অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মেদবহুলতা নিৰাময়ৰ উপায়

বৰ্তমান ভুড়ি-চৰ্বি-ওবেচিটিৰ সমস্যা অকল দেশৰেই সমস্যা নহয় অতি উন্নত দেশতো এই সমস্যাই ভয়াৱহ ৰুপ ধাৰণ কৰিছে| আমেৰিকাত বৰ্তমান ১০ জন শিশুৰ তিনিজনেই ওবেচ বা স্থুল| ইয়াৰ প্ৰধান কাৰণেই হ’ল কায়িক শ্ৰম কম, আনফালে উচ্চ কেলৰিযুক্ত খাদ্য গ্ৰহণ আৰু মানুহৰ আৰাম প্ৰিয় স্বভাৱ| কেতিয়াবা দেখা যায় যে কোনোবাই যথেষ্ট পৰিমাণে খাদ্য খায় অথচ তেওঁৰ চৰ্বি নহয় অৰ্থাৎ শকত নহয়, আনফালে কিছুমানে কম খালেও মোটা হৈ পৰে| ই জেনেটিক কাৰণৰ বাবেও হ’ব পাৰে| ভুড়ি পেটৰ কোন ঠাইত জমা হয় তাক জনাৰ আগেয়ে আমি জানিব লাগিব পেটৰ ভিতৰৰ অংগ, ছাল আৰু টিছুৰ বিষয়ে| পেটৰ ভিতৰত ষ্টমাক-স্মল ইণ্টেষ্টাইন-লাৰ্জ ইণ্টেষ্টাইন-লিভাৰ-স্পিন-পেনক্ৰিয়াচ ইত্যাদি| পেটৰ একেবাৰে ওপৰত আছে ছালৰ আৱৰণ| তাৰ পাছত আছে ছাব ফিউটেনিয়াছ টিছু আৰু ফাছা যিয়ে পেটৰ ভিতৰত মাংসপেশীক ধৰি ৰাখে| পেটৰ ভিতৰত ৪ ধৰণৰ মাংসপেশী থাকে| পেটৰ ভিতৰত বিভিন্ন অংগক ঢাকি ৰাখে ওমেণ্টাম নামৰ পৰ্দাই| ভুড়ি জমা হয় পেটত আৰু ই তৈয়াৰ হয় পেটত জমা হোৱা অতিৰিক্ত চৰ্বি বা চৰ্বিজাতীয় পদাৰ্থৰে|

ভুড়ি মেদৰ কাৰণ

পেটৰ দুই ঠাইত ভুড়ি জমা হ’ব পাৰে| প্ৰথম ওমেণ্টাম য’ত চৰ্বি ইতিমধ্যে থাকে আৰু ইয়াৰ প্ৰধান কামেই হ’ল পেটৰ ভিতৰৰ অংগক সুৰক্ষা প্ৰদান কৰা| সেয়েহে কোনোবাই পেটত ঘোচা বা লাঠ মাৰিলেও সহজে ভিতৰৰ অংগ-প্ৰত্যংগৰ ক্ষতি নহয়| প্ৰয়োজন হ’লে এই অতিৰিক্ত চৰ্বি-কাৰ্বহাইড্ৰেটলৈ পৰিবৰ্তন হৈ শৰীৰক শক্তি যোগায়| যদি বেছি পৰিমাণে চৰ্বি জমা হয় তেনেহ’লে এই ওমেণ্টামৰ চৰ্বি বাঢ়ি গৈ ভুড়িত পৰিণত হ’ব পাৰে| দ্বিতীয়তে পেটৰ ছালৰ তলৰ চৰ্বি: কিউটেনিয়াক টিছু আৰু মাংসপেশীৰ স্তৰত চৰ্বি জমা হ’ব পাৰে| প্ৰথম আৰু দ্বিতীয় কাৰণ দুটা একেলগেও হ’ব পাৰে|

কি কাৰণত চৰ্বি হয়?

অতি সাধাৰণ ভাৱে কব’লৈ হ’লে যেতিয়া শৰীৰত অতিৰিক্ত কেলৰী জমা হয় তেতিয়াই চৰ্বি হয়| আমি খাদ্য খোৱাৰ লগে লগে কেলৰী উৎপন্ন হয়| ইয়াক শৰীৰে লগাখিনি গ্ৰহণ কৰে আৰু অতিৰিক্ত খিনি জমা হয়| ইয়াৰ কাৰণ হ’ল শাৰীৰিক ব্যায়ামৰ অভাৱ| ইয়াৰ উপৰি আমি যদি চৰ্বিজাতীয় খাদ্য বেছি পৰিমাণে গ্ৰহণ কৰো তেতিয়াও চৰ্বি হ’ব পাৰে| শৰীৰত অতিৰিক্ত পৰিমাণৰ কাৰ্ব’হাইড্ৰেট বা প্ৰ’টিন থাকিলেও চৰ্বিলৈ ৰুপান্তৰিত হ’ব পাৰে| এনাৰ্জী বা কেলৰীযুক্ত খাদ্য বেছিকৈ গ্ৰহণ কৰিলে যেনে-জাংকফুড, ফাষ্টফুড, শীতল পানীয় ইত্যাদি| হাইপোথাইৰয়ডিজম অড্ৰিনেল গ্লেণ্ডৰ হৰম’ন কম হ’লে মেটাবলিক, বিপাকীয় হাৰ কম হ’লে চৰ্বি জমা হ’ব পাৰে| উপৰিউক্ত কাৰণবোৰৰ বাবে পেটৰ ভিতৰত দীঘলীয়া চৰ্বি চেইন তৈয়াৰ হয়| ২৫ বছৰ মানলৈ চৰ্বি-ভুড়ি কম হয় কাৰণ শৰীৰৰ গঠন তথা কাজ-কৰ্মত ব্যস্ত থকা বাবে কিছু কেলৰীৰ ক্ষয় হয়| এই সময়ত এনাবলিজম বেছি হয় আৰু কেটাবলিজম কম হয়| সেয়েহে কেলৰীয়ে কিবা কৈ সন্তুলন কৰি ৰাখে কিন্তু বয়স বঢ়াৰ লগে লগে কেটাবলিজম বেছি হয় আৰু এনাবলিজম কম হয়| সেয়েহে কেলৰী বাঢ়ি ভুড়ি হোৱাৰ সম্ভাৱনা বেছি হয়|

ভুড়ি আৰু ওবেচিটি

ভুড়ি থাকিলেই ওবেচিটি যে হ’ব তাৰ মানে নাই| ভুড়ি নাথাকিলে শৰীৰটো দেখাত দৃষ্টিনন্দন হৈ পৰে| ভুড়ি নথকাকেও কোনো কোনো ওবেচ বা স্থুল হৈ পৰিব পাৰে| আপুনি ওবেচ হয় নে নহয় তাক বি এম আইয়ে নিৰ্ণয় কৰিব| বি এম আই ২০-২৫ৰ ভিতৰত থাকিলে সেয়া নিয়মীয়া আৰু বি এম আই ২৫-৩০ৰ ভিতৰত থাকিলে শকত, কিন্তু ৩০ৰ ওপৰলৈ গ’লে ওবেচ বা স্থুল| ভুড়িৰ আয়তন যিমানে বাঢ়িব সিমানে বাঢ়িব চৰ্বি| প্ৰথম অৱস্থাত পেটতেই চৰ্বি জমা হ’ব ধৰে, তাৰ পাছত লাহে লাহে ই গোটেই শৰীৰলৈ বিয়পি পৰে|

স্থুল কায়ত্ত বা ওবেচৰ পৰা কি ধৰণৰ শাৰীৰিক সমস্যা হ’ব পাৰে

  • ছাল ৰুক্ষ তথা ক’লা বৰণৰ হ’ব পাৰে, উচ্চ ৰক্তচাপ,
  • কৰোনাৰী আৰ্টাৰীৰ অসুখ, চেৰিব্ৰেল ষ্ট্ৰোক, তেজত কলেষ্টেৰ’ল আৰু ট্ৰাইগ্লিচাৰইডৰ মাত্ৰা বৃদ্ধিৰ কাৰণে বিভিন্ন ধৰণৰ হৃদৰোগৰ সমস্যা, গলব্লাডাৰৰ ষ্টোন, ডায়বেটিছ, আৰ্থাৰাইটিছ, অষ্টিঅ’পৰোছিছ,
  • খাদ্যনলীৰ কেঞ্চাৰ, বৃহদন্তৰ কেঞ্চাৰ,
  • মলাশয়ৰ কেঞ্চাৰ, লিভাৰৰ কেঞ্চাৰ, পিত্তথলীৰ কেঞ্চাৰ, ব্ৰেষ্ট কেঞ্চাৰ, জৰায়ু কেঞ্চাৰ|

