অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ডায়েবেটিছ মুক্ত জীৱন

ডায়েবেটিছ মুক্ত জীৱন

আপোনাৰ দেহত থকা অন্ত্রাশয়ে যদি উপযুক্ত পৰিমাণত ইনচুলিন প্রস্তুত কৰিব নোৱাৰে নতুবা দেহত থকা ইনচুলিনে যদি সঠিকভাৱে কাম-কাজ কৰাৰ ক্ষেত্ৰত ব্যাঘাত জন্মে, দেহৰ তেনে ধৰণৰ অৱস্থাটোক বহুমূত্র বা ডায়েবেটিছ ৰোগত ভোগা বুলি কোৱা হয়। বহুমূত্র ৰোগত আক্রান্ত ৰোগীসকলৰ সঘনে প্রস্রাৱ হয়, বৰকৈ পিয়াহ লাগে,  মুখখন শুকাই যায়। তদুপৰি তেনে ৰোগত ভোগা ৰোগীয়ে বৰ দুৰ্বল অনুভৱ কৰে। প্রায় অনবৰতে ভোক লাগিয়েই থাকে, খুব কম সময়ৰ ভিতৰতে দেহৰ ওজন কমি যায়, চকুৰে ধুৱঁলী-কুৱলী দেখা আদি নানা সমস্যাত ভোগে। বহুমূত্র বা ডায়েবেটিছ ৰোগটো অধিক মাত্ৰাৰ হ’লে শৰীৰৰ বাবে ভয়ানক ক্ষতিৰ কাৰণ হৈ উঠে। সেয়েহে এই ৰোগক বৃদ্ধি হ’বলৈ নিদিয়াকৈ নিয়ন্ত্ৰণত ৰখাটোৱেই উত্তম। ৰোগক নিয়ন্ত্ৰণত ৰাখিবলৈ ৰোগীয়ে কঠোৰ নিয়মানুবর্তিতা পালন কৰাৰ উপৰি ৰোগীয়ে কিছুমান খাদ্য খোৱা উচিত। আনহাতে, কিছুমান খাদ্যই আকৌ এই ৰোগৰ প্রতিৰোধো কৰিব পাবে।

বহুমূত্র বা ডায়েবেটিছ ৰোগক কেনেকৈ প্রতিহত কৰিব?

সমীক্ষা মতে জনা গৈছে আমেৰিকাত ২৫ শতাংশ লোকৰে প্রি-ডায়েবেটিছ বা প্রাক বহুমূত্র ৰোগবিধ আছে। ভাৰতবৰ্ষতো অৱস্থাটো প্রায় একেই ধৰণৰ। যিসকল লোকৰ তেজত চেনিৰ পৰিমাণ বেছি থাকে, তেওঁলোকে বর্তমান বহুমূত্র ৰোগত নুভূগিলেও দহ বছৰৰ পিচত কিন্তু পুৰা মাত্রাই ডায়েবেটিছ বা বহুমূত্র ৰোগৰ ৰোগীলৈ পৰিণত হ'ব। শতকৰা মাত্র ৪ শতাংশ লোকেহে এই কথাটো জানে। পিচে কথাটো জ্ঞাত হ’লেও তেনে লোকৰ মাজৰো আধা সংখ্যক লোকে শৰীৰৰ বৰ্ধিত ওজন কমোৱা, কম পৰিমাণৰ আহাৰ গ্রহণ কৰা, ব্যায়াম কৰা আদি কামবোৰ কৰি ৰোগটোক প্রতিহত নকৰে৷ আন কিছুমান সু-অভ্যাসো আছে, যাৰ অনুশীলন কৰিলে প্রি-ডায়েবেটিছ (প্রাক বহুমূত্র), হৃদৰোগ, আলঝইমাৰকে ধৰি আন ধৰণৰ ৰোগৰ পৰাও হাত সাৰিব পৰা যায়। সেই সু-অভ্যাসবোৰৰ ভিতৰত খাদ্য, ভিটামিন গ্রহণ অথবা নিজৰ আনকি মানসিক দৃষ্টিভংগীকো অন্তর্ভুক্ত কৰিব পৰা যায়। আহকচোন, ডায়েবেটিছ বা বহুমুত্র ৰোগক কেনেকৈ প্রতিহত কৰিব পৰা যায় সেই বিষয়ে জানি লওঁ

