অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ডায়েবেটিছ বা বহুমূত্ৰ ৰোগৰ বনৌষধি চিকিৎসা

নিঃসৰণ আংশিক বা সম্পূৰ্ণ বন্ধ হৈ গ’লে শৰীৰৰ অভ্যন্তৰত বিভিন্ন ধৰণৰ ৰাসায়নিক দ্ৰব্য কম-বেছি হোৱাৰ ফলত তেজত শৰ্কৰাৰ পৰিমাণ বৃদ্ধিৰ বাবে বহুমূত্ৰ অৰ্থাৎ ডায়েবেটিছ হয়।

বহুমূত্ৰ বা ডায়েবেটিছ হোৱাৰ কাৰণ বহুতো। সেইবোৰৰ ভিতৰত খাদ্যজনিত, জীৱন ধাৰণৰ পদ্ধতি, মানসিক চাপ, বংশগত, মেদবহুলতাজনিত আদি প্ৰধান কাৰণ।

তদুপৰি অগ্ন্যাসয়ত হোৱা ৰোগ, জীৱাণুৰ সংক্ৰমণ, বিষাক্ত ঔষধ সেৱন ইত্যাদি।

বহুমূত্ৰ হোৱাৰ লক্ষণবোৰ

তেজত চেনিৰ পৰিমাণ বাঢ়ি যায়। শাৰীৰিক দুৰ্বলতা অনুভৱ কৰা, কাম-কাজ কৰাৰ প্ৰতি অনিচ্ছা, স্মৃতিশক্তি হ্ৰাস পোৱা, ঘনাই ঘনাই প্ৰস্ৰাৱ কৰা, হাত ভৰিৰ পোৰণি হোৱা আৰু জিনজিনোৱা, শৰীৰত ঘা হ’লে সহজে নুশুকায়, ভোক পিয়াহ বৃদ্ধি পোৱা, শৰীৰৰ ওজন কমি যোৱা, গাৰ ছাল শুকাই যোৱা, মূৰ ঘূৰণি হোৱা, শৌচ কঠিন হোৱা, দেহত তেজৰ পৰিমাণ কমি যোৱা ইত্যাদি।

 

বহুমূত্ৰ ৰোগৰ বনৌষধি চিকিৎসা

  • বহুমূত্ৰ ৰোগত ৰোগীয়ে নাৰিকলৰ ১৫০ গ্ৰাম পানীত ১ গ্ৰাম সৈন্ধৱ লোপ মিহলাই দিনে ১ বাৰকৈ ২০ দিন খালে তেজৰ চেনি কমি যায়।
  • পূৰ্ণনৱা শাক শুকাই গুড়ি কৰি ১/২ চামুচ গৰম পানীত মিহলাই দিনে ১ বাৰকৈ ১ মাহ খাব লাগে।
  • মচুৰ দাইঅল ৫০ গ্ৰাম পানীত সিজাই তাত ১ চামুচ খনি গুড়ি মিহলাই দিনে ১ বাৰকৈ ১৫-২০ দিন খালে ৰোগ নিৰাময় হয়।
  • তিল তেলত কেৰেলা ভাজি খালে তেজৰ শৰ্কৰা কমি যায়।
  • ভেণ্ডি ২ টা ৰাতি টুকুৰা-টুকুৰ কৰি কাটি এগিলাচ পানীত তিয়াই থৈ পিছদিনা ভেণ্ডিখিনি মোহাৰি চেকি পানীখিনি শুদা পেটত খাব লাগে। দিনে ১ বাৰকৈ প্ৰায় ১ মাহ খালে ডায়েবেটিছ নিৰাময় হয়।
  • কলাজামুৰ গুটি বা বীজ ৰ’দত শুকুৱাই গুড়ি কৰি পুৱা ১ চামুচ গুড়ি ১০০ গ্ৰাম চেঁচা পানী মিহলাই দিনে ১ বাৰকৈ ২০ দিন খালে তেজৰ চেনি কমি যায়।
  • মহানিমৰ পাতৰ ৰস ১ চামুচকৈ প্ৰতিদিনে ২ মাহ খাব লাগে।
  • পূৰঠ অৰ্জুন গছৰ ছাল ১০০ গ্ৰাম পৰিমাণৰ পানীত উতলাই ১০০ গ্ৰাম গাখীৰ মিহলাই তাত ২ টা তেজপাত দি দিনে ২ বাৰকৈ মিশ্ৰণখিনি খাব। দিনটোত ২ বাৰকৈ ১৫ দিন খালে ডায়েবেটিছ আৰোগ্য হয়।
  • দিনে ৫ টা কেঁচা আমলখিৰ ৰস ৩ চামুচ চেঁচা পানীৰ সৈতে দিনে ২ বাৰকৈ ১ মাহ খালে তেজৰ চেনিৰ পৰিমাণ নিয়ন্ত্ৰিত হয়।
  • ৪টা কেঁচা তেজপাত কাটি সৰু সৰু কৰি একাপ পানীত তিয়াই থৈ (ৰাতি) পিছদিনা পানীখিনি খাব লাগে। ১ বাৰকৈ ১৫-২০ দিন খালে বহুমূত্ৰ ৰোগ নিৰাময় হয়।
  • বগা ফুলৰ নয়নতৰাৰ ৩ খিলা পাত পানীত ধুই চোবাই খাব লাগে। সপ্তাহত মাত্ৰ ৩ দিন খাব। এইদৰে ১ মাহ খালে তেজৰ চেনিৰ পৰিমাণ কমি যায়।
  • মিঠা মৌ তুলসী দিনে ১ বাৰকৈ ৫ খিলা পাত চোবাই খাব লাগে।
  • মেথি গুটি ৰ’দত শুকুৱাই গুড়ি কৰি ১ চামুচ গুড়ি ১ কাপ পানীত তিয়াই ৰাখি ২ ঘণ্টাৰ পাছত খাব লাগে। আহাৰ খোৱাৰ পাছত।
  • তিতাকেৰেলা ১ টাৰ ৰসত সৰু তিয়ঁহ ১ টাৰ ৰস আৰু ১ টা পকা বিলাহীৰ ৰস মিহলাই মিশ্ৰণখিনি পুৱা শুদা পেটত দিনে ১ বাৰকৈ ১ মাহ খালে পুৰণি ডায়েবেটিছ ৰোগ ভাল হয়।

বহুমূত্ৰত ভোগা ৰোগীয়ে খাব লগা খাদ্য

মহানিম, আমলখি, বিলাহী, তিয়ঁহ, ক’লাজামু, তুলসীৰ পাত, তেজপাত, নহৰু, পিঁয়াজ, নেমু, সতেজ সেউজীয়া শাক-পাচলি, নৰসিংহৰ পাত, চজিনা, মানিমুনি শাক, ভিটামিন ‘ক’, ‘খ’, আৰু ‘গ’। শিলিখা, টেঙেচি, কোমোৰা, লাউ, নেফাফু পাত, দুপৰ টেঙাৰ পাত, কেৰেলা, ভেণ্ডি, গাজৰ, পচলা, পুৰাকল, কলডিল, ঔটেঙা, মৰিচা শাক, অমিতা, ৰুটি, মাছ ইত্যাদি।

বহুমূত্ৰত ভোগা ৰোগীয়ে কি কি খাব নালাগে

চেনি বা চেনিত তৈয়াৰ কৰা বোভিন্ন মিঠাই, অধিক ষ্টাৰযুক্ত ভাত, মিঠা ফলমূল যেনে- পকা কঁঠাল, মাটি কঁঠাল, কল, বেছি মছলাযুক্ত আহাৰ, কণীৰ বগা অংশৰ বাদে হালধীয়া অংশ, ডাঙৰ মাছ বা তেলীয়া মাছ, গাহৰি, ছাগলীৰ মাংস, মাদক দ্ৰব্য, মিঠা আলু, ঘি, মচলা, পনীৰ, বাদামৰ তেল, আইচক্ৰীম, জাংকফুড, ফাষ্টফুড, চৰ্বি থকা দৈ ইত্যাদি।

লিখকঃ উপেন দত্ত, অসমীয়া খবৰ

শেহতীয়া উন্নীতকৰণ: : 6/14/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate