মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / মধুমেহ ৰোগ শৰীৰ চৰ্চা বা ব্যায়ামৰ প্ৰয়োজনীয়তা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মধুমেহ ৰোগ শৰীৰ চৰ্চা বা ব্যায়ামৰ প্ৰয়োজনীয়তা

মধুমেহ ৰোগ শৰীৰ চৰ্চা বা ব্যায়ামৰ প্ৰয়োজনীয়তাৰ বিষয়ে লিখা হৈছে ।

 

মধুমেহ ৰোগৰ সামগ্ৰিক চিকিৎসাৰ ক্ষেত্ৰত শৰীৰ চৰ্চা বা ব্যায়ামৰ প্ৰয়োজনীয়তা অনস্বীকাৰ্য । ব্যায়ামে তলত উল্লেখ কৰা ধৰণে মধুমেহ ৰোগ নিয়ন্ত্ৰণ কৰাত সহায় কৰে-

*শাৰীৰিক ব্যায়ামে ৰোগীৰ কেলৰি ব্যৱহাৰ কৰি শৰীৰৰ ওজন কম কৰাত সহায় কৰে । শকত মানুহ সহজে ক্ষীণাই যায় । ওজন কমি গ’লে তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰিত কৰিবলৈ সুবিধা হয় ।

*ৰোগীয়ে নিয়মিত আৰু  কিছু কষ্টসাধ্য ব্যায়াম বা আসন কৰিলে, শৰীৰৰ ভিতৰত ইনছুলিনে কাম কৰিব পৰা লক্ষ্যস্থানৰ সংখ্যা বাঢ়ি যায় । ফলত ইনছুলিনে ফলপ্ৰসূভাৱে কাম কৰিব পাৰে ।

*ব্যায়াম বা আসনে শৰীৰৰ দ্বাৰা গ্লুকোজ ব্যৱহাৰ কৰিব পৰা ক্ষমতা বঢ়ায়, সেয়েহে দৰবৰ প্ৰয়োজনীয়তা কমাই দিয়ে ।

*ব্যায়াম বা আসনে ৰক্ত সঞ্চালন আৰু শ্বাস-প্ৰশ্বাসৰ ক্ৰিয়াৰ উন্নতি সাধন কৰে । তদুপৰি ই শৰীৰত চৰ্বি আৰু কলেষ্টৰেল কমোৱাতো সহায় কৰে । ফলত মধুমেহ ৰোগীৰ হৃদপিণ্ড আৰু ৰক্তসঞ্চালন তন্ত্ৰৰ বিভিন্ন জটিলতা ৰোধ কৰাত সহায়ক হয় ।

*ব্যায়াম বা আসনে মানুহৰ শৰীৰ পাতল কৰে আৰু মনত এক অনাবিল আনন্দৰ জোৱাৰ আনে । ইয়াৰ ফলত মানুহৰ মনৰ পৰা উদ্বিগ্নতা, বিষণ্ণতা আৰু মানসিক চাপ আঁতৰি যায় । ইয়ে ৰোগ উপশম কৰাত সহায় কৰে ।

শৰীৰ চৰ্চা বা ব্যায়াম কৰাৰ আগতে মধুমেহ ৰোগীয়ে চিকিতসকৰ লগত তেওঁ কেনেধৰণৰ ব্যায়াম কৰা উচিত হ’ব, এই বিষয়ে আলোচনা কৰা উচিত । যিসকল ৰোগীৰ স্নায়ুতন্ত্ৰ আক্ৰান্ত হৈছে বা ভৰিত বিষ অনুভৱ হৈছে তেওঁলোকে বেছিকৈ খোজকঢ়া উচিত নহয় । কিন্তু যাৰ এনেধৰণৰ কোনো সমস্যা হোৱা নাই, খোজকঢ়াটো মধুমেহ ৰোগীৰ বাবে উত্তম ব্যায়াম । শকত মানুহে খোজকাঢ়ি ওজন কমাবলৈ চেষ্টা কৰা উচিত । যিসকল ৰোগীয়ে খোজকাঢ়িবলৈ টান পায়, তেওঁলোকে লিফট ব্যৱহাৰ নকৰি ছিৰিৰে উঠা-নমা কৰা, নিজৰ দৈনন্দিন কামবোৰ যেনে ঘৰ পৰিষ্কাৰ কৰা, কাপোৰ ধোৱা আদি সকলো নিজে কৰা আৰু কিছুমান সূক্ষ্ম ব্যায়াম নিয়মিতভাৱে কৰা উচিত ।