ওবেচিটিৰ লগত হাৰ্টৰ সমস্যা

শেহতীয়া গৱেষণাত প্ৰকাশ পাইছে যে অতিৰিক্ত ওজনৰ সমস্যা যিসকলৰ আছে তেনে লোকৰ কোনো নহয় কোনো হাৰ্টৰ সমস্যা আছে| ইয়াৰ কাৰণ হ’ল শৰীৰত জমা হৈ থকা অতিৰিক্ত চৰ্বি পুষ্টিৰ কাৰণে প্ৰতি মুৰ্হুততে তেজৰ চলাচলৰ প্ৰয়োজন হয়| এনেদৰে অতিৰিক্ত ভাৱে তেজৰ চলাচল কৰিবলৈ হাৰ্টৰ মাংসপেশীবোৰক প্ৰয়োজনতকৈ বেছি পৰিশ্ৰম কৰিবলগীয়া হয়| সেইকাৰণেই প্ৰথম অৱস্থাত লেফ্‌ট ভেণ্টিকুলাৰ হাইপাৰট্ৰফি আৰু ইয়াৰ পৰাই পৰৱৰ্তী সময়ত লেফ্‌ট ভেণ্টকুলাৰ ফেলিঅ’ৰ বা এল ভি এফ হ’ব পাৰে| ইয়াৰ উপৰি অতিৰিক্ত তেজৰ সৰবৰাহৰ বাবে প্ৰতি হৃদস্পন্দনৰ বাবে বাওঁ নিলয়ৰ পৰা অতিৰিক্ত মাত্ৰাত তেজ নি:সৰণৰ বাবেও এম ভি এফ হ’ব পাৰে| মেদবহুল মানুহৰ বেছি পৰিমাণে কলেষ্টেৰ’ল আৰু ট্ৰাইগ্লিচাৰইড থকা বাবেও তেজৰ চাপ উচ্চ হয় যাৰ বাবে কৰোনাৰী আৰ্টাৰীৰ অসুখ বা চি এ ডি হোৱাৰ সম্ভাৱনা বঢ়াই তোলে|

চৰ্বি-মেদ বৃদ্ধি নিৰাময়ৰ উপায়

প্ৰথমে জাংকফুড, ফাষ্টফুড, শীতল পানীয়ৰ ব্যৱহাৰৰ পৰা নিজকে আতৰাই ৰাখিব লাগিব| দ্বিতীয়তে, সুষম আহাৰ অৰ্থাৎ শৰীৰৰ নিৰ্দ্দিষ্ট বয়স অনুসাৰে যিমান খিনিৰ প্ৰয়োজন সেই আহাৰ গ্ৰহণ কৰাৰ অভ্যাস কৰক| এই খাদ্যত নিৰ্দ্দিষ্ট পৰিমাণৰ ভিটামিন-মিনাৰেল-চৰ্বি-ফাইবাৰ-ষ্টেটছৰ এণ্টি-অক্সিডেণ্ট থকা দৰকাৰ| তৃতীয়তে, বয়স অনুযায়ী উপযুক্ত শৰীৰ চৰ্চা-যোগ ব্যায়াম, খোজ কঢ়া অন্তৰ্ভক্ত কৰিব লাগিব| প্ৰয়োজন অনুসৰি চিকিৎসকৰ পৰামৰ্শ লৈ এমফেটামাইন, ফেনফ্লুৰামাইন-ডাইড ভেটিন চিবুট্ৰামিন জাতীয় ঔষধ খাব পাৰে| কোনো কাৰণতে এনে ঔষধ চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ ব্যৱহাৰ কৰিব নালাগে| শেহতীয়া ভাৱে অতি উন্নত বেৰিয়াট্ৰিক ছাৰ্জাৰী বা লাইপোছাকচেমানো কৰিব পাৰে| এনে ছাৰ্জাৰী বেৰিয়াট্ৰিক ছাৰ্জনৰ সহায়তহে কৰা উচিত|

ড° সনাতন ডেকা

শেহতীয়া উন্নীতকৰণ: : 4/23/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate