অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

হৃদৰোগ নহ’বলৈ কি কৰিব

সমগ্ৰ বিশ্বতে হৃদৰোগীৰ সংখ্যা অতি দ্ৰুতগতিত বৃদ্ধি হ’বলৈ ধৰিছে। অলস জীৱনশৈলী, খাদ্যাভ্যাস, শাৰীৰিক শ্ৰমহীনতা, মেদবহুলতা, অধিক ধঁপাত সেৱন, অত্যধিক সুৰাপান আৰু সমাজ ব্যৱস্থাৰ পৰিৱৰ্তন আদি হৃদৰোগ অধিক হোৱাৰ প্ৰধান কাৰণ। বৰ্তমান সময়ত কম বয়সৰ ব্যক্তিৰ মাজতো হৃদৰোগ হোৱা দেখা যায়। আমি দৈনন্দিন জীৱনত কিছু কথা মানি চলি এক স্বাস্থ্যসন্মত জীৱনশৈলী গ্ৰহণ কৰি বহুখিনি হৃদৰোগ প্ৰতিৰোধ কৰিব পাৰো।

ধূমপান নকৰিব

ধূমপান সেৱন কৰা ধঁপাতত থকা ৰাসায়নিক পদাৰ্থবোৰে আমাৰ হৃদযন্ত্ৰ আৰু ৰক্ত পৰিবাহী নলীবোৰৰ ক্ষতি কৰি হৃদৰোগ সৃষ্টি কৰে। ই ৰক্ত পৰিবাহী নলীবোৰত এথেৰোস্কেলাৰোছিছ সৃষ্টি কৰি ৰক্ত পৰিবাহী নলীৰ পথ ঠেক কৰি হৃদপিণ্ডৰ স্পন্দনৰ গতি খৰ আৰু ৰক্তচাপ বৃদ্ধি কৰি হৃদযন্ত্ৰক কাম কৰাত বাধা প্ৰদান কৰে। শেষত গৈ হাৰ্ট এটেক হোৱা দেখা যায়। ধঁপাতৰ ধোঁৱাত থকা কাৰ্বন মন’অক্সাইডে তেজত থকা অক্সিজেনৰ কিছু অংশ ধ্বংস কৰে। ফলত হৃদযন্ত্ৰই অধিক অক্সিজেন যোগান ধৰিবলৈ অতিৰিক্তভাৱে কাম কৰিব লগা হোৱাত ৰক্তচাপ বৃদ্ধি পায়। হৃদৰোগ প্ৰতিৰোধৰ বাবে কোনো পৰিমাণৰ ধূমপান বা ধঁপাতেই নিৰাপদজনক নহয়। অপ্ৰত্যক্ষ ধূমপান, ধোঁৱাবিহীন ধূমপান, নিম্নমাত্ৰাৰ টাৰ আৰু নিক’টিন থকা সকলোবিধ ধঁপাতেই বিপজ্জনক। ধূমপান আৰু গৰ্ভনিৰোধক টেবলেট দুবোবিধ গ্ৰহণ কৰা মহিলাৰ হৃদৰোগ হোৱাৰ আশংকা এই দুয়োবিধ গ্ৰহণ নকৰা মহিলাতকৈ অধিক। এই আশংকা ৩৫ বছৰতকৈ অধিক বয়সৰ মহিলাৰ ক্ষেত্ৰত বৃদ্ধি পায়। যেতিয়া আমি ধূমপান কৰাৰ পৰা একেবাৰে বিৰত হওঁ, আমাৰ হৃদৰোগবোৰো এটা বছৰৰ ভিতৰতেই নাটকীয়ভাৱে কমি আহে। আমি আগতে কিমান পৰিমাণৰ বা কিমান দিন ধূমপান কৰিছিলো সেইটোৰ লগত কথা নাই। যেতিয়াই আমি ধূমপান এৰো তেতিয়াই হৃদৰোগৰ পৰা আমি আৰোগ্যৰ ফালে গতি কৰো।

সুস্থ জীৱনশৈলী কটাওক

মানসিক চাপ ত্যাগ কৰিব। ই উচ্চ ৰক্তচাপ সৃষ্টি কৰাৰ আশংকা থাকে। নিয়মিত ধ্যান কৰিব আৰু বন্ধুৰ সৈতে আদ্দা দিব। প্ৰাণ ভৰি হাঁহিব। টোপনি ভালদৰে মাৰিব। সঘনাই টোপনি ক্ষতি হ’লে মানসিক চাপ বাঢ়ি উচ্চ ৰক্তচাপ সৃষ্টি কৰাৰ আশংকা থাকে। হৃদযন্ত্ৰ ভালে ৰাখিবলৈ মাদক দ্ৰব্য সেৱনো নিয়ন্ত্ৰণ কৰিব লাগে। অত্যধিক সুৰাপান নকৰিব। সুৰাই অগ্ন্যাশয়ৰ অন্যায় কৰি ইনচুলিনৰ ওপৰত প্ৰভাৱ পেলাই ডায়েবেটিছ হোৱাত সহায় কৰে। ডায়েবেটিছ হ’লে হৃদৰোগ হোৱাৰ আশংকা অধিক হয়। অতি কম পৰিমাণত, প্ৰতিদিনে পুৰুষৰ ক্ষেত্ৰত মাত্ৰ দুপেগ আৰু মহিলাৰ ক্ষেত্ৰত এপেগতকৈ অধিক মাদক দ্ৰব্য গ্ৰহণ কৰা অনুচিত। এনে কম পৰিমাণৰ মাদক দ্ৰব্য সেৱনে হৃদযন্ত্ৰত সুৰক্ষাজনিত প্ৰভাৱ পেলায়। ইয়াতকৈ অধিক পৰিমাণৰ গ্ৰহণে স্বাস্থ্যৰ ক্ষতি কৰে।

নিয়মিতভাৱে ব্যায়াম কৰক

আমি প্ৰতিদিনে নিয়মীয়াকৈ ব্যায়াম কৰি কিছুমান মাৰাত্মক হৃদৰোগৰ আশংকা কমাই ৰাখিব পাৰো। ব্যায়ামৰ ভূমিকা হৃদৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত অপৰিহাৰ্য। সপ্তাহত মুঠ ১৫০ মিনিট, প্ৰতিদিনে অন্ততঃ ৩০ মিনিটকৈ সপ্তাহত পাঁচ দিন নিয়মীয়াকৈ ব্যায়াম (খোজকঢ়া, লাহে লাহে দৌৰা, সাঁতোৰা, চাইকেল চলোৱা ইত্যাদি) কৰি হৃদৰোগৰ আশংকা কমাই ৰাখিব পাৰি। আনকি কম সময়ৰ ব্যায়ামো হৃদযন্ত্ৰৰ বাবে লাভদায়ক হয়। পৰিশ্ৰমী জীৱন এটা কটালে হৃদৰোগ হোৱাৰ আশংকা ৬০ শতাংশ কমি আহে। শাৰীৰিক কাম-কাজে বা ব্যায়াম আদিয়ে শৰীৰৰ ওজন নিয়ন্ত্ৰণ ৰখাত সহায় কৰে। ফলত আন কোনো এনে অৱস্থাৰ (যেনে- উচ্চ ৰক্তচাপ, উচ্চ কলেষ্টেৰেলৰ মাত্ৰা আৰু মধুমেহ) সৃষ্টি নহয়, যাৰ ফলত হৃদযন্ত্ৰত অধিক হেঁচা পৰিব পাৰে। শাৰীৰিক ব্যায়ামৰ লগতে আন শ্ৰমহীন জীৱনশৈলীৰ পৰিৱৰ্তন (যেনে- গাড়ী ধোৱা, পুৱা-গধূলি খোজ কঢ়া, বাগিচাত কাম কৰা, ঘৰ চাফা কৰা, কুকুৰ ফুৰাবলৈ নিয়া, বেডমিণ্টন খেলা, লিফ্ট ব্যৱহাৰ নকৰা, খোজ কাঢ়ি বজাৰ-সমাজৰ কৰা আদি) কৰিও স্বাস্থ্যসন্মত ওজন অটুট ৰাখিব পাৰিলে উত্কৃষ্ট ফল পাব পৰা যায়। হৃদৰোগৰ কাৰক হ’ব পৰা মানসিক আৰু শাৰীৰিক হেঁচাও ব্যায়ামে কমাই ৰাখে।

খাদ্যাভ্যাস পৰিৱৰ্তন কৰি হৃদৰোগৰ বাবে স্বাস্থ্যকৰ আহাৰ খাওক

হৃদৰোগ প্ৰতিৰোধৰ মূল কথা হ’ল শৰীৰৰ মেদবহুলতা কমাই স্বাস্থ্যকৰ ওজন সঠিককৈ ৰাখি খাদ্যাভ্যাসৰ পৰিৱৰ্তন কৰা। স্বাস্থ্যকৰ ওজন সঠিককৈ ৰাখিবলৈ ব্যক্তি এজনে প্ৰতিদিনে গ্ৰহণ কৰিব লগা কেলৰী নিৰ্ধাৰণৰ বাবে ব্যক্তিজনৰ ওজন আৰু শাৰীৰিক পৰিশ্ৰমৰ মাত্ৰা চাই ল’ব লাগে। ওজন হিচাপে মানুহক কম ওজনৰ (বিএমআই ১৮.৫ তকৈ কম), নিয়মীয়া ওজনৰ (বিএমআই ১৮-২৪.৯০), গধুৰ মেদবহুল ব্যক্তি (বিএমআই যদি ২৫ তকৈ অধিক) আৰু একেবাৰে কম পৰিশ্ৰম কৰা লোক (যেনে- লেখক, চিকিত্সক, অফিচাৰ, শিক্ষক, নাপিত ইত্যাদি), মধ্যমীয়া পৰিশ্ৰম কৰা লোক (যেনে- মাছমৰীয়া, ড্ৰাইভাৰ, সোণাৰি আদি) আৰু গধুৰ পৰিশ্ৰম কৰা লোক (যেনে- খৰিকটীয়া, শিল ভঙা ব্যক্তি ইত্যাদি) হিচাপে ভাগ কৰা হয়। অধ্যয়ন মতে প্ৰতি কেজি শৰীৰৰ ওজন হিচাপত কম ওজনৰ ব্যক্তিয়ে (কম পৰিশ্ৰম কৰা ৩৫ কিলো কেলৰী, মধ্যমীয়া পৰিশ্ৰম কৰা ৪০ কিলো কেলৰী, গধুৰ পৰিশ্ৰম কৰা ৪৫ কিলো কেলৰী), নিয়মীয়া ওজনৰ ব্যক্তিয়ে (কম পৰিশ্ৰম কৰা ৩০ কিলো কেলৰী, মধ্যমীয়া পৰিশ্ৰম কৰা ৩৫ কিলো কেলৰী, গধুৰ পৰিশ্ৰম কৰা ৪০ কিলো কেলৰী) আৰু গধুৰ মেদবহুল ওজনৰ ব্যক্তিয়ে (কম পৰিশ্ৰম কৰা ২০ কিলো কেলৰী, মধ্যমীয়া পৰিশ্ৰম কৰা ৩০ কিলো কেলৰী, গধুৰ পৰিশ্ৰম কৰা ৩৫ কিলো কেলৰী) প্ৰতিদিনে গ্ৰহণ কৰা উচিত। শাৰীৰিক দৰকাৰী মুঠ কেলৰীৰ ৬৫-৭০ শতাংশ আঁহযুক্ত কাৰ্ব’হাইড্ৰেট (যেনে- ভাত, ৰুটি, ফলমূল)-ৰ পৰা, ১৫-২০ শতাংশ কম চৰ্বিযুক্ত প্ৰোটিন (যেনে- কুকুৰাৰ মাংস, মাছ, দাইল, মগু)-ৰ পৰা ১০ শতাংশ তেল, ঘিউ, মাখন আদি চৰ্বিযুক্ত খাদ্যৰ পৰা আহিব লাগে। উচ্চ ৰক্তচাপ কমাই ৰাখিবলৈ কম চৰ্বি থকা, কম কলেষ্টেৰল থকা আৰু কম নিমখ থকা আহাৰ গ্ৰহণ কৰিও আমি আমাৰ হৃদযন্ত্ৰক সুৰক্ষা প্ৰদান কৰিব পাৰো। চৰ্বিয়ে তেজত কলেষ্টেৰেলৰ পৰিমাণ বৃদ্ধি কৰি হৃদযন্ত্ৰৰ ধমণীৰ ৰোগ হোৱাৰ আশংকা বৃদ্ধি কৰে। তেজত অধিক পৰিমাণৰ কলেষ্টেৰল থাকিলে ই ৰক্তবাহী ধমনীৰ ভিতৰৰ বেৰত জমা হৈ ‘এথেৰোস্কেলৰোছিছ’ৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ ফলত ৰক্তবাহী নলীবোৰ ডাঠ, টান হয় আৰু স্থিতিস্থাপকতা কমি আহে।  ‘এথেৰোস্কেলৰোছিছ’ৰ বাবে ৰক্তবাহী নলীবোৰৰ তেজ চলাচল কৰা পথটো সৰু হৈ যায়। ফলত হাৰ্টলৈ তেজৰ প্ৰবাহ লাহে লাহে কমি আহে আৰু কেতিয়াবা একেৰাহে বন্ধ হৈ যায়। এনে হ’লে এনজিনা বা বুকুৰ বিষ অনুভূত হয়। এতিয়া কম তেজ প্ৰৱাহিত হোৱা বা একেবাৰেই বন্ধ হৈ গ’লে হাৰ্ট এটেক হয়। কম চৰ্বি থকা মাংসাহাৰৰ উত্স (যেনে- বিভিন্ন ধৰণৰ বীন আৰু সৰু মাছ) হৃদৰোগ হোৱাৰ আশংকা কমাই ৰাখে। চৰ্বি থকা খাদ্য খাব লগা হ’লেও আমি অসংপৃক্ত চৰ্বি থকা খাদ্য (যেনে- ফলমূল, পাচলি, সম্পূৰ্ণ শস্যবীজৰ খাদ্য আৰু কম চৰ্বিযুক্ত গাখীৰৰ পৰা প্ৰস্তুত কৰা খাদ্য-সামগ্ৰী) খাব লাগে। এইসমূহে হৃদযন্ত্ৰক সুৰক্ষা প্ৰদান কৰাত সহায় কৰে। অমেগা-৩ ফেটি এচিড এবিধ বহু অসংপৃক্ত চৰ্বি। ই হাৰ্ট এটেক হোৱাৰ আশংকা কমাই ৰাখিব পাৰে। কিছুমান খাদ্য (যেনে- চালমন আৰু মেকেৰীল আদি) এনে চৰ্বিৰ ভাল প্ৰাকৃতিক উত্স। এই চৰ্বি ফ্লেক্স বীজৰ তেল, আখৰোটৰ তেল, চয়াবিনৰ তেল কেন’লা তেলত কম পৰিমাণত পোৱা যায়। খাদ্যত সংপৃক্ত চৰ্বি (যেনে- ৰঙা মাংস, গাখীৰৰ পৰা তৈয়াৰী সামগ্ৰী, নাৰিকল আৰু প্লামৰ তেল আদি) আৰু ট্ৰাণ্স চৰ্বিৰ (যেনে- গাঢ়কৈ ভজা ফাষ্টফুড, বাটিত তৈয়াৰী খাদ্য, তৈয়াৰী নিমখীয়া লঘু আহাৰ, মাৰ্গাৰাইন, ক্ৰেকাৰ্ছ আদি) পৰিমাণ নিয়ন্ত্ৰণ কৰাটো অতি গুৰুত্বপূৰ্ণ। খাদ্য-সামগ্ৰীৰ পেকেটৰ ওপৰত থকা লেবেলত পাৰ্শ্বিয়েলী হাইড্ৰজেনেটেড বুলি লিখা থকা সামগ্ৰী গ্ৰহণৰ পৰা বিৰত থাকি ট্ৰাণ্স চৰ্বিৰ গ্ৰহণৰ পৰা আঁতৰি থাকিব পাৰি। দিনে ৫-১০ টাকৈ ফলমূল আৰু পাচলি আহাৰত গ্ৰহণ কৰিব লাগে। এনে পৰিমাণৰ ফলমূল আৰু পাচলি গ্ৰহণৰ ফলত কেৱল হৃদৰোগ প্ৰতিৰোধ কৰাই নহয়, বহু কৰ্কট ৰোগ প্ৰতিৰোধ সম্ভৱ হ’ব পাৰে।

ডাঃ ধৰ্মকান্ত কুম্ভকাৰ

শেহতীয়া উন্নীতকৰণ: : 10/6/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate