মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / ভয়াৱহ ডেংগু আৰু ইয়াৰ প্ৰতিৰোধৰ উপায়:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ভয়াৱহ ডেংগু আৰু ইয়াৰ প্ৰতিৰোধৰ উপায়:

 

ডেংগু কি?

 

এচিড ইজিপ্তি(Aedes aegypti)নামৰ মহে কামুৰিলে ডেংগু হয়।

এজন ডেংগু ৰোগীৰ পৰা ৰোগৰ বীজাণু এই মহবিধৰ দ্বাৰা আন এজনৰ দেহলৈ সংক্ৰমণ ঘটে। মহে কামোৰাৰ তিনিৰ পৰা চৈধ্য দিনৰ ভিতৰত ডেংগুৰ লক্ষণবোৰে দেখা দিয়ে।

ডেংগু হোৱা বুলি কিদৰে সন্দেহ কৰিব?

পেৰাচিটামল টেবলেট খোৱাৰ পিছতো যদিও জ্বৰ ভাল নহয়, তেতিয়াহ’লে চিকিৎসকৰ পৰামৰ্শ ল’ব। ডেংগু হ’লে মূৰৰ বিষ, দুচকুৰ মাজঅংশত বিষ, পেশী আৰু গাঁঠিৰ বিষ, বমি আদি লক্ষণবোৰে দেখা দিব পাৰে বা নিদিবও পাৰে।

তেজত প্লেটলেট কমি যোৱাটো ডেংগু ৰোগৰ লক্ষণ নেকি?

 

ডেংগু হ’লে প্ৰথমে ৰোগীৰ তেজ পৰীক্ষা কৰিবলৈ দিয়া হয়। তেজ পৰীক্ষা কৰালেই জ্বৰ হোৱাৰ কাৰণ জানিব পাৰি। তেজত প্লেটলেটৰ পৰিমাণ জানিব পাৰিলে ডেংগু হোৱা নোহোৱাটো নিশ্চিত কৰিব পাৰি। স্বাভাৱিক অৱস্থাত তেজত প্লেটলেট ১.৫ লাখৰ পৰা ৪ লাখ পৰ্যন্ত থাকে। কিন্তু মাথোঁ এটোপাল তেজৰ প্লেটলেট সংখ্যা উলিয়াই ডেংগু হোৱাটো নিশ্চিত কৰিব নোৱাৰি। সেয়েহে ডেংগুৰ বিশেষ পৰীক্ষা কৰাব লাগে। ডেংগু হোৱা বুলি নিশ্চিত হোৱাৰ পিছত তেজত প্লেটলেটৰ সংখ্যা পৰীক্ষা কৰোৱা হয়।

উল্লেখ্য যে ডেংগু ৰোগী এজনৰ তেজৰ প্লেটলেটৰ সংখ্যা সাধাৰণতে কমি থাকে। মানুহজনৰ ৰোগ প্ৰতিৰোধী ক্ষমতা, ৰোগৰ প্ৰকোপৰ ওপৰত প্লেটলেট হ্ৰাস পোৱাৰ হাৰ নিৰ্ভৰ কৰে। তেজত থকা প্লেটলেটে তেজ ডকা বন্ধাত সহায় কৰে। সেয়ে প্লেটলেটৰ সংখ্যা হ্ৰাস পালে, অবাধে ৰক্তক্ষৰণ হোৱাৰ ভয় থাকে। সেয়ে এনে ৰোগীক দাঁত ব্ৰাছ কৰিবলৈও দিয়া নহয়। দাঁতৰ আলুৰ পৰা কেনেবাকৈ ৰক্তক্ষৰণ আৰম্ভ হ’লে ৰোধ কৰা টান হৈ পৰে। ইয়াৰ উপৰি ইন্টাৰনেল ব্লিডিং হোৱাৰে সম্ভাৱনা থাকে। ৰোগীৰ তেজত প্লেটলেট ২৪ ঘন্টাৰ মূৰে মূৰে পৰীক্ষা কৰা হয়। যদি প্লেটলেটৰ সংখ্যা ৫০,০০০ৰ কম হয়, তেতিয়া ১২ ঘন্টাৰ মূৰে মূৰে পৰীক্ষা কৰোৱা হয়। যদি তেজত প্লেটলেট একেবাৰে ১৫,০০০-২০,০০০ পায়গৈ, তেতিয়াহ’লে প্লেটলেট ইনজেক্ট কৰি ৰোগীক দিয়া হয়। শৰীৰত ডেংগুৰ ভাইৰাছ ধ্বংস হৈ গ’লে, তেজৰ প্লেটলেটৰ পৰিমাণ বাঢ়িবলৈ ধৰে। এয়া অৱশ্যে ৰোগীৰ স্বাস্থ্যৰ ওপৰত নিৰ্ভৰ কৰে।

ডেংগু বিপজ্জনক নেকি?

 

যদি আৰম্ভণিতে ডেংগু হোৱাটো ধৰা পৰে আৰু উপযুক্ত চিকিৎসা কৰা হয়, তেতিয়াহ’লে ৰোগী সুস্থ হৈ উঠে। সেয়ে ডেংগুৰ লক্ষণবোৰ দেখা দিলে ততালিকে চিকিৎসকৰ পৰামৰ্শ ল’ব।

ডেংগু কিদৰে প্ৰতিৰোধ কৰিব পাৰি?

 

মহৰ উপদ্ৰৱৰ পৰা ৰক্ষা পোৱাটো টান যদিও মহৰ কামোৰৰ পৰা ৰক্ষা পোৱাটো বেছি কঠিন নহয়। মহৰ কামোৰৰ পৰা ৰক্ষা পাবলৈ তলত দিয়া উপায়বোৰ অৱলম্বন কৰিব পাৰে। যেনে- মহ অধ্যুষিত ঠাইত থাকিলে গাত মহ আঁতৰাই ৰখা দ্ৰব্য(Mosquito repellent) লগাব। শোৱাৰ সময়ত আঁঠুৱা ব্যৱহাৰ কৰিব। ঘৰৰ চৌপাশত পানী জমা হৈ থাকিবলৈ নিদিব। এই সহজ উপায়বোৰৰ দ্বাৰা মহৰ পৰা হাত সাৰি থাকিলে ডেংগু হোৱাৰ সম্ভাৱনা নাথাকে।

ডেংগু ৰোগ কি ঔষধেৰে ভাল হয়?

 

ডেংগুৰ ৰোগৰ নিৰ্দিষ্ট কোনো ঔষধ নাই। চিকিৎসকে কেৱলমাত্ৰ লক্ষণবোৰ কমাই আনিবলৈহে ঔষধ দিয়ে। ইয়াৰ লগতে ৰোগীক প্ৰচুৰ পৰিমাণে জুলীয়া পথ্য খুৱাই থকা হয়। পানী, ফলৰ ৰস, পাতলীয়া আহাৰ আদি ৰোগীক দিয়া হয়। ৰোগীৰ ঘনাই বমি হোৱা বাবে আহাৰ খাব নোৱাৰা হয়। লগতে সংক্ৰমণৰ পৰিমাণ বাঢ়ি যায়। ফলত ৰোগী সাংঘাতিকভাৱে দুৰ্বল হৈ পৰে। সংক্ৰমণ এসপ্তাহমান থাকে। এক-দুই সপ্তাহ পিছত ৰোগীৰ সংক্ৰমণ কমি গ’লেও দুৰ্বল হৈ থাকে। ৰোগীক সুস্থ কৰি তোলাৰ একমাত্ৰ উপায় হৈছে প্ৰচুৰ পৰিমাণে জুলীয়া আহাৰ খুৱাই থকা।

অমিতা পাতৰ ৰস কিয় উপকাৰী?

 

ডালিম আৰু অমিতা যে ৰোগীৰ বাবে উপকাৰী এই কথা ইতিমধ্যে প্ৰমাণিত হৈছে। শেহতীয়াকৈ চিকিৎসকসকলে প্ৰমাণ পাইছে যে অমিতাৰ পাতৰ ৰস বৰ উপকাৰী। অমিতা পাতৰ ৰস খোৱা লোকসকলৰ তেজত প্লেটলেট দ্ৰুত গতিত বাঢ়ি যায়। উদাহৰণস্বৰূপে অমিতা পাতৰ ৰস খোৱা লোকৰ ২৪ ঘন্টাৰ ভিতৰত তেজত প্লেটলেট ৩০,০০০ৰ পৰা ২ লাখলৈ আৰু কোনো ক্ষেত্ৰত ৮০,০০০ হাজাৰৰ পৰা ৩.৫ লাখলৈ বৃদ্ধি পায়।

কেৰেলাৰ আয়ুৰ্বেদিক চিকিৎসকৰ কথা বাদেই, এলোপেথিক চিকিৎসকেও ৰোগীক অমিতা পাতৰ ৰস খোৱাৰ পৰামৰ্শ দিয়ে। বৰ্তমান এই সন্দৰ্ভত গৱেষণা চলাই থকা হৈছে। চিকিৎসকসকলে মন্তব্য কৰিছে যে এবাৰ ৰোগীৰ দেহৰ পৰা ডেংগুৰ ভাইৰাছ নিঃশেষ হৈ যোৱাৰ লগে লগে পুষ্টিকৰ আহাৰ খালেই প্লেটলেটৰ বৃদ্ধি পাবলৈ ধৰে। ৰোগীক প্ৰচুৰ পৰিমাণে অমিতা আৰু ডালিম খাবলৈ পৰামৰ্শ দিয়া হয়। কোনো কোনোৱে অমিতা পাতৰ ৰস উলিয়াই খায়। সেয়ে প্লেটলেটৰ পৰিমাণ বৃদ্ধি পোৱাৰ কাৰণটো ফলমূল আৰু পুষ্টিকৰ আহাৰ নে অমিতা পাতৰ ৰস,- সেয়া এতিয়াও স্পষ্ট হোৱা নাই। উপযুক্ত গৱেষণাৰ দ্বাৰা এই কথা পোহৰলৈ আহিব বুলি গৱেষকসকলে আশা কৰিছে।

প্লেটলেটৰ সংখ্যা কমি যোৱা মানে কি বুজো?

প্লেটলেট হৈছে ক্ষুদ্ৰ ৰক্তকোষ। আমাৰ দেহত প্লেটলেটে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আমাৰ দেহৰ কোনো অংশত কাটিলে বা আঁচোৰ খালে বা মাংস এৰাই গ’লে প্লেটলেট উক্ত স্থানলৈ গৈ ডকা বান্ধি ৰক্তক্ষৰণ বন্ধ কৰে। Thrombocytopenia বা প্লেটলেটৰ পৰিমাণ কমি গ’লে তেজ ডকা বান্ধিব নোৱাৰা বাবে ৰক্তক্ষৰণ বন্ধ কৰা অসম্ভৱ হৈ পৰে। সাধাৰণতে ভাইৰেল সংক্ৰমণ, ডেংগু হ’লে, ভিটামিন-বি-১২, ফলিক এচিডৰ পৰিমাণ কমি গ’লে বা কেমোথেৰাপি দিয়াৰ পিছত প্লেটলেটৰ পৰিমাণ কমি যায়। পেইনকিলাৰ আৰু এন্টি-ইনফ্লেমেটৰি ঔষধ খালেও প্লেটলেটৰ সংখ্যা কমে। প্ৰতি মাইক্ৰোলিটাৰ তেজত ১,৫০,০০০ ৰতকৈ কম প্লেটলেট থাকিলে ইয়াৰ পৰিমাণ কম বুলি লোৱা হয়। ব্লাড ট্ৰেন্সফিউচনৰ পিছত ঔষধ খালে প্লেটলেটৰ সংখ্যা বৃদ্ধি পায়। শেহতীয়াকৈ গৱেষণাৰ পৰা জানিব পৰা গৈছে যে অমিতা পাতৰ ৰস খালে প্লেটলেটৰ স্ংখ্যা বৃদ্ধি পায়।

ডেংগুৰ বাবে প্লেটলেটৰ সংখ্যা কমি যোৱা ৰোধ কৰিব পাৰিনে?

ডেংগু ভাইৰাছে হাড়ৰ মজ্জা(Bone marrow) আৰু হাড়ৰ ভিতৰত থকা টিছুবোৰক আক্ৰমণ কৰে। হাড়ৰ মজ্জাত উৎপন্ন হোৱা প্লেটনেট সেয়েহে ডেংগু হ’লে কমি যায়। শেহতীয়া গৱেষণাত প্ৰমাণ পোৱা গৈছে যে অমিতা পাতৰ ৰসে হাড়ৰ মজ্জাত প্লেটলেট উৎপাদনৰ মাত্ৰা বৃদ্ধি কৰে। শ্ৰীলংকাৰ বৈজ্ঞানিক ডাঃ সনৎ হেট্টিজে(Sanath Hettige) কৈছে যে অমিতা পাতৰ ৰসে ডেংগুৰ বাবে দুৰ্গম হৈ পৰা লিভাৰ সুস্থ কৰি তোলে আৰু তেজ ডকা বন্ধা প্ৰক্ৰিয়া স্বাভাৱিক কৰি তোলে। ডাঃ হেট্টিজে ৭০ গৰাকী ডেংগু ৰোগীৰ ওপৰত পৰীক্ষা চলাই অমিতা পাতৰ ৰস খাবলৈ দিছিল। মাথোঁ দুদিনতে এই ৰোগীসকল আৰোগ্য হৈ উঠিছিল। ‘দ্য ছানডে অবজাৰভাৰ’ কাকতত এক সাক্ষাৎকাৰত ডাঃ হেট্টিজে ডেংগু হোৱা ৰোগীক আৰম্ভণিতে অমিতা পাতৰ ৰস খোৱাৰ পৰামৰ্শ দিছে।

অমিতাৰ ৰস খালে যে ডেংগু ভাল হয়, সেয়া গৱেষণাৰ দ্বাৰা ইতিমধ্যে প্ৰমাণিত হৈছে। AIMST ইউনিভাৰচিটি আৰু ইউনিভাৰচিটি ছেইনছ, মালয়েছিয়াৰ উদ্যোগত এক গৱেষণা চলোৱা হৈছিল। ২০০৯ চনতে চলোৱা এই গৱেষণাৰ নাম দিয়া হৈছিল- ‘Thrombocytic counts in mice after the administration of papaya leaf suspension’। এই গৱেষণাৰ সৈতে জড়িত আছিল ইউনিভাৰচিটি ছেইনছ, মালয়েছিয়াৰ গৱেষক ডাঃ সুৰাছ ৰামানাথ, ডাঃ ছৰিফ এম মনচুৰ, ডাঃ মাচ ৰ’জমেল, এম এইচ হৰিছফ, মেডিকেল ইউনিভাৰচিটি অৱ ভিয়েনাৰ গৱেষক ৱেলথাৰ এইচ ৱেন্সজৰ্ফাৰ। মুখ্য গৱেষক হৈছে ডাঃ এছ কেথাৰছেন। মুখ্য গৱেষক ডাঃ কেথাৰছেনে কৈছে যে অমিতা পাতত যথেষ্ট পৰিমাণে কমপ্লেক্স ভিটামিন থাকে। এইবোৰে তেজৰ প্লেটলেট উৎপন্ন কৰাত সহায় কৰে।

উল্লেখযোগ্য যে ডেংগুৰ ভাইৰাছে প্লেটলেট উৎপাদনত বাধা দিয়ে। সাধাৰণতে আমাৰ দেহত থকা প্লেটলেট ৫ৰ পৰা ১০ দিনলৈ কাৰ্যক্ষম হৈ থাকে। যিকোনো কাৰণত নষ্ট হৈ যোৱা প্ৰয়োজনীয় পৰিমাণৰ প্লেটলেট শৰীৰে পুনৰ উৎপাদন কৰি লয়। পিছে ডেংগুৰ ভাইৰাছে দেহটোৰ প্লেটলেট উৎপন্ন কৰিব পৰা ক্ষমতা ধ্বংস কৰি পেলায়। এজন নিৰোগী মানুহৰ দেহত প্ৰতি মাইক্ৰ’লিটাৰ তেজত ১,৫০,০০০ৰ পৰা ২,৫০,০০০ পৰ্যন্ত প্লেটলেট থাকেৰ। তেজত প্লেটলেট ১,০০,০০০ লৈ হ্ৰাস পোৱাটো ধৰা পৰিলেই সাৱধান হ’ব লাগে। যদি প্লেটলেট ৫০,০০০ ৰ তললৈ নমাটো ৰোগীজনৰ বাবে অতি বিপজ্জনক হ’ব পাৰে। এইদৰে প্লেটলেট কমি যোৱাৰ বাবে তেজ ডকা বান্ধিব নোৱাৰে। ইয়াৰ ফলত বাহ্যিক আৰু আভ্যন্তৰীণ ৰক্তক্ষৰণ হয় আৰু এবাৰ ৰক্তক্ষৰণ হ’লে ইয়াক ৰোধ কৰা টান হৈ পৰে।

গৱেসকসকলে অমিতা পাত খুন্দি ৰস উলিয়াই নিগনিক খাবলৈ দি পৰীক্ষা-নিৰীক্ষা কৰিছিল। নিগনিকেইটাক অমিতা ৰস খাবলৈ দিয়াৰ আগতে প্লেটলেটৰ জোখ লোৱা হৈছিল। অমিতাৰ ৰস খুৱাই দিয়াৰ ৭২ ঘন্টাৰ পিছত প্লেটলেটৰ পৰিমাণ বৃদ্ধি পোৱা দেখা গ’ল।

অমিতা পাতৰ ৰস কিদৰে উলিয়াই:

দুটুকুৰা অমিতা পাত লৈ পৰিষ্কাৰকৈ ধুই পখালি ল’ব। ইয়াৰ পিছত পাত দুটুকা খুন্দি কাপোৰ এখনেৰে চেকি –ৰসখিনি উলিয়াই ল’ব। দিনত মাথোঁ দুচামুচ ৰসহে খাব। অমিতাৰ পাত কেতিয়াও সিদ্ধ নকৰিব বা গৰম পানীৰে নুধুব আৰু অকল পাত অংশহে ব্যৱহাৰ কৰিব। এই পাতখিনি খুন্দি ৰস উলিয়াই লগে লগে খাব।

কেছ ষ্টাডি:

  • ডেংগু আক্ৰান্ত ছাত্ৰ এজনক সংকটজনক অৱস্থাত আই ইচি ইউত ৰখাৰ পিছত অমিতা পাতৰ ৰস খাবলৈ দিয়া হ’ল। ইয়াৰ পূৰ্বে ব্লাড টেন্সফিউচনৰ পিছত ছাত্ৰজনৰ তেজত প্লেটলেটৰ সংখ্যা আছিল ৪৫,০০০। কিন্তু অমিতা পাতৰ ৰস খোৱাৰ পিছত প্লেটলেটৰ পৰিমাণ বাঢ়িল ১,৩৫,০০০লৈ। মাথোঁ দুদিন পিছত ছাত্ৰজনক ঘৰলৈ যাবলৈ দিয়া হ’ল।
  • ডেংগু আক্ৰান্ত মহিলা এগৰাকীক হস্পিতালত তিনিদিন ৰখাৰ পিছত তেজত প্লেটলেট কমি গৈ ২৮,০০০ পালগৈ। ৰোগীৰ হাওঁফাওঁত পানী জমা হোৱাৰ বাবে উশাহ-নিশাহতো কষ্ট হৈছিল। মহিলাগৰাকীক দুবাৰকৈ ব্লাড ট্ৰেন্সফিউচন কৰাৰ পিছতো প্লেটলেটৰ সংখ্যা কমি গৈ থাকিব ধৰিলে। উপায়বিহীন হৈ মহিলাগৰাকীক পৰিয়ালৰ লোকে অমিতা পাতৰ ৰস খাবলৈ দিলে। ইয়াৰ পিছদিনাখনৰ পৰাই মহিলাগৰাকীৰ তেজত প্লেটলেটৰ মাত্ৰা বৃদ্ধি পাবলৈ ধৰিলে আৰু মাথোঁ দুদিনতে মহিলাগৰাকীৰ ডেংগু জ্বৰ কমি গ’ল।
  • ডেংগু হ’লে দেহটোৰ সাংঘাটিকভাৱে উত্তাপ বাঢ়ে। অমিতা পাতৰ ৰসে এই উত্তাপ কমাই আনিব পাৰে। ৰোগীৰ দেহৰ উত্তাপ কমি যোৱাৰ লগে লগে জ্বৰ কমি যায়।
  • অত্যধিক গৰমৰ বাবে ডিঙিৰ বিষ হ’লে অমিতা পাতৰ ৰস খালে উপকাৰ পোৱা যায়।

ইতিমধ্যে আলোচনা কৰা হৈছে যে ডেংগু হ’লে তেজৰ প্লেটলেট উৎপাদন বাধাগ্ৰস্ত হয়। ইয়াৰ ফলত প্লেটলেটৰ সংখ্যা সাংঘাটিকভাৱে কমি যাবলৈ ধৰে। ইয়াৰ উপৰি ঋতুস্ৰাৱৰ সময়ত অত্যধিক ৰক্তক্ষৰণ হোৱাৰো সম্ভাৱনা থাকে। সেয়ে ডেংগু ৰোগীৰ তেজত প্লেটলেটৰ পৰিমাণ বৃদ্ধি কৰিবলৈ হ’লে অমিতা পাতৰ ৰস ব্যৱহাৰ কৰা হয়। অমিতা পাতৰ ৰসত Cyclophosphamide নামৰ এবিধ উপাদান থাকে। ইয়াক এন্টি টিউমাৰ এজেন্ট হিচাপে ব্যৱহাৰ কৰা হয়। Cyclophosphamide টক্সিকেন্ট হিচাপে ব্যৱহাৰ কৰা হয়। কিয়নো এই উপাদানবিধে Throbocytopeniaক স্বাভাৱিক অৱস্থালৈ আনিব পাৰে।

প্লেটলেট বৃদ্ধি পোৱা সন্দৰ্ভত গৱেষকসকলে নিগনিৰ ওপৰত এক পৰীক্ষা চলাইছিল। গৱেষকসকলে নিগনিবোৰক ছটাকৈ মুঠ চাৰিটা ভাগত ভাগ কৰিছিল। প্ৰথম গ্ৰুপটোক পোন্ধৰ দিন চেলাইন(10ml/kg. p.o.) দিয়া হৈছিল। দ্বিতীয় Cyclophosphamide(50mg/kg.s.c) তিনি দিন দিয়া হৈছিল। তৃতীয় গ্ৰুপটোক তিনিদিন Cyclophosphamide(50mg/kg.s.c)দিয়াৰ লগতে পোন্ধৰ দিন অমিতা পাতৰ ৰস(400mg/kg.p.o) দিয়া হৈছিল। চতুৰ্থ গ্ৰুপটোক তিনিদিন Cyclophosphamide আৰু পোন্ধৰ দিন অমিতা পাতৰ ৰস(800mg/kg.p.o) দিয়া হৈছিল। এতিয়া চাৰিওটা দলৰ নিগনিক পৰীক্ষা কৰি প্ৰমাণ পোৱা গ’ল যে অমিতা পাতৰ ৰস খাবলৈ দিয়া নিগনিকেইটাৰ প্লেটলেটৰ সংখ্যা বহু পৰিমাণে বৃদ্ধি পাইছে। একেদৰে টক্সিকেন্ট(Toxicant) গ্ৰুপৰ নিগনিকেইটাৰ তুলনাত আনবোৰ তেজ ডকা বন্ধাৰ প্ৰৱণতা কমি যোৱা বুলি প্ৰমাণ পোৱা গৈছে।

এই বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষাৰ পৰা ইতিমধ্যে প্ৰমাণিত হৈছে যে অমিতা পাতৰ ৰস খালে প্লেটলেটৰ সংখ্যা বৃদ্ধি পায়।

লেখিকা: ডাঃ সুৰভি গগৈ হাজৰিকা(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

2.92
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top