মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / ভাইৰেল গেষ্ট্ৰ’এন্টেৰাইটিছ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ভাইৰেল গেষ্ট্ৰ’এন্টেৰাইটিছ :

ভাইৰেল গেষ্ট্ৰ’এন্টেৰাইটিছৰ বিষয়ে লিখা হৈছে ।

 

ঋতু পৰিৱৰ্তনৰ ফলত বতৰ পৰিৱৰ্তিত হয়। বৰ্তমান শীত ঋতু পৰিৱৰ্তন হৈ বসন্ত ঋতু আৰম্ভ হৈছে। বসন্ত কালত বায়ুমণ্ডলত ধূলি-বালি বেছি হয়। ফাগুন আৰু চ’ত মাহত বৰষুণ কম হয় আৰু পছোৱা বতাহ অধিক বলে। ফলত বায়ুমণ্ডলত নানাবিধ ভাইৰাছ ঘূৰি ফুৰে। সেয়েহে এই সময়ত মানুহ ভাইৰাছজনিত ৰোগৰ অধিক আক্ৰান্ত হোৱা দেখা যায়। ভাইৰেল জ্বৰ, ভাইৰেল ফেৰিঞ্জাইটিছ, ভাইৰেল কনজাংটিভাইটিছ আদিৰ উপৰি এই সময়ত মানুহ ভাইৰেল গেষ্ট্ৰ’এন্টেৰাইটিছ ৰোগত অধিক আক্ৰান্ত হয়। যদিও ইনফ্লুৱেঞ্জা ভাইৰাছৰদ্বাৰা ভাইৰেল গেষ্ট্ৰ’এন্টেৰাইটিছ ৰোগৰ সৃষ্টি নহয়, তথাপি ইয়াৰ অন্য এক প্ৰচলিত নাম হ’ল ‘ষ্টোমাক ফ্লু’। বছৰৰ যিকোনো সময়তে হ’ব পাৰে যদিও প্ৰতিবছৰে অসমত বসন্ত কালত কেঁচুৱা, শিশু, কন কণ ল’ৰা-ছোৱালীকে ধৰি বহুতো প্ৰাপ্তবয়স্ক ব্যক্তিয়ে ভাইৰেল গেষ্ট্ৰ’এন্টেৰাইটিছৰ বাবে ভাইৰেল ডায়েৰীয়াত ভোগে। কেঁচুৱা, শিশু, স্কুলীয়া ছাত্ৰ-ছাত্ৰী, বৃদ্ধ লোক আৰু শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কম থকা ব্যক্তি সঘনাই ভাইৰেল গেষ্ট্ৰ’এন্টেৰাইটিছ ৰোগত আক্ৰান্ত হয়। সাধাৰণতে প্ৰায়ভাগ ভাইৰেল ডায়েৰীয়াত আক্ৰান্ত ব্যক্তিয়ে দুই-তিনি দিনতে সুস্থ হৈ উঠে যদিও কিছুসংখ্যক ৰোগী, বিশেষকৈ কেঁচুৱা আৰু শিশুৰ ভাইৰেল ডায়েৰীয়া হ’লে ডিহাইড্ৰেচন হৈ শৰীৰৰ নানা জটিলতাৰ সৃষ্টি হোৱাৰ উপৰি মৃত্যুও হোৱা দেখা যায়।

কি আৰু কেনেকৈ হয়?

ভাইৰেল গেষ্ট্ৰ’এন্টেৰাইটিছ এক সংক্ৰমণজনিত ৰোগ। নানাবিধ ভাইৰাছৰ সংক্ৰমণৰ বাবে মানুহৰ পাকস্থলী, ক্ষুদ্যান্ত্ৰ আৰু বৃহদান্ত্ৰৰ ভিতৰভাগৰ আৱৰণখনৰ প্ৰদাহ(Inflammation) হোৱাকে ভাইৰেল গেষ্ট্ৰ’এন্টেৰাইটিছ বুলি কয়। সাধাৰণতে ৰ’টা ভাইৰাছ, ন’ৰ’ভাইৰাছ, এডিন’ভাইৰাছ আৰু এষ্ট্ৰো ভাইৰাছ নামৰ চাৰি প্ৰকাৰৰ ভাইৰাছৰ সংক্ৰমণৰ দ্বাৰা ভাইৰেল গেষ্ট্ৰ’এন্টেৰাইটিছ ৰোগৰ সৃষ্টি হয়। ৰ’টা ভাইৰাছ সংক্ৰমণৰদ্বাৰা সাধাৰণতে কেঁচুৱা আৰু শিশুসকলৰ(বিশেষকৈ তিনি মাহৰপৰা ১৫ মাহ বয়সৰ) মাজত অধিকভাৱে ভাইৰেল গেষ্ট্ৰ’এন্টেৰাইটিছ হোৱা দেখা যায়। এনে ৰোগত আক্ৰান্ত হোৱা দেখা যায়। এনে ৰোগত আক্ৰান্ত হোৱা কেঁচুৱা আৰু শিশুসকলৰ লগত লাগি থকা প্ৰাপ্তবয়স্ক ব্যক্তিও এইবিধ ভাইৰাছৰদ্বাৰা সংক্ৰমিত হৈ ভাইৰেল গেষ্ট্ৰ’এন্টেৰাইটিছ ৰোগত ভুগিব পাৰে। ন’ৰ’ ভাইৰাছে যিকোনো বয়সৰ ব্যক্তিকে সংক্ৰমিত কৰি ভাইৰেল গেষ্ট্ৰ’এন্টেৰাইটিছ ৰোগৰ সৃষ্টি কৰিব পাৰে যদিও অধিকভাৱে প্ৰাপ্তবয়স্ক লোকহে আক্ৰান্ত হোৱা দেখা যায়। এই ভাইৰাছবিধেই সাধাৰণতে এই সময়ত ভাইৰেল গেষ্ট্ৰ’এন্টেৰাইটিছ বিয়পাই মহামাৰীৰ সৃষ্টি কৰিব পাৰে। তদুপৰি এডিন’ভাইৰাছ আৰু এষ্ট্ৰো ভাইৰাছে সাধাৰণতে যদিও কেঁচুৱা আৰু শিশুক সংক্ৰমিত কৰি এই ৰোগৰ সৃষ্টি কৰে, তথাপি প্ৰাপ্তবয়স্ক ব্যক্তিও এইবিধ ভাইৰাছৰদ্বাৰা সংক্ৰমিত হৈ ভাইৰেল গেষ্ট্ৰ’এন্টেৰাইটিছ ৰোগত ভুগিব পাৰে।

সাধাৰণতে আক্ৰান্ত ব্যক্তিৰপৰা সুস্থ ব্যক্তিলৈ এই ৰোগ বিয়পে। আক্ৰান্ত ব্যক্তিৰ বিষ্ঠা, বমি, পায়খানা কৰি চাবোনেৰে নুধুৱা হাত অদিত এই ভাইৰাছবোৰ লাগি থাকে। এনে ব্যক্তিৰ বিষ্ঠা, বমি আদিত থকা ভাইৰাছবোৰে নানাবিধ বস্তুৰ আৱৰণ, খাদ্য, পানী আৰু দূষিত কৰাৰ উপৰি বায়ুমণ্ডলত এই ভাইৰাছবোৰ উৰি ফুৰিব দিয়ে। ন’ৰ’ ভাইৰাছ এনেবোৰ বস্তুত দুমাহ পৰ্যন্ত জীৱিত হৈ থাকিব পৰে। সুস্থ ব্যক্তি এজনে এনেভাৱে সংক্ৰমিত বস্তুৰ আৱৰন লাৰি অথবা আক্ৰান্ত ব্যক্তিৰ অপৰিষ্কাৰ হাত চুই নিজৰ হাত নুধোৱাকৈ মুখ লাৰিলে বা তেনে হাতেৰে কিব খালে, আক্ৰান্ত ব্যক্তিৰ সৈতে একেখন পাত্ৰতে খাদ্য বা পানী খালে, ভাইৰাছৰদ্বাৰা দূষিত পানী বা খাদ্য খালে, বতাহত উৰি ফুৰা এই ভাইৰাছবোৰ মুখেৰে সোমাব পাৰিলে এই ভাইৰাছবোৰৰদ্বাৰা সংক্ৰমিত হৈ ভাইৰেল গেষ্ট্ৰ’এন্টেৰাইটিছ  ৰোগত আক্ৰান্ত হ’ব পাৰে। ডায়েৰীয়াত আক্ৰান্ত নহৈ কেৱল এনে ভাইৰাছত আক্ৰান্ত ব্যক্তিয়েও এই ৰোগ এনেদৰে বিয়পাব পাৰে।

