মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / ভাৰতত উদ্বেগজনকভাৱে বাঢ়িছে হৃদৰোগৰ প্ৰাদুৰ্ভাৱ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ভাৰতত উদ্বেগজনকভাৱে বাঢ়িছে হৃদৰোগৰ প্ৰাদুৰ্ভাৱ

ভাৰতত উদ্বেগজনকভাৱে বাঢ়িছে হৃদৰোগৰ প্ৰাদুৰ্ভাৱৰ বিষয়ে লিখা হৈছে ।

 

হৃদয় হ’ল শৰীৰৰ কেন্দ্ৰ বিন্দু। যি হৃদয়ে আমাক ভাল পাবলৈ, হাঁহিবলৈ শিকায়, সৰ্বোপৰি যাৰ স্পন্দনে আমাক জীয়াই ৰাখ- তাৰ সুস্থতা একান্ত প্ৰয়োজনীয়। কিন্তু আজিৰ কৰ্মব্যস্ত মানুহৰ হৃদয়ৰ সুস্ততাৰ প্ৰতি গুৰুত্ব দিয়াৰ সময় ক’ত!

সেই বাবেইতো ক্ৰমাৎ বাঢ়ি আহিছে হৃদৰোগৰ প্ৰাদুৰ্ভাৱ। বিশেষকৈ ভাৰতবৰ্ষত অভাৱনীয়ভাৱে বাঢ়ি আহিছে হৃদৰোগীৰ সংখ্যা, ইয়াৰ কাৰণ কি?- হৃদৰোগৰ কাৰণবোৰৰ মাজতে নিহিত আছে এই প্ৰশ্নৰ উত্তৰ।

হৃদপিণ্ডৰ বিসংগতি বা হৃদৰোগৰ কেইবাটাও ‘ফেক্টৰ’ বা কাৰক আছে। এই কাৰকবোৰে সন্মিলিতভাৱে ক্ৰিয়া কৰি হৃদৰোগৰ উদ্ৰেক ঘটায়।

জিনীয় কাৰক, খাদ্য, জীৱনশৈলী, মানসিক চাপ- এইবোৰেই হ’ল হৃদৰোগৰ প্ৰধান কাৰক।

জিনীয় কাৰক -

হৃদৰোগ বুলিলে ঘাইকৈ ‘কৰোনাৰী আৰ্টাৰী ডিজিজ’ বা ‘কণ্ডাকচন ছিষ্টেম ডিজিজ’ক বুজোৱা হয়। জিনীয় কাৰণতে এছিয়া লোকসকলৰ মাজত এই ৰোগৰ প্ৰাদুৰ্ভাৱ আপেক্ষিকভাৱে বেছি।

আনকি এছিয়াৰ বাহিৰত বাস কৰা এছীয়া মূলৰ লোকসকলো এই জিনীয় প্ৰভাৱৰ পৰা মুক্ত হৈ থাকিব নোৱাৰে।

জিনগত প্ৰভাৱ মানুহে নিজৰ শৰীৰত বহন কৰাৰ লগতে পৰৱৰ্তী প্ৰজন্মলৈও সেই প্ৰভাৱ পৰিবাহিত কৰে।

কিন্তু পৰিৱেশ সহায়ক নহ’লে, জিনীয় অসুখ বা জিনৰ কোনো বিশেষ ধৰ্মৰ বহিঃপ্ৰকাশ সহজে নহয়।

উদাহৰণস্বৰূপে ধৰা হওক, কোনো এজন মানুহৰ জিনীয় কাৰণত কৰোনাৰী আৰ্টাৰী ডিজিজ হোৱাৰ প্ৰৱণতা আছে, কিন্তু তেওঁ যদি তেওঁৰ খাদ্য, জীৱনশৈলী তথা অভ্যাসবোৰ স্বাস্থ্যসন্মত কৰি ৰখাৰ ক্ষেত্ৰত অত্যন্ত সচেতন হয়, তেন্তে তেওঁৰ হৃদৰোগ হোৱাৰ আশংকা যথেষ্ট কমি থাকিব।

জিনে সদায় বিস্তাৰৰ বাবে সুবিধাজনক পৰিৱেশ বিচাৰে। গতিকে ক’ব পাৰি যে শৰীৰত হৃদৰোগকে ধৰি বিভিন্ন ৰোগৰ উদ্ৰেক ঘটোৱাৰ ক্ষেত্ৰত জিনে মূলতঃ ‘কো-ফেক্টৰ’ বা সহঃ কাৰক হিচাপে কাম কৰে।

খাদ্য -

বিভিন্ন ৰোগ, বিশেষকৈ হৃদৰোগকে ধৰি অনেক জীৱনশৈলীজনিত ৰোগৰ উদ্ৰেক ঘটাৰ বাবে বহুলাংশে দায়ী খাদ্যাভ্যাস। ভাৰতীসকলৰ খাদ্যাভ্যাসৰ প্ৰধান সমস্যা খোৱা খাদ্যৰ পৰিমাণ নহয়, ৰন্ধন প্ৰণালীহে।

সাম্প্ৰতিক কালৰ ভাৰতীয়সকলৰ বিশেষকৈ নৱ প্ৰজন্মৰ প্ৰতিভূসকলৰ শাক-পাচলি খোৱাৰ প্ৰতি আগ্ৰহ কমি পৰিলক্ষিত হৈছে।

সেইদৰে নিয়মিতভাৱে ফল-মূল খোৱা লোকৰ সংখ্যাও কমি আহিছে। ইয়াৰ বিপৰীতে প্ৰায়বোৰ খাদ্যই ‘ডিপ ফ্ৰাই’ কৰি, অৰ্থাৎ তেলত বেছিকৈ ভাজি খোৱাৰ প্ৰৱণতাই দেখা দিছে।

ইয়াৰ ফলত খোৱা খাদ্যই চৰ্বি যিমানেই কমকৈ নাথাকক কিয়, তেলৰ বাবে তাৰ পৰিমাণ যথেষ্ট বৃদ্ধি পায়। তদুপৰি ‘ডিপ ফ্ৰাই’ৰ ফলত খাদ্যত থকা চৰ্বি বা লফেট ‘টেন্সফেট’লৈ ৰূপান্তৰ হয়- যি স্বাস্থ্যৰ পক্ষে অত্যন্ত ক্ষতিকাৰক।

মাছৰ তেল হৃদৰোগ প্ৰতিৰোধক যদিও অধিকাংশ ভাৰতীয়ই মাছো এনেদৰে ভাজি খায় যে তাৰ ফলত মাছৰ তেলো ‘ট্ৰেন্সফেট’ত পৰিণত হয়।

সাম্প্ৰতিক কালৰ ভাৰতীয়সকলৰ ফাষ্ট ফুড খোৱাৰ প্ৰৱণতাও যথেষ্ট বৃদ্ধি পাইছে। আবাল-বৃদ্ধ-বনিতা সকলোৰে অতি হেঁপাহৰ বস্তু হৈ পৰিছে ফাষ্ট ফুড। কোৱা বাহুল্য মাথোন যে সাম্প্ৰতিক কালত হৃদৰোগকে ধৰি বিভিন্ন জীৱনশৈলীজনিত ৰোগৰ প্ৰাদুৰ্ভাৱ উদ্বেগজনকভাৱে বৃদ্ধি পোৱাৰ এটা প্ৰধান কাৰণ হ’ল সৰ্বত্ৰ ফাষ্ট ফুডৰ ব্যাপক প্ৰচলন।

ল’ৰা-ছোৱালীয়ে আবদাৰ ধৰিলে, মাক-দেউতাকে নিৰ্দ্বিধাই ফাষ্ট ফুড বা অন্য মুখৰোচক খাদ্য খাবলৈ দিয়ে।

অভিভাৱকে ল’ৰা-ছোৱালীবোৰক উচ্চ মাত্ৰাৰ কেলৰিযুক্ত খাদ্য, মিঠা খাদ্য, চিপচ প্ৰভৃতি অনিয়ন্ত্ৰিত মাত্ৰাত খাবলৈ দি, তেওঁলোকক নিচেই কম বয়সতে ফাষ্ট ফুডৰ প্ৰতি আসক্ত কৰি তোলে। পিছলৈ এনে আসক্তি ত্যাগ কৰাটো অত্যন্ত কঠিন হৈ পৰে।

ডায়েটিচিয়ান বা চিকিৎসকৰ পৰামৰ্শ মানি খোৱা-বোৱা নিয়ন্ত্ৰণ কৰিবলগীয়া হ’লে মনলৈ ভীষণ অতৃপ্তি-অসন্তোষৰ ভাব আহে। সেয়েহে অভিভাৱকে কম বয়সৰ পৰাই ল’ৰা-ছোৱালীৰ সঠিক খাদ্যাভ্যাস গঢ়ি তোলাৰ যত্ন কৰিব লাগে।

ভজা-পোৰা খাদ্যতকৈ সিজোৱা খাদ্য খোৱাত অধিক গুৰুত্ব দিব লাগে। ভাজি খোৱা খাদ্যবোৰত তেল কমকৈ ব্যৱহাৰ কৰিব লাগে।

নিয়মিতভাৱে পৰ্যাপ্ত মাত্ৰাত শাক-পাচলি আৰু ফল-মূল খোৱা উচিত। এটা কথা আমি সৰ্বদা মনত ৰখা উচিত- তেল তেতিয়ালৈকেহে ভাল, যেতিয়ালৈকে সি জুইত সংস্পৰ্শলৈ নাহে।

জীৱন শৈলী -

জীৱন যাপনৰ অভ্যাসবোৰো সৰুকালতেই গঠন হয়। মাছল বা মাংসপেশীৰ বিকাশ হ’বলৈ ধৰা বয়সতে ‘মাছল এক্সাৰছাইজ’ বা পেশীৰ অনুশীলন কৰিবলৈ আৰম্ভ কৰা উচিত।

তাকে নকৰি, বয়স কিছু বৃদ্ধি হোৱাৰ পিছত তেনে অনুশীলন কৰিবলৈ ল’লে, সেয়ে অতি কঠিন কাৰ্য হৈ পৰে।

উদাহৰণস্বৰূপে, সৰুৰে পৰা দৌৰা-ধপৰা কৰাৰ অভ্যাস নথকা মানুহ এজনৰ পক্ষে পিছৰ বয়সত তেনে কাম কৰাটো অত্যন্ত কষ্টকৰ হৈ পৰে।

এতেকে সৰুতেই জীৱন যাপনৰ প্ৰণালী স্বাস্থ্য সন্মতভাৱে গঢ়ি তোলা উচিত, যাতে ডাঙৰ হৈ সমস্যাৰ সন্মুখীন হ’বলগীয়া নহয়।

দিন-ৰাতিৰ চক্ৰটোৰ প্ৰতি খেয়াল ৰাখি কাম কৰা উচিত, অৰ্থাৎ দিনৰ কাম দিনত আৰু ৰাতিৰ কাম ৰাতি কৰিব লাগে।

ৰাতি বিছনাত বাগৰিও, শুবলৈ যত্ন কৰাৰ পৰিৱৰ্তে মোবাইল ফোনত ব্যস্ত হৈ থকাটো আজিকালি বহুতৰে অভ্যাসত পৰিণত হৈছে। টিভি, মোবাইল ফোন তথা কম্পিউটাৰৰ অত্যধিক ব্যৱহাৰৰ বাবে অনেকৰেই ৰাতি পৰ্যাপ্ত সময় শোৱা নহয়- এয়া শৰীৰ তথা হৃদযন্ত্ৰৰ বাবে অত্যন্ত ক্ষতিকাৰক।

সাম্প্ৰতিক কালত বিভিন্ন ৰূপত ধপাত আৰু সুৰাৰ প্ৰচলন দ্ৰুত গতিত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। কোৱা বাহুল্য মাথোন যে এই নিচাযুক্ত দ্ৰব্যবোৰ শৰীৰ তথা হৃদযন্ত্ৰৰ বাবে ভীষণ ক্ষতিকাৰক।

নিচা সেৱনৰ অভ্যাস গঢ়ি উঠোতে বেছিপৰ নালাগে, কিন্তু সেই অভ্যাস ত্যাগ কৰাৰ চেষ্টাত সমগ্ৰ জীৱন অতিবাহিত হয়।

সমীক্ষাৰ জৰিয়তে জানিব পৰা গৈছে যে নিয়মিতভাৱে ধূমপান কৰাসকলৰ ভিতৰত মাত্ৰ ১০ শতাংশইহে এই অভ্যাস ত্যাগ কৰিবলৈ সক্ষম হয়। গতিকে ধূমপানৰ অভ্যাস গঢ়ি উঠাৰ অৱকাশ নৰখাটোৱেই বুদ্ধিমানৰ কাম।

কেতবোৰ সংক্ৰমণ, জন্মগত কাৰণ আৰু বাৰ্ধক্যজনিত কাৰণতো হৃদযন্ত্ৰৰ সমস্যাই দেখা দিয়ে। সেয়ে হ’লেও খাদ্য, জিন আৰু জীৱন ধাৰণৰ প্ৰণালীকে হৃদৰোগৰ প্ৰধান কাৰক হিচাপে চিহ্নিত কৰা হৈছে।

জিনীয় প্ৰভাৱৰ কথা সুকীয়া, কিন্তু খাদ্যাভ্যাস আৰু জীৱনশৈলী স্বাস্থ্যসন্মত কৰি ৰখাৰ জৰিয়তে হৃদযন্ত্ৰ সুস্থ-সবল কৰি ৰাখিব পাৰি তথা হৃদৰোগত আক্ৰান্ত হোৱাৰ আশংকা বহুলাংশে কমাই ৰাখিব পৰা যায়, পিছে এইক্ষেত্ৰত অধিকাংশ ভাৰতীয়ই তেনেই উদাসীন, যাৰ ফলত দেশখনত হৃদৰোগে মহামাৰীৰ ৰূপ পৰিগ্ৰহ কৰাৰ উপক্ৰম ঘটিছে।

এই পৰিস্থিতিৰ আশু পৰিৱৰ্তন নিতান্তই জৰুৰী। আমি আমাৰ খাদ্যাভ্যাস তথা জীৱন শৈলীৰ যাৱতীয় সংশোধন সাধনৰ জৰিয়তে সুস্থ-সবল শৰীৰ তথা হৃদপিণ্ডৰ অধিকাৰী হ’বলৈ যত্নপৰ হোৱা উচিত।

এখনি সুস্থ-সবল হৃদয় হ’ব পাৰে এটি সাৰ্থক-সুন্দৰ জীৱনৰ আধাৰ। আমি আমাৰ হৃদয়ক নিৰোগী-নিৰ্মল-নিটোল কৰি তোলাৰ বাবে প্ৰতি মুহূৰ্ততে প্ৰয়াস কৰা উচিত- যি হৃদয় হ’ব সঞ্জীৱনী-সুধাৰ উৎস, যি হৃদয় হ’ব প্ৰেম আৰু মমতাৰ মণিকোঠা।

লেখক: অমল ভাগৱতী(দৈনিক অসম)

3.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top