মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / মেদবহুলতাৰ চিকিৎসাঃ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মেদবহুলতাৰ চিকিৎসাঃ

মেদবহুলতাৰ চিকিৎসাৰ বিষয়ে লিখা হৈছে

 

শৰীৰৰ পক্ষে মেদ অৰ্থাৎ চৰ্বি অত্যাৱশ্যকীয়। চৰ্বিয়ে আমাৰ শৰীৰৰ উত্তাপ ৰক্ষা কৰে। চৰ্বি আছে বাবেই দেহ তুলাৰ দৰে কোমল হয়। দেহৰ মাংসপেশীত হাড়ৰ সন্ধিস্থান আদিত চৰ্বি থাকে কাৰণেই এইবোৰ যন্ত্ৰ সুন্দৰভাৱে সক্ৰিয় হৈ নিজৰ নিজৰ কৰ্তব্য সম্পাদন কৰে। খাদ্যৰ অভাৱত দেহত পৰিমিত চৰ্বি সঞ্চিত হয়। সঞ্চয়ৰ স্বাভাৱিক মাত্ৰা হেৰাই গ’লেই দেহ মেদবহুল হৈ পৰে।

পুৰুষৰ দেহতকৈ নাৰীদেহত স্বাভাৱিক নিয়মেই চৰ্বি কিছু বেছি থাকে। অতিৰিক্ত চৰ্বিয়ে দেহযন্ত্ৰ পৰিচালনাত ব্যঘাত সৃষ্টি কৰে। মেদবহল দেহধাৰীসকল সহজেই ৰক্তচাপ বৃদ্ধি ৰোগ প্ৰভৃতিত আক্ৰান্ত হয়।

মেদবহুলতা ৰোগ হোৱাৰ কাৰণঃ

 

শাৰীৰিক পৰিশ্ৰম বিমুখিতা, দিনত শোৱাৰ অভ্যাস কৰিলে, অতিমাত্ৰা মাছ-মাংস, মিঠাই, ঘিউ, মাখন, চানা আদি মধুৰ স্বাদবিশিষ্ট খাদ্য গ্ৰহণ, জাংকফুড, ফাষ্টফুড আদি সঘনাই খালে দেহত অতিৰিক্ত চৰ্বি সঞ্চিত হৈ দেহ মেদ ৰোগাক্ৰান্ত হয়। মেদ বৃদ্ধিৰ ফলত ধমনী, সিৰা, স্নায়ু আদিৰ কাৰ্যত ব্যাঘাত সৃষ্টি হয়। দেহত মেদ সৃষ্টিৰ ফলত পেটৰ বায়ু সঞ্চৰণত বাধাপ্ৰাপ্ত হৈ ক্ষুব্ধ হৈ উঠে। এই ক্ষোভিত বায়ুৰ প্ৰভাৱত জঠৰাগ্নিত উদ্দীপ্ত হৈ উঠে। এইবাবে মেদ ৰোগীসকল কিছু ভোজনবিলাসী হয়। মাছ-মাংস, মিঠাই মিষ্টান্নৰ প্ৰতি এওঁলোকৰ আসক্তি বেছি হয়।

মেদ ৰোগ দুই প্ৰকাৰৰ- বংশগত আৰু আৰ্জিত। মেদবহুল পিতা-মাতাৰ সন্তান সম্ভাৱতে স্থূলকায় হয়। স্থূলকায় নৰ-নাৰীৰ ভিতৰত প্ৰায় শতকৰা ৫০ জনে এনেকৈ বংশানুক্ৰমে মেদবহুল হয়। এক কথাত ক’ব পাৰি, চৰ্বিজাতীয় খাদ্যৰ উপযুক্ত দহন ক্ৰিয়াৰ অভাৱত এই মেদ ৰোগ সৃষ্টি হয়। শিৱসতী গ্ৰন্থি (Pituitary), ইন্দ্ৰ গ্ৰন্থি (Thyroid) প্ৰভৃতি দেহৰ প্ৰধান প্ৰধান গ্ৰন্থিবোৰ অন্তঃস্ৰাৱী ৰসে প্লীহা, যকৃত, অগ্ন্যাশয় (Pancreas) প্ৰভৃতিয়ে অগ্নিগ্ৰন্থি অৰ্থাৎ জঠৰাগ্নিক প্ৰজ্বলিত ৰখাত সহায় কৰে। পাশ্চাত্য চিকিৎসা শাস্ত্ৰৰ মতে “Every pound of excess fat may mean a month less of life.”