(১) শৰীৰৰ ওজনলৈ লক্ষ্য ৰাখক

আমাৰ শৰীৰটোৰ দহ পাউণ্ড ওজন কমাব পাৰিলেও আমি বহু ৰোগৰ পৰা ৰক্ষা পৰিব পাৰো। আনকি অতি শকত ব্যক্তি এজনেও যদি তেওঁৰ শৰীৰটোৰ ওজন মাত্র ৫শতাংশও কমাই দিব পাৰে। তেন্তে তেওঁ ব্যায়াম নকৰিলেও ডায়েবেটিছ ৰোগ হোৱাৰ আশংকা ৭৫ শতাংশ পর্যন্ত কমাই দিব পাৰে। ওজন কমোৱাৰ কাৰণে কম কেল'ৰিযুক্ত খাদ্য গ্রহণ কৰক।

(২) সঠিক খাদ্য গ্রহণ কৰক

ভাত বা শর্কৰাযুক্ত খাদ্য খোৱাৰ পূর্বে সেউজীয়া শাক-পাচলি আৰু চালাড যদি পেট পূৰাই খায়, তেন্তে তেজৰ চেনিৰ পৰিমাণ নিয়ন্ত্ৰণত থাকিব। এৰিজোনা ষ্টেট বিশ্ববিদ্যালয়ৰ গৱেষণাত ধৰা পৰিছে যে, দুই নম্বৰ বহুমুত্র ৰোগী বা টাইপ-২ ডায়েবেটিছ ৰোগীৰ ইনচুলিনৰ সমস্যাৰ ক্ষেত্ৰত দেখা গৈছে যে, ৰোগীসকলে শ্বেতসাৰ জাতীয় খাদ্য প্রচুৰ পৰিমাণে খোৱাৰ পূর্বে যদি ২ টেবুল চামুচ ভিনেগাৰ খায়, তেওঁলোকৰ তেজত থকা চেনিৰ পৰিমাণ কমি যায়। ভিনেগাৰত থকা এছেটিক এচিডে শ্বেতসাৰ জাতীয় খাদ্য হজম কৰা এনজাইমবোৰক নিস্ক্রিয় কৰি শ্বেতসাৰ জাতীয় খাদ্যৰ হজম প্রক্রিয়াক লেহেম কৰি তোলে। উক্ত বিশ্ববিদ্যালয়খনৰ মুখ্য গৱেষক কেৰল জনষ্টনৰ মতে তেজৰ ওপৰত ভিনেগাৰৰ প্ৰভাৱটো যেনে ধৰণে পৰে,সি ডায়েবেটিছ নিয়ন্ত্ৰণ কৰা ঔষধৰ (প্রিকোজ) দৰেই। ভাত-মাছ আদিৰে আহাৰ গ্রহণ কৰাৰ আগতে আপুনি এক প্লেট পাচলিৰে সৈতে চালাড, তিনি টেবুল চামুচ ভিনেগাৰ, দুই টেবুল চামুচ তিলৰ তেল, একোহা নহৰু, এক চাহ চামুচৰ চাৰি ভাগৰ এভাগ মৌ, দুই টেবুল চামুচ দৈৰ সৈতে কিছু নিমখ, জালুক আৰু লেটুচ শাক খালে ডায়েবেটিছ বা বহুমূত্ৰ ৰোগক প্ৰতিহত কৰিব পাৰি।

