মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / মধুমেহ বা ডায়েবেটিছ / ব্লাড ছুগাৰ আৰু মধুমেহ নিয়ন্ত্ৰণ কৰিব পৰা খাদ্য
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ব্লাড ছুগাৰ আৰু মধুমেহ নিয়ন্ত্ৰণ কৰিব পৰা খাদ্য

ব্লাড ছুগাৰ আৰু মধুমেহ নিয়ন্ত্ৰণ কৰিব পৰা খাদ্যৰ বিষয়ে আলোচনা কৰা হৈছে।

এভ’কাডো

এভ’কাডো নামৰ এইবিধ ফলত নিহিত থকা প্ৰচুৰ স্বাস্থ্য উপযোগী ঔষধি গুণৰ বাবে এইবিধ ফলক ‘ছুপাৰ ফুড’ বুলি কোৱা হয়। ইয়াত একক অসংপৃক্ত চৰ্বি যথেষ্ট পৰিমাণে থাকে। তাৰোপৰি এইবিধ ফলত বহুবিধ ভিটামিন, মিনাৰেল, মাইক্ৰ’নিউট্রিয়েণ্ট আৰু এন্টি-অক্সিডেন্টো যথেষ্ট পৰিমাণে থাকে। এভ’কাডোৰ পৰা লাভ কৰা স্বাস্থ্যৰ উপযোগী চৰ্বি আৰু অন্যান্য পুষ্টিকৰ উপাদানে শৰীৰত ৰক্ত শৰ্কৰা আৰু ইনচুলিনৰ মাত্রা নিয়ন্ত্ৰণত ৰাখে। এভ’কাডো খালে ইয়াত থকা চৰ্বিজাতীয় উপাদানে বহু সময়লৈকে পেট ভৰাই ৰাখে আৰু সেয়ে জাংক ফুডৰ পৰা আঁতৰি থাকিব পাৰি। ফলত এভ’কাডো খাই আপুনি মেদহীন আৰু স্বাস্থ্যবান শৰীৰৰ গৰাকী হ’ব পাৰে। এভ’কাডোত থকা যথেষ্ট পৰিমাণৰ ‘অ’লেইক এচিডে’ কলেষ্টেৰল কম কৰাত সহায় কৰে। এভ’কাডো পটাছিয়ামৰো এক উৎকৃষ্ট উৎস। পটাছিয়াম এবিধ শৰীৰৰ বাবে প্রয়োজনীয় খনিজ লৱণ আৰু এইবিধ লৱণে উচ্চ ৰক্তচাপ আৰু ইলেকট্র’লাইটছ নিয়ন্ত্ৰণত ৰখাত সহায় কৰে। পর্যাপ্ত পৰিমাণৰ পটাছিয়াম সেৱনে বিভিন্ন অসংক্ৰামক ৰোগ, যেনে-উচ্চ ৰক্তচাপ, হৃদৰোগ আৰু ষ্ট্রোক আদি প্রতিৰোধ কৰাত সহায় কৰে।

একাপ পৰিমাণৰ এভ’কাডোত শৰীৰত দৈনিক প্রয়োজন হোৱা ফ’লেট বা ফলিক এচিডৰ এক তৃতীয়াংশ আৰু কোষ গঠনত সহায় কৰা ‘বি’ ভিটামিন থাকে। এক অধ্যয়নত প্রকাশ পোৱা মতে অত্যাধিক ফলেটযুক্ত খাদ্য খোৱা লোকসকলৰ হৃদযন্ত্ৰৰ ৰোগ বা ষ্ট্রোক হোৱাৰ সম্ভাৱনা আনতকৈ যথেষ্ট কম। এভ’কাডোত থকা কেৰেটিনয়ড আৰু লুটেইন নামৰ উপাদান চকুৰ স্বাস্থ্যৰ বাবে উপযোগী। ইয়াত যথেষ্ট পৰিমাণে কেৰোটিনয়ড, ডেক্টোনথিন, আলফা কেৰোটিন আৰু বিটা কেৰোটিন, যথেষ্ট পৰিমাণে ভিটামিন-‘ই’ৰ লগতে সকলো কেন্সাৰ প্রতিৰোধী উপাদান থাকে।

কফি

সুস্বাস্থ্য বৰ্তাই ৰখাৰ বাবে নিয়মিত কফি সেৱন উপকাৰী বুলি প্রমাণিত হৈছে। বিশেষকৈ মধুমেহ ৰোগৰ পৰা হাত সাৰি থাকিব খোজাসকলৰ বাবে কফি এক উপকাৰী পানীয়। দৈনিক চাৰিকাপ কফি সেৱন কৰাৰ ফলত টাইপ-২ মধুমেহ ৰোগ হোৱাৰ সম্ভাৱনা আধালৈ হ্রাস পায় বুলি লছ এঞ্জেলছ ইউনিভাৰচিটিৰ এক নতুন অধ্যয়নত প্রকাশ পাইছে।

কেফেইনযুক্ত কফিয়ে তেজত যৌন হৰমোন বাইণ্ডিং গ্ল’বুলিন বা ছেক্স হৰমোন বাইণ্ডিং গ্ল'বুলিনৰ (এছএইচবিজি) মাত্রা বৃদ্ধি কৰে। ফলত টাইপ-২ মধুমেহৰ সম্ভাৱনা হ্রাস পায়। এই অধ্যয়নটোত অংশগ্রহণকাৰীসকলক প্রতিদিনে চাৰি কাপকৈ কেফেইনযুক্ত কফি সেৱন কৰোৱা হৈছিল আৰু এইসকল লোকক পৰীক্ষা কৰি প্রমাণ পোৱা গ’ল যে মধুমেহ ৰোগ হোৱাৰ সম্ভাৱনাও দেখা পোৱা গ’ল। সেয়েহে কফি সেৱন কৰাটো দিনৰ ভাগত সীমাবদ্ধ ৰাখিবলৈ চেষ্টা কৰিব, যাতে নিশা বিছনালৈ যোৱাৰ পূর্বে কফিৰ লগত শৰীৰত প্রৱেশ কৰা কেফেইন সম্পূৰ্ণৰূপে বাহিৰ হৈ যাব পাৰে আৰু যদিহে কেফেইনে আপোনাক অপকাৰ কৰে, তেন্তে ‘ডিকেফ কফি’ বা কেফেইনমুক্ত কফি বিকল্পৰূপে সেৱন কৰিব পাৰে। ২০০৬ চনত আৰ্কাইভছ অৱ ইণ্টাৰনেল মেডিচিন নামৰ পত্রিকাখনে ২৮,৮১২ গৰাকী মহিলাৰ ওপৰত এক অধ্যয়ন চলাই প্ৰমাণ পালে যে, দৈনিক একেবাৰে কফি সেৱন নকৰা মহিলাসকলতকৈ টাইপ-২ মধুমেহ হোৱাৰ সম্ভাৱনা ২২ শতাংশ কম হয়। কফি সেৱন কৰাসকলৰ বাবে আন এক সুখবৰ হৈছে ২০১১ চনত ‘জাৰ্ণেল অব মলিকিউলাৰ নিউট্ৰিচন এণ্ড ফুড ৰিছাৰ্চে” প্রকাশ কৰা তথ্য অনুসৰি মুক্তমূলক (ফ্ৰী ৰেডিকেল)ৰ সৈতে জড়িত ৰোগসমূহ প্ৰতিৰোধ কৰাত কফিয়ে সহায় কৰে। কেৱল পাঁচ দিনৰ বাবে নিয়মিতভাৱে প্রিয় কফি কাপ সেৱন কৰিলেই ইয়াৰ প্ৰতিৰক্ষামূলক সুফল আপুনি ভোগ কৰিব পাৰিব। কেৱল অদুগ্ধজাত ক্রীমাৰৰ সৈতে মিঠা কফি খোৱা বর্জন কৰক| ব্লেক কফি খোৱাৰ অভ্যাস কৰক বা গ্রাছফেড বাটাৰ বা নাৰিকল তেলৰ সামান্য পৰশ দি কফি খাওক। কফিৰ এক ঋণাত্মক দিশ উৎপাদন কৰা নহয়। কফি খেতিত বৃহৎ পৰিমাণৰ কীটনাশকৰ লগতে ৰাসায়নিক সাৰো ক্ষতিকাৰক। সেয়ে সদায় প্রাকৃতিকভাৱে উৎপন্ন জৈৱিক কফিহে ক্ৰয় কৰা উচিত।

গ্ৰাছ ফেড বাটাৰ

বাটাৰ বা মাখনৰ অধিকাংশ উপাদানেই অপকাৰী। এইবোৰক স্বাস্থ্যকৰ বুলি প্ৰচাৰ কৰা হয় যদিও মানুহে খোৱাৰ উপযোগী নহয়। মাখনত গ্লাইচেমিকৰ পৰিমাণ যথেষ্ট কম আৰু ই ৰক্তচাপ নিয়ন্ত্রণ কৰে। গুৰুত্বপূর্ণ আৰু প্রয়োজনীয় পুষ্টি প্রদান কৰে আৰু ভোক তথা লোভ কমায়। স্বাস্থ্যকৰ মাখনৰ একমাত্র উৎস হৈছে জৈৱিক, ঘাঁহ খোৱা গৰুৰ গাখীৰ।

নাৰিকল তেল

নাৰিকল তেল হৈছে চিনাক্ত হোৱা এক ছুপাৰফুড। নাৰিকল তেলে এল.ডি.এল.(বেয়া) কলেষ্টেৰল হ্ৰাস কৰে আৰু উপকাৰী এইচ.ডি.এল কলেষ্টেৰল বৃদ্ধি কৰে। এই দুয়োটাই আকৌ হৃদৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে। ২০০৯ চনত প্ৰকাশিত এক অধ্যয়নত প্ৰকাশ পোৱা মতে নাৰিকলৰ তেল খাবলৈ দিয়া এন্দুৰৰ গাত গাহৰিৰ চৰ্বি খাবলৈ দিয়া এন্দুৰতকৈ ইনচুলিন প্ৰতিৰোধৰ ক্ষমতা বেছি আৰু এই পৰীক্ষাবিলাক মানৱ শৰীৰৰ সৈতে জড়িত অধ্যয়নৰ সৈতে প্ৰায় একে। এই অধ্যয়নৰ ফলাফলে দেখুৱাইছে যে, মধ্যমীয়া ফেটি এচিডযুক্ত নাৰিকল তেল সেৱন কৰা লোকসকলে শৰীৰৰ পৰা চৰ্বি কমাই ৰাখিবলৈ সক্ষম হয়। নাৰিকল তেলে শক্তি আৰু সহনশীলতা বৃদ্ধি কৰে আৰু ক্ৰীড়াসুলভ সক্ষমতা বঢ়ায়। নাৰিকল তেল হজম কৰিবলৈ সহজ  আৰু থাইৰয়ড গ্ৰন্থিক সূচাৰুৰূপে কাম কৰাত সহায় কৰে। উষ্ণ অৱস্থাত অত্যন্ত সুস্থিৰ প্ৰকৃতিৰ হোৱা বাবে বিশুদ্ধ ভাৰ্জিন নাৰিকল তেল ৰন্ধা-বঢ়াৰ বাবে সকলোতকৈ উৎকৃষ্ট বিকল্প। ছয়াবিন তেল, গোমধান বা মাকৈৰ তেল বা আন ‘ভেজিটেবল’ অয়লতকৈ ভাৰ্জিন নাৰিকল তেলে শৰীৰত উৎপন্ন হোৱা জ্বলা-পোৰাৰ যন্ত্ৰণা কমাই ৰাখে।

গ্ৰীণ টি

পৌৰাণিক কালৰ বৰ্তমানলৈকে মানুহে চাহ সেৱন কৰি আহিছে। পানীৰ পিছতে এতিয়াও ই বিশ্বৰ আটাইতকৈ জনপ্ৰিয় পানীয়। চাহৰ বিভিন্ন ঔষধীয় গুণৰ ভিতৰত মধুমেহ প্ৰতিৰোধো এটা। এক জটিল জৈৱ ৰাসায়নিক প্ৰক্ৰিয়াৰ জৰিয়তে চাহে, বিশেষকৈ গ্ৰীণ-টিয়ে কোষবোৰ স্পৰ্শকাতৰ কৰি ৰাখে। ২০১৩ চনত প্ৰকাশিত জাপানী পত্ৰিকা ‘ডায়েবেটিছ এণ্ড মেটাব’লিজিম’ নামৰ জাৰ্ণেলৰ মতে দৈনিক ছয় কাপকৈ চাহ খোৱা লোকসকলৰ ওজন বঢ়াৰ সম্ভাৱনা ৩৩ শতাংশ কম আৰু ইনচুলিন বিপাক বা টাইপ-২ মধুমেহ হোৱাৰ সম্ভাৱনাও যথেষ্ট কম হয়। চাহে শৰীৰত এমিলেজ নামৰ হজমী এনজাইমবিধৰ কাম সক্রিয় কৰি তোলাৰ বাবে এনে হয়। আনহাতে চাহত “পলিফেনলছ’ নামৰ এবিধ এণ্টিঅক্সিডেন্ট থাকে, যি অক্সিডেটিভ চাপ হ্রাস কৰে আৰু ভেছ’ডাইলেচন সৃষ্টি কৰে। এইবিধ উপাদানে ৰক্তবাহী সিৰাবোৰ বহল আৰু নমনীয় কৰে। ক’লা চাহৰ যথেষ্ট গুণাগুণ আছে। যদিও স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত গ্ৰীণ-টি সর্বোত্তম বুলি গণ্য কৰা হয়। গ্রীণ-টিত উচ্চ পৰিমাণৰ “পলিফেনল’ থাকে। PubMed.com নামৰ ৱেবচাইটটোত চাৰ্ছ কৰিলে আপুনি দেখা পাব যে, গ্ৰীণ-টি আৰু ইয়াৰ উপাদানসমূহৰ ওপৰত ইতিমধ্যে ২,০০০ ৰো অধিক অধ্যয়ন চলোৱা হৈছে।

গ্রীণ-টিৰ অন্যান্য উপকাৰিতাবিলাকৰ ভিতৰত আছে, ই শৰীৰৰ ওজন কমায়, কৰ্কট ৰোগ প্ৰতিৰোধ কৰে, ইয়াত থকা এণ্টিঅক্সিডেণ্টে শৰীৰৰ ক্ষতিকাৰক উপাদানৰ পৰিমাণ কমায়, স্মৃতিশক্তি আৰু জ্ঞান আহৰণৰ ক্ষমতা বৃদ্ধি কৰে, সামগ্রিক সুস্বাস্থ্য অটুট ৰাখে।

উল্লেখ্য যে গ্রীণ-টি হৈছে এক উৎকৃষ্ট চর্বিনাশক পানীয়। আমেৰিকান জাৰ্ণেল বা ক্লিনিকেল নিউট্ৰিচনৰ মতে গ্রীণ-টিয়ে “মেটাবলিক ৰেট” বৃদ্ধি কৰি ওজন কমোৱাত সহায় কৰে। ফলত ইয়াক সেৱন কৰা লোকসকলে কেলৰি নাশৰ ক্ষেত্ৰত আগতকৈ বেছি ভাল ফল পায়। ই শৰীৰৰ মেদ আৰু কলেষ্টেৰলৰ মাত্ৰা হ্রাস কৰাৰ কথা ইতিমধ্যে প্রমাণিত হৈছে।

ৰে’ড ৱাইন

কম গ্লাইচেমিক খাদ্যৰ সৈতে দৈনিক কম পৰিমাণৰ ৰে’ড ৱাইন সেৱন কৰিলে ব্লাড ছুগাৰ নিয়ন্ত্ৰণত থাকে৷ ৰঙা আঙুৰৰ চালত পোৱা প্রাকৃতিক 'ফাইট’ কেমিকেলছ’ (যাক পলিফেনলছ বুলি কোৱা হয়) শৰীৰটোত গ্লুক’জৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰি ব্লাড ছুগাৰৰ মাত্ৰা বৃদ্ধি হোৱাৰ সম্ভাৱনা হ্রাস কৰে। এই পলিফেনলসমূহক প্রকৃততে মধুমেহ নিয়ন্ত্রণকাৰী ঔষধ ‘এভেণ্ডিয়াৰ’ সৈতে তুলনা কৰিব পাৰি। পৰিমিত সুৰাপান বিশেষকৈ ‘ৰেড ৱাইন’ সেৱন কৰাটো মানৱ স্বাস্থ্যৰ বাবে উপকাৰী বুলি গণ্য কৰা হয়। পৰিমিত পৰিমাণৰ সুৰাপানৰ অর্থ হৈছে মহিলাৰ বাবে সৰু এগিলাচ আৰু পুৰুষৰ বাবে দুগিলাচ।

মাহ বা বিন (কিছু লোকৰ বাবে)

ছয়াবিন, ৰাজমাহ আদি বিভিন্ন ৰং তথা প্রকাৰৰ মাহবোৰ হৈছে লাহে লাহে দহন ঘটা কার্বোহাইড্রেট, প্রোটিন আৰু মানৱ দেহত সুখানুভূতি দিয়া, ব্লাড ছুগাৰৰ মাত্রা নিয়ন্ত্ৰণ কৰাটো তথা ভোক নিয়ন্ত্ৰণত ৰাখিব পৰা আঁহৰ এক উত্তম মিশ্ৰণ। মাহবোৰ কম ব্যয়বহুল আৰু বিভিন্ন প্ৰকাৰৰ হয় আৰু এইবোৰ পেট পূৰাই খাব পাৰি। এইবোৰে তেজৰ শৰ্কৰা আৰু ইনচুলিনৰ পৰিমাণ উচ্চ মাত্ৰাৰ খাদ্য উপযোগী আঁহ আৰু নিম্ন ‘গ্লাইচেমিক ইণ্ডেক্স’ৰ সহায়ত নিয়ন্ত্ৰণত ৰাখে। এই কথা ইউনিভাৰচিটি অব টৰন্ট’ৰ নিউট্ৰিচন আৰু মেটাবলিজম সম্পৰ্কীয় এক অধ্যয়নত প্ৰকাশ পাইছে। বিন আৰু মাহজাতীয় শস্যই কেৱল তেজত শৰ্কৰাৰ মাত্ৰা উন্নত কৰাই নহয়, এইবোৰে শৰীৰত ৰক্তচাপ আৰু কলেষ্টেৰল নিয়ন্ত্ৰণত ৰাখে বুলিও কিছুমান অধ্যয়নত প্ৰকাশ পাইছে। গৱেষকসকলৰ মতে ৰক্তচাপ আৰু তেজৰ শৰ্কৰাৰ ক্ষেত্ৰত ঘটা উন্নতিৰ ফলত মধুমেহ নিয়ন্ত্ৰিত হোৱাৰ লগতে হৃদৰোগৰ আশংকাও কম হয়। মাহ জাতীয় শস্য খোৱাৰ ফলত হৃদযন্ত্ৰৰ স্বাস্থ্য ৰক্ষাকাৰী পুষ্টি শৰীৰে লাভ কৰে। লগতে ই মাংস আৰু দুগ্ধজাত সামগ্ৰীৰ এক কম ব্যয়বহুল বিকল্প খাদ্য।

পিছে দুৰ্বল হজম শক্তিৰ লোকসকলৰ বাবে মাহজাতীয় খাদ্য সিমান উপকাৰী নহয়। ইয়াত অন্য খাদ্য সামগ্ৰীতকৈ যথেষ্ট বেছি লেক্টিন আৰু খাদ্যত থকা বেছি অস্বস্তিদায়ক উপাদান থাকে। সেয়েহে এই খাদ্য সেৱন কৰাৰ ফলত দুৰ্বল হজম শক্তিসম্পন্ন লোকৰ হজম শক্তি অধিক দুর্বল হৈ পৰাৰ সম্ভাৱনা থাকে।

গাঢ় সেউজীয়া শাক-পাত

সেউজীয়া শাক-পাতে ভিটামিন, খনিজ পদার্থ, ফাইবাৰ এণ্টিঅক্সিডেণ্টৰ জৰিয়তে শৰীৰক যথেষ্ট পুষ্টি প্রদান কৰে। এই সেউজীয়া শাক-পাতবোৰ মেগনেছিয়াম আৰু এমিনো এচিডৰো উৎস। এইবিলাক উপাদানে তেজৰ শর্কৰা হ্রাস কৰে আৰু ইনচুলিন নিয়ন্ত্রণ কৰে।

উল্লেখ্য যে, শৰীৰৰ প্ৰায় তিনিশ কাম-কাজৰ বাৰে মেগনেছিয়াম হৈছে এক অতীব প্রয়োজনীয় উপাদান। সেউজীয়া শাক-পাতত যথেষ্ট পৰিমাণে মেগনেছিয়াম পোৱা যায় বাবে এইবোৰ নিয়মিত খোৱাটো দৰকাৰ। তেজৰ শৰ্কৰা নিয়ন্ত্ৰণৰ লগতে ই কার্বোহাইড্রেটসমূহৰ মেটাব’লিজম ৰক্ষা আৰু চেনিৰ প্ৰতি লোভ হ্রাস কৰাত সহায় কৰে। এনে শাক-পাতত যথেষ্ট কম কেলৰি থকাৰ বাবে এনে খাদ্যত মেদ নাশক ক্ষমতাও যথেষ্ট থাকে। মেদ কম, অধিক ফাইবাৰ, প্ৰচুৰ ফলিক এচিড, ভিটামিন-'কে', 'চি', ‘ই’ আৰু ‘বি’, আয়ৰণ, কেলচিয়াম, পটাছিয়াম আৰু মেগনেছিয়াম তথা অত্যন্ত উপকাৰী ফাইট’কেমিকেল যথেষ্ট পৰিমাণে থকা বাবে সেউজীয়া শাক-পাচলিত কেন্সাৰ তথা হৃদৰোগ প্রতিৰোধৰ ক্ষমতা অত্যন্ত বেছি থাকে।

সেউজীয়া শাক-পাতত থকা বিটা কেৰোটিন, লুটেইন আৰু জিয়েক্সানথিনযুক্ত হোৱাৰ পৰা আৰু চকু কেইটাৰ মেকুলাৰ ক্ষয়ীভৱন আৰু কেটেৰেক্টৰ পৰা সুৰক্ষিত কৰি ৰাখে। সেউজীয়া শাকত কিছু পৰিমাণে স্বাস্থ্যকৰ অ’মেগা-৩ চৰ্বিও থাকে। ই ভিটামিন-'কে’ৰো উৎকৃষ্ট উৎস। সেউজীয়া শাক ৰান্ধি খালে ইয়াৰ পৰা যথেষ্ট মাত্ৰাত ভিটামিন-কে’ লাভ কৰিব পাৰি।

বাদাম আৰু বীজ

পুষ্টিৰ তালিকাত কাঠ বাদাম আৰু আখৰোটৰ স্থান সদায়ে ওপৰত। পিছে অন্যান্য কিছুমান বাদামজাতীয় ফল আৰু বীজৰো স্বাস্থ্যসন্মত গুণাগুণ অত্যন্ত বেছি৷ ৰঙালাউৰ গুটি, বেলি ফুলৰ বীজ, পেষ্ট, পেকান, কাজু, মেকাডেমিয়া, ব্রাজিল নাট আদি এনেধৰণৰ পুষ্টিকৰ খাদ্য দ্রব্য।

বাদামজাতীয় খাদ্যবোৰ মুখৰোচক হোৱাৰ লগতে প্রোটিন আৰু চর্বি এইবিলাকত যথেষ্ট পৰিমাণে থকাৰ বাবে এইবিলাক খাদ্য খোৱাৰ পিছত বহু সময়লৈকে ভোক নালাগে। তদুপৰি এইবোৰত শৰ্কৰাৰ পৰিমাণো যথেষ্ট কম হোৱা বাবে এইবোৰ খাদ্য হিচাপে গ্রহণ কৰিলে তেজৰ শৰ্কৰা নিয়ন্ত্ৰণত থাকে। বাদামজাতীয় খাদ্য, বিভিন্ন খনিজ পদার্থ, যেনে- কপাৰ, আয়ৰণ, মেগনেছিয়াম, মেংগানিজ, জিংক আৰম্ভ ছেলেনিয়ামৰো উৎস। ছেলেনিয়াম হৈছে এক কৰ্কট প্রতিৰোধক খনিজ পদার্থ। ই থাইৰয়ড গ্রন্থিৰো উপকাৰ সাধন কৰে।

অলিভ অয়ল

আমাৰ সামগ্রিক স্বাস্থ্য ৰক্ষাৰ বাবে একক অসংপৃক্ত চৰ্বি, যেনে- নাৰিকলৰ তেল, বাদাম আৰু বীজ আদি যথেষ্ট উপকাৰী বুলি ইতিমধ্যে আমি গম পাইছো। অলিভ অয়লো এইবোৰৰ দৰেই একক অসংপৃক্ত চৰ্বিৰ এক উৎকৃষ্ট উৎস। আন যিকোনো ঠাইত অলিভ অয়ল ব্যৱহাৰ কৰা লোকসকলৰ ক্ষেত্ৰত হৃদৰোগ, এথেৰ’ছক্লেৰ'চিছ মধুমেহ, ক'ল'ন কেন্সাৰ আৰু এজমা বা হাপানি ৰোগৰ সম্ভাৱনা যথেষ্ট কম৷ আজিৰ পৰা কিছু বছৰ পূর্বে স্পেইনৰ এখন পত্রিকাত প্রকাশ পোৱা মতে, ভূমধ্যসাগৰীয় খাদ্যাভ্যাসৰ শৈলীৰে অলিভ অয়ল ব্যৱহাৰ কৰি আহাৰ খোৱাসকলৰ টাইপ-২ মধুমেহ হোৱাৰ সম্ভাৱনা ৫০ শতাংশ কম।

নহৰু আৰু পিয়াঁজ

নহৰু আৰু পিয়াঁজৰ উৎকট গোন্ধটোৰ উৎস হৈছে ইয়াত থকা শক্তিশালী ছালফাৰযুক্ত যৌগ। ইয়াৰ প্রাথমিক উপাদান ‘এলিচিন’। ইয়াৰ এণ্টিবেক্টেৰিয়েল, এণ্টিভাইৰেল, এণ্টি ফাংগাল আৰু এন্টিঅক্সিডেণ্টামূলক সম্পদসমূহৰ বাবে জনাজাত। এলিচিনে নহৰু আৰু পিয়াজত থকা সঞ্চালন, পাচন তন্ত্ৰ আৰু ৰোগ প্রতিৰোধকাৰী ব্যৱস্থাক শক্তিশালী কৰে। ইয়াৰ ফলত শৰীৰত ৰক্তচাপ হ্রাস পায়, তেজৰ শৰ্কৰা হ্রাস পায় আৰু এইচ.ডি.এল. কলেষ্টেৰলৰ মাত্রা বৃদ্ধি পায়। নহৰু আৰু পিয়াজে ইনচুলিন উৎপাদনৰ প্রক্রিয়াক উত্তেজিত কৰে আৰু তেজৰ শৰ্কৰা সুস্থিৰ কৰাৰ ক্ষেত্রত বিশেষভাৱে ফলদায়ক। নহৰুৱে মধুমেহৰ পৰা হ’ব পৰা হৃদৰোগ আৰু ষ্ট্রেক প্রতিৰোধ কৰিব পাৰে বুলি দীর্ঘদিন ধৰি মানি অহা হৈছে। পিয়াঁজতো যথেষ্ট পৰিমাণৰ এণ্টিঅক্সিডেন্ট, কেৰ্চেটিন (বিশেষকৈ ৰঙা পিয়াজত) থাকে যি জ্বলা-পোৰা কম কৰে, এলাৰ্জি প্রতিৰোধ কৰে৷ অৱশ্যে নহৰুৰ ক্ষেত্ৰত কেৱল সতেজ নহৰুহে স্বাস্থ্যৰ বাবে উপকাৰী। গুড়ি কৰি থোৱা বা বটলত ভৰাই থোৱা নহৰু স্বাস্থ্যৰ পক্ষে উপকাৰী নহয়। কাৰণ নহৰু খুন্দিলে, থেতালিলে বা কুটিলে আৰু এনেদৰে কিছুসময়ৰ বাবে ৰাখি থ’লে ইয়াত থকা উদ্বায়ী ৰাসায়নিক পদাৰ্থবোৰ উৰি যায়। কেঁচা নহৰু প্রতিদিনে তিনিবাৰকৈ আহাৰৰ সৈতে মিলাই খাব লাগে বা নহৰু থেতেলিয়াই লগে লগে পানীৰ সৈতে গিলি খাব পাৰে।

বেৰী আৰু চেৰী

কম গ্লাইচেমিকযুক্ত আহাৰ গ্ৰহণ কৰাৰ অৰ্থ হৈছে শৰীৰৰ পৰা প্ৰচুৰ পৰিমাণৰ শৰ্কৰা বাহিৰ কৰা। যেতিয়া আপোনাৰ স্বাদ গ্ৰন্থিবোৰে বুজাব পৰা কৰে, তেতিয়া আপোনাৰ মিঠা বস্তু খাবলৈ মন যায় আৰু যিকোনো বেৰী, যেনে-ৰাস্পবেৰী, ব্লুবেৰী, ব্লেকবেৰী, ষ্ট্ৰ’বেৰী আৰু চেৰী এনে সময়ত খোৱাৰ বাবে সকলোতকৈ উপযুক্ত সময়। এইবিলাক প্ৰচুৰ শক্তিশালী এন্টিঅক্সিডেন্ট, ভিটামিন, ফাইবাৰ আৰু সামান্য প্রাকৃতিক শৰ্কৰাৰ উৎস হোৱা বাবে স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী। বেৰীবোৰত গভীৰ ৰং সৃষ্টি কৰা এন্থ’চিয়ানিন নামৰ যৌগ, যি এক ফ্লেভ’নয়ড এণ্টিঅক্সিডেণ্ট, ই ইনচুলিন প্রতিৰোধ হ্ৰাস কৰে আৰু তেজৰ শৰ্কৰা নিয়ন্ত্ৰণত সহায় কৰে। একাপ ষ্ট্ৰ’বেৰীৰ ৰসত ১০০০ থকাতকৈ বহুগুণে বেছি। উল্লেখ্য যে, ভিটামিন চিয়ে, ‘ৰোগ প্রতিৰোধী’ ছিষ্টেম শক্তিশালী কৰে আৰু শক্তিশালী সংযোগী কোষ গঠনত সহায় কৰে। ষ্ট্র’বেৰীত কেলচিয়াম, মেগনেছিয়াম, ফ’লেট আৰু পটাছিয়াম তথা যথেষ্ট কম পৰিমাণৰ কেলৰি থাকে। অৱশ্যে সদায় জৈৱিক ষ্ট্ৰবেৰী খাবলৈ চেষ্টা কৰিব, কিয়নো অজৈৱিক ব্যৱহাৰ কৰে আৰু গছবোৰে প্ৰায় সকলোখিনি কীটনাশক শুহি লয়। ব্লুবেৰীত ভিটামিন 'চি' কম পৰিমাণে থাকে। যদিও ইয়াত থকা খনিজ পদার্থৰ পৰিমাণ যথেষ্ট বেছি। তদুপৰি ইয়াত কিছুমান অত্যন্ত উপযোগী ফাইট’কেমিকেল থাকে আৰু কেলৰিৰ পৰিমাণ যথেষ্ট কম। ক্রেনবেৰীৰ দৰে ব্লুবেৰীতে উচ্চ পৰিমাণৰ 'এণ্টিঅক্সিডেণ্ট’ থাকে। ৰাপসবেৰীতো ভিটামিন ‘চি’, পটাছিয়াম আৰু বিভিন্ন প্রকাৰৰ অন্যান্য এন্টিঅক্সিডেন্ট থাকে।

ডাক চকলেট

প্রায় সকলো লোকৰে যিকোনো মিঠা বস্তু খাবলৈ মন গৈ থাকে। মিঠা বস্তুৰ লোভ পূৰাবলৈ চকলেটতকৈ বেছি ভাল বস্তুনো কি হ’ব পাৰে পিছে মিঠা বেছিকৈ থকা বাবে চকলেট বেছিকৈ খোৱাটো স্বাস্থ্যৰ বাবে অপকাৰী বুলি গণ্য কৰা হয়।  সেয়েহে, চকলেট নিয়মিত খালেও দুটুকুৰাতকৈ বেছি খাব নালাগে। কম পৰিমাণে দৈনিক চকলেট খোৱাৰ ফলত ই আপোনাৰ চৰ্বি কমোৱাত সহায় কৰে। উল্লেখ্য যে, চকলেট কোকো গছৰ গুটিৰ পৰা প্রস্তুত কৰা হয়। কোকো গুটিত বিভিন্ন এণ্টিঅক্সিডেন্ট থাকে, যি ওজন বৃদ্ধিত বাধা দিয়ে আৰু টাইপ-২ ডায়েবেটিছত বাধা দিয়ে।

এটা সৰু ডাক চকলেট বাৰত ছটা আপেল, চাৰে চাৰি কাপ চাহ আৰু দুগিলাচ ৰেড ৱাইনৰ সমানেই এন্টিঅক্সিডেন্ট তাকে। ভাল মানৰ ডার্ক চকলেটে ভোক দমন কৰিব পাৰে, ৰক্তচাপ হ্রাস কৰিব পাৰে, মন ফৰকাল কৰিব পাৰে আৰু এণ্টি-অক্সিডেণ্ট যোগান ধৰিব পাৰে।

ডাক চকলেটৰ তিতা সোৱাদে ভোক নিয়ন্ত্ৰণত সহায় কৰে আৰু কোকো মাখনে পেটটো বহু সময়লৈকে ভৰাই ৰখাত সহায় কৰে। ইয়াত থকা মেগনেছিয়ামে তেজৰ শৰ্কৰা নিয়ন্ত্ৰণ কৰে, ৰক্তচাপ কম কৰি শান্তি আৰু আৰামৰ অনুভূতি দিয়ে। ইয়াত থকা এবিধ উপাদানে মন ফৰকাল কৰাত সহায় কৰে। পিছে মনত ৰাখিব যে, মিল্ক চকলেট আৰু হোৱাইট চকলেটত যথেষ্ট পৰিমাণে চেনি থাকে আৰু সেয়েহে ডাৰ্ক চকলেটৰ দৰে এইবোৰ উপকাৰী নহয়। সেয়েহে এইবোৰৰ পৰিৱৰ্তে কোনো মিঠা উপাদান যোগ হৈ নথকা ভাল গুণবিশিষ্ট ডাৰ্ক চকলেট খাবলৈ চেষ্টা কৰিব। ৭০-৮০ শতাংশ কোকো থকা চকলেট সর্বোত্তম। চকলেট যিমানেই ক’লা হয়, স্বাস্থ্যৰ বাবে ই সিমানেই উপকাৰী।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন।

3.04761904762
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top