মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / মেটোৰেজিয়া আৰু মেনোৰেজিয়াৰ হোমিওপেথিক চিকিৎসা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মেটোৰেজিয়া আৰু মেনোৰেজিয়াৰ হোমিওপেথিক চিকিৎসা

মেটোৰেজিয়া আৰু মেনোৰেজিয়াৰ হোমিওপেথিক চিকিৎসাৰ বিষয়ে লিখা হৈছে

 

মহিলাৰ নিয়মিত সময়ত ঋতু হৈ অধিক দিন ধৰি আৰু অধিক পৰিমাণে ৰক্তস্ৰাৱ হ’লে তাক “মেনোৰেজিয়া”বোলে-

 

যিসকল নাৰীৰ নিয়মিত সময়ত ঋতুস্ৰাৱ হোৱাৰ উপৰিও আন সময়ত অধিক পৰিমাণে বা আন কাৰণবশত: অধিক পৰিমাণে ৰক্তস্ৰাৱ হ’লে তাক ‘মেটোৰেজিয়া’বোলে।

মেটোৰেজিয়া হ’লে নাৰীৰ জননেন্দ্ৰিয়ৰ পৰা সোঁত বোৱাৰ দৰে ৰক্তস্ৰাৱ হয়।ৰোগীৰ মুখ আৰু চেহেৰা তেজ নাইকিয়া হৈ শেঁতা পৰে আৰু শৰীৰ চেঁচা হৈ পৰে।

মেনোৰেজিয়াত কেতিয়াবা ৰক্ত ডোখৰ ডোখৰ কৈ পানীৰ দৰে,ক’লা চেঁকুৰা চেঁকুৰ গোট মৰা ৰক্ত অলপ অলপকৈ ওলায়।

চিকিৎসা

 

*Apocynum cannabinum 30: জৰায়ুৰ পৰা মাজে মাজে বা একেৰাহে চেঁকুৰা চেঁকুৰ বা পনীয়া ৰক্ত ওলোৱাৰ লগতে বমি,বুকুৰ ধপধপনি বৃদ্ধি পোৱা,বিছনাৰ পৰা উঠিলে মুৰ্চ্ছা যোৱা ইত্যাদি লক্ষণ থাকিলে এই ঔষধ ব্যৱহাৰ কৰিব লাগে।

*Ambra grisea 30: দুই ঋতুৰ মাজৰ সময়খিনিত সামান্য লৰা চৰা কৰিলে বা খোজ কাঢ়িলে ৰক্তস্ৰাৱ হ’লে,এই ঔষধ ব্যৱহাৰ কৰিব লাগে।

*Vipera 30: সাধাৰণতে নাৰীৰ ৪৫ বছৰ বয়সত ঋতু বন্ধ হয়।ঋতু বন্ধ হোৱাৰ পিছতো ৰক্তস্ৰাৱ হ’লে লক্ষণ অনুসাৰে এই ঔষধ ব্যৱহাৰ কৰে।

*Cinnamonum 30: হঠাৎ পিছল খাই পৰি,থেকেচা খাই,গধুৰ বস্তু উঠোৱাৰ বাবে জৰায়ুৰ পৰা ৰঙা ৰক্ত ওলালে এই ঔষধ বিশেষভাৱে ব্যৱহাৰ হয়।

*Ipecac uanha 30: জৰায়ুৰ পৰা উজ্জ্বল ৰঙা ৰক্ত ওলোৱাৰ লগত বমি হোৱা বা বমি বমি ভাব থাকিলে এই ঔষধ ব্যৱহাৰ কৰা হয়।

*Ustilago 30: এই ঔষধটো জৰায়ুৰ পৰা ৰঙা চেঁকুৰা বা ক’লা চেঁকুৰা-চেঁকুৰ ৰক্ত ওলালে ব্যৱহাৰ কৰা হয়।এই ঔষধ ব্যৱহাৰ কৰা প্ৰাথমিক লক্ষণ হ’ল জৰায়ুৰ পৰা ৰক্ত অলপ অলপকৈ প্ৰায়ে ওলাই থাকে।দুই-এদিন বন্ধ হয় যদিও পুনৰ ৰক্ত ওলোৱা আৰম্ভ হয়।

জৰায়ুৰ দোষ,যেনে-জাৰয়ুৰ স্থানচ্যুতি,জৰায়ুৰ ভিতৰত ফোঁহা,ঋতুস্ৰাৱ আৰম্ভ হৈ বহু দিনলৈ স্ৰাৱ বন্ধ নোহোৱা,প্ৰসৱৰ পিছত বহু দিনলৈকে ৰক্তস্ৰাৱ হোৱা ইত্যাদি নানা কাৰণত জৰায়ুৰ পৰা ৰক্তস্ৰাৱ হ’লে এই ঔষধটো ব্যৱহাৰ কৰিব লাগে।

* Thalspi Burse Pastoris 30: এই ঔষধ জৰায়ুৰ পৰা ক’লা ধৰণৰ চেঁকুৰা চেঁকুৰ ৰক্ত ওলালে ব্যৱহাৰ হয়।এই ঔষধ ব্যৱহাৰ কৰাৰ বিশেষ লক্ষণ হ’ল জৰায়ুৰ পৰা সাধাৰণতে জটিল ধৰণৰ ৰোগত ৰক্ত ওলোৱাৰ লগত তলপেটত (জৰায়ুত)ভয়ংকৰ বিষ থাকে আৰু হাত-ভৰি,অংগ-প্ৰত্যংগ,জৰায়ু আদি কোঁচ খুৱাই আনে।

*Acid Nitric 30: এই ঔষধ ব্যৱহাৰ কৰিবলগীয়া মহিলাসকলৰ জৰায়ুৰ পৰা ক’লা,ঘোলা অপৰিষ্কাৰ ৰক্ত ওলায়।এই ঔষধ ব্যৱহাৰ হোৱাৰ বিশেষ লক্ষণ হ’ল ৰোগীৰ হঠাৎ পানী লাগে (চৰ্দি)আৰু হঠাৎ অতিসাৰ হয়।জটিল ধৰণৰ জৰায়ুৰ ৰোগত ঘোলা,ক’লা ৰঙৰ দুৰ্গন্ধযুক্ত পনীয়া ৰক্ত ওলালে,ৰোগী ৰক্ত শুন্য হৈ পৰিলে,মাটিত ৰক্ত পৰি গোট নাবান্ধিলে Crotalus ব্যৱহাৰ হয়।

*Kreosotum 30: এই ঔষধটো জৰায়ুৰ জটিল ৰোগত ৰক্তস্ৰাৱ ওলোৱাত সাধাৰণতে ব্যৱহাৰ হয়।যিকোনো ৰোগত বা কোনো কাৰণত অপৰিষ্কাৰ ৰক্ত বৈ যায়,মাজে মাজে ৰক্ত ওলোৱা সম্পুৰ্ণ বন্ধ হৈ পুনৰ আৰম্ভ হ’লে আৰু ৰক্তস্ৰাৱ বন্ধ হ’লে,সকলো যন্ত্ৰণা বৃদ্ধি পালে এই ঔষধ ব্যৱহাৰ কৰিব লাগে।

*Lachesis 30: এই ঔষধ ব্যৱহাৰ কৰিবলগীয়া মহিলাসকলৰ জৰায়ুৰ পৰা ৰক্ত অবিৰামভাৱে ওলায়।ৰক্ত ওলোৱা বন্ধ হ’লে,সকলো যন্ত্ৰণা বৃদ্ধি পালে,পুনৰ ৰক্ত ওলোৱা আৰম্ভ হ’লে যন্ত্ৰণা লাঘৱ হয়।

*Secale-cor 30: যিসকল মহিলা ক্ষীণ,দুৰ্বল,শৰীৰত জ্বলা-পোৰা কৰে,সকলো সময়ত ভোক লাগি থাকে,অতিসাৰ হ’লেও খাবলৈ বিচাৰে,তেনে ধৰণৰ ৰোগীৰ ওপৰত এই ঔষধ ব্যৱহাৰ কৰা হয়।এই ঔষধ ব্যৱহাৰ কৰিবলগীয়া মহিলাসকলৰ পনীয়া ক’লা বৰণৰ বা ঘোলা পানীৰ দৰে ৰক্ত জৰায়ুৰ পৰা ক্ৰ্মান্বয়ে ওলাই থাকে।বেছি লৰা-ঢপৰা নকৰি একে ঠাইতে বহি বা শুই থাকিলে ৰক্তস্ৰাৱৰ পৰিমাণ কম হয়।কিন্তু বেছিকৈ লৰা-ঢপৰা কৰি থাকিলে ৰক্ত অধিক পৰিমাণে নিৰ্গত হয়।

লেখিকা:ডা: এলিজা বেগম ইউছুফ (স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

3.04347826087
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top