মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / মৃগীৰোগৰ লক্ষণ, চিকিৎসা আৰু জীৱনশৈলী
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মৃগীৰোগৰ লক্ষণ, চিকিৎসা আৰু জীৱনশৈলী

 

এপিলেপ্‌ছী ৰোগ কি ? ইয়াৰ লক্ষণসমূহ কি ?

 

  • আমাৰ মগজুটো প্রায় এহেজাৰ কোটি বিশেষ কোষেৰে গঠিত এটা জটিল অংগ৷ মগজুৰ কোষবোৰৰ পৰা নিয়মিতভাৱে বৈদ্যুতিক আধান নির্গত হয়। কিছুমান বিশেষ অৱস্থাত মগজুৰ পৰা নিয়মিতভাৱে নিৰ্গত হোৱা বৈদ্যুতিক আধানবোৰ অতিৰিক্ত পৰিমাণত আৰু অনিয়মিতভাৱে নিৰ্গত হ’বলৈ ধৰে। মগজুৰ যিটো অংশত এই অনিয়ম সংঘটিত হয়, সেই অংশতে মৃগীৰোগ বা এপিলেপ্‌ছীৰ উৎপত্তি হয়।

এই বৈদ্যুতিক আধানবোৰ মগজুৰ এফালে আৰম্ভ হৈ বিপৰীত ফালে গতি কৰিলে ৰোগীজন অজ্ঞান বা ফিট হৈ যায়। অর্থাৎ মৃগী বা এপিলেপ্‌ছী ৰোগত ৰোগীজন অজ্ঞান বা ফিট হৈ যাব পাৰে। কিন্তু এই কথাটো আমি সকলোৱে মনত ৰখা আৰু বুজি পোৱা উচিত যে মৃগী বা এপিলেপছীৰ বাহিৰেও অন্যান্য বহুতো কাৰণত এজন ৰোগী অজ্ঞান হ’ব পাৰে।উদাহৰণস্বৰূপে, মগজুত আঘাত লাগিলে (Head Injury), মগজুত ৰক্ত সঞ্চালনৰ বিজুতি ঘটিলে, ষ্ট্ৰক, মগজুত সংক্রমণ (Brain infection) আদি হ’লেও ৰোগী এজন অজ্ঞান হ’ব পাৰে। মাত্র এটা কথা আমি সকলোৱে মনত ৰাখিব লাগিব যে মৃগীৰোগ হৈ এবাৰ ফিট বা অচেতন হ’লে কিছুদিনৰ অন্তৰে অন্তৰে এই ৰোগ চিকিৎসা নকৰা পর্যন্ত পুনৰাবৃত্তি ঘটি থাকে। আনহাতে ওপৰত উল্লেখ কৰা কাৰণবোৰ সাধাৰণতে এবাৰহে হয়।

মৃগীৰোগৰ সাধাৰণ লক্ষণবোৰ

 

  • মগজুটোৰ বিভিন্ন অংশৰ কাম-কাজ বেলেগ বেলেগ। ইয়াৰে এটা অংশই শৰীৰৰ বিভিন্ন অংগ-প্রত্যংগৰ সঞ্চালনবোৰ নিয়ন্ত্রণ কৰে। আন এটা অংশই আকৌ শৰীৰৰ বিভিন্ন অংশৰ অনুভূতিবোৰ অনুভৱ কৰাত সহায় কৰে। মগজুৰ আন এটা অংশই মানুহক কথা কোৱাত আৰু কথা বুজি পোৱাত সহায় কৰে। মগজুৰ এটা বিশেষ অংশই মানুহৰ স্মৃতিশক্তি, আচৰণ আৰু আচাৰ-ব্যৱহাৰ নিয়ন্ত্রণ কৰে। ইয়াৰ উপৰিও দৃষ্টিশক্তি, শ্ৰৱণশক্তি, ঘ্ৰাণশক্তি ইত্যাদি বিশেষ ইন্দ্ৰিয়বিলাকো মগজুৰ দ্বাৰাই নিয়ন্ত্রণ হয়। মগজুৰ বিভিন্ন অংশৰ জটিল কার্যপ্রণালীৰ পৰা আমি এই কথাই অনুমান কৰিব পাৰো যে ইয়াৰ পৰা আৰম্ভ হোৱা ৰোগবিলাকৰ লক্ষণো খুবেই জটিল হয়। যিহেতু এপিলেপ্‌ছী বা মৃগীৰোগ মগজুৰ যিকোনো অংশৰ পৰাই আৰম্ভ হ’ব পাৰে, সেয়েহে ইয়াৰ লক্ষণসমূহো জটিল আৰু বিভিন্ন প্রকাৰৰ হ’ব পাৰে।
  • মৃগী বা এপিলেপ্‌ছী ৰোগৰ বহুৰূপী লক্ষণসমূহৰ বিষয়ে জনসাধাৰণক সজাগ কৰিবলৈ হ’লে ইয়াৰ লক্ষণসমূহৰ লগত চিনাকী কৰি দিয়াটো খুবেই প্রয়োজন।

