মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / ভৰিৰ তলুৱাৰ বিষৰ কাৰণ, লক্ষণ আৰু চিকিৎসা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ভৰিৰ তলুৱাৰ বিষৰ কাৰণ, লক্ষণ আৰু চিকিৎসা

ভৰিৰ তলুৱাৰ বিষৰ কাৰণ, লক্ষণ আৰু চিকিৎসাৰ বিষয়ে লিখা হৈছে ।

পুৱা শুই উঠি বিছনাৰ পৰা নামি প্ৰথম্ম কেইখোজমান দিওঁতে যদি আপোনাৰ ভৰিৰ তলুৱাত বিষ অনুভৱ কৰে, তেনেহ’লে আপুনি ‘ভৰিৰ পতাৰ বিষ’(Plantar Fasclitis) নামৰ এটি ৰোগত ভুগিবলৈ আৰম্ভ কৰিছে বুলি বুজিব।

এই ধৰণৰ পতাৰ বিষ বৰ যন্ত্ৰণাদায়ক আৰু এক প্ৰকাৰৰ এৰাব নোৱাৰা অস্বস্তিদায়ক ৰোগ। পুৱা শুই উঠিয়েই মুখামুখি হোৱা এনে ধৰণৰ যন্ত্ৰণাই আপোনাৰ গোটেই দিনটোত কৰিবলগীয়া কামবোৰত আউল লগাই দিলে বুলি মনটো খং, হতাশা, দুশ্চিন্তাৰে ভৰি পৰিব পাৰে।

অৱশ্যে সকলো কৰ্মক্ষম্ম আৰু কৰ্মউদ্যম থকা ব্যক্তি মাত্ৰেই পুৱা ভালদৰে খোজ পেলাব নোৱাৰা অৱস্থাটোৱে মনটো বেয়া কৰাটো স্বাভাৱিক কথা।

পিছে এই ৰোগটো কেৱল আপোনাৰ হোৱা নাই। বিশ্বত প্ৰতিবছৰে দুইৰ পৰা তিনি নিযুত লোক নতুনকৈ এই ৰোগত আক্ৰান্ত হৈছে আৰু তেওঁলোকে ৰোগটোৰ চিকিৎসা বিচাৰি চিকিৎসকৰ কাষ চাপিছে।

হাষ্টনস্থিত টেক্সাছ বিশ্ববিদ্যালয়ৰ হেলথ চায়েন্স চেন্টাৰ অস্থিৰোগ ছাৰ্জন ডাঃ মিচেল গ্ৰীজাৰে এই কথা প্ৰকাশ কৰিছে। ডাঃ গ্ৰীজাৰে কোৱা মতে অধিকাংশ ৰোগীয়ে কেবা মাহ বা কেবা বছৰ ধৰি এই ৰোগত ভুগি থাকি অৱশেষত চিকিৎসা বিচাৰি চিকিৎসকৰ ওচৰলৈ আহে।

ভৰিৰ পতাৰ লগতে গোৰোহাৰ বিষ হৈ পুৱা মজিয়াত গাৰ ভৰ দি থিয় হ’ব নোৱাৰে বা খোজ পেলাবও নোৱাৰে। অথচ তেওঁলোকে কোনোদিনে চিকিৎসকৰ ওচৰলৈ নোযোৱাকৈ তেনেদৰে দুপিয়াই পুৱা খোজকাঢ়ি ফুৰে আৰু দুপৰীয়ালৈকে লাহে লাহে স্বাভাৱিকভাৱে খোজ দিব পৰা হয়গৈ যদিও বিষটো একেবাৰে আঁতৰি নেযায়।

ছুৰীৰে খুচি দিয়াৰ দৰে অনুভৱ হোৱা ভৰিৰ তলুৱাৰ বিষটো গোৰোহাৰ হাড়ৰ লগত ভৰিৰ আঙুলি সংলগ্ন কৰি ৰখা দীঘলীয়া মাংসপেশীত(Plantar Fascia) হোৱা প্ৰদাহৰ ফলত হয়।

বিষটো সাধাৰণতে গোৰোহাৰ কাষতে উৎপত্তি হয় যদিও গোৰোহা আৰু ভৰিৰ আঙুলি সংলগ্ন পেশীৰ যিকোনো অংশতে অনুভৱ হ’ব পাৰে।

বিষটো পুৱা প্ৰথমে খোজ পেলাওঁতে আৰম্ভ হয় আৰু দিনত একেৰাহে বেছি সময় ধৰি বহি থাকিলে বা থিয় হৈ থাকিলে যন্ত্ৰণা অনুভৱ হয়।

ভৰিৰ ওচৰত যেতিয়া কোনো ধৰণৰ হেঁচা প্ৰয়োগ কৰা নহয়, তেতিয়া পেশী বন্ধনীবোৰৰ দৈৰ্ঘ হ্ৰাস পায় আৰু কঠিন হৈ পৰে।

এনে অৱস্থাত যেতিয়া ৰোগী থিয় হয়, তেতিয়া হঠাৎ পেশী বন্ধনীৰ ওপৰত শৰীৰৰ ওজনৰ চাপ পৰে আৰু পেশীত টান পৰে।

তাৰ ফলত পেশীত বিষ অনুভৱ হ’ব পাৰে। সাধাৰণতে কেইমিনিটমান সময় খোজকাঢ়িলে আৰু ভৰিকেইটা টানি মেলি ধৰিলে বিষটো নাইকিয়া হয়।

কাৰণ আৰু ৰোগ নিৰ্ণয় -

 

ভৰিৰ পতাৰ বিষ(ডাক্তৰী ভাষাত প্লেন্টাৰ ফেছচিয়াইটিছ) হোৱাৰ ভালেকেইটা কাৰণ আছে। এই বিষয়ৰ বিশেষজ্ঞ চিকিৎসকে কাৰণবিলাক এনেধৰণৰ বুলি কৈছে।

  • শৰীৰৰ ওজন বৃদ্ধি পোৱা।
  • দীৰ্ঘসময় ধৰি ভৰিৰ ওপৰত ভৰ দি থিয় হৈ থকা।
  • পৰ্যাপ্ত ভৰ ৰাখিব নোৱাৰা জোতা পিন্ধি থকা।

এইবিলাকৰ উপৰি বেগছিকৈ দৌৰি ভৰিৰ ওপৰত চাপ প্ৰয়োগ কৰা আৰু ভৰিৰ পানীগাঁঠিৰ পেশীৰ সঞ্চালন বাধাগ্ৰস্ত হোৱা, সম্পূৰ্ণ চেপেটা পতাৰ জোতা বা চেণ্ডেল পিন্ধা বা নিয়মীয়া গোৰোহাৰ জোতা পিন্ধা বা খোজকাঢ়িলে ভৰি দুটা ভিতৰপিনে ঘূৰি যাব পৰাৰ ব্যৱস্থা আদি বিষয়বোৰ ভৰিৰ পতাৰ এই বিষ বৃদ্ধি কৰিব পাৰে।

ভৰিৰ গোৰোহাৰ পিছফালে হাড় এডোখৰ বাঢ়ি গৈ গোৰোহাৰ বিষ সৃষ্টি কৰিব পাৰে বুলি ভবা হৈছিল। কিন্তু এই কাৰণত কাচিৎচে তলুৱাৰ বিষ হ’ব পাৰে।

চিকিৎসা ব্যৱস্থা -

ভৰিৰ পতাৰ বিষত চিকিৎসাৰ বাবে চিকিৎসকৰ ওচৰলৈ গ’লে চিকিৎসকে প্ৰথম ৰোগীক বিষটো ক’ত কেনেকৈ হয় সুধিব আৰু ভৰিৰ তলুৱাখন পৰীক্ষা কৰিব।

ভৰিৰ তলুৱাৰ কোমল অংশ আৰু তলুৱাৰ ওখ অংশৰ উচ্চতাৰ লগতে পানীগাঁঠিৰ সঞ্চালন ক্ষমতা আদি পৰীক্ষা কৰিব।

লগতে ভৰিৰ তলুৱাৰ এখন এক্স-ৰে’ বা এম.আৰ.আই. ল’ব পাৰে। এইবিলাক পৰীক্ষাৰ দ্বাৰা তলুৱাৰ বিষৰ কাৰণ ভাগি থকা হাড় বা আৰ্থ্ৰাইটিছ আদিৰ সম্ভাৱনীয়তা নাকচ কৰা হয়।

এজন আমেৰিকাৰ অৰ্থপেডিক শল্য চিকিৎসক ডাঃ কাটানিজৰ মতে- ভৰিৰ তলুৱাৰ এই বিষৰ কাৰণে প্ৰধান তিনিটা চিকিৎসা বিধি আছে। সেইকেইটা এনেধৰণৰ-

