মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / ভাইৰেল ফিভাৰ ফ্লু. ইন্ফ্লুয়েঞ্জা (ভাইৰাছ-জনিত জ্বৰ/পানীলগা জ্বৰ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ভাইৰেল ফিভাৰ ফ্লু. ইন্ফ্লুয়েঞ্জা (ভাইৰাছ-জনিত জ্বৰ/পানীলগা জ্বৰ

ভাইৰেল ফিভাৰ ফ্লু. ইন্ফ্লুয়েঞ্জা (ভাইৰাছ-জনিত জ্বৰ/পানীলগা জ্বৰৰ বিষয়ে লিখা হৈছে ।

বতৰৰ পৰিবৰ্তনৰ সময়ত এই ৰোগে একেলগে বহু মানুহক আক্ৰান্ত কৰে |ইন্ফ্লুয়েঞ্জা ভাইৰাছকে আদি কৰি কিছুমান RNA ভাইৰাছে এই ৰোগ উৎপন্ন কৰে |ভাইৰাছ আক্ৰমনৰ ১৬ ৰ পৰা ১৮ঘন্টাৰ পিছতেই ৰোগৰ লক্ষণ দেখা যায় | প্ৰথম অবস্থাত হাঁচি, সৰ্দি, ডিঙিৰ চৰ্ চৰণি, নাক বন্ধ হোৱা,গাৰ বিষ, গাঠি আৰু মাংস পেশীৰ বিষ, ঠাণ্ডা অনুভৱ কৰা, চকুত গৰম ভাৱ লগা আৰু চলচলীয়া তথা ৰঙা হোৱা আদি লক্ষণ দেখা যায় | পিছলৈ মন্দৰ পৰা তীব্ৰ জ্বৰৰ লগতে, বমি বমি লগা বা বমি হোৱা, গা অত্যোধিক দুৰ্বল হোৱা, অস্থিৰ অনুভৱ কৰা, ভোক নলগা, স্বৰভংগ হোৱা, কাঁহ, মুৰৰ বিষ, ডিঙিৰ বিষ, তীব্ৰ মাংস পেশীৰ বিষ ইত্যাদি লক্ষণ দেখা যায় | পেটত সংক্ৰমন হলে বমি, পেটৰ বিষ, ডায়েৰিয়া আদি লক্ষণ দেখা যায় | যদিও স্বত: আৰোগ্য লাভ হয় তথাপিও উপযুক্ত চিকিৎসাৰ ব্যবস্থা নকৰিলে জীৱনলৈ ভাবুকি আহিব পাৰে | ৰোগীৰ সংস্পৰ্শলৈ আহিলে, আক্ৰান্তই সম্মুখত হাঁচি দিলে বা কাঁহিলে বা হুমুনিয়াহ কাৰিলে ভাইৰাছে আক্ৰান্তৰ দেহৰ পৰা ওলাই আনৰ শ্বাসৰ লগত সোমাই আক্ৰমন কৰিব পাৰে | দুইসপ্তাহলৈ আক্ৰান্তই এইৰোগ বিয়পোৱাৰ সম্ভাবনা থাকে |এইৰোগবিধ বহু বেছি সংক্ৰামক, যদিও প্ৰতিৰোধৰ ব্যবস্থা ললে সহজে হাত সাৰি থাকিব পাৰি |

আক্ৰান্ত ব্যক্তিৰ কৰণীয় :-
১. যথেষ্ট পৰিমাণে কুহুমীয়া গৰম পানী খাওক | যাতে প্ৰস্ৰাৱৰ ৰঙ হালধীয়া হব নোৱাৰে |
২. যথেষ্ট পৰিমাণে বিশ্ৰাম লওক |
৩. ভাল সুপাচ্য সুষম আহাৰ খাওক | খালী পেটত নাথাকিব | জলীয়াংশ পুৰ্তিৰ বাবে অ আৰ এচ মিহলোৱা পানী খাওক |
৪. চিকিৎসকৰ পৰামৰ্শমতে ঔষধ সেবন কৰক যাতে ৰোগৰ লক্ষণসমুহৰ তীব্ৰতা কমি আহে | অবশ্যে দুই তিনিদিন মান পেৰাচিটেমল জাতীয় জ্বৰ বা গাৰ বিষ কমোৱা ঔষধ খাব পাৰে |এনেয়ে এন্টিবায়টিকৰ প্ৰয়োজন নহয় বাবে যধে মধে নাখাব |
৫. কাহঁতে, হামিয়াওতে বা হাচিয়াওতে নাক আৰু মুখখন ঢাকি লওক যাতে আনৰ গাত সংক্ৰমন হব নোৱাৰে | এইক্ষেত্ৰত গৰ্ভবতী মহিলা, কেচুঁৱা, প্ৰতিৰোধ ক্ষমতা কম থকা ব্যক্তিৰ পৰা প্ৰায় ৬মিটাৰ মান দূৰত থাকিব লাগে |
৬.আক্ৰান্ত ব্যক্তি সদায় আচুতীয়া কক্ষত থাকিব লাগে আৰু কোঠালীৰ খিৰিকী আদি খুলি দি বায়ু অহা যোৱা কৰিব পৰাকৈ ৰাখিব লাগে |
৭. শীতানুভৱ হলে পাতল কম্বল গাত লব পাৰে |
৮. তীক্ষ্ণ,উষ্ণ গুণ থকা পানীয় বা ছ্যুপ আদি খালে আৰাম পাব পাৰে |
৯. নাক বন্ধ হলে এগিলাচ উতলা গৰম পানীত মেন্থল জাতীয় দ্ৰব্য মিহলাই ধোৱা নাকেৰে টানিলে আৰাম পোৱা যায় |
১০. গৰম পানীত নিমখ আৰু অলপ জালুকৰ গুৰি মিহলাই গাৰ্গল কৰিলে ডিঙিৰ বিষ কমি যায় |
১১. মানুহৰ ভিৰ থকা ঠাইত নাযাব |
১২. সদায় চাবোনেৰে ভালদৰে হাত ধুব |
১৩. নিজৰ মুখ হাত মোচা কাপোৰ আনক ব্যবহাৰ কৰিবলৈ নিদিব |
১৪. এই সময়ছোৱাত ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যায় বাবে আন সংক্ৰামক ৰোগৰ দ্বাৰা আক্ৰান্ত ৰোগীৰ সংস্পৰ্শলৈ নাযাব |
১৫. নিয়মিত কুহুমীয়া গৰম পানীৰে গা ধুব |
১৬. জ্বৰৰ তীব্ৰতা বাঢ়িলে কুহুমীয়া গৰম পানীৰে গোটেই গা তিয়াই শৰীৰৰ উত্তাপ কমাই লব।
১৭. কাৰোবাৰ ওচৰলৈ গলে নাক মুখ ঢাকি লওক |
১৮. নাকত বৰ'প্লাচ জাতীয় এন্টিছেপ্টিক লগাওক যাতে শেঙুন (নাকৰ পানী) মুচতে ছাল ৰঙা নপৰে |
১৯. নাক মচি হাত নুধুৱাকৈ নাথাকিব |
২০. পাচলিৰ গৰম জোল বা ছ্যুপ্, খিচৰি আদি খালে বহুখিনি আৰাম পোৱা যায় |

কিদৰে হাত সাৰি থাকিব পাৰি:-
১. এই ৰোগৰ প্ৰাদুৰ্ভাৱৰ সময়ত সদায় ভালদৰে চাবোনেৰে হাত ধুব | হাত নুধুৱাকৈ একো নাখাব বা নাক-মুখত স্পৰ্শ নকৰিব |
২. সদায় যথেষ্ট পৰিমাণে বীজানুমুক্ত কুহুমীয়া গৰম পানী খাব | জলীয়াংশপুৰ্তিৰ বাবে অ আৰ এচ যুক্ত পানী খাব পাৰে |
৩.বিশেষ প্ৰয়োজন নহলে মানুহৰ ভিৰৰ মাজত নাযাব | মানুহ হাচিঁয়ালে বা কাহিঁলে উশাহ বন্ধ কৰি আতৰলৈ গুচি আহিব লাগে | এইক্ষেত্ৰত নাক-মুখ ভালদৰে ঢাকিব পৰাকৈ "ছাৰ্জিকেল মাস্ক্ " বা "N95 ৰেস্পাইৰেটৰ মাস্ক্ "পৰিধান কৰিলে ভাইৰাছৰ সংক্ৰমনৰ পৰা ৰক্ষা পাব পাৰি |
৪.এনে সময়ত কেতিয়াও উপবাস বা লঘণে থাকিব নালাগে বা বহু সময়লৈ নখোৱাকৈ থাকিব নালাগে | সদায় নিয়মিত সুষম আহাৰ খাব লাগে |
৫.আক্ৰান্ত ৰোগীৰ পৰা অন্তত: ৬মিটাৰ আঁতৰত থাকি কথা পাতক | কেতিয়াও হেণ্ড্ শ্বেক্ নকৰিব |
৬.কেঁচুৱাক খুৱাওতে হাত তথা বাচন ভালদৰে ধুই লব |
৭. হাত মোচা টাৱেল বা গামোচাখন প্ৰতিদিনে ধুই ব্যবহাৰ কৰক |
৮. মহৰ কামোৰৰ পৰা ৰক্ষা পোৱাৰ বাবে যাবতীয় ব্যৱস্থা গ্ৰহন কৰক | ঘৰৰ চৌপাশ পৰিস্কাৰ-পৰিপাটীকৈ ৰাখক |
৯.সদায় সদ্যপ্ৰস্তুত খাদ্যদ্ৰব্য গ্ৰহন কৰক | পৰাপক্ষত বাহিৰত নাখাব |
১০. ফুৰিবলৈ গলে লগত ঘৰত গৰম কৰা পানী লৈ যাওক | হাত চাফা ৰখাৰ বাবে ছেনিটাইজাৰ ব্যবহাৰ কৰিব পাৰে |
১১.গাড়ী-মটৰত ফুৰোতে সদায় নাকটো ঢাকি লব |
১২. বৰষুণত তিতাৰ পৰা বিৰত থাকক |
১৩.সুস্থ শিশুক আক্ৰান্ত শিশুৰ বা ব্যক্তিৰ লগত খেলাৰ পৰা বিৰত ৰাখক |
১৪.শিশুৰ নখ কটাৰ লগতে হাত ধোৱাৰ অভ্যাস কৰাব |
১৫. শিশুৰ কাপোৰ কানি পৃথককৈ ধুব |
১৬.শিশুক বৰষুণত তিতিবলৈ নিদিব |
১৭.টীকাকৰণৰ জৰিয়তেও ৰক্ষা পাব পাৰি | গতিকে টীকাকৰণৰ প্ৰতি সচেতন হওঁক |.......
সাবধান থাকক সুস্থ থাকক।

লেখক: ডা: হেমন্ত কুমাৰ নাথ
চিকিৎসা বিষয়া (আয়ুৰ্বেদিক)
শান্তিপুৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ
জিলা: ধুবুৰী (অসম) দূৰভাষ:9435623886

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 

 

2.66666666667
সীমান্ত বৰা Jul 15, 2019 07:00 AM

ধন্যবাদ ডাঙৰীয়া,আপোনাৰ বহুমূলীয়া তথ্যৰ উপস্থাপনে আমাক বহু উপকৃত কৰিছে।

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top