১। মগজুৰ প্রি-ৰ’লেণ্ডিক অংশত এপিলেপ্‌ছী উৎপত্তি হ’লে ৰোগীৰ শৰীৰৰ যিকোনো অংশত কঁপনি উঠি আন অংশলৈ বিস্তাৰিত হয়। যেনে – হাতৰ আঙুলিত আৰম্ভ হৈ বাউসিলৈ বিয়পি শৰীৰৰ এফাল কপিবলৈ লয়। বুঢ়া আঙুলিত আৰম্ভ হৈ উৰ্দ্ধাংশলৈ গতি কৰে। মুখৰ কোনো অংশত আৰম্ভ হোৱা কঁপনি শৰীৰৰ আন অংশলৈ সম্প্রসাৰিত হয়। বহু সময়ত এনে ৰোগী অজ্ঞান হৈ পৰি যায়, সর্বাংগত কঁপনি উঠে, মুখৰ পৰা ফেন ওলায়, জিভা কাটি যায়, কিছুমানে মল-মূত্রও ত্যাগ কৰে।

২। মগজুৰ সন্মুখ ভাগৰ (ফ্রন্টেল্‌ লব) পৰা বৈদ্যুতিক ঢৌৰ উৎপত্তি হ’লে মূৰ, চকু আৰু কেতিয়াবা গোটেই শৰীৰটোৱে এফালে ঘূৰ খাই যায়। সাধাৰণতে মগজুৰ যি ফালৰ পৰা ঢৌৰ সৃষ্টি হয়, মূৰ, চকু আৰু শৰীৰৰ আন অংশই তাৰ বিপৰীত ফালে ঘূৰ খায়। কোনো কোনো ৰোগীৰ ক্ষেত্ৰত এই অস্বাভাৱিক অৱস্থাটো ইমানতেই শেষ হ’ব পাৰে। কেতিয়াবা অজ্ঞান হৈ পৰি ৰোগীৰ হাত আৰু ভৰি বা গোটেই শৰীৰটো কোঁচ খাই যাব পাৰে।

৩। মগজুৰ পৰিপূৰক মটৰ অংশৰ (ছাপ্লিমেণ্টেল মটৰ এৰিয়া) পৰা বৈদ্যুতিক ঢৌৰ উৎপত্তি হ’লে চকু-মূৰ আৰু শৰীৰটো বিপৰীত দিশত ঘূৰি যোৱাৰ লগে লগে বিপৰীত বাউসিটো ওপৰলৈ উঠি যায়, লগতে হাতখন এক বিশেষ ভংগিমাত ৰৈ যায়। কেতিয়াবা আকৌ বিপৰীত বাহু, হাত বা ভৰিত অস্বাভাৱিক জোকাৰণি পৰিলক্ষিত হয়।

৪। জেকছ’নিয়ান বুলিও এবিধ মৃগীৰোগ আছে। লক্ষণ হিচাপে হাতৰ আঙুলিবোৰ কোঁচ খাই আহে। এই প্রক্রিয়া ক্ৰমে বাউসি পায় আৰু একেফালৰ মুখ, মূৰ, পেট আনকি ভৰিলৈ বিস্তাৰিত হয়। এই পৰিঘটনাটো সম্পন্ন হওঁতে মাথোঁ ২০–৩০ ছেকেণ্ডমান সময় লাগে। কেতিয়াবা আকৌ হাতৰ সলনি ভৰিৰ আঙুলিবিলাক কোঁচ খাই উৰুলৈ সম্প্রসাৰিত হয়, তাৰ পৰা পেট, বুকু, মুখ আৰু মূৰলৈ সম্প্রসাৰিত হয়।

৫। মগজুৰ পিছফালে থকা সংবেদী অংশৰ পৰা (প’ষ্টৰ’লেণ্ডিক এৰিয়া) বৈদ্যুতিক ঢৌবোৰৰ উৎপত্তি হ’লে সেই অংশই নিয়ন্ত্ৰণ কৰা শৰীৰৰ আন অংশত বিশেষ কিছুমান অনুভূতিৰ সৃষ্টি হয়, যেনে – অসাৰ যেন লগা, জিনজিন কৰা, বেজী বা গজালে বিন্ধাৰ দৰে লগা। কেতিয়াবা পিৰপিৰোৱা আৰু বৈদ্যুতিক শিহৰণৰ দৰে অনুভৱ হ’ব পাৰে। তদুপৰি যিকোনো অংশত চেঁচা গৰমৰ অনুভূতিও হ’ব পাৰে। এনেধৰণে অনুভূতি, আঙুলি, হাত, ভৰি বা শৰীৰৰ আন অংশতো হ’ব পাৰে।

৬। মগজুৰ একেবাৰে পশ্চাদ অংশ বা ষ্ট্ৰায়েট কৰ্টেক্সৰ পৰা আৰু টেম্পবেল-অক্সিপিটেল ল’বৰ সংযোগস্থলৰ পৰা বৈদ্যুতিক ঢৌবোৰৰ সৃষ্টি হ’লে দৃষ্টিশক্তিৰ লগত জড়িত কিছুমান লক্ষণ দেখা যায়, যেনে – চকুৰ আগত হঠাতে অন্ধকাৰ নামি অহা, কেতিয়াবা জুইৰ ফিৰিঙতি বা ৰং-বিৰঙৰ জিক্‌মিকনিও দেখা যায়। খুব সঘনাই দেখা ৰংটো হ’ল ৰঙা। এই লক্ষণবোৰ কেইছেকেণ্ডমানৰ পৰা কেইবা মিনিটলৈ বর্তি থাকে আৰু ইয়াৰ পুনৰাবৃত্তিও ঘটে। বহুতে এনে লক্ষণৰ বাবে চকু চিকিৎসকৰ কাষ চাপে, কিন্তু মনত ৰখা উচিত যে এইবিলাকো মৃগীৰোগৰ লক্ষণ হ’ব পাৰে।

৭। বৈদ্যুতিক ঢৌবোৰ মগজুৰ টেম্পৰেল লবৰ পশ্চাদ অংশৰ পৰা উৎপত্তি হ’লে। সঘনাই পৰিলক্ষিত হোৱা লক্ষণবোৰ হ’ল –কাণত হঠাতে হোঁ-হোঁৱাই থকা যেন লগা, কাণ বন্ধ হোৱা যেন লগা, কেতিয়াবা সংগীতৰ সুৰ ভাহি অহা যেন লগা আৰু অস্পষ্ট শব্দ শুনা যেন লাগে। ৰোগীয়ে অনুভৱ কৰা এই অনুভূতিবোৰৰ বাস্তৱতা নাই। কেইছেকেণ্ডমানৰ পৰা কেইবা মিনিটলৈ এই লক্ষণবোৰ মাজে মাজে পুনৰাবৃত্তি হয়।

৮। মগজুৰ টেম্পৰেল লবৰ উৰ্দ্ধ পশ্চাদ অংশ বা পেৰাইটেল আৰু সংযোগস্থলীৰ পৰা বৈদ্যুতিক ঢৌবোৰৰ উৎপত্তি হ’লে মৃগীৰোগৰ লক্ষণ হিচাপে তীব্ৰ মূৰঘূৰণি হৈ নিমিষতে নাইকীয়াও হৈ যায়। কিন্তু পিছলৈ ৰোগীয়ে দুর্বল অনুভৱ কৰে, মূৰ অজ্ঞান হোৱাও দেখা যায়, বমিৰ ভাৱো হ’ব পাৰে। ৯।  ঘ্ৰাণৰ লগত জড়িত কিছুমান উপসর্গও মৃগীৰোগত দেখা যায়। এনেক্ষেত্ৰত ৰোগীৰ এক বিশেষ ধৰণৰ গন্ধানুভূতি হয়। এনে ধৰণৰ অবাস্তৱ অনুভূতি হঠাতে উপলব্ধ হৈ তৎক্ষণাত নাইকীয়াও হৈ যায়। মগজুৰ টেম্পৰেল লবৰ আনচিনেন্ট অংশৰ পৰা বৈদ্যুতিক ঢৌবোৰ উৎপত্তি হ’লে এই লক্ষণবোৰ দেখা দিয়ে।

১০। বিভিন্ন ধৰণৰ সোৱাদৰ অনুভূতি মৃগীৰোগৰ লক্ষণ হিচাপে দেখা দিব পাৰে। এই অৱস্থাত ৰোগীয়ে জিভাত আৰু মুখত কিছুমান ওলাই আহে আৰু ৰোগীয়ে পিয়াহ অনুভৱ কৰে। এনেধৰণৰ অভিজ্ঞতাৰ পুনৰাবৃত্তি ঘটে। টেম্পৰেল লবৰ ইনছুলা আৰু পেৰাইটেল লবৰ অপাৰকু লাম অংশৰ পৰা বৈদ্যুতিক ঢৌৰ উৎপত্তি হ’লে উপৰোক্ত লক্ষণবোৰ দেখা যায়।

১১। কেতিয়াবা ৰোগীয়ে বুকু বা পেটৰ ভিতৰত কিছুমান বুজাব নোৱাৰা অনুভূতি উপলব্ধি কৰে। কেতিয়াবা হঠাতে বুকু ধপধপায়, নাড়ীৰ স্পন্দন খৰতকীয়া হয়, গাৰ নোম ডাল ডাল হয়, নাড়ী-ভুঁৰুবিলাক উজাৰ খাই আহে। তদুপৰি কেতিয়াবা বুজাব নোৱাৰা ধৰণৰ পেটৰ বিষৰ অনুভূতিও মৃগীৰোগৰ লক্ষণ হ’ব পাৰে। এনেধৰণৰ লক্ষণবোৰৰ উৎপত্তিস্থল মগজুৰ টেম্পৰেল ফিছাৰৰ ওপৰৰ পাৰ বা ফ্রন্টেল লবৰ মাজৰ জাইৰাছ বা ছিংগুলেট জাইৰাছো হ’ব পাৰে।