যিমান পাৰে খোজকাঢ়ক

ফিনিচু গৱেষকসকলৰ সমীক্ষামতে যিসকল লোকে সপ্তাহত ৪ ঘণ্টালৈকে অথবা দৈনিক ৩৫ মিনিট সময়ো খোজকাঢ়ে, তেওঁলোকে ওজন নকমোৱা সত্ত্বেও শতকৰা ৮০ শতাংশলৈকে ডায়েবেটিছ ৰোগ হোৱাৰ আশংকাটো কমি থাকে। গৱেষণামতে মানুহে খোজকাঢ়িলে, ব্যায়াম কৰিলে দেহকোষবোৰৰ ইনচুলিনক দেহৰ হৰম'নবোৰে অধিক কার্যক্ষম কৰি তোলে। ইনচুলিনে দেহৰ চেনিখিনিক কোষৰ ভিতৰলৈ সোমোৱাত সহায় কৰে, শৰীৰৰ গ্লুক'জক হজম কৰি শক্তি আৰু পৰি পুষ্টি বঢ়াই তোলে। সেয়ে যানবাহন কম ব্যৱহাৰ কৰি যিমান পাৰে খোজকাঢ়ক।

মাহজাতীয় খাদ্য সঠিকভাৱে গ্রহণ কৰক

আমি যদি মাহজাতীয় খাদ্যবোৰ সঠিক পৰিমাণত খাওঁ, তেন্তে আমাৰ দেহ টোক্সিম বা লাহী হৈ থাকিব আৰু লগতে তেজৰ চেনিৰ পৰিমাণো নিয়ন্ত্ৰণত ৰাখিব পৰা যাব। মাহ জাতীয় খাদাই স্তন কেন্সাৰৰ আশংকা কমায়, টাইপ-২ ডায়েবেটিছ ৰোগকে ধৰি উচ্চ ৰক্তচাপ আৰু ষ্ট্রক হোৱাৰ পৰাও বচাই ৰাখে। উচ্চপৰিমাণৰ আঁহ থকা মাকৈ বৰ উপকাৰী। আটা, ঢেঁকীত বনা চাউলো উপকাৰী। চেনি লুকাই থকা ব্রাউন ছুগাৰ বা চেনি, কৰ্ণ ছিৰাপ, ডেক্সট্র’জ, গুৰ আৰু চেনিজাতীয় খাদ্যক বর্জন কৰক।

কফি পান কৰক

দৈনিক ৩/৪ কাপ কফি পান কৰিলে শতকৰা ২৯-৫৪ শতাংশ ডায়েবেটিছ ৰোগ হোৱাৰ আশংকা কমি থাকে। এই ঘোষণা কৰিছে 'হাভার্ডস্কুল অৰূপাক্লিক হেলথ অনুষ্ঠানৰ গৱেষকসকলে। তেওঁলোকৰ মতে কফিত থকা কেফিনে হজম প্রক্রিয়াক উজ্জীৱিত কৰি তোলে। তদুপৰি কফিত আছে পটাছিয়াম, মেগনেছিয়াম, এন্টি-অক্সিডেন্ট, দেহত গ্লুকজ শোষণৰ সহায়ক দ্রব্য।

ফাষ্ট ফুড আৰু নাখাব

মিনেচটা বিশ্ববিদ্যালয়ৰ গৱেষকসকলে ১৮-৩০ বছৰ বয়সীয়া লোকৰ ওপৰত ১৫ বছৰ জুৰি চলোৱা গৱেষণাত প্রকাশ পাইছে যে, যিসকল ব্যক্তিয়ে নিয়মিতভাৱে ফাষ্টফুড খাদ্য গ্রহণ কৰি আছে, তেওঁলোকৰ ডায়েবেটিছ বা বহুমূত্ৰ ৰোগ নিশ্চিত। ফাষ্টফুডত থাকে অস্বাস্থ্যকৰ ট্রান্স ফেট বাচর্বি আৰু যথেষ্ট পৰিমাণৰ শর্কৰা। অৱশ্যে যিসকল লোকে কাচিৎহে ফাষ্টফুড গ্রহণ কৰে তেওঁলোকৰ ডায়েবেটিছ নহয়।

শাক-পাচলি নিয়মিতভাৱে খাওক

ৰঙীন শাক-পাচলি আৰু মাছ দৈনিক খাওক, কিন্তু মূগী বা খাহী মাংস কেতিয়াবাহে খাব।

দালচিনিযুক্ত খাদ্য খাওক

জাৰ্মান গৱেষকসকলৰ মতে দালচিনিৰে তৈয়াৰ কৰা একগ্ৰাম দালচিনি পাউদাৰৰ কেপচুল বা বড়ি এটা খালে, তেজত থকা শতাংশ চেনিৰ পৰিমাণ কমি যায়। দালচিনিত থকা উপকৰণে দেহৰ এনজাইমবোৰক সক্ৰিয় কৰি তোলে, ইনচুলিন উৎপাদন সহায় কৰে, তদুপৰি এইবিধ মিঠা মছলাই দেহৰ কলেষ্টেৰল আৰু চৰ্বিকো হ্ৰাস কৰে।

প্ৰতিদিনাই চাপমুক্ত হৈ থাকিবলৈ চেষ্টা কৰক

ৰিচাৰ্ড ছাৰউইট নামৰ লেখকজনে তেওঁৰ দ্বাৰা ৰচিত 'মাই-ণ্ড-বডি ডায়েবেটিছ ৰিভলোটেছন’ নামৰ গ্ৰন্থত লিখিছে যে, শৰীৰটোক অনবৰতে চাপমুক্ত কৰি শিথিলভাৱে ৰাখিবলৈ আমি চেষ্টা কৰিব লাগে। চাপযুক্ত শৰীৰ সদায় উত্তেজিত হৈ থাকে, হৃদস্পন্দন আৰু শ্বাস-প্রশ্বাসৰ গতি দ্রুত হৈ পৰে; তেজত চেনিৰ পৰিমাণ বহুত বেছিকৈ বাঢ়ে। পাতল ধৰণৰ ব্যায়াম আক চাপ কমোৱাৰ কৌশলবোৰে দেহত থকা চেনিৰ পৰিমাণক নিয়ন্ত্রণলৈ আনিব পাৰে। চাপ কমোৱাত সহায়কবোৰ হৈছে যোগ ব্যায়াম, ধ্যান আৰু খোজকঢ়া। ফোনত কিবা প্রশ্নৰ উত্তৰ দিয়াৰ পূর্বে অথবা গাড়ী ষ্টার্ট কৰা, শিশু সন্তানক আহাৰ খুওৱাৰ পূর্বে তিনিবাৰকৈ গভীৰ আৰু ধীৰভাৰে উশাহ লওক। বন্ধৰ দিনবোৰত পৰিয়ালৰ সকলোকে লৈ ফুৰিবলৈ যাওক, আনন্দ-ফূৰ্তি কৰক।

নিশা সুনিদ্রাত যেন থাকে

য়েল বিশ্ববিদ্যালয়ৰ দ্বাৰা পৰিচালিত হোৱা এক গৱেষণাৰ ফলত গম পোৱা গৈছে যে, যিসকল লোকে নিশা ৬ ঘণ্টাতকৈ কমকৈ শোরে, তেওঁলোক নিশা ৮ ঘণ্টাকৈ শোৱা লোকসকলৰ তুলনাত ডায়েৱেটিছ হোৱাৰ আশংকা দুগুণ অধিক হয়। খুব কমকৈ শুলে অথবা অধিক সময় শোৱা লোকসকলৰ তেজত থকা চেনিৰ নিয়ন্ত্ৰণ কৰা হৰমনবোৰৰ কার্যক্ষমতা কমি যায়। কলম্বিয়া বিশ্ববিদ্যালয়ৰ গৱেষকসকলৰ মতে দৈনিক ৫ ঘণ্টাতকৈ কমকৈ শোৱা ব্যক্তিসকলৰ উচ্চ ৰক্তচাপ হোবাৰ আশংকা দুগুণ হয়। নিশাৰ সুনিদ্ৰাৰ বাবে আবেলিৰ পৰা চাহ-কফি, চকলেট আদি খোৱাটো অনুচিত। অফিচৰ কাম অফিচতে কৰক, ঘৰলৈ অফিচৰ কাম লৈ নাহিব। নিশা বহুত দেৰিলৈকে টিভি নাচাব, ম’বাইল ফোনৰ ছুইছ অফ কৰি থ'ব।

বন্ধু-বান্ধৱৰ সৈতে সময় কটাওক

ডাঙৰ পৰিয়ালত থকা মহিলাসকলৰ তুলনাত নিঃসংগ মহিলাৰ ক্ষেত্ৰত ডায়েবেটিছ ৰোগ হোৱাৰ আশংকা আঢ়ৈ গুণে অধিক হয়। এই কথাটো পুৰুষৰ ক্ষেত্ৰতো খাটে। গতিকে প্রায়েই সৎ সংগত, ভাল বন্ধু-বান্ধৱৰ সৈতে সময় কটাবলৈ চেষ্টা কৰক।

তেজ পৰীক্ষা কৰাওক

যিসকলৰ তেজত চেনিৰ পৰিমাণ যদি ১০০-১২৫ ৰ মাজত থাকে, তেওঁলোক হ’ব প্রি ডায়েবেটিছ বা প্রাক্-বহুমূত্র ৰোগী; তেওঁলোক দহ বছৰৰ ভিতৰতে ডায়েবেটিছ ৰোগীলৈ পৰিণত হয়। খাদ্য, জীৱন ধাৰাৰ পৰিৱৰ্তন ওজন কমোৱা, কিছুদিন নিয়মানুৱৰ্তিতাৰ মাজত থাকিব পাৰিলে এই ৰোগৰ আশংকা কমে।

থোৰতে বহুমূত্র বা ডায়েবেটিছ ৰোগ

বর্তমান জনসাধাৰণৰ সুস্বাস্থ্যৰ প্রধান অন্তৰায় হৈছে ডায়েবেটিছ বা বহুমূত্র ৰোগ।এই ৰোগ কোনো বীজাণুঘটিত অথবা সংস্পৰ্শঘটিত ৰোগ নহ'লেও কিন্তু এটা মাৰাত্মক ৰোগ। আমাৰ দেহত হোৱা প্রয়োজনীয় ইনচুলিনৰ অভাৱ অথবা ইনচুলিনৰ কার্যক্ষমতা হ্রাস হোৱাৰ ফলতহে ডায়েবেটিছ ৰোগটো হয়। তদুপৰি ডায়াবেটিছ কোনো আৰোগ্য লাভ কৰিব পৰা ৰোগো নহয়। ইয়াক নিয়ন্ত্রণ কৰি ৰখাৰ বাহিৰে আন চিকিৎসা নাই। আমাৰ দেহৰ ভিতৰত অগ্নাশয় বা পেনক্রিয়াছ নামৰ এটা অংগ আছে। এই অংগটোতো 'বিটা-চেল’নামৰ কিছুমান কোষ থাকে। এই বিটা-চেল বা কোষবোৰৰ পৰাই ইনচুলিন হৰম’ন প্রস্তুত হয়; অর্থাৎ আমাৰ দেহৰ প্রয়োজনীয় ইনচুলিনখিনি দেহটোৰ ভিতৰতেই উৎপাদন হৈ থাকে। এজন স্বাভাৱিক ওজনৰ ব্যক্তিৰ দেহত প্রতি ঘণ্টাত ১ ইউনিটকৈ ২৪ ঘণ্টাত ২৪ ইউনিট ইনচুলিন উৎপাদন হৈ থাকে। ইনচুলিনৰ কাম হ’ল– তেজত থকা গ্লুক’জ দেহৰ বিভিন্ন কোষলৈকে পহুচাই দিয়া। ইনচুলিনৰ উৎপাদন কমি গ’লে নতুবা কার্যক্ষমতা হ্রাস পালে তেজত থকা গ্লুক'জৰ পৰিমাণ বাঢ়ি যায় আৰু আনহাতে কোষত থকা গ্লুক’জৰ পৰিমাণ কমি যায়। আমি দৈনিক তিনিবেলা খাদ্য গ্রহণ কৰাৰ পিচত গড়ে ৮ ইউনিটকৈ ২৪ ঘণ্টাৰ ভিতৰত ২৪ ইউনিট সহকাৰে মুঠতে ৪৮ ইউনিট ইনচুলিনৰ উৎপাদন হয়।  কেৱল তেজ পৰীক্ষা কৰিয়েই ডায়েবেটিছ ৰোগটোক ধৰা পেলাব পৰা যায়। খালী পেটত গ্লুকোজৰ পৰিমাণ ৭ মিলিমেলি/লিটাৰ (প্রায় ১২৫ মিলিগ্রাম/ডেচিলিটাৰ) নতুবা তাৰ অধিক হ’লে অথবা ৭৫ গ্রাম গ্লুকজ খোৱাৰ ২ ঘণ্টাৰ পিচত তেজত গ্লুক'জৰ পৰিমাণ ১১.১ মিলিমেলি/লিটাৰ (প্রায় ২০০ মিলিগ্রাম/ডেচিলিটাৰ) বা তাৰ অধিক হ'লে ব্যক্তিজনৰ ডায়েবেটিছ ৰোগ হোৱা বুলি ঘোষণা কৰা হয়। ডায়েবেটিছ ৰোগটো মূলতঃ দুই ধৰণৰ হয়—