লক্ষণ -

সাধাৰণতে ৰ’তা ভাইৰাছৰদ্বাৰা সংক্ৰমিত হোৱাৰ একৰপৰা তিনি দিনৰ পিছত ন’ৰ’ ভাইৰাছৰদ্বাৰা সংক্ৰমিত হোৱাৰ একৰপৰা দুদিনৰ পিছত, এডিন’ ভাইৰাছাৰদ্বাৰা সংক্ৰমিত হোৱাৰ আঠৰপৰ দহ দিনৰ পিছত আৰু এষ্ট্ৰোভাইৰাছৰদ্বাৰা সংক্ৰমিত হোৱাৰ তিনিৰপৰা চাৰি দিনৰ পিছত আক্ৰান্ত ব্যক্তিয়ে এই ৰোগৰ লক্ষণ দেখা যায়। এই ৰোগত মুখ্যতঃ পানীৰ দৰে শৌচ হোৱা(ডায়েৰীয়া) আৰু বমি হয়। মূৰৰ বিষ, গাৰ বিষ, গাঁঠিৰ বিষ, জ্বৰ, কঁপনি উঠা, পেটৰ বিষ আৰু শ্ৰীৰ দুৰ্বল হৈ এলেহুৱা অনুভৱ হোৱা দেখা যায়।

সম্ভাব্য জটিলতা -

সাধাৰণতে প্ৰায়ভাগ ভাইৰেল ডায়েৰীয়াত আক্ৰান্ত ব্যক্তিয়ে দুই-তিনি দিনতে সুস্থ হৈ উঠে যদিও কিছুসংখ্যক ৰোগী, বিশেষকৈ কেঁচুৱা আৰু শিশুৰ ভাইৰেল ডায়েৰীয়া হ’লে ডিহাইড্ৰেচন হৈ শৰীৰত নানা জটিলতাৰ সৃষ্টি হয়। এনে ৰোগত ব্যক্তিয়ে ডায়েৰীয়া আৰু বমিত লোকচান কৰা শৰীৰৰ পানীভাগৰ লগতে ইলেক্ট্ৰলাইট আৰু লৱণ আদি যদি পানী অথবা অন্য জুলীয়া বস্তু খাই পূৰণ নকৰে তেন্তে ৰোগীৰ ডিহাইড্ৰেচন হ’ব পাৰে। ডিহাইড্ৰেচন হ’লে প্ৰাপ্তবয়স্ক ব্যক্তিৰ যথেষ্ট পানীৰ পিয়াহ লগা, প্ৰস্তাৱ কমি যোৱা, ডাঠ ৰঙৰ গাঢ় প্ৰ্স্ৰাৱ হোৱা, এলেহুৱা অনুভৱ কৰা, মূৰ ঘূৰণি হোৱা আৰু, মূৰ্চ্ছা যোৱা আদি লক্ষণ দেখায়। ডিহাইড্ৰেচন হ’লে কেঁচুৱা আৰু শিশুৰ মুখ আৰু জিভা শুকাই যোৱা, কান্দোন আৰু চকুপানী কমি যোৱা, বহু সময় প্ৰস্ৰাৱ নোহোৱা, অতিমাত্ৰা জ্বৰ হোৱা, মুখ, চকু আৰু কেঁচুৱাৰ মূৰৰ ঢিলা অংশ আদি উখহি উঠা আৰু ভাগৰুৱা হোৱা লক্ষণ দেখা যায়। ডিহাইড্ৰেচন হোৱা ৰোগীৰ চালখন টানি এৰি দিলে আগৰ ঠাইলৈ ঘূৰি নোযোৱা হয়। অতিমাত্ৰা ডিহাইড্ৰেচন হোৱা ৰোগীক চিকিৎসালয়ত ভৰ্তি কৰি চেলাইন নিদিলে বহু সময়ত বৃক্ককে ধৰি অন্য অংগ অচল হোৱা, শ্বকত যোৱা, ক’মাত যোৱা আদি হোৱাৰ উপৰি মৃত্যু পৰ্যন্ত হ’ব পাৰে।

চিকিৎসা -

ভাইৰেল গেষ্ট্ৰ’এন্টেৰাইটিছ লক্ষণৰ ওপৰত নিৰ্ভৰ কৰি থিৰাং কৰা হয়। সাধাৰণতে দুই বা তিনি দিনৰ ভিতৰত এই ৰোগ নিজে নিজেই ভাল হয়। ইয়াতকৈ বেছি দিন থাকিলে অথবা শৌচ পৰীক্ষা কৰিব পাৰি। যিহেতু এন্টিবায়’টিকে ভাইৰাছ ধ্বংস কৰিব নোৱাৰে, সেয়েহে এই ৰোগৰ চিকিৎসাত এন্টিবায়’টিকৰ কোনো স্থান নাই। মাত্ৰ উপসৰ্গ কমাবলৈ চিকিৎসা দিয়া হয়। জ্বৰ হ’লে পেৰাচিটামল, শৌচ বন্ধ হ’বলৈ দৰব আৰু ডিহাইড্ৰেচনৰ লগতে ইলেক্ট্ৰ’লাইটৰ ক্ষতিপূৰণ কৰিবলৈ প্ৰাপ্তবয়স্ক ৰোগীক প্ৰচুৰ পানী, ফলৰ ৰস, স্প’ৰ্টছ পানীয় আদি খাবলৈ দিব লাগে। একেলগে বহুত খাব নোৱাৰিলে কম কমকৈ সঘনাই খাব দিব লাগে। শিশুৰ ক্ষেত্ৰত অধিক সাৱধানতা অৱলম্বন কৰিব লাগে। এই ৰোগ হ’লে কেঁচুৱা সঘনাই মাকৰ গাখীৰ আৰু শিশুক অ’ আৰ এছ খাব দিব লাগে। বজাৰত পেডিলাইট, নেচাৰেলাইট, ইনফেন্টাৰলাইট আদিৰ দৰে বহুতো অ’ আৰ এছ পোৱা যায়। অ’ আৰ এছ খালে শিশুটিয়ে গ্লু’কজ, ছডিয়াম, পটেচিয়াম, ইলেক্ট্ৰ’লাইট পায়। অ’ আৰ এছ নাপালে এক চাহ চামুচ জোখৰ নিমখ আৰু আঙুলিৰে এক চিমতা চেনি এক লিটাৰ পানীত মিহলাই সঘনাই খুৱাই থাকিব লাগে। শিশুটিৰ ভোক লাগিলেই গাজৰৰ চুপ, মাৰভাত আৰু সহজে হজম হোৱা খাদ্য খাব লাগে। প্ৰাপ্তবয়স্ক লোকেও খাদ্য খাব দিব লাগে। প্ৰথমতে সহজে হজম হোৱা খাদ্য খাব লাগে। চৰ্বিযুক্ত, চেনিযুক্ত, দুগ্ধজাত খাদ্য আৰু কফি, সুৰা আদি খাব নেলাগে। এনে ৰোগীৰ বাবে আটাইতকৈ প্ৰয়োজনীয় কথা হ’ল পৰ্যাপ্ত জিৰণি লোৱা, প্ৰচুৰ পানী আৰু ফল-মূলৰ ৰস খোৱা, ভালদৰে ধোৱা শাক-পাচলি আৰু পুষ্টিকৰ আহাৰ গ্ৰহণ কৰা। কেৱল জটিলতা সৃষ্টি কৰি ডিহাইড্ৰেচন অধিক হ’লে ৰোগীক চিকিৎসকৰ পৰামৰ্শ লৈ চিকিৎসালয়ত ভৰ্তি কৰি ছেলাইন দিব লাগে।

প্ৰতিৰোধ -

দৈনন্দিন কিছুমান অভ্যাস পালন কৰি চলিলে ভাইৰেল গেষ্ট্ৰ’এন্টেৰাইটিছ হোৱা আৰু বিয়পাৰপৰা সহজে হাত সাৰি থাকিব পাৰি। শৌচ কৰি সদায় চাবোনেৰে অতি কমেও এক মিনিট ভালদৰে হাত ধুব লাগে। খাদ্য প্ৰস্তুত কৰা আৰু খোৱাৰ আগতে ভালদৰে চাবোনেৰে হাত ধুই ল’ব লাগে। কেঁচা আৰু নৰন্ধা খাদ্য খাব নালাগে। খোৱা বস্তু আৰু খোৱা পানী ঢাকি ৰাখিব লাগে। ফল আদি খালে ভালদৰে ধুই খাব লাগে। সদায় পৰিষ্কাৰ আৰু বিশুদ্ধ পানী খাব লাগে। ঘৰুৱা বস্তুৰ আৱৰণ আদি প্ৰায়ে বীজাণুনাশক দৰবেৰে পৰিষ্কাৰ কৰি থাকিব লাগে। দূষিত খাদ্য আৰু পানী খাব নালাগে। ভাইৰেল গেষ্ট্ৰ’এন্টেৰাইটিছ হোৱা ব্যক্তিৰ সৈতে একে পাত্ৰতে খাব নালাগে।

ভাইৰাছ থক বুলি সন্দেহ হোৱা কোনো বস্তু স্পৰ্শ কৰিব নালাগে। এনে ৰোগ হোৱা ব্যক্তিৰ লগত ওচৰ সম্পৰ্ক ৰক্ষা নকৰি আঁতৰি থাকিব লাগে। তেনে ব্যক্তিক চুলে হাত ধুব লাগে। এনে ৰোগীৰ শৌচ আৰু বমি দূৰৈত পুতি থ’ব লাগে। শৌচ আৰু বমি কৰা ঠাইৰ ওচৰত ঘূৰি ফুৰিব নালাগে। প্ৰথম ছমাহ কেঁচুৱাক মাত্ৰ মাকৰ গাখীৰ খাবলৈ দিব লাগে। বটলত খাব দিব নালাগে। কেঁচুৱাৰ হাত সঘনাই ধুই থাকিব লাগে। আজিকালি কেঁচুৱাক ৰ’টা ভাইৰাছৰ বিৰুদ্ধে মুখেৰে খোৱা ভেকচিন দিব পাৰি। ৰ’টা টেক নামৰ এবিধ পেন্টাভেলেন্ট ভেকচিন কেঁচুৱাক দুই, চাৰি আৰু ছমাহ বয়সত দিব পাৰি। ৰ’টাৰিক্স নামৰ আন এবিধ ভেকচিন দুটা ডোজত ছসপ্তাহ আৰু দহ সপ্তাহ বয়সত দিব পাৰি।

মনত ৰাখিবলগীয়া -

*ভাইৰেল গেষ্ট্ৰ’এন্টেৰাইটিছ এক সংক্ৰমণজনিত ৰোগ।

*নানাবিধ ভাইৰাছৰ সংক্ৰমণৰ বাবে মানুহৰ পাকস্থলী, ক্ষুদ্যান্ত আৰু বৃহদান্ত্ৰৰ ভিতৰভাগৰ আৱৰণখনৰ প্ৰদাহ হোৱাকে ভাইৰেল গেষ্ট্ৰ’এন্টেৰাইটিছ বুলি কোৱা হয়।

*কেঁচুৱা, শিশু, স্কুলীয়া ছাত্ৰ-ছাত্ৰী, বৃদ্ধ লোক আৰু শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কম থকা ব্যক্তি সঘনাই ভাইৰেল গেষ্ট্ৰ’এন্টেৰাইটিছ ৰোগত আক্ৰান্ত হয়।

*আক্ৰান্ত ব্যক্তিৰপৰা সুস্থ ব্যক্তিলৈ এই ৰোগ বিয়পে।

*সাধাৰণতে এই ৰোগৰ প্ৰধান লক্ষণ হ’ল পানীৰ দৰে শৌচ হোৱা(ডায়েৰিয়া) আৰু বমি হোৱা।

*ভাইৰেল গেষ্ট্ৰ’এন্টেৰাইটিছ লক্ষণৰ ওপৰত নিৰ্ভৰ কৰি থিৰাং কৰা হয়।

*ডিহাইড্ৰেচন ভাইৰেল গেষ্ট্ৰ’এন্টেৰাইটিছ প্ৰধান জটিলতা।

*ডিহাইড্ৰেচন হ’লে যথেষ্ট পানীৰ পিয়াহ লগা, প্ৰস্ৰাৱ কমি যোৱা, ডাঠ ৰঙৰ গাঢ় প্ৰস্ৰাৱ হোৱা, শৰীৰ উখহি উঠা, মুখ আৰু জিভা শুকাই যোৱা আদি লক্ষণ দেখা যায়।

*অতিমাত্ৰা ডিহাইড্ৰেচন হোৱা ৰোগীক চিকিৎসকৰ পৰামৰ্শ লৈ চিকিৎসালয়ত ভৰ্তি কৰি ছেলাইন দিব লাগে।

*সাধাৰণতে দুই বা তিনি দিনৰ ভিতৰত এই ৰোগ নিজে নিজেই ভাল হয়।

*এই ৰোগৰ চিকিৎসাত এন্টিবায়’টিকৰ কোনো স্থান নাই।

*মাত্ৰ উপসৰ্গ কমাবলৈ চিকিৎসা দিয়া হয়।

*প্ৰাপ্তবয়স্ক এনে ৰোগীয়ে প্ৰচুৰ পানী, ফলৰ ৰস, স্প’ৰ্টছ পানীয় আদি খাব লাগে।

*এই ৰোগ হ’লে কেঁচুৱাক সঘনাই মাকৰ গাখীৰ আৰু শিশুক অ’ আৰ এছ খাব দিব লাগে।

*মানুহে শৌচ কৰি সদায় চাবোনেৰে অতি কমেও এক মিনিট ভালদৰে হাত ধুই, খাদ্য প্ৰ্স্তুত কৰা আৰু খোৱাৰ আগতে ভালদৰে হাত ধুই আৰু কিছুমান অভ্যাস পালন কৰি ভাইৰেল গেষ্ট্ৰ’এন্টেৰাইটিছ হোৱা আৰু বিয়পা প্ৰতিৰোধ কৰিব পাৰে।

লেখক: ডাঃ ধৰ্মকান্ত কুম্ভকাৰ(দৈনিক অসম)

 

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top