আন এবিধ অতি ফলপ্ৰসূ শৰীৰ চৰ্চা হ’ল যোগ আৰু প্ৰাণায়াম । ঘৰতে বহি মুকলি বতাহ লৈ কৰিব পৰা এইবিধ শৰীৰ চৰ্চাই এতিয়া সমগ্ৰ বিশ্বতে জনপ্ৰিয়তা লাভ কৰিছে । যোগ- প্ৰাণায়ামে স্নায়ুতন্ত্ৰ, ৰক্তসঞ্চালন তন্ত্ৰ আৰু শ্বাসতন্ত্ৰৰ কাৰ্যকলাপৰ প্ৰভূত উন্নতি সাধন কৰে । দ্বিতীয় প্ৰকাৰৰ মধুমেহ ৰোগ, যি সাধাৰণতে জীৱন শৈলী ধাৰণৰ ওপৰতে ঘাইকৈ নিৰ্ভৰ কৰে, যোগ- প্ৰাণায়ামৰ নিয়মিত চৰ্চাৰ দ্বাৰা ইয়াক নিয়ন্ত্ৰিত কৰিব পৰা হয় ।

প্ৰাণায়াম -

আমি যেতিয়া সজ্ঞানে, নিয়ন্ত্ৰিত হাৰত আৰু বিশেষ পদ্ধতিৰে উশাহ-নিশাহ লওঁ, সেয়েই প্ৰাণায়াম । প্ৰাণায়ামত শৰীৰে কৰি যোৱা কামখিনিক মনে অনুধাৱন কৰে । অৰ্থাৎ প্ৰাণায়াম কৰোঁতে অতি মনোযোগেৰে উশাহ-নিশাহ লোৱাটো অপৰিহাৰ্য । যদিও সকলো ধৰণৰ প্ৰাণায়ামে মধুমেহ ৰোগৰ নিৰাময়ত অৰিহণা যোগায়, তলত উল্লেখ কৰা প্ৰাণায়ামকেইটা এইক্ষেত্ৰত বিশেষভাৱে উপযোগী-

ভস্ত্ৰিকা প্ৰাণায়াম :-

এই প্ৰাণায়ামত ৰাজহাড় পোণ কৰি আসনত বহি লৈ হাত দুখন মুদ্ৰাত ৰাখি দীঘলকৈ উশাহ লোৱা আৰু দীঘলকৈ নিশাহ এৰা হয় । এই প্ৰক্ৰিয়াত হাওঁফাওঁৰ কোষবোৰ সক্ৰিয় আৰু অক্সিজেনেৰে পৰিপূৰ্ণ হয় । এই অক্সিজেন তেজলৈ যোৱাত তেজত অক্সিজেনৰ পৰিমাণ বৃদ্ধি হয় আৰু কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ কমি যায় । ইয়ে মন-মগজু আৰু স্নায়ুতন্ত্ৰ শান্ত আৰু শীতল কৰে । ফলত মানসিক ছাপ বৃদ্ধি কৰাৰ হৰমনৰ নি:সৰণ কমি যায় আৰু তেজত শৰ্কৰাৰ পৰিমাণো কমে । তদুপৰি ভস্ক্ৰিকা প্ৰাণায়ামত উশাহ-নিশাহ লোৱাৰ সময়ত পেটৰ মাংসপেশী আৰু ডায়েফ্ৰামেৰে পেটৰ অংগসমূহত হেঁচা দিয়াৰ বাবে অগ্ন্যাশয় গ্ৰন্থিও হয় আৰু ইনছুলিন হৰমনৰ নি:সৰণ উন্নত হয় ।

