মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / মাম্পচ বা পিঠা খোৱা ৰোগৰ বিষয়ে এটি আলোচনা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মাম্পচ বা পিঠা খোৱা ৰোগৰ বিষয়ে এটি আলোচনা :

মাম্পচ বা পিঠা খোৱা ৰোগৰ বিষয়ে এটি আলোচনাৰ বিষয়ে লিখা হৈছে ।

 

পিঠা খোৱা ৰোগৰ আন এটা নাম হ'ল যদুমণি ৰোগ৷ ইংৰাজীত বোলে মাম্পচ (Mumps)৷ ই এক ভাইৰাচজনিত অতি সংক্ৰামক ৰোগ৷ এই ৰোগত অসুখ হোৱা ব্যক্তিজনৰ এখন বা দুয়োখন গালেই ফুলি উঠে৷ জ্বৰ আৰু বিষৰ বাবে চোবাবলৈ আৰু গিলিবলৈ কষ্ট অনুভৱ হয়৷ 'পিঠা খোৱা' নামটোৰ উৎপত্তি কেনেকৈ বা কেতিয়াৰ পৰা হ'ল অনুসন্ধান কৰি একো তথ্য নাপালোঁ৷ কোনোবা পাঠকৰ হাতত কিবা তথ্য পৰিলে আমাক অৱগত কৰে যেন৷ অনুমান কৰা মতে যেহেতু এই অসুখত টান খাদ্য চোবাবলৈ, গিলিবলৈ আৰু খাবলৈ কষ্ট হয়- সেয়ে চাউল খুন্দি পিঠা গুৰি কৰি ৰোগীক খাবলৈ সুবিধা কৰি দিয়া হয়৷ কোনো কোনোৱে আকৌ শুকান পিঠা গুৰি ফুলা গালত সানিও দিয়ে৷ ইয়াৰ পৰা তেওঁৰ ওচৰলৈ অহা মানুহে দূৰতে বিদূৰহৈ সতৰ্কহৈ সাবধানে চলিব পাৰিব৷

বুৰঞ্জীয়ে কি কয়?

খৃষ্টপূৰ্ব ৫ শতিকাত হিপোক্ৰেটিচৰ বৰ্ণনাত মাম্পচ ৰোগৰ তথ্য পোৱা যায়৷ কিন্তু আধুনিক যুগত পোন প্ৰথম এই ৰোগ লিপিবদ্ধ হয় ১৯১৪ চনতহে৷ মাম্পচ ভাইৰাচ চিনাক্ত কৰে আৰ্ণেষ্ট ৱিলিয়াম গুডপেষ্টুৰ নামৰ আমেৰিকান পেথলজিষ্টে(১৮৮৬ - ১৯৬০)৷ ১৯৬৭ চনৰ ৩০মাৰ্চত এই ৰোগৰ ছিটা(Mumpsvax নামেৰে) আমেৰিকান মাইক্ৰবায়লজিষ্ট ম'ৰিচ হিল্লেমানে আবিষ্কাৰ কৰে৷ পৰম বিস্ময়ৰ কথা সমগ্ৰ মানৱ জাতিৰ কল্যাণৰ চিন্তা কৰি আবিষ্কাৰ কৰা এই ছিটাৰ প্ৰয়োগ আৰু পৰীক্ষা-নিৰীক্ষাৰ বাবে তেওঁ নিজৰ ৫ বছৰীয়া কন্যাক বাচি লৈছিল৷ পাঠকে জানি আচৰিত হব এইজনা বিজ্ঞানীয়ে মাম্পচৰ ওপৰিও ৰুবেলা, নিউমোনিয়া, মিজিলচ, হেপাটাইটি-এ, হেপাটাইটি-বি আদি অনেকবিধ ছিটা প্ৰস্তুত কৰি উলিয়ায়৷

MMR Vaccine হ'ল ১৯৭১ চনত আৰম্ভ কৰা মাম্পচ, মিজেলচ আৰু ৰুবেলা এই তিনিবিধ ৰোগৰ একেলগে প্ৰতিৰোধৰ বাবে প্ৰস্তুত কৰা ছিটা৷ এই ছিটাৰ প্ৰয়োগে চিকিৎসা জগতত যি অভাৱনীয় পৰিবৰ্তন আনি দিলে তাক সকলোৱে একমুখে স্বীকাৰ কৰিব লাগিব৷ ইয়াৰ আগতে ২০০৬ চনত আৰু ২০০৯/২০১০ সংযুক্ত আমেৰিকা দেশত যুৱা চামৰ(১৭ৰ পৰা ২৪বছৰ বয়সৰ) ব্যাপক হাৰত পিঠাখোৱা ৰোগ হৈছিল৷

কেনেকৈ আনলৈ এই ৰোগ বিয়পিব পাৰে?

আনলৈ সংক্ৰমণ কৰিব পৰা তত্ব সমূহ হ'ল:

*ৰোগাক্ৰান্ত ব্যক্তিৰ লেলাৱতি বা থুই,

*ব্যৱহৃত বাচন,

*কৰমৰ্দন,

*চুম্বন বা আন সংস্পৰ্শ য'ত ৰোগীৰ মুখৰ বা নাকৰ পানী লাগি থাকিব পাৰে,

*ৰোগীৰ কাহ,

*হাঁচিৰ যোগেদিও বায়ুমণ্ডল দূষিত হৈ আন সুস্থ লোকক ৰোগাক্ৰান্ত কৰিব পাৰে এনেদৰে ৰোগ বিয়পাক Droplet Infection বোলে৷

জানিবলগীয়া আটাইতকৈ দৰকাৰী কথাটো হ'ল –

এই ৰোগৰ ভাইৰাচ সাধাৰণতে ১৫ দিনলৈ সংক্ৰমণ কৰিব পৰা অৱস্থাত থাকে৷ সেয়া হ'ল ৰোগৰ লক্ষণ দেখা পোৱাৰ ৬ দিন আগৰ পৰা, লক্ষণ প্ৰস্ফুটিত হবৰ ৯ দিনলৈকে৷

Incubation Period:

চিকিৎসা বিজ্ঞানৰ ভাষাত দেহত ৰোগৰ বীজাণুৱে প্ৰবেশ কৰাৰ পৰা ৰোগৰ লক্ষণসমূহ ফুটি উঠালৈকে এই সময়চোৱাক Incubation Period বোলে৷ পিঠা খোৱা ৰোগৰ Incubation Period হ'ল ১২ৰ পৰা ২৫ দিন পৰ্য্যন্ত৷ আকৌ অসুখ ভাল হবলৈ সময় লয় সাধাৰণতে দুসপ্তাহ৷

ৰোগৰ লক্ষণসমূহ:

বয়স আৰু লিংগ–

পিঠা খোৱা ৰোগ সাধাৰণতে কমবয়সীয়া স্কুল-কলেজীয়া ছাত্ৰৰ বয়সত ল'ৰা-ছোৱালী উভয় লিংগৰে হব পাৰে৷ কিন্তু বয়সৰ ক্ষেত্ৰত ব্যতিক্ৰম দেখা যাব পাৰে৷

প্ৰাথমিক লক্ষণসমূহ হ'ল:

*কম-বেচি মাত্ৰাত জ্বৰ,

*গালৰ বিষ,

*গাল ফুলা,

*চোবোৱাত আৰু গিলাত কষ্ট পোৱা,

*মুখ শুকোৱা,

*গাঁঠিৰ বিষ হোৱা,

*মূৰৰ বিষ,

*কাণৰ বিষ,

*মাংসপেশীৰ বিষ,

*ক্লান্তিবোধ আৰু দূৰ্বলতা অনুভৱ হোৱা আদি৷

মাম্পচ হোৱাৰ কাৰণ কি?

RNA virus familyৰ Paramyxovirus বংশত মাম্পচ, মিজেলচ, ইনফ্ল'ৱেঞ্জা আদি ভাইৰাচ পৰে৷ এন্টিভাইৰেল দৰবে ইহঁতক বিনষ্ট কৰিব নোৱাৰে৷ মাম্পচ ভাইৰাচে পেৰ'টিড নামৰ চেলাইভেৰি গ্ৰন্থিক আক্ৰান্ত কৰে৷

হব পৰা সম্ভাব্য জটিলতাসমূহ(Complications):

*Orchitis/Oophoritis:

পুৰুষৰ অণ্ডকোষ ফুলি তাত বিষ অনুভৱ হব পাৰে৷ প্ৰতি ৫ জন ৰোগীৰ ভিতৰত এজনৰ এনে হোৱাৰ সম্ভাৱনা থাকে৷ ইয়াৰ ফলত কদাচিত সন্তানহীনতা(Sterility) পৰ্য্যন্ত হব পাৰে৷ আনহাতে প্ৰতি ২০ গৰাকী ৰোগীৰ ভিতৰত এগৰাকী মহিলাৰ অভেৰি ফুলিব আৰু বিষ অনুভৱ হব পাৰে৷ শৰীৰৰ ইমিউনিটি ক্ৰমে উন্নত হ'লে এই জটিলতাৰ ওৰ পৰে৷

*Viral Meningitis:

ভাইৰাচে কেনেবাকৈ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰত প্ৰবেশ কৰিলে এই বিপদজনক জটিলতা কাচিৎ হব পাৰে৷

*পেনক্ৰিয়াটাইটিচ:

প্ৰতি ২০জন ৰোগীৰ ভিতৰত এজনৰ সামান্য পৰিমাণত পেনক্ৰিয়াচৰ অসুখ হব পাৰে, যাৰ ফলত ওপৰ পেটত বিষ অনুভূত হব পাৰে৷

*এনকেফেলাইটিচ:

প্ৰতি ৬০০০জন ৰোগীৰ ভিতৰত এজনৰ মস্তিষ্কত বিপদজনক সংক্ৰমণ ঘটিব পাৰে৷

*বধিৰতা (Hearing Loss):

প্ৰতি ১৫০০০ভিতৰত এজনৰ কৰ্ণৰ শ্ৰৱণ যন্ত্ৰৰ(Cochlea) স্থায়ীভাবে বিজুতি ঘটিব পাৰে৷

*গৰ্ভপাত:

যদি গৰ্ভৱস্থাৰ প্ৰথম তিনিমাহত কোনো মহিলা ৰোগাক্ৰান্ত হয় তেতিয়া গৰ্ভপাত হোৱাৰ প্ৰচুৰ সম্ভাৱনাই দেখা দিয়ে৷

এই ৰোগৰ চিকিৎসা:

এন্টিবায়টিক ঔষধৰ কোনো প্ৰয়োজন নাই৷ আনহাতে কোনো এন্টিভাইৰেল দৰব চিকিৎসাত কাৰ্য্যকৰী নহয়৷ ৰোগীক কষ্টৰ উপশম ঘটাবলৈ চিকিৎসা দিয়া হয়৷

*পেৰাচিটামল আৰু আইব্ৰ'প্ৰফেন অকলে বা একেলগে জ্বৰ আৰু বিষ কমাবলৈ প্ৰয়োগ কৰা হয়৷

*গালৰ ফুলা ঠাইত বৰফৰ শীতল পেকৰ প্ৰয়োগে বিষ আৰু ফুলা কমোৱাত সহায় কৰে৷

*জুলীয়া দ্ৰব্য, গাখীৰ, দৈ, চুপ আৰু পানী বেচিকৈ খাব লাগে যাতে ৰোগীৰ ডিহাইড্ৰেচন নহয়৷

কিন্তু টেঙাৰ ৰস নোখোৱাব৷ তেনে কৰিলে চেলাইভেৰি গ্ৰন্থিৰ সংকোচনহৈ বিষ বাঢ়িব৷

*ৰোগীয়ে যথেষ্ট বিশ্ৰাম লব আৰু টোপনি ক্ষতি নকৰিব৷

*হাত- মুখ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব৷ কুহুমীয়া লুনীয়া পানীৰে সঘনাই কুলকুলি কৰা ভাল৷

কেনেকৈ ৰোগ প্ৰতিৰোধ কৰিব পাৰি?

ৰোগৰ পৰা ইমিউনিটি:

এবাৰ পিঠা খোৱা হলে জীৱনত এই ৰোগ দুনাই নহয়৷ MMR ভেকচিনৰ দুটা বেজী লোৱা লোকে ৯৯শতাংশ পৰ্য্যন্ত সুৰক্ষা লাভ কৰে৷

সাধাৰণতে MMR বেজী প্ৰথমটো ১২ৰ পৰা ১৫মাহ বয়সত দিয়া হয় আৰু দ্বিতীয়টো ৪ ৰ পৰা ৬ বছৰ বয়সত দিয়া হয়৷ কিন্তু এই ছিটা যি কোনো বয়সতে লব পাৰি বিশেষকৈ যদি ব্যক্তিজনৰ ৰোগাক্ৰান্তৰ সংস্পৰ্শত অহাৰ সম্ভাৱনা থাকে৷ উদাহৰণ চিকিৎসালয়ৰ কৰ্মী, স্কুল বা আন শিক্ষানুষ্ঠানৰ কৰ্মী আৰু সঘনে পৰিভ্ৰমণ(বিশেষকৈ ভাৰত, পাকিস্তান, বাংলাদেশ, আফ্ৰিকা, জাপান, দক্ষিণ পূৱ এচিয়াৰ দেশসমূহ) কৰা ব্যক্তিসকলে ছিটা লোৱা বাঞ্চনীয়৷

MMR ভেকচিনৰ বিষয়ে আৰু কিছু জানিবলগীয়া কথা -

*কৰ্কট ৰোগী,

*ষ্টেৰইডৰ চিকিৎসাধীন ৰোগী,

*শৰীৰৰ কম ইমিউনিটি থকা লোক,

*নিয়'মাইচিন বা জিলেটিনৰ এলাৰ্জি থকা লোক আৰু গৰ্ভৱতী মহিলাই এই ছিটা লব নালাগে৷

লেখক: ডাঃ ভূপেন শইকীয়া

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

ফোন নং: 0097433738722

 

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top