(ক) টাইপ ১ ডায়েবেটিছ মেলাইটাছ

(খ) টাইপ ২ ডায়েবেটিছ মেলাইটাছ।

প্রথমবিধ ডায়েবেটিছৰ নাম হৈছে ইনচুলিন ডিপেণ্ডেণ্ট মেলাইটাছ (DDM) বা জুভেনাইল অনছেট ডায়েৰেটিছ মেলাইটাছ। এইবিধ ডায়েবেটিছ ৰোগে পেনক্রিয়াছ অংগৰ বিটা চেলৰ পৰা ইনচুলিনৰ উৎপাদন কম বা নহ’লে অথবা উৎপাদিত ইনচুলিন তেজত পৰিবাহিত নহ’লে দেখা দিয়ে।  এইবিধ ডায়েবেটিছ ৰোগ খুব কম সময়ৰ ভিতৰতে আৰম্ভ হ’ব পাৰে। টাইপ-২ ডায়েবেটিছ মেলাটাইছৰ আন নাম (NIDDM) বা লেট অনছেট ভায়েবেটিছ মেলাইটাছ। অথবা উৎপাদন অনুসাৰে ৰোগীৰ শৰীৰৰ ওজন বেছি হ’লে এইবিধ ডায়েবেটিছ ৰোগে দেখা দিয়ে। এইবিধ ডায়েবেটিছ ৰোগে ধীৰে ধীৰে বহুত বছৰ সময়ৰ পাচতহে দেখা দিয়ে। টাইপ-১ ডায়াবেটিছ ৰোগীসকলে ইনচুলিন ইনজেকচনৰ অবিহনে বাচি থাকিব নোৱাৰে। আনহাতে টাইপ-২ ডায়েবেটিছ ৰোগীসকলে যদি পৰিমিত আহাৰ গ্ৰহণ, সঠিক ধৰণে ব্যায়াম আৰু প্রয়োজনমতে কিছুমান ঔষধ গ্রহণ কৰি থাকে তেন্তে তেনে ৰোগীয়ে বছৰৰ পিচত বছৰ ধৰি সুস্থ শৰীৰেৰে বাচি থাকিব পাৰে। টাইপ-১ ডায়েবেটিছ সাধাৰণতে শিশু আৰু ৩০ বছৰ বয়সৰ কম বয়সীয়া লোকসকলৰ হয়। টাইপ-২ ডায়াবেটিছ সাধাৰণতে ৩০ বছৰৰ বেছি বয়সিয়ালসকলৰহে হয় যদিও কিছুমান ক্ষেত্ৰত তাতকৈ কম বয়সীয়া লোকৰো টাইপ-২ ডায়েবেটিছত আক্রান্ত হ’ব পাৰে। এইদুবিধ ডায়েবেটিছৰ উপৰিআন দুইধৰণৰ ডায়াবেটিছে আছে–

(ক) গৰ্ভকালীন ডায়েবেটিছআৰু

(খ) অন্যান্য ৰোগ আৰু ঔষধভিত্তিক ডায়াবেটিছ৷

গর্ভকালীন ভায়েবেটিছুবিধ সন্তানটো জন্ম হোৱাৰ পিচত আঁতৰি যায়। কিন্তু পিচৰ কালত মাতৃগৰাকীয়ে ডায়েবেটিছ ৰোগত আক্রান্ত হোৱাৰ সম্ভাৱনা বহুগুণে বাঢ়ি যায়। অন্যান্য ৰোগ আৰু ঔষধভিত্তিক ডায়েবেটিছ (Other Specific Type), zana atq; coFfFIza কোনো ৰোগ থবা কিছুমান ঔষধ (যেনে : ষ্টেৰয়ড) গ্রহণ কৰাৰ ফলত সৃষ্টি হ'ব পাৰে। ডায়েবেটিছ ৰোগীৰ মগজুৰ ৰক্তক্ষৰণ বা ব্রেইন ষ্ট্রোকৰ আশংকা আন ৰোগীৰ তুলনাত ৬ গুণ অধিক। ইয়াৰ উপৰিও ডায়েবেটিছ ৰোগীৰ হৃদৰোগ, কিডনীৰ ৰোগ, চকুৰ ৰোগ অথবা ভৰি কাটি পেলোৱাৰ আশংকা আন ৰোগীৰ তুলনাত ২-৩ গুণ, ৫ গুণ, ১৫ গুণ আৰু ২০ গুণ অধিক হয়। গতিকে ডায়েবেটিছ ৰোগক আমি নিয়ন্ত্ৰণ কৰাৰ বাহিৰে আন কোনো বিকল্প নাই।

কোন ডায়েবেটিছত আক্রান্ত হ’ব পাৰে?

যিসকলৰ বয়স ৩০ বছৰৰ উৰ্ধত, উচ্চতাৰ অনুপাতে ওজন বেছি শৰীৰ অতিৰিক্তভাৱে মেদবহুল, শাৰীৰিক পৰিশ্রম একেবাৰেই নকৰে বা কম পৰিমাণে কৰে, খাদ্য গ্রহণৰ পৰিমাণ অধিক, বংশগত কাৰণ, কোনো দুৰাৰোগ্য ৰোগ যেনে থাইৰয়ডৰ ৰোগত আক্রান্ত, পেনক্রিয়াচ ৰোগী, ষ্টেৰয়ড জাতীয় কিছুমান ঔষধ সেৱন কৰে, অধিক সন্তানৰ জন্মদাত্ৰী মাতৃ, এবাৰতকৈ অধিক অস্ত্রোপচাৰৰ সন্মুখীন হৈছে, অতিৰিক্ত ধূমপান, সুৰা সেৱন কৰে,অধিক পৰিমাণত পেট বাঢ়ি যায়, তেজত কলেষ্টেৰল (ট্ৰাইগ্লিচাৰাইড)থাকে, বহুত বেছি দুশ্চিস্তাত ভূগি থাকে, অপুষ্টিজনিত শৰীৰৰ অধিকাৰী, তেনে লোকেই ডায়েবেটিছত আক্রান্ত হয়।

