মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / মৃগীৰোগ আৰু ইয়াৰ বাবে ল’বলগীয়া সাৱধানতা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মৃগীৰোগ আৰু ইয়াৰ বাবে ল’বলগীয়া সাৱধানতা

 

মৃগীৰোগ অতি পুৰণিকলীয়া ৰোগ।অতীতৰ পৰাই এইবিধ ৰোগত মানুহে ভুগি আহিছে

বৰ্তমান আধুনিক চিকিৎসা বিজ্ঞানৰ সহায়ত এই ৰোগৰ চিকিৎসা অতি সুকলমে কৰিব পৰা হৈছেগৈ।বিশ্বত ৫০ নিযুতৰো অধিক লোক মৃগীৰোগত আক্ৰান্ত হয়।এই ৰোগৰ ব্যাপকতাৰ প্ৰতি লক্ষ্য ৰাখি ১৯৯৭ চনত বিশ্ব স্বাস্থ্য স্ংস্থ্যা,ইণ্টাৰনেচনেল লিগ এগেইনষ্ট,এপিলেন্সি,ইণ্টাৰনেচনেল ব্যুৰো অফ এপিলেন্সিৰ যৌথ সহযোগত সমগ্ৰ বিশ্বত মৃগীৰোগৰ বিৰুদ্ধে সজাগতা অভিযান চলোৱা হয়।ইয়াৰ অংশ হিচাপে প্ৰতি বছৰে নৱেম্বৰ মাহৰ ১৭ তাৰিখে বিশ্বৰ প্ৰতিখন ৰাষ্ট্ৰতে ‘ৰাষ্ট্ৰীয় মৃগীৰোগ দিৱস’পালন কৰা হয়।ৰাষ্ট্ৰীয় মৃগীৰোগ দিৱস পালন কৰাৰ উদ্দেশ্য হৈছে মৃগীৰোগৰ চিকিৎসা প্ৰতিৰোধ সন্দৰ্ভত মানুহৰ মাজত সজাগতা সৃষ্টি কৰা।

উল্লেখ্য যে ভাৰতত অতি নগণ্য সংখ্যক মৃগীৰোগীয়েহে উপযুক্ত চিকিৎসা লাভ কৰে।ভাৰতত বিভিন্ন ঠাইত এই ৰোগৰ বিশেষ চিকিৎসা কেন্দ্ৰৰ সুবিধা আছে যদিও ৩৫ ৰ পৰা ৯০ শতাংশ ৰোগীয়ে আজিও উপযুক্ত চিকিৎসা লাভ নকৰে।

মৃগীৰোগৰ চিকিৎসাৰ পৰা বঞ্চিত হোৱাৰ ক্ষেত্ৰত কেইটিমান সামাজিক কাৰকো জড়িত হৈ থাকে।যেনে-উপযুক্ত শিক্ষাৰ অভাৱ,কৰ্ম সংস্থাপনহীনতা,পাৰিবাৰিক আৰ্থিক সমস্যা আদি।

নৱেম্বৰৰ ১৭ তাৰিখে ৰাষ্ট্ৰীয় মৃগীৰোগ দিৱস পালন কৰাৰ বিপৰীতে ২৬ মাৰ্চত সমগ্ৰ বিশ্বত মৃগীৰোগৰ সজাগতাৰ বাবে আন এটি দিৱস পালন কৰা হয়।ইয়াক কোৱা হয় ‘এপিলেন্সি পাৰ্পল ডে’।উক্ত দিনা সকলো লোকেই বেঙুনীয়া ৰঙৰ পোছাক পিন্ধি মৃগীৰোগৰ সজাগতা কাৰ্যসুচীত অংশ ল’বলৈ আহ্বান জনায়।Epilepsy Association of Nova Scotia (EANS) ৰ সহযোগত কানাডাৰ নবছৰীয়া শিশু কেছিডি মেগানৰ দ্বাৰা পাৰ্পল ডে’২০০৮ চনত শুভাৰম্ভ কৰোৱা হয়।

কেছিডিৰ লক্ষ্য হৈছে বিশ্বৰ প্ৰতিজন মৃগীৰোগীক একেলগ কৰা।তেওঁলোক যে অকলশৰীয়া নহয়,তাৰ আশ্বাস দিয়া।শেহতীয়াকৈ দ্য অনিতা কফমেন ফাউণ্ডেশ্যন(The Anita Kaufmann Foundation,AKFUS) আৰু EANS ৰ সহযোগত মৃগীৰোগৰ সজাগতা সৃষ্টিৰ বাবে চৰকাৰী-বেচৰকাৰী অনুষ্ঠান,স্কুল-কলেজ,ব্যৱসায়িক প্ৰতিষ্ঠান,ৰাজনৈতিক নেতা,চেলিব্ৰেটিৰ সহায়ত প্ৰচাৰ চলোৱা হয়।

চিকিৎসকসকলে মন্তব্য কৰিছে যে প্ৰাপ্ত বয়ষ্ক লোকৰ সমানেই শিশুসকলৰো মৃগীৰোগ হয়।-

 

স্নায়ুতন্ত্ৰ আৰু মগজুৰ অক্ষমতাৰ বাবে মৃগীৰোগ হয়।সাধাৰণতে অস্বাভাৱিক বৈদ্যুতিক তৰ্ংগই দেহটোৰ গতি নিয়ন্ত্ৰণ নোহোৱা কৰি পেলায়।স্নায়ুতন্ত্ৰ আৰু মগজুৰ বৈদ্যুতিক তৰংগৰ নিয়ন্ত্ৰণ নোহোৱা হ’লেই দেহটো অস্বাভাৱিকভাৱে কঁপিবলৈ ধৰে।ইয়াৰোপৰি আন কিছুমান কাৰকো ইয়াৰ লগত জড়িত হৈ থাকে।যেনে-Neurocystic-sarcosis, মগজুত হোৱা যক্ষ্মা,মগজুৰ টিউমাৰ,ব্ৰেইন ষ্ট্ৰোক,বংশগত আদি কাৰকৰ বাবে মৃগীৰোগ হ’ব পাৰে।বহু ৰোগীৰ ক্ষেত্ৰত মুৰ্চ্ছা যোৱাৰ কাৰণ জানিব পৰা নাযায়।চিকিৎসকসকলৰ মতে মৃগীৰোগৰ আন এক কাৰণ হৈছে অন্য ৰোগৰ ফলত হোৱা শাৰীৰিক দুৰ্বলতা।

GSVM মেডিকেল কলেজৰ নিউৰোচাৰ্জাৰী বিভাগৰ অধ্যাপক ডা: আই এন বাজপেয়ীৰ মতে,লক্ষণযুক্ত(Symptomatic)মৃগীৰোগ,মগজুৰ টিউমাৰ,সংক্ৰমণ,আঘাত,হাইপাৰটেনছন,ইলেক্ট্ৰোলাইটৰ তাৰতম্য,স্নায়বিক সমস্যা আদিৰ বাবে হ’ব পাৰে।ইয়াৰ উপৰি মৃগীৰোগৰ এটি সাধাৰণ কাৰণ হৈছে মগজুৰ সংক্ৰমণ।ডা: বাজপেয়ীৰ মতে প্ৰতি এহেজাৰ লোকৰ ভিতৰত এজন লোক মৃগীৰোগত আক্ৰান্ত হয়।

মৃগীৰোগ দুই প্ৰকাৰৰ।এবিধ লক্ষণযুক্ত আৰু আনবিধ অলক্ষণযুক্ত(Idiopathic) লক্ষণযুক্ত মৃগী হ’লে মুৰ্চ্ছা যোৱাৰ পুৰ্বে লক্ষণবোৰ ধৰিব পাৰি।আনবিধৰ মুৰ্চ্ছা যোৱাৰ কোনো কাৰণ নিৰ্ণয় কৰিব নোৱাৰি।মৃগীৰোগী এজনক ভালকৈ পৰীক্ষা কৰিলেও ৩০ শতাংশ ৰোগীৰ ক্ষেত্ৰতে মুৰ্চ্ছা যোৱাৰ কাৰণ জানিব নোৱাৰি।