প্ৰত্যেক পাউণ্ড অতিৰিক্ত চৰ্বিয়ে এমাহ আয়ুস হৰণ কৰে।

চিকিৎসাঃ

 

(যোগাসন) সহজ বস্তি ক্ৰিয়া আৰু তাৰ লগত আসন মুদ্ৰা আদি। গধূলি মকৰাসন, যোগমুদ্ৰা ৮ বাৰ, সৰ্বাংগন ৩ মিনিট, শীৰ্ষাসন ৩ মিনিট।

নিয়ম আৰু খাদ্যঃ

মেদ ৰোগীসকলে ফলমূল খাব। ফল খোৱাৰ আগতে এক চামুচ মৌৰ সৈতে আধা গিলাচ কুহুমীয়া পানী খাব। দুপৰীয়া ভাতৰ লগত যথেষ্ট পৰিমাণে শাক-পাচলি খাব। বয়স ৫০-ৰ ঊৰ্ধত হ’লে মাছ-মাংস পৰিহাৰ কৰিব। ৰন্ধনত তেল-মচলা, ঘিউ কমকৈ ব্যৱহাৰ কৰিব। দুপৰীয়া ভোজনৰ পাছত এপোৱা (২৫০ গ্ৰাম) ঘোল খালে ভাল। ৰাতি ভোক অনুযায়ী শাক-পাচলিৰ লগত দুই এখন ৰুটি, এক কাপ গাখীৰ আৰু ১০-১২টা কিচমিচ খাব। ক’লা ৰঙৰ কিচমিচ হ’লে বেছি ভাল। ৰাতি তিয়াই থৈ পিছদিনা ৰাতিপুৱা খাব।

অকুপ্ৰেছাৰ চিকিৎসাঃ

মেদবহুলতা বা বৰকৈ শকত হোৱাৰ মূল কাৰণ হ’ল থাইৰয়ড আৰু পেৰাথাইৰয়ড গ্ৰন্থিৰ বিজুতি ঘটাৰ ফলত পায়নিয়েল গ্ৰন্থিয়ে শৰীৰত পানীৰ পৰিমাণ বঢ়াই তোলে আৰু ইয়াৰ ফলত অতিৰিক্ত চৰ্বি শৰীৰত জমা হয়। মহিলাৰ ক্ষেত্ৰত মেদবহুলতা হোৱাৰ কাৰণ হ’ল- যৌন গ্ৰন্থিৰ বিজুতি ঘটা। অতিৰিক্ত খাদ্য গ্ৰহণ, প্ৰয়োজনতকৈ বেছি কেলৰিযুক্ত খাদ্য গ্ৰহণ, জাংকফুড, ফাষ্টফুড গ্ৰহণ কৰাৰ ফলত মেদবহুলতা হ’ব পাৰে।

চিকিৎসাঃ

-  প্ৰতিদিনে ductless glands বিলাক ১ মিনিটকৈ দিনে ২ বাৰকৈ পইণ্টবিলাকত টিপিব লাগে। প্ৰায় ১ মাহ ধৰি গ্লেণ্ডৰ পইণ্টবিলাক টিপিব লাগে। চৰ্বি কমি যাব।

- ৪ গিলাচ চেঁচা পানী জুইত উতলাই ২ গিলাচ পৰিমাণত ৰাখি সেই পানী কুহুমীয়া অৱস্থাত খাব। ১ মাহ ধৰি খাব।

-  ৰাতিপুৱা প্ৰতিদিনে ১ গিলাচ কুহুমীয়া পানীত আধা চামুচ নেমুৰ ৰস মিহলাই তাত ১ চামুচ মৌজোল মিহলাই নিয়মিত এমাহ ধৰি খাব লাগে। চৰ্বি কমি যাব।

- দৈনিক ২-৩ কাপ ফল-মূলৰ ৰস খাব। ডালিম, তিয়ঁহ, আম আদিৰ ৰসে ভাল কাম কৰে।

- আবেলি বা ৰাতিপুৱা গজা মগু, বুট, তিয়ঁহ মিহলি কৰি চালাড খাব। তাত ক’লা নিমখ মিহলাব।

- প্ৰতিদিনে সৰ গুচোৱা গাখীৰ এগিলাচ খাব।

- অধিক পৰিমাণৰ চেনি, গুৰ, চানা, মিঠাই খোৱাৰ পৰা বিৰত থাকিব।

মেদবহুলতা আঁতৰ কৰাত বনদৰবঃ

- শুকান মূলাৰ গুৰি ৫০ গ্ৰাম ২ চামুচ মৌজোলত মিহলাই ২ বাৰকৈ ১০-১৫ দিন খালে মেদ কমি যায়।

-  এৰা গছৰ (ৰঙা পাতৰ) পাতৰ খাৰ তৈয়াৰ কৰি ২ চামুচকৈ ১-২ মাহ খালে চৰ্বি কমি যায়। এৰা গছৰ শিপাৰ ৰসেও এই সমস্যা দূৰ কৰাত সহায় কৰে। ৰসৰ পৰিমাণ ১ চামুচ ২০-২৫ দিন খাব লাগে।

- ৰাতি বিছনালৈ যোৱাৰ আগে আগে ১ চামুচ খাটি মৌজোল ১ গিলাচ পানীত মিহলাই ১ মাহ পৰ্যন্ত খালে মেদ কমে।

-  গণিয়াৰি ছালৰ ৰস বা ক্কাথ ৫-৬ ৰতিত শিলাজিত গুড়ি মিহলাই ১ ৰতি খালে কম দিনৰ ভিতৰতে মেদ কমি যায়। দিনে ১ বাৰকৈ ২৫ দিন খাব লাগে।

-  আমলখিৰ ৰস ৫ চামুচত পুৰণি গুৰ ১ চামুচ মিহলাই দিনে ২ বাৰকৈ ১ মাহ পৰ্যন্ত খালে চৰ্বি কমি যায়।

-  ১ গিলাচ কুহুমীয়া গৰম পানীত ১ গ্ৰাম ডালচেনিৰ গুড়ি মিহলাই দিনে ১ বাৰকৈ ১ মাহ খাব লাগে। মেদ কমি যাব।

- কেঁচা হালধিৰ ৰস ২ চামুচত অলপ গুৰ মিহলাই দিনে ১ বাৰকৈ ২ মাহ পৰ্যন্ত খালে চৰ্বি কমি যাব।

মেদবহুলতাত ভোগা মানুহৰ খাদ্যঃ

কাৰ্ব’হাইড্ৰেট প্ৰসিদ্ধ খাদ্য, প্ৰ’টিনযুক্ত খাদ্য কমকৈ ব্যৱহাৰ কৰিব লাগে। ভাত খোৱাতকৈ শুকান ৰুটী, শাক-পাচলি, ওট্‌ছ, ডালিয়া খাব। জাংকফুড, ফাষ্টফুড, ঘিউ, মাখন, চানামিঠাই কমকৈ খাব। মগু দাইল, ধনীয়, পালেং, মৰিচা, মাটিকাদুৰী, নৰসিংহ পাত, মানিমুনি, ব্ৰাহ্মীশাক খাব। অমিতা, ডালিম, কল, মধুৰিআম, মৌচুম্বী, আম প্ৰচুৰ পৰিমাণে খাব। গাজৰ, মূলা, চালগোম খাব লাগে। সৰু মুৰ্গীৰ মাংস, সৰু মাছ যেনে- শিঙৰা, কাৱৈ, গৰৈ, ভাঙোন মাছ খাব। ৰৌ, বৰালি, ইলিচ, বাহু, আৰি আদি চৰ্বিযুক্ত মাছ নাখাব।

প্ৰতিদিনে কপালভাটি, অনুলম, বিলম, ভস্তিকা প্ৰাণায়াম কৰিব লাগে। বেছিকৈ নিমখ নাখাব, চেনি, অ’ৰেঞ্জ, স্কোৱাচ খাব নালাগে। তাৰ সলনি নেমুৰ চৰবত, ডাব নাৰিকলৰ পানী, তৰমুজ খাব।

(উৎসঃ আমাৰ অসম, উপেন দত্ত, ফোনঃ ৯৮৫৪০-৭০১৮৪)।

 

2.96153846154
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top