ডায়েবেটিছ ৰোগীৰ বাবে সাৱধানতা

শৰীৰৰ ওজনৰ ক্ষেত্ৰত উচিত ওজন জানিবলৈ হ’লে আপোনাৰ উচ্চতা যিমান ছেণ্টিমিটাৰ তাৰ পৰা ১০০ বিয়োগ কৰক। ধৰি লওক, আপোনাৰ উচ্চতা ৫ ফুট ৬ইঞ্চি। ইয়াত ছেণ্টিমিটাৰলৈ নিবলৈ হ’লে তাক ২.৫৪ ৰে পুৰণ কৰি পাব প্রায় ১৬৭ ছেণ্টিমিটাৰ। এতিয়া ১৬৭ ৰ পৰা ১০০ বাদ দিলে থাকিব ৬৭ অৰ্থাৎ ৬৭ কেজি। এই ৬৭ কেজিয়েহ হ’ব আপোনাৰ শৰীৰটোৰ আদৰ্শ বা উচিত ওজন। তদুপৰি ডায়েবেটিছ ৰোগীৰ দেহত কিবা কটা ছিঙা হ’লে শুকাওঁতে পলম হয়। সেয়ে তেনে ৰোগীয়ে ভৰিৰ নখ কটাৰ সময়ত ব্লেডৰ সলনি নেইল কাটাৰ ব্যৱহাৰ কৰক। নখবোৰ একেবাৰে গুৰিলৈকে নাকাটিব; গা ধোৱাৰ পিচতহে নখ কাটিব। আবেলি বা সন্ধিয়াৰ সময়তহে জোতা কিনিব, কাৰণ এনে সময়ত ভৰিৰ জোখ হেনো আটাইতকৈ অধিক হয়। ভৰিৰ জোখতকৈ এক ছাইজ বেছি জোতা কিনিব, কাৰণ আপুনি সূতা বা উলৰ মোজা পিন্ধাত সুবিধা হ’ব। চেণ্ডেলতকৈ জোতা বা পামশু অধিক উত্তম। ডায়েবেটিছ ৰোগীয়ে গা ধোৱা পানী কিমান তপত তাক নিজে পৰীক্ষা কৰক। বেছি গৰম পানীৰে গা নুধুব। ডায়েবেটিছ ৰোগীৰ বিষৰ অনুভূতি কম হোৱাৰ বাবে তেওঁলোকে ইনচুলিন বেজী ল’লেও বিষ প্রায় অনুভব নকৰেই। বোজা বা অসুস্থতাৰ সময়ত খোৱা ঔষধ অথবা ইনছুলিনৰ মাত্ৰা পুনঃ নিৰ্ধাৰণৰ প্রয়োজন হয়। এইক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ লওক। যিসকল শিশুৰ ডায়েবেটিছ ৰোগ আছে, তেওঁলোকৰ ক্ষেত্ৰত তেওঁলোকে যাতে টিফিনটো ঠিকমতে খায় অৰু প্ৰয়োজন অনুসৰি শ্ৰেণীত পাঠদান চলি থকাৰ সময়তো উচিত সময়তইনচুলিন লয়— সেইক্ষেত্ৰত শিক্ষকসকলে মনোনিবেশ কৰা উচিত। যিহেতু ডায়েবেটিছৰ বহুমূত্র ৰোগ কেতিয়াও নিৰাময় কৰিব পৰা নাযায়, সেয়ে ওপৰত উল্লেখ কৰা নিয়মবোৰ মানি চলিলে কোনো আশংকাৰ কাৰণ নাই। নিয়ন্ত্রিত জীৱনেৰে ডায়েবেটিছ ৰোগীয়ে আন কোনো ৰোগ নোহোৱাকৈ সুস্থভাৱে সুদীর্ঘ জীৱন বাচি থাকিৰ পৰে।

উৎস: সাদিন।

শেহতীয়া উন্নীতকৰণ: : 3/8/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate