অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মৃগীৰোগ(Epilepsy):

মৃগীৰোগ(Epilepsy)ৰ বিষয়ে লিখা হৈছে ।

 

মৃগীৰোগ আমাৰ দেশৰ এটি অতি পৰিচিত ৰোগ৷ মৃগী ৰোগ যে যিকোনো বয়সতে হব পাৰে৷ই কোনো সংক্ৰমণজনিত ৰোগ নহয়৷মৃগী ৰোগ হল এটি স্নায়ু ৰোগ৷মস্তিস্কই মানুহৰ শৰীৰৰ বিভিন্ন কার্যক্রম পৰিচালনা কৰে৷মস্তিস্কৰ কোষবোৰ যদি হঠাৎ কৰি অতিমাত্রাত উত্তেজিত হৈ পৰে তেতিয়া মৃগী ৰোগ হোৱা দেখা যায়৷মৃগীৰোগত শৰীৰৰ কঁপনি হয় আৰু ৰোগী অজ্ঞান হৈ যায়৷মৃগীৰোগৰ বৈশিষ্ট হল ৰোগী বাৰেবাৰে আক্রান্ত হয় যদিও আক্রান্তৰ হোৱাৰ পিছত পুনৰ সুস্থ হৈ যায়৷

কাৰণসমুহ -


মৃগীৰোগৰ প্রাথমিক কোনো কাৰণ নাই যদিও নিম্নলিখিত কাৰণবোৰত মৃগীৰোগ হব পাৰে৷

*মুৰত আঘাত পালে

*সন্তান প্রসৱত অসুবিধা হলে

*মস্তিস্কৰ প্রদাহ যেনে-মেনিনজাইটিছ হলে

*মস্তিস্কৰ টিউমাৰ হলে

*খুব বেছি পৰিমানে মদ্যপানৰ অভ্যাস থাকিলে।

মৃগীৰোগৰ শ্রেণী বিভাজনঃ

১.সাধাৰণ মৃগী দুই ধৰণৰ-

ক)দীৰ্ঘম্যাদী মৃগী ৰোগ

খ)মৃদু বা তাৎক্ষনিক মৃগী ৰোগ

২.শৰীৰৰ কোনো নির্দিষ্ট অংশত

দীৰ্ঘম্যাদী মৃগী ৰোগৰ লক্ষণ -

*এই মৃগী সাধাৰণতে কেইবা ঘন্টাৰ পৰা কেইবা দিন পর্যন্তলৈ থাকিব পাৰে।

*অজ্ঞান বা কঁপনি উঠাৰ পূর্বে ৰোগী আগতীয়াকৈ গম পায়।

*ৰোগী জ্ঞান হেৰুৱাই মাটিত পৰাৰ পাছত সকলো মাংসপেশী টান হৈ যায়।ৰোগী কান্দোনৰ দৰে শব্দ কৰে আৰু শৰীৰ নীলা বৰণৰ দৰে হৈ পৰে৷ সাধাৰণতে ২০-৩০ চেকেণ্ড পিছত ৰোগীৰ এই অৱস্থা স্থায়ী হয়৷

*কেতিয়াবা কঁপনি উঠি পৰি যোৱাৰ পিছত মুখেৰে ফেনা নিৰ্গত হয় ৷ৰোগী জিভা কামুৰি ৰখাৰ উপৰিও অজানিতে প্রস্রাৱ,পায়খানাও কৰি দিব পাৰে৷ৰোগীৰ এই অৱস্থা প্রায় ৩০ চেকেণ্ড পিছত স্থায়ী হয়৷

*ৰোগীৰ শৰীৰ লাহে লাহে শিথিল হৈ পৰে৷ৰোগী মুর্ছিত অৱস্থাত থাকিয়ে ধীৰে ধীৰে গভীৰ টোপনিত গুছি যায় ৷সাৰ পোৱাৰ পিছত মৃগী ৰোগীয়ে কিছু সময়ৰ বাবে সঠিকভাৱে চিন্তা কৰিব নোৱাৰা হয় আৰু অজ্ঞান হোৱাৰ পূৰ্বে কি কৰি আছিল সেয়া পাহৰি যায়। মাজে মাজে প্ৰচুৰ মূৰ ঘুৰনিৰ লগে লগে মূৰত বিষ হয়।

মৃদু বা তাৎক্ষনিক মৃগী ৰোগৰ লক্ষণ -

*হঠাৎ অজ্ঞান হৈ যায়৷ ই ১০ৰ পৰা ১৫ চেকেণ্ড স্থায়ী থাকে৷

*কেতিয়াবা অজ্ঞান হোৱাৰ লগে লগেই কঁপনি আৰম্ভ হয়৷

শৰীৰৰ কোনো নির্দিষ্ট অংশৰ কঁপনি -

ই বিভিন্ন ধৰণৰ হব পাৰে৷ ইয়াত জ্ঞান হেৰোৱাৰ লগত কোনো সম্পর্ক নাই৷শৰীৰৰ সেই নির্দিষ্ট ঠাইখিনিত কঁপনি হয় আৰু বিভিন্ন মতিভ্রম ঘটিব পাৰে৷কঁপনি শৰীৰৰ এটা অঙ্গৰ পৰা বাঢ়ি গৈ গৈ গোটেই শৰীৰত বিয়পি পৰে৷ৰোগী অজ্ঞান হৈ পৰাৰ লগতে সেই আৰম্ভণি অঙ্গত পেৰালাইছিচ হব পাৰে।

কোনবোৰ কাৰণত মৃগী ৰোগীৰ কঁপনি হব পাৰে -

*ঠিকমতে টোপনি নাহিলে৷

*মানসিক চাপৰ বাবে হব পাৰে৷

*সংক্রমণজনিত ৰোগ আৰু জ্বৰৰ কাৰণে হব পাৰে৷

*মদ্যপান অথবা নিচাঁজাতীয় বস্তু গ্ৰহণ কৰিলেও হব পাৰে৷

*মেঘ জিলিকণি, টিভিৰ ওচৰাওচৰি বহি চালেও হব পাৰে।

*ইয়াৰ উপৰিও উচ্চ শব্দ,গৰম পানীত গা ধোৱা,উচ্চ শব্দৰে গান বাজনা শুনিলেও হব পাৰে৷

কেনেধৰণৰ খাদ্য গ্ৰহণ কৰিবঃ

সেউজীয়া শাকপাচলি, ফলমূলৰ লগতে চৰ্বি-প্ৰটিন খাদ্য খাব।

লেখক: ডা:শ্বাহিদুল প্ৰীতম

2.85714285714
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top