অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মেদবহুলতাঃ

মেদবহুলতাৰ বিষয়ে লিখা হৈছে

 

শকত লোকসকল ক্ষীণোৱাৰ উপায়-

 

মেদবহুলতাঃভাৰতবৰ্ষৰ বৰ্তমান জনসংখ্যাৰ (১,২৬৭,৪০১,৮৪৯) ভিতৰৰ এক কোটিৰো অধিক লোক মেদবহুলতাৰ চিকাৰ। ইয়াৰ সৰহসংখ্যক লোকৰ ওজন বৃদ্ধি প্ৰতিৰোধ কৰিব পৰা গ’লহেঁতেন। এতিয়াও উপযুক্ত পৰামৰ্শ পালে তেওঁলোকৰ স্বাস্থ্যৰ উন্নতি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। এই জটিল বিষয়টোৰ ভিতৰত সোমোৱাৰ আগতে অলপ বিনোদন কৰা যাওক। বাতৰিকাকতত চকুত লগাকৈ এটা বিজ্ঞাপন ওলাল- শকতসকলৰ ওজন কমোৱাৰ গেৰাণ্টীযুক্ত চিকিৎসাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰক। প্লেনঃ১– দহ দিনত ৫ কেজি ওজন হ্ৰাস, ৫ হাজাৰ টকাৰ পেকেজ। প্লেনঃ২- দহ দিনত ১০ কেজি ওজন হ্ৰাস, ১০ হাজাৰ টকাৰ পেকেজ। প্লেনঃ৩- দহ দিনত ১৫ কেজি ওজন হ্ৰাস, ২০ হাজাৰ টকাৰ পেকেজ। এজন শকত লোকে ফোনত প্লেন-১ৰ বাবে অনুৰোধ জনালে। নিৰ্দিষ্ট সময়ত সেই লোকজনৰ ঘৰৰ কলিংবেল বজালেহি এগৰাকী ট্ৰেকছুট পিন্ধা সুন্দৰী যুৱতীয়ে। যুৱতীয়ে জনালে এঘণ্টাৰ দৌৰত মোক আপুনি পিছ পেলালে মোৰ চুম্বন ল’ব পাৰিব। শকত ডেকাজনে বহু চেষ্টা কৰিও এদিনো যুৱতীক দৌৰত চেৰ পেলাব নোৱাৰিলে। কিন্তু দহ দিনত ৫ কেজি ওজন ঠিকেই কমিল। কেইদিনমানৰ পিছত তেওঁ দুই নম্বৰ প্লেনটো ল’বলৈ মন কৰিলে। এইবাৰ আন এজনী আগতকৈ ধুনীয়া মিনিস্কাৰ্ট পিন্ধা যুৱতী আহি হাজিৰ হ’ল আৰু একেদৰেই দৌৰাৰ প্ৰস্তাৱ দিলে। শকত ডেকাজনে এইবাৰো বহু চেষ্টা কৰিও যুৱতীৰ কাষ চাপিব নোৱাৰিলে আৰু যথা সময়ত তেওঁৰ ১০ কেজি ওজন কমিল। ইয়াৰ পিছত ডেকাজনে উৎসাহিত হৈ ৩নং প্লেন ল’বলৈ বুলি বিজ্ঞাপনদাতা কোম্পানীক ফোন কৰিলে। কোম্পানীয়ে জনালে এই প্লেনটো কিন্তু বৰ টান। ভাবি-চিন্তিহে ৩নং প্লেনটো ল’ব। পইচা ৰিফাণ্ড কোনো কাৰণতে নহ’ব। ৩নং প্লেনটো ল’বলৈ আগ্ৰহী যুৱকজনৰ কাষত এইবাৰ এজন ৭ ফুটী হৃষ্টপুষ্ট কৃষ্ণকায় নিগ্ৰো আহি উপস্থিত হ’ল। আহিয়েই তেওঁ ক’লে মই ৩নং প্লেনৰ ইন্সট্ৰাক্টৰ। আপুনি যিমান পাৰে সিমান বেগাই দৌৰক। চাব মোৰ হাতত যাতে আপুনি ধৰা নপৰে। মোৰ হাতত ধৰা পৰিলে মই কিন্তু আপোনাৰ চুম্বন ল’ম।

