মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / মানসিক ৰোগ আৰু অন্ধবিশ্বাস :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মানসিক ৰোগ আৰু অন্ধবিশ্বাস :

মানসিক ৰোগ আৰু অন্ধবিশ্বাসৰ বিষয়ে লিখা হৈছে ।

 

বিশ্ব স্বাস্থ্য সংস্থাৰ(WHO) সংজ্ঞা অনুসৰি এজন স্বাস্থ্যৱান মানুহ হ’বলৈ হ’লে মানুহজন শাৰীৰিক, মানসিক আৰু সামাজিকভাৱে সুস্থ হ’ব লাগে। গতিকে মানুহ এজনে সমাজ এখনত সুখী আৰু সন্তোষজনক জীৱন-যাপন কৰিবলৈ হ’লে অকল শাৰীৰিকভাৱে সুস্থ হ’লেই নহ’ব, তেওঁ মানসিকভাৱেও সমানে সুস্থ হ’ব লাগিব।

আমাৰ সমাজত মানুহবোৰ শাৰীৰিক সুস্থতাৰ প্ৰতি যিমান সজাগ, মানসিক সুস্থতাৰ প্ৰতি সিমান সজাগ হোৱা দেখা নাযায়।

সাধাৰণতে আমাৰ সমাজত মানসিক ৰোগ বুলিলে মানুহজন ‘পগলা’ হোৱা বুলি ভাবে নতুবা মানুহজনক কোনোবাই যাদু-মন্ত্ৰ কৰা বা কোনো দেৱ-দেৱীয়ে লম্ভা বুলি ধাৰণা কৰা দেখা যায়।

ফলত মানুহজনক যথোচিত চিকিৎসা কৰাৰ পৰিৱৰ্তে বেজ বা তান্ত্ৰিকৰ ওচৰলৈ নিয়া হয় বা দেৱ-দেৱী থকা বুলি তেওঁক পূজা-অৰ্চনা কৰা হয়। তাৰ ফলত তেওঁ সঠিক চিকিৎসাৰপৰা বঞ্চিত হয়।

এনেকুৱা ধাৰণা যে কেৱল গ্ৰাম্য অঞ্চলৰ মানুহৰ মাজতে প্ৰচলিত তেনে নহয়, নগৰ অঞ্চলত বসবাস কৰা মানুহৰ মাজতো তেনে বিচৰা বিদ্যমান।

ইয়াৰ বিভিন্ন কাৰণ হ’ব পাৰে, তাৰে ভিতৰত কেইটামান কাৰণ হৈছে-

*মানসিক স্বাস্থ্যৰ প্ৰতি থকা জ্ঞানৰ অভাৱ,

*সমাজৰ প্ৰচলিত বিভিন্ন অন্ধবিশ্বাস আৰু

*উপযুক্ত স্বাস্থ্য ব্যৱস্থাৰ অভাৱ।

মানসিক ৰোগ হ’লে মানুহজনৰ চিন্তা-শক্তি, অনুভৱ, আচাৰ-ব্যৱহাৰ, অনুভূতি আদিৰ সালসলনি হয়।

যাৰ ফলত মানুহজনৰ দৈনন্দিন কাম-কাজত ব্যাঘাত জন্মে। তেওঁৰ সংস্পৰ্শত থকা অন্য মানুহৰ প্ৰতি ব্যৱহাৰত তাৰতম্য ঘটে।

সাধাৰণতে মানসিক ৰোগক দুটা ভাগত ভাগ কৰিব পাৰি-

*চাইক’ছিছ আৰু

*নিউৰ’ছিছ।

চাইক’ছিছ(উন্মাদত) হৈছে গুৰু মানসিক ৰোগ। চাইক’ছিছ বিভিন্ন প্ৰকাৰৰ হ’ব পাৰে। এনে ৰোগত ৰোগীজনে বাস্তৱৰ লগত সম্পৰ্ক হেৰুৱাই পেলায়। যাৰ ফলত ৰোগীজনৰ মনত বিভিন্ন ভ্ৰান্ত ধাৰণাই গা কৰি উঠে।

ৰোগীজনৰ আচাৰ-ব্যৱহাৰ অস্বাভাৱিক হয়, কথা-বতৰাত খেলি-মেলি হোৱা দেখা যায়। ৰোগীজনে নিজৰ দৈনন্দিন কাম-কাজতে মনোনিৱেশ কৰিব নোৱাৰা হয়, ফলত নিজৰ চাফ-চিকুণতা, খোৱা-বোৱাৰ প্ৰতি গুৰুত্ব কৰি আহে।

এনে এক গুৰু মানসিক ৰোগ হৈছে- স্কিজোফ্ৰেনিয়া। স্কিজোফ্ৰেনিয়া ৰোগীৰ মনত নানা অবাস্তৱ চিন্তা যেনে-

*তেওঁক কোনোবা অন্য মানুহে মাৰিবলৈ চেষ্টা কৰা বা তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা,

*নিজকে সকলোতকৈ ডাঙৰ মানুহ বুলি ভবা,

*নিজৰ ক্ষমতাতকৈও ডাঙৰ কাম অনায়াসে কৰিব পৰা,

*ভগৱানে তেওঁৰ লগত কথা পতা বা ভগৱান তেওঁৰ শৰীৰত থকা আদি হ’ব পাৰে।

যিহেতু আমাৰ সমাজত মানুহে বেজ-বেজালি কৰা বা আই দেহত অহা আদি আগৰেপৰা প্ৰচলিত, সেয়া এনে লক্ষণবোৰ হ’লে মানুহে সাধাৰণতে ই এক অসুখ বুলি নাভাবে।

ফলত তেনে ব্যক্তিক চিকিৎসকৰ পৰিৱৰ্তে বেজৰ ওচৰলৈ নিয়া হয় বা ব্যক্তিজনৰ শৰীৰত আই থকা বুলি পূজা-অৰ্চনা কৰিবলৈ ধৰে আৰু ব্যক্তিজনে কোৱা সকলো কথা বিশ্বাসত লয়।

এনে বিশ্বাসৰ বশৱৰ্তী হৈ সমাজে কোনো বিশেষ ব্যক্তিক ডাইনীৰ ৰূপ দিয়া দেখা যায়। ফলত ডাইনীহত্যাৰ লেখীয়া ঘটনা সংঘটিত হয়। কিছুমান দুষ্ট চৰিত্ৰৰ লোকে এনে লক্ষণবোৰৰ সুযোগ লৈ নিজৰ অসৎ অভিপ্ৰায় পূৰণ কৰা ঘটনাও নথকা নহয়।

বহু লোকে এনে লক্ষণ পূৰ্ব জন্মৰ পাপৰ ফল বুলি বিশ্বাস কৰে, ফলত ইয়াক ভগৱানৰ ইচ্ছা বুলি ৰোগীজনক অৱহেলা কৰে।

নিউৰ’ছিছ হৈছে লঘু প্ৰকাৰৰ মানসিক ৰোগ। এনে ৰোগত ৰোগীজনে বাস্তৱৰ লগত সম্পৰ্ক হেৰুৱাই নেপেলায়।

নিউৰ’ছিছত ৰোগীজনৰ মনত উদ্বেগ, ভয় বা অকাৰণ চিন্তা হ’ব পাৰে। ই কিছু পৰিমাণে মানুহজনৰ কাম-কাজত প্ৰভাৱ পেলায়।

সচৰাচৰ দেখা পোৱা নিউৰ’ছিছ প্ৰকাৰৰ ৰোগ হৈছে- বিষণ্ণতা, সুচিন্তা, ভাব-পীড়া, মূৰ্চ্ছা যোৱা(সাধাৰণতে মানুহে হিষ্টেৰিয়া বুলি কয়) আদি। বিষণ্ণতা ৰোগত ৰোগীজন হতাশাত ভোগে।

এনে ৰোগত ৰোগীজনৰ-

*টোপনি নহয়,

*মূৰৰ বিষ,

*গাৰ বিষ,

*ভোক নলগা আদি শাৰীৰিক লক্ষণে দেখা দিয়ে।

এনে শাৰীৰিক লক্ষণবোৰৰ কাৰণে বহুতে ইয়াক মানসিক ৰোগ বুলি নাভাবে। দুশ্চিন্তা আৰু ভাব-পীড়া ৰোগত ৰোগীজনৰ মনত অকাৰণ কিছুমান চিন্তা বা ভয়ৰ সৃষ্টি হয়। সাধাৰণতে মানুহে ইয়াক ‘মোনিয়া’ হোৱা বুলি আৰু তাৰ প্ৰতি কোনো গুৰুত্ব আৰোপ নকৰে।

ফলত ৰোগীজনে অশেষ কষ্টত ভুগিব লগা হয়। মূৰ্চ্ছা যোৱা সাধাৰণতে কম বয়সৰ ল’ৰা-ছোৱালীৰ মাজত দেখিবলৈ পোৱা যায়। কোনো চিন্তা বা সমস্যাই অশান্তিৰ সৃষ্টি কৰিলে মূৰ্চ্ছা যোৱা লক্ষণ হয়।

বহু লোকে ভাবে যে এনে ল’ৰা-ছোৱালীক বিয়া কৰাই দিলে এনে লক্ষণবোৰ নাইকিয়া হয়। আন এক লঘু মানসিক ৰোগ হৈছে মাদক দ্ৰব্যৰ ব্যৱহাৰ।

সাধাৰণতে ভবা হয় যে মাদক দ্ৰব্য ব্যৱহাৰ কৰা মানুহবোৰৰ স্বভাৱ বেয়া সেয় তেওঁলোকে মাদক দ্ৰব্য সেৱন কৰে। মাদক দ্ৰব্য সেৱনৰ কাৰণ নানা ধৰণৰ হ’ব পাৰে।

*হতাশা,

*দুশ্চিন্তা,

*শাৰীৰিক বেমাৰ,

*ঘৰুৱা সমস্যা আদি ইয়াৰ অন্যতম কাৰণ।

যেতিয়া কোনো এজন ব্যক্তি মাদক দ্ৰব্যৰ ওপৰত নিৰ্ভৰশীল হৈ পৰে, তেওঁ যদি সেই দ্ৰব্যবিধ সেৱন নকৰে তেতিয়া তাৰ বিৰূপ প্ৰক্ৰিয়া হিচাপে প্ৰত্যাহাৰৰ সংলক্ষণ(Withdrawal symtous) দেখা দিয়ে।

ফলত মানুহজনে পুনৰ সেই দ্ৰব্যবিধ ল’বলৈ বাধ্য হয়। গতিকে তেনে ব্যক্তিক নিৰ্দিষ্ট চিকিৎসা প্ৰদান কৰিহে তেনে বিৰূপ প্ৰক্ৰিয়াবোৰ ভাল কৰিব পৰা যায়।

কিন্তু কিছুমান অঞ্চলত এনে ব্যক্তিক চিকিৎসাৰ পৰিৱৰ্তে শাস্তি প্ৰদান কৰা দেখা যায় আৰু বিশ্বাস কৰা হয় যে শাস্তি প্ৰদান কৰিলেহে মানুহজন মাদক দ্ৰব্য সেৱন কৰাৰপৰা বিৰত থাকিব।

বিশ্ব স্বাস্থ্য সংস্থাৰ পৰিসংখ্যা অনুসৰি এখন দেশৰ জনসংখ্যাৰ এক শতাংশ লোক গুৰুতৰ মানসিক ৰোগৰ বিষয়ে ভালকৈ নাজানে।

আমি একবিংশ শতিকাত উপনীত হৈছোঁ যদিও অন্ধবিশ্বাসৰ শিপাডালে এতিয়াও আমাৰ গুৰিত ধৰি আছে। মানসিক স্বাস্থ্য কৰ্মী হিচাপে আৰু সংবাদ মাধ্যম হিচাপে হয়তো আমাৰ বহু কৰণীয় আছে।

লেখক: ডাঃ বিতুপন কলিতা(দৈনিক অসম)

3.28571428571
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top