১২। বৈদুতিক ঢৌবোৰ মগজুৰ এমিকডেলয়ড নিউক্লিয়াছৰ পৰা উৎপত্তি হ’লে ৰোগীয়ে মুখ টোপালি থাকে, কিবা বস্তু চোবাই খোৱাৰ দৰে কৰে আৰু লেলাউটি বৈ আহে। এই অস্বাভাৱিক আচৰণবোৰ ৰোগীৰ অজ্ঞাতে হৈ থাকে। এনে সময়ত বহি থকা ৰোগী বহিয়ে থাকে, থিয় হৈ থকাজনে থিয় হৈ থাকে, খোজকঢ়াজনে খোজকাঢ়ি থাকে। এনে অৱস্থাত ৰোগীয়ে ক’ব নোৱাৰাকৈয়ে প্রস্রাৱো কৰিব পাৰে।

১৩। অপাৰকুলাৰ অংশৰ পৰা বৈদ্যুতিক ঢৌবোৰ উৎপত্তি হ’লে মৃগীৰ লক্ষণ হিচাপে ৰোগীয়ে হঠাতে কথা ক’ব নোৱাৰা হয়, বাকৰুদ্ধ হয়। এই অৱস্থাটো কেইছেকেণ্ডমান বা কেই মুহুর্তমান বর্তি থাকি পিছত নিজে নিজে ভাল হ’ব পাৰে। কেতিয়াবা দুর্বোধ্য শব্দও উচ্চাৰণ কৰিব পাৰে, যাৰ অর্থ তেওঁ নিজেও নাজানে। এই অস্বাভাৱিকতাবিলাক ৰোগীৰ অজ্ঞাতসাৰেই হৈ থাকে।

১৪। টেম্পৰেল লবৰ পৰা নিৰ্গত হোৱা বৈদ্যুতিক ঢৌবোৰৰ ফলত মাজে মাজে ৰোগীৰ দৃষ্টিবিভ্রম হয়। যেনে- সন্মুখত দেখি থকা বস্তুবোৰ ক্ৰমান্বয়ে সৰু হৈ দূৰলৈ গুচি যোৱা যেন লাগে। কেতিয়াবা আকৌ ওলোটা হয়, অর্থাৎ সন্মুখৰ বস্তুটোৱে বিয়াগোম ৰূপ ধাৰণ কৰে আৰু কেতিয়াবা মণিব নোৱাৰাকৈ সৰু হয়। কেতিয়াবা দৃশ্যমান বস্তুবোৰ একা-বেঁকা হয়। বস্তুবোৰ আঁতৰি লাগি থাকে।

১৫। টেম্পৰেল আৰু ফ্রন্টেল লবৰ ভিতৰ ফালৰ পৰা বৈদ্যুতিক ঢৌবোৰ নিৰ্গত হ’লে বাস্তৱত নথকা সত্ত্বেও বিভিন্ন অনুভূতি অনুভৱ হয়। যেনে - নানা ধৰণৰ প্ৰতিবিম্ব দেখা পোৱা, মাত-কথা, শব্দ বা সুৰ আদি শুনিবলৈ পোৱা। এইক্ষেত্ৰত ৰোগীয়ে বাস্তৱত নথকা কিছুমান গোন্ধও পাই থাকে। এই অনুভূতিবোৰ ক্ষণস্থায়ী আৰু পুনৰাবৃত্তি হৈ থাকে।

১৬। টেম্পৰেল আৰু ফ্রন্টেল লবৰ ভিতৰ ঢৌবোৰৰ উৎপত্তি হ’লে স্মৃতিপটত ৰিলৰ দৰে কিছুমান ছবি আহি থাকে। কেতিয়াবা আকৌ অচিনাকী পৰিৱেশকো চিনাকী চিনাকী লাগে। ইয়াৰ বিপৰীতে চিনাকী পৰিৱেশো অচিনাকী যেন লাগে। কেতিয়াবা আকৌ বহুদিনৰ পুৰণি কথা বা ঘটনা একোটা বেছ পৰিষ্কাৰভাৱে হঠাতে মনত আৱিৰ্ভাৱ হৈ আকৌ নোহোৱা হৈ যায়।

১৭। টেম্পৰেল আৰু ফ্রন্টেল লবৰ পৰা ওলোৱা বৈদ্যুতিক ঢৌবোৰৰ বাবে মাজে মাজে নাটকীয়ভাৱে কিছুমান আৱেগ উৎসাৰিত হয়। এনেধৰণৰ বিস্ফোৰণ আৱেগৰ কোনো যুক্তিসংগত কাৰণ বিচাৰি পোৱা নাযায়। সাধাৰণতে অনুভূতিবোৰ ক্ষণস্থায়ী আৰু ইয়াৰ পুনৰাবৃত্তি ঘটি থাকে।

১৮। টেম্পৰেল আৰু ফ্রন্টেল লবৰ পৰা ওলোৱা বৈদ্যুতিক ঢৌবোৰৰ বাবে ৰোগীৰ অজ্ঞাতে স্বতঃস্ফুৰ্ত অংগ সঞ্চালন হয়। এইবিলাক কেতিয়াবা আৰম্ভণিতে আৰু কেতিয়াবা মাজৰ বা শেষৰ ফাললৈ হয়। আনহাতে ওঁঠ চেলেকা, কিবা চোবাই থকাৰ দৰে কৰা বা গিলাৰ দৰে কৰা, লেলাউটি ওলোৱা, হাতেৰে খেপিয়াই থকা, ভৰি দুটাৰে থপথপাই থকা ইত্যাদি। কেতিয়াবা এনেধৰণৰ ৰোগীয়ে খোজকাঢ়ি ওলাই যোৱা, কিতাপৰ পাত লুটিওৱা আৰু গাড়ীৰ ইঞ্জিন ষ্টার্ট কৰি গাড়ী চলোৱাৰো উদাহৰণ আছে। মৃগীৰোগৰ সময়ত কৰা এই অস্বাভাৱিক আচৰণবিলাক ৰোগীয়ে নিজে গম নাপায়।

১৯। টেম্পৰেল আৰু ফ্রন্টেল লবৰ পৰা ওলোৱা বৈদ্যুতিক ঢৌবোৰৰ বাবে মাজে মাজে ৰোগীৰ খং উঠে আৰু কোনোবাই বাধা দিব বিচাৰিলে আক্রমণাত্মক ভূমিকা লয়। আনকি বাধা দিওঁতাজনক শাৰীৰিকভাৱে আঘাত কৰিব পাৰে। অৱশ্যে ৰোগে উক দিয়াৰ সময়ত ৰোগীয়ে হিতাহিত জ্ঞান হেৰুৱাই আন কাৰোবাক অস্ত্ৰ-শস্ত্ৰৰে আক্রমণ কৰিবলৈ যোৱা ঘটনা খুবেই বিৰল।

২০। টেম্পৰেল লবৰ পৰা হোৱা মৃগীৰ বাবে ৰোগীয়ে অস্বাভাৱিকভাৱে হাঁহে। এনে হাঁহি ক্ষণস্থায়ী। ইয়াৰ পুনৰাবৃত্তি ঘটে, যাৰ কোনো যুক্তিসংগত কাৰণ নাথাকে। ৰোগীয়েও এই অস্বাভাৱিক হাঁহিৰ কথা পিছত সুধিলে মনত পেলাব নোৱাৰে।

২১। টেম্পৰেল লবৰ পৰা ওলোৱা ফিটৰ বাবে ৰোগীয়ে ক’ব নোৱাৰাকৈয়ে দৌৰ মাৰে আৰু কেতিয়াবা উদ্দেশ্যবিহীনভাৱে আৰু অজ্ঞাতে ঘূৰাঘূৰি কৰি থাকে। এই সকলোখিনি প্রক্রিয়াৰেই পুনৰাবৃত্তি ঘটে।

    মৃগীৰোগৰ চিকিৎসা আছেনে?

হয়। নিশ্চয় আছে। কিন্তু চিকিৎসা আৰম্ভ কৰাৰ আগতে চিকিৎসকজনে ৰোগীৰ শৰীৰত দেখিবলৈ পোৱা বহুৰূপী লক্ষণবোৰ মৃগী বা এপিলেপ্‌ছীৰ কাৰণে যে হৈছে এই কথাটো বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ দ্বাৰা নিশ্চিত কৰি হোৱা পৰীক্ষাবোৰ হ’ল যেনে ইলেক’এণ্ড ছেফালো গ্রাম, চমুকৈ ই ই জি, মেগনিক ৰিজোনেন্স ইমেজিং চমুকৈ এম আৰ আই, পজিটন এমিচন টমগ্রাফি স্কেনিং চমুকৈ চি টি স্কেন আৰু নিউৰ'চাইক’লজি পৰীক্ষা আৰু আন কিছুমান পৰীক্ষাৰ প্রয়োজন হ’ব পাৰে।

  • এপিলেপ্‌ছী বা মৃগীৰ চিকিৎসাত দৰবৰ প্রয়োজন নে অপাৰেচনৰ প্রয়োজন ? ইয়াৰ বাহিৰেও আৰু কিবা চিকিৎসাৰ উদ্ভাৱন হৈছে নেকি ?
  • আপুনি খুব ভাল প্রশ্ন কৰিছে। মৃগীৰোগৰ চিকিৎসাৰ বাবে এতিয়ালৈকে প্রায় ৫০ বিধমান বেলেগ বেলেগ দৰৱৰ উদ্ভাৱন হৈছে। শতকৰা প্রায় ৭৫ ভাগ ৰোগীক কেৱল ঔষধৰ দ্বাৰা সম্পূৰ্ণকৈ নিৰাময় বা নিয়ন্ত্ৰণত ৰাখিব পাৰি। দৰৱত ভাল নোহোৱা বাকী ২৫ ভাগ ৰোগীৰ আধাতকৈ বেছি সংখ্যকক অস্ত্ৰোপচাৰৰ দ্বাৰা নিৰাময় বা নিয়ন্ত্রণ কৰিব পাৰি। ইয়াৰোপৰি হৃৎপিণ্ডত ব্যৱহাৰ কৰা পেছমেকাৰৰ নিচিনা (Vegas Nurve Stimulator) এটা যন্ত্র ছালৰ তলত সংস্থাপন কৰি মগজুৰ লগত সংযোগ সাধন কৰাই দিও এপিলেপ্‌ছী নিয়ন্ত্রণলৈ আনিব পাৰি।
  • যিহেতু মৃগীৰোগ স্কুল-কলেজ, অফিচ, বজাৰ, ঘৰ বা ৰাস্তাতো হ’ব পাৰে, যেতিয়াই তেতিয়াই হ’ব পাৰে, গতিকে প্রতিজন ব্যক্তিয়ে তেওঁৰ সন্মুখত কাৰোবাৰ মৃগীৰোগ হ’লে কি কৰা উচিত?

মৃগীৰোগত আক্রান্ত ৰোগীক বল প্রয়োগ কৰি নিয়ন্ত্রণ কৰিবলৈ চেষ্টা নকৰিব।

শান্ত হৈ থাকক, নিজকে নিয়ন্ত্ৰণত ৰাখক আৰু ওচৰত থকা লোকসকলক ভয় নাখাবলৈ বা হুলস্থল নকৰিবলৈ অনুৰোধ জনাওক।

ৰোগীজনৰ পোছাকযোৰ ঢিলা কৰি দিয়ক, বিশেষকৈ উশাহ ল’বলৈ যাতে অলপো কষ্ট নহয়।

আঘাত নালাগিবৰ বাবে ৰোগীৰ আশে-পাশে থকা আচবাব বা আন দুখ পাব পৰা বস্তুবোৰ আঁতৰাই ৰাখক।

মৃগীৰ আক্ৰমণত আক্রান্ত ৰোগীক বলপূর্বকভাৱে ধৰি নাৰাখিব বা তেওঁৰ হিংসাত্মক গতিবিধিবোৰ ৰোধ কৰিবলৈ চিঞৰি বা লৰাই দি জগাবলৈ চেষ্টা নকৰিব।

তেওঁক লাহেকৈ বেঁকা কৰি শুৱাই দিয়ক আৰু তেওঁৰ মূৰৰ তলত ভাঁজ কৰি জেকেট এটা থৈ দিয়ক (যেতিয়ালৈকে আপুনি তেওঁৰ মূৰৰ তলত কোনো কোমল বস্তু নাৰাখে তেতিয়ালৈকে আপোনাৰ হাতেৰে তেওঁৰ মূৰটোক আশ্রয় দিয়ক)।

মৃগীয়ে উক দিয়াৰ সময়ত ব্যক্তিজনৰ মুখত কোনো বস্তু বা খাদ্য ভৰাই নিদিব। মন কৰিব যাতে কোনেও ৰোগীৰ মুখৰ ভিতৰত কোনো বস্তু ভৰাই নিদিয়ে। কাৰণ সেয়া তেওঁৰ হাঁওফাওঁলৈ সোমাই যাব পাৰে আৰু ব্যক্তিজনৰ মৃত্যুও হ’ব পাৰে। আপোনাৰ হাতখন ৰোগীজনৰ মুখৰ ভিতৰত সুমুৱাই নিদিব।

এবাৰ মৃগীৰ দ্বাৰা আক্রান্ত হোৱাৰ পাছত ৰোগীজনক তেওঁৰ বাঁওফালে কাটি কৰি ৰাখক আৰু থু বা বমি ওলাই যাবলৈ দিয়ক। যেতিয়ালৈকে ৰোগীজন টোপনিৰ পৰা সাৰ নাপায় তেতিয়ালৈকে তেওঁক পানী, খাদ্য বা ঔষধ খাবলৈ নিদিব। যেতিয়ালৈকে ৰোগীজন সুস্থিৰ নহয়, তেতিয়ালৈকে তেওঁৰ লগত থাকি তেওঁক আশ্রয় দিয়ক আৰু তেওঁ যে মৃগীৰ দ্বাৰা আক্রান্ত হৈছে। তাক ডায়েৰিত লিখিবলৈ অনুপ্রেৰণা যোগাওক।

অনুগ্রহ কৰি ৰোগীজনে চিকিৎসা লৈ থকা চিকিৎসকজনক ফোন কৰক :

 

  • যদিহে মৃগীত আক্রান্ত ব্যক্তিজনৰ চীজাৰ পাঁচ মিনিটতকৈ বেছিকৈ থাকে।
  • যদিহে প্ৰথমটোৰ ঠিক পাছতে আকৌ এবাৰ উক দিয়ে।
  • লৰচৰ বন্ধ হোৱাৰ পাছতো যদিহে মানুহজনক জগাব পৰা নাযায়।
  • আজিকালি প্ৰতিগৰাকী ব্যক্তিৰ হাততে ম’বাইল ফোন থাকে, গতিকে পৰিচৰ্যা গৰাকীজনে গোটেই ঘটনাটো ম’বাইল ফোনেৰে ৰেকর্ড কৰি ৰাখিব লাগে আৰু পাছত চিকিৎসকজনক দেখুৱাব পাৰিলে ভাল হয়।
  • চাব যাতে ওচৰত থকা কাঠ, বাঁহ, শিল আদিৰ পৰা ৰোগীজনে যাতে আঘাত নাপায়।
  • ৰোগীজনক একাষৰীয়া কৰি দিয়াৰ বাবে চেষ্টা কৰক যাতে মুখৰ লেলাউটিবোৰ বাহিৰলৈ ওলাই আহে। অন্যথা এই লেলাউটিবোৰে ৰোগীৰ শ্বাস-প্রশ্বাসত বাধাৰ সৃষ্টি কৰিব।
  • মুখত চামুচ বা অন্য চোকা বস্তু সুমুৱাই নিদিব।
  • আপোনাৰ ওচৰত গোট খোৱা লোকসকলৰ সহায়ত ৰোগীজনক নিকটৱৰ্তী হাস্পতাললৈ স্থানান্তৰ কৰাৰ ব্যৱস্থা লওক।

মৃগীৰোগীয়ে বিয়া কৰাই সংসাৰ কৰিব পাৰেনে ?

 

  • ১৯৬৭ চনত মৃগীত আক্রান্ত ৰোগীক বিয়া পাতিবলৈ প্রতিবন্ধকতা আৰোপ কৰা হৈছিল। উন্নত ঔষধ আৰু ৰোগৰ বিষয়ে সার্বজনীন সজাগতাত এইটো স্পষ্ট হৈ পৰিছে যে ইয়াৰ কোনো প্রয়োজন নাই। ইণ্ডিয়ান এপিলেপ্‌ছী এচছিয়েচনৰ সহযোগত কেন্দ্রীয় চৰকাৰে মৃগী ৰোগত আক্রান্ত লোকক আইনীভাৱে বিয়া পাতিবলৈ অনুমতি প্রদান কৰি ১৯৯২ চনত এখন বিল পাছ কৰে। আইন হৈ যোৱাৰ পাছতো কিন্তু সাধাৰণ জনসংখ্যাৰ তুলনাত মৃগীৰোগত আক্রান্ত লোকৰ মাজত বিয়াৰ হাৰ কম। বিবাহত দেৰি হয় আৰু বিবাহ বিচ্ছেদৰো হাৰ বেছি।

মৃগীত আক্রান্ত ৰোগীয়ে আইনমতে বিয়া পাতিব পাৰে, তথাপি নিজৰ হ’বলগীয়া জীৱনসংগীক নিজৰ অৱস্থা সম্পর্কে জনোৱাটো প্রয়োজন।

মৃগীৰোগীয়ে গৰ্ভধাৰণ কৰিব পাৰেনে ?

মৃগীৰোগত ব্যৱহাৰ কৰা কেতবোৰ ঔষধে ভ্ৰূণক প্রভাৱিত কৰিব পাৰে যদিও আপোনাক চিকিৎসা দিয়া চিকিৎসকজনে গোটেই কথাখিনি চালি-জাৰি চাই সঠিক সিদ্ধান্ত লোৱাত সহায় কৰি দিব পাৰে। মৃগীৰোগত ভোগা গৰ্ভৱতী মাতৃয়ে চিকিৎসকে ব্যৱহাৰ কৰিবলৈ দিয়া দৰৱবোৰ নিয়মীয়াকৈ ব্যৱহাৰ কৰা উচিত। জীৱনশৈলীৰ সামান্য পৰিৱৰ্তনৰ দ্বাৰা মৃগীৰ সমস্যা থকা মহিলাইও স্বাভাৱিক গৰ্ভধাৰণ, প্ৰসৱ আৰু মাতৃত্ব লাভ কৰিব পাৰে।

  • মৃগীৰোগত ভোগা ল’ৰা-ছোৱালীয়ে পঢ়া-শুনা আৰু খেলা-ধূলা কৰিব পাৰেনে ?
  • মৃগীৰোগত ভূগিলেও ছাত্র-ছাত্রীয়ে পঢ়া-শুনা আৰু খেলা-ধূলা কৰাত কোনো বাধা নাই। ছক্ৰেটিছ, আর্কিমিডিছ, টমাছ আলভা এডিছন, আলফ্রেড ন'বেলৰ দৰে স্বনামধন্য বৈজ্ঞানিকসকলো মৃগীৰোগত আক্রান্ত হৈছিল। আজিৰ দৰে তেওঁলোকৰ দিনত মৃগীৰোগৰ চিকিৎসাৰ ব্যৱস্থা নাছিল। ঠিক সেইদৰে দক্ষিণ আফ্রিকাৰ ক্রিকেট তাৰকা তথা কেপ্তেইন জন্টি ৰোডচ মৃগীৰোগী হোৱা সত্ত্বেও তেওঁৰ সময়ৰ ক্রিকেট তাৰকাসকলৰ ভিতৰত শ্রেষ্ঠতম আসনত প্রতিষ্ঠিত হৈ ক্রিকেট দলৰ নেতৃত্ব বহন কৰিবলৈ সক্ষম হৈছিল।
  • মৃগীৰোগীয়ে গাড়ী চলোৱা উচিত নে ?
  • মৃগীৰোগীয়ে গাড়ী চলাব পাৰে যদিহে আগৰ ছমাহত এবাৰো ৰোগটো হোৱা নাই, নিয়মীয়াকৈ প্রতিদিনে দৰৱ সেৱন কৰি আছে আৰু মদ্যপানৰ পৰা বিৰত আছে।
  • মৃগীৰোগীয়ে ভ্রমণ কৰা উচিত নে ?
  • মৃগীৰোগ থকা ৰোগী এজনে ভ্রমণ কৰোতে কেতবোৰ সাৱধানতা মানি চলা উচিত। ক’ৰবালৈ গ’লে যদিহে দেৰি হয়, তেন্তে পর্যাপ্ত পৰিমাণে ঔষধ লগত লৈ যাব লাগে আৰু সেইবোৰ সহজতে পোৱা স্থানত ৰাখিব লাগে। অত্যধিক উত্তেজনা, ডিহাইড্ৰেচন আৰু ভাগৰ ভাৱৰ পৰা নিজকে আঁতৰাই ৰাখিব লাগে। নহ’লে এইবোৰৰ পৰাও মৃগীৰোগে উক্‌ দিব পাৰে। সঠিক সময়ত ঔষধ গ্রহণ কৰক। মৃগীৰোগ থকা লোকে কিছুমান সৰু সৰু নিয়ম মানি চলিলে জীৱনটো আৰু আনন্দমুখৰ কৰি তুলিব পাৰে।

বিশেষজ্ঞসকলৰ মতে, মৃগীৰোগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ঔষধতকৈ সতর্কতাহে গুৰুত্বপূর্ণ।

  • লাজ কৰি মৃগীৰোগ গোপন নকৰিব।
  • ৰোগ দেখা দিয়াৰ লগে লগে চিকিৎসকৰ পৰামর্শ গ্রহণ কৰক।
  • আঘাতৰ পৰাও মৃগীৰোগ হ’ব পাৰে। যানবাহন চলাওঁতে সাৱধানতা অৱলম্বন কৰক।
  • উপশমৰ বাবে নিদ্রা জৰুৰী। ৰোগীয়ে নিশা জাগি থকা আৰু নৈশ ভ্ৰমণ পৰিহাৰ কৰিব লাগে।
  • এদিনো বাদ নপৰাকৈ ঔষধ খাওক। যদি বাদ পৰে, তেন্তে পিছৰ দৰৱৰ লগত বাদ পৰা দৰৱ পালি একেলগে খাব পাৰি। আন কোনো ৰোগৰ বাবে ঔষধ খাবলগীয়া হ’লেও স্নায়ুৰোগ বিশেষজ্ঞৰ পৰামর্শ নোলোৱাকৈ মৃগীৰ ঔষধ বন্ধ কৰিব নালাগে আৰু লঘোনে থাকিব নালাগে।
  • আমি জনাত জি এন আৰ চি হাস্পতালৰ ছয়মাইল চৌহদত এটি “মৃগীৰোগ সর্বসেৱা কেন্দ্র’ আছে। ইয়াত বাৰু কেনে ধৰণৰ ব্যৱস্থা আছে জনাবনে?
  • হয়। মৃগীৰোগৰ সৰ্বসেৱা কেন্দ্র টি জি এন আৰ চি হাস্পতালৰ ছয়মাইল চৌহদত অৱস্থিত। এটি আদর্শবান মৃগীৰোগ সর্বসেৱা কেন্দ্ৰত ভিডিঅ’ই ই জি সংযুক্ত এটা এপিলেপ্‌ছী মণিটৰিং ইউনিট থকাটো নিতান্তই প্রয়োজনীয়। এনেধৰণৰ ইউনিটত অত্যাধুনিক মেছিনৰ উপৰিও প্রশিক্ষণপ্রাপ্ত নাৰ্ছ, টেকনিকেল ষ্টাফ, ডাটাসমূহ বিশ্লেষণ কৰি ৰোগ নির্ধাৰণ কৰিব পৰা দক্ষ বিশেষজ্ঞ, এম আৰ আই কৰিব পৰা সুবিধা তথা দক্ষ ৰেডিঅ’লজিষ্ট থকাটো বাধ্যতামূলক। লগতে এগৰাকী নিউৰ'চাইক’লজিষ্ট আৰু ইলেকট্রফিজিঅ’লজিষ্টো থাকিব লাগে। এই আটাইবোৰ সুবিধা এই সর্বসেৱা কেন্দ্ৰত আছে।

লিখক: ডা: নোমল চন্দ্ৰ বৰা আৰু ডা: প্ৰসেনজিৎ ডেকা।

2.95
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top