মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / ভেকুঁৰজনিত ৰোগ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ভেকুঁৰজনিত ৰোগ :

ভেকুঁৰজনিত ৰোগৰ বিষয়ে লিখা হৈছে ।

 

ভেকুঁৰজনিত ৰোগ যেনে খৰ আদিৰ বিভিন্ন চিকিৎসাৰ পাছতো পুন:সংক্ৰমন হোৱা দেখা যায় | বেছিভাগ ৰোগীয়ে সাধাৰণ চিকিত্সকৰ পৰা বিশেষজ্ঞ চিকিৎসা দেখুৱাই নিৰাশ হৈ পৰে | নিৰাশ হব নালাগে ; মাথোন কেইটামান নিয়ম মানি চলিলেই ইয়াৰ পুন:সংক্ৰমনৰ পৰা হাত সাৰি থাকিব পাৰি |
ভেকুঁৰ হল এক প্ৰকাৰৰ পৰজীৱী উদ্ভিদ | বংশ বিস্তাৰৰ কাৰণে ই কিছুমান ৰেণুৰ সৃষ্টি কৰে | সেমেকা উষ্ম পৰিবেশ পালেই এই ৰেণুবোৰ অংকুৰিত হয় ,যাৰ প্ৰভাৱত আক্ৰান্ত অংশত উত্তেজনাৰ সৃষ্টি হৈ এলাৰ্জি হয় আৰু খুব খজুৱতি হয় | এই ৰেণু সাধাৰণতে যিকোনো পৰিবেশতে থাকিব পাৰে | চকুৰে মনিব নোৱাৰা এই ৰেণু প্ৰায় ১০০ডিগ্ৰী ছেলচিয়াচত হে নষ্ট হয় | লেতেৰা পৰিবেশত থাকিলে বা ব্যক্তিগত ভাৱে পৰিস্কাৰ পৰিচ্ছন্নতা বজাই নাৰাখিলে, দুৰ্বল হলে , ৰোগ প্ৰতিৰোধ ক্ষমতা কমি গলে বা কোনো অইন ৰোগৰ দ্বাৰা আক্ৰান্ত হলে, এন্টিবায়টিক খালে এই ৰেণুবোৰ কাপোৰ-কাণিৰ দ্বাৰা বা আক্ৰান্ত ব্যক্তিৰ সংস্পৰ্শৰ দ্বাৰা গাৰ সংস্পৰ্শলৈ আহিলে সংক্ৰমন ঘটাব পাৰে | আগতে হোৱা অংশত সিহঁতৰ বাবে অনুকুল অৱস্থাৰ সৃষ্টি কৰে বাবে সেই অংশতেই পুন: সংক্ৰমন বেছিকৈ হোৱা দেখা যায় |
বাচি থকাৰ উপায়:-
১. নিয়মিত ভাৱে ভেকুঁৰনাশক চাবোনেৰে ভালদৰে পুৱাই গা ধোৱক | অৱশ্যে গৰমৰ দিনত গধুলিও ধুব লাগে |
২. প্ৰতিবাৰ গা ধোৱাৰ পাছত পৰিস্কাৰ কাপোৰ পিন্ধক | আগতে ব্যৱহাৰ কৰা কাপোৰৰ পুন:পৰিধান নকৰিব |
৩. আক্ৰান্তস্থান বা তাৰ চৌপাশৰ অংশখিনি দিনত তিনিবাৰমান সাধাৰণ পানীৰে ধোৱক | চাবোন ব্যৱহাৰ নকৰিব ,কিন্তু তাৰ আগতে হাতদুখন চাবোনেৰে নিশ্চয় ধুব |
৪. কেতিয়াও তেল বা কোনো তেলেতীয়া ক্ৰীম ব্যৱহাৰ নকৰিব |
৫. প্ৰতিবাৰ ধোৱাৰ পাছত আচুতীয়াকৈ ৰখা শুকান পৰিস্কাৰ টাৱেলেৰে ভালদৰে মচি শুকুৱাই লব |