১)ভৰিৰ তলুৱাখন আঙুলিকেইটাৰ ফালে টানি মেলি দিয়ক।

২)ভাল গুণগত মানৰ জোতা ব্যৱহাৰ কৰি ভৰিৰ পিছফালৰ(কলাফুলৰ তলছোৱা) পেশীবোৰত চাপ নপৰাকৈ ৰাখক।

৩)পেশীৰ প্ৰদাহ যিকোনো উপায়েৰে কমাই ৰখাৰ ব্যৱস্থা কৰক।

চিকিৎসা গ্ৰহণ কৰি এই বিষত ভোগা ৯০ শতাংশ ৰোগীয়ে এবছৰতকৈ কম সময়ৰ ভিতৰত বিষৰ পৰা পৰিত্ৰাণ পায়। ভৰিৰ তলুৱাখন মেলি ধৰাটো এই বিষ নিৰাময়ৰ এটি অতি ফলপ্ৰসূ উপায়।

‘আমেৰিকান একাডেমি অৰ্থপেডিক ছাৰ্জনছ’ নামৰ প্ৰতিষ্ঠানটোৱে ভৰি টানি ৰখাৰ কাৰণে দুটি ব্যায়ামৰ পৰামৰ্শ আগবঢ়াইছে।

ইয়াৰে প্ৰথমটো ব্যায়াম ভৰিৰ কলাফুলৰ পেশীৰ সম্প্ৰসাৰণৰ বাবে আৰু আনটো ভৰিৰ তলুৱাৰ বিষ সৃষ্টি কৰা পেশীৰ সম্প্ৰসাৰণৰ বাবে।

প্ৰসাৰণৰ পদ্ধতি -

  • দুয়োখন ভৰিৰ ওপৰত ভৰ দি থিয় হওক। এতিয়া এখন ভৰি সামান্য আগলৈ দি বেঁকা কৰক। এতিয়া দুয়োখন ভৰিৰে গোৰোহা দুটা মজিয়াত হেঁচা দি ৰাখক আৰু বেৰৰ ফালে হাউলি ৰওক। এই ব্যায়ামটোৱে কলাফুলৰ পেশী টানি ধৰিব আৰু প্ৰসাৰিত কৰিব।
  • চকী এখনত বহি লওক। তলুৱাত বিষ থকা ভৰিখন আনখন ভৰিৰ আঁঠুৰ ওপৰত উঠাই লওক। এতিয়া সেই ভৰিখনৰ আঙুলিবোৰ নিজৰ গাৰ ফালে ঘূৰাই মেলিবলৈ চেষ্টা কৰক। এই ব্যায়ামে ভৰিৰ পতাৰ বিষ কমোৱাৰ ক্ষেত্ৰত বহু পৰিমাণে সহায় কৰিব।

চিকিৎসকৰসকলে এই ব্যায়ামকেইটা কৰি থকা সময়ছোৱাত বেছি প্ৰভাৱ পেলোৱা ব্যায়াম, দৌৰা আদি সাময়িকভাৱে বন্ধ ৰখাৰ পৰামৰ্শ দিছে। সেই সময়ছোৱাত কম প্ৰভাৱ থকা ব্যায়াম, সাঁতোৰা বা যোগাসন আদি কৰিবলৈ পৰামৰ্শ দিছে।

ঔষধ সেৱন -

তলুৱাত বিষ থাকিলে চিকিৎসকৰ পৰামৰ্শ ল’বই লাগে। তথাপি কিবা কাৰণত চিকিৎসকৰ ওচৰলৈ যাব নোৱাৰিলে ফাৰ্মাচিৰ পৰা প্ৰদাহ নিৰাময় কৰিব পৰা ‘ইবুপ্ৰফেন’(Ibuprofen) জাতীয় ঔষধ বা ষ্টেৰয়ড ইঞ্জেকচন ল’ব পাৰে।

এই ঔষধবিলাকে সাময়িকভাৱে প্ৰদাহ আৰু তাৰ ফলত হোৱা বিষ কমাই ৰাখিব। বিষ বেছি হ’লে তলুৱাৰ বৰফ লগাই ৰাখিব পাৰে বা মালিচো কৰিব পাৰে।

ৰাতি শুওঁতে ভৰিৰ পতা মেলি ৰাখিবৰ কাৰণে ভৰিৰ পতাৰ জোখত চেপেটা কাঠ এটুকুৰাও বান্ধি ৰাখিব পাৰে।

ফিজিওথেৰাপিৰো সহায় ল’ব পাৰে। যদি ওচৰৰ ক’ৰবাত সুবিধা আছে, তেনেহ’লে ‘এক্সট্ৰাকৰ্পোৰিয়েল শ্বক ৱেভ’ চিকিৎসাৰো সহায় ল’ব পাৰে।

এই ব্যৱস্থাৰ যোগেদি বিষ সৃষ্টি কৰা তলুৱাৰ পেশীলৈ উচ্চ শক্তিসম্পন্ন স্পন্দনৰ দ্বাৰা ইয়াক উত্তেজিত কৰি এই পেশী শিথিল কৰি তোলে আৰু তাৰ ফলত ইয়াৰ বিষ নিৰাময় হয়।

যদি ওপৰত উল্লেখ কৰা উপায়বোৰৰ যোগেদি বিষ নিৰাময় নহয়, তেনেহ’লে শল্য চিকিৎসাৰ সহায় লোৱা হয়।

অস্ত্ৰোপচাৰৰ দ্বাৰা প্ৰদাহ হৈ থকা তলুৱাৰ পেশীৰ চাৰিওফালে আৱৰি থকা টান কোষৰ আৱৰণ(Scar Tissue) গুচাই পেলোৱা হয়, লগতে প্ৰদাহ হৈ থকা পেশীৰ(Plantar Fascia) অংশবিশেষো গোৰোহাৰ পৰা আঁতৰাই দিয়া হয় অথবা কলাফুলৰ পেশীৰ দৈৰ্ঘও বৃদ্ধি কৰি দিয়া হয়।

বিষটো অৱহেলা নকৰিব -

যদি তলুৱাৰ বিষটো দীৰ্ঘদিন ধৰি চিকিৎসা নকৰাকৈ ৰখা হয়, পিছলৈ ই দীৰ্ঘস্থায়ী গোৰোহাৰ বিষ হ’বগৈ পাৰে আৰু এই বিষৰ পৰা পৰিত্ৰাণৰ উপায় নেথাকেগৈ।

গোৰোহাৰ লগত লাগি থকা অংশত পেশীৰ এটা ডাঠ চামনি ধৰে। ফলত এটা দীৰ্ঘস্থায়ী বিষ এটাৰ সৃষ্টি হয়। পেশী বন্ধনী আংশিক বা সম্পূৰ্ণৰূপে ছিগি যায়।

যদি তলুৱাত বিষ থকা লোকজনে ভৰিত বেছি হেঁচা পৰা কাম বা ব্যায়াম কৰে, তেনেহ’লে এনে চূড়ান্ত অৱস্থা পোৱাটো সোনকাল হয়।

দীৰ্ঘদিনীয়া গোৰোহাৰ বিষ থকা লোকৰ আকৌ ‘ডিচটেল টাৰ্ছেল টানেল চিণ্ড্ৰম’ নামৰ এক প্ৰকাৰৰ

বিসংগতি হ’ব পাৰে। ভৰিৰ তলুৱাৰ একেবাৰে তলেদি পাৰ হোৱা স্নায়ুবোৰ পোনপটীয়াকৈ পৰা হেঁচাৰ ফলত বন্ধ হৈ যাব পাৰে।

ইয়াৰ ফলত-

  • চিৰিঙতি পৰা ধৰণৰ বিষ হ’ব পাৰে,
  • জিনজিননি ধৰাৰ দৰে অনুভূতি হ’ব পাৰে,
  • জ্বলা-পোৰাৰ অনুভূতি হ’ব পাৰে অথবা কোনো ধৰণৰ সাৰ-সিকতি নোহোৱা যেন লাগিব পাৰে।

ভৰিকেইটা শৰীৰৰ দুটা সৰু অংগ আৰু এই দুটাই শৰীৰৰ সমস্ত ভৰ বহন কৰিব লগা হয়। সেই

কাৰণে ভৰি দুটা যেন স্বাস্থ্যবান হৈ থাকে, তাৰ প্ৰতি সকলোৱে সচেতন হোৱা উচিত। ভৰি দুটাত

যেন তলুৱাৰ বিষৰ দৰে কোনো ধৰণৰ বিষৰ সৃষ্টি নহয়, আৰু হ’লেও যাতে আৰম্ভণিতে তাৰ

চিকিৎসা কৰোৱা হয়, তাৰ প্ৰতি বিশেষভাৱে সাৱধান হোৱা উচিত।

লেখক: ডাঃ প্ৰাণ কৃষ্ণ হাজৰিকা(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

3.33333333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top