মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / মাম্পছ বা পিঠাখোৱা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মাম্পছ বা পিঠাখোৱা :

মাম্পছ বা পিঠাখোৱা ৰোগৰ বিষয়ে লিখা হৈছে ।

 

পিঠাখোৱা ৰোগৰ আন এটা নাম হ’ল যদুমণি ৰোগ। ইংৰাজীত বোলে মাম্পছ(Mumps)। ই এক ভাইৰাছজনিত অতি সংক্ৰামক ৰোগ। এই ৰোগত অসুখ হোৱা ব্যক্তিজনৰ এখন বা দুয়োখন গালেই ফুলি উঠে। জ্বৰ আৰু বিষৰ বাবে চোবাবলৈ আৰু গিলিবলৈ কষ্ট অনুভৱ হয়। ‘পিঠাখোৱা’ নামটোৰ উৎপত্তি কেনেকৈ বা কেতিয়াৰ পৰা হ’ল অনুসন্ধান কৰি একো তথ্য নাপালোঁ। কোনোবা পাঠকৰ হাতত কিবা তথ্য পৰিলে আমাক অৱগত কৰায় যেন। অনুমান কৰা মতে, যিহেতু এই অসুখত টান খাদ্য চোবাবলৈ, গিলিবলৈ আৰু খাবলৈ কষ্ট হয়, সেয়ে চাউল খুন্দি পিঠাগুড়ি কৰি ৰোগীক খাবলৈ সুবিধা কৰি দিয়া হয়। কোনো কোনোৱে আকৌ শুকান পিঠাগুড়ি ফুলা গালত সানিও দিয়ে। ইয়াৰ পৰা তেওঁৰ ওচৰলৈ অহা মানুহে দূৰতে বিদূৰ হৈ সতৰ্ক হৈ সাৱধানে চলিব পাৰিব।

বুৰঞ্জীয়ে কি কয়?

খ্ৰীষ্টপূৰ্ব ৫ শতিকাত হিপোক্ৰেটিছৰ বৰ্ণনাত মাম্পছ ৰোগৰ তথ্য পোৱা যায়। কিন্তু আধুনিক যুগত পোনপ্ৰথম এই ৰোগ লিপিবদ্ধ হয় ১৯১৪ চনতহে। মাম্পছ ভাইৰাছ চিনাক্ত কৰে আৰ্নেষ্ট ৱিলিয়াম গুডপেষ্টুৰ নামৰ আমেৰিকান পেথ’লজিষ্টে(১৮৮৬-১৯৬০)। ১৯৬৭ চনৰ ৩০ মাৰ্চত এই ৰোগৰ ছিটা(Mumpsvax নামেৰে) আমেৰিকান মাইক্ৰ’বায়’লজিষ্ট ম’ৰিচ হিল্লেমানে আৱিষ্কাৰ কৰে। পৰম বিস্ময়ৰ কথা- সমগ্ৰ মানৱ জাতিৰ কল্যাণৰ চিন্তা কৰি আৱিষ্কাৰ কৰা এই ছিটাৰ প্ৰয়োগ আৰু পৰীক্ষা-নিৰীক্ষাৰ বাবে তেওঁ নিজৰ ৫ বছৰীয়া কন্যাক বাছি লৈছিল। পাঠকে জানি আচৰিত হ’ব এইজনা বিজ্ঞানীয়ে মাম্পছৰ উপৰিও ৰুবেলা, নিউমোনিয়া, মিজিলছ, হেপাটাইটি-এ, হেপাটাইটি-বি আদি অনেকবিধ ছিটা প্ৰস্তুত কৰি উলিয়ায়।

MMR Vaccine হ’ল ১৯৭১ চনত আৰম্ভ কৰা মাম্পছ, মিজেলছ আৰু ৰুবেলা এই তিনিবিধ ৰোগৰ একেলগে প্ৰতিৰোধৰ বাবে প্ৰস্তুত কৰা ছিটা। এই ছিটাৰ প্ৰয়োগে চিকিৎসা জগতত যি অভাৱনীয় পৰিৱৰ্তন আনি দিলে তাক সকলোৱে একমুখে স্বীকাৰ কৰিব লাগিব। ইয়াৰ আগতে ২০০৬ চনত আৰু ২০০৯/২০১০ সংযুক্ত আমেৰিকা দেশত যুৱচামৰ(১৭ৰ পৰা ২৪ বছৰ বয়সৰ) ব্যাপক হাৰত পিঠাখোৱা ৰোগ হৈছিল।

কেনেকৈ আনলৈ এই ৰোগ বিয়পিব পাৰে?

আনলৈ সংক্ৰমণ কৰিব পৰা তত্ত্বসমূহ হ’ল- ৰোগাক্ৰান্ত ব্যক্তিৰ লেলাৱটি বা থুই, ব্যৱহৃত বাচন, কৰমৰ্দন, চুম্বন বা আন সংস্পৰ্শ, য’ত ৰোগীৰ মুখৰ বা নাকৰ পানী লাগি থাকিব পাৰে। ৰোগীৰ কাহ, হাঁচিৰ যোগেদিও বায়ুমণ্ডল দূষিত হৈ আন সুস্থ লোকক ৰোগাক্ৰান্ত কৰিব পাৰে। এনেদৰে ৰোগ বিয়পাক Droplet Infection বোলে।

জানিবলগীয়া আটাইতকৈ দৰকাৰী কথাটো হ’ল- এই ৰোগৰ ভাইৰাছ সাধাৰণতে ১৫ দিনলৈ সংক্ৰমণ কৰিব পৰা অৱস্থাত থাকে। সেয়া হ’ল ৰোগৰ লক্ষণ দেখা পোৱাৰ ৬ দিন আগৰ পৰা, লক্ষণ প্ৰসফুটিত হ’বৰ ৯ দিনলৈকে।

Incubation Period: চিকিৎসা বিজ্ঞানৰ ভাষাত দেহত ৰোগীৰ বীজাণুৱে প্ৰৱেশ কৰাৰ পৰা ৰোগৰ লক্ষণসমূহ ফুটি উঠালৈকে এই সময়ছোৱাক Incubation Period বোলে। পিঠাখোৱা ৰোগৰ Incubation Period হ’ল ১২ৰ পৰা ২৫ দিন পৰ্যন্ত। আকৌ অসুখ ভাল হ’বলৈ সময় লয় সাধাৰণতে দুসপ্তাহ।

ৰোগৰ লক্ষণসমূহ -

বয়স আৰু লিংগ: পিঠাখোৱা ৰোগ সাধাৰণতে কম বয়সীয়া স্কুল-কলেজীয়া ছাত্ৰৰ বয়সত ল’ৰা-ছোৱালী উভয় লিংগৰে হ’ব পাৰে। কিন্তু বয়সৰ ক্ষেত্ৰত ব্যতিক্ৰম দেখা যাব পাৰে।

প্ৰাথমিক লক্ষণসমূহ হ’ল:

কম-বেছি মাত্ৰাত জ্বৰ, গালৰ বিষ, গাল ফুলা, চোবোৱাত আৰু গিলাত কষ্ট পোৱা, মুখ শুকোৱা, গাঁঠিৰ বিষ হোৱা, মূৰৰ বিষ, কাণৰ বিষ, মাংসপেশীৰ বিষ, ক্লান্তিবোধ আৰু দুৰ্বলতা অনুভৱ হোৱা আদি।

মাম্পছ হোৱাৰ কাৰণ কি?

RNA virus familyৰ বংশত মাম্পছ, মিজেলছ, ইনফ্ল’ৱেঞ্জা আদি ভাইৰাছ পৰে। এন্টিভাইৰেল দৰৱে ইহঁতক বিনষ্ট কৰিব নোৱাৰে। মাম্পছ ভাইৰাছে পেৰ’টিড নামৰ ছেলাইভেৰি গ্ৰন্থিক আক্ৰান্ত কৰে।

হ’ব পৰা সম্ভাব্য জটিলতাসমূহ(Complications):

*Orchitis/Oophoritis:

পুৰুষৰ অণ্ডকোষ ফুলি তাত বিষ অনুভৱ হ’ব পাৰে। প্ৰতি ৫ জন ৰোগীৰ ভিতৰত এজনৰ এনে হোৱাৰ সম্ভাৱনা থাকে। ইয়াৰ ফলত কদাচিত সন্তানহীনতা(Sterility) পৰ্যনোত হ’ব পাৰে। আনহাতে, প্ৰতি ২০ গৰাকী ৰোগীৰ ভিতৰত এগৰাকী মহিলাৰ অ’ভেৰি ফুলিব আৰু বিষ অনুভৱ হ’ব পাৰে। শৰীৰৰ ইমিউনিটী ক্ৰমে উন্নত হ’লে এই জটিলতাৰ ওৰ পৰে।

*Viral Meningitis:

ভাইৰাছে কেনেবাকৈ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰত প্ৰৱেশ কৰিলে এই বিপজ্জনক জটিলতা কাচিৎ হ’ব পাৰে।

*পেনক্ৰিয়াটাইটিছ:

প্ৰতি ২০ জন ৰোগীৰ ভিতৰত এজনৰ সামান্য পৰিমাণত পেনক্ৰিয়াছৰ অসুখ হ’ব পাৰে, যাৰ ফলত ওপৰ পেটত বিষ অনুভৱ হ’ব পাৰে।

*এনকেফেলাইটিচ:

প্ৰতি ৬০০০ জন ৰোগীৰ ভিতৰত এজনৰ মস্তিষ্কত বিপজ্জনক সংক্ৰমণ ঘটিব পাৰে।

*বধিৰতা(Hearing Loss):

প্ৰতি ১৫০০০ৰ ভিতৰত এজনৰ কৰ্নৰ শ্ৰৱণ যন্ত্ৰৰ(Cochlea) স্থায়ীভাৱে বিজুতি ঘটিব পাৰে।

*গৰ্ভপাত:

যদি গৰ্ভাৱস্থাৰ প্ৰথম তিনি মাহত কোনো মহিলা ৰোগাক্ৰান্ত হয়, তেতিয়া গৰ্ভপাত হোৱাৰ প্ৰচুৰ সম্ভাৱনাই দেখা দিয়ে।

মাম্পছ ৰোগৰ চিকিৎসা -

এন্টিবায়’টিক ঔষধৰ কোনো প্ৰয়োজন নাই। আনহাতে, কোনো এন্টিভাইৰেল দৰব চিকিৎসাত কাৰ্যকৰী নহয়। ৰোগীৰ কষ্টৰ উপশম ঘটাবলৈ চিকিৎসা দিয়া হয়।

*পেৰাচিটামল আৰু আইব্ৰ’প্ৰফেন অকলে বা একেলগে জ্বৰ আৰু বিষ কমাবলৈ প্ৰয়োগ কৰা হয়।

*গালৰ ফুলা ঠাইত বৰফৰ শীতল পেকৰ প্ৰয়োগে বিষ আৰু ফুলা কমোৱাত সহায় কৰে।

*জুলীয়া দ্ৰব্য, গাখীৰ, দৈ, চুপ আৰু পানী বেছিকৈ খাব লাগে, যাতে ৰোগীৰ ডিহাইড্ৰেচন নহয়। কিন্তু টেঙাৰ ৰস নুখুৱাব। তেনে কৰিলে ছেলাইভেৰি গ্ৰন্থিৰ সংকোচন হৈ বিষ বাঢ়িব।

*ৰোগীয়ে যথেষ্ট বিশ্ৰাম ল’ব আৰু টোপনি খতি নকৰিব।

*হাত-মুখ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰাখিব। কুহুমীয়া ইলুণীয়া পানীৰে সঘনাই কুলকুলি কৰা ভাল।

কেনেকৈ ৰোগ প্ৰতিৰোধ কৰিব পাৰি?

ৰোগৰ পৰা ইমিউনিটী:

এবাৰ পিঠাখোৱা হ’লে জীৱনত এই ৰোগ দুনাই নহয়। MMR ভেকচিনৰ দুটা বেজী লোৱা লোকে ৯৯ শতাংশ পৰ্যন্ত সুৰক্ষা লাভ কৰে।

সাধাৰণতে MMR বেজী প্ৰথমটো ১২ৰ পৰা ১৫ মাহ বয়সত দিয়া হয় আৰু দ্বিতীয়টো ৪ৰ পৰা ৬ বছৰ বয়সত দিয়া হয়। কিন্তু এটা ছিটা যিকোনো বয়সতে ল’ব পাৰি বিশেষকৈ যদি ব্যক্তিজনৰ ৰোগাক্ৰান্তৰ সংস্পৰ্শত অহাৰ সম্ভাৱনা থাকে। উদাহৰণ চিকিৎসালয়ৰ কৰ্মী, স্কুল বা আন শিক্ষানুষ্ঠানৰ কৰ্মী আৰু সঘনে পৰিভ্ৰমণ(বিশেষকৈ ভাৰত, পাকিস্তান, বাংলাদেশ, আফ্ৰিকা, জাপান, দক্ষিণ পূব এছিয়াৰ দেশসমূহ) কৰা ব্যক্তিসকলে ছিটা লোৱা বাঞ্ছনীয়।

MMR ভেকচিনৰ বিষয়ে আৰু কিছু জানিবলগীয়া কথা -

কৰ্কট ৰোগী, ষ্টেৰইডৰ চিকিৎসাধীন ৰোগী, শৰীৰৰ কম ইনিউনিটী থকা লোক, নিয়’মাইচিন বা জিলেটিনৰ এলাৰ্জি থকা লোক আৰু গৰ্ভৱতী মহিলাই এই ছিটা ল’ব নালাগে।

আজিলৈ ইমানেই। পৰৱৰ্তী সময়ত আৰু তথ্য যোগ দিয়াৰ আশা ৰাখিলোঁ।

লেখক: ডাঃ ভূপেন শইকীয়া(নিয়মীয়া বাৰ্তা)

3.48148148148
জোতিৰ্ময় পাঠক | Dec 10, 2018 09:22 PM

নমস্কাৰ গ্ৰহন কৰিব | মোৰ পৰিবাৰ মামচ্ ৰোগত যোৱা কালি ৯|১২|২০১৮ ইং ৰবিবাৰৰ পৰা আক্ৰান্ত হৈছে | আপোনাৰ লেখনিৰ পৰা মামচ্ ৰোগৰ চিকিৎসা আৰু লবলগিয়া সাবধানতাৰ বিষয়ে সকলো কথা জানিব পৰাৰ বাবে মই যথেষ্ট সকাহ পালো | ধন্যবাদ |

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top