৬. গাৰ লগত লাগি থকা বা আক্ৰান্ত অংশত লাগি থকা কাপোৰবোৰ কপাহী কাপোৰৰ হব লাগে | এই কাপোৰবোৰ চাবোনেৰে ভালদৰে ধুই লৈ উতলা গৰম পানীত ডুবাই দিয়ক বা প্ৰেচাৰ কুকাৰত দি ১টা হুইচেল বজাৰ পিছত নমাই ৰদত শুকুৱাই লওক | নাইবা ধোৱাৰ পিছত শুকুৱাই লৈ ইস্ত্ৰি কৰিব পাৰে | এনে কৰিলে ভেকুঁৰৰ ৰেণুবোৰ নষ্ট হৈ যায় বাবে পুন:সংক্ৰমন নহয় |
৭. বেছিকৈ ঘামি থকা অংশত ভেকুঁৰনাশক পাউদাৰ দিব পাৰে |
৮. সদায় কেবল ভালদৰে শুকুৱাই লোৱা কাপোৰহে পৰিধান কৰিব | অলপ তিতা হলেও তেনে কাপোৰ পৰিধান নকৰিব |
৯. ভৰিত হোৱা বা ভৰিৰ নখত হোৱা সকলে জোতাবোৰৰ ভালকৈ যত্ন লব লাগে | ৰদত ভালদৰে শুকুৱাই লৈ ভিতৰত ভেকুঁৰনাশক পাউদাৰ ছটিয়াই পৰিধান কৰিব লাগে |
১০. আক্ৰান্ত ব্যক্তিৰ কাপোৰ, ফনি, জোতা আদি ব্যৱহাৰ নকৰিব |
১১. সদায় সুস্থ মন-মস্তিস্কৰে বিভিন্ন ধৰণৰ সুষম আহাৰ খাই থাকিব লাগে |
১২. সংশ্লেষিক সুতাৰ কাপোৰ নিপিন্ধিব | টানকৈ কাপোৰ পিন্ধিব নালাগে | বতাহ সোমাব পৰাকৈ ঢিলা কপাহী কাপোৰ পিন্ধিব লাগে |
১৩. যধে মধে এন্টিবায়টিক নাখাব | এন্টিবায়টিকে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমাই দিয়ে বাবে ভেকুঁৰৰ বৃদ্ধি বেছিকৈ হয় |
১৪. আক্ৰান্ত স্থান স্পৰ্শ কৰাৰ পাছত হাত নুধুৱাকৈ আন অংশত স্পৰ্শ নকৰিব |
১৫.অলপমান খজুৱালেই ধুই চাফা কৰি শুকুৱাই চিকিত্সকে দিয়া ভেকুঁৰনাশক মলম লগাই দিয়ক | ষ্টেৰয়ড মলমৰ ব্যৱহাৰে লক্ষনসমুহ সোনকালে নাইকিয়া কৰে যদিও পিছৰ সংক্ৰমনৰ সময়ত আগতকৈ বেছিকৈ খজুৱায় বাবে ব্যবহাৰ নকৰাই ভাল | তাৰোপৰি ছালখন পাতল কৰি বিবৰ্ণ কৰি পেলাব পাৰে |
১৬. চিকিৎসকৰ নিৰ্দেশমৰ্মে সকলোখিনি ঔষধ সঠিকভাৱে ব্যৱহাৰ কৰক | যধে মধে বজাৰৰ পৰা কিনি ঔষধ ব্যৱহাৰ নকৰিব |
১৭. মিঠাবস্তু খোৱাটো কমাই দিয়ক | বহুমুত্ৰ ৰোগৰ উপযুক্ত চিকিত্সা কৰাওক |

লেখক: ডা: হেমন্ত কুমাৰ নাথ
চিকিৎসা বিষয়া (আয়ুৰ্বেদিক)
শান্তিপুৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ
জিলা: ধুবুৰী (অসম) দূৰভাষ:9435623886

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 

2.77777777778
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top