এই অসুখ যিকোনো বয়সৰ লোকৰে হ’ব পাৰে।মৃগীৰোগী মুৰ্চ্ছা যোৱাৰ পিছত কেতিয়াও দাঁতৰ ফাঁকত চামুচ,কটাৰী আদি সুমুৱাই দিব নালাগে।ৰোগীয়ে যাতে নিয়মীয়াকৈ ঔষধ খায়,তাৰ বাবে পৰিয়ালৰ লোকে চকু ৰাখিব লাগে আৰু মুৰ্চ্ছা যোৱাটো কমি গ’লে চিকিৎসকৰ পৰামৰ্শ অনুসৰি টেবলেট খোৱা বন্ধ কৰিব লাগে।

ৰোগী মুৰ্চ্ছা যোৱাৰ সময়ত কি ধৰণৰ সাৱধানতা ল’ব লাগে

*ৰোগী মুৰ্চ্ছা যোৱাৰ লগে লগে অযথা হুলস্থুল নকৰিব।

*ৰোগীক শুৱাই দি বতাহ আহিবলৈ মুকলি কৰি দিব।ৰোগীক ঘেৰি ধৰি নাথাকিব।

*ৰোগীৰ মুখৰ ফেনবোৰ যাতে ওলাই যাব পাৰে তাৰ বাবে ৰোগীক সাৱধানে ইকাটি বা সিকাটিকৈ শুৱাই দিব।

*ৰোগীৰ মুখ বা হাতৰ মুঠিত একো বস্তু জোৰকৈ সুমুৱাই নিদিব।

*ৰোগীৰ গান ঘুৰি অহাৰ পিছত কিছু সময় জিৰণি ল’বলৈ দিব।

*দহ মিনিটৰ বেছি সময়লৈ ৰোগীৰ গান ঘুৰি নাহিলে চিকিৎসকক মাতি পঠিয়াব বা চিকিৎসালয়লৈ লৈ যাব।

মৃগীৰোগ সন্দৰ্ভত কেইটিমান তথ্য

*৭০ শতাংশ লোকেই ভাবি লয় যে মৃগীৰোগ কেতিয়াও ভাল নহয়।কিন্তু চিকিৎসকসকলৰ মতে উপযুক্ত চিকিৎসা কৰিলে মৃগীৰোগ ভাল হয়।

*বহুতো ৰোগীৰ ক্ষেত্ৰত মৃগীৰোগৰ কাৰণ জানিব পৰা নাযায়।

*চিকিৎসকে খাবলৈ দিয়া ঔষধ নিয়মীয়াকৈ খাই থাকিলে মুৰ্চ্ছা যোৱা কমাই আনিব পাৰি।

শেহতীয়া গৱেষণাৰ পৰা জানিব পৰা গৈছে যে ‘Tempo-ral lobe epilepsy’ হ’লে মগজুৰ কিছুমান বিশেষ কোষৰ পুনৰ সংস্থাপনৰ দ্বাৰা মৃগীৰোগ ভাল কৰা সম্ভৱ।ৰোগী এজন মুৰ্চ্ছা গ’লে পৰিয়াল বা চুবুৰীয়া লোকৰ দ্বাৰা অত্যাচাৰৰ মুখামুখি হ’ব লগা হয়।যেনে-দুপাৰি দাঁতৰ ফাকত চামুচ বা লোৰ মাৰি সুমুৱাই দিয়ে,জোতাৰ বা মোজাৰ গোন্ধ ল’বলৈ দিয়ে,দেহৰ তলভাগত লৰচৰ কৰিব নোৱাৰাকৈ হেঁচা মাৰি ধৰে ইত্যাদি।

এষাৰ কথা আমি সকলোৱে মনত ৰখা উচিত যে উপযুক্ত চিকিৎসাৰ দ্বাৰা মৃগীৰোগ ভাল হয়।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

2.88888888889
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top