অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বিশ্ব স্বাস্থ্য দিৱসৰ চিন্তা: ডায়েবেটিছ ৰোগক হৰুৱাব পাৰি

বিশ্ব স্বাস্থ্য দিৱসৰ চিন্তা: ডায়েবেটিছ ৰোগক হৰুৱাব পাৰি

বিশ্ব স্বাস্থ্য সংস্থাই ইয়াৰ প্ৰতিষ্ঠা দিৱসৰ (৭ এপ্ৰিল, ১৯৪৮ চন) লগত সংগতি ৰাখি ১৯৫০ চনৰ পৰা প্ৰতি বছৰে ৭ এপ্ৰিলৰ দিনটো ‘বিশ্ব স্বাস্থ্য দিৱস’ হিচাপে পালন কৰি আহিছে| প্ৰতি বছৰে এই বিশেষ দিনটোত বিশ্ব স্বাস্থ্য সংস্থাই সমগ্ৰ বিশ্বৰ জনস্বাস্থ্যৰ সৈতে জড়িত এটা নিৰ্দ্দিষ্ট বিষয় বাছনি কৰি লৈ আগন্তক বৰ্ষটোত নানা আঁচনি আৰু কাৰ্যসূচী গ্ৰ্হণ কৰি তাক কাৰ্যকৰী কৰাৰ ব্যৱস্থা কৰে| সমগ্ৰ বিশ্বতে ডায়েবেটিছ ৰোগীৰ সংখ্যা অতি দ্ৰুত গতিত বৃদ্ধি হ’বলৈ ধৰিছে| বৰ্তমান সময়ত কম বয়সৰ কম বয়সৰ ব্যক্তিৰ মাজতো এই ৰোগ বেছিকৈ হোৱা দেখা গৈছে| বৰ্তমান সমগ্ৰ বিশ্বতে কেইবা নিযুত ব্যক্তি ডায়েবেটিছ ৰোগত ভুগি আছে আৰু ই বিশ্বৰ জনসাধাৰণৰ মৃত্যুৰ অষ্টম কাৰণ হিচাপে পৰিগণিত হৈছে| ডায়েবেটিছ ৰোগৰ এনে বৰ্ধিত ভয়াবহতাৰ বাবে সমগ্ৰ বিশ্বৰ জনসাধাৰণক সজাগ কৰাৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাই এই বছৰ পালনকৰিবলগীয়া ‘বিশ্ব স্বাস্থ্য দিৱস-২০১৬’ ৰ মূল বিষয় হিচাপে ডায়েবেটিছ ৰোগক বাছি লৈছে| এই বছৰ ‘বিশ্ব স্বাস্থ্য দিৱস-২০১৬’ ৰ উক্তি হ’ল-ডায়েবেটিছ ৰোগক হৰুৱাওক| ডায়েবেটিছ ৰোগৰ ভয়াবহতা সম্পৰ্কে জ্ঞান বিস্তাৰৰ ক্ষেত্ৰ খন ব্যাপক কৰি তোলাৰ লগতে নতুন প্ৰজন্মক ডায়েবেটিছ সম্পৰ্কে সজাগ কৰি তুলি ইয়াক প্ৰতিৰোধ কৰাই এই দিৱসৰ তাৎপৰ্য| জনসাধাৰণৰ সজাগতাৰ মাজেদি এখন ডায়েবেটিছ মুক্ত পৃথিৱীৰ কামনা কৰা হৈছে| চৰকাৰী আৰু বেচৰকাৰী চিকিৎসালয় আৰু সংস্থা সমুহে নানা কাৰ্যসূচী গ্ৰহণ কৰি সৰ্বসাধাৰণ ৰাইজক অংশগ্ৰহণ কৰাই এই দিৱস পালনৰ যোগেদি ৰোগটোৰ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ উপায় সমুহ সৰ্বসাধাৰণক জনোৱা উচিত| এই দিৱস পালনৰ কাৰ্যসূচীৰ ভিতৰত থাকিব পাৰে-ডায়েবেটিছ ৰোগ নিৰ্ণয়ৰ বাবে তেজ পৰীক্ষা কৰা, সাংস্কৃতিক অনুষ্ঠান, ৰচনা প্ৰতিযোগিতা, প্ৰচাৰ মাধ্যমৰ ব্যৱহাৰ, প্ৰচাৰ পত্ৰিকা বিতৰণ, পোষ্টাৰ, স্বাস্থ্য আৰু খাদ্য দিহা, মিটিং আৰু সজাগতা শোভাযাত্ৰা ইত্যাদি| জনসাধাৰণেও এনেবিলাক অনুষ্ঠানত অংশ গ্ৰহণ কৰি ডায়েবেটিছ ৰোগটোৰ বিষয়ে জানি ইয়াক প্ৰতিৰোধ কৰাত নিজেই সাৱধান হ’ব পাৰে| ডায়েবেটিছ ৰোগীৰ প্ৰায় ৯০ শতাংশ ব্যক্তিয়ে টাইপ ২ ডায়েবেটিছ ৰোগত ভোগে| বাকী দহ শতাংশহে টাইপ ১ ডায়েবেটিছ ৰোগত ভোগে| অলস জীৱনশৈলী, খাদ্যাভাস, শাৰীৰিক শ্ৰমহীনতা, মেদবহুলতা আৰু সমাজ ব্যৱস্থাৰ পৰিৱৰ্তন টাইপ ২ ডায়েবেটিছ ৰোগ বৃদ্ধি হোৱাৰ মুখ্য কাৰণ| যদিও টাইপ ২ ডায়েবেটিছ ৰোগ প্ৰতিৰোধ কৰা সম্ভৱ নহয় তথাপি আমি অলপ সজাগ হৈ অলস জীৱনশৈলী আৰু খাদ্যাভাসৰ অলপ সংশোধন ঘটাই দৈনন্দিক জীৱনত কিছুমান কথা মানি চলিলে টাইপ ২ ডায়েবেটিছ ৰোগ প্ৰতিৰোধ কৰি ডায়েবেটিছ ৰোগক হৰুৱাব পাৰে| টাইপ ২ ডায়েবেটিছ ৰোগ প্ৰতিৰোধৰ বাবে শৰীৰৰ মেদবহুলতা কমাই স্বাস্থ্যকৰ ওজন সঠিককৈ ৰাখিব লাগে| উচিত খাদ্য গ্ৰহণ, শাৰীৰিক পৰিশ্ৰম আৰু ব্যায়াম আদিয়ে শৰীৰৰ সঠিক ওজন নিয়ন্ত্ৰণত সহায় কৰে| স্বাস্থ্যকৰ ওজন সঠিককৈ ৰাখিবলৈ ব্যক্তি এজনে শৰীৰৰ ওজন আৰু শাৰীৰিক পৰিশ্ৰম অনুযায়ী চিকিৎসক বা ডায়েবেটিচিয়ানৰ পৰামৰ্শ মতে প্ৰতিদিনে গ্ৰহণ কৰিব লগা কেলৰি আৰু খাদ্যৰ ধৰণ নিৰুপণ কৰি গতানুগতিক খাদ্যাভাসৰ পৰিৱৰ্তন কৰি উচিত খাদ্য গ্ৰহণ কৰিব লাগে| অলস জীৱনশৈলী ত্যাগ কৰি শাৰীৰিক পৰিশ্ৰম কৰিব লাগে| ব্যায়ামৰ ভুমিকা টাইপ ২ ডায়েবেটিছ ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত অপৰিহাৰ্য| সপ্তাহত মুঠ ১৫০ মিনিট, প্ৰতিদিনে অন্তত: ত্ৰিশ মিনিটকৈ সপ্তাহত পাঁচদিন নিয়মীয়াকৈ ব্যায়াম( খোজকঢ়া লাহে লাহে দৌৰা, সাঁতোৰা, চাইকেল চলোৱা ইত্যাদি) কৰি টাইপ ২ ডায়েবেটিছ ৰোগৰ আশংকা কমাই ৰাখিব পাৰি| শাৰীৰিক ব্যায়ামৰ লগতে আন শ্ৰমহীন জীৱনশৈলীৰ পৰিৱৰ্তন( যেনে-গাড়ী ধোৱা, পুৱা-গধুলি খোজ কঢ়া, বাগিচাত কাম কৰা, ঘৰ চাফা কৰা, কুকুৰ ফুৰাবলৈ নিয়া, বেডমিণ্টন খেলা, লিফ্‌ট ব্যৱহাৰ নকৰা, খোজকাঢ়ি বজাৰ-সমাৰ কৰা ইত্যাদি) কৰিও স্বাস্থ্য সন্মত ওজন অটুট ৰাখিব পাৰিলে উৎকৃষ্ট ফল পাব পৰা যায়| পৰিশ্ৰমী জীৱন এটা কটালে টাইপ ২ ডায়েবেটিছ হোৱাৰ আশ্ংকা ৬০ শতাংশ কমি আহে| ইয়াৰ উপৰি সুস্থ জীৱনশৈলী কটাই নিয়মিত ধ্যান কৰা, বন্ধুৰ সৈতে আড্ডা দিয়া, প্ৰাণ ভৰি হঁহা আদিৰ উপৰি মানসিক চাপ, সুৰাপান, ধূমপান আৰু টোপনি ক্ষতি আদি ত্যাগ কৰি শৰীৰৰ ৰক্তচাপ, লিপিদ প্ৰফাইল আদি সঠিককৈ ৰাখিলে টাইপ ২ ডায়েবেটিছ ৰোগ হোৱাৰ পৰা হাত সাৰি থাকিব পাৰি| ইয়াৰ উপৰি ডায়েবেটিছ ৰোগক হৰুৱাবলৈ হ’লে আমি স্বাস্থ্য সজাগ হৈ নিয়মিয়াকৈ তেজত ছুগাৰ পৰীক্ষা কৰিব লাগে| ডায়েবেটিছ ৰোগ প্ৰতিৰোধৰ বাবে প্ৰি-ডায়েবেটিছ পৰ্যায়তে ধৰা পৰাটো প্ৰয়োজনীয়| অতি বেছি ওজন বৃদ্ধি, অতিৰিক্ত মেদবহুলতা, পৰিয়ালত কাৰোবাৰ ডায়েবেটিছ ইতিহাস থকা, উচ্চ ৰক্তচাপ আৰু কলেষ্ট্ৰৰেল, মহিলা সকলৰ ক্ষেত্ৰত গৰ্ভধাৰণৰ সময়ত তেজত ছুগাৰৰ পৰিমাণ বেছি হোৱা বা বেছি ওজনৰ নৱজাতকৰ জন্ম দিয়া, মাহেকীয়া ঋতুস্ৰাৱ অনিয়মীয়া হোৱাৰ অন্যতম কাৰণ pcos ৰোগত ভোগা আদি থাকিলে চিকিৎসকৰ পৰামৰ্শ মতে ৩০-৩৫ বছৰ বয়সৰ ভিতৰতে প্ৰথমবাৰ ডায়েবেটিছৰ বাবে তেজেত ছুগাৰৰ মাত্ৰা পৰীক্ষা কৰিব লাগে| ফলাফল নিৰ্দ্দিষ্ট মাত্ৰাৰ ভিতৰত থাকিলে তিনি বছৰৰ মুৰে মুৰে পুনৰাই কৰিব লাগে| এনেদৰে কিছু সজাগতা অৱলম্বন কৰিলেই আমি ডায়েবেটিছ ৰোগক হৰুৱাব পাৰিম|

ডি.কে

শেহতীয়া উন্নীতকৰণ: : 12/24/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate