মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / মাৰাত্মক ডেংগু
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মাৰাত্মক ডেংগু

মাৰাত্মক ডেংগুৰ বিষয়ে লিখা হৈছে

ডেংগু আৰু তাৰ জটিল ৰুপবোৰ জনস্বাস্থ্যৰ প্ৰতি ভাবুকি সৃষ্টি কৰি ক্ৰমান্বয়ে বাঢ়ি অহা এক আন্তৰ্জাতিক স্বাস্থ্য সমস্যা।সমগ্ৰ বিশ্বতে ১৯৭০ চনৰ পিছৰে পৰাই ডেংগুৰ প্ৰভাৱ নাটকীয়ভাৱে বৃদ্ধি পাইছে।বিশ্বত প্ৰতিবছৰে প্ৰায় ৫০ ৰ পৰা ১০০ নিযুত লোক ডেংগুৰ আক্ৰান্ত হয়।মুঠ আক্ৰান্তৰ প্ৰায় ৯০ শতাংশই পাঁচ বছৰৰ তলৰ বয়সৰ শিশু আৰু ইহঁতৰ প্ৰায় ২.৫ শতাংশ শিশুৱেই মৃত্যুমুখত পৰে।ভাৰত,বাংলাদেশ,শ্ৰীলংকা,ম্যানমাৰ,ইণ্ডোনেছিয়া আদি দক্ষিণ পুব এছিয়াৰ দেশবোৰৰ চহৰ আৰু ইয়াৰ উপকন্ঠ ঘন জনবসতি অঞ্চলবোৰত ডেংগুৰ প্ৰকোপ বেছি যদিও লাহে লাহে ই গ্ৰামাঞ্চললৈও বিয়পিছে।ভাৰতবৰ্ষৰ দিল্লী,পঞ্জাব,অন্ধ্ৰপ্ৰদেশ,মহাৰাষ্ট্ৰ,তামিলনাডু আদি ৰাজ্যত ডেংগুৰ প্ৰকোপ বেছি যদিও বৰ্তমান অসমতো বিশেষকৈ গুৱাহাটী,ডিব্ৰুগড়,তিনিচুকীয়া আদিতো ইয়াৰ প্ৰাৰ্দুভাৱ বৃদ্ধি পাইছে।ডেংগু ৰোগবিধ কি,ইয়াৰ বাহক,ই কেনেদৰে বিয়পে,ইয়াৰ লক্ষণ,ৰোগবিধ ধৰা পেলাবলৈ কি পৰীক্ষা কৰিব লাগে,ইয়াৰ চিকিৎসা,ৰোগবিধৰ প্ৰতিৰোধ ব্যৱস্থা,ৰাইজৰ কৰিবলগীয়াৰ বিষয়ে তলত বিতংকৈ আলোচনা কৰা হ’ল।

ডেংগু ৰোগ কি-

 

ফ্লেভিভিৰিডি পৰিয়ালৰ অন্তৰ্ভুক্ত ডেংগু নামৰ ভাইৰাছ মানুহৰ শৰীৰত প্ৰৱেশ কৰি এই ৰোগৰ সৃষ্টি কৰে।ডেংগু ভাইৰাছ DENV-1,DENV-2,DENV-3 আৰু DENV-4 নামে চাৰি ধৰণৰ হয়।১৯৯৭ চনত স্বাস্থ্য সংস্থাই ডেংগুক ডেংগু জ্বৰ,ডেংগু হেম’ৰেজিক জ্বৰ আৰু ডেংগু শ্বক ছিন্দ্ৰম বুলি তিনি ভাগত ভাগ কৰিছিল যদিও ২০০৯ চনত ইয়াক সহজ কৰি ডেংগু জ্বৰ আৰু ডেংগু হেম’ৰেজিক জ্বৰ বুলি ভাগ কৰে।ডেংগু হেম’ৰেজিক জ্বৰক DHFI,II,Iv বুলি ভাগ কৰি III আৰু Iv কডেংগু শ্বক ছিন্দ্ৰম বুলি কয়।ডেংগু জ্বৰ সাধাৰণ ফ্লুৰ দৰেই ৰোগ।হাড় ভাগিলে যিমান তীব্ৰ বিষ অনুভৱ হয়,ডেংগুতো সিমান তীব্ৰ বিষ অনুভৱ হয় বাবে ডেংগু জ্বৰক ব্ৰেক’বন জ্বৰ বুলিও কোৱা হয়।যিকোনো বয়স আৰু লিংগৰ লোক এই ৰোগত আক্ৰান্ত হয় যদিও কেঁচুৱা,শিশু,বৃদ্ধ লোক,গৰ্ভৱতী মহিলা,মেদবহুল ব্যক্তি,নানা ৰোগ (যেনে পেপটিক আলচাৰ,ডায়েবেটিছ ,হৃদপিণ্ডৰ ৰোগ,উচ্চ ৰক্তচাপ,বৃক্কৰ অচলাৱস্থা,যকৃতৰ ৰোগ,হিমোলাইটিক এনেমিয়া,G6PDৰ অভাৱ থকা,থেলাছেমিয়া ৰোগী)আৰু ষ্টেৰয়ড অথবা বিষৰ দৰব খোৱা ব্যক্তিৰ নক্ষেত্ৰত ডেংগুৱে জটিলতাৰ সৃষ্টি কৰাৰ আশংকা থাকে।ডেংগু হেম’ৰেজিক জ্বৰ আৰু ডেংগু শ্বক ছিন্দ্ৰম দুয়োবিধেই মানুহৰ মৃত্যু ঘটাব পৰা জটিল ধৰণৰ ৰোগ।

ডেংগু ৰোগ কিদৰে বিয়পে-

এচিড প্ৰজাতিৰ মুখ্যত:Aedes aegypti মহে (কমকৈ Aedes albopictus) ডেংগু ৰোগ আৰু ডেংগু হেম’ৰজিক জ্বৰৰ বাহক।প্ৰায় ৫ মিলিমিটাৰ দীঘল গাঁত বগা আঁচ টনা ক’লা ৰঙৰ এই মহবিধে মানুহৰ ঘৰৰ ওচৰত থকা কুলাৰ,ড্ৰাম জগ,ফুলদানি,পানীৰ টেংকি,বটল,টিন,তায়াৰ,ঘৰৰ চাদ,ওহ্ৰিজ,বাঁহৰ টুকুৰা,নাৰিকলৰ খোলা,গছৰ খোৰোং আদিত জমা হৈ থকা বৰষুণৰ পৰিষ্কাৰ পানীত বংশ বৃদ্ধি কৰি মানুহৰ আশে-পাশে ঘৰৰ এন্ধাৰ চুকবোৰত,ওলমাই থোৱা কাপোৰৰ মাজত,ছাতি,আচবাবৰ তলত আৰু ঘৰৰ বাহিৰত ওচৰে-পাঁজৰে বাস কৰে।এই প্ৰজাতিৰ মাইকী মহবিধে দিনৰ ভাগতে বাৰে বাৰে কামুৰি মানুহৰ তেজ খায়।ডেংগু জ্বৰত আক্ৰান্ত ব্যক্তিক বা ডেংগু ভাইৰাছ বহন কৰা প্ৰাণীক এই প্ৰজাতিৰ মাইকী মহে কামুৰি তেজ খোৱাৰ ২ ৰ পৰা ১০ দিনৰ ভিতৰত মহটো ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হয়।সংক্ৰমিত মহটোৰ অন্যান্য কলাৰ লগতে লালটি গ্ৰন্থিলৈকে এই ভাইৰাছবিধৰ বিয়পি পৰে।এনে মহে সুস্থ মানুহ এজনক কামুৰিলে,মহটিৰ লালটিৰ সৈতে এই ভাইৰাছো সুস্থ মানুহজনৰ শৰীৰত প্ৰৱেশ কৰে।মানুহৰ শৰীৰৰ ভিতৰত এই ভাইৰাছ বিকাশ হৈ ডেংগু ৰোগৰ সৃষ্টি কৰে।ভয়াৱহ কথাটো হ’ল যে ডেংগু ভাইৰাছ সংক্ৰমিত এডিচ মহৰ কণীতো ডেংগু ভাইৰাছ থাকে আৰু এই কণীৰ পৰা হোৱা এডিছ মহটোৱে সুস্থ মানুহক কামুৰিলে ডেংগু ভাইৰাছ সংক্ৰমিত হয়।ইয়াৰ উপৰি ডেংগু অধ্যুষিত অঞ্চলবোৰত ডেংগু ভাইৰাছ থকা ব্যক্তিৰ ৰক্তদান আৰু ডেংগু ৰোগৰ মাতৃয়ে জন্মৰ সময়ত কেঁচুৱালৈ অতি কম হাৰত ডেংগু ভাইৰাছ বিয়পাব পাৰে।

ডেংগু ৰোগৰ লক্ষণ আৰু উপসৰ্গবোৰ-

সাধাৰণতে জীৱনত প্ৰথমবাৰৰ বাবে ডেংগু ভাইৰাছত সংক্ৰমিত হ’লে (Primary Infection)সৰহভাগে ৰোগৰ কোনো লক্ষণ বা উপসৰ্গ নেদেখুৱায়।কিছু সংখ্যকেহে ৰোগৰ লক্ষণ দেখুৱায়।এনে ক্ষেত্ৰত সুস্থ মানুহ এজনৰ শৰীৰত ডেংগুৰ ভাইৰাছ প্ৰৱেশ কৰাৰ পৰা লক্ষণ স্পষ্ট হোৱালৈ ৩ ৰ পৰা ১৪ দিন সময় লাগে যদিও বেছিভাগ ক্ষেত্ৰতে ৪ ৰ পৰা ৭ দিনতে লক্ষণ স্পষ্ট হয় আৰু লক্ষণবোৰৰ ৩ ৰ পৰা ৫ দিনলৈ থাকে।অন্য ভাইৰেল জ্বৰৰ লক্ষণৰ দৰেই জ্বৰ উঠা,শৰীৰৰ বিষ হোৱা,মুৰৰ বিষ হোৱা,ভোক কমি অহা আদি ডেংগুৰ লক্ষণ যদিও হঠাৎ তীব্ৰ জ্বৰ উঠা (জ্বৰ ১০৪ ডিগ্ৰী ফাৰেনহাইট),অতিমাত্ৰা মুৰৰ বিষ হোৱা,চকুৰ পিছফালে বিষ হোৱা,চকু লৰচৰ কৰিলে বা হেঁচি দিলে এই বিষ বেছি হোৱা,চকুৱে পোহৰ সহ্য কৰিব নোৱৰা হোৱা,মাংসপেশী আৰু গাঁঠিৰ প্ৰচণ্ড বিষ হোৱা,চকু ৰঙা পৰা,ডিঙিৰ সুৰসুৰণি হোৱা,অভোক আৰু অৰুচি হোৱা,বমি ভাব হোৱা,শৰীৰত চকলা-চকল ৰঙচুৱা দাগ আদি ডেংগু জ্বৰৰ বিশেষ লক্ষণ।শিশুৰ ক্ষেত্ৰত ইয়াৰ লক্ষণ পানীলগা জ্বৰ আৰু গেষ্ট্ৰ’এণ্টাৰাইটিছৰ দৰে একে।অতি কম অংশৰ ডেংগু ৰোগীৰ ক্ষেত্ৰত এই ৰোগবিধ “ডেংগু হেম’ৰেজিক জ্বৰ’ত পৰিণত হয়।ডেংগু হেম’ৰেজিক জ্বৰৰ লক্ষণ ডেংগু জ্বৰৰ দৰে একেই।কিন্তু ইয়াত নাক,মুখ,দাঁতৰ আলু আৰু ছালৰ ঘাঁ অংশৰে তেজ ওলোৱা,তেজ বমি হোৱা,পায়খানত তেজ যোৱা,ছালত চকলা-চকল ৰঙচুৱা দাগ হোৱা (পিটেকিয়া)আৰু আভ্যন্তৰীণ ৰক্তক্ষৰণ হয়।আভ্যন্তৰীণ ৰক্তক্ষৰণৰ বাবে অতিমাত্ৰাত পেটৰ বিষ হৈ ক্ৰমান্বয়ে বাঢ়ি যোৱা,ছাল শেঁতা আৰু শীতল হৈ পৰা,টোপনি আৰু অস্থিৰতাৰ ভাব হোৱা,তৃষ্ণা বাঢ়ি গৈ অণ্ঠ-কণ্ঠ শুকাই যোৱা,মুখমণ্ডল ঘামি অহা,স্নায়ু স্পন্দন দুৰ্বল হোৱা,উশাহ-নিশাহ লওঁতে কষ্ট হোৱা আদি।সাধাৰণতে দ্বিতীয়বাৰ ডেংগু ভাইৰাছত আক্ৰান্ত ব্যক্তিৰ ক্ষেত্ৰত জটিলতা অধিক হৈ ডেংগু শ্বক ছিন্দ্ৰম হয়।এনে ক্ষেত্ৰত ৰোগীৰ প্ৰচুৰ ৰক্তক্ষৰণ আৰু কেপিলাৰি লিকেজ ছিন্দ্ৰম হৈ যোৱা প্লাজমা লিকেজৰ বাবে বিপজ্জনকভাৱে ৰক্তচাপ কমি গৈ ৰোগীজন শ্বকত যাব পাৰে আৰু বুকু,পেট আদিত পানী জমা হোৱাৰ উপৰি বৃক্ক অচল হৈ প্ৰস্ৰাৱ নোহোৱা,এনেকেফেলোপেথী ,অৰ্গেন ফেইলাৰ হৈ জটিলতা হ’ব পাৰে।এনে হোৱা ৰোগীৰ মৃত্যু পৰ্যন্ত হোৱা দেখা যায়।

ডেংগু ৰোগৰ চিকিৎসা-

ডেংগুৰ বাবে কোনো সুনিৰ্দিষ্ট ঔষধ নাই।তথাপি ডেংগুৰ লক্ষণ শৰীৰত দেখা দিলে লগে লগে চিকিৎসকৰ পৰামৰ্শ লব লাগে।ৰোগীক Supportive আৰু Complication চিকিৎসা দিব পাৰি।বেছিভাগ ৰোগীকে চিকিৎসালয়ত ভৰ্তি কৰিব লগা নহয়।এনে ৰোগীক পুষ্টিকৰ,সহজে হজম হোৱা খাদ্য খাবলৈ দিয়াৰ লগতে ঘৰতে জিৰণি লৈ জ্বৰ কমোৱাৰ বাবে পেৰাচিটামল আৰু শৰীৰত পানীৰ পৰিমাণ সঠিক ৰখাৰ বাবে মুখেৰে যথেষ্ট পানী খাবলৈ দিয়া হয়।জ্বৰ কমাবলৈ প্ৰয়োগ কৰা দৰবৰ সৈতে বিষনাশক দৰব থাকিব নালাগে,কিয়নো এছপিৰিণ আৰু আইবুপ্ৰুফেন জাতীয় বিষনাশকে ৰক্তক্ষণৰ আশংকা বৃদ্ধি কৰে।এনে ৰোগীয়ে ঘৰত কিছদিন অকলশৰে আঁঠুৱাৰ তলত থাকিব লাগে,যাতে ৰোগীজনক কামুৰি মহে পুনৰ আন ব্যক্তিলৈ ডেংগু বিয়পাব নোৱাৰে।তেওঁলোকক চিকিৎসাকৰ্মীৰ তত্ত্বাৱধানত ৰাখিব লাগে,যাতে এলেহুৱা ভাব হোৱা,মুৰ্ছা যোৱা,অত্যন্ত পেটৰ বিষ হোৱা,শৰীৰ চেঁচা পৰা,সঘনাই বমি হোৱা,ছয় ঘণ্টামান প্ৰস্ৰাৱ নোহোৱা আদি লক্ষণবোৰ দেখা দিলে ৰোগীক তৎক্ষণাত চিকিৎসালয়ত ভৰ্তি কৰিব লাগে।ডেংগু ৰোগীৰ যদি ডায়েবেটিছ অথবা বৃক্কৰ ৰোগ আদি থাকে,চিকিৎসালয়ত ভৰ্তি কৰাব লাগে।জটিল ডেংগু ৰোগী আৰু ডেংগু হেম’ৰজিক জ্বৰত আক্ৰান্তক তৎক্ষণাত হাস্পতালত ভৰ্তি কৰি Dehydration কমাবলৈ আৰু পৰিপুষ্টি যোগান ধৰাৰ বাবে ছেলাইন দি ইলেক্ট্ৰ’লাইট আৰু মেটাবলিক ভাৰসাম্যহীনতা আঁতৰাব লাগে।ৰক্তক্ষৰণৰ বাবে Packed RBC সংচৰণ কৰাৰ উপৰি কেতিয়াবা প্লেটলেটৰ সংখ্যা কমিলে প্লেটলেট সংচৰণ কৰিব লাগিব পাৰে।ডেংগু শ্বক ছিন্দ্ৰম এক মেডিকেল জৰুৰীকালীন অৱস্থা,এনে অৱস্থাত ৰোগীক আই চি ইউত ৰাখি চিকিৎসা কৰিব লগাও হ’ব পাৰে।

লেখক:ডা: ধৰ্মকান্ত কুম্ভকাৰ (নিয়মীয়া বাৰ্তা)

3.02941176471
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top