচলি আৰু পুষ্টিকৰ আহাৰ গ্ৰহণ কৰা। কেৱল জটিলতা সৃষ্টি কৰি ডিহাইড্ৰেচন অধিক হ’লে ৰোগীক চিকিৎসকৰ পৰামৰ্শ লৈ চিকিৎসালয়ত ভৰ্তি কৰাই ছেলাইন দিব লাগে।

(উৎসঃ নিয়মীয়া বাৰ্তা, ডাঃ ধৰ্মকান্ত কুম্ভকাৰ)।

2.89473684211
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top