অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কলেষ্টেৰল কেনেকৈ কমাব?

কলেষ্টেৰল কি?

আমাৰ শৰীৰৰ প্ৰত্যেক কোষতে এবিধ মম সদৃশ চৰ্বি জাতীয় দ্ৰব্য থাকে, যাক কলেষ্টেৰল বুলি কোৱা হয়। প্ৰত্যেকটো কোষৰে বাহিৰৰ আৱৰণ (চেল মেমব্ৰেন) গঠনত কলেষ্টেৰলৰ প্ৰয়োজন। কলেষ্টেৰলৰ পৰা দেহত বিভিন্ন হৰম’ন আৰু ভিটামিন-ডি প্ৰস্তুত হয়। দেহত যকৃতে ৭৫ শতাংশ কলেষ্টেৰল প্ৰস্তুত কৰে। বাকী ২৫ শতাংশ খাদ্যৰ পৰা আহে।

এইচ ডি এল আৰু এল ডি এলঃ আমাৰ ৰক্তত থকা কলেষ্টেৰলসমূহ লাইপ’প্ৰ’টিন নামৰ এবিধ প্ৰ’টিন দ্ৰব্যই কঢ়িয়াই নিয়ে। তাৰ ভিতৰত হাই ডেনচিটি লাইপ’প্ৰ’টিন (এইচ ডি এল)-য়ে হৃদৰোগ প্ৰতিৰোধ কৰে। সেইবাবে ইয়াক ‘গুড’ কলেষ্টেৰল বোলে। আনহাতে ল’ ডেনচিটি লাইপ’প্ৰ’টিন ধমনীত জমা হৈ হাৰ্ট এটেক, ষ্ট্ৰ’ক আদিৰ সৃষ্টি কৰে। সেইবাবে ইয়াক ‘বেড’ কলেষ্টেৰল বোলে।

কলেষ্টেৰলৰ স্বাভাৱিক মাত্ৰা কিমান হোৱা প্ৰয়োজন ?

কলেষ্টেৰলঃ ২০০ মিলিগ্ৰাম/ডেচিলিটাৰৰ তলত হোৱা প্ৰয়োজন।

এইচ ডি এলঃ ৩৫ মিলিগ্ৰাম/ডেচিলিটাৰৰ ওপৰত হোৱা প্ৰয়োজন। ৬০ মিলিগ্ৰাম/ডেচিলিটাৰৰ ওপৰত হ’লে খুব ভাল।

এল ডি এলঃ ১৩০ মিলিগ্ৰাম/ডেচিলিটাৰৰ তলত হোৱা প্ৰয়োজন।

গতিকে এটা কথা স্পষ্ট হৈ উঠিছে যে ৰক্তত এইচ ডি এল-ৰ মাত্ৰা বৃদ্ধি কৰাৰ প্ৰয়োজন আৰু এল ডি এল-ৰ মাত্ৰা হ্ৰাস কৰা প্ৰয়োজন।

ভাৰতীয় পুৰুষ আৰু হাৰ্ট এটেক

৪০ বছৰৰ তলৰ ভাৰতীয় পুৰুষৰ হাৰ্ট এটেক হোৱাৰ সংখ্যা বিশ্বৰ ভিতৰত শীৰ্ষত। এটা সমীক্ষা মতে, প্ৰায় ৭৮ শতাংশ চহৰত বাস কৰা ৩০ বছৰৰ পৰা ৩৪ বছৰ বয়সৰ ভাৰতীয় পুৰুষৰ হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা আছে। ভাৰতৰ প্ৰায় ৭২ শতাংশ নাগৰিকৰ ৰক্তত এইচ ডি এল (গুড কলেষ্টেৰল)-ৰ মাত্ৰা স্বাভাৱিকতকৈ যথেষ্ট কম।

বৰ্ধিত কলেষ্টেৰলৰ সৈতে জড়িত আন ৰোগসমূহ

(১) ৰক্তত বৰ্ধিত কলেষ্টেৰলৰ বাবে হৃদৰোগ হোৱাৰ আশংকা আটাইতকৈ বেছি।

(২) মগজুলৈ তেজ যোৱা ধমনীত বন্ধ হৈ ষ্ট্ৰ’ক হ’ব পাৰে।

(৩) হৃদযন্ত্ৰ আৰু মগজুলৈ তেজ প্ৰৱাহ হোৱা ধমনীৰ বাহিৰেও শৰীৰৰ আন অংগলৈ যোৱা ধমনীত কলেষ্টেৰল জমা হৈ তেজ চলাচলত ব্যাঘাত জন্মায়। এনে স্থিতি সাধাৰণতে ভৰিত বেছিকৈ হয়।

(৪) ডায়েবেটিছত এল ডি এল (বেড কলেষ্টেৰল)-ৰ মাত্ৰা বৃদ্ধি পায়। ফলত হৃদৰোগৰ আশংকা বৃদ্ধি পায়।

(৫) বৰ্ধিত কলেষ্টেৰলে দেহত ৰক্তচাপ বৃদ্ধি কৰে।

কেতিয়া কলেষ্টেৰল পৰীক্ষা কৰোৱা উচিত?

(১) ২০ বছৰ বয়সৰে পৰা প্ৰতি ৫ বছৰে এবাৰকৈ কলেষ্টেৰল পৰীক্ষা কৰাব লাগে।

(২) ৩০ বছৰৰ পৰা প্ৰতি দুবছৰত এবাৰকৈ আৰু ৪০ বছৰৰ পাছত প্ৰতি বছৰে কলেষ্টেৰল পৰীক্ষা কৰাব লাগে।

(৩) যদি কোনো ব্যক্তিৰ পিতৃ বা ভ্ৰাতৃৰ ৬৫ বছৰ বয়সৰ আগতে হৃদৰোগ আৰু ষ্ট্ৰ’কত আক্ৰান্ত হৈছে বা মাক বা ভগ্নী ৬৫ বছৰ বয়সৰ আগতে এই দুই ৰোগত আক্ৰান্ত হৈছে।

(৪) যদি দেহৰ ওজন স্বাভাৱিকতকৈ বেছি হয়।

(৫) যদি ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপত ভুগিছে।

(৬) যদি বৃক্কৰ ৰোগ, হাইপ’ফাইৰডিজম বা অগ্ন্যাশয়ৰ প্ৰদাহত আক্ৰান্ত হৈছে, এই ৰোগসমূহে কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি কৰে।

(৭) হৃদৰোগ আৰু ৰক্তত কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি হৈ থকা ব্যক্তিয়ে প্ৰত্যেক বছৰে পৰীক্ষা কৰাব লাগে।

কলেষ্টেৰেলৰ মাত্ৰা কেনেকৈ হ্ৰাস কৰিব?

(ক) খাদ্য-

(১) কলেষ্টেৰল হ্ৰাস কৰাৰ ক্ষেত্ৰত খাদ্যই অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। অধিক ফাইবাৰ বা আঁহজাতীয় খাদ্য গ্ৰহণ কৰক। এনে খাদ্যৰ ভিতৰত আটাইতকৈ উত্কৃষ্ট হৈছে অ’ট্ছ। পুৱা জলপানত অ’ট্ছ ব্যৱহাৰ কৰক। আন অধিক ফাইবাৰ থকা খাদ্যসমূহ হৈছে বাৰ্লি, ডালিয়া, ৰাজমাহ, মটৰমাহ, বিভন্ন দাইল, আপেল, নাচপতি, আটা, ব্ৰাউন ৰাইচ ইত্যাদি।

(২) চৰ্বি জাতীয় খাদ্য যেনে- মাংস, গাখীৰ আৰু গাখীৰেৰে তৈয়াৰী খাদ্য, তেলত ভজা খাদ্য, মাখন, চীজ আদি নাখাব।

(৩) সপ্তাহত কমেও দুবাৰকৈ মাছ খাওক। ওমেগা থ্ৰীৰে ভৰপূৰ মাছ যেনে- টুনা, চাৰদিনছ, মেকেৰেল আদি বিশেষ উপযোগী।

(৪) দৈনিক খাদ্যত শাক-পাচলি আৰু ফল-মূলৰ মাত্ৰা বঢ়াই দিয়ক।

(৫) পাৰিলে অলিভ অইল ব্যৱহাৰ কৰক।

(৬) চীনা বাদাম, আখৰোট, পিষ্টা আদি বাদাম খুব পৰিমাণে খাওক।

(৭) চয়াবিন আৰু চয়াবিনেৰে তৈয়াৰী খাদ্য যেনে- টফু ব্যৱহাৰ কৰক।

(৮) ওমেগা থ্ৰীৰ কেপচুল দৈনিক সেৱন কৰক।

(খ) শাৰীৰিক শ্ৰম- দৈনিক ৩০-ৰ পৰা ৪০ মিনিট শাৰীৰিক শ্ৰম বা ব্যায়াম কৰিলে এল ডি এল কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰে আৰু এইচ ডি এল কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি কৰে, যি হৃদৰোগ প্ৰতিৰোধ কৰে। খৰকৈ খোজ কাঢ়ক।

(গ) দেহৰ ওজন- দেহৰ ওজন যদি স্বাভাৱিকতকৈ বেছি আছে তেন্তে হ্ৰাস কৰিবলৈ যত্ন কৰক।

(ঘ) ধূমপান বৰ্জন কৰক।

(ঙ) ঔষধ- ওপৰত উল্লেখ কৰা খাদ্য আৰু ব্যায়ামৰ উপৰি চিকিত্সকৰ পৰামৰ্শ মতে কলেষ্টেৰল হ্ৰাস কৰা ঔষধ ব্যৱহাৰ কৰিব পাৰি।

সজাগতা

ৰক্তত কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি হ’লে কোনো লক্ষণে দেখা নিদিয়ে। মাত্ৰ নিয়মিত ৰক্ত পৰীক্ষাৰ দ্বাৰাইহে ইয়াক নিৰ্ণয় কৰিব পাৰি। ওপৰত উল্লেখ কৰা খাদ্য, নিয়মিত ব্যায়াম, ঔষধ আৰু নিয়মিত ৰক্ত পৰীক্ষা কৰি বৰ্ধিত কলেষ্টেৰলৰ স্বাভাৱিক স্থিতিলৈ আনিলে হৃদৰোগ প্ৰতিৰোধ কৰিব পাৰি। গতিকে সজাগ হওক আৰু কম বয়সৰ পৰাই কলেষ্টেৰল নিয়ন্ত্ৰণ কৰক।

লেখক: ডাঃ চন্দন বৰুৱা, নিয়মীয়া বাৰ্তা।

শেহতীয়া উন্নীতকৰণ: : 6/25/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate