মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / ভৰিৰ নখ-চুকা ৰোগ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ভৰিৰ নখ-চুকা ৰোগ

ভৰিৰ নখ-চুকা ৰোগৰ বিষয়ে-

 

নখ-চুকা ৰোগৰ কথা বহু লোকে জানে-

 

এই ৰোগৰ লগত যঁজসকলৰ ভাল অভিজ্ঞতাও আছে নিশ্চয়।বিশেষকৈ বাৰিষা কৃষিকৰ্মত জড়িত লোক অথবা পানীৰ সান্নিধ্ত বেছি সময়জুৰি সঘনাই কাম কৰি থকা লোকৰ বাবে এই ৰোগ অতিকে চিনাকি।কাৰণ তেনে লোকসকলে সততে এই ৰোগৰ বলি হয়।হাত আৰু ভৰিৰ আঙুলিৰ নখৰ গুৰিৰ ফালে ছালৰ তলত এই ৰোগৰ উ্ৎপত্তি হয় বাবে ইয়াক নখচুকা বা নখচুকীয়া বুলি কোৱা হয়।ই বয়স বা লিংগ নিৰ্বিশেষে হোৱা ৰোগ।দেখাত ৰোগবিধ ভয়াৱহ নহয় যদিও কিন্তু অত্যন্ত পীড়াদায়ক।হয়তো ভুক্তবোগীয়েহে ক’ব পাৰে ভৰিত হোৱা এই ৰোগে কি অৱস্থাৰ সৃষ্টি কৰিব পাৰে। মুখ্যত:ভেঁকুৰজাতীয় জীৱাণুৰ দ্বাৰা এই ৰোগ হয়।ইয়াৰ লগত প্ৰধানভাৱে জড়িত হৈ থাকে মনিলিয়া,তিনিয়া আদি ভেঁকুৰ আৰু ষ্টেপটো কক্কাচ আদি বেক্টেৰীয়া জীৱাণু।সাধাৰণতে পথাৰৰ বোকাময় মাটিত হাল-কোৰৰ লগত ব অন্য প্ৰকাৰে জৰ্হিত হোৱা নাইবা আৰ্দ্ৰ পৰিৱেশত বেছি সময় ধৰি কটোৱা লোকসকলে এই ৰোগৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে।এই ৰোগৰ দ্বাৰা আক্ৰান্ত হ’লে ভৰিৰ,প্ৰধানকৈ বুঢ়া আঙুলিৰ কাষৰ ফালৰ অংশটো ৰঙা পৰি ফুলি উঠা টেমুনাৰ দৰে হৈ পৰে।তেতিয়া অত্যন্ত বিষ আৰু সিৰসিৰণি অনুভৱ হয়।সময়ত ফুলি উঠা অংশৰ তলৰ ভাগত পুঁজ-পানী জমা হ’বলৈ ধৰে।তেতিয়া বিসে চুড়ান্ত ৰুপ ধাৰণ কৰি ভৰি টনটনাব ধৰে।গতিকে তেনে অৱস্থাত হাতেৰে চেপি দিলে বিষপানী বাহিৰ হয় আৰু লগে লগে আৰামো পোৱা যায়।ৰোগ প্ৰবল হ’লে অৱশ্যে চিকিৎসকৰ ওচৰ চাপি সুক্ষ্ম অস্ত্ৰোপচাৰ পৰ্যন্ত কৰাব লগা হয়।বহু সময়ত ৰোগ প্ৰবল হোৱাৰ পৰিপ্ৰেক্ষিতত নখ মৰি যাবও পাৰে।সেয়েহে এই ৰোগ হ’লে উপশমৰ ব্যৱস্থা গ্ৰহণৰ লগতে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত। এই ৰোগ যিহেতুকে পৰজীৱীজনিত,গতিকে ৰোগ সৃষ্টিকাৰী জীৱাণুৰ পৰা দুৰৈত থাকিব পাৰিলেই ৰোগৰ কবলত পৰাৰো স্থল নাথাকে।কিন্তু যিসকল লোক এই ৰোগত আক্ৰান্ত হয়,সেইসকলৰ পক্ষে কৃষিকৰ্ম বা পানী-বোকাৰ মাজৰ কৰ্ম এৰাই চলাটো দুৰুহ থ হৈ পৰে।সেয়ে তেনে লোকে চিকিৎসকৰ কাষ চাপি এণ্টিবায়টিক ঔষধ আক্ৰান্ত স্থানতস্প্ৰয়োজন অনুসাৰে লগোৱাটো আৱশ্যক।অৱশ্যে বীজাণুৰ প্ৰকাৰ নিশ্চিতকৰণ ব্যতিৰেকে প্ৰয়োগ কৰা

ঔষধৰ পৰা আশানুৰুপ সুফল সম্ভৱ নহ’বও পাৰে-

 

তথাপি সাধাৰণভাৱে জ’ল-এফ নামৰ মলমবিধৰ ব্যৱহাৰৰ দ্বাৰা আৰোগ্য আশা কৰিব পাৰি।কিয়নো ব্যক্তিগতভাৱে এবাৰ এই ৰোগৰ বলি হোৱাৰ পিছত উক্ত ব্যৱহাৰ কৰি মই সুফল লাভ কৰাৰ অভিজ্ঞতা আছে।এইখিনিতে অৱশ্যে এবিধ সহজসাধ্য বিনামুলীয়া ঘৰুৱা চিকিৎসাৰ বিষয়ে উল্লেখ কৰাটো প্ৰাসংগিক হ’ব।চিকিৎসাবিধ প্ৰামাণিক আৰু পাৰ্শ্বক্ৰিয়াহীনো।এই চিকিৎসাত কোনো দুৰ্লভ সামগ্ৰীৰ প্ৰয়োজনো নহয়।প্ৰয়োজন কেৱল বেতৰ ৩-৪ ইঞ্চিমান দীঘল এডোখৰ সৰু বকটুৰহে।বকটু হৈছে বেতৰ সুত চঁচাৰ সময়ত বাহিৰ হোৱা কমল বুকু অংশ।ৰাতি ভালকৈ ভৰি ধুই উঠি নখ-চুকাৰ অংশখিনি চেপি পুঁজ-পানী বাহিৰ কৰি ল’ব লাগে।তাৰ পিছত সৰুকৈ চাঁচি লোৱা বকটুৰ অংশখিনিৰ এটা মুৰ জোঙা কৰি লৈ আনটো মুৰত জুই লগাই দিব লাগে।তেতিয়া তাৰ পৰা ওলোৱা ধোঁৱা জোঙা মুৰটোৰে বাহিৰ হ’ব আৰু সেই ধোঁৱা নখচুকাৰ আঙুলিৰ কাষত সামান্যভাৱে গুঁজি দিলে ধোঁৱাখিনিয়ে ক্ৰিয়া কৰি জীৱাণু নিধন সম্ভৱ কৰি তুলিব।এইদৰে কৰা প্ৰক্ৰিয়াটো দুই-তিনিদিন সমাধা কৰিলে নখচুকা ভাল হ’ব।পিছে ভৰি আৰ্দ্ৰ পৰিৱেশৰ পৰা দুৰৈত ৰাখিব নোৱাৰিলে পুনৰ নতুন জীৱাণুৰ দ্বাৰা ৰোগৰ উৎপত্তি ঘটাৰ অৱকাশ থাকিব পাৰে।তেতিয়াও একে চিকিৎসাকে অৱলম্বন কৰি বিপদমুক্ত হোৱাৰ উপয় কৰিব পৰা যায়।

লেখক:অৰ্পণ দত্ত (আমাৰ অসম)

2.75
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top