মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / মেলেৰিয়া কি আৰু লক্ষণ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মেলেৰিয়া কি আৰু লক্ষণ :

মেলেৰিয়া কি আৰু লক্ষণৰ বিষয়ে লিখা হৈছে ।

 

আহকচোন আজি আমি আমাৰ একেবাৰে পৰিচিত জ্বৰ মেলেৰিয়াৰ সম্ভেদ পাব পৰাকৈ কম শব্দত মূল মূল কথাবোৰ জানো

মেলেৰিয়া কি :

মেলেৰিয়া হল মানৱ শৰীৰত মহৰ দ্বাৰা সংক্ৰমিত হোৱা এটি ৰোগ (protozoal disease )। মাইকী এনফেলিচ মহ বিধেই এই ৰোগৰ নায়িকা । যি নেকি প্লাজমদিয়াম গোত্ৰৰ প্ৰোটিষ্টা এক ধৰণৰ অণুজীৱৰ বাহক ।

প্ৰকাৰ :

মানৱ শৰীৰৰত চাৰি প্ৰকাৰৰ পেৰেছাইটৰ দ্বাৰা মেলেৰিয়া সংক্ৰমিত হোৱা দেখা যায়

১)প্লাজমদিয়াম ভাইভেক্স

২)প্লাজমদিয়াম ফেলচিফেৰাম

৩)প্লাজমদিয়াম মেলেৰেই

৪)প্লাজমদিয়াম অভেল

লক্ষণ:


সাধাৰণতে আমি জানো মেলেৰিয়া হলে ৰোগীৰ জ্বৰ আৰু লগতে মাথাৰ বিষ থাকে । কিন্তু এই জ্বৰ অন্য জ্বৰ তকৈ অলপ সুকীয়া । আপোনালোকেও কিছু ধ্যান দিলে ৰোগ বিধৰ অণুমান নিজেই কৰিব পাৰিব । এই জ্বৰক তিনিটা stage ত ভাগ কৰা হৈছে

a) Cold stage :

*এই stage ত ৰোগীয়ে পুনতে ভাগৰুৱা অনুভৱ কৰিব আৰু লগে লগে ৰোগীৰ মূৰৰ বিষ, বমিৰ ভাৱ আৰু ঠাণ্ডা লগা আৰম্ভ হব ।

*পিছত শৰীৰৰ কপনি তথা temperature হঠাৎ 39-41'c হবগৈ ।

*অতিপাত মূৰৰ বিষৰ লগতে বমি হব ।

*প্ৰথম অৱস্থাত skin ঠাণ্ডা থাকিব যদিও পিছলৈ গৰম হৈ আহিব ।

*pulse rate বাঢ়িব । আৰু এনেকৈয়ে এই stage ৪৫ মিনিটৰ পৰা ১ ঘণ্টা থাকিব ।

b)Hot stage :

*এই stage ত ৰোগীয়ে জ্বলা পুৰাকৈ গৰম অনুভৱ কৰিব আৰু গাৰ পৰা কাপোৰ কানি বোৰ আতৰাই পেলাব ।

*ৰোগীৰ চাল গৰম থাকিব আৰু চুলে শুকান শুকান লাগিব ।

*মূৰৰ বিষ থাকিব যদিও বমি তথা বমিৰ ভাৱ কমি আহিব । এই stage 2-6 ঘণ্টা থাকে ।

c)sweating stage :

*এই stage জ্বৰ ক্ৰমান্বয়ে কমি আহে আৰু ৰোগী লাহে লাহে ঘামিবলৈ ধৰে ।

*Temperature কমি normal হোৱাৰ লগতে চালখনো ঠাণ্ডা হৈ পৰে ।

*ৰোগীয়ে কিছু আৰাম অনুভৱ কৰাৰ লগতে টোপনি যাব । এই stage ২-৪ ঘণ্টা থাকে ।

ৰোগ নিৰ্ণয় বা ডায়েগনচিছ:

*Blood slide ত তেজৰ নমুনা সংগ্ৰহ কৰি ঠিক আৰু ঠিন ফ্লিম বনাই অণুবীক্ষণ যন্ত্ৰৰ দ্বাৰা জীৱাণু বিধৰ উপস্থিতি নিৰ্ণয় কৰা হয় ।

*RDT কিত ব্যৱহাৰ কৰি মাত্ৰ এটোপাল তেজৰ দ্বাৰা ফিল্ড লেবেলত ইয়াক সাধাৰণ কৰ্মীয়েও নিৰ্ণয় কৰিব পাৰে ।

ইয়াৰোপৰি অন্যান্য ব্যয়বহুল পৰীক্ষা বৰ্তমান সময়ত ৰৈছে ।

যদি ৰোগী গৰাকী মেলেৰিয়াত আক্ৰান্ত বুলি নিশ্চিত হয় তেনে ততালিকে চিকিৎসকৰ কাষ চাপক । চিকিৎসা যিহেতু চিকিৎসকেই কৰিব তথাপি আজিৰ যুগত ৰাইজ সজাগ হোৱাটো অত্যন্ত জৰুৰী । 
উপযুক্ত সময়ত লক্ষণ বোৰ যদি ঘৰতেই অনুমান কৰিব পৰা যায় তেনে ৰোগী সুস্থ হৈ উঠাত আপোনাৰ অৰিহণা ও কিন্তু কম নহব ।

লেখক: খালিদ ইছলাম

 

3.14285714286
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top