মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / মূৰ বিষৰ বিষয়ে আমি কিমান জানো :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মূৰ বিষৰ বিষয়ে আমি কিমান জানো :

মূৰ বিষৰ বিষয়ে আমি কিমান জানো,তাৰ বিষয়ে লিখা হৈছে ।

 

'মূৰ থাকিলে মূৰৰ বিষ হবই'- কোনোবাই এনেকৈ কলে বা ভাবিলেও মূৰৰ বিষক নজনাকৈ অৱ্জ্ঞা কৰা মুঠেই সমিচীন নহয়৷ 'সাধাৰণ' বুলি ভবা মূৰৰ বিষৰ অন্তৰালত কেতিয়াবা গুৰুতৰ ৰোগ লুকাই থাকিব পাৰে৷ মোৰ সহপাঠী চিকিৎসক বন্ধু এজনৰ মতে আজিকালিৰ যান্ত্ৰিক জীৱন যাত্ৰাত বহুতে মূৰটোৰ প্ৰয়োগ নকৰে৷ মূৰৰ বিষ হলেহে লাওখোলাটোত কিবা এটা অংগ আছে তেওঁলোকে বুলি গম পায়৷ সি যি নহওক কিশোৰৰ পৰা বৃদ্ধাৱস্থালৈ জাতি-ধৰ্ম, দেশ-কাল নিৰ্বিশেষে পুৰুষ-মহিলা উভয়ৰে কেতিয়াবা নহয় কেতিয়াবা মূৰৰ বিষ হয়েই৷ আমাৰ লাওখোলাটোৰ ভিতৰৰ সিংহ ভাগ আৱৰি আছে মগজুৱে৷ কিন্তু আমোদজনকভাবে মগজুৰ কোনো বিষ অনুভৱ কৰিব পৰা কেন্দ্ৰ (Pain receptor) নাই৷ বিষ অনুভৱ কৰিব পৰা কেন্দ্ৰ থাকে মস্তিস্ক আৰু ডিঙিৰ মাংসপেশীত, মগজুৰ আৱৰণিত (মেনিঞ্জ), ফস্ক চেৰিব্ৰাইত, মস্তিস্কৰ পৰা ওলোৱা নাৰ্ভসমূহত, ৰক্তনলীসমূহত, কাণ-নাক-চকু-দাঁত-মূখত আৰু ব্ৰেইনষ্টেমত৷ এইবিলাকত থকা বিষৰ কেন্দ্ৰসমূহৰ মাধ্যমেৰে মানুহে মূৰৰ বিষ অনুভৱ কৰে৷ এই বিষ পাতল বা গভীৰ, মূৰতো হেঁচা মাৰি ধৰা ধৰণৰ বা ধপধপাই থকা বা ফাটো-ফাটো কৰা বা নানাধৰণৰ হব পাৰে৷ চিকিৎসকসকলে দুশৰো অধিক প্ৰকাৰৰ মূৰৰ বিষৰ ৰোগীৰ সন্মুখীন হয়৷ ইয়াৰে কিছুমান নিৰীহ বা কম অপকাৰী, কিন্তু আন কিছুমান অতি বিপদৰ বাৰ্তাবাহক হব পাৰে৷ সঘনাই হোৱা মূৰৰ বিষে ব্যক্তিজনৰ কাৰ্য্যদক্ষতা, পাৰস্পৰিক সম্বন্ধ আৰু সামাজিক জীৱনত বিৰূপ প্ৰভাৱ পেলাব পাৰে৷ এনেও হব পাৰেযে তেওঁ শাৰীৰিক-মানসিকভাৱে ক্লান্ত হোৱাৰ ওপৰিও হতাশাত (ডিপ্ৰেচন) ভূগিব পাৰে৷ মূৰৰ বিষৰ কিছুমান অতি গতানুগতিক (Common) কাৰক এইবিলাক হব পাৰে যেনে- শাৰীৰিক-মানসিক চাপ ( Stress), নিদ্ৰাহীনতা, চকুৰ সমস্যা, দাঁতৰ অসুখ, চাইনাচৰ-নাক-কাণৰ সমস্যা, ভাইৰাচৰ সংক্ৰমণ, মদ্যপাণ-ধূম্ৰপাণৰ পাৰ্শ্বক্ৰিয়া, দৰবৰ পাৰ্শ্বক্ৰিয়া, আকস্মিক জলবায়ুৰ পৰিবৰ্তনৰ সন্মুখীন হোৱা, বৰ খৰখেদাকৈ শীতল পানীয় গ্ৰহণ কৰা, মস্তিস্কৰ আঘাত আদি৷ মূৰৰ বিষৰ চিকিৎসাও সেয়ে কাৰণ বুজিহে কৰা সমীচিন৷

মূৰৰ বিষক দুটা গোটত ভগাব পাৰি -

প্ৰাথমিক (Primary )- বাৰে বাৰে হোৱা কিন্তু নিৰীহ, যাৰ অন্তৰ্নিহিত কোনো বিশেষ ৰোগ নাথাকে৷ ইয়াৰ উদাহৰণ হ'ল- মাইগ্ৰেইন, টেনচন হেডএক, ক্লাষ্টাৰ হেডএক৷ সঠিক কিদৰে এই ধৰণৰ মূৰৰ বিষ উৎপন্ন হয় তাক বিজ্ঞানীসকলে ঠাৱৰ কৰিব পৰা নাই, মাথো অনুমানত কিছু থিয়ৰি আগবঢ়াইছে৷ সাধাৰণতে ১৫ৰ বছৰৰ পৰা ৪০বছৰ বয়সত প্ৰাইমেৰী হেডএকৰ পোণপ্ৰথম আৰম্ভণি হয় ৷

চেকেণ্ডেৰী (Secondary ) - যাৰ অন্তৰ্নিহিত কোনো ৰোগ বা পৰিঘটনা থাকে ৷ ইয়াৰ উদাহৰণ হ'ল মস্তিস্কৰ আঘাত, ষ্ট্ৰক, সংক্ৰমণ ( এনকেফেলাইটিচ,মেনিনজাইটিচ), গ্লুকোমা , মগজুৰ টিউমাৰ, এঅ'ৰ্টিক এনিউৰিজম, টেম্পৰেল আৰ্টাৰাইটিচ আদি ৷ অৱশ্যে চেকেণ্ডেৰী হেডএক সকলো সময়তে জটিল ৰোগৰ পৰিচায়ক নহবও পাৰে ৷

মাইগ্ৰেইননো কি ?

সাধাৰণতে মাইগ্ৰেইনত মূৰৰ সন্মুখ ভাগত নতুবা মূৰৰ এফালত ফাটি যাব খোজা যেন বা ধপ-ধপোৱা ধৰণৰ বিষ অনুভৱ হয়৷ বমি-ওকালিও অনুভৱ হয়৷ ৰোগীয়ে শব্দ আৰু পোহৰ সহ্য কৰিবলৈ কষ্ট অনুভৱ কৰে৷ কোনো কোনোজন ৰোগীয়ে অসুখ হোৱাৰ পূৰ্বানুমান কৰিব পাৰে- যাক Aura বুলি কোৱা হয়৷ মাইগ্ৰেইনে কামত ব্যাঘাত জন্মায় আৰু কেইবাঘন্টাজুৰি চলি থাকে৷ কিশোৰ-কিশোৰী আৰু প্ৰাপ্তবয়স্ক সকলোৰে মাইগ্ৰেইন হব পাৰে৷ পুৰুষৰ তুলনাত মহিলাই মাইগ্ৰেইনত বেচিকৈ ভোগা পৰিলক্ষিত হয়৷ মগজুৰ স্নায়ুৰ বিজুতিৰ ফলত মাইগ্ৰেইন হয় বুলি বিজ্ঞানীসকলে ভাবে৷

মাইগ্ৰেইনৰ উপশম ঘটাবলৈ ব্যৱহৃত ঔষধসমূহ হ'ল  -

*বিষনাশক- এচপ্ৰিণ, আইব্ৰুপ্ৰফেন, পেৰাচিটামল, মেফেনেমিক এচিড, নেপ্ৰস্কেন, ইণ্ডোমিথাচিন আদি৷

*ট্ৰিপ্নান আৰু আৰ্গোটামিন জাতীয় ঔষধে ৰক্তপ্ৰবাহী নলীৰ সংকোচন ঘটাই বিষৰ উপশম যোগায়৷

*বমিৰোধক দৰব- মেটক্লপামাইড, ডমপেৰিডন৷

*নাৰ্কটিক-পেথেডিন, মৰফিন, ফৰ্টৱিন আদি৷ সতৰ্ক নহলে এইবিলাকৰ ৰোগী অভ্যস্ত (Addict)হব পাৰে ৷

*ষ্টেৰইড- ডেক্সামিথাচন, প্ৰেডনিচলন ৷

মাইগ্ৰেইন প্ৰতিৰোধকাৰী -

*বিটাব্লকাৰ

*কেলচিয়াম চেনেল ব্লকাৰ

*এন্টিডিপ্ৰেচেন্ট

*চিজাৰ প্ৰতিৰোধক

*ব'টস্ক

টেনচন হেডএক-

বিশ্বস্বাস্থ্য সংস্থাৰমতে প্ৰতি কুৰিজনৰ ভিতৰত এজন ব্যক্তিয়ে টেনচন হেডএকত ভোগে৷ গোটেই মূৰটো টানকৈ কিহবাই বান্ধি ৰাখিছে যেন ৰোগীয়ে অনুভৱ কৰে৷ ৰোগীৰ কামত ব্যাঘাত সৃষ্টি হয় আৰু কেই মিনিটৰ পৰা কেইবা ঘন্টালৈ টেনচন হেডএক চলি থাকিব পাৰে৷ ডিহাইড্ৰেচন, মানসিক-শাৰীৰিক চাপ, অনাহাৰ, অনিদ্ৰা, অতিমাত্ৰা বিষনাষক দৰবৰ ব্যৱহাৰ আদিৰ ফলত সচৰাচৰ টেনচন হেডএক হোৱা দেখা যায়৷ উল্লেখযোগ্যযে টেনচন হেডএকৰ তুলনাত মাইগ্ৰেইনত ভোগা ৰোগীৰ সংখ্যা কম ৷

ক্লাষ্টাৰ হেডএক -

অতি কম সংখ্যকলোক এই প্ৰকাৰৰ মূৰৰ বিষত ভোগে৷ সাধাৰণতে এটা চকুৰ চৌদিশে তীব্ৰ বিষ অনুভৱ হয় আৰু একে সময়তে নাকৰ আৰু চকুৰ পানী আপুনাআপুনি বয়,নাক সোপা মাৰি ধৰে,চকু ৰঙা পৰে৷ নিতৌ দিনটোৰ একে সময়তে ৩০ৰ পৰা ৯০মিনিট ধৰি এনে অৱস্থা চলি থাকে৷ কাচিৎ কোনোজন ৰোগীৰ দিনটোত একাধিকবাৰ এনে হয়৷ কিশোৰ অৱ্স্থাত আৰম্ভ হোৱা এই ৰোগ মধ্য বয়সলৈকে চলি থাকে৷ মাজে মাজে কেইবামাহো অসুখ নোহোৱা অৱস্থা একোটা অতিবাহিত হয়৷ কিছুমান পৰিয়ালত এই ৰোগ চলি থকালৈ চাই ক্লাষ্টাৰ হেডএকৰ সৈতে বংশগতিৰ সম্ভাৱনা নুই কৰিব নোৱাৰি৷ ৰোগী যন্ত্ৰণাকাতৰহৈ অধৈৰ্য্য হৈ পৰে ৷ বিষত অতীষ্ঠহৈ নিজৰ মূৰটো পকীবেৰত খুন্দিয়াবৰ উপক্ৰম হয়৷ আনকি এনে কষ্ট খাই থকাতকৈ মৰি যোৱাই ভাল বুলিও কিছুমান ৰোগীয়ে ভাবে৷ মদ, চিগাৰেট, চকলেট, নাইট্ৰগ্লিচাৰিন দৰব আদিৰ ব্যৱহাৰ কৰোতাই ক্লাষ্টাৰ হেডএকত বেচিকৈ ভোগে৷ ক্লাষ্টাৰ হেডএকৰ চিকিৎসা আন মূৰৰ বিষৰ তুলনাত কঠিন৷ প্ৰেডনিচলন, আৰ্গটামিন আৰু লিথিয়াম ব্যৱহাৰ কৰি অসুখ প্ৰতিৰোধ কৰিব পাৰি৷ আনহাতে অক্সিজেন, ট্ৰিপ্টামাইন, লিগনকেইন এনাচথেটিক বেজীৰ দ্বাৰা ৰোগীক চিকিৎসা কৰা হয়৷


হৰমোন হেডএক -

মহিলাসকলৰ মূৰৰ বিষৰ ক্ষেত্ৰত প্ৰায়বিলাকৰ হৰমোনৰ প্ৰভাৱ পৰিলক্ষিত হয়৷ গৰ্ভাৱস্থা, ৰজোনিবৃতি (মেনুপ'জ) আৰু গৰ্ভনিৰোধক পিল খাই থকা মহিলাৰ মূৰৰ বিষ সহজে হোৱাৰ কাৰণ হ'ল হৰমোনৰ প্ৰভাৱ ৷মূৰৰ বিষৰ সঘনাই দৰব খোৱাসকলৈ এটি সতৰ্কবাণী : -বজাৰত উপলব্ধ মূৰৰ বিষৰ দৰবৰ পৰা হব পৰা পাৰ্শ্বক্ৰিয়া – এচপ্ৰিন, ডিচপ্ৰিন, এনাচিন, চেৰিডন- গেষ্ট্ৰাইটিচ, পাকপ্ৰণালীৰ ৰক্তক্ষৰণ ৷ শিশুৰ লিভাৰ আৰু মগজুৰ ক্ষতিসাধন কৰা ৰেই'জ চিনড্ৰম ৰোগ ৷

ইফিড্ৰিন,কেফেইন -

বুকুৰ ধপধপনি, মানসিক অস্থিৰতা৷ এন্টি এলাৰ্জিক দৰব- মূৰঘূৰণি, নিদ্ৰা৷
গতিকে যি কোনো দৰবেই চিকিৎসকৰ সৈতে পৰামৰ্শ কৰিহে সেৱন কৰাটো নিৰাপদ ৷ মূৰৰ বিষক কেতিয়া গুৰুতৰ (চিৰিয়াচ) বুলি গণ্য কৰিব ?

মূৰৰ বিষৰ ধৰণ (পেটাৰ্ণ) আগৰ তুলনাত সলনি হোৱা ৷

*সময়ত অতিবাহিত হোৱা স্বত্বেও মূৰৰ বিষ নকমি বাঢ়ি যোৱা

*মস্তিস্কৰ আঘাতৰ ফলত হোৱা মূৰৰ বিষ ৷

*ডিঙিৰজঠৰতা,বমি,ওকালি, জ্বৰ,চকুৰ বিষ লগত থাকিলে ৷

*২৪ঘন্টা অতিবাহিত হোৱা মূৰৰ বিষ ৷

*কেন্দ্ৰীয় স্নায়তন্ত্ৰৰ লগত জড়িত লক্ষণ থকিলে(যেনে স্মৃতিশক্তি লোপ পোৱা,ভ্ৰম, বাকশক্তিৰ বিজুতি, দৃষ্টিৰ বিজুতি, দূৰ্বলতা,পেৰালাইচিচ, অতিমাত্ৰা জ্বৰ আদি ৷মূৰৰ বিষৰ ৰোগীক কি কি পৰীক্ষা কৰাৰ প্ৰয়োজন ?ৰোগীৰ হিষ্ট্ৰী আৰু প্ৰাথমিক পৰীক্ষাৰ যোগেদি চিকিৎসকে এটি আভাস ঠাৱৰ কৰি মূৰৰ বিষৰ কাৰণ ঠিৰাং কৰাৰ উদ্দেশ্যে যাবতীয় তেজ,প্ৰসাব, চেৰিব্ৰস্পাইনেল ফ্লোইড, এক্সৰে, ইচিজি, আলট্ৰাচাউণ্ড, চিটি-এমআৰআই স্কেন আদি পৰীক্ষাৰ প্ৰয়োজন হব পাৰে ৷

মূৰৰ বিষৰ কেইটিমান প্ৰাথমিক প্ৰতিবিধান -

*ধ্যান আৰু যোগৰ সহায়ত মানসিক চাপ কমাবৰ প্ৰয়াস কৰক ৷

*নিজৰ খং,উত্তেজনা, দুশ্চিন্তা কোনো নিৰ্ভৰযোগ্য ব্যক্তিৰ সৈতে শ্বেয়াৰ কৰক ৷

*নিতৌ সন্তুলিত আহাৰ আৰু পৰ্য্যাপ্তপৰিমাণৰ পানী খাওক ৷

*মদ্যপাণ,ধূম্ৰপাণ আৰু যি কোনো ৰাগিয়াল দৰব পৰিহাৰ কৰক ৷

*একেসময়তে নিতৌ ৭-৮ঘন্টা নিদ্ৰা যোৱাৰ অভ্যাস কৰক ৷

*নিয়মীয়া চকু পৰীক্ষা কৰাব ৷

*ম'বাইল আৰু কম্পিউটাৰৰ কামৰ মাজৰ পৰা চকু আৰু দেহক বিশ্ৰাম দিয়াৰ অভ্যাস গঢ়ি তোলক৷

*দৰবৰ অতিমাত্ৰা সেৱন পৰিহাৰ কৰি চলক ৷

*সুস্বাস্থ্যৰ বাবে অসমীয়া ঘৰুৱা বনৌষধি, শাক-পাত, থলুৱা খাদ্য মাজে মাজে গ্ৰহণ কৰক ৷

*নিৰাশাবাদী নহব,সদায় যোগাত্মক চিন্তা কৰক ৷

*সুস্থ জীৱনশৈলী মানি চলক ৷

লেখক: ডাঃ ভূপেন শইকীয়া

3.125
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top