কৌতুকৰ ছলেৰে কথাখিনি ক’লেও সেইটো সত্য যে দৌৰাটো শৰীৰৰ বাবে এক উপযোগী ক্ৰিয়া। কেৱল দৌৰেই নহয়, বেগাই খোজকঢ়া, সাঁতোৰা, জঁপিওৱা, চাইকেল চলোৱা, খেল-ধেমালি, ব্যায়াম বা আসন কৰা এইবিলাক হ’ল শৰীৰৰ বাবে লাগতিয়াল উপকাৰী ক্ৰিয়া। ইয়াৰ ফলত সঠিকভাৱে ৰক্ত সঞ্চালন হয় আৰু শৰীৰৰ ৰক্তচাপ নিয়ন্ত্ৰিত হয়। শৰীৰৰ বাবে উপকাৰী এ ডি এল নামৰ কলেষ্টেৰলৰ বৃদ্ধি হয়। তেজত ছুগাৰৰ পৰিমাণ হ্ৰাস পাব ধৰে। কাৰণ এইধৰণৰ যিকোনো কচৰতে শৰীৰৰ ভিতৰৰ ইনছুলিনৰ সক্ৰিয়তা বঢ়ায়। কচৰতে পেটৰ চৰ্বি কমায়। হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰে। কচৰত কৰিলে শৰীৰৰ ভিতৰত এণ্ডৰফিন উৎপন্ন হয়, যি আমাৰ দেহ আৰু মনক প্ৰফুল্লিত কৰে। গুৰুতৰ অসুখত আক্ৰান্ত লোক, হাঁপানী বা শ্বাসজনিত অসুখত ভুক্তভোগী লোক, হৃদৰোগত ভোগা ব্যক্তি আৰু হাড়ৰ বিকাৰ থকা লোকৰ বাহিৰে ল’ৰা-বুঢ়া সকলোৱেই উল্লেখিত যি কোনো প্ৰকাৰৰ কচৰৎ কৰি স্বাস্থ্যক সুৰক্ষা প্ৰদান কৰিব পাৰে।

এতিয়া মূল বিষয়লৈ যোৱাৰ আগতে পাঠকসকলক বি এম আই (বডি মাছ ইণ্ডেক্স) উলিওৱাৰ সহজ পদ্ধতিটো কম। পোনতে শৰীৰৰ উচ্চতা মিটাৰত জুখি ল’ব। উদাহৰণ ১৭২ চেণ্টিমিটাৰ মানে হ’ব ১.৭২ মিটাৰ। এতিয়া ১.৭২ক ১.৭২ৰে পূৰণ কৰক। ফলাফল হ’ল ২.৯৬ বৰ্গমিটাৰ। ধৰি লওক আপোনাৰ শৰীৰৰ ওজন পালে ৭০ কিলোগ্ৰাম। এতিয়া ৭০ক ২.৯৬ৰে ভাগ কৰক। ভাগফল হ’ব ২৩.৬৪ কিলোগ্ৰাম প্ৰতি বৰ্গমিটাৰত। সহজ ভাষাত বি এম আই ওলাল ২৩.৬৪। ইয়াৰ উপৰি ইণ্টাৰনেটৰ সহায়ত বি এম আই গণনা কৰা চাৰ্ট আপোনাৰ ম’বাইলত ডাউনলোড কৰি লৈ তাতো বি এম আই ততালিকে জানিব পাৰিব। ১৮.৫ৰ পৰা ২৪.৯ বি এম আই হ’ল আদৰ্শ বা স্বাস্থ্যসন্মত বি এম আই। ১৮.৫ৰ কম বি এম আই হ’লে আণ্ডাৰ ৱেট। ২৫ৰ পৰা ২৯.৯ হ’ল অভাৰ ৱেট অৰ্থাৎ বেছি ওজন থকা লোক। ৩০ৰ পৰা ৩৯.৯ হ’ল স্থূলকায়। বি এম আই ৪০ৰ ওপৰ হ’ল অতি স্থূলকায়। চিকিৎসাৰ বিভিন্ন নিৰ্দেশনা দিবলৈ চিকিৎসকে প্ৰতিজন ৰোগীৰ বি এম আই জনাটো প্ৰয়োজনীয় হৈ পৰে। ইয়াৰ উপৰি প্ৰতিজন স্বাস্থ্য সচেতন ব্যক্তিয়ে নিজৰ বি এম আই জনাটো একান্ত আৱশ্যক। বি এম আইৰ উপৰি শকত হোৱা লোকৰ কমৰৰ ঘেৰ বাঢ়িবলৈ ধৰে। বছৰত এবাৰ সকলোৱে নাভিৰ ওপৰত এই ঘেৰৰ জোখ চাব লাগে। নিয়মীয়া স্বাস্থ্যৰ লোকৰ পুৰুষৰ ৪০ ইঞ্চি আৰু মহিলাৰ ৩৫ ইঞ্চিৰ ওপৰ হ’ব নালাগে।

মানুহ শকত হোৱাৰ অপকাৰিতাসমূহঃ

 

শকত লোকসকলে শাৰীৰিক আৰু মানসিক উভয়বিধ যন্ত্ৰণাৰ ভুক্তভোগী হয়। মানসিকভাৱে ডিপ্ৰেছন, হীনমন্যতা, আত্মবিশ্বাসৰ অভাৱত ভোগে। শকত মানুহ অধিক কাৰ্যক্ষম নহয়, কামৰ ক্ষতি তেওঁলোকে বেছিকৈ কৰে। আয়ৰ এক বুজন অংশ চিকিৎসাৰ খৰচত ব্যয় হয়। শৰীৰ অলপতে ভাগৰুৱা হয়। নানা ধৰণৰ ৰোগত বিশেষকৈ ডায়েবেটিছ, উচ্চ ৰক্তচাপ, কৰ্কট ৰোগ (বক্ষ কল’ন, জৰায়ু, প্ৰষ্টেট, কিডনী, লিভাৰ, পিত্ত, পেনক্ৰিয়াছ আদিৰ), হৃদৰোগ (কাৰ্ডিঅ’মায়’পেথি, হাৰ্ট ফেইলাৰ), ডিচলিপিডেমিয়া, পিত্তৰ পাথৰ, লিভাৰৰ অসুখ, হাড়ৰ ৰোগ (অষ্টিঅ’আৰ্থ্ৰাইটিছ), শ্বাস-প্ৰশ্বাসৰ ৰোগ, নিদ্ৰাৰ বিকাৰ, মাহেকীয়াৰ বিসংগতি, সন্তানহীনতা আদিত সহজে আক্ৰান্ত হয়। পুৰুষে জননেন্দ্ৰিয় বিকাৰত ভোগে। একেলগে মেদবহুলতা, ডায়েবেটিছ, উচ্চ ৰক্তচাপ আৰু ডিচলিপিডেমিয়া থাকিলে তাক মেটাবলিক ছীনড্ৰম বোলে। এনে ৰোগী সতৰ্ক নহ’লে তুলনামূলকভাৱে কম আয়ুসহে জীৱিত থাকে।

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, বিশ্বত বছৰি ২-৮ নিযুত লোকে মেদবহুলতাৰ জটিলতাৰ ফলত মৃত্যুবৰণ কৰে।

মানুহ শকত কিয় হয় ?

 

থুলমূলকৈ একে আষাৰে ক’বলৈ হ’লে শকত হোৱাৰ কাৰণ হ’ল অতিমাত্ৰা খোৱাৰ বিপৰীতে কৰ্মৰ নিষ্ক্ৰিয়তা। গতিকে খাদ্যৰ পৰা আহৰণ কৰা কেলৰি খৰচ হ’বলৈ নাপালে সি শৰীৰত সেয়া চৰ্বিৰ ৰূপত সঞ্চিত হ’বলৈ ধৰে। গতিকে উজু সম সমীকৰণটো এনেকুৱা ধৰণৰ হ’ব-

বেছি পৰিমাণৰ খাদ্য + অস্বাস্থ্যকৰ খাদ্য – শাৰীৰিক শ্ৰম = শকত হোৱাৰ প্ৰক্ৰিয়া। সঘনাই বেছি পৰিমাণৰ খাদ্যৰ অৰ্থ শৰীৰে বেছি কেলৰি পোৱা। আকৌ জাংকফুডৰ দৰে অস্বাস্থ্যকৰ খাদ্যত সদায় বেছি কেলৰি থাকে। ইয়াৰ বিপৰীতে শ্ৰম নকৰিলে কেলৰি খৰচ হ’বলৈ নাপায়। এজন মানুহ শকত হোৱাৰ একাধিক কাৰণ থাকিব পাৰে। ইয়াৰ অধিকাংশই কিন্তু আগতীয়াকৈ বাধা দি ৰোধ কৰিব পৰা ধৰণৰ।

জীৱন যাত্ৰাৰ শৈলীঃ বহুতো পৰিয়ালত এলেহুৱা লাইফ ষ্টাইলৰ প্ৰচলন দেখা যায়। তেনে পৰিয়ালৰ একে ঘৰৰ কেইবাজনকো শকত হোৱা দেখা যায়। বহু আৰামদায়ক নিষ্ক্ৰিয় জীৱনধাৰণৰ উপৰি এওঁলোকৰ খাদ্যাভ্যাসো ত্ৰুটিপূৰ্ণ। অনবৰতে আৰামদায়ক বাতানুকূলিত পৰিৱেশত থাকিলে শৰীৰৰ কেলৰি কমকৈ খৰচ হ’লে শৰীৰত চৰ্বি জমা হয়।

খাদ্যৰ বিসংগতিঃ দৈনিক প্ৰচুৰ চৰ্বিযুক্ত অধিক কেলৰিৰ খাদ্য, জাংকফুড গ্ৰহণ কৰা। ফল আৰু শাক-পাচলি নোখোৱা বা কমকৈ খোৱা।

নিষ্ক্ৰিয় জীৱন-যাপনঃ ঘৰত এডাল কুটা দুডাল নকৰা, সমূলি খোজকঢ়া বা খেলা-ধূলাত ভাগ নোলোৱা।

বংশগতিঃ কোনো কোনো লোকৰ শকত হোৱাত কিছু পৰিমাণে বংশগতিৰো প্ৰভাৱ দেখা যায়।

ৰোগৰ ফলত শকত হোৱাঃ নানাবিধ হৰম’নৰ বিকাৰ, যেনে- কুশ্বিং ছিনড্ৰম, হাইপোথাইৰয়ডিজম, পলিছিষ্টিক অভেৰিয়ান ছীনড্ৰম। বাৰডেট বিডেল, প্ৰেডাৰ ৱিলি ছিনড্ৰম, অষ্টিঅ’আৰ্থ্ৰাইটিছ আদি ৰোগ শকত হোৱাৰ কাৰণ হ’ব পাৰে।

দৰবৰ পাৰ্শ্বক্ৰিয়াৰ ফলত শকত হোৱাঃ প্ৰেডনিছলন, বিটামিথাছন বা আন ষ্টেৰইড, মৃগীৰোগত ব্যৱহৃত টেগ্ৰিটল, আন কিছুমান মানসিক ৰোগৰ দৰব, ডায়েবেটিছৰ দৰব আৰু বিটা ব্লকাৰৰ অসতৰ্ক ব্যৱহাৰেও এজন লোকক শকত কৰি তুলিব পাৰে।

গৰ্ভাৱস্থাত আৰু মেন’পজৰ সময়ত হৰম’নৰ প্ৰভাৱত কিছুমান মহিলাক শকত হোৱা দেখা যায়। প্ৰসৱ হোৱাৰ লগে লগে মহিলাসকল সতৰ্ক হ’ব লাগে। সামান্য পেটৰ আকাৰ বঢ়া যেন দেখিলে সতৰ্কতামূলক ব্যৱস্থা হিচাপে এবড’মিনেল বেল্ট ব্যৱহাৰ কৰিব পাৰে। কাৰণ এবাৰ পেট বেছিকৈ ওলাই গ’লে তাক পুনৰ আগৰ অৱস্থালৈ অনাটো বেছ কঠিন।

মেদবহুলতাৰ চিকিৎসাঃ

 

পোনতে নিৰ্ণয় কৰি ল’ব লাগে যে ব্যক্তিজন আন ৰোগত আক্ৰান্ত হয় নে নহয়। যদি আন ৰোগ আছে তাৰ উপযুক্ত চিকিৎসা কৰিব লাগিব। ছমাহৰ ভিতৰত ওজন কমোৱাৰ লক্ষ্য শৰীৰৰ মুঠ ওজনৰ ন্যূনতম ৫ শতাংশৰ পৰা সৰ্বোচ্চ ৩০ শতাংশলৈ ব্যক্তিভেদে চিকিৎসকে ঠাৱৰ কৰে। ইয়াৰ বাবে ব্যক্তিজনৰ সদিচ্ছা, আগ্ৰহ আৰু সহযোগিতাৰ একান্ত আৱশ্যক।

খোৱাৰ পৰিমাণ দৈনিক মহিলাৰ ১২০০ আৰু পুৰুষৰ ১৫০০ কেলৰিত সীমাবদ্ধ ৰাখিব পাৰিলে ভাল। এইদৰে কেলৰি কমোৱাৰ উপৰিও খাদ্য বাছনি কৰি চলিব লাগিব। শাক-পাচলি, ফলমূল, বেছি ফাইবাৰ থকা শস্য, দাইল, বীন, চয়াবিন, মাছ, কণীৰ বগা অংশ, অলিভ বা ছানফ্লাৱাৰ তেল গ্ৰহণ কৰিব। বীনত কলিষ্টিকাইনিন নামৰ হজম ক্ৰিয়াত সহায় কৰা এনজাইম থাকে। কণীত থকা প্ৰ’টিনে সহজে ভোক লাগিবলৈ নিদিয়ে, গতিকে কণী ওজন কমোৱাত এইদৰে সহায়ক। খাহী মাংস, ব্ৰইলাৰ মাংসৰ উপৰি মাংসৰ তেল, বিশেষকৈ ব্ৰইলাৰ মুৰ্গীৰ ছালখন কেতিয়াও নাখাব। ডায়েৰী প্ৰডাক্ট, ঘিউ, মাখন, পনীৰ, ক্ৰীম ত্যাগ কৰিব। কেক্, পেষ্ট্ৰি আৰু শীতল পানীয় নাখাব। ডালডা জাতীয় অপকাৰী ট্ৰাণ্সফেটত ভজা ফ্ৰেণ্স ফ্ৰাই নাখাব। গাখীৰ আৰু দৈ চৰ্বিবিহীনহে ল’ব। নিমখ আৰু মিঠা দুয়োটাই কমকৈ ল’ব। মদ আৰু ধূম্ৰপান বৰ্জন কৰিব। বেছি ফাইবাৰ থকা খাদ্যই উদৰটো বেছি সময়লৈ পৰিপূৰ্ণ কৰি ৰাখে আৰু ফলত সোনকালে ভোক নালাগে।

পদিনা মিহলি চাহ, গ্ৰীন টি আৰু নেমু, মৌজোলৰ কুহুমীয়া পানী ওজন কমোৱাত সহায়ক। আয়ুৰ্বেদৰ মতে কেঁচা বিলাহী আৰু পিঁয়াজ, বুটৰ দাইল আৰু মৌজোল শকত লোকৰ ওজন কমোৱাৰ বাবে লাগতিয়াল সিদ্ধ হৈছে। ক্ষীণাবলৈ ইচ্ছুকসকলে দৈনিক দুবাৰকৈ তিয়ঁহ, গাজৰ, বিট, বিলাহী, পিঁয়াজ, মূলা, চালাড অৱশ্যে খাব লাগে- য’ত ভিটামিন চি, ভিটামিন ই, ফলিক এচিড, লাইকোপেন আৰু কেৰোটিনেইড প্ৰচুৰ থাকে।

চেকাৰিন আৰু এচপাৰটেমৰ ব্যৱহাৰে এচামুচ চেনিত থকা ৩০ কেলৰিৰ খৰচ বচাব পাৰে। কিন্তু ফিনাইলকিটনইউৰিয়া নামৰ জেনেটিক ৰোগ থকা লোকৰ বাবে এচপাৰটেমৰ ব্যৱহাৰ বিপজ্জনক।

নিয়মিত কচৰতৰ আৱশ্যক। সপ্তাহত ১৫০ মিনিটেৰে আৰম্ভ কৰি সপ্তাহত ৩০০ মিনিটলৈ অনুশীলনৰ সময় বঢ়াব পাৰি।

মোখনিত ইমানেই ক’ম যে শকত হোৱা আৰু মেদবহুলতা হ’ল আজিৰ যুগৰ লাইফষ্টাইলৰ লগত জড়িত ৰোগ। পুনৰাই সোঁৱৰাই দিওঁ ওজন কমাবলৈ আগ্ৰহীসকলে বাচি খাওক, কমাই খাওক, নিয়মীয়া কচৰৎ কৰক, স্বাস্থ্যসন্মত জীৱনশৈলী গ্ৰহণ কৰক, মনৰ দৃঢ়তাৰে যত্নপৰ হওক আৰু এলেহুৱা ব্যক্তিৰ সংগ পৰিত্যাগ কৰক। কোনো কাৰণত নিৰাশাক প্ৰশ্ৰয় নিদিব। আপোনাৰ স্বাস্থ্যৰ চাবি-কাঠী আপোনাৰ হাতত।

(উৎসঃ নিয়মীয়া বাৰ্তা, ডাঃ ভূপেন শইকীয়া)।

3.15
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top