মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / মহিলাৰ বগাস্ৰাৱ ৰোগৰ হোমিও বিধান
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মহিলাৰ বগাস্ৰাৱ ৰোগৰ হোমিও বিধান

মহিলাৰ বগাস্ৰাৱ ৰোগৰ হোমিও বিধানৰ বিষয়ে লিখা হৈছে

 

স্বাভাৱিক ক্ৰিয়াবশত:এগৰাকী স্বাস্থ্যৱতী নাৰীৰ যোনি,জৰায়ু,ৰতিগ্ৰন্থি,ভগানকৰৰ পৰা বগা বৰণৰ একপ্ৰকাৰ স্ৰাৱ নিৰ্গত হয়।যৌৱনত ভৰি দিয়াৰ সময়ত হৰমোনৰ প্ৰভাৱত এগৰাকী যুৱতীৰ যোনিৰ পৰা বগাস্ৰাৱ ওলায়।ক্ষুদ্ৰ ক্ষুদ্ৰ কৃমি যোনি নলীত প্ৰৱেশ কৰিলেও সাধাৰণতে বগা বৰণৰ স্ৰাৱ ওলায়।যৌন উত্তেজনাৰ সময়ত যৌনাংগ পিচল কৰিবৰ বাবে ৰতি গ্ৰন্থিৰ পৰা ৰতিস্ৰাৱ ওলায়।ডিম্ব উৰ্বৰীকৰণৰ সময়তো যৌনাংগৰ পৰা বগাস্ৰাৱ ওলায়।ডিম্ব উৰ্বৰীকৰণৰ সময়তো যৌনাংগৰ পৰা বগাস্ৰাৱ ওলায়।সন্তান জন্মৰ পিছৰ যোনিক্ষতৰ কাৰণেও স্ৰাৱ ওলায়।প্ৰায়বিলাক নাৰীৰ ঋতুৰ কেইদিনমানৰ আগত বা পিছত বগা বৰণৰ স্ৰাৱ নিৰ্গত হয়।

ৰোগৰ কাৰণ

 

কোনো কোনো যুৱতীৰ ঋতুমতী হোৱাৰ পিছত যৌন আসক্তি অতিমাত্ৰা বৃদ্ধি পায়।তেওঁলোকে অসৎ উপায়েৰে যৌন বাসনা উপশম ঘটায়।এই প্ৰক্ৰিয়া অভ্যাসত পৰিণত হ’লে শেষত বগাস্ৰাৱ ৰোগ উৎপত্তি হয়।

অনিয়মিত ঋতুস্ৰাৱ ,গৰ্ভপাত  ,জৰায়ু স্থানচ্যুত ,জৰায়ুগ্ৰীবা ক্ষয়প্ৰাপ্ত,যৌনাংগক্ষত ,যৌনাংগত বিজাতীয় পদাৰ্থৰ প্ৰৱেশ ,পুষ্টিহীনতা,ৰক্তহীনতা,মানসিক চিন্তা বা বৈবাহিক জীৱনত অমিল,ইত্যাদি নানা কাৰণত মহিলাৰ বগাস্ৰাৱ ৰোগ হয়।

ৰোগৰ লক্ষণ

 

বগাস্ৰাৱৰ ফলত ৰোগীৰ ৰক্ত চলাচল ক্ৰিয়া দুৰ্বল হয়।ক্ৰমান্বয়ে শ্বাস-প্ৰশ্বাসত কষ্ট পায়।হৃদপিণ্ড ধপধপায়।হাত-ভৰি জিনজিনায়।বমি বমিৰ ভাব থাকে।পায়খানা কঠিন হয়,ভোক নালাগে।ৰোগীৰ শৰীৰ দুৰ্বল হৈ পৰে।চকুৰ তলত ক’লা দাগ পৰে।চেহেৰা মনিল দেখায়।অনবৰতে ঠাণ্ডা অনুভৱ কৰে।ঘামযুক্ত স্ৰাৱে যোনিৰ মুখত খজুৱতিৰ সৃষ্টি কৰে।যোনি বিষায়,পোৰণি উঠে।

স্ৰাৱৰ প্ৰকাৰ

 

বগাস্ৰাৱ কেইবাপ্ৰকাৰৰ হোৱা দেখা যায়,যেনে-গাখীৰৰ দৰে বগা ডাঠ স্ৰাৱ,হালধীয়া ধৰণৰ স্ৰাৱ,ভাতৰ মাৰৰ দৰে স্ৰাৱ,ঘোলা পানীৰ দৰে স্ৰাৱ,ৰক্ত মিহলি স্ৰাৱ,পুঁজৰ দৰে,সুতাৰ দৰে,পানীৰ দৰে পাতল স্ৰাৱ।বগাস্ৰাৱ ৰোগত পানীৰ দৰে বগাস্ৰাৱ ওলোৱাটো বন্ধ্যাত্বৰ লক্ষণ।

চিকিৎসা

 

বগাস্ৰাৱ ৰোগত হোমিও চিকিৎসা কৰিলে ভাল ফল পোৱা যায়।লক্ষণ অনুযায়ী কেইবিধমান হোমিও ঔষধ দিয়া হ’ল-

  • Sepia30:
  • প্ৰচুৰ হালধীয়া বা সেউজীয়া ৰঙৰ দুৰ্গন্ধযুক্ত স্ৰাৱ হ’লে এই হোমিও ঔষধ ব্যৱহাৰ কৰা হয়।কঁকাল আৰু পেট বিষ থাকে।পেটৰ যন্ত্ৰপাতি যোনি পথেদি ওলাই যাব যেন ভাব হয়।জৰায়ুত জ্বলা-পোৰা কৰে।ঋতু হৈ যোৱাৰ পিছত বগাস্ৰাৱ হয়।
  • Alumina 30:
  • ৰোগীৰ পায়খানা নিয়মিত নহয়,এসপ্তাহৰ মুৰত হয়।প্ৰস্ৰাৱ –পায়খানা কৰোতে অধিক জোৰ দিব লাগে।ৰোগীৰ ডিঙি,মুখ আৰু জিভা শুকাই যায়।পানীৰ পিয়াহ থাকে।শ্বেত প্ৰদৰ স্ৰাৱ যোনি নলীয়েদি বাগৰি ভৰিৰ গোৰোহা পৰ্যন্ত পায়।
  • Borax 30:
  • কণীৰ বগা বিজলুৱা অংশৰ দৰে প্ৰচুৰ পৰিমাণে গৰম গৰম শ্বেতপ্ৰদৰ স্ৰাৱ নিৰ্গত হয়।
  • Sabina 30:
  • পাতল গাখীৰৰ দৰে স্ৰাৱ ওলালে এই ঔষধ ব্যৱহাৰ কৰিব লাগে।স্ৰাৱৰ কাৰণে স্ত্ৰী অংগত খজুৱতি হয়।ঋতুস্ৰাৱ বন্ধ থাকি দুৰ্গন্ধযুক্ত স্ৰাৱ বা দুৰ্গন্ধযুক্ত ৰক্তস্ৰাৱ ওলালে ব্যৱহাৰ হয়।
  • Acid Phos 30:
  • ৰোগীৰ হাত-ভৰি জিনজিনায়,মুৰ ঘুৰায়,মুৰ কামোৰে।বুকু ধপধপ কৰে।ঋতুৰ পিছত পাতল খাৰযুক্ত বা হালধীয়া বৰণৰ শ্বেতপ্ৰদৰ ৰোগ প্ৰকাশ পালে এই ঔষধে ভাল কাম কৰে।
  • Pulsatilla 30:
  • গাখীৰৰ দৰে বগা ডাঠ স্ৰাৱ।কেতিয়াবা তেজ মিহলি স্ৰাৱ ওলায় আৰু যো নিৰদ্বাৰ জ্বলা পোৰা কৰে।কঁকালত বিষ আৰু যোনি ফুলি উঠে।বগাস্ৰাৱ ৰোগীৰ ঋতুস্ৰাৱ সময়মতে নহয়।বেছি পলমকৈ হ’লে এই ঔষধে ভাল কাম কৰে।
  • Caulophyllum30:
  • শ্বেত প্ৰদৰ,ৰক্তপ্ৰদৰ উভয় প্ৰকাৰ প্ৰদৰ ৰোগৰ উপযোগী।সৰু সৰু ছোৱালীবোৰৰ প্ৰদৰ ৰোগত ব্যৱহাৰ হয়।এই ঔষধত দুৰ্বলতাৰ লগতে স্ৰাৱৰ পৰিমাণ অধিক থাকে।

লেখিকা:ডা: এলিজা বেগম ইউছুফ (স্বাস্থ্য)

3.23076923077
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top