মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / মূৰৰ বিষৰ কাৰণ আৰু প্ৰতিৰোধৰ উপায়
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মূৰৰ বিষৰ কাৰণ আৰু প্ৰতিৰোধৰ উপায়

মূৰৰ বিষৰ কাৰণ আৰু প্ৰতিৰোধৰ উপায় লিখা হৈছে

পৃথিৱীৰ সকলো লোকৰে জীৱনৰ কোনোবা নহয় কোনোবা এটা দিনত মূৰৰ বিষ হয় আৰু কোনো কোনো লোকৰ ক্ষেত্ৰত ই হৈ পৰে এটা নিয়মিতভাৱে যন্ত্রণা দিয়া ৰোগ। প্ৰতিটো পৰিয়ালৰ ঔষধৰ তালিকাত এই সমস্যাৰ বাবে ‘এছপিৰিণ’ থাকেই। কেতিয়াবা কেতিয়াবা বেমাৰটো সাধাৰণভাৱে হয়, কেতিয়াবা ইমানেই তীব্ৰভাৱে হয় যে চিকিৎসকৰ পৰামর্শ নোলোৱাকৈ থাকিব নোৱাৰিi। মাজে-সময়ে মূৰ বিষালে তেনে কোনো বিশেষ চিন্তা কৰিবলগীয়া নেথাকে। এটা এছপিৰিণ খালেই বিষ নাইকিয়া হয়। কিন্তু সঘনাই মূৰৰ বিষ হৈ থাকিলে এছপিৰিণ খাই থাকিলে নহ’ব। অন্তর্নিহিত কোনো ৰোগৰ বাবে এনেধৰণৰ বিষ হ’ব পাৰে। এনে ক্ষেত্ৰত চিকিৎসকৰ পৰামর্শ অবিহনে এছপিৰিণ খোৱাটো বিপজ্জনক হ’ব পাৰে। যদি সপ্তাহত দুবাৰতকৈ অধিক মূৰৰ বিষ হয় আৰু তিনি মাহতকৈ অধিক বেছি দিনলৈ বিষ থাকে, তেনেহ’লে ৰোগটোৰ প্ৰতি গুৰুত্ব আৰোপ কৰি চিকিৎসকৰ পৰামর্শ লোৱা উচিত।

আটাইতকৈ বেছিকৈ হোৱা মূৰৰ বিষ হ’ল-‘টেনচন হেডেক’ বা উদ্বেগজনিত মূৰৰ বিষ-

 

অত্যধিক উদ্বেগ, চিন্তা আৰু প্রকাশ কৰিব নোৱাৰা উত্তেজনাৰ ফলত এইধৰণৰ মূৰৰ বিষ সৃষ্টি হয়। অতীজত এই ধৰণৰ মূৰৰ বিষ হৈছিল নে নাই সন্দেহ। মূৰৰ বিষ হ’লে মানুহজন খিংখিঙীয়া হয় আৰু নিজে কোনো কথা ক’বলৈ ইচ্ছা নকৰে, লগতে কাষৰ মানুহেও যেন একো কথা নকয়, তাৰে কামনা কৰে। কর্মক্ষেত্রৰ ‘বছ’ৰ লগত সম্পর্ক ৰক্ষাত সমস্যা বা ঘৰ-মাটিৰ বাবদ মাহেকীয়া কিস্তি আদায় দিয়াৰ চিন্তাৰ বাবে এনেধৰণৰ মূৰৰ বিষ হয়। এইবোৰ চিন্তাৰ ফলত মস্তিষ্ক উত্তেজিত হয় আৰু প্রয়োজনতকৈ অধিক তেজ মগজুলৈ প্রবাহিত হয় বাবেই মূৰৰ বিষ হয়। মূৰৰ কৰোটিৰ মাংসপেশীও কঠিন হৈ উঠে আৰু বিষ বৃদ্ধি কৰে। এইধৰণৰ মূৰৰ বিষ সাধাৰণতে দিনৰ শেষৰ ফালে কিছু সহায় কৰে আৰু স্নায়ুৰ উত্তেজনা শান্ত কৰে। কপালৰ দুই কাষে থকা ধমনীৰ আশে-পাশে লাহে লাহে টিপিলে মাংসপেশী শিথিল হৈ মূৰৰ বিষ কমি যায়।

কিছুমান লোকে কপালত মলমেৰে মালিচ কৰে আৰু এই ব্যৱস্থা ক্ষতিকাৰক নহয়। বিশেষভাৱে গৰ্ভাৱস্থাত ঔষধ খাব নোৱাৰা মহিলাসকলৰ বাবে এই ব্যৱস্থা ভাল। সাধাৰণতে গৰ্ভাৱস্থাত ঔষধ যিমান কমকৈ খোৱা যায় সিমানেই ভাল, কাৰণ বিভিন্ন ঔষধ খোৱাৰ ফলত ভ্ৰূণৰ ক্ষতি হ’ব পাৰে। মলমত এবিধ উত্তেজক পদার্থ থাকে, যি দেহৰ ছালক উত্তেজিত কৰে।

এই আচৰিত ফলাফলক ‘বিপৰীত উত্তেজনা’ (কাউণ্টাৰ ইৰিটেচন) বুলি কোৱা হয় আৰু মলমত থকা উত্তেজক পদাৰ্থবিধক কোৱা হয় ‘বিপৰীত উত্তেজক”। যিবিলাক বিপৰীত উত্তেজক মলমৰ ব্যৱহাৰ কৰা হয়, সেইবিলাক হ’ল তাৰ্পিন তেল, মিথাইল চালিচিলেট আৰু মেনথল| উত্তাপে ভাল বিপৰীত উত্তেজক আৰু সেইবাবেই গৰম পানীৰ সেক আৰু উত্তাপ সৃষ্টি কৰা অৱলোহিত (ইনফ্রাৰে'ড) ৰশ্মি আৰ্থ্ৰাইটিছ যথেষ্ট জনপ্রিয়। কেতিয়াবা স্কুলৰ পৰা অহাৰ পিছত বা কিছুসময় পঢ়া-শুনা কৰাৰ পিছত ল’ৰা-ছোৱালীবিলাকে মূৰৰ বিষ হোৱা বুলি কৈ থাকে। বহুতে ভাৱে যে এয়া টেনচনজনিত মূৰৰ বিষ। চকুৰ প্রতিসাৰী ত্রুটিৰ ফলত এনেধৰণৰ বিষৰ সৃষ্টি হয় আৰু তাৰ কাৰণে চশমাৰ প্রয়োজন হয়। শিশুটিয়ে যদি শ্রেণীৰ পিছৰ বেঞ্চত বহে আৰু সন্মুখৰ বোর্ডখন ভালদৰে দেখা নাপায়, তেতিয়া স্পষ্টকৈ বুজা যায় যে তেওঁৰ দৃষ্টিশক্তি দুর্বল হৈছে। এইধৰণৰ শিশুক লগে লগে চিকিৎসকক দেখুৱাব লাগে। চিকিৎসকে দূৰত ৰখা এক চাৰ্টৰ পৰা তেওঁক কিছুমান আখৰ পঢ়িবলৈ দিয়ে আৰু ইয়াৰ দ্বাৰা শিশুটিক চকুৰ ক্ষমতা পৰীক্ষা কৰে। পৰীক্ষাৰ পিছত কিবা ত্রুটি ধৰা পৰিলে চিকিৎসকে চশমা দিলেই মূৰৰ বিষ নাইকিয়া হৈ যাব।

বয়োজ্যেষ্ঠ ব্যক্তিসকলে প্রায়েই ঘন ঘনকৈ যে মূৰৰ বিষত আক্ৰান্ত হয় আৰু এনে অনুভৱ হয় যে মূৰৰ ভিতৰত যেন কিবা এটা কঁপিছে। আগবেলাৰ সময়ত আৰু আগফালে হাউলিলে বিষ বেছি হয়। এই ধৰণৰ মূৰৰ বিষৰ বাবে ৰক্তচাপ পৰীক্ষা কৰোৱা প্রয়োজন, কাৰণ এইবিলাকেই ৰক্তচাপ বেছি হোৱাৰ লক্ষণ। আৰু সেয়াই যদি হয়, ৰক্তচাপ হ্রাস কৰিবলৈ গোটেই জীৱনতে চিকিৎসকৰ পৰামৰ্শমতে ঔষধ খোৱাটো অৱধাৰিত হৈ পৰে।

মূৰৰ বিষে যি ইংগিত দিয়ে আৰু সেই বিষ অৱজ্ঞা কৰিলে শৰীৰৰ কি ক্ষতি হ’ব পাৰে, সেই বিষয়ে কিছু কথা জানি থোৱা ভাল। অধিকাংশ ক্ষেত্ৰতে, মূৰৰ বিষ কোনো ৰোগ নহয়। এই বিষ অন্তর্নিহিত কোনো ৰোগৰ ইংগিতো হ’ব পাৰে। সেয়ে মূৰৰ বিষ অৱজ্ঞা কৰাটো অবিবেচকৰ কাম|

মূৰৰ বিষে কি ধৰণৰ ইংগিত দিয়ে ?

মহিলাসকলৰ ক্ষেত্ৰত ঋতু স্ৰাৱৰ কেইসপ্তাহমান আগৰ পৰাই মূৰৰ বিষ হ’ব পাৰে। সেইকাৰণে ইয়াক কোৱা হয় ‘প্রাক ঋতুস্ৰাৱ মূৰৰ বিষ|” এই সময়ত দেহত অত্যধিক তৰল পদার্থ জমা হয়| ইয়াৰ উপৰিও, হৰমোনজনিত পৰিৱর্তনো আন এটা কাৰণ হ’ব পাৰে। এইক্ষেত্ৰত চিকিৎসকে ৰোগীক এনে এবিধ মুত্রবর্ধক ঔষধ দিব পাৰে, তাৰ ফলত দেহৰ অতিৰিক্ত তৰল পদার্থ মূত্রৰ সৈতে ওলাই যায়।

কেতিয়াবা শিশুসকলে অস্থিৰ হৈ কান্দে আৰু কোলাত লৈ আদৰ কৰিলেও কন্দোন বন্ধ নহয়। এই ধৰণৰ কান্দোনৰ বিভিন্ন কাৰণ থাকিব পাৰে। সেইবিলাকৰ ভিতৰত মূৰৰ বিষ অন্যতম। এই ক্ষেত্ৰত চিকিৎসকসকলে শিশুৰ ডিঙি আৰু কাণ খুব ভালদৰে পৰীক্ষা কৰি চায়- কিবা সংক্ৰমণ হৈছে নেকি, সেই কথা জানিবৰ বাবে। সেইবিলাক অংগত সংক্রমণ হ’লে শিশুৰ মূৰ আৰু অন্যান্য ঠাইত বিষ হ’ব পাৰে।

ৰোগ আৰু ক্ষয় হোৱা দাঁতৰ বাবেও মূৰৰ বিষ হ’ব পাৰে৷ সাধাৰণতে অধিকাংশ মূৰৰ বিষেই হ’ল ‘আৰোপিত বিষ' (ৰেফার্ড পেইন)। যেতিয়া দেহৰ কোনো এক বিশেষ অংগৰ ৰোগ যন্ত্ৰণাৰ সৈতে অন্য কোনো দূৰৱৰ্তী অংগৰ সম্পৰ্ক থাকে, তেতিয়া তাক ‘আৰোপিত বিষ’ বোলা হয়। এইধৰণৰ বিষৰ সঠিক উদাহৰণ হ’ল ‘এঞ্জাইনা’ বিষ। এই বিষ কেৱল বুকুৰ বাওঁ ফালেই নহয়, গোটেই বাওঁহাততেই বিয়পি পৰে।

আমাৰ দেহৰ যিবিলাক স্নায়ুয়ে মস্তিস্কলৈ বিষৰ অনুভূতি কঢ়িয়াই নিয়ে, সেইবিলাক বহু ডালপাত থকা গছৰ নিচিনা। অনুবীক্ষণ যন্ত্ৰৰে চালে এটি মাত্র স্নায়ু কোষকো এডাল গছ যেন দেখা যাব। স্নায়ুৰ বিভিন্ন শাখাক কোৱা হয়, 'ডেণ্ড্ৰাইট' বুলি ইয়াৰ মূল গ্ৰীক শব্দ 'ডেণ্ড্ৰন’ অর্থাৎ গছ।

উদাহৰণস্বৰূপে ধৰক ‘ট্রাইজেমিনাল’ স্নায়। এই স্নায়ুৱে মূৰ আৰু মুখৰ বিভিন্ন ভাগৰ বিষৰ অনুভূতি বহন কৰে। মুখৰ কোনো এক বিশেষ অংশত বেদনাৰ উদ্রেক হয়, তেতিয়া সহজেই মানি ল’ব পাৰি যে বিষটো মুখৰ অন্য কোনো অংশত বা গোটেই মুখত বা মূৰত হৈছে। এনেধৰণৰ নানা উদাহৰণ আছে, য’ত যন্ত্ৰণাবোধ হয় মূৰৰ আৰু তাৰ পৰাই মূৰৰ বিষ হয়।

মূৰৰ বিষৰ আৰু এটা কাৰণ হ’ল হাড়ৰ ক্ষয়, যাক বৈজ্ঞানিক ভাষাত ‘স্পণ্ডিলোচিছ’ বুলি কোৱা হয়। কাণৰ ভিতৰত অৱস্থিত বিভিন্ন গঠনৰ প্ৰদাহ আৰু কাণৰ ঠিক পিছফালে অভিক্ষিপ্ত হাড়ৰ কাৰণেও প্রদাহজনিত মূৰৰ বিষ হয়।

মাৰাত্মক আৰু উগ্ৰ মূৰৰ বিষ হ’ল ‘মাইগ্রেন”। ইয়াৰ বহুল আলোচনাৰ অতি প্রয়োজন। মূৰৰ বিষৰ লগতে থাকে বমি বমি ভাব বা বমি, দৃষ্টি আৰু শুনাত অসুবিধাৰ সন্মুখীন হোৱাৰ লগতে কথাও অস্পষ্ট হৈ পৰে। মূৰৰ আধা অংশতে বিয়পি পৰে বা কেতিয়াবা গোটেই মূৰতে বিষ হ’ব পাৰে। এইধৰণৰ মূৰৰ বিষত শতকৰা পাঁচজন লোক আক্রান্ত হয়| এই ৰোগ সাধাৰণতে মহিলাসকলৰেই বেছিকৈ হয় আৰু বংশানুক্রমিকভাৱে হোৱাৰ সম্ভাৱনা থাকে।

বিশেষ বিশেষ ক্ষেত্ৰত, মাইগ্ৰন হোৱাৰ আগতে পূর্বানুমান হয়। তেতিয়া দৃষ্টি বিভ্রম হয়। ফলত উজ্জ্বল আলোক কণা বা আঁক-বাঁক পোহৰৰ ৰেখা দুচকুৰে দেখা যায়। কেইমিনিট মানৰ ভিতৰতে মুখ, হাত আৰু ভৰি দুৰ্বলতাত কঁপে আৰু অৱশ হ’বলৈ আৰম্ভ কৰে। এইবোৰৰ সৈতে বিভ্রান্তি আৰু গা ৰাইজাই কৰা লক্ষণ দেখা যায়৷ কথাও কিছু অস্পষ্ট হৈ যাব পাৰে। কেইমিনিটমানৰ ভিতৰতে এই সকলো উপসর্গ শৰীৰৰ এটা অংশৰ পৰা বিভিন্ন অংশলৈ বিয়পি পৰিব পাৰে। এই সকলো উপসৰ্গ নাইকিয়া হোৱাৰ পিছত প্রচণ্ড কঁপনিৰে মূৰৰ বিষ হয়। এই বিষ মূৰৰ বিপৰীত দিশেও অনুভৱ হ’ব পাৰে।

প্ৰায় সকলো ৰোগীৰে পোহৰ সহ্য নহয় আৰু পোহৰ নুমুৱাই দিয়াৰ ইচ্ছা হয়। বমিৰ ভাব হয়, হয়, বমিও হ'ব পাৰে। শিশুসকলৰ ক্ষেত্ৰত মূৰৰ বিষ হওক বা নহওক পেটৰ বিষ হয়। ইয়াক কোৱা হয়, ‘উদৰিক মাইগ্রেন’ (এবডোমিনেল মাইগ্ৰেন)। মাইগ্রেনৰ বিষ কেইঘণ্টামানৰ পৰা কেইদিনমানলৈ হ’ব পাৰে। ৰোগৰ আক্ৰমণ সপ্তাহত দুই-তিনিবাৰো হ’ব পাৰে।

মূৰৰ বিষত এছপিৰিণৰ ব্যৱহাৰ

 

মাইগ্রেনৰ ক্ষেত্ৰত সিমান উপকাৰী নহ'লেও অন্যান্য মূৰ বিষত এছপিৰিণ এতিয়াও চিকিৎসাৰ মূল ঔষধ হৈ আছে। গোটেই পৃথিৱীতে এছপিৰিণ খুবেই সস্তা, নিৰাপদ আৰু বিস্তৃতভাৱে ব্যৱহাৰ কৰা ঔষধ। চিকিৎসকৰ মতে সম্পূৰ্ণ ঔষধী অস্ত্ৰ-শস্ত্ৰৰ মাজত এছপিৰিনেই ব্যাপকভাৱে ব্যৱহার্য অতি প্রয়োজনীয় ঔষধ। সেয়াই নহয়, ই হ’ল প্রাচীনতম ঔষধ, যিটো মানুহে দীর্ঘকাল ধৰি ব্যৱহাৰ কৰি আহিছে। বিশুদ্ধ এছপিৰিণ যদিও উদ্ভিদৰ নিৰ্বাসৰ পৰা প্রস্তুত কৰা এই ঔষধ বিষ যন্ত্ৰণা কমাবলৈ আদিম কালৰে পৰাই ব্যৱহৃত হৈছে। এছপিৰিণ নামটো আহিছে এবিধ উদ্ভিদৰ পৰা, যাৰ নাম হৈছে— ‘স্পিৰাইবা”। ইয়াৰ উপৰিও এছপিৰিণ পোৱা যায় নানা ধৰণৰ গুল্ম, গুটি, আৰু কিছুমান গছৰ পৰা। ক্রিকেট বেট তৈয়াৰৰ বাবে প্ৰসিদ্ধ উইলো গছৰ ৰসৰ পৰা মূৰৰ বিষ ভাল হয় বুলি হিপোক্ৰেটিছে খ্ৰীষ্টপূৰ্ব চতুৰ্থ শতিকাতে কৈছিল।

কিন্তু এছপিৰিণৰ পৰা বিপদো হ’ব পাৰে। কিছু পৰোক্ষ প্রতিক্রিয়াও হ’ব পাৰে। মূৰৰ বিষ নোহোৱাকৈ ৰাখিবলৈ চেষ্টা কৰাই ভাল। ‘ৰিলেক্স’ অভ্যাস কৰিলে উত্তেজনাজনিত মূৰৰ বিষ বন্ধ হয়। “ৰিলেস্কেচন”ৰ কাৰণে বহুতো ব্যায়াম আছে। গোটেইবিলাকৰ কথা কোৱাটো সম্ভৱ নহয়। এটা খুব সহজ উপায় হ’ল, টেলিফোনৰ ৰিচিভাৰ নমাই ৰাখক বা মোবাইল ফোন বন্ধ কৰি ৰাখক | সকলো কামৰ পৰা বিৰতি লোৱাৰ এটা সময় ঠিক কৰি লওক। সাধাৰণতে ৰাতিপুৱা বা সন্ধিয়া সময়েই সকলোতকৈ ভাল। খোৱাৰ পিছত কেতিয়াও ব্যায়াম নকৰিব। আদি খুলি অলস অৱস্থাত বহক, মনৰ পৰা সকলো উদ্বেগ, সমস্যা দূৰ কৰি নিয়মিতভাৱে শ্বাস লওক। নিশ্বাস সুস্থিৰ হ’লে মনলৈ এনে চিন্তা অনাৰ চেষ্টা কৰক যাতে মনটো উৎফুল্লিত হৈ উঠে। এইবিলাক সঠিকভাৱে কৰিব পাৰিলে টান হৈ থকা মাংসপেশী শিথিল হয়। এইদৰে গোটেই দেহৰ বিভিন্ন অংগক শিথিল কৰক। ভৰিৰ পৰাই আৰম্ভ কৰক। ভৰিৰ আগৰ মাংসপেশী টান কৰি দহ ছেকেণ্ডৰ পিছত শিথিল কৰক আৰু ভাল লগা কথা বা ঘটনা এটা ভাবক। এইদৰে গোটেই দেহৰ বিভিন্ন অংগ-প্রত্যংগক টেনচনৰ পৰা মুক্ত কৰক। দহ মিনিটমান এইদৰে কৰাৰ পিছত, দহ মিনিটমান হাত-ভৰি শিথিল কৰি কম্বলৰ ওপৰতে শুই বা বহি থাকক। তাৰ পিছত লাহে লাহে উঠি নিজৰ স্বাভাৱিক কাজ-কৰ্ম আৰম্ভ কৰক।

আপুনি বিশ্বাস নকৰিলেও এইদৰে ৰিলেক্স হোৱাৰ অভ্যাস কৰিলে মূৰৰ বিষ দূৰ হোৱাত অধিক সহায় হ’ব। যদি ধূমপায়ী হয়, তেন্তে ধূমপান বর্জন কৰক, কাৰণ ধূমপানৰ ফলত মূৰৰ বিষ বাঢ়ে। চাহ, কফি খোৱাটো যিমান সম্ভৱ কম কৰক আৰু মদ্যপান পৰিহাৰ কৰক। সুনিয়ন্ত্রিত আৰু শিথিল জীৱনশৈলীয়ে এই গুৰুতৰ ৰোগৰ পৰা মানুহক মুক্তি দিব পাৰে।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন (ডাক্তৰ ভূপেন শইকীয়া)

3.10526315789
ডাক্তৰ ভূপেন শইকীয়া Dec 02, 2018 01:43 PM

এই ৰচনাখন মোৰ৷ আন ঠাইৰ পৰা সংগ্ৰহ কৰিলেও মোৰ নাম লিখক বুলি যোগ দিয়াটো বিচাৰোঁ৷ বিকাশপেডিয়াত মোৰ বহুত অবদান বিচাৰিলেই পাব৷ধন্যবাদ৷

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top