অনুলোম-বিলোম প্ৰাণায়াম :-

এই প্ৰাণায়ামত বাওঁ নাকেৰে উশাহ টানি লৈ সোঁ নাকেৰে এৰি দিয়া আৰু পাছত সোঁ নাকেৰে উশাহ লৈ বাওঁ নাকেৰে এৰা হয় । এনেদৰে দীঘলকৈ এটা নাকেৰে উশাহ লৈ আন এটা নাকেৰে এৰা প্ৰক্ৰিয়াই তেজত অক্সিজেনৰ পৰিমাণ বৃদ্ধি কৰে আৰু মগজুকে ধৰি বিভিন্ন কোষবোৰে সম্পূৰ্ণ পৰিপুষ্টি লাভ কৰে । ইয়াৰ ফলত মগজু আৰু স্নায়ু তন্ত্ৰ শান্ত আৰু শীতল আৰু মানসিক ছাপ যথেষ্ট পৰিমাণে কমি যায় আৰু তেজত শৰ্কৰাৰ পৰিমাণ কমোৱাত সহায় কৰে ।

ভ্ৰামৰি আৰু উদগীথ প্ৰাণায়াম :-

চকু, কাণ আৰু মুখ বন্ধ কৰি একান্ত চিত্তেৰে, নাকেৰে ওম ধ্বনি তিনি বা পাঁচবাৰ উচ্ছাৰণ কৰি ভ্ৰামৰি প্ৰাণায়াম কৰা হয় । তাৰ পাছত মুখ খুলি পুনৰ সম্পূৰ্ণ একাগ্ৰতাৰে তিনি বা পাঁচবাৰ ওম ধ্বনি উচ্ছাৰণ কৰি উদগীথ প্ৰাণায়ম কৰা হয় । দুয়োবিধ প্ৰাণায়ামে সৃষ্টি কৰা কঁপনিয়ে মগজুৰ কোষবোৰ সক্ৰিয় কৰে । তদুপৰি এই প্ৰাণায়ামে স্নায়ুতন্ত্ৰ শীতলীকৰণ কৰে বুলি ইতিমধ্যে চিকিৎসা বিজ্ঞানীসকলেও প্ৰমাণ কৰিছে । সেয়েহে এই প্ৰাণায়ামেও তেজত শৰ্কৰাৰ পৰিমাণ কমাই মধুমেহ ৰোগ নিৰাময়ত সহায় কৰে ।

ধ্যান বা প্ৰণব প্ৰাণায়াম :-

মন আৰু শৰীৰ সম্পূৰ্ণৰুপে শিথিল আৰু ভাবনামুক্ত কৰি একান্তমনে বহি থকাই প্ৰণব প্ৰাণায়াম বা ধ্যান । এই প্ৰাণায়ামে মগজু শীতল কৰাৰ উপৰি স্বনিয়ন্ত্ৰিত স্নায়ুতন্ত্ৰৰ (Auto-nomic Nerveous System) স্নায়ুবোৰক নিয়ন্ত্ৰণ কৰে । মধুমেহ ৰোগৰ ৰোগীয়ে যদি ধ্যান কৰাৰ সময়ত অগ্ন্যাশয় গ্ৰন্থিৰ ওপৰত মনোনিৱেশ কৰে তেতিয়াহ'লে তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰাত সহায়ক হয় ।

যোগাসন :-

বিভিন্ন ধৰণৰ যোগাসনে শৰীৰৰ মাংসপেশী আৰু ভিতৰৰ অংগবোৰ টানি-টুনি, পকাই ধৰি সক্ৰিয় কৰি তোলে । এনেকৈয়ে অংগ-প্ৰত্যংগবোৰৰ কৰ্মক্ষমতা বৃদ্ধি কৰা হয় । কিছুমান বিশেষ আসনৰ দ্বাৰা পেটৰ ওপৰভাগত ভিতৰলৈ পথালিকৈ থকা অগ্ন্যাশয় গ্ৰন্থিক টানি-টুনি বা পকাই ধৰি ইয়ালৈ তেজৰ চলাচল বৃদ্ধি কৰা হয় । ফলত ইয়াৰ কৰ্মক্ষমতা বৃদ্ধি হৈ ইনছুলিন হৰমনৰ নি:সৰণ বৃদ্ধি কৰে । এনেকৈয়ে মধুমেহ ৰোগ নিৰাময়ত সহায় কৰে । তলত কেইটামান উপকাৰী আসনৰ উল্লেখ কৰা হ’ল-

মণ্ডুকাসন :-

বজ্ৰাসনত বহি লৈ হাত দুখন মুঠি মাৰি, বুঢ়া আঙুলি থকা ফালটো নাভিৰ দুয়োকাষে পেটৰ বেৰত লগাই ল’ব । দীঘলকৈ উশাহ লৈ পাছত উশাহ এৰি দি লাহে লাহে আগলৈ হাউলি যাব । শেষত মূৰটো তুলি সন্মুখলৈ চাব আৰু এনেকৈয়ে দহ-বাৰ ছেকেণ্ডমান সময় ৰৈ থাকিব । পাছত উশাহ লৈ লাহে লাহে উঠিব । মণ্ডুকাসনৰ দ্বিতীয় পদ্ধতিত বাওঁহাতখনৰ তলুৱা পথালিকৈ পেটৰ বেৰত লগাই তাৰ ওপৰত সোঁহাতখন থৈ একেধৰণে কৰক । দুয়োটা পদ্ধতিতে পেটৰ ভিতৰত থকা অগ্ন্যাশয় গ্ৰন্থিত হেঁচা পৰে আৰু ই সক্ৰিয় হৈ উঠে ।

শশকাসন :-

বজ্ৰাসনত বহি, উশাহ লৈ হাত দুখন লগ লগাই মূৰৰ ওপৰলৈ তুলি যিমান পাৰি পিছলৈ নিব । পাছত উশাহ এৰি লাহে লাহে আগলৈ হাউলি কপালখন মাটিত লগাই হাত দুখন আগলৈ থেলি দিব । আঠ-দহ ছেকেণ্ড সময় ৰৈ থাকি পুনৰ উশাহ লৈ ওপৰলৈ উঠিব । এনেকৈ তিনি-চাৰিবাৰ কৰিব ।

বক্ৰাসন :-

ৰাজহাড় পোন কৰি দণ্ডাসৱত বহি লৈ সোঁভৰিখন কোঁচাই আনি আঁঠুটো ওপৰলৈ কৰক । এইবাৰ উশাহ লৈ বাওঁহাতখন মূৰৰ ওপৰলৈ উঠাওক, উশাহ এৰি দি বাওঁহাতৰ বাহুটো সোঁ-আঠুৰ সোঁফালে লগাই হাতেৰে বাওঁ ভৰিখনত ধৰক । সোঁহাতখন পিছলৈ নি হাতৰ তলুৱাৰে মাটিত ধৰি মূৰটো সোঁফাললৈ ঘূৰাই যিমান পাৰে পিছলৈ চাওক । এই ধৰণে দহ-বাৰ ছেকেণ্ড সময় ৰৈ থাকক । পাছত একে ধৰণে বাওঁ আঁঠুটো তুলি সোঁহাতেৰে সোঁভৰিত ধৰি বাওঁফালে মুখ ঘূৰাই পিছলৈ চাব । এনেকৈ দুই- তিনি বাৰ কৰিব ।

অৰ্ধমৎস্যেন্দ্ৰাসন:-

দণ্ডাসনত বহি লৈ বাওঁআঠু ভাঁজ কৰি গোৰোহা তপিনাৰ সোঁফাললৈ নিয়ক । সোঁ-আঁঠু ভাঁজ কৰি সোঁভৰি বাওঁ আঁঠুৰ সোঁফালে লগাই হাতেৰে বাওঁ আঁঠুৰ বাহিৰেদি সোঁভৰি স্পৰ্শ কৰক । সোঁহাতখন পিঠিৰ পিছফালে ভাঁজ কৰি লগাই থওক আৰু যিমান পাৰে মুখ ঘূৰাই সোঁফালে চাওক । এনেকৈ আঠ-দহ ছেকেণ্ড সময় ৰৈ থাকক ।

গোমুখাসন :-

দণ্ডাসনত বহি লৈ বাওঁ আঁঠু ভাঁজ কৰি গোৰোহা সোঁ আঁঠুৰ তলেদি সোঁ তপিনাৰ ওচৰলৈ নিয়ক অথবা বাওঁ গোৰোহাৰ ওপৰত বহি ল’ব পাৰে । এইবোৰ সোঁ আঁঠু ভাঁজ কৰি সোঁ ভৰি বাওঁ আঁঠুৰ ওপৰেদি বাওঁ তপিনাৰ ওচৰলৈ নিয়ক, যাতে সোঁ আঁঠু বাওঁ আঁঠুৰ ঠিক ওপৰতে থাকে । এইবাৰ সোঁহাতখন সোঁ কান্ধৰ ওপৰেদি কিলাকুটিত ভাঁজ কৰি পিঠিৰে তললৈ নিয়ক আৰু বাওঁহাতখন কিলাকুটিত ভাঁজ কৰি পিঠিৰ ফালে তলৰ পৰা ওপৰলৈ নি সোঁহাতৰ আঙুলিত স্পৰ্শ কৰক অথবা ধৰি লওক । সন্মুখলৈ পোণে পোণে চাই থাকিব । এনেকৈ আঠ-বাৰ ছেকেণ্ড থাকক । পাছত বিপৰীত ফালে একেধৰণে কৰক ।

পশ্চিমোত্তনাসন:-

দণ্ডাসনত বহি লৈ দীঘলকৈ উশাহ লৈ হাত দুখন মূৰৰ ওপৰলৈ উঠাওক । উশাহ লাহে লাহে এৰি দি আগলৈ হাউলি গৈ থুঁতৰিটো আঁঠুত লগাবলৈ চেষ্টা কৰক আৰু হাত দুখনেৰে ভৰিৰ আঙুলিত এনেকৈ আঠ-দহ ছেকেণ্ড সময় ৰৈ থাকক । এনেকৈ চাৰি-পাঁচ বাৰ কৰক ।

সৰ্বাংগাসন :-

ওপৰলৈ মুখ কৰি শুই লওক । উশাহ লৈ দুয়োখন ভৰি একেলগে নব্বৈ ডিগ্ৰী কোণ কৰি ওপৰলৈ উঠাওক । পাছত লাহে লাহে কঁকাল, পেট আৰু বুকুখনো যিমান পাৰে ওপৰলৈ উঠাওক, যাতে মূৰ আৰু ডিঙিৰ লগত বুকু, পেট আৰু ভৰি দুখনে সমকোণ তৈয়াৰ কৰে । এনে কৰোঁতে দুয়োখন হাতেৰে কঁকাল আৰু পিঠিত ভেজা দিব ।

পূৰ্ণহলাসন :-

সৰ্বাংগাসন কৰা প’জৰ পৰা ভৰি দুখন লাহে লাহে মূৰৰ ফালে হাওলাই নি মূৰৰ আগফালে মাটিত লগাওক । এনেদৰে দহ-বাৰ ছেকেণ্ড সময় থাকিব ।

ওপৰত উল্লেখ কৰা প্ৰতিটো আসনতে পেটৰ ওপৰত যথেষ্ট হেঁচা পৰে আৰু অগ্ন্যাশয় গ্ৰন্থিতো যথেষ্ট টান পৰে বা পাক খায় । ফলত অগ্ন্যাশয় গ্ৰন্থি সক্ৰিয় হয় আৰু ইনছুলিন হৰমনৰ নি:সৰণ নিয়মীয়া হয় ।

শংখ প্ৰক্ষালন :-

বহুতে আকৌ মধুমেহ ৰোগৰ নিৰাময়ৰ বাবে আমাৰ পাচন তন্ত্ৰৰ (Digestive System) অংগসমূহ সম্পূৰ্ণৰুপে ধুই- পখালি লোৱাটো ভাল বুলি ক’ব খোজে । যোগবিদ্যাৰ এক কঠিন প্ৰক্ৰিয়া শংখ প্ৰক্ষালন কৰি এই কাম কৰিব পাৰি । মধুমেহ ৰোগীয়ে ছমাহত এবাৰ সম্পূৰ্ণ শংক প্ৰক্ষালণ কৰি আৰু দুই-তিনি মাহৰ মূৰত সংক্ষেপে এই প্ৰক্ৰিয়া কৰিবলৈ হ’লে চিকিৎসকৰ পৰামৰ্শ লোৱাৰ উপৰি অভিজ্ঞ যোগ প্ৰশিক্ষকৰ তত্ত্বাৱধানতহে কৰা উচিত ।

শংখ প্ৰক্ষালণ প্ৰক্ৰিয়াত ৰোগীয়ে দুগিলাচ নিমখীয়া পানীত নেমুৰ ৰস ঢালি একেবাৰতে খাই ছয়বিধ বিশেষ আসন কৰিব লাগে । এনে কৰিলে ক্ষুদ্ৰান্ত আৰু বৃহদান্ত্ৰৰ চলন প্ৰক্ৰিয়া দ্ৰুত হয় আৰু ৰোগীয়ে দুঘণ্টাৰ ভিতৰতে সাত-আঠবাৰমান পনীয়া শৌচ কৰে । এই প্ৰক্ৰিয়া, যেতিয়ালৈকে শৌচত একেবাৰে পৰিষ্কাৰ পানী ওলাই নাহে, তেতিয়ালৈ কৰি থাকিব লাগে ।

মধুমেহ ৰোগীয়ে ওপৰত উল্লেখ কৰা যোগ প্ৰাণায়ামসমূহত নিয়মিতভাৱে আৰু দিনটোত কমেও দুবাৰকৈ কৰা আৱশ্যক । পিছে এইবোৰ কৰা আৰম্ভ কৰিয়েই কোনোৱে যাতে ইতিমধ্যে খাই থকা দৰববোৰ বন্ধ নকৰে তাৰ প্ৰতি সজাগ হ’ব লাগে । কাৰণ যোগ প্ৰাণায়ামৰ সুফল পাবলৈ কিছু সময়ৰ প্ৰয়োজন । তদুপৰি প্ৰত্যেকজন লোকৰে দৰব বা যোগ প্ৰাণায়ামৰ প্ৰতি সঁহাৰি একে নহয় । সেয়েহে  এইবোৰ কৰি থাকোঁতে বাৰে বাৰে তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰিত হৈছে নে নাই চাইহে আৰু চিকিৎসকৰ পৰামৰ্শ লৈহে দৰব বন্ধ কৰা-নকৰাৰ সিদ্ধান্ত লোৱা উচিত ।

মধুমেহ ৰোগীৰ স্বাস্থ্য বিষয়ক শিক্ষা -

মধুমেহ ৰোগীয়ে ৰোগৰ বিষয়ে কিছুমান কথা ভালদৰে জনা উচিত । যেনে-

*তেওঁ কোন প্ৰকাৰৰ মধুমেহ ৰোগত ভুগিছে, ইয়াৰ চিকিৎসাৰ ধৰণ কেনে হ’ব , ইয়াৰ কিবা বিকল্প চিকিৎসা পদ্ধতি আছে নেকি আৰু এই ৰোগৰ পৰা অন্য কোনো ধৰণৰ জটিলতাৰ সৃষ্টি হ’ব পাৰে নেকি? জটিলতা নোহোৱাকৈ ৰাখিবলৈ কিবা উপায় আছেনে ?

*অবিবাহিত ৰোগীয়ে বিয়া কৰিব পাৰিবনে, বিবাহিতা মহিলা ৰোগীয়ে গৰ্ভধাৰন কৰিব পাৰিবনে?

*ৰোগৰ চিকিৎসা কিমান দীঘলীয়া হ’ব আৰু ইয়াৰ খৰচ কেনেকুৱা হ’ব ?

*ৰোগীয়ে কেনেধৰণে ইনছুলিন বেজী ল’ব, বেজী লোৱাৰ নিয়ম কি?

*ঘৰতে কেনেকৈ তেজত শৰ্কৰাৰ পৰিমাণ জুখিব পাৰি ?

*কেনে খাদ্য খাব পাৰি ? কি খাব নোৱাৰি/

*চিকিৎসা লৈ থাকোঁতে অন্য ৰোগ হ’লে কি কৰিব লাগিব ?

এবে ধৰণৰ বহুতো প্ৰশ্নৰ উত্তৰ ৰোগীক চিকিৎসকে দিয়া উচিত ।

লেখক :- ডা: ভূপেন্দ্ৰ প্ৰসাদ শৰ্মা

উৎস :- দৈনিক জনমভূমি

 

 

1.33333333333
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top