অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মধুমেহ ৰোগীৰ খাদ্য

মধুমেহ ৰোগীৰ খাদ্য

বিশ্ব স্বাস্থ্য সংস্থাৰ সমীক্ষাত প্ৰকাশ পোৱা মতে মধুমেহ ৰোগত আক্ৰান্ত হৈ প্ৰতি বছৰে ত্ৰিশ লাখ লোকে অকালতে প্ৰাণ হেৰুৱায়। আমাৰ দেহত থকা অগ্ন্যাশয় গ্ৰন্থিৰ মাজভাগ বিটা কোষবোৰে অধিকাৰ কৰি থাকে, যিবোৰে ইনছুলিন নামৰ হৰম’ন নিঃসৰণ কৰে। কিবা কাৰণত এই কোষবোৰত অকামিলা হ’লে, দেহত ইনছুলিনৰ নাটনি হয়, যাৰ পৰিণতি স্বৰুপে লোকজনৰ তেজত চেনিৰ (গ্লুক’জৰ) পৰিমাণ বৃদ্ধি পায় আৰু এই বিকাৰকে মধুমেহ ৰোগ বুলি অভিহিত কৰা হয়। এই ৰোগাক্ৰান্ত লোকৰ দেহত ইনছুলিনৰ অভাৱ হোৱাৰ পৰিণতিত পেশী তথা যকৃতত জমা হোৱা অতিৰিক্ত চেনি ভাগ গ্লাইকজেনলৈ ৰুপান্তৰিত কৰা প্ৰ্ক্ৰিয়া ব্যৰ্থ হয় বাবে তেজত ইয়াৰ পৰিমাণ বাঢ়ে। মধুমেহ ৰোগীয়ে খাদ্যৰ জৰিয়তে আহৰণ কৰা চেনিৰ সুব্যৱহাৰ কৰিবলৈ সমূলি অসমৰ্থ, আনকি ইয়াক ভৱিষ্যতৰ বাবে সঞ্চয় কৰি ৰাখিবলৈও অপাৰগ হোৱা হেতুকে প্ৰস্ৰাৱৰ জৰিয়তে অত্যাধিক পৰিমাণে চেনি ওলায়। এই ৰোগত আক্ৰান্ত লোকে সঘনে প্ৰস্ৰাৱ কৰি থাকিব লাগে বাবে এই ৰোগক বহুমূত্ৰ আখ্যা দিয়া হয়। অবিৰতভাৱে চেনি বাহিৰ ওলাই যোৱাৰ ফলত দেহ দুৰ্বল হয়, ওজন কমে আৰু পানীৰ পিয়াহ বাঢ়ে। এই ৰোগৰ চৰম অৱস্থাত বেজীৰ জৰিয়তে ৰোগীৰ দেহত নিয়মিতভাৱে ইনছুলিন প্ৰয়োগ নকৰিলে মুঠেই গত্যন্তৰ নাথাকে। এই ৰোগ পূৰাপূৰি নিয়ন্ত্ৰণ নহয় যদিও বিশেষ সাৱধানতা অৱলম্বন কৰি ইয়াক নিয়ন্ত্ৰণত ৰখাটো সম্ভৱপৰ। তদুপৰি জীৱনশৈলীৰ ক্ষেত্ৰত কেতবোৰ বাধ্যবাধকতা মানি চলিলে এই ৰোগৰ আক্ৰমণৰপৰা হাত সাৰি থকাটো মুঠেই অসম্ভৱ নহয়।

খাদ্য গ্ৰহণত সাৱধানতা অৱলম্বন কৰি, নিয়মীয়া দৈহিক পৰিশ্ৰম কৰিলে মধুমেহ ৰোগ নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰি। সেইবাবে চিকিৎসকসকলে এই ৰোগীক খাদ্য গ্ৰহণৰ বেলিকা বাছ বিচাৰ কৰি সংযমী হ’বলৈ পৰামৰ্শ দিয়ে। যেনে-

  • ৰোগীয়ে প্ৰথমে দেহ ভৰ সূচক (বি এম আই) নিৰ্ণয় কৰাটো প্ৰয়োজন, যিটো দৰাচলতে দেহৰ ওজন তথা উচ্চতাৰ অনুপাত মাথোন, যি ক্ষেত্ৰত ওজন কিলোগ্ৰামত আৰু উচ্চতা মিটাৰত জোখা হয়। সাধাৰণতে এই সূচক ১৮.৫ৰ পৰা ২৪.৯ৰ মাজত থাকে। বিশেষজ্ঞসকলৰ মতে কোনো লোকৰ দেহ-ভৰ সূচক ২৪.৯ তকৈ অধিক হ’লে দেহৰ ভাৰ কমাবলৈ প্ৰয়াস কৰা উচিত। কিয়নো এই ব্যৱস্থাই তেজত থকা চেনিৰ পৰিমাণ কমায়।
  • অধিক পৰিমাণে ভক্ষ্য আঁহ থকা খাদ্য গ্ৰহণ কৰিব লাগে। ৰোগীয়ে উখোৱা চাউল খোৱাটো ভাল। আলু পৰিহাৰ কৰি ময়দাৰ পৰিৱৰ্তে আটা, চেনিযুক্ত খাদ্যৰ সলনি আঁহ থকা খাদ্য গ্ৰহণৰ অভ্যাস কৰিব লাগে।
  • কেতবোৰ খাদ্য পাচন নলীত ততালিকে চেনিত পৰিণত হয় যিবোৰ মধুমেহ ৰোগীৰ বাবে অপকাৰী। কিয়নো এনে খাদ্যই কম সময়তে তেজত চেনিৰ মাত্ৰা বৃদ্ধি কৰে। আৰৈ চাউলৰ ভাত, ময়দাৰ ৰূটী, আলু, মিঠাই আদি এনেধৰণৰ খাদ্য, যিবোৰ ৰোগীয়ে পৰিহাৰ কৰিব লাগে।
  • শাক-পাচলি, ফল-মূল আদি খোৱাত মুঠেই বাধা নাই। শস্যৰ বীজ, বাদাম, চৰ্বি নথকা, যেনে- শহা পহু, কুকুৰাৰ মাংস, সাগৰীয় খাদ্য আদি ভক্ষণ কৰাত অসুবিধা নাই। অকাঁৰী চাউল, বাকলি নুগুচোৱা গমৰ আটা, মাহজাতীয় শস্য আদি ভক্ষ্য আঁহ তথা প্ৰ’টিনেৰে সুসমৃদ্ধ হোৱা হেতুকে মধুমেহ ৰোগীৰ উত্তম খাদ্য, কিয়নো এইবোৰে তেজত চেনি নবঢ়ায়।
  • মাছত থকা ওমেগা ৩ স্নেহ এচিডে মগজু তথা অক্ষিপটৰ বিকাশ আৰু কাৰ্য সম্পাদনাত অত্যন্ত গুৰূত্বপূৰ্ণ ভূমিকা পালন কৰে। ই দেহৰ জ্বলা-পোৰা উপশম কৰাৰ লগতে কলিজাৰ সু-স্বাস্থ্য বৰ্তাই ৰাখে। মগজুৰ ষাঠি শতাংশ স্নেহ পদাৰ্থৰে গঠিত বাবে ইয়াৰ কাৰ্যকুশলতাত ওমেহা- ৩ৰ বৰঙণি অনন্য। মধুমেহ ৰোগীয়ে প্ৰ’টিনৰ যোগান পাবলৈ কম চৰ্বিযুক্ত মাছ সপ্তাহত তিনি দিন খাব, যিবোৰ সহজে পৰিপাক হয়।
  • শৰীৰৰ বৃদ্ধি তথা বিকাশৰ বাবে অপৰিহাৰ্য প্ৰ’টিন পাবলৈ পাবলৈ মানুহে মাংস খায় যদিও মধুমেহ ৰোগীয়ে চৰ্বিহীন মাংস মাজে-সময়ে খাব পাৰে।
  • মিঠাই খালে তেজত চেনিৰ পৰিমাণ বাঢ়ে, যি অৱস্থা মধুমেহ ৰোগীৰ বাবে ক্ষতিকাৰক, কিন্তু সুস্বাস্থ্যৰ বাবে গ্ৰহণ কৰা খাদ্যৰ লগত মিঠাই খালে অসুবিধা নাই, কিয়নো এনে কৰিলে তেজত চেনিৰ পৰিমাণ মধ্যমীয়া হৈ থাকে।
  • শৰীৰৰ বাবে উপযোগী চৰ্বি গছ- গছনি তথা মাছৰপৰা পাব পাৰি। জলফাইৰ তেল, বাদাম, নাচপতি আদি উত্ত্ম।
  • নিমখ কম পৰিমাণে খাব লাগে।
  • মধুমেহ ৰোগীয়ে মাখন কঢ়া গাখীৰহে খাব লাগে। ছয়া গাখীৰ উপযোগী। ঘিঁ, মাখন, পনীৰ, ক্ৰীম, চীজ নাখাব।
  • দিনে দুই পিয়লাতকৈ অধিক কফি বা চাহ খাব নালাগে।
  • তিতা কেৰেলাত অধিক মাত্ৰাত উদ্ভিদ ইনছুলিন থাকে বাবে ভক্ষণ কৰিলে তেজত চেনিৰ মাত্ৰা কমে। এগিলাচ পানীত চাহ চামুচেৰে এচামুচ কেৰেলাৰ গুটিৰ গুড়ি মিহলাই প্ৰতিদিনে খালে সুফল পায়।
  • মধুমেহ নিয়ন্ত্ৰণ কৰাত মিথি গুটিৰ ভূমিকা অনন্য। খাদ্যত মচলা হিচাপে ইয়াৰ ব্যৱহাৰ হয়।
  • এই ৰোগ প্ৰতিৰোধ তথা নিয়ন্ত্ৰণ কৰাত ক’লা জামুৰ অৰিহণা অসাধাৰণ। ইয়াক গুটিত থকা গ্লুক’ছাইডে শ্বেতসাৰক চেনি হ’বলৈ নিদিয়ে আৰু সেইবাবে এই গুটিৰ গুড়ি সেৱন কৰি বেমাৰীয়ে সুফল পাব।
  • প্ৰস্ৰাৱত বাহিৰ ওলোৱা পটাছিয়াম নহৰুৱে পূৰ কৰে। ইয়াত থকা দস্তা আৰু গন্ধক ইনছুলিনৰ উপাদান। ইয়াৰ তিনি-চাৰি ফুটা প্ৰতিদিনে খালে ৰোগীয়ে সুফল পাব।
  • পনৰু মূত্ৰ বৃদ্ধি কাৰক তথা পৰিপাক গুণ সম্পন্ন হোৱা হেতুকে মধুমেহ ৰোগীৰ উপকাৰী, বিশেষকৈ কেঁচাই খাওক।
  • তেজপাতৰ গুড়ি সেৱন কৰিলে তেজত চেনিৰ মাত্ৰা কমে। নিশা কুহুমীয়া গৰম পানীত দুটা তেজপাত ৰাখি পুৱা খালী পেটত পানী খাব।
  • অলস জীৱন শৈলী পৰিত্যাগ কৰি নিয়মীয়া ব্যায়ামৰ অনুশীলন কৰিলে মধুমেহ ৰোগ প্ৰতিৰোধ তথা নিয়ন্ত্ৰিত হয়।

লিখকঃ আনন্দ দেৱ গোস্বামী, দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 4/23/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate