মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / ভয়াৱহ কেন্সাৰ আৰু ইয়াৰ প্ৰতিৰোধ সজাগতা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ভয়াৱহ কেন্সাৰ আৰু ইয়াৰ প্ৰতিৰোধ সজাগতা

ভয়াৱহ কেন্সাৰ আৰু ইয়াৰ প্ৰতিৰোধ সজাগতাৰ বিষয়ে লিখা হৈছে

প্ৰতিবছৰে নৱেম্বৰ মাহৰ ৭ তাৰিখৰ দিনটো ‘ৰাষ্ট্ৰীয় কেন্সাৰ সজাগতা দিৱস’ ৰূপে সমগ্ৰ ভাৰততে পালন কৰা হয়। অৱশ্যে ‘বিশ্ব কেন্সাৰ দিৱস’ ৰূপে ৪ ফেব্ৰুৱাৰীৰ দিনটোহে সমগ্ৰ বিশ্বত পালন কৰা হয়। এই দিনটো পোন প্ৰথমবাৰৰ বাবে ২০০৫ চনত ‘ইন্টাৰনেচনেল ইউনিয়ন এগেইনষ্ট কেন্সাৰ’ অৰ্থাৎ ‘কেন্সাৰ বিৰুদ্ধ আন্তঃৰাষ্ট্ৰীয় সন্থা’ নামৰ অনুষ্ঠান এটিয়ে পালন কৰিছিল। ‘বিশ্ব কেন্সাৰ দিৱস’ সমগ্ৰ বিশ্বৰ লগতে ভাৰততো পালন কৰা হ’লেও ভাৰতত ৭ নৱেম্বৰ তাৰিখটো বিশেষভাৱে এই ভয়াৱহ ৰোগটো সম্পৰ্কে সজাগতা সৃষ্টিৰ উদ্দেশ্যে পালন কৰা হয়। ৰোগটোৰ কাৰক সম্পৰ্কে সৰ্বসাধাৰণ ৰাইজ সজাগ হ’লে এই ৰোগ বহুগুণে প্ৰতিৰোধ কৰি ৰাখিব পাৰি। কেন্সাৰ ৰোগ সম্পৰ্কে সজাগ হ’বলগা দিশবোৰ সৰ্বসাধাৰণ লোকে জানিলে এই ৰোগৰ সংক্ৰমণৰ পৰা বহুলোক বাচি থাকিব পাৰিব।

সমগ্ৰ বিশ্বত প্ৰতিবছৰে ১২.৭ নিযুত লোকৰ শৰীৰত কেন্সাৰ ৰোগ ধৰা পৰে আৰু ৰোগটোৰ ফলত বছৰি ৭.৬ নিযুত লোক মৃত্যুমুখত পৰে। কিন্তু এই ৰোগটো যদি আৰম্ভণিতে ধৰা পেলাই চিকিৎসা লোৱা হয়, তেনেহ’লে ৩০-৪০ শতাংশ ৰোগী সম্পূৰ্ণভাৱে আৰোগ্য হয়। সেই কাৰণে ৰোগটো সম্পৰ্কে সৰ্বসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰাটো অতি গুৰুত্বপূৰ্ণ কাম।

বিভিন্ন প্ৰচাৰ মাধ্যমৰ যোগেদি ইতিমধ্যে প্ৰায় সকলো লোকেই গম পাইছে যে, যিকোনো ধৰণে ধপাত সেৱন আৰু অতিৰিক্ত মদ্যপানে কেন্সাৰ হোৱাৰ আশংকা বৃদ্ধি কৰে। সেয়ে মদ্যপান আৰু ধপাত সেৱনৰ(ধুমপান অথবা পোনপটীয়াকৈ ধপাত চোবাই খোৱা) অভ্যাস একেবাৰেই এৰি পেলোৱা উচিত। লগতে স্বাস্থ্যসন্মত আহাৰ আৰু স্বাস্থ্যসন্মত জীৱনশৈলী গ্ৰহণ কৰিব পাৰিলে, কেন্সাৰৰ আশংকা বহুগুণে কমাই ৰাখিব পাৰি।

আপোনালোকে নিশ্চয় জানেই যে, মেদবহুলতাৰ ফলতো বহুতো ৰোগে শৰীৰত বাহ লয়। সেইবিলাকৰ ভিতৰত ডায়েবেটিচ বা মধুমেহ, হৃদৰোগ আৰু অস্থিৰসন্ধিৰ বিষ আদি অন্যতম। শেহতীয়া গৱেষণাৰ পৰা জানিব পৰা গৈছে যে, মেদবহুলতাৰ সৈতে গলব্লাডাৰ, ডিম্বাশয় আৰু অগ্নাশয়ৰ(পেনক্ৰিয়াচ) কেন্সাৰৰ সম্পৰ্ক আছে। সেয়ে কেন্সাৰ প্ৰতিৰোধ কৰি ৰাখিবৰ বাবে এইবিলাক কথাৰ প্ৰতি সকলোৱে সাৱধান হ’ব লাগে। প্ৰতিৰোধৰ উপায়বোৰ জানিলে ৰোগটোৰ আশংকা কমাব পাৰি।

আগৰ দিনত ল’ৰা-ছোৱালীবিলাকে এক প্ৰদূষণবিহীন পৰিৱেশত থাকি ডাঙৰ-দীঘল হৈছিল আৰু তেওঁলোকে খোৱা খাদ্যবোৰো আছিল নিৰ্ভেজাল তথা ৰাসায়নিক দ্ৰব্যৰ পৰা মুক্ত। তেওঁলোকে খেলা-ধূলা কৰিবলৈ পৰ্যাপ্ত সময় পাইছিল। পৰিচ্ছন্ন পৰিৱেশ, পুষ্টিকৰ আৰু নিৰ্ভেজাল খাদ্য তথা প্ৰয়োজনীয় শাৰীৰিক ব্যায়াম আদিৰ অনুশীলনৰ ফলত তেতিয়াৰ জনসাধাৰণৰ মাজত কেন্সাৰৰ প্ৰাদুৰ্ভাৱ কম আছিল। পিছে এতিয়া পৰিস্থিতি সলনি হৈছে। এতিয়া যিকোনো লোকৰে কেন্সাৰ হ’ব পাৰে। পৃথিৱীৰ যি ঠাইতে নেথাকক কিয়, সাৱধান নহ’লে এই ৰোগৰ পৰা পৰিত্ৰাণ পোৱাৰ নিশ্চিত নিশ্চয়তা নাই।

কেন্সাৰ সজাগতাৰ ‘টিপছ’:

 

  • ভাৰতত যিকোনো সময়তে দুইৰ পৰা আঢ়ৈ নিযুত লোক কেন্সাৰ ৰোগত আক্ৰান্ত হয়।
  • প্ৰতিবছৰে ভাৰতত সাত লাখ লোকৰ শৰীৰত কেন্সাৰ ৰোগ ধৰা পৰে। অৰ্থাৎ প্ৰতিদিনে গড়ে ৭-১০ জন লোকৰ দেহত এই ৰোগ নিৰ্ণয় হয়।
  • বিভিন্ন অংগত হোৱা কেন্সাৰ ৰোগটো ভাৰতবৰ্ষত প্ৰাণহানিৰ অন্যতম কাৰকবোৰৰ ভিতৰত দ্বিতীয় স্থানত আছে।
  • ২০১৫ চনত এই ৰোগত পূৰ্বতকৈ দুগুণ লোকৰ মৃত্যু হৈছে আৰু ২০৩০ চনত এই সংখ্যা হ’বগৈ প্ৰায় তিনিগুণ।
  • প্ৰায় ৭০ শতাংশ কেন্সাৰ ৰোগেই জীৱন শৈলীৰ বিসংগতিৰ পৰিণতিত হয়। সেয়ে জীৱন শৈলী পৰিৱৰ্তন কৰি এই ৰোগ বহু পৰিমাণে প্ৰতিৰোধ কৰিব পাৰি।
  • ভাৰতৰ মুঠ কেন্সাৰ ৰোগীৰ এক তৃতীয়াংশৰ(প্ৰতি পাঁচজন ৰোগীৰ ভিতৰত দুজন) ৰোগৰ কাৰণ হ’ল ধপাত সেৱন, অস্বাস্থ্যকৰ আৰু পুষ্টিহীন আহাৰ খোৱাৰ অভ্যাস আৰু সামাজিক অৱস্থা।
  • অস্বাস্থ্যকৰ জীৱনশৈলীৰ ভিতৰত আছে চিগাৰেট আৰু বিড়ি সেৱন, হুকা খোৱাৰ অভ্যাস আৰু ধপাত চোবাই মুখত লৈ থকাৰ অভ্যাস। এনেধৰণৰ অভ্যাসে কেন্সাৰৰ আশংকা বৃদ্ধি কৰে। লগতে আছে জীৱ-জন্তুৰ চৰ্বি অতিমাত্ৰাত সেৱন, ৰিফাইনড খাদ্য গ্ৰহণৰ অভ্যাস, বেছি জলা-মছলা দিয়া খাদ্য খোৱাৰ অভ্যাস, গৰমে গৰমে চাহ খোৱাৰ অভ্যাস, ৰ’দত শুকোৱা পাচলি খোৱা, জুইৰ ওপৰত শুকোৱা মাছ খোৱা, পৰিশ্ৰমবিহীন জীৱন, মেদবহুলতা, সুৰা সেৱনৰ অভ্যাস, অপ্ৰয়োজনীয়ভাৱে এক্সৰে’ কৰোৱা, বিষাক্ত ৰাসায়নিকৰ সংস্পৰ্শ আৰু হেপাটাইটিছ ‘বি’ৰ লগতে ‘হিউমেন পেপিলোমা ভাইৰাচ’ আদিৰ সংক্ৰমণো কেন্সাৰ ৰোগৰ অন্যতম কাৰক হ’ব পাৰে।
  • কেন্সাৰ ৰোগটো যিমান সোনকালে ধৰা পৰে, সিমানে আৰোগ্য হোৱাৰ সম্ভাৱনাৰ হাৰ বাঢ়ে। অধিকাংশ কেন্সাৰ ৰোগেই দীৰ্ঘকাল ধৰি সুপ্ত অৱস্থাত থাকে আৰু আগতীয়াকৈ কোনো সংকেত বা লক্ষণ প্ৰকাশ নেপায়। লক্ষণ প্ৰকাশ কৰাৰ সময়লৈ ৰোগটো বহুখিনি বিস্তৃত হৈ পৰে আৰু তেনে অৱস্থাত চিকিৎসা কৰাটো কঠিন হৈ পৰে। প্ৰায় দুই তৃতীয়াংশ কেন্সাৰ ৰোগেই বিস্তৃত স্তৰত(Advanced Stage) ধৰা পৰে। এই অৱস্থাত ধৰা পৰা কেন্সাৰৰ চিকিৎসা দীঘলীয়া আৰু ব্যয়বহুল হয়।
  • স্বাস্থ্যসন্মত জীৱনশৈলী আৰু পুষ্টিযুক্ত খাদ্যাভ্যাসৰ যোগেদি কেন্সাৰ ৰোগ প্ৰতিৰোধ কৰিব পাৰি। সতেজ সেউজীয়া পাত শাক আৰু পাচলি, ফল-মূল নিয়মীয়াকৈ খোৱাৰ অভ্যাস, নিয়মীয়া ব্যায়াম, পৰ্যাপ্ত পৰিমাণে পানী অথবা পনীয় দ্ৰব্য সেৱনৰ লগতে কম পৰিমাণে শুকান ফল বা বাদাম আদি নিয়মীয়াকৈ খাই থাকিলেও কেন্সাৰ ৰোগ প্ৰতিৰোধ কৰিব পাৰি।
  • এইবিলাকৰ উপৰিও শৰীৰৰ স্বাভাৱিক ওজন অটুট ৰখা, যিকোনো ধৰণে ধপাত সেৱন বন্ধ কৰা, অতিমাত্ৰাত জন্তুৰ মাংস সেৱনৰ প্ৰতি আসক্তি ত্যাগ কৰা, জীৱ-জন্তুৰ চৰ্বি সেৱন, জলা-মছলা দিয়া খাদ্য, গৰম নিমখীয়া চাহ সেৱন, ৰ’দত শুকোৱা পাচলি বা ফল খোৱা, আচাৰ, নিচাযুক্ত দ্ৰব্যৰ সেৱন আদি ত্যাগ কৰিলেও কেন্সাৰ প্ৰতিৰোধ কৰি ৰাখিব পাৰি।
  • মহিলাসকলে সন্তান জন্মৰ পিছৰে পৰা নিজৰ স্তনৰ গাখীৰ কেচুৱাক খুউৱাৰ প্ৰতি অগ্ৰাধিকাৰ দিব লাগে। ব্যক্তিগত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি গুৰুত্ব দিয়াৰ লগতে, যিমান পৰা যায় অতি কম মাত্ৰাত হৰমোন(গৰ্ভ নিৰোধক পিল, ৰজোনিবৃত্তিৰ পিছত লোৱা হৰমোন থেৰাপি আদি) ব্যৱহাৰ কৰিব লাগে।

কেন্সাৰৰ আশংকাজনক লক্ষণবোৰ:

 

যদি তলত উল্লেখ কৰা লক্ষণবিলাকৰ ভিতৰত যিকোনো এটা লক্ষণ আপুনি নিজৰ শৰীৰত লক্ষ্য কৰে, তেনেহ’লে অনতিপলমে চিকিৎসকৰ ওচৰ চাপক আৰু পৰীক্ষা কৰোৱাওক।

  • আপোনাৰ পূৰ্বাপৰ চলি অহা পায়খানাৰ প্ৰৱণতা আৰু সময় যদি অনিৰ্দিষ্টভাৱে সলনি হৈছে।
  • শৰীৰত ওহোৱা যিকোনো ঘা যদি দীৰ্ঘদিনলৈকে শুকোৱা নাই।
  • স্তন বা অন্য ঠাইত হোৱা কোনো টেমুনা(গেঠেলা মৰা মাংসপিণ্ড) যদি বেছি ডাঠ আৰু টান যেন অনুভৱ কৰিছে।
  • খাদ্যবস্তু গিলোতে যদি অসুবিধা পাইছে।
  • শৰীৰৰ যিকোনো ঠাইত থকা মাহ বা তিল আদিৰ আকাৰ, ৰং আদি যদি চকুত লগাকৈ সলনি হৈছে।
  • একেৰাহে হৈ থকা কাহ যদি দীৰ্ঘসময় ধৰি আছে আৰু মাতটো পূৰ্বতকৈ কৰ্কশ হৈছে বা কোনো কাৰণ নোহোৱাকৈ যদি মাত ভাগিছে।

‘কেন্সাৰ সজাগতা দিৱস’ৰ আয়োজন:

 

অহা ৭ নৱেম্বৰ তাৰিখে ‘ৰাষ্ট্ৰীয় কেন্সাৰ সজাগতা দিৱস’টো বিভিন্ন কাৰ্যসূচীৰে পালন কৰিবলৈ ভাৰতত ভালেমান আগশাৰীৰ চৰকাৰী, বেচৰকাৰী হস্পিতালে আয়োজন কৰিছে। এলাহাবাদৰ কমলা নেহৰু মেম’ৰিয়েল হস্পিতালৰ ৰিজিঅ’নেল কেন্সাৰ চেন্টাৰৰ বিশিষ্ট কেন্সাৰ চিকিৎসক তথা অতিৰিক্ত সঞ্চালক ডাঃ বি. পাল থালিয়াটে কৈছে যে আন ভালেমান ৰোগৰ লক্ষণৰ সৈতে কেন্সাৰৰ লক্ষণৰ সাদৃশ্য আছে। যিকোনো বয়সৰ পুৰুষ-মহিলাৰ শৰীৰৰ সুস্থ কোষবিলাক কেন্সাৰত আক্ৰান্ত হ’ব পাৰে। শৰীৰৰ বিভিন্ন ঠাইত হোৱা কেন্সাৰৰ কাৰণ আৰু লক্ষণবোৰ বেলেগ বেলেগ হ’ব পাৰে। ইয়াৰ কাৰণবিলাকৰ ভিতৰত ধপাতেই একমাত্ৰ গুৰুত্বপূৰ্ণ কাৰণৰূপে চিহিত হৈছে। সকলো ধৰণৰ কেন্সাৰৰ বাবে ৰোগ নিৰ্ণয়ৰ পদ্ধতি, চিকিৎসা পদ্ধতি আৰু চিকিৎসাৰ ফলাফল একেধৰণৰ ধৰণৰ নহয়। ভালেকেইবিধ কেন্সাৰৰ চিকিৎসাৰ বাবে অত্যাধুনিক আৰু অতি উন্নত প্ৰযুক্তি কৌশলৰ প্ৰয়োজন আছে। অৱশ্যে এইক্ষেত্ৰত বৰ্তমান চলি থকা গৱেষণাই অদূৰ ভৱিষ্যতে এনেবোৰ ৰোগৰ চিকিৎসা আৰু নিয়ন্ত্ৰণৰ দিশত নতুন যুগৰ সূচনা কৰিব বুলি আশা কৰিব পাৰি।

যোৱা দুটা দশক ধৰি চলি থকা গৱেষণাৰ ফলাফলৰ ভিত্তিত আহৰণ কৰা জ্ঞানে কেন্সাৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত নতুন উপায় উদ্ভাৱনত সহায় কৰিছে। গৱেষণাবিলাকৰ পৰা জানিব পৰা গৈছে যে তিনি ভাগৰ এভাগ কেন্সাৰ ৰোগ প্ৰতিৰোধ কৰিব পাৰি আন তিনি ভাগৰ এভাগ কেন্সাৰ ৰোগ আৰম্ভণিতে ধৰা পেলাব পাৰিলে সম্পূৰ্ণৰূপে নিৰাময় কৰিব পাৰি। আৰোগ্যৰ আশা নথকা ৰোগীসকলৰ যন্ত্ৰণাও আধুনিক চিকিৎসা পদ্ধতিৰ যোগেদি বহুখিনি লাঘৱ কৰিব পাৰি। অৱশ্যে আৰ্থিক অনাটন আৰু ৰোগীৰ ভৌগলিক অৱস্থানৰ বাবে আধুনিক কেন্সাৰ চিকিৎসাৰ সা-সুবিধা এতিয়াও কেৱল চহৰাঞ্চলতে সীমাবদ্ধ হৈ আছে। আজিও যাতায়তৰ অসুচল ঠাইত থকা দৰিদ্ৰ আৰু অসহায় কেন্সাৰ ৰোগীয়ে উপযুক্ত চিকিৎসা অবিহনে মৃত্যুমুখত পৰিছে। অধিকাংশ কেন্সাৰ ৰোগেই বিপজ্জনক স্তৰ পোৱাৰ পিছতহে ধৰা পেলোৱা হয় আৰু সেই বাবেই ৰোগীৰ যন্ত্ৰণা বৃদ্ধি পায়, মৃত্যুৰ হাৰো বেছি আৰু চিকিৎসা ব্যয়ো বৃদ্ধি পায়।

ভাৰতত কেন্সাৰ ৰোগৰ চিকিৎসাৰ সফলতা অন্যান্য উন্নত ৰাষ্ট্ৰৰ তুলনাত মাত্ৰ ২০ শতাংশ। ইয়াৰ প্ৰধান কাৰণ হৈছে ৰোগ নিৰ্ণয়ত হোৱা বিলম্ব আৰু অনুপযুক্ত চিকিৎসা। শিশুসকলৰ মাজত দেখা দিয়া কেন্সাৰ ৰোগ প্ৰায় আটাইবোৰেই নিৰাময়যোগ্য, কিন্তু ভাৰতত চিকিৎসাৰ পৰ্যাপ্ত সা-সুবিধাৰ অভাৱৰ বাবে এই দিশত সফলতা লাভ কৰিব পৰা নাই বুলি ডাঃ পালে প্ৰকাশ কৰিছে। কেন্সাৰ সজাগতা দিৱসত, এই ৰোগৰ চিকিৎসাৰ সুবিধা থকা সকলো চিকিৎসালয়ে জনসাধাৰণক এই ৰোগ সম্পৰ্কে সজাগতা সৃষ্টি কৰিবলৈ বিভিন্ন কাৰ্যসূচী হাতত ল’ব লাগে।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

3.04166666667
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top