অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মধুমেহ ৰোগঃ

মধুমেহ ৰোগঃ

 

মধুমেহ বা বহুমূত্ৰৰ ক্ষেত্ৰত সাধাৰণ মানুহৰ সাধাৰণতে থকা ধাৰণা এটাৰ দৰে কেৱল চেনি আৰু মিঠাই নোখোৱাটোতেই আৱদ্ধ নহয় অথবা টেবলেট খাই থাকিলেই আৰু কৰিবলগীয়া বা চাবলগীয়া যেন নাই, সেইটোও নহয়। সেইদৰে এদিনৰ তেজৰ গ্লুক’জ নিয়ন্ত্ৰণৰ সাফল্যই ৰোগীক আনন্দ দিয়া দেখা যায়, যদিও তিনি মাহৰ তেজৰ ছুগাৰৰ নিয়ন্ত্ৰণৰ মাপকাঠী (গ্লাইকেটেড হিমগ্লবিন) সম্পৰ্কে ৰোগীক সজাগ হোৱা দেখা নাযায়। সেইটো সঠিক ৰখাটোৱেহে বহুমূত্ৰৰ পৰা হ’ব পৰা জটিলতা প্ৰতিৰোধত সফলতা আনিব পাৰে। এদিনৰ নিয়ন্ত্ৰণৰ সাফল্যৰ ওপৰত গুৰুত্ব দি ঔষধ, খাদ্য আৰু ব্যায়ামৰ ক্ষেত্ৰত শিথিলতা অনা দেখা যায়, ফলত বহুমূত্ৰ নিয়ন্ত্ৰণচ্যুত হৈ গ্লাইকেটেড হিম’গ্লবিন (HbA1C) বাঢ়ি যায়। আনহাতে তেজৰ গ্লুক’জৰ উঠা-নমা থাকিলেও HbA1C-এ গড় হিচাপে তেজৰ গ্লুক’জহে সূচায়। বহুমূত্ৰত জটিলতা নাহিবৰ বাবে তেজত আহাৰ খোৱাৰ পিছত গ্লুক’জৰ বিচ্যুতিবিহীন কম হ’ব লাগে। সেইটো চাবৰ বাবে দিনত কেইবাবাৰো তেজৰ গ্লুক’জ চাব লগা হয়। কিন্তু এইটো কষ্টদায়ক আৰু সময় খৰচী। অৱশ্যে চি জি এম আৰু শেহতীয়াকৈ ১.৫ এ জি নিৰ্ণয় কৰি তেজৰ গ্লুক’জ উঠা-মনা বুজিব পৰা যায়। গতিকে এবাৰ গ্লুক’জ নিয়ন্ত্ৰণ হোৱাৰ পিছতো নিৰ্দিষ্ট অন্তৰালৰ মূৰে মূৰে পৰীক্ষাসমূহ চলাই থাকি তাৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰি নিৰন্তৰ চিকিৎসা ব্যৱস্থাৰ পৰ্যালোচনা কৰাটো দৰকাৰ।

সকলো ৰোগৰ ভিতৰত মধুমেহেই এবিধ ৰোগ, যিটো ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত ৰোগীয়ে বেমাৰটো বুজা আৰু চিকিৎসা মানি লোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ। তাৰ বিপৰীতে তথাকথিত শুভাকাংক্ষীৰ কথাই ৰোগীক বিপথে পৰিচালিত কৰি জটিলতাত উপনীত কৰাব পাৰে। বহুমূত্ৰ ৰোগীক শিক্ষা দিয়াৰ দায়িত্বভাৰ বহুলভাৱে চিকিৎসকৰ হাততেই ন্যস্ত আৰু ইয়াক এক প্ৰত্যাহ্বান হিচাপেই ল’ব লগা হয়।

বহুমূত্ৰ ৰোগত জীৱনশৈলী অলপ বেলেগ হয়। দৈনিক নিজে কি কি খাব লাগে আৰু কিমান অন্তৰালত, কি কি পৰীক্ষা কৰাব লাগে জানি লৈ, সেইবোৰ কাৰ্যত ব্যৱহাৰিকভাৱে প্ৰয়োগ কৰিব লাগে। কাৰণ বহুমূত্ৰৰ পুৰাতন জটিলতাই টেঙৰ চোৰৰ দৰে গম-গতি নিদিয়াকৈ আহি সৰ্বস্ব লুটি নিব পাৰে। আনহাতে, তাৎক্ষণিক জটিলতাই পগলা কুকুৰৰ দৰে কামোৰ দিবহি পাৰে। তেতিয়া কিন্তু জৰুৰী চিকিৎসা আৰু ব্যয়বহুল পৰীক্ষা-নিৰীক্ষাৰ প্ৰয়োজন আহি পৰে আৰু নিৰাময়ৰ আশাও সুদূৰ পৰাহত পৰে। গতিকে নিয়মিত পৰীক্ষা-নিৰীক্ষাৰ প্ৰয়োজনীয়তা অপৰিসীম। সেই বিষয়েও ইয়াত আলোচনা কৰা হৈছে।

মধুমেহ বেমাৰবিধক বুজি পোৱাটো, বেমাৰবিধৰ লগত সহাৱস্থানৰ বাবে জৰুৰী আৰু আৱশ্যকীয় বিষয় আৰু এই ৰোগৰ প্ৰতিৰোধৰ বাবেও সমানেই গুৰুত্বপূৰ্ণ। আজিকালি সদুপদেশৰ অভাৱ নাই, ভাল কিতাপ-পত্ৰৰো অভাৱ নাই, কিন্তু উপদেশ অথবা কিতাপ-পত্ৰৰ বিধি-নিষেধ পালন কৰা লোকৰহে অভাৱ।

(উৎসঃ আমাৰ অসম, ডাঃ নগেন্দ্ৰ নাথ ডেকা)।

শেহতীয়া উন্নীতকৰণ